• Sitemap
  • Advance Search
Global Affairs

তৃতীয় ভাৰত-নৰ্ডিক সন্মিলন

সেউজ প্ৰযুক্তি আৰু উদ্ভাৱন কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিকৰণ

Posted On: 26 MAY 2026 11:51AM

ভাৰত-নৰ্ডিক মিত্ৰতাৰ সৈতে ভাৰত আৰু নৰ্ডিক দেশসমূহৰ মাজত দ্বিপাক্ষিক সহযোগিতাই নতুন ৰূপ ধাৰণ কৰিলে। ২০১৮ চনত প্ৰথম ভাৰত-নৰ্ডিক সন্মিলন অনুষ্ঠিত হৈছিল, যাৰ ফলত দীৰ্ঘম্যাদী কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলাৰ লক্ষ্যৰে গাঁথনিগত উচ্চ পৰ্যায়ৰ সংযোগৰ আৰম্ভণি হৈছিল। ২০২৬ চনৰ ১৯ ​​মে’ত ন’ৰৱেৰ অছলোত অনুষ্ঠিত হোৱা তৃতীয় নৰ্ডিক সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰ্ডিক দেশৰ প্ৰধানমন্ত্ৰীসকলে বৈঠকত মিলিত হয়। বৈঠকত ভাৰত-নৰ্ডিক সম্পৰ্কক সেউজ প্ৰযুক্তি আৰু উদ্ভাৱন কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হয়। দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ প্ৰবাহ শক্তিশালী কৰাৰ উপৰিও এই সন্মিলনে জলবায়ু কাৰ্য, এছ.টি.ই.এম. সহযোগিতা, নীলা অৰ্থনীতি, শিক্ষা, প্ৰতিৰক্ষা সহযোগিতা আৰু আৰ্কটিক সংযোগৰ ক্ষেত্ৰত যৌথ পদক্ষেপক আগুৱাই লৈ যায়।

 

পাতনি

২০১৮ চনত প্ৰথম ভাৰত-নৰ্ডিক শীৰ্ষ সন্মিলনৰ সময়ত ভাৰত আৰু নৰ্ডিক দেশসমূহে বহুমাত্ৰিক অংশীদাৰিত্ব আৰম্ভ কৰিছিল।এই অংশীদাৰিত্বই উদ্ভাৱন, সেউজ প্ৰযুক্তি, স্বচ্ছ শক্তি আৰু বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ অৰ্থনৈতিক বিকাশত সহায় কৰা, বহনক্ষম উন্নয়নৰ পথ প্ৰসাৰ কৰা, দক্ষতা আৰু প্ৰতিভা বিকাশ শক্তিশালী কৰাৰ লগতে এক সজীৱ উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ পোষকতা কৰা। নবীকৰণযোগ্য শক্তি আৰু জলবায়ু কাৰ্যৰ পদক্ষেপত সহযোগিতাৰ জৰিয়তেও ভাৰতে নৰ্ডিক বিশেষজ্ঞতা আৰু প্ৰযুক্তি হস্তান্তৰৰ দ্বাৰা লাভান্বিত হ’ব পাৰে। ২০২৬ চনৰ ১৯ ​​মে’ত অছলোত অনুষ্ঠিত তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনে এই কৌশলগত অংশীদাৰিত্বক আৰু অধিক আগুৱাই লৈ যায়। এই সন্মিলনে বাণিজ্য, বিনিয়োগ, ডিজিটেল উদ্ভাৱন আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰে। দুয়োপক্ষই নীলা অৰ্থনীতি, সামুদ্ৰিক সহযোগিতা, এছ.টি.ই.এম. গৱেষণা, সহনশীল যোগান শৃংখল আৰু প্ৰতিৰক্ষা অংশীদাৰিত্বৰ ক্ষেত্ৰতো সহযোগিতা সম্প্ৰসাৰণ কৰে। ভাৰতে অৰ্থনৈতিক অংশীদাৰিত্বৰ উপৰিও কূটনীতিৰ নৰম শক্তি সঁজুলিৰ জৰিয়তে নৰ্ডিক দেশসমূহক জড়িত কৰে।

ভাৰতৰ আৰ্কটিক নীতি

ভাৰতৰ আৰ্কটিক নীতিৰ এক অপৰিহাৰ্য উপাদান হৈছে নৰ্ডিক ৰাষ্ট্ৰসমূহৰ সৈতে মিত্ৰতা। আৰ্কটিকৰ জলবায়ু পৰিৱৰ্তনে বিশেষকৈ আৰ্কটিক বৰফ গলি যোৱাৰ ফলত বাৰিষাকে ধৰি বতৰৰ পৰিস্থিতি আৰু বৰষুণৰ ধৰণত বিপুল প্ৰভাৱ পৰিব পাৰে। এই পৰিৱৰ্তনসমূহে ভাৰতৰ অৰ্থনৈতিক, খাদ্য আৰু জল সুৰক্ষা আৰু ১৩০০ৰো অধিক দ্বীপ ভূ-খণ্ড আৰু সামুদ্ৰিক বৈশিষ্ট্যৰ বহনক্ষমতাৰ বাবে অত্যন্ত ব্যাঘাতকাৰী হ’ব পাৰে।

‘ভাৰত আৰু আৰ্কটিক: বহনক্ষম উন্নয়নৰ বাবে অংশীদাৰিত্ব গঢ়ি তোলা’ শীৰ্ষক ভাৰতৰ আৰ্কটিক নীতি ছটা স্তম্ভক কেন্দ্ৰ কৰি গঠন কৰা হৈছে:

  • ভাৰতৰ বৈজ্ঞানিক গৱেষণা আৰু সহযোগিতা শক্তিশালী কৰা
  • জলবায়ু আৰু পৰিৱেশ সুৰক্ষা
  • অৰ্থনৈতিক আৰু মানৱ উন্নয়ন
  • পৰিবহণ আৰু সংযোগ,
  • শাসন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা
  • আৰু আৰ্কটিক অঞ্চলত ৰাষ্ট্ৰীয় সামৰ্থ বিকাশ

 

নৰ্ডিক দেশসমূহৰ সৈতে ভাৰতৰ বিৱৰ্তনশীল সংযোগ

নৰ্ডিক অঞ্চলৰ সৈতে ভাৰতৰ সংযোগ পৰম্পৰাগত কূটনীতিৰ বাহিৰেও ভৱিষ্যতমুখী কৌশলগত অংশীদাৰিত্বলৈ বিকশিত হৈছে। সেউজ বৃদ্ধি, স্বচ্ছ প্ৰযুক্তি, উদ্ভাৱন আৰু বহনক্ষম উন্নয়নৰ ভাগ-বতৰা কৰা অগ্ৰাধিকাৰসমূহে এই পৰিৱৰ্তনক আগুৱাই লৈ গৈছে। নৰ্ডিক দেশসমূহে উন্নত প্ৰযুক্তিগত বিশেষজ্ঞতা আনে। আনহাতে ভাৰতে স্কেল, বজাৰ, প্ৰতিভা, আৰু উৎপাদন ক্ষমতা প্ৰদান কৰে। একেলগে এই অংশীদাৰিত্ব ভাৰতৰ সেউজ পৰিৱৰ্তন, ডিজিটেল সম্প্ৰসাৰণ, আৰ্কটিক সংযোগ, আৰু সহনশীল অৰ্থনৈতিক বৃদ্ধিৰ কৌশলৰ এক মূল স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে।

 

ডেনমাৰ্ক:

  • ভাৰত আৰু ডেনমাৰ্কৰ মাজত ২০২৫ চনত সামগ্ৰীৰ দ্বিপাক্ষিক বাণিজ্য আছিল ২.০৫ বিলিয়ন মাৰ্কিন ডলাৰ।
  • ডেনমাৰ্কলৈ ভাৰতৰ সামগ্ৰীৰ ৰপ্তানিৰ মূল্য ১.০৬ বিলিয়ন মাৰ্কিন ডলাৰ আৰু একে বছৰতে আমদানিৰ মূল্য ০.৯৮ বিলিয়ন মাৰ্কিন ডলাৰ। সেৱাৰ দ্বিপাক্ষিক বাণিজ্য ৪.২৫ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হয়; ভাৰতৰ পৰা ৰপ্তানি ২০২৫ চনত ১.৯ বিলিয়ন মাৰ্কিন ডলাৰ আৰু আমদানি ২.৩ বিলিয়ন মাৰ্কিন ডলাৰ হয়।
  • ডেনমাৰ্কত ভাৰতীয় বিনিয়োগৰ মুঠ মূল্য প্ৰায় ৫৬ কোটি মাৰ্কিন ডলাৰ।
  • ডেনমাৰ্কত আই.টি., নবীকৰণযোগ্য শক্তি আৰু অভিযান্ত্ৰিকতাকে ধৰি বিভিন্ন খণ্ডত প্ৰায় ৪০টা ভাৰতীয় কোম্পানী আছে। প্ৰায় ২০০ টা ডেনিছ কোম্পানীয়ে ভাৰতত জাহাজ, নবীকৰণযোগ্য শক্তি, পৰিৱেশ, কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু স্মাৰ্ট নগৰ উন্নয়ন আদি খণ্ডত বিনিয়োগ কৰিছে।
  • ২০২৪ চনলৈকে ডেনমাৰ্কৰ পৰা ভাৰতলৈ প্ৰত্যক্ষ বিনিয়োগৰ সঞ্চিত প্ৰবাহ আছিল ১.৪১৩ বিলিয়ন মাৰ্কিন ডলাৰ।
  • “সাংস্কৃতিক বিনিময় কাৰ্যসূচী (২০২২)” আৰু “ভাৰত আৰু ডেনমাৰ্কৰ পৰা ৰজত ধন-সম্পদ ” প্ৰদৰ্শনীৰ দৰে পদক্ষেপৰ জৰিয়তে ভাৰত আৰু ডেনমাৰ্কে সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰে
  • ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সময়ত ডাঙৰ ডাঙৰ সাংস্কৃতিক প্ৰচাৰ কাৰ্যসূচীসমূহৰ ভিতৰত আছিল পতাকা উত্তোলন, উৎসৱ, বিদ্যালয়ৰ কাৰ্যসূচী, ক্ৰীড়া কৰ্মশালা আৰু সমগ্ৰ ডেনমাৰ্কত প্ৰবাসীসকলৰ ব্যাপক অংশগ্ৰহণে নৰম শক্তিৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে।
  • আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসো সমগ্ৰ ডেনিছ চহৰসমূহত ব্যাপকভাৱে উদযাপন কৰা হয় য’ত বৃহৎ পৰিসৰৰ অংশগ্ৰহণ আৰু কোপেনহেগেনত “সকলোৰে বাবে যোগ দৰে ফ্লেগশ্বিপ অনুষ্ঠান অনুষ্ঠিত হয়
  • ডেনমাৰ্কৰ প্ৰায় ২১,০০০ জনীয়া ভাৰতীয় সম্প্ৰদায়ে বৃত্তিসমূহৰ মাজেৰে সক্ৰিয়ভাৱে অৰিহণা যোগাই আছে। আৰহাছৰ আৰহাছ বিশ্ববিদ্যালয়ৰ ওচৰৰ গান্ধী প্লেনে (গান্ধী উদ্যান), ইণ্ডিয়াকাজ (ভাৰতৰ নামেৰে নামাকৰণ কৰা পথ) আৰু নেহৰু ৰোডৰ দৰে ৰাজহুৱা স্থানসমূহে দুয়োখন দেশৰ মাজত থকা শক্তিশালী জনসাধাৰণ আৰু সাংস্কৃতিক সম্পৰ্কৰ প্ৰতীক।
  • ২০২৬ চনত ভাৰত আৰু ডেনমাৰ্কৰ নেতাসকলে গতিশীলতা শক্তিশালী কৰা, অংশীদাৰিত্ব আৰু জনসাধাৰণৰ মাজত বিনিময় সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে।

 

ফিনলেণ্ড:

  • ২০২৪-২৫ চনত ফিনলেণ্ডৰ সৈতে সামগ্ৰীৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ১.০১৭ বিলিয়ন মাৰ্কিন ডলাৰ। একে বছৰতে ফিনলেণ্ডলৈ ভাৰতৰ ৰপ্তানিৰ মূল্য আছিল ৩৫৬.৩৭ মিলিয়ন মাৰ্কিন ডলাৰ আৰু আমদানিৰ মূল্য আছিল ৬৬০.৭০ মিলিয়ন মাৰ্কিন ডলাৰ।
  • ২০২৫ চনত সেৱাৰ দ্বিপাক্ষিক বাণিজ্য আছিল ১.৯ বিলিয়ন মাৰ্কিন ডলাৰ। ভাৰতৰ পৰা ফিনলেণ্ডলৈ বিনিয়োগৰ প্ৰবাহ বিলিয়ন মাৰ্কিন ডলাৰৰ ওপৰত, যিটো কেইবাটাও উল্লেখযোগ্য অধিগ্ৰহণ আৰু অংশীদাৰিত্বৰ দ্বাৰা পৰিচালিত। ভাৰতত ১০০ টাতকৈও অধিক ফিনলেণ্ড কোম্পানীয়ে কাম কৰি আছে। ভাৰতত ফিনলেণ্ডৰ বিনিয়োগ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে।
  • ভাৰতৰ দূতাবাসৰ সহায়ত ভাৰতীয় সংস্কৃতিৰ দৃশ্যমানতা শক্তিশালী, যোগ কেন্দ্ৰ, পৰিবেশন কলা, ভাৰতীয় নৃত্য বিদ্যালয় আৰু সাংস্কৃতিক সংস্থাসমূহে ফিনলেণ্ডত সংগীত, নৃত্য আৰু উৎসৱৰ নিয়মীয়া অনুষ্ঠানৰ প্ৰচাৰ কৰে। দূতাবাসে ‘তেৰভে-নমস্তে’ ছিৰিজৰ অধীনত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে নিয়মীয়াকৈ মত বিনিময় কৰে।
  • আই.টি. খণ্ডত শক্তিশালী উপস্থিতি আৰু প্ৰায় ২,৪০০ ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাত নিয়োজনেৰে ফিনলেণ্ডত ভাৰতীয় সম্প্ৰদায়ৰ সংখ্যা প্ৰায় ৩৩,০০০।
  • ই-ভিছাৰ সুবিধা তথা হেলচিংকি আৰু নতুন দিল্লীৰ মাজত প্ৰত্যক্ষ বিমান সেৱাৰ দ্বাৰা সমৰ্থনেৰে গোৱা, কেৰালা, আৰু সোণালী মন্দিৰৰ দৰে গন্তব্যস্থানলৈ ফিনলেণ্ডৰ পৰ্যটকসকলে ক্ৰমান্বয়ে ভ্ৰমণ কৰিছে। ইয়াৰ ফলত দুয়ো দেশৰ মাজত পৰ্যটন আৰু ভ্ৰমণৰ সংযোগ বৃদ্ধি পাইছে।
  • ২০২৬ চনত ভাৰত আৰু ফিনলেণ্ডে ইয়াৰ প্ৰযুক্তি আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰত ভাৰতীয় পেছাদাৰীসকলৰ উল্লেখযোগ্য অৱদানক স্বীকাৰ কৰে।

 

আইচলেণ্ড:

  • ২০২৪-২৫ চনত আইচলেণ্ডৰ সৈতে দ্বি-পাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ৭৭.০৬ মিলিয়ন মাৰ্কিন ডলাৰ।
  • একে বছৰতে আইচলেণ্ডলৈ ভাৰতৰ ৰপ্তানিৰ মূল্য আছিল ৬৬.০১ মিলিয়ন মাৰ্কিন ডলাৰ আৰু আমদানিৰ মূল্য ১১.০৫ মিলিয়ন মাৰ্কিন ডলাৰ।
  • আইচলেণ্ডত বিশেষকৈ যোগাসন, শাস্ত্ৰীয় সংগীত, নৃত্য, চিত্ৰকলা, ছবি আৰু খাদ্যৰ ক্ষেত্ৰত ভাৰতীয় সংস্কৃতি জনপ্ৰিয়। আইচলেণ্ডত প্ৰায় ৬০০ ভাৰতীয় নাগৰিক আছে।
  • ২০২৬ চনত ভাৰত আৰু আইচলেণ্ডে সহযোগিতাৰ পৰ্যালোচনা কৰি জনসাধাৰণৰ মাজত যোগাযোগ শক্তিশালী কৰা, সাংস্কৃতিক আৰু পৰ্যটনৰ বিনিময় সম্প্ৰসাৰণ আৰু আৰ্কটিক গৱেষণাত সহযোগিতা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে।

ন’ৰৱে:

  • ২০২৪-২৫ চনত ভাৰত আৰু ন’ৰৱেৰ মাজত দ্বিপাক্ষিক বাণিজ্য আছিল ১.০৫ বিলিয়ন মাৰ্কিন ডলাৰ।
  • ভাৰতে একে সময়ছোৱাত ৬৩ কোটি মাৰ্কিন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰাৰ লগতে ৪২ কোটি মাৰ্কিন ডলাৰৰ সামগ্ৰী আমদানি কৰিছিল।
  • সেৱাৰ ব্যৱসায় প্ৰায় বিলিয়ন মাৰ্কিন ডলাৰ হৈছে।
  • ন’ৰৱেৰ চৰকাৰী পেঞ্চন ফাণ্ড গ্ল’বেল (জি.পি.এফ.জি.)-এ ভাৰতীয় মূলধনী বজাৰত প্ৰায় ২৮ বিলিয়ন মাৰ্কিন ডলাৰ (২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে) বিনিয়োগ কৰিছে
  • ইয়াৰ উপৰিও ২০০০ চনৰ এপ্ৰিল মাহৰ ভিতৰত ২০২৫ চনৰ ছেপ্টেম্বৰলৈকে ন’ৰৱেৰ পৰা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ আছিল ৭৬৪ মিলিয়ন মাৰ্কিন ডলাৰ।
  • ভাৰত আৰু ন’ৰৱেই প্ৰায় ৩০ হাজাৰ লোকৰ ভাৰতীয় সম্প্ৰদায়ৰ জৰিয়তে ঘনিষ্ঠ সম্পৰ্ক ভাগ কৰে।
  • ভাৰতীয় ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু ৪০ টাতকৈও অধিক ভাৰতীয় সংঘই ন’ৰৱেৰ সাংস্কৃতিক আৰু সামাজিক জীৱনত সক্ৰিয়ভাৱে অৰিহণা যোগায়।
  • টাৰবাণ্ডেজেন আৰু অস্লো ৰং উৎসৱৰ দৰে অনুষ্ঠানে ন’ৰৱেত ভাৰতীয় সংস্কৃতি আৰু কোমল শক্তিৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰতিফলিত কৰে।

 

ছুইডেন:

  • ২০২৪ চনত ভাৰত আৰু ছুইডেনৰ মাজত দ্বিপাক্ষিক বাণিজ্য আছিল ৬.৯৬ বিলিয়ন মাৰ্কিন ডলাৰ।
  • ২০০০ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ডিচেম্বৰলৈকে ছুইডেনৰ পৰা এফ.ডি.আই. ইকুইটিৰ সঞ্চিত প্ৰবাহ আছিল ২.৫৯৬ বিলিয়ন মাৰ্কিন ডলাৰ।
  • ভাৰতত প্ৰায় ২৮০টা ছুইডেনৰ কোম্পানীয়ে ব্যৱসায়িক উপস্থিতি লাভ কৰাৰ বিপৰীতে ২০২৪ চনত ব্যৱসায়িক উপস্থিতি থকা ভাৰতীয় কোম্পানীসমূহৰ সংখ্যা ৭৫টালৈ বৃদ্ধি পাইছে।
  • ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্য, যোগ, আয়ুৰ্বেদ, ভাৰতীয় উৎসৱ আৰু চিনেমাৰ দৰে ভাৰতীয় সাংস্কৃতিক পৰম্পৰা ছুইডেনত বহুলভাৱে প্ৰশংসা কৰা হয়।
  • ছুইডেনৰ সমগ্ৰ চহৰসমূহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰাটোৱে ভাৰতৰ ক্ৰমবৰ্ধমান সাংস্কৃতিক প্ৰভাৱৰ প্ৰতিফলন ঘটায়।
  • বাৰ্ষিক সাংস্কৃতিক উৎসৱ নমস্তে ষ্টকহৰ দ্বাৰা হাজাৰ হাজাৰ দৰ্শনাৰ্থী আকৰ্ষিত হয় আৰু ভাৰতীয় কলা আৰু আন্তঃসাংস্কৃতিক আদান-প্ৰদানৰ প্ৰচাৰ কৰে।
  • ভাৰত আৰু ছুইডেনৰ বিশ্ববিদ্যালয়ৰ মাজত সক্ৰিয় অংশীদাৰিত্ব আছে। উপ্ছালাত ইণ্ড’লজীৰ অধ্যয়ন প্ৰায় ২০০ বছৰ আগৰ যি ভাৰতীয় সভ্যতাৰ সৈতে গভীৰ বিদ্বানসকল জড়িত হোৱাটো দেখুৱাইছে।
  • ক্ৰীড়া আৰু চিনেমাইও দ্বিপাক্ষিক সম্পৰ্কত অৰিহণা যোগায়। ২০২১ চনত ভাৰতীয় মহিলা ফুটবল দলে ছুইডেন ভ্ৰমণ কৰিছিল, ২০২৪ চনত ভাৰতীয় ডেভিছ কাপৰ দল ভ্ৰমণ কৰিছিল। ছুইডেনৰ চলচ্চিত্ৰ নিৰ্মাতা লেভান আকিনে ২০২৪ চনত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আই.চি.এফ.টি.-ইউনেস্কো গান্ধী পদক লাভ কৰিছিল।
  • প্ৰায় ৮৮ হাজাৰ লোকৰ প্ৰবাসী ভাৰতীয়ই ভাৰতীয় সংস্কৃতি সংৰক্ষণ আৰু প্ৰসাৰত সহায়ক হোৱাকৈ মুখ্য ভূমিকা পালন কৰে।

ভাৰত আৰু নৰ্ডিক দেশসমূহে উদ্ভাৱন, বহনক্ষমতা, আৰু কৌশলগত আস্থাৰ দ্বাৰা গঠিত অংশীদাৰিত্ব গঢ়ি তুলিছে। এতিয়া এই সম্পৰ্ক স্বচ্ছ শক্তি, ডিজিটেল ৰূপান্তৰ, সহনশীল যোগান শৃংখল, গৱেষণা আৰু সামুদ্ৰিক সহযোগিতাৰ মাজেৰে বিস্তৃত। ভাৰতৰ পৰিসৰ আৰু প্ৰতিভাৰ সৈতে সংযুক্ত নৰ্ডিক বিশেষজ্ঞতাই দীৰ্ঘম্যাদী সহযোগিতাৰ বাবে শক্তিশালী সুযোগ সৃষ্টি কৰে। ক্ৰমবৰ্ধমান প্ৰতিষ্ঠানিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক সংযোগৰ লগে লগে এই অংশীদাৰিত্বই ক্ৰমান্বয়ে অন্তৰ্ভুক্ত, প্ৰযুক্তি-চালিত আৰু বহনক্ষম বিশ্ব সহযোগিতাৰ বাবে এক গুৰুত্বপূৰ্ণ আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে।

তৃতীয় নৰ্ডিক সন্মিলন: দীৰ্ঘম্যাদী কৌশলগত অংশীদাৰিত্বৰ দিশত ভৱিষ্যতৰ পদক্ষেপ

তৃতীয় নৰ্ডিক সন্মিলন ভাৰত আৰু নৰ্ডিক দেশসমূহৰ মাজত আলোচনাৰ সাক্ষী হৈছিল। যোৱা দশকৰ ভিতৰত দ্বি-পাক্ষিক বাণিজ্যৰ প্ৰবাহ চাৰিগুণ বৃদ্ধি, বিনিয়োগৰ প্ৰবাহ প্ৰায় ২০০ শতাংশ বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ওপৰত ইতিবাচক প্ৰভাৱ স্বীকাৰ কৰি ভাৰত আৰু নৰ্ডিক দেশসমূহে নিজৰ সম্পৰ্কক সেউজ প্ৰযুক্তি আৰু উদ্ভাৱন কৌশলগত অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰিবলৈ সন্মত হৈছে। এই পদক্ষেপৰ অধীনত ভাৰতে কৰা পৰিকল্পনাসমূহ এনেধৰণৰ-

  • আইচলেণ্ডৰ সৈতে ভূতাপীয় শক্তি আৰু মীনপালনত সহযোগিতা কৰা
  • নীলা অৰ্থনীতি আৰু আৰ্কটিক সহযোগিতাত ন’ৰৱেৰ সৈতে অংশীদাৰিত্ব
  • সামুদ্ৰিক আৰু বহনক্ষমতা খণ্ডত নৰ্ডিক ৰাষ্ট্ৰসমূহৰ সৈতে জড়িত হোৱা

ইয়াৰ উপৰিও উন্নত উৎপাদন, প্ৰতিৰক্ষা, টেলিকম, ডিজিটেল প্ৰযুক্তি, চাইবাৰ সুৰক্ষা আৰু স্বাস্থ্য-প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱন আৰু আৰ্কটিক আৰু মেৰু গৱেষণাৰ ক্ষেত্ৰতো সহযোগিতা সম্পৰ্কে আলোচনা কৰা হয়। এই অংশীদাৰিত্বই ভাৰত আৰু নৰ্ডিক অঞ্চল উভয়তে অৰ্থনৈতিক সম্প্ৰসাৰণ, প্ৰযুক্তিগত উন্নতি আৰু নিয়োগ সৃষ্টিৰ সুযোগ সৃষ্টি কৰাৰ লগতে বহনক্ষম উন্নয়নক সমৰ্থন কৰে। দেশসমূহে বহুপক্ষীয় প্ৰতিষ্ঠানসমূহত জৰুৰী সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ স্থিতি পুনৰবাৰ উল্লেখ কৰে। শেহতীয়াকৈ ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ (ই.এফ.টি.এ.) বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি ( টি.ই.পি.এ.) ভাৰত-নৰ্ডিক সম্পৰ্কত “নতুন সোণালী যুগ”ৰ সূচনা কৰিব।

সন্মিলনৰ মূল ফলাফল

শীৰ্ষ সন্মিলনত ভাৰত আৰু নৰ্ডিক দেশসমূহে নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, ডিজিটেল উদ্ভাৱন, বহনক্ষম উৎপাদন, আৰু জলবায়ু কাৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি সেউজ প্ৰযুক্তি আৰু উদ্ভাৱন কৌশলগত অংশীদাৰিত্বলৈ নিজৰ সম্পৰ্ক উন্নীত কৰিবলৈ সন্মত হয় তেওঁলোকে বাণিজ্য, বিনিয়োগ, গৱেষণা সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখল, আৰু জনসাধাৰণৰ মাজত বিনিময় সম্প্ৰসাৰণ কৰাৰ লগতে নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতিও প্ৰকাশ কৰে

ফলাফল ১: ভাৰত–নৰ্ডিক সেউজ প্ৰযুক্তি আৰু উদ্ভাৱন কৌশলগত অংশীদাৰিত্ব

সেউজ প্ৰযুক্তি আৰু উদ্ভাৱন কৌশলগত অংশীদাৰিত্বই ভৱিষ্যতে বহনক্ষম প্ৰযুক্তিৰ ব্যৱহাৰ আৰু গ্ৰহণ, বহনক্ষম বৃদ্ধি আৰু পৰিচালনা, সম্পদৰ ব্যৱহাৰ অনুকূলন, আৰু উদ্ভাৱনৰ পথ প্ৰশস্ত কৰিব ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰিলে শাসন ব্যৱস্থা আৰু সেৱাৰ নিৰৱচ্ছিন্ন প্ৰদানত অধিক প্ৰভাৱ পৰিব ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু দেশৰ শক্তি সুৰক্ষাৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব ইয়াৰ উপৰিও সেউজ চাকৰিৰ সৃষ্টি কৰিব, শাসন ব্যৱস্থা শক্তিশালী কৰিব, আৰু নৰ্ডিক দেশসমূহৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ সংযোগ বৃদ্ধি কৰিব পানীৰ বহনক্ষম ব্যৱহাৰ, ইয়াৰ পুনঃব্যৱহাৰ আৰু উন্নত পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতাই জীৱনৰ মান বৃদ্ধি কৰিব আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক বৃদ্ধিত সহায় কৰিব সহযোগিতামূলক গৱেষণা আৰু শিক্ষাই ভাৰতীয় ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু অধ্যাপকসকলক অধিক পৰিচয় দিয়াৰ লগতে গৱেষণাৰ মানদণ্ডও বৃদ্ধি কৰিব

ফলাফল : ইণ্ডিয়া ই.এফ.টি.এ. টি.ই.পি.এ.: ভাৰত-নৰ্ডিক সম্পৰ্কৰ ওপৰত প্ৰভাৱ

ইণ্ডিয়া ই.এফ.টি.এ. টি.ই.পি.এ.ই বজাৰত প্ৰৱেশৰ উন্নতি, বাণিজ্যিক বাধা হ্ৰাস, বাণিজ্য আৰু বিনিয়োগৰ প্ৰবাহক উৎসাহিত কৰা আৰু মূল্য শৃংখল একত্ৰিত কৰাত সহায় কৰিব নৰ্ডিক দেশসমূহৰ সৈতে শক্তিশালী মিত্ৰতাৰ লগতে এফ.টি.এ.য়ে নিয়োগ সৃষ্টি, উদ্ভাৱন আৰু বহনক্ষম উন্নয়নত সহায় কৰিব

ফলাফল ৩: জলবায়ু কাৰ্যত পদক্ষেপ

জলবায়ু পৰিৱৰ্তনৰ স্থানত এই পদক্ষেপ, প্ৰশমনৰ ওপৰত কেন্দ্ৰিত এই ক্ষেত্ৰত সহযোগিতাই জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত সহায় কৰাই নহয়, সেউজ নিয়োগৰ সুযোগো সৃষ্টি কৰিব, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিব আৰু অধিক বিনিয়োগ আকৰ্ষণ কৰিব ফলত অধিক বহনক্ষম অৰ্থনীতি গঢ়ি তোলাত অৰিহণা যোগাব আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশত সহায় কৰিব

ফলাফল ৪: আৰ্কটিকত ভাৰত-নৰ্ডিক সহযোগিতা

এই সমবায় পদক্ষেপ ভাৰতৰ আৰ্কটিক নীতিৰ অংশ মেৰু গৱেষণাৰ সহযোগিতাই জলবায়ু ব্যৱস্থা, পৰিৱেশ সুৰক্ষা, বহনক্ষমতা আৰু দ্বীপসমূহৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলায় জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰা আৰু সুস্থিৰ আৰ্কটিক নিশ্চিত কৰাটো ভাৰতৰ বাৰিষাৰ আৰ্হি, পৰিৱেশৰ ভাৰসাম্য, বহনক্ষমতা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কৃষি উৎপাদনশীলতা সুৰক্ষিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ

ফলাফল ৫: এছ.টি.ই.এম. ক্ষেত্ৰত গৱেষণা সহযোগিতা

গৱেষণামূলক পদক্ষেপে নতুন নিয়োগৰ সুযোগ সৃষ্টি, গৱেষণা আৰু উন্নয়ন (আৰ.এণ্ড.ডি.) সম্প্ৰসাৰণ, প্ৰযুক্তি হস্তান্তৰৰ প্ৰসাৰ আৰু শৈক্ষিক সহযোগিতা আৰু গৱেষণাৰ মানদণ্ড শক্তিশালী কৰাত অৰিহণা যোগাব ৬জিকে ধৰি পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ প্ৰযুক্তিৰ ওপৰত গৱেষণা আগবঢ়াই নিয়াৰ ফলত ডিজিটেল অৰ্থনীতি আৰু অধিক উন্নীত আৰু দেশৰ ডিজিটেল আন্তঃগাঁথনিও উন্নত

ফলাফল ৬: নীলা অৰ্থনীতিত সহযোগিতা

শক্তিশালী নীলা অৰ্থনীতিত সহযোগিতাই অৰ্থনৈতিক বৃদ্ধি শক্তিশালী কৰাৰ লগতে বহনক্ষমতা নিশ্চিত কৰে, চাকৰি সৃষ্টি কৰে, বাণিজ্য বৃদ্ধি কৰে আৰু দীৰ্ঘম্যাদী পৰিৱেশ আৰু জলবায়ুৰ সহনশীলতাক সমৰ্থন কৰে নীলা অৰ্থনীতিয়ে সাগৰ আৰু সামুদ্ৰিক সম্পদৰ বহনক্ষম ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে নীলা অৰ্থনীতিত সহযোগিতাইও সাগৰীয় সম্পদৰ বহনক্ষম ব্যৱহাৰক প্ৰসাৰিত কৰি, সামুদ্ৰিক সংযোগ শক্তিশালী কৰি আৰু অংশীদাৰ দেশসমূহৰ মাজত আঞ্চলিক সামুদ্ৰিক সুৰক্ষা বৃদ্ধি কৰি এটা সুস্থিৰ আৰু সুৰক্ষিত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাত অৰিহণা যোগায়

ফলাফল ৭: প্ৰতিভাৰ গতিশীলতা

গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাই ভাৰতীয় ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক নতুন দৃষ্টিভংগী আৰু বিশ্বব্যাপী শিক্ষণ পৰিৱেশৰ সৈতে অধিক পৰিচিতিৰ সুবিধা প্ৰদান কৰিব গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিয়ে গৱেষণাৰ উৎপাদনৰ মানদণ্ড আৰু পৰিমাণো বৃদ্ধি কৰিব ইয়াৰ উপৰিও দক্ষতা বৃদ্ধি, অৰ্থনৈতিক বিকাশ বৃদ্ধি, উদ্ভাৱন আৰু ব্যৱসায় আৰু ষ্টাৰ্ট-আপক উৎসাহিত কৰাত সহায় কৰিব

ফলাফল ৮: প্ৰতিৰক্ষা উৎপাদনত সহযোগিতা

ভাৰতীয় প্ৰতিৰক্ষা ঔদ্যোগিক খণ্ডত ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দি প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাৰ বিকাশে প্ৰযুক্তি হস্তান্তৰ, গৱেষণা আৰু উদ্ভাৱনত সহায় কৰিব, ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন বৃদ্ধি কৰিব, অধিক নিয়োগ সৃষ্টি কৰিব, ৰপ্তানি বৃদ্ধি কৰিব আৰু প্ৰতিৰক্ষা উৎপাদনৰ দক্ষতা বৃদ্ধি কৰিব তদুপৰি প্ৰতিৰক্ষাৰ প্ৰস্তুতি শক্তিশালী কৰাত সহায় কৰিব

শক্তিশালী ভাৰত–নৰ্ডিক অংশীদাৰিত্বৰ দিশত

ভাৰত আৰু নৰ্ডিক দেশসমূহৰ মাজৰ সম্পৰ্ক ক্ৰমাগতভাৱে বিকশিত আৰু শক্তিশালী হৈছে। যোৱা কিছু বছৰত কেইবাটাও দ্বিপাক্ষিক পদক্ষেপৰ জৰিয়তে ইয়াক শক্তিশালী কৰা হৈছে। শীৰ্ষ সন্মিলনৰ ফলাফলৰ লক্ষ্য হৈছে এই অংশীদাৰিত্বক সেউজ প্ৰযুক্তি আৰু উদ্ভাৱন কৌশলগত অংশীদাৰিত্বলৈ অধিক উন্নীত কৰা। দীৰ্ঘম্যাদী শক্তি অংশীদাৰিত্ব, জলবায়ু পৰিৱৰ্তন প্ৰশমন, বাণিজ্য আৰু বিনিয়োগৰ সংযোগ, ডিজিটেল উদ্ভাৱন, নীলা অৰ্থনীতি, সামুদ্ৰিক সহযোগিতা, এছটিইএম সহযোগিতা, আৰু প্ৰতিৰক্ষা আদি ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ বাবে শীৰ্ষ সন্মিলনে এক শক্তিশালী প্ৰেৰণা যোগাইছে। এই ক্ৰমবৰ্ধমান সংযোগক ভাৰত–ইএফটিএ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টিইপিএ)ৰ দ্বাৰা আৰু অধিক শক্তিশালী কৰা হৈছে, যিয়ে ভাৰত আৰু নৰ্ডিক অঞ্চলৰ মাজত দুমুখীয়া অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি কৰাৰ লগতে বহনক্ষম অৰ্থনৈতিক উন্নয়নকো প্ৰসাৰিত কৰাৰ আশা কৰা হৈছে। অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ পদক্ষেপৰ উপৰিও কোমল শক্তিৰ পদ্ধতিয়ে সম্পৰ্ক গভীৰ আৰু শক্তিশালী কৰাত আৰু অধিক সহায় কৰিছে।

তথ্যসূত্ৰসমূহ-

     ১. বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

২. প্ৰেছ ইনফৰমেশ্যন ব্যুৰো

৩. পৃথিৱী ভূ-মন্ত্ৰালয়

  • https://www.moes.gov.in/static/uploads/2025/07/23b232e6d6a8a7d2f1d9b187a2855330.pdf

       ৪. ডি ডি নিউজ

 

PDF ত চাওক

***

পি.আই.বি. গৱেষণা

(Explainer ID: 158693) आगंतुक पटल : 16
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Bengali , Gujarati , Kannada