• Sitemap
  • Advance Search
Industries

আত্মনিৰ্ভৰশীলতাৰ দিশলৈ অগ্ৰসৰ ভাৰতৰ তীখা খণ্ড

তীখাৰ মূল্য শৃংখলত ঘৰুৱা ক্ষমতা বৃদ্ধি

Posted On: 05 MAY 2026 3:51PM

ভাৰতৰ তীখা খণ্ডই এটা গুৰুত্বপূৰ্ণ উদীয়মান খণ্ড হিচাপে অবিৰত বৃদ্ধি দেখুৱাইছে। ২০১৮ চনত ভাৰতে বিশ্বৰ দ্বিতীয় বৃহত্তম তীখা উৎপাদক দেশ হিচাপে আত্মপ্ৰকাশ কৰে, যি স্থান এতিয়াও অক্ষুণ্ণ আছে। যোৱা ১২ বছৰত তীখাৰ ব্যৱহাৰ দুগুণতকৈও অধিক বৃদ্ধি পাইছে। চাহিদা বৃদ্ধিৰ লগে লগে ৰপ্তানি বৃদ্ধি পাইছে আৰু আমদানি হ্ৰাস পাইছে, যাৰ ফলত আত্মনিৰ্ভৰশীলতা শক্তিশালী হৈছে। এই অগ্ৰগতিৰ সহায়ৰ বাবে চৰকাৰে কেঁচামালৰ উপলব্ধতা নিশ্চিত কৰিছে, উৎপাদন ব্যয় হ্ৰাস কৰা হৈছে। ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুবিধাও বৃদ্ধি কৰা হৈছে। প্ৰডাকচন লিংকড ইনচেন্টিভ (পি.এল.আই.) আঁচনিৰ জৰিয়তে ২৩,০২২ কোটি টকাৰ বিনিয়োগে বিশেষ তীখা উৎপাদন আৰু কৰ্মসংস্থাপনত সহায় কৰিছে। ইয়াৰ ফলত ২৪ লাখ টন উৎপাদন হৈছে আৰু ১৩ হাজাৰৰো অধিক চাকৰিৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় তীখা নীতিৰ উৎপাদন লক্ষ্যৰ প্ৰায় ৬৬ শতাংশ লাভ কৰা হৈছে। ভৱিষ্যতে সেউজ তীখা উৎপাদনৰ জৰিয়তে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস পাব। এই পদক্ষেপৰ লক্ষ্য হৈছে কাৰ্বন নিৰ্গমন হ্ৰাস কৰা। ২০৭০ চনৰ ভিতৰত নিকা শূন্য নিৰ্গমন লাভ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

তীখা খণ্ডত অগ্ৰগতি

তীখা খণ্ড ভাৰতৰ অৰ্থনৈতিক বিকাশৰ এক প্ৰধান স্তম্ভ। এই খণ্ডটোৱে ঘৰুৱা সামৰ্থ সম্প্ৰসাৰণৰ দিশত ক্ৰমাগতভাৱে আগবাঢ়িছে। ২০১৪ চনত বিশ্বৰ মুঠ খাৰুৱা তীখা উৎপাদনত ভাৰতৰ অংশ আছিল ৫.২ শতাংশ।২০২৪ চনত ই ৭.৯ শতাংশলৈ বৃদ্ধি পাইছে।ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ভাৰতৰ প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী হৈছে। বিশ্ব তীখা সংস্থাৰ তথ্য অনুসৰি সম্পূৰ্ণ তীখাৰ দ্বিতীয় বৃহত্তম গ্ৰাহক ভাৰত। ২০১৪-১৫ চনত সম্পূৰ্ণ তীখাৰ ব্যৱহাৰ আছিল ৭.৭ কোটি টন। ২০২৫-২৬ চনত ১৬.৩৭ মিলিয়ন টনলৈ বৃদ্ধি পাইছে।

আন্তঃগাঁথনি নিৰ্মাণ, নগৰীকৰণ আৰু উৎপাদন বৃদ্ধিৰ বাবে এই চাহিদা বৃদ্ধি পোৱাৰ লগতে ঘৰুৱা বজাৰত সামঞ্জস্যপূৰ্ণ চাহিদাইও ইয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

আত্মনিৰ্ভৰশীলতাৰ পথত

স্বাৱলম্বী ভাৰতৰ লক্ষ্য মনত ৰাখি বিদেশী উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা হৈছে। এটা শক্তিশালী ঘৰুৱা তীখা আন্তঃগাঁথনিয়ে নতুন ব্যৱসায়িক সুযোগৰ সৃষ্টি কৰিব। ঔদ্যোগিক উন্নয়ন ত্বৰান্বিত হ’ব। আন্তঃগাঁথনি নিৰ্মাণেও গতি লাভ কৰিব। ভাৰতে ২০৪৭ চনৰ ভিতৰত ৫০ কোটি টন তীখা উৎপাদন ক্ষমতা লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।একে সময়তে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাতো গুৰুত্ব দিয়া হৈছে।

উৎপাদনৰ শক্তিশালী অগ্ৰগতি

তীখা উৎপাদনত ধাৰাবাহিক বৃদ্ধি দেখা গৈছে। ২০২৫ চনৰ মাৰ্চৰ তুলনাত ২০২৬ চনৰ মাৰ্চ মাহত উৎপাদন ২.২ শতাংশ বৃদ্ধি পাইছে।২০২৫-২৬ বিত্তীয় বৰ্ষত মুঠ সূচকাংক ৯.১ শতাংশ বৃদ্ধি পাইছে। উৎপাদন আৰু চাহিদা দুয়োটাতে এক শক্তিশালী ভেটি আছে।

কেঁচা তীখা

আন তীখাৰ সামগ্ৰীৰ মূল উপাদান হৈছে খাৰুৱা তীখা। ২০০৪-০৫ চনত উৎপাদন আছিল ৪৩.৪৪ মিলিয়ন টন। ২০১৪-১৫ চনত ই ৮৮.৯৮ মিলিয়ন টনলৈ বৃদ্ধি পাইছে। ২০২৫-২৬ চনত উৎপাদন ১৬.৮৪ মিলিয়ন টন হয়। ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈকে বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ প্ৰায় ৯ শতাংশ। বিগত বৰ্ষৰ তুলনাত ২০২৫-২৬ বিত্তীয় বৰ্ষত উৎপাদন ১০.৭ শতাংশ বৃদ্ধি পাইছে।

গৰম ধাতু- গৰম ধাতু হৈছে ব্লাষ্ট ফাৰ্নেচত উৎপাদিত তৰল লোহা। ২০২৫-২৬ চনৰ এপ্ৰিল-ছেপ্টেম্বৰৰ ভিতৰত উৎপাদন ৭.৩ শতাংশ বৃদ্ধি পাইছে।

পিগ আইৰন- পিগ আইৰনৰ উৎপাদন ৬.৬ শতাংশ বৃদ্ধি পাইছে।

স্পঞ্জ আইৰন- স্পঞ্জ আইৰনৰ উৎপাদন ৯.১ শতাংশ বৃদ্ধি পাইছে।

এই তথ্যসমূহে তীখা উদ্যোগৰ বিভিন্ন খণ্ডত সামগ্ৰিক অগ্ৰগতিৰ ইংগিত দিয়ে।

ম্পূৰ্ণ তীখা

আধুনিক আন্তঃগাঁথনি আৰু উৎপাদনৰ এক মৌলিক উপাদান হৈছে সম্পূৰ্ণ তীখা। ২০২৫-২৬ বিত্তীয় বৰ্ষত উৎপাদন ১৬ কোটি ৯ লাখ টন আছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৯.৭ শতাংশ বৃদ্ধি। ৭.৬ শতাংশ বৃদ্ধিৰে সম্পূৰ্ণ তীখাৰ ব্যৱহাৰ ১৬.৩৭ মিলিয়ন টন হয় ।

ঘৰুৱা চাহিদাৰ অবিৰত শক্তিয়ে এই ধাৰাটোৰ ইংগিত দিয়ে।

তীখাৰ বাণিজ্যৰ ছবি

ভাৰতৰ তীখা ব্যৱসায়ত ইতিবাচক পৰিৱৰ্তন দেখা গৈছে। ঘৰুৱা উদ্যোগটো অধিক শক্তিশালী আৰু প্ৰতিযোগিতামূলক হৈ পৰিছে। যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ২০২৬ চনৰ মাৰ্চ মাহত তীখাৰ ৰপ্তানি ২৯.১ শতাংশ বৃদ্ধি পাইছে। একে সময়তে আমদানি ৯.৫ শতাংশ হ্ৰাস পাইছে। এই ধাৰাটোৱে ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধিৰ ইংগিত দিয়ে। বিদেশী যোগানৰ ওপৰত নিৰ্ভৰশীলতা কমিছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ভাৰতে এক নিৰ্ভৰযোগ্য তীখা যোগানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। ঘৰুৱা চাহিদা পূৰণৰ ক্ষমতাও বৃদ্ধি পাইছে। ভাৰতে লোহা আৰু তীখাৰ মিশ্ৰণৰ অন্যতম প্ৰধান ৰপ্তানিকাৰক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। তীখা আৰু আনুষংগিক সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিয়ে বৈদেশিক মুদ্ৰাৰ উপাৰ্জন বৃদ্ধি কৰিছে। ফলত বাণিজ্যিক ঘাটি হ্ৰাস কৰাত সহায় কৰিছে।

এই ধাৰাটোৱে স্বাৱলম্বী ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ এক সুস্থিৰ ঔদ্যোগিক গাঁথনি গঢ়ি তোলাত সহায়ক। ২০২৬ চনৰ মাৰ্চ মাহত সম্পূৰ্ণ তীখা ৰপ্তানিৰ প্ৰধান গন্তব্যস্থান আছিল ভিয়েটনাম, বেলজিয়াম আৰু টাইৱান। এই তিনিখন দেশ একেলগে মুঠ ৰপ্তানিৰ আধাতকৈও অধিক।
২০২৫-২৬ বিত্তীয় বৰ্ষত সম্পূৰ্ণ তীখাৰ ৰপ্তানি পূৰ্বৰ বছৰৰ তুলনাত ৩৫.৮০ শতাংশ বৃদ্ধি পাইছে। একে সময়ছোৱাত আমদানি ৪৬.৪৭ শতাংশ হ্ৰাস পাইছে।

তীখা খণ্ডত চৰকাৰী ব্যৱস্থা

তীখা খণ্ডত কেঁচামালৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ বৃদ্ধি কৰা হৈছে।
আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে উদ্যোগ লোৱা হৈছে। এই পদক্ষেপসমূহৰ ফলত উৎপাদন ব্যয় হ্ৰাস পাইছে। ইয়াৰ দ্বাৰা ঔদ্যোগিক খণ্ডৰ বৃদ্ধি ত্বৰান্বিত হৈছে আৰু
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ আৰু ক্ষুদ্ৰ তীখা উৎপাদকসকলেও লাভৱান হৈছে।

A diagram of steel production

প্ৰডাকচন লিংকড ইনচেন্টিভ (পি.এল.আই.)

প্ৰডাকচন লিংকড ইনচেন্টিভ (পি.এল.আই.) আঁচনি হৈছে এটা চৰকাৰী পদক্ষেপ। ইয়াৰ উদ্দেশ্য হৈছে অতিৰিক্ত বিক্ৰীৰ ভিত্তিত যোগ্য কোম্পানীসমূহক আৰ্থিক প্ৰৰোচনা প্ৰদান কৰি দেশৰ উৎপাদন ক্ষমতা শক্তিশালী কৰা। বিশেষ তীখা হৈছে তীখা উৎপাদনৰ মূল্য সংযোজিত তলৰ স্তৰৰ উৎপাদন। পি.এল.আই. আঁচনিৰ অন্তৰ্ভুক্ত ১৪টা খণ্ডৰ ভিতৰত ই অন্যতম। এই পদক্ষেপৰ লক্ষ্য হৈছে উচ্চ মূল্যৰ তীখাৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা। ২০২১ চনত আৰম্ভ হোৱা এই আঁচনিৰ মুঠ আবণ্টন হৈছে ৬,৩২২ কোটি টকা। এই পদক্ষেপে বাণিজ্যিক ভাৰসাম্য উন্নত কৰিব। ইয়াৰ দ্বাৰা ৰপ্তানিৰ পৰা উপাৰ্জন বৃদ্ধি পাব। একে সময়তে ই প্ৰযুক্তিগত বিকাশ আৰু মূল্য শৃংখলৰ ওপৰলৈ যোৱাৰ সুযোগ সৃষ্টি কৰিব। এই আঁচনিৰ অধীনত পাঁচ বছৰৰ বাবে নিৰ্দিষ্ট বিনিয়োগ আৰু উৎপাদনৰ লক্ষ্য পূৰণ কৰা কোম্পানীক প্ৰৰোচনা প্ৰদান কৰা হয়। এই সময়ছোৱা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ চনলৈকে। এই আঁচনিৰ ফলত ৰপ্তানি তিনিগুণতকৈও অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ২০২৩-২৪ চনৰ পৰা ২০২৯-৩০ চনলৈকে আমদানি প্ৰায় চাৰিগুণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

A map of india with namesAI-generated content may be incorrect.

বিনিয়োগ আৰু নিয়োগ

তীখা মন্ত্ৰালয়ে পি.এল.আই. ১.০ আৰু পি.এল.আই. ১.১ প্ৰকল্পত মুঠ ৪৪,১০৬ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। এই প্ৰকল্পসমূহে ৩৩,৪৬০ জন লোকৰ প্ৰত্যক্ষ কৰ্মসংস্থাপন সুনিশ্চিত কৰিব। উৎপাদন ১৪.৩৪ কোটি টন বৃদ্ধি পাব।

ডাঙৰ ডাঙৰ কৃতিত্ব

  • প্ৰায় ২৩,০২২ কোটি টকাৰ বিনিয়োগ কাৰ্যকৰী কৰা হৈছে।
  • মুঠ ২.৪ লাখ টন বিশেষ তীখা উৎপাদন কৰা হৈছে।
  • প্ৰায় ১৩,২৬৪ টা প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি হৈছে।
  • প্ৰায় ২৩৬ কোটি টকাৰ প্ৰৰোচনা বিতৰণ কৰা হৈছে।
  • মুঠ উৎপাদন ক্ষমতা ২৪ নিযুত টন বিশেষ তীখা প্ৰস্তুত কৰা হৈছে।
  • প্ৰায় ৬ হাজাৰ কোটি টকাৰ আমদানি প্ৰতিস্থাপন লাভ কৰা হৈছে।

পি.এল.আই. ১.২ পৰ্যায়

২০২৫ চনৰ নৱেম্বৰ মাহত ঘোষণা কৰা হৈছিল পি.এল.আই. ১.২।ইয়াৰ লক্ষ্য হৈছে উন্নত আৰু উদীয়মান তীখা সামগ্ৰীত বিনিয়োগ বৃদ্ধি কৰা।

এই পৰ্যায়ত চাৰিটা পণ্য শ্ৰেণীত মুঠ ৮৫টা আবেদন অন্তৰ্ভুক্ত কৰা হৈছিল:

  • কৌশলগত খণ্ডৰ বাবে ষ্টীল গ্ৰেড,
  • বাণিজ্যিক গ্ৰেড – শ্ৰেণী ১,
  • বাণিজ্যিক গ্ৰেড – শ্ৰেণী ২, আৰু
  • আৱৰণযুক্ত আৰু তাঁৰৰ সামগ্ৰী

এই আঁচনিখনে ২০২৫–২৬ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হোৱা পাঁচ বছৰৰ বাবে ৪%ৰ পৰা ১৫%লৈকে পি.এল.আই. মূলক হাৰ প্ৰদান কৰে । অৱশ্যে ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা পি.এল.আই. মূলক বিতৰণ আৰম্ভ হ’ব। শেহতীয়াকৈ চৰকাৰে পি.এল.আই. ১.২ৰ অধীনত ৫৫টা কোম্পানীৰে ৮৫টা বিশেষ তীখা প্ৰকল্পৰ বাবেও বুজাবুজিৰ চুক্তিপত্ৰ (এম.অ’.ইউ.) সম্পন্ন কৰিছে। প্ৰকল্পসমূহৰ ভিতৰত ১১,৮৮৭ কোটি টকাৰ বিনিয়োগ আৰু ~ ৮.২৯ মেট্ৰিক টনৰ প্ৰতিশ্ৰুতিবদ্ধ ক্ষমতা সংযোজন জড়িত হৈ আছে।

ঘৰুৱা উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া

ঘৰুৱা তীখা উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে নীতিভিত্তিক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে দীৰ্ঘম্যাদী স্থিতিশীলতা নিশ্চিত কৰা।

ঘৰুৱাভাৱে উৎপাদিত লোহা আৰু তীখা সামগ্ৰী নীতি (ডি.এম.আই. এণ্ড এছ.পি.):

২০২৫ চনৰ মে’ মাহত সংশোধন কৰা এই নীতিত চৰকাৰী ক্ৰয়ৰ ক্ষেত্ৰত ঘৰুৱা তীখাজাত সামগ্ৰীক অগ্ৰাধিকাৰ দিয়া হৈছে য’ত
নিৰ্দিষ্ট সামগ্ৰীৰ বাবে নূন্যতম ঘৰুৱা বিষয়বস্তুৰ মানদণ্ড নিৰ্ধাৰণ কৰা হৈছে।
কিছু মূলধনী সঁজুলি আমদানিৰ অনুমতি দি
ঘৰুৱা প্ৰযুক্তিৰ ব্যৱহাৰক উৎসাহিত কৰা হৈছে। লগতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে তথা
নিয়মীয়া নিৰীক্ষণ আৰু প্ৰতিক্ৰিয়া ব্যৱস্থাৰ জৰিয়তে স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰা হৈছে।

মেল্ট এণ্ড পউৰ নীতি

দেশত উৎপাদন বৃদ্ধিৰ বাবে প্ৰৱৰ্তন কৰা হৈছে ‘মেল্ট এণ্ড পউৰ’ নীতি। এই নিয়ম অনুসৰি তীখাৰ সমগ্ৰ উৎপাদন প্ৰক্ৰিয়া ভাৰতত সম্পূৰ্ণ কৰিব লাগিব। কেঁচা তীখা গলি পৰাৰ পৰা ঢালাইলৈকে সকলো পদক্ষেপ দেশৰ ভিতৰতে সম্পূৰ্ণ হ’ব। ইয়াৰ ফলত থলুৱা প্ৰযুক্তি ব্যৱহাৰৰ সুযোগ বৃদ্ধি পাব, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আৰু আত্মনিৰ্ভৰশীলতা শক্তিশালী হ’ব।

ৰাষ্ট্ৰীয় তীখা নীতি

ৰাষ্ট্ৰীয় তীখা নীতি ২০১৭ অনুসৰি ২০৩০-৩১ চনৰ ভিতৰত খাৰুৱা তীখা উৎপাদন ক্ষমতা ৩০ কোটি টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। ২৫৫ মিলিয়ন টন উৎপাদনৰ লক্ষ্য। প্ৰতিজন ব্যক্তিৰ সম্পূৰ্ণ তীখাৰ ব্যৱহাৰ ৬১ কেজিৰ পৰা ১৫৮ কেজিলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।
এই নীতিৰ লক্ষ্য হৈছে উচ্চমানৰ অটোম’বাইল, বিদ্যুৎ আৰু বিশেষ তীখাৰ ঘৰুৱা চাহিদা পূৰণ কৰা। ককিং কয়লা আমদানিৰ ওপৰত নিৰ্ভৰশীলতা ৮৫ শতাংশৰ পৰা ৬৫ শতাংশলৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে।

উন্নয়নৰ ছবি

২০২৫-২৬ বিত্তীয় বৰ্ষত খাৰুৱা তীখাৰ উৎপাদন ১৬.৮ কোটি টন হয়। ফলত ৰাষ্ট্ৰীয় তীখা নীতিৰ প্ৰায় ৬৬ শতাংশ লক্ষ্যত উপনীত হৈছে।

আন্তঃগাঁথনি প্ৰকল্প

২০২৩-২৪ বিত্তীয় বৰ্ষত নিৰ্মাণ আৰু আন্তঃগাঁথনি তীখাৰ চাহিদাৰ প্ৰধান চালক হৈয়েই আছিল, মুঠ ব্যৱহাৰৰ প্ৰায় ৬৮% ইফালে অভিযান্ত্ৰিক আৰু পেকেজিং খণ্ডই প্ৰায় ২২%, আৰু অটোমোবাইল উদ্যোগে প্ৰায় ৯% অৰিহণা যোগাইছিল।

আপুনি জানেনে?

দেশৰ প্ৰধান তীখা অঞ্চল কলিংনগৰ, আংগুল, ৰৌৰকেলা, ঝাৰছুগুডা, নগৰ, ভিলাই, ৰায়পুৰ, জামছেদপুৰ, বোকাৰো, দুৰ্গাপুৰ, কলকাতা আৰু বিশাখাপট্টনম আদি অঞ্চলত অৱস্থিত।

তীখা মণ্ডল চিনাক্তকৰণ :

১২টা প্ৰধান তীখা অঞ্চলত আন্তঃগাঁথনি আৰু লজিষ্টিক দ্ৰুতগতিত বিকশিত কৰা হৈছে।
ৰে’লপথ, পথ আৰু বন্দৰ সম্প্ৰসাৰণক অগ্ৰাধিকাৰ দিয়া হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে যানজঁট হ্ৰাস কৰা আৰু বহুমুখী সংযোগ গঢ়ি তোলা।

পি.এম. গতিশক্তি মাষ্টাৰপ্লেন (অক্টোবৰ ২০২১):

তীখা মন্ত্ৰালয়ে এই মঞ্চত ২১০০ৰো অধিক কাৰ্যকৰী তীখা ইউনিটৰ স্থানভিত্তিক তথ্য সংযোজন কৰিছে। উৎপাদন আৰু ক্ষমতাৰ তথ্য সংযোজন কৰি তথ্যভিত্তিক পৰিকল্পনা শক্তিশালী কৰা হৈছে।

আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰা

  • কেঁচামালৰ সুৰক্ষা শক্তিশালী, গুণগত মান উন্নত, প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।
  • ২০২৪-২৫ চনৰ বাজেটত ফেৰ’-নিকেল আৰু মলিবডিনাম অক্সাইডৰ ওপৰত মূল শুল্ক শূন্যলৈ হ্ৰাস কৰা হৈছে।
  • ঘৰুৱা স্ক্ৰেপৰ উপলব্ধতা বৃদ্ধিৰ বাবে ষ্টীল স্ক্ৰেপ পুনঃব্যৱহাৰ নীতি (২০১৯) নীতি ৰূপায়ণ কৰা হৈছে য’ত উচ্চমানৰ স্ক্ৰেপ উৎপাদন কৰি আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে।
  • তীখাৰ গুণগত নিয়ন্ত্ৰণৰ আদেশেৰে নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ আৰু আমদানি বন্ধ কৰা হৈছে। ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে ৭২৩টা সামগ্ৰীৰ বাবে ১৪৩টা গুণগত নিয়ন্ত্ৰণৰ অৰ্ডাৰ জাৰি কৰা হৈছে।
  • মিছন ককিং কয়লা (২০২৪)ৰ অধীনত ঘৰুৱা ককিং কয়লা উৎপাদন বৃদ্ধিৰে ২০২৯-৩০ বিত্তীয় বৰ্ষৰ বাবে ১৪ কোটি টন উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
  • ২০২৫ চনৰ এপ্ৰিল মাহত কিছুমান তীখাজাত সামগ্ৰীৰ ওপৰত ১২ শতাংশ সুৰক্ষা শুল্ক আৰোপ কৰা হৈছিল।
  • সৰল-চিমছ ব্যৱস্থা (নৱেম্বৰ ২০২৫)ৰ অধীনত আমদানি নিৰীক্ষণ শক্তিশালী কৰা হৈছে য’ত সহজ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰণ

প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিৰ সংস্কাৰৰ ফলত বিনিয়োগৰ প্ৰবাহ যথেষ্ট বৃদ্ধি পাইছে। ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই প্ৰবাহ ১২০ শতাংশ বৃদ্ধি পাইছে। উৎপাদন ক্ষেত্ৰত বিনিয়োগ ৬৯ শতাংশ বৃদ্ধি পাইছে। স্বয়ংক্ৰিয় পদ্ধতিৰে ১০০ শতাংশ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে। ২০০০ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ জুনলৈকে ধাতুবিদ্যা খণ্ডত ১,৬০,০০০ কোটি টকাৰ বিনিয়োগ আহিছে।ব্ৰিটেইন আৰু ইউৰোপীয় সংঘকে ধৰি কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তিয়ে বজাৰখন সম্প্ৰসাৰণত সহায় কৰিব।

তীখা খণ্ডত কাৰ্বন নিৰ্গমন হ্ৰাস কৰা

তীখা খণ্ডত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। হ্ৰস্বম্যাদীভাৱে ২০৩০ চনৰ ভিতৰত নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শক্তিৰ কাৰ্যক্ষমতা আৰু নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা হ’ব। মধ্যকালীনভাৱে গ্ৰীণ হাইড্ৰজেন আৰু কাৰ্বন কেপচাৰ আৰু সংৰক্ষণ প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা হ’ব। দীৰ্ঘম্যাদীভাৱে নতুন প্ৰযুক্তিৰ জৰিয়তে নিকা শূন্য নিৰ্গমন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২০২৪ চনত সেউজ তীখাৰ বাবে ৰাষ্ট্ৰীয় কাঠামো আৰম্ভ কৰা হৈছে।যদি প্ৰতি টন সম্পূৰ্ণ তীখাত ২.২ টনতকৈ কম কাৰ্বন নিৰ্গমন হয় তেন্তে ইয়াক সেউজ তীখা বুলি গণ্য কৰা হয়। ২০২৬ চনৰ ৩১ মাৰ্চলৈকে ৮৯টা ইউনিটে এই স্বীকৃতি লাভ কৰিছে য’ত মুঠ উৎপাদন ১২.৩৪ মিলিয়ন টন।

মূল লক্ষ্য

  • সেউজ তীখাৰ মানদণ্ড আৰু চৰকাৰী ক্ৰয়ৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ।
  • উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু স্ক্ৰেপৰ ব্যৱহাৰ বৃদ্ধি।
  • ২০৩০ চনৰ ভিতৰত ৪৫ শতাংশ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ।
  • হাইড্ৰজেন আৰু কাৰ্বন কেপচাৰ প্ৰযুক্তিৰ পৰীক্ষামূলক প্ৰয়োগ।
  • গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়া।
  • আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি।
  • কৰ্মশক্তিৰ দক্ষতা বিকাশ।

কম কাৰ্বনযুক্ত ষ্টীল উৎপাদনৰ বাবে চৰকাৰী পদক্ষেপ

২০২৬-২৭ বৰ্ষৰ বাজেটত কাৰ্বন ধৰা আৰু সংৰক্ষণ প্ৰযুক্তিৰ বাবে ৫ বছৰৰ ভিতৰত ২০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। ষ্টীল স্ক্ৰেপ পুনঃব্যৱহাৰ নীতিয়ে ঘৰুৱা স্ক্ৰেপৰ ব্যৱহাৰ বৃদ্ধি কৰিছে। ইয়াৰ ফলত শক্তিৰ ব্যৱহাৰ হ্ৰাস পাইছে। পানীৰ ব্যৱহাৰ ৪০ শতাংশ হ্ৰাস পাইছে। সেউজ গৃহ গেছৰ নিৰ্গমন ৫৮ শতাংশ হ্ৰাস পাইছে। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ১৪ টা টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনৰ অধীনত চাৰিটা প্ৰকল্প আৰম্ভ কৰা হৈছে। বাহন বাতিল নীতি, ৰাষ্ট্ৰীয় সৌৰ অভিযান আৰু শক্তি দক্ষতা কাৰ্যসূচীয়েও ফলপ্ৰসূ ভূমিকা পালন কৰিছে। তীখা উদ্যোগত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

কৃত্ৰিম বুদ্ধিমত্তা (এ.আই.)ৰ ব্যৱহাৰ

ষ্টীল পেভিলিয়নত এ.আই. এক নতুন পদক্ষেপ। ই সমস্যা আৰু সমাধানৰ সংযোগ ঘটায়। ই উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান আৰু প্ৰযুক্তি কোম্পানীসমূহক একত্ৰিত কৰে।
উৎপাদন, লজিষ্টিক, গুণগত নিয়ন্ত্ৰণ আৰু বিপণনৰ ক্ষেত্ৰত এ.আই.ৰ সহায়ত প্ৰকৃত সমস্যাৰ সমাধান সৃষ্টি কৰা হৈছে।
লগতে তীখাৰ মূল্য শৃংখলৰ প্ৰতিটো স্তৰতে প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা হৈছে।

ভৱিষ্যতৰ দিশ

ভাৰতৰ তীখা খণ্ড দ্ৰুতগতিত শক্তিশালী হৈছে। উৎপাদন ক্ষমতা, প্ৰতিযোগিতামূলক ক্ষমতা আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি পাইছে। কেঁচামালৰ সুৰক্ষা, আন্তঃগাঁথনি, গুণগত পি.এল.আই.য়ে এই অগ্ৰগতি ত্বৰান্বিত কৰিছে। বিশেষ তীখাৰ ৰপ্তানি আৰু উৎপাদন বৃদ্ধিয়ে দেশৰ আন্তঃৰাষ্ট্ৰীয় স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে। সেউজ তীখা আৰু কাৰ্বন নিৰ্গমন হ্ৰাসৰ বাবে এক স্পষ্ট পথ নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপসমূহে এক শক্তিশালী, ভৱিষ্যতমুখী আৰু স্থিতিস্থাপক তীখা ব্যৱস্থা গঢ়ি তুলিছে।

তথ্যসূত্ৰসমূহ

তীখা মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2039000

https://steel.gov.in/sites/default/files/PLI%20Steel%20Report_Final.pdf

https://steel.gov.in/sites/default/files/lu%204034.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2123294&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2192033&reg=3&lang=2

https://steel.gov.in/sites/default/files/2025-04/Steel_English_AR_2024%20%281%29.pdf

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2186206&reg=3&lang=2

https://sims.steel.gov.in/DMISP/About.aspx

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2083839

https://content.trade.gov.in/News_Letter/Issue+24_1_Ministry+of+Steel+Introduces+SARAL+SIMS+Facility+to+Simplify+Steel+Import+Registration.pdf

https://steel.gov.in/glossary-of-terms-definitions-commonly-used-in-iron-steel-industry

https://steel.gov.in/sites/default/files/2025-08/ru%202392_0.pdf

https://steel.gov.in/sites/default/files/2025-07/DMISP%2026.05.2025.pdf?utm

https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2186129&reg=3&lang=2

https://steel.gov.in/sites/default/files/2025-12/lu%20323.pdf

https://sansad.in/getFile/loksabhaquestions/annex/186/AU426_Dl4aU5.pdf?source=pqals

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2229764&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2225496&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1896882&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1738126&reg=3&lang=2

https://steel.gov.in/sites/default/files/2026-04/Monthly%20Economic%20Report-%20March%202026%20%285%29.pdf

https://steel.gov.in/sites/default/files/2025-04/Monthly%20Summary%20for%20March-2024.pdf

ৱৰ্ল্ড ষ্টীল এছ’চিয়েচন

https://worldsteel.org/data/world-steel-in-figures/world-steel-in-figures-2025/

https://worldsteel.org/about-steel/what-is-steel/

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2165093

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2192137

https://www.dpiit.gov.in/static/uploads/2025/06/3d9c9c2daeefb97bb9ce964370938b71.pdf

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2086347&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1945155&reg=3&lang=2

https://pmgatishakti.gov.in/pmgatishakti/faq

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2230777&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2243014&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2253812&reg=3&lang=2

 

নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2002034&reg=3&lang=2

যুটীয়া উদ্ভিদ সমিতি

https://jpcindiansteel.nic.in/writereaddata/files/Trend%20Report%20October%202025.pdf

বিত্ত মন্ত্ৰালয়

https://www.indiabudget.gov.in/economicsurvey/doc/echapter.pdf

https://www.indiabudget.gov.in/doc/budget_speech.pdf

আই.বি..এফ.

https://www.ibef.org/states/steel-presentation

কেবিনেট

https://www.pib.gov.in/newsite/PrintRelease.aspx?relid=161491

কয়লা মন্ত্ৰালয়

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2124513&reg=3&lang=2

নীতি আয়োগ

https://www.niti.gov.in/sites/default/files/2022-12/CCUS-Report.pdf

বিশ্ব অৰ্থনৈতিক মঞ্চ

https://www.weforum.org/stories/2022/07/green-steel-emissions-net-zero/

পিআইবিৰ মুখ্য কাৰ্যালয়

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=155082&ModuleId=3&reg=3&lang=2

pdf চাবলৈ ইয়াত ক্লিক কৰক

পিআইবি গৱেষণা

(Explainer ID: 158685) आगंतुक पटल : 132
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Tamil , Malayalam