Economy
ভাৰতৰ ইনছলভেন্সি কাঠামো
আৰ্থিক দুৰ্দশাৰ পৰা গাথঁনিগত সমাধানলৈ
Posted On:
28 MAY 2026 11:37AM
Insolvency and Bankruptcy Code, 2016 (I.B.C.) অৰ্থাৎ অৰ্থাভাৱ আৰু দেউলীয়া সংহিতা, ২০১৬(আই.বি.চি.)ৰ জৰিয়তে ভাৰতৰ ইনছলভেন্সি কাঠামোত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। ইয়াত আৰ্থিক দুৰ্দশা সমাধানৰ বাবে এক ঐক্যবদ্ধ, ঋণদাতা-চালিত আৰু সময় নিৰ্ধাৰণ কৰা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। এই সংহিতাই বছৰ বছৰ ধৰি আদায়ৰ ব্যৱস্থা শক্তিশালী কৰি তুলিছে আৰু সমাধানৰ ফলাফল উন্নত কৰিছে। ঋণদাতাসকলে অনুমোদিত সমাধান পৰিকল্পনাসমূহৰ জৰিয়তে ২০২৬ চনৰ মাৰ্চলৈকে প্ৰায় ৪.৩২ লাখ কোটি টকা লাভ কৰিছে। এই সংশোধনীৰ জৰিয়তে অৰ্থাভাৱ (ইনছলভেন্সি) সমাধান আৰু অৱসায়ন(লিকুইডেচন) প্ৰক্ৰিয়াক অধিক কাৰ্যক্ষম, অনুমানযোগ্য আৰু সমাধানমুখী কৰি তোলাৰ চেষ্টা কৰা হৈছে।
|
|
ভাৰতত ইনছলভেন্সি (অৰ্থাভাৱ) সমাধানৰ অগ্ৰগতিকৰণ
|
দেশ স্বাধীন হোৱাৰ পাছত ভাৰতীয় কোম্পানীসমূহে স্বাভাৱিক ব্যৱসায়িক কাৰ্যকলাপক সমৰ্থন কৰি গাঁথনিগত আইনী কাঠামোৰ ভিতৰত কাম কৰিছিল। যি সময়তেই আৰ্থিক চাপৰ সৃষ্টি হৈছিল, তেতিয়াই এইসমূহে সমাধানৰ বাবে একাধিক আইনী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিছিল, যাৰ ভিতৰত আছিল কোম্পানী আইন, ঋণ আদায় প্ৰক্ৰিয়া আৰু সুৰক্ষিত ঋণদাতা কাঠামো। প্ৰতিটো ব্যৱস্থাই পৃথক পৃথক মঞ্চ আৰু পদ্ধতি অনুসৰণ কৰাৰ ফলত সমন্বয় প্ৰক্ৰিয়াক প্ৰায়ে জটিল আৰু সময়সাপেক্ষ কৰি তুলিছিল।
এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতা, ২০১৬ প্ৰৱৰ্তন কৰে।ই বৰ্তমানৰ আইনসমূহক একক ব্যৱস্থাত একত্ৰিত কৰে। এই সংহিতাই ঋণদাতাসকলৰ অংশগ্ৰহণকো শক্তিশালী কৰিছিল আৰু সম্পত্তিৰ মূল্য সৰ্বাধিক কৰাৰ লক্ষ্য ৰাখিছিল আৰু একে সময়তে সকলো অংশীদাৰৰ স্বাৰ্থৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছিল।
ব্যৱস্থাটোৰ বিকাশৰ লগে লগে ৰূপায়ণৰ অভিজ্ঞতাই উন্নতিৰ ক্ষেত্ৰসমূহ উজ্জ্বল কৰি তুলিছিল। কাৰ্যক্ষমতা আৰু ফলাফল বৃদ্ধি কৰিবলৈ পৰিশোধনসমূহ প্ৰৱৰ্তন কৰা হৈছিল। এই অবিৰত সংস্কাৰ প্ৰক্ৰিয়াৰ ফলত ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি (সংশোধনী) আইন, ২০২৬ প্ৰণয়ন কৰা হয়, যিয়ে একত্ৰীকৰণৰ পৰৱৰ্তী পৰ্যায় চিহ্নিত কৰে।
|
ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতা, ২০১৬: ভাৰতৰ প্ৰধান ইনছলভেন্সি আইন
|
প্ৰাক-আই.বি.চি. কাঠামো আৰু সংস্কাৰৰ প্ৰয়োজনীয়তা
২০১৬ চনৰ ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতা প্ৰণয়নৰ আগতে, ভাৰতত ইনছলভেন্সি সমাধান একাধিক ওপৰা-ওপৰি আইনী কাঠামোৰ জৰিয়তে চলিছিল। আৰ্থিক দুৰ্দশাৰ সন্মুখীন হোৱা কোম্পানীসমূহক বিভিন্ন আইন যেনে- কোম্পানী আইন, অসুস্থ ঔদ্যোগিক কোম্পানী আইন (এছ.আই.চি.এ.), ঋণ আদায়ৰ ব্যৱস্থা আৰু SARFAESIকে ধৰি নিৰাপদ পাওনাদাৰৰ কাঠামোৰ অধীনত মোকাবিলা কৰা হৈছিল। এই প্ৰক্ৰিয়াসমূহে পৃথক প্ৰতিষ্ঠান আৰু মঞ্চৰ জৰিয়তে কাম কৰিছিল যাৰ ফলত প্ৰায়ে খণ্ডিত কাৰ্যবিধি আৰু ওপৰত ওপৰত ওপৰত বিচাৰ ক্ষমতাৰ সৃষ্টি হৈছিল।
ফলত সমাধান প্ৰক্ৰিয়া সঘনাই দীঘলীয়া আৰু অনিশ্চিত হৈ পৰিছিল। বছৰ বছৰ ধৰি গোচৰসমূহ বিচাৰাধীন হৈ থকাৰ বিপৰীতে দুৰ্দশাগ্ৰস্ত সম্পত্তিৰ মূল্যৰ অৱনতি ঘটিছিল। পলমৰ ফলত ঋণদাতাসকলৰ ধন আদায় কৰাৰ ক্ষমতা দুৰ্বল হৈ পৰিছিল আৰু কাৰ্যক্ষম ব্যৱসায়সমূহ পুনৰুজ্জীৱিত কৰাৰ সম্ভাৱনা হ্ৰাস পাইছিল। একত্ৰিত আৰু সময়সীমাবদ্ধ ব্যৱস্থাৰ অনুপস্থিতিয়েও সামগ্ৰিক ঋণ অনুশাসন আৰু বিনিয়োগকাৰীৰ আস্থাত প্ৰভাৱ পেলাইছিল।
এই গাঁথনিগত প্ৰত্যাহ্বানসমূহক চিনাক্ত কৰি চৰকাৰে এক ব্যাপক সংস্কাৰ হিচাপে ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতা, ২০১৬ প্ৰৱৰ্তন কৰে।
এটা ঐক্যবদ্ধ আৰু সময়-নিৰ্ধাৰিত ইনছলভেন্সি কাঠামো
ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতা, ২০১৬-এ কোম্পানী, অংশীদাৰিত্ব সংস্থা আৰু ব্যক্তিৰ মাজত ইনছলভেন্সি সমাধানৰ বাবে এক ঐক্যবদ্ধ কাঠামো স্থাপন কৰিছিল। ই একাধিক দ্বিধাহীনতা আইনক একত্ৰিত কৰিছিল যাৰ ফলত অধিক সমন্বিত আৰু অনুমানযোগ্য সমাধান প্ৰক্ৰিয়াৰ সৃষ্টি হৈছিল।
এই সংহিতাই প্ৰৱৰ্তন কৰা এটা মূল উদ্দেশ্য আছিল ঋণী নিয়ন্ত্ৰিত ব্যৱস্থাৰ পৰা ঋণদাতা-চালিত সমাধানৰ কাঠামোৰ দিশলৈ পৰিৱৰ্তন। কেৱল পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াৰ বাহিৰেও মূল্য সৰ্বাধিককৰণ, কাৰ্যক্ষম ব্যৱসায় অব্যাহত ৰখা আৰু অংশীদাৰসকলক সমব্যৱহাৰৰ দিশত গুৰুত্ব দিয়া হৈছিল। এই সংহিতাই দীৰ্ঘদিনীয়া পলমৰ ফলত উদ্যোগৰ মূল্য ক্ষতি কৰাৰ আগতে আৰ্থিক দুৰ্দশা প্ৰাৰম্ভিক পৰ্যায়তে সমাধান কৰাটো নিশ্চিত কৰিবনে বিচাৰিছিল।
এই কাঠামোৰ কেন্দ্ৰবিন্দুত আছে কৰ্পৰেট ইনছলভেন্সি ৰিজ’লিউচন প্ৰচেছ (চি.আই.আৰ.পি.), যিয়ে কৰ্পৰেট ইনছলভেন্সি সমাধানৰ বাবে এক গাঁথনিগত ব্যৱস্থা প্ৰদান কৰে। বিত্তীয় ঋণদাতাক লৈ গঠিত কমিটি অৱ ক্ৰেডিটৰ (চি.অ.চি.)য়ে সমাধান পৰিকল্পনাৰ মূল্যায়ন কৰে। তাৰ পিছত তেওঁলোকে চাপত থকা সত্তাটোৰ ভৱিষ্যত সন্দৰ্ভত গুৰুত্বপূৰ্ণ বাণিজ্যিক সিদ্ধান্ত লয়।
এই সংহিতাই সমাধানৰ বাবে সময়সীমাবদ্ধ গাঁথনিও প্ৰৱৰ্তন কৰিছিল। ১৮০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব পৰাকৈ চি.আই.আৰ.পি. ডিজাইন কৰা হৈছিল যি নিৰ্দিষ্ট পৰিস্থিতিত ৩৩০ দিনলৈকে বৃদ্ধি কৰিব পৰা যাব। অনিৰ্দিষ্টকালীন পলম ৰোধ কৰা আৰু দুৰ্দশাগ্ৰস্ত ব্যৱসায়ৰ অৰ্থনৈতিক মূল্য সংৰক্ষণ কৰা আছিল এই সময়সীমা ভিত্তিক পদ্ধতিৰ লক্ষ্য। যদিহে নিৰ্ধাৰিত কাঠামোৰ ভিতৰত সমাধান লাভ কৰা নহয়, তেন্তে সত্তাটোৱে সংহিতাৰ বিধান অনুসৰি লিকুইডেচনলৈ গতি কৰে।
আই.বি.চি.ৰ অধীনত প্ৰতিষ্ঠানিক গাঁথনি
আই.বি.চি.ৰ কাঠামোৰ ফলপ্ৰসূতা সংহিতাৰ অধীনত স্থাপিত নিয়ন্ত্ৰিত প্ৰতিষ্ঠানিক পৰিৱেশ তন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। ভাৰতীয় ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি ব’ৰ্ডে (আই.বি.বি.আই.) এই কাঠামোৰ অধীনত ইনছলভেন্সি প্ৰক্ৰিয়া, ইনছলভেন্সি প্ৰফেছনেলছ(আই.পি.) আৰু আনুষংগিক প্ৰতিষ্ঠানসমূহৰ তদাৰকীৰ বাবে দায়বদ্ধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষ হিচাপে কাম কৰে। ইয়াৰ উপৰিও ই ইনছলভেন্সি পৰিৱেশ তন্ত্ৰৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা নিয়ম আৰু মানদণ্ডৰ গঠন কৰে।
ইনছলভেন্সি প্ৰফেছনেলছ(আই.পি.) কোন?
ইনছলভেন্সি প্ৰফেছনেলসমূহে দুৰ্দশাগ্ৰস্ত সংস্থাসমূহৰ কাম-কাজ পৰিচালনা কৰাৰ লগতে সম্পত্তিসমূহ সুৰক্ষিত কৰে আৰু পাওনাদাৰৰ বৈঠকৰ সুবিধা প্ৰদান কৰে। তেওঁলোকে সংহিতা আৰু প্ৰযোজ্য নিয়মসমূহ মানি সমাধান প্ৰক্ৰিয়াটো তদাৰক কৰে।
লগতে, কৰ্পৰেট ইনছলভেন্সি বিষয়সমূহৰ বিচাৰ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ(এন.চি.এল.টি.)এ কৰে, যিয়ে এই কাঠামোৰ অধীনত বিচাৰ কৰ্তৃপক্ষ হিচাপে কাম কৰে। ইয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণ(এন.চি.এল.এ.টি.)এ শুনানি গ্ৰহণ কৰে। এই প্ৰতিষ্ঠানসমূহে একেলগে ভাৰতত ইনছলভেন্সি সমাধানৰ বাবে এক গাঁথনিগত, তত্বাৱধানযোগ্য আৰু আইনগতভাৱে বলবৎ কৰিব পৰা ব্যৱস্থাৰ সৃষ্টি কৰে।
|
ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতাৰ সফলতা
|
প্ৰণয়ন হোৱাৰ পিছৰে পৰা ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতা, ২০১৬য়ে ভাৰতৰ ইনছলভেন্সি আৰু ঋণ পৰিবেশতন্ত্ৰক যথেষ্ট শক্তিশালী কৰি তুলিছে। এই কাঠামোটোৱে আদায়ৰ ব্যৱস্থা উন্নত কৰি ঋণদাতাসকলৰ অনুশাসন শক্তিশালী কৰিলে আৰু দুৰ্দশাগ্ৰস্ত সংস্থাসমূহৰ বাবে অধিক গাঁথনিগত সমাধান প্ৰক্ৰিয়াৰ সৃষ্টি কৰিলে।
২০২৬ চনৰ মাৰ্চ মাহলৈকে এই সংহিতাৰ অধীনত ৮,৯৮৭ টা চি.আই.আৰ.পি. নামভৰ্তি কৰা হৈছে। অনুমোদিত সমাধান পৰিকল্পনাৰ জৰিয়তে ১,৪১৯টা কৰ্পৰেট দেনাদাৰক সমাধান কৰা হৈছিল। আনহাতে ধাৰা 12Aৰ অধীনত আন কেইবাটাও গোচৰ নিষ্পত্তি, আপীল, পৰ্যালোচনা আৰু প্ৰত্যাহাৰৰ জৰিয়তে বন্ধ কৰা হৈছিল।
২০২৬ চনৰ মাৰ্চ মাহলৈকে আই.বি.চি.ৰ অধীনত অনুমোদিত পৰিসেৱা পৰিকল্পনাৰ জৰিয়তে পাওনাদাৰসকলে প্ৰায় ৪.৩২ লাখ কোটি টকা লাভ কৰিছিল। আদায়ৰ পৰিমাণ লিকুইডেচন মূল্যৰ ১১৬.৮৫ আৰু ন্যাৰ্য মূল্যৰ ৯৪.৫৬%তকৈ অধিক।
এই কাঠামোটোৱে বেংকিং খণ্ডৰ বাবেও পুনৰুদ্ধাৰৰ ফলাফল উন্নত কৰিলে। ২০২৪-২৫ চনৰ বাবে আৰ.বি.আই.ৰ ভাৰতত বেংকিংৰ প্ৰৱণতা আৰু অগ্ৰগতিৰ প্ৰতিবেদন (২০২৫ চনৰ ২৯ ডিচেম্বৰত প্ৰকাশিত)ত উল্লেখ কৰা হৈছে যে বিভিন্ন মাধ্যমৰ জৰিয়তে এছ.চি.বি.সমূহে উদ্ধাৰ কৰা মুঠ ১,০৪,০৯৯ কোটি টকাৰ ভিতৰত কেৱল আই.বি.চি.য়ে ৫৪,৫২৮ কোটি টকাৰ উল্লেখযোগ্য অৱদান আগবঢ়াইছে, যিটো মুঠ পুনৰুদ্ধাৰৰ ৫২.৪%। এয়া SARFAESI, ঋণ আদায়ৰ ন্যায়াধিকৰণ আৰু লোক আদালতসমঽৰ জৰিয়তে আদায়ৰ তুলনাত অধিক।
আই.আই.এম. আহমেদাবাদৰ এক অধ্যয়নত আইবিচিত সমাধান হোৱা প্ৰতিষ্ঠানসমূহৰ মাজত সমাধানৰ পাছত শক্তিশালী পুনৰুদ্ধাৰ ঘটাৰ কথা প্ৰকাশ পাইছে। ঋণদাতাসকলে স্বীকৃতিপ্ৰাপ্ত দাবীৰ ৩২% আৰু লিকুইডেচন মূল্যৰ ১৬৮% আদায় কৰিছিল। সমাধান হোৱা প্ৰতিষ্ঠাননসমূহে ৭৬% বিক্ৰী বৃদ্ধি প্ৰত্যক্ষ কৰিছিল, তৃতীয় বছৰৰ ভিতৰত কাৰ্যকৰী সমীকৰণত উপনীত হৈছিল আৰু কৰ্মচাৰীৰ খৰচ ৫০% বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছিল যি হৈছে অধিক নিয়োগ। সমাধান কৰা প্ৰতিষ্ঠাননসমূহৰ মুঠ সম্পত্তি ৫০% বৃদ্ধি পাইছে, মূলধনী ব্যয় ১৩০% বৃদ্ধি পাইছে আৰু লাভজনকতা উদ্যোগৰ মানদণ্ডৰ সৈতে মিল খাইছে। তালিকাভুক্ত প্ৰতিষ্ঠানসমূহৰ বাবে বজাৰৰ মূল্যাংকন ২ লাখ কোটি ৰ পৰা ৬ লাখ কোটি অৰ্থাৎ তিনিগুণ বৃদ্ধি পাইছিল, য’ত নগদ সঁহাৰি ৮০%ৰে বৃদ্ধি পায়। ইয়াৰ উপৰিও আই.আই.এম. বাংগালুৰুৰ এক অধ্যয়নত দেখা গৈছে যে ঋণৰ ব্যয় ৩% হ্ৰাস পাইছে আৰু বৃদ্ধি পোৱা স্বতন্ত্ৰ পৰিচালকৰ জৰিয়তে শাসন ব্যৱস্থাৰ উন্নতি হৈছে। এইদৰে এই অধ্যয়নসমূহে প্ৰমাণ কৰে যে আই.বি.চি. প্ৰক্ৰিয়াৰ জৰিয়তে সমধানৰ অধীনত থকা প্ৰতিষ্ঠানসমূহে বিক্ৰী, লাভজনকতা, সম্পত্তিৰ বৃদ্ধি, বজাৰ মূল্যায়ন আৰু লিকুইডেচনকে ধৰি তেওঁলোকৰ ব্যৱসায়ৰ বিভিন্ন দিশত যথেষ্ট উন্নতি দেখুৱাইছে।
তদুপৰি, ঋণ অনুশাসনৰ ওপৰত আই.বি.চি.ৰ প্ৰভাৱৰ সমৰ্থন আই.আই.এম. বাংগালুৰুৰ এক বিস্তৃত অধ্যয়নেও প্ৰমাণ কৰিছে। এই অধ্যয়নত কৰ্পৰেট ঋণ একাউণ্ট, চি.আই.আৰ.পি., ফাৰ্ম পৰ্যায়ৰ বিত্তীয় তথ্য আৰু এন.পি.এ.ৰ তথ্যৰ বিশ্লেষণ কৰা হৈছে। অধ্যয়নটোত দেখা গৈছে যে আই.বি.চি.য়ে ঋণ লোৱাসকলক নিৰ্দিষ্ট ঋণ পৰিশোধৰ সময়সূচী মানি চলিবলৈ প্ৰেৰণা দিছে। পৰ্যালোচনাধীন সময়ছোৱাত অধ্যয়নটোৱে লক্ষ্য কৰিছে যে টকাৰ পৰিমাণৰ লগতে একাউণ্টৰ সংখ্যাৰ ক্ষেত্ৰতো ‘অভাৰডিউ’ বুলি গণ্য কৰা ঋণৰ একাউণ্টৰ যথেষ্ট হ্ৰাস হৈছে। একেদৰে ‘অভাৰডিউ’ শ্ৰেণীৰ পৰা ‘সাধাৰণ’ শ্ৰেণীলৈ ঋণ একাউণ্টৰ পৰিৱৰ্তনৰ বছৰি অনুপাত বৃদ্ধি পাইছে, যিয়ে কৰ্পৰেটসমূহৰ ঋণ সংস্কৃতিৰ উন্নতিৰ মতামতক সমৰ্থন কৰিছে। আনকি ঋণৰ একাউণ্ট এটা ‘সাধাৰণ’ শ্ৰেণীলৈ যোৱাৰ আগতে ‘অভাৰডিউ’ শ্ৰেণীত থকা গড় দিনৰ সংখ্যাও ২৪৮-৩৪৪ দিনৰ পৰা ৩০-৮৭ দিনলৈ হ্ৰাস পাইছে। ইয়াৰ পৰা দেখা যায় যে ঋণী আৰু পাওনাদাৰ উভয়েই অতি সোনকালে কুকাৰ্য সমাধানৰ চেষ্টা কৰিছে।
একে সময়তে কাৰ্যকৰী প্ৰত্যাহ্বানও থাকি গ’ল। কেইবাটাও ক্ষেত্ৰত গড় সমাধানৰ সময়সীমা বিধিগত সীমা ৩৩০ দিনৰ অতিক্ৰম কৰিছিল। বিচাৰত পলম হোৱা আৰু দীৰ্ঘদিনীয়া গোচৰৰ ফলত কিছুমান কাৰ্যবিধিত মূল্য সৰ্বোচ্চকৰণত প্ৰভাৱ পৰিছিল।
এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰতৰ বিত্তীয় আৰু কৰ্পৰেট সমাধানৰ কাঠামোত ইনছলভেন্সি দেউলীয়া সংহিতা এক বৃহৎ গাঁথনিগত সংস্কাৰ। ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি (সংশোধনী) আইন, ২০২৬কে ধৰি পৰৱৰ্তী সংশোধনীসমূহে সময়সীমা, প্ৰতিষ্ঠানিক দক্ষতা আৰু আদায়ৰ ফলাফল অধিক উন্নত কৰাৰ চেষ্টা কৰে।
|
ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতাৰ আইনগত অগ্ৰগতি
|
ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি (সংশোধনী) আইন, ২০২৬ৰ সূচনা কৰা সংস্কাৰটো ধাৰাবাহিকভাৱে আইনগত সংশোধনীৰ জৰিয়তে ইনছলভেন্সি কাঠামোৰ বিৱৰ্তনৰ ওপৰত নিৰ্মিত।
২০২৬ চনৰ পূৰ্বে প্ৰৱৰ্তিত মূল সংশোধনীসমূহৰ ভিতৰত আছিল:
• ২০১৮ সংশোধনী: আবেদন প্ৰত্যাহাৰ আৰু ভোটদানৰ সীমাৰ পৰিৱৰ্তনকে ধৰি সমাধানৰ কাঠামোত উল্লেখযোগ্য পৰিশোধন প্ৰৱৰ্তন কৰা হৈছে। ই ঋণদাতাৰ অংশগ্ৰহণ আৰু অধিক শক্তিশালী কৰি তুলিলে আৰু মূল আইনখনৰ ধাৰা 29Aৰ অধীনত যোগ্যতাৰ মাপকাঠী সংশোধন কৰিলে।
• ২০১৯ সংশোধনীঃ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ৩৩০ দিনৰ সামগ্ৰিক সময়সীমা প্ৰৱৰ্তন কৰি ইনছলভেন্সি সমাধানৰ কাঠামো উন্নত কৰা হৈছে।
• ২০২০ সংশোধনী: সমাধানৰ পিছত কৰ্পৰেট ঋণীসকলৰ বাবে ৰক্ষাকৱচকে ধৰি মূল সুৰক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ উপৰিও ক’ভিড-১৯ৰ প্ৰতি সঁহাৰি জনাই নিৰ্দিষ্ট ডিফল্টৰ বাবে ইনছলভেন্সিৰ কাৰ্যবিধি স্থগিত ৰখা হয়।
• ২০২১ সংশোধনী: এম.এছ.এম.ই.ৰ বাবে প্ৰি-পেকেজড ইনছলভেন্সি সমাধান প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত পাওনাদাৰৰ তত্বাৱধান আৰু তদাৰকীৰ সৈতে দ্ৰুত ঋণী-অধিকাৰ নিষ্পত্তি সম্ভৱ হৈ উঠিছিল। ইয়াৰ উপৰিও ইনছলভেন্সিৰ কাৰ্যবিধিৰ কাৰ্যকাৰিতা আৰু সময়সীমা উন্নত কৰাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছিল।
|
ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি (সংশোধনী) আইন, ২০২৬
|
প্ৰায় এক দশকৰ কাৰ্যকৰীকৰণ অভিজ্ঞতাৰ পিছত ২০২৬ চনৰ সংশোধনী আইনখন ২০১৬ চনৰ ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতাৰ ওপৰত নিৰ্মাণ কৰিছে। ইয়াৰ দ্বাৰা ইনছলভেন্সি সমাধান আৰু লিকুইডেচন প্ৰক্ৰিয়াৰ সময়ত প্ৰক্ৰিয়াগত পলম, আইনী অস্পষ্টতাৰ পৰা উদ্ভৱ হোৱা গোচৰ আৰু কাৰ্যকৰী প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব বিচাৰে।
এই আইনখনে ইনছলভেন্সি প্ৰক্ৰিয়াৰ বিভিন্ন পৰ্যায়ত সংস্কাৰৰ প্ৰৱৰ্তন কৰে। ই গোচৰৰ ভৰ্তিকৰণ আৰু অনুমোদনৰ সময়সীমা শক্তিশালী কৰে। ই লিকুইডেচনৰ সময়ত চি.অ’.চি.সমূহৰ ভূমিকা সম্প্ৰসাৰিত কৰে। ইয়াৰোপৰি নিৰাপত্তাৰ স্বাৰ্থ, পৰিহাৰ লেনদেন আৰু সমাধান পৰিকল্পনাৰ সৈতে জড়িত বিধানসমূহ স্পষ্ট কৰা হৈছে।
এই সংশোধনীত অনুমোদিত সমাধান পৰিকল্পনা ৰূপায়ণৰ বাবে সুৰক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ভিতৰত নিৰ্দিষ্ট ক্ষেত্ৰত অনুজ্ঞাপত্ৰ, অনুমতি আৰু নিয়ন্ত্ৰণমূলক অনুমোদনৰ ধাৰাবাহিকতা অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ই প্ৰৱঞ্চনামূলক আৰু অন্যায় ব্যৱসায়ৰ সৈতে জড়িত বিধানসমূহ শক্তিশালী কৰে।
সংশোধনীৰ এটা মূল বৈশিষ্ট্য হৈছে নিৰ্দিষ্ট শ্ৰেণীৰ কৰ্পৰেট ঋণীসকলৰ বাবে পাওনাদাৰৰ দ্বাৰা আৰম্ভ কৰা ইনছলভেন্সি সমাধান প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰা। এই আইনখনে লিকুইডেচন আৰু বিলুপ্তিৰ কাৰ্যবিধিৰ বাবেও অধিক গাঁথনিগত সময়সীমা প্ৰৱৰ্তন কৰে।
সামগ্ৰিকভাৱে এই সংশোধনীয়ে ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতা, ২০১৬ৰ মূল গাঁথনি ধৰি ৰখাৰ লগতে ইনছলভেন্সিৰ কাঠামোক অধিক সময়সীমাবদ্ধ, অনুমানযোগ্য আৰু সমাধানমুখী কৰি তুলিব বিচাৰিছে।
নতুন কাঠামো প্ৰৱৰ্তন কৰাৰ পৰিৱৰ্তে ২০২৬ চনৰ সংশোধনী আইনখনে ২০১৬ চনৰ মূল আইনখনত সময়ৰ লগে লগে দৃশ্যমান হোৱা ব্যৱধানসমূহৰ সমাধান কৰিছে। তলত উল্লেখ কৰা মুখ্য পৰিবৰ্তনসমূহ অন্তৰ্ভুক্ত:
আইনখনক অধিক স্পষ্ট আৰু নিখুঁত কৰি তোলা
পূৰ্বে: ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতা, ২০১৬ৰ অধীনত কিছুমান চৰ্ত আৰু ধাৰণা আছিল যি হয় অসংজ্ঞায়িত আছিল, নহয় ব্যাখ্যাৰ বাবে মুকলি আছিল। ইয়াৰ ফলত প্ৰায়ে ইনছলভেন্সিৰ কাৰ্যবিধিৰ সময়ত গোচৰ আৰু পদ্ধতিগত পলম হৈছিল।
এতিয়া: সংশোধনীটোৱে “সেৱা প্ৰদানকাৰী”, “এভয়ডেন্স লেনদেন” আৰু “প্ৰৱঞ্চনামূলক বা অন্যায়ভাৱে ব্যৱসায়” আদি শব্দৰ বাবে নিৰ্দিষ্ট সংজ্ঞা প্ৰদান কৰিছে। “সেৱা প্ৰদানকাৰী”ক ইনছলভেন্সি পেছাদাৰী, ইনছলভেন্সি পেছাদাৰী সংস্থা, তথ্যমূলক সজুলিসমূহ আৰু আই.বি.বি.আই.ত পঞ্জীয়নভুক্ত অন্যান্য অধিসূচিত ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰিবলৈ সংজ্ঞায়িত কৰা হৈছে।
এই আইনখনে “নিৰাপত্তাৰ স্বাৰ্থ”ৰ অৰ্থও স্পষ্ট কৰি দিছে। ইয়াত উল্লেখ কৰা হৈছে যে পক্ষসমূহৰ মাজত হোৱা চুক্তি বা ব্যৱস্থাৰ জৰিয়তে য’ত নিৰাপত্তাৰ স্বাৰ্থ উদ্ভৱ হ’ব তাতহে ইয়াৰ অস্তিত্ব থাকিব। কেৱল আইনৰ কাৰ্যকলাপৰ দ্বাৰা সৃষ্টি হোৱা নিৰাপত্তা স্বাৰ্থক সংজ্ঞাৰ পৰা বাদ দিয়া হৈছে।
সংশোধনীটোত “এভয়ডেন্স লেনদেন”ৰ সংজ্ঞাও দিয়া হৈছে। ইয়াৰ ভিতৰত এনে লেনদেন অন্তৰ্ভুক্ত য’ত পাওনাদাৰক অন্যায়ভাৱে পছন্দ কৰা হয়, সম্পত্তি মূল্যতকৈ কম হস্তান্তৰ কৰা হয়, পাওনাদাৰক প্ৰতাৰণা কৰা হয় বা অন্যায়মূলক ঋণৰ ব্যৱস্থা সৃষ্টি কৰা হয়। প্ৰধান আইনৰ ৬৬ নং ধাৰাত “প্ৰৱঞ্চনামূলক বা অন্যায় ব্যৱসায়”কো পৃথকে সংজ্ঞায়িত কৰা হৈছে।
ইনছলভেন্সি প্ৰক্ৰিয়াত দ্ৰুত প্ৰৱেশ নিশ্চিতকৰণ
পূৰ্বে: ইনছলভেন্সি আবেদনসমূহ স্বীকাৰ কৰাৰ সময়সীমা আছিল যদিও সঘনাই পলম হৈছিল আৰু প্ৰায়ে অস্পষ্ট হৈ ৰৈছিল। ইয়াৰ ফলত সংহিতাৰ সময়সীমাবদ্ধ প্ৰকৃতি দুৰ্বল হৈ পৰিল।
এতিয়াঃ ১৪ দিনৰ ভিতৰত বিচাৰ কৰা কৰ্তৃপক্ষই আবেদনৰ সিদ্ধান্ত ল’ব লাগিব। যদি এই সময়সীমা মানি চলা নহয় তেন্তে কাৰণসমূহ আনুষ্ঠানিকভাৱে লিপিবদ্ধ কৰিব লাগিব। ইয়াৰ ফলত ব্যৱস্থাটোত জবাবদিহিতাৰ প্ৰৱৰ্তন হয়।
গোচৰসমূহ প্ৰত্যাহাৰৰ ক্ষেত্ৰত অনুশাসন অনা
পূৰ্বে: প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ উন্নত পৰ্যায়তো গোচৰসমূহ প্ৰত্যাহাৰ কৰিব পৰা যায়। কিছুমান ক্ষেত্ৰত ইতিমধ্যে বিনিয়োগ কৰা প্ৰচেষ্টাৰ অপচয়ৰ ফলত যথেষ্ট সময়ৰ পিছত এনে হৈছিল।
এতিয়া: এতিয়া প্ৰত্যাহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। চি.অ.চি. গঠন হোৱাৰ আগতে প্ৰত্যাহাৰ হ’ব নোৱাৰে। ৰিজলিউচন অৰ্থাৎ সমাধান পৰিকল্পনা আমন্ত্ৰণ জনোৱাৰ পিছতো ইয়াক নিষিদ্ধ কৰা হয়। ইয়াৰ ফলত জটিল পৰ্যায়ত বাধা ৰোধ হয়। এই পৰিৱৰ্তনে সহনশীলতা আনে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত অংশীদাৰসকলৰ স্বাৰ্থ সুৰক্ষিত কৰে।
মৰেটৰিয়াম সুৰক্ষা শক্তিশালী কৰা
পূৰ্বে: মৰেটৰিয়াম কেনেকৈ চলিছিল তাৰ মাজত ব্যৱধান আছিল বিশেষকৈ নিশ্চয়তাৰ সৈতে জড়িত ক্ষেত্ৰত। ঋণদাতাসকলে কেতিয়াবা পৰোক্ষ পথৰ জৰিয়তে সমান্তৰাল কাৰ্য আৰম্ভ কৰিব পাৰিছিল।
এতিয়াঃ সংশোধনীত স্পষ্ট কৰা হৈছে যে এনে পৰিস্থিতিৰ ক্ষেত্ৰতো এই মৰেটৰিয়াম প্ৰযোজ্য। ইয়াৰ দ্বাৰা নিশ্চিত হয় যে ইনছলভেন্সি প্ৰক্ৰিয়াক পাৰ হ’বলৈ নিশ্চয়তা ব্যৱহাৰ কৰিব নোৱাৰি। সমান্তৰাল আদায় প্ৰক্ৰিয়াৰ পৰা মুক্ত হ’বলৈ সমাধানৰ অধীনত থকা কোম্পানীটোক অধিক নিৰাপদ পৰিৱেশ দিয়া হয়।
প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা আৰু তথ্যৰ প্ৰৱেশ উন্নত কৰা
পূৰ্বে: ৰিজ’লিউচন প্ৰফেছনেলছসকলৰ নিযুক্তিত পলম হোৱা আৰু মূল অংশীদাৰসকলৰ সহযোগিতাৰ অভাৱে প্ৰায়ে প্ৰক্ৰিয়াটো লেহেমীয়া কৰিছিল। বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তথ্য সহজে উপলব্ধ নাছিল।
এতিয়া: সংশোধনীয়ে ৰিজ’লিউচন প্ৰফেছনেলছসকলৰ বাবে নিযুক্তি প্ৰক্ৰিয়া সৰল কৰি তুলিছে, যাৰ ফলত প্ৰাৰম্ভিক পলম হ্ৰাস পাইছে। ই সহযোগিতা কৰাৰ বাধ্যবাধকতা সম্প্ৰসাৰিত কৰে, কৰ্মচাৰী, প্ৰমোটাৰ আৰু অন্যান্য সংশ্লিষ্ট ব্যক্তিসকলক সমগ্ৰ প্ৰক্ৰিয়াটোত সহায় কৰিবলৈ বাধ্য কৰে। দ্ৰুত নিযুক্তি আৰু উন্নত তথ্যৰ প্ৰৱেশৰ ফলত সমাধান প্ৰক্ৰিয়া অধিক দক্ষ আৰু স্বেচ্ছামূলক সহযোগিতাৰ ওপৰত কম নিৰ্ভৰশীল হৈ পৰে।
সকলো পৰ্যায়তে ঋণদাতাৰ ভূমিকা আগুৱাই নিয়া
পূৰ্বে: সমাধানৰ সময়ত চি.অ’.চি.সমূহে কেন্দ্ৰীয় ভূমিকা পালন কৰিছিল, কিন্তু লিকুইডেচন পৰ্যায় আৰম্ভ হোৱাৰ পিছত ইয়াৰ প্ৰভাৱ যথেষ্ট হ্ৰাস পাইছিল। ইয়াৰ ফলত পৰ্যায়ক্ৰমে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সংযোগ বিচ্ছিন্ন হৈ পৰিল।
এতিয়া: সংশোধনীটোৱে পাওনাদাৰৰ ভূমিকা লিকুইডেচন পৰ্যায়লৈ সম্প্ৰসাৰিত কৰিছে। লিকুইডেচনৰ পৰিচালনাৰ তদাৰক কৰাৰ ক্ষমতাও দিয়া হয় আৰু আনকি প্ৰয়োজন সাপেক্ষে লিকুইডেটৰ সলনি কৰাৰ ক্ষমতাও দিয়া হয়। ঋণদাতাসকলে ইনছলভেন্সি প্ৰক্ৰিয়াৰ সমগ্ৰ জীৱনচক্ৰত নিয়ন্ত্ৰণত থাকে। এই ধাৰাবাহিকতাই তদাৰকী উন্নত কৰে আৰু সিদ্ধান্তসমূহ পুনৰুদ্ধাৰৰ লক্ষ্যৰ সৈতে মিল থকাটো নিশ্চিত কৰে।
অতীতৰ লেনদেনৰ বাবে দায়বদ্ধতা নিশ্চিত কৰা
পূৰ্বে: সম্পত্তিৰ অন্যায় স্থানান্তৰ সম্পৰ্কীয় লেনদেনসমূহ, কিছুমান পাওনাদাৰক অগ্ৰাধিকাৰ দিয়া বা প্ৰৱঞ্চনামূলক আচৰণৰ সৈতে জড়িত লেনদেনসমূহ প্ৰায়ে মূল ইনছলভেন্সি প্ৰক্ৰিয়াৰ পৰা পৃথকে পৰীক্ষা কৰা হৈছিল। ইয়াৰ ফলত সমাধান বা লিকুইডেচনৰ পিছতো এনে কাৰ্যবিধি অব্যাহত ৰখাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছিল।
এতিয়া: সংশোধনীত স্পষ্ট কৰা হৈছে যে ইনছলভেন্সি সমাধান বা লিকুইডেচন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতো এভয়ডেন্স লেনদেন আৰু প্ৰৱঞ্চনামূলক বা অন্যায় ব্যৱসায়ৰ সৈতে জড়িত কাৰ্যবিধি অব্যাহত থাকিব পাৰে।
এই আইনখনে ঋণদাতা, সদস্য বা অংশীদাৰসকলক বিচাৰ কৰ্তৃপক্ষৰ কাষ চাপিবলৈও অনুমতি দিয়ে যদিহে এনে লেনদেন ৰিজ’লিউচন প্ৰফেছনেলছ বা লিকুইডেটৰে অৱগত নকৰে।
সমাধানৰ বাবে সম্পত্তিৰ ভিত্তি প্ৰসাৰিত কৰা
পূৰ্বে: সমাধান প্ৰক্ৰিয়াটোৱে কৰ্পৰেট ঋণীৰ সম্পত্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ ফলত এনে সম্পত্তি অপৰ্যাপ্ত হোৱা ক্ষেত্ৰত আদায় সীমিত হয়।
এতিয়া: সংশোধনীৰ জৰিয়তে ঋণদাতাৰ অনুমোদন আৰু কিছুমান চৰ্তৰ অধীনত নিশ্চয়তাদাতাৰ সম্পত্তিক সমাধান প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰাৰ অনুমতি দিয়া হৈছে। সম্পত্তিৰ পৰিসৰ তালিকা বঢ়ালে বিশেষকৈ নিশ্চয়তাৰ সৈতে জড়িত জটিল বিত্তীয় গাঁথনিত পুনৰুদ্ধাৰৰ সম্ভাৱনা উন্নত হয়।
সকলো ঋণদাতাৰ সৈতে ন্যাৰ্য ব্যৱহাৰ নিশ্চিত কৰা
পূৰ্বে: বিৰোধী ঋণদাতাসকলে প্ৰায়ে অনুভৱ কৰিছিল যে সমাধান পৰিকল্পনাই তেওঁলোকৰ সৈতে ন্যাৰ্য ব্যৱহাৰ নকৰে, যাৰ ফলত বিবাদ আৰু গোচৰ সৃষ্টি হয়।
এতিয়া: আইনখনে এতিয়া স্পষ্টভাৱে উল্লেখ কৰিছে যে ধাৰা 53ৰ অধীনত অগ্ৰাধিকাৰ জলধাৰা অনুসৰি এনে পৰিকল্পনাৰ পৰা পোৱা ধন বিতৰণ কৰিলে বিৰোধী পাওনাদাৰসকলে লিকুইডেচন মূল্য বা সমাধান পৰিকল্পনাৰ অধীনত গ্ৰহণযোগ্য ধনৰ অন্ততঃ কমখিনি লাভ কৰিব।
সমাধান পৰিকল্পনাক অধিক ব্যৱহাৰিক আৰু বলবৎ কৰিব পৰা কৰি তোলা
পূৰ্বে: অনুমোদনৰ পিছতো সমাধান পৰিকল্পনাসমূহে অনুজ্ঞাপত্ৰ, নিয়ন্ত্ৰণমূলক অনুমোদন আৰু অতীতৰ দায়বদ্ধতাৰ সৈতে জড়িত প্ৰত্যাহ্বান আৰু সমস্যাৰ সন্মুখীন হৈছিল যিয়ে অনিশ্চয়তাৰ সৃষ্টি কৰিছিল।
এতিয়া: সংশোধনীটোৱে পৰিকল্পনাসমূহৰ পৰ্যায়ক্ৰমে অনুমোদনৰ অনুমতি দিয়ে, অনুজ্ঞাপত্ৰ আৰু নিয়ন্ত্ৰণমূলক অনুমতিসমূহ সুৰক্ষিত কৰে আৰু অতীতৰ দাবীসমূহৰ সৈতে কেনে ব্যৱহাৰ কৰা হয় সেয়া স্পষ্ট কৰে। বাস্তৱ পৰিস্থিতিত সমাধান পৰিকল্পনা অধিক কাৰ্যকৰী হৈ পৰে, যাৰ ফলত ব্যৱসায়সমূহৰ সফল পুনৰুজ্জীৱনৰ সম্ভাৱনা বৃদ্ধি পায়।
লিকুইডেচনৰ পূৰ্বে নমনীয়তা প্ৰদান কৰা
পূৰ্বে: প্ৰক্ৰিয়াটো এবাৰ লিকুইডেচনৰ দিশে আগবাঢ়ি গ’লে নতুন সম্ভাৱনাৰ উন্মেষ ঘটিলেও সমাধানৰ পুনৰ বিবেচনাৰ পৰিসৰ সীমিত আছিল।
এতিয়া: সংশোধনীৰ জৰিয়তে লিকুইডেচন চূড়ান্ত হোৱাৰ পূৰ্বে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধান প্ৰক্ৰিয়াটো এককালীনভাৱে পুনৰুদ্ধাৰ কৰাৰ অনুমতি দিয়া হৈছে। কাৰ্যক্ষম ব্যৱসায়সমূহে পুনৰুজ্জীৱনৰ বাবে অতিৰিক্ত সুযোগ পায়, যাৰ ফলত অকালতে লিকুইডেচন ৰোধ হয়।
লিকুইডেচনক অধিক গাঁথনিগত আৰু সময়-সীমাৰ অন্তৰ্গত কৰি তোলা
পূৰ্বে: লিকুইডেচন প্ৰক্ৰিয়াত প্ৰায়ে স্পষ্ট সময়সীমা আৰু সামঞ্জস্যপূৰ্ণ তদাৰকীৰ অভাৱ আছিল, যাৰ ফলত দীৰ্ঘদিনীয়া বন্ধ প্ৰক্ৰিয়া চলিছিল।
এতিয়া: সংশোধনীটোৱে গাঁথনিগত সময়সীমা, স্পষ্ট ভূমিকা আৰু লিকুইডেচনৰ সময়ত উন্নত তত্বাৱধানৰ প্ৰৱৰ্তন কৰিছে। আনকি যেতিয়া সমাধান বিফল হয়, তেতিয়াও প্ৰস্থান প্ৰক্ৰিয়াটো দ্ৰুত আৰু অধিক শৃংখলাবদ্ধ হৈ পৰে।
ঋণদাতাৰ নেতৃত্বত নতুন ঋণহীনতা প্ৰক্ৰিয়াৰ প্ৰৱৰ্তন
পূৰ্বে: সকলো ইনছলভেন্সি প্ৰক্ৰিয়াতে বিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা আনুষ্ঠানিকভাৱে নামভৰ্তিৰ প্ৰয়োজন হৈছিল, যিয়ে প্ৰাৰম্ভিক পৰ্যায়ত পলম বৃদ্ধি কৰিব পাৰে।
এতিয়া: এটা নতুন ব্যৱস্থাই পাওনাদাৰসকলক নিৰ্ধাৰিত অনুমোদনৰ সীমা আৰু পদ্ধতিগত সুৰক্ষাৰ অধীনত পোনপটীয়াকৈ ইনছলভেন্সি আৰম্ভ কৰিবলৈ অনুমতি দিয়ে। এই প্ৰক্ৰিয়াটোও সময়সীমাবদ্ধ। ইয়াৰ ফলত নমনীয়তা প্ৰৱৰ্তন হয় আৰু আনুষ্ঠানিক নামভৰ্তি পৰ্যায়ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায়, যাৰ ফলত ব্যৱস্থাটো অধিক সঁহাৰি জনোৱা হয়।
|
এটা শক্তিশালী ইনছলভেন্সি কাঠামোৰ দিশত
|
বিগত দশকত ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি সংহিতা, ২০১৬-এ ভাৰতৰ ইনছলভেন্সি সমাধানৰ কাঠামোক নতুন ৰূপ দিছে। ই আৰ্থিক দুৰ্দশাৰ প্ৰতি অধিক গাঁথনিগত আৰু ঋণদাতা-চালিত পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। কাৰ্যকৰীকৰণৰ অভিজ্ঞতা, ন্যায়িক ব্যাখ্যা আৰু আইনগত সংস্কাৰৰ জৰিয়তেও এই কাঠামোৰ বিকাশ ঘটিছিল।
ইনছলভেন্সি আৰু বেংক্ৰাপ্তচি (সংশোধনী) আইন, ২০২৬ এই বিৱৰ্তনৰ পৰৱৰ্তী পৰ্যায়ক প্ৰতিনিধিত্ব কৰে। এই সংশোধনীৰ জৰিয়তে পদ্ধতিগত নিশ্চয়তা উন্নত কৰাৰ লগতে সময়সীমা শক্তিশালী কৰা হৈছে। ইয়াৰ উপৰিও ইয়াৰ লক্ষ্য হৈছে ইনছলভেন্সি সমাধান আৰু লিকুইডেচন প্ৰক্ৰিয়াৰ ফলপ্ৰসূতা বৃদ্ধি কৰা। এই সংস্কাৰসমূহে একেলগে ভাৰতত অধিক কাৰ্যক্ষম আৰু অনুমানযোগ্য ইনছলভেন্সিৰ কাঠামোক সমৰ্থন কৰে।
তথ্যসূত্ৰসমূহ-
ইনছলভেন্সি এণ্ড বেংক্ৰাপ্তচি বৰ্ড অৱ ইণ্ডিয়া
https://ibbi.gov.in/?indexpagetemp=home
https://ibbi.gov.in/uploads/resources/2ce0f4a4a146d49fb96f4939aa4fbe25.pdf
https://ibbi.gov.in/BLRCReportVol1_04112015.pdf
https://ibbi.gov.in/uploads/whatsnew/9f9dc60d2f3d49b5ab5aed5dfad2ba1a.pdf
https://ibbi.gov.in/legal-framework/act
https://ibbi.gov.in/uploads/publication/63ca2664fde1e59fb2c438e93a0d50f6.pdf
https://ibbi.gov.in/uploads/publication/e42fddce80e99d28b683a7e21c81110e.pdf
https://ibbi.gov.in/uploads/whatsnew/7373b47de45dd16da8313f1863709fcb.pdf
https://ibbi.gov.in/uploads/resources/57420f272e1515f0c9c137f1a6423d78.pdf
বিত্ত মন্ত্ৰালয়
https://www.pib.gov.in/newsite/printrelease.aspx?relid=145286®=3&lang=2#:~:text=Parliament%20passes%20the%20Insolvency%20and,are%20almost%20a%20century%20old.
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=1696288®=3&lang=2
https://www.pib.gov.in/newsite/PrintRelease.aspx?relid=110730®=3&lang=2#:~:text=Bankruptcy%20Reforms%20Committee,Ministry%20of%20Finance%2C%20Room%20no.
আইন আৰু ন্যায় মন্ত্ৰণালয়
https://www.indiacode.nic.in/bitstream/123456789/2154/5/A2016-31.pdf
https://ibbi.gov.in/uploads/legalframwork/2026-04-07-115842-i5nsk-7ed69ef2a4d23a8b0d472cc0fcd55e79.pdf
https://ibbi.gov.in/webadmin/pdf/whatsnew/2018/Aug/The%20Insolvency%20and%20Bankruptcy%20Code%20%28Second%20Amendment%29%20Act%2C%202018_2018-08-18%2018%3A42%3A09.pdf
https://ibbi.gov.in/uploads/legalframwork/d36301a7973451881e00492419012542.pdf
https://ibbi.gov.in/uploads/legalframwork/0150ec26cf05f06e66bd82b2ec4f6296.pdf
https://www.icsi.edu/ccgrt/research/bare-acts/corporate-laws/
কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়
https://ibbi.gov.in/uploads/whatsnew/press_release_of_IBC_Code-1.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2117411®=3&lang=2
https://ibbi.gov.in/uploads/resources/d75daa3a490fc1bc316632cd993fca06.pdf?utm
লোকসভা
https://sansad.in/getFile/BillsTexts/LSBillTexts/Asintroduced/INSOLVENCY%20as%20intro812202584142PM.pdf?source=legislation
https://sansad.in/getFile/app/lsscommittee/Select%20Committee%20on%20The%20Insolvency%20And%20Bankruptcy%20Code%20(Amendment)%20Bill,%202025/pr_files/ENG%20Press%20Release%20-%20Report%20on%20examination%20of%20the%20IBC%20Amendment%20Bill%202025.pdf?source=app#:~:text=Shri%20Baijayant%20Panda%2C%20Chairperson%20of,its%20report%20to%20the%20Parliament.
https://sansad.in/ls/legislation/bills
https://sansad.in/getFile/loksabhaquestions/annex/187/AU3813_3TnFbA.pdf?source=pqals
দি ইনষ্টিটিউট অৱ কোম্পানী ছেক্ৰেটেৰীজ অৱ ইণ্ডিয়া
https://www.icsi.edu/media/webmodules/ILP_Study_with_TP.pdf#:~:text=ii%20Page%203%20iii%20Insolvency%20occurs%20when,is%20not%20exactly%20the%20same%20as%20insolvency.
https://www.icsi.edu/ccgrt/research/bare-acts/corporate-laws/
অন্যান্য
https://www.newsonair.gov.in/parliament-passes-insolvency-and-bankruptcy-code-bill-2026/
https://www.mygov.in/group-issue/interim-recommendations-bankruptcy-law-reforms-committee-blrc/?page=0%2C10#:~:text=A%20Committee%20was%20formed%20under,%E2%80%A2
https://www.ey.com/en_in/insights/strategy-transactions/nine-years-of-ibc-transforming-india-s-insolvency-landscape
পি.আই.বি. গৱেষণা
(Explainer ID: 158707)
आगंतुक पटल : 23
Provide suggestions / comments