• Sitemap
  • Advance Search
Energy & Environment

গ্ৰেট নিকোবৰ প্ৰকল্প

কৌশলগত গুৰুত্ব, বহনক্ষম উন্নয়ন

Posted On: 01 MAY 2026 9:21AM

গ্ৰেট নিকোবৰ প্ৰকল্প হৈছে এক অতি কৌশলগত পদক্ষেপ যিয়ে ভাৰতক দক্ষিণ-পূব এছিয়া আৰু আন্দামান সাগৰত এক শক্তিশালী অৰ্থনৈতিক আৰু সামুদ্ৰিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব। ইষ্ট-ৱেষ্ট আন্তঃৰাষ্ট্ৰীয় জাহাজ পথৰ অতি ওচৰত (মাত্ৰ ৪০ নটিকেল মাইল) অৱস্থিত এই প্ৰকল্পটোৱে কলম্বো বা ছিংগাপুৰৰ দৰে বিদেশী বন্দৰৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব। এই প্ৰকল্পৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল, গ্ৰীণফিল্ড বিমানবন্দৰ, বিদ্যুৎ কেন্দ্ৰ আৰু আধুনিক চহৰ। পৰিৱেশ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে স্থানীয় জনজাতি (শম্পেন আৰু নিকোবৰী)ৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ সমান্তৰালকৈ চৰকাৰে এই প্ৰকল্পটো ৰূপায়ণ কৰি আছে।

পাতনি

গ্ৰেট নিকোবৰ প্ৰকল্প হৈছে আন্দামান সাগৰ আৰু দক্ষিণ-পূব এছিয়াত ভাৰতৰ উপস্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে এক কৌশলগত প্ৰকল্প। প্ৰকল্পটোৱে বন্দৰ নেতৃত্বাধীন বৃদ্ধিৰ সৈতে মানাংকিত পৰিৱেশ সুৰক্ষা আৰু খিলঞ্জীয়া সম্প্ৰদায়ৰ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব বিচাৰে। গ্ৰেট নিকোবৰৰ উন্নয়ন বহনক্ষম, অন্তৰ্ভুক্তিমূলক আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে মিল থকাটো নিশ্চিত কৰিবলৈ প্ৰকল্পটোৱে কৌশলগত, অৰ্থনৈতিক আৰু পৰিৱেশগত অগ্ৰাধিকাৰসমূহৰ সংমিশ্ৰণ ঘটাইছে ।

মূল তথ্যসমূহ

কৌশলগত স্থান আন্তৰ্জাতিক জাহাজ পথৰ পৰা মাত্ৰ ৪০ নটিকেল মাইল।
মূল উপাদান ১৪.২ মিলিয়ন টি.ই.ইউ. ক্ষমতাসম্পন্ন কণ্টেইনাৰ টাৰ্মিনেল, আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, ৪৫০ এম.ভি.এ. মিশ্ৰিত শক্তি কেন্দ্ৰ আৰু ১৬,৬১০ হেক্টৰ টাউনশ্বিপ।
কাৰ্যকৰী পৰ্যায় প্ৰকল্পটো ২০২৫ চনৰ পৰা ২০৪৭ চনৰ ভিতৰত তিনিটা পৰ্যায়ত সম্পূৰ্ণ হ’ব।
পৰিৱেশ সুৰক্ষা দ্বীপটোৰ বনভূমিৰ মাত্ৰ ১.৮২%হে ব্যৱহাৰ কৰা হ’ব আৰু ক্ষতিপূৰণ হিচাপে হাৰিয়ানাত ৯৭.৩- বৰ্গ কিলোমিটাৰ মাটিত বনানীকৰণৰ পৰিকল্পনা কৰা হৈছে।
জনজাতি কল্যাণ শম্পেইন আৰু নিকোবৰ জনজাতিৰ উচ্ছেদ বা স্থানান্তৰ কৰা নহ'ব।

প্ৰকল্পটোৰ মূল আন্তঃগাঁথনি

১/ আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল (আই.চি.টি.টি):
ভাৰতত গভীৰ সাগৰীয় বন্দৰৰ অভাৱ দূৰ কৰিবলৈ ইয়াক গালাথিয়া উপসাগৰত নিৰ্মাণ কৰা হৈছে। মুঠ প্ৰাকৃতিক গভীৰতা ২০ মিটাৰৰ ওপৰত থকাৰ বাবে ইয়াত বিশ্বৰ বৃহত্তম জাহাজ ৰখাব পৰা যাব।

২/ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰঃ পৰ্যটন আৰু সংযোগ বৃদ্ধিৰ বাবে নিৰ্মাণ কৰা হৈছে। প্ৰতি বছৰে ১০ লাখ যাত্ৰী আৰু ভৱিষ্যতে এক কোটি যাত্ৰী চম্ভালিব পৰাৰ প্ৰাৰম্ভিক লক্ষ্য।
৩/ গেছ আৰু সৌৰ শক্তি কেন্দ্ৰ (৪৫০ এম.ভি.এ.): বৰ্তমান দ্বীপটোত ডিজেল জেনেৰেটৰ শক্তিৰ মূল উৎস। নতুন হাইব্ৰিড প্লাণ্টটোৱে নিৰৱচ্ছিন্ন আৰু পৰিৱেশ অনুকূল বিদ্যুৎ যোগান নিশ্চিত কৰিব।
৪/ টাউনশ্বিপ আৰু এলেকা উন্নয়নঃ বন্দৰ আৰু বিমানবন্দৰৰ সৈতে জড়িত পেছাদাৰী আৰু সেৱা প্ৰদানকাৰীৰ বাবে আধুনিক নগৰীয়া আৱাসিক আৰু বাণিজ্যিক এলেকা গঢ়ি তোলা হ’ব।

পৰিৱেশ আৰু সামাজিক সুৰক্ষা

এই প্ৰকল্পৰ বাবে চৰকাৰে ‘পৰিৱেশ ব্যৱস্থাপনা পৰিকল্পনা (ই.এম.পি.)’ গ্ৰহণ কৰিছে, যাতে উন্নয়নৰ সমান্তৰালকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা হয়।
বনানীকৰণঃ যিহেতু ইতিমধ্যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৭৫% তকৈ অধিক বনাঞ্চল আৱৰি আছে, সেয়েহে তাত নতুনকৈ বনানীকৰণ সম্ভৱ নহয়, গতিকে হাৰিয়ানাৰ ৯৭.৩০ বৰ্গ কিলোমিটাৰ মাটিত ক্ষতিপূৰণমূলক বনানীকৰণ কৰা হৈছে।
জনজাতি সুৰক্ষাঃ শম্পেইন নীতি (২০১৫) আৰু জাৰাৱা নীতি (২০০৪) মানি চলি জনজাতীয়সকলৰ সংস্কৃতি আৰু জীৱনশৈলী অক্ষুণ্ণ ৰখা হ’ব। জনজাতীয় সংৰক্ষিত এলেকাৰ নেট এলেকা ৩.৯১২ বৰ্গ কিলোমিটাৰ বৃদ্ধি কৰা হৈছে।
পৰ্যবেক্ষণ সমিতিঃ প্ৰদূষণ, জৈৱ বৈচিত্ৰ্য আৰু আদিবাসীসকলৰ কল্যাণৰ বাবে তিনিখন পৃথক স্বতন্ত্ৰ সমিতি গঠন কৰা হৈছে।

 

প্ৰণয়নৰ পৰ্যায়

গ্ৰেট নিকোবৰ প্ৰকল্প তিনিটা সুকীয়া পৰ্যায়ত ৰূপায়ণ কৰা হৈছে -

পৰ্যায়

সময়সীমা

এলেকা (বৰ্গ কিলোমিটাৰ)

১ম পৰ্যায়

২০২৫–২০৩৫

৭২.১২

২য় পৰ্যায়

২০৩৬–২০৪১

৪৫.২৭

৩য় পৰ্যায়

২০৪২–২০৪৭

৪৮.৭১

উপসংহাৰ

মহান নিকোবৰ প্ৰকল্প ভাৰতৰ নীলা অৰ্থনীতিৰ এক উজ্জ্বল নিদৰ্শন। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে সঠিক পৰিকল্পনা আৰু প্ৰযুক্তিৰ দ্বাৰা পৰিৱেশ আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰি বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা সম্ভৱ। এই প্ৰকল্পই ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাই নহয়, এই অঞ্চলটোক দক্ষিণ এছিয়াৰ এক বৃহৎ বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব।

 

তথ্যসূত্ৰসমূহ-
 

নীতি আয়োগ

প্ৰেছ ইনফৰমেশ্যন ব্যুৰো

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়

অন্যান্য:

pdf চাবলৈ ইয়াত ক্লিক কৰক

(Explainer ID: 158684) आगंतुक पटल : 105
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Nepali , Bengali , Punjabi , Gujarati , Gujarati , Odia , Tamil , Telugu , Kannada