Global Affairs
প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণ
শক্তি, প্ৰযুক্তি আৰু কৌশলগত সহযোগিতা বৃদ্ধি
Posted On:
21 MAY 2026 5:16PM
ভাৰত আৰু নেদাৰলেণ্ডে যোৱা কিছু বছৰত নিজৰ পাৰস্পৰিক সম্পৰ্ক যথেষ্ট সুদৃঢ় কৰি তুলিছে। দুয়োখন দেশৰ মাজৰ সহযোগিতা এতিয়া পৰম্পৰাগত খণ্ডৰ উৰ্ধত গৈ উদীয়মান আৰু কৌশলগত ক্ষেত্ৰসমূহলৈ সম্প্ৰসাৰিত হৈছে। ২০২৬ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেদাৰলণ্ডে ভ্ৰমণে ছেমিকণ্ডাক্টৰ, শক্তি সুৰক্ষা, স্বচ্ছ শক্তি, প্ৰযুক্তি, উদ্ভাৱন আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক ত্বৰান্বিত কৰে। এই ভ্ৰমণে বহনক্ষম বৃদ্ধি, অৰ্থনৈতিক সহনশীলতা আৰু ভৱিষ্যতৰ বাবে সাজু সহযোগিতাৰ প্ৰতি এক ভাগ-বতৰা প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। ইয়াৰ উপৰিও ই এক সুদৃঢ় আৰু দূৰদৰ্শী অংশীদাৰিত্বৰ দৃষ্টিভংগীক শক্তিশালী কৰে।
উদীয়মান বিশ্বব্যাপী ব্যৱস্থাত ভাৰত –নেদাৰলেণ্ডৰ সম্পৰ্কঃ
১৯৪৭ চনত ভাৰত-নেদাৰলেণ্ডৰ কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত এক শক্তিশালী আৰু সম্প্ৰসাৰিত অংশীদাৰিত্ব আছে। দশক দশক ধৰি বাণিজ্য, বিনিয়োগ, পানী, কৃষি, স্বাস্থ্য আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰিত হৈছে। উদীয়মান বিশ্বব্যাপী ব্যৱস্থাত নিয়মীয়া উচ্চ পৰ্যায়ৰ বিনিময়ে দ্বি-পাক্ষিক সংযোগ শক্তিশালী কৰিছে। গভীৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবেও গতিশীলতা সৃষ্টি কৰিছে। দুয়োখন দেশেই এতিয়া ছেমিকণ্ডাক্টৰ, নবীকৰণযোগ্য শক্তি, সামুদ্ৰিক প্ৰযুক্তি, প্ৰতিৰক্ষা, শিক্ষা আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। এই অংশীদাৰিত্বই বহনক্ষম উন্নয়ন, বিশ্বব্যাপী যোগান শৃংখলৰ সহন্শীলতা আৰু নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাকো সমৰ্থন কৰে। জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্ক আৰু ক্ৰমাৎ ব্যৱসায়িক সংযোগে দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক গভীৰ কৰি তুলিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ মে’ মাহত কৰা নেডাৰলণ্ড ভ্ৰমণে এই ভৱিষ্যতমুখী অংশীদাৰিত্ব আৰু ইউৰোপৰ সৈতে ভাৰতৰ সংযোগক আৰু পূৰ্বতকৈ অধিক শক্তিশালী কৰি তুলিলে।
ভাৰত–নেদাৰলেণ্ডঃ উদ্ভাৱন, বাণিজ্য আৰু বহনক্ষমতাক পৰিচালিত কৰা
ভাৰত-ডাচ অংশীদাৰিত্ব শক্তিশালী ঐতিহাসিক সম্পৰ্ক আৰু বিস্তাৰিত কৌশলগত সহযোগিতাৰ ওপৰত গঢ় লৈ উঠিছে। ই ভাৰতৰ পৰিসৰ আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ সৈতে সীমান্ত প্ৰযুক্তিৰ ডাচ শক্তিৰ সংমিশ্ৰণ ঘটায়। ছেমিকণ্ডাক্টৰ, গ্ৰীণ হাইড্ৰজেন, সামুদ্ৰিক প্ৰযুক্তি আৰু দক্ষ গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি পাইছে। বিশ্ব শাসন, অৰ্থনৈতিক সহনশীলতা আৰু বহনক্ষম উন্নয়নৰ বাবেও এই অংশীদাৰিত্ব গুৰুত্বপূৰ্ণ। ই ভাগ-বতৰা কৰা অৰ্থনৈতিক স্বাৰ্থ, প্ৰযুক্তিগত সহযোগিতা আৰু উমৈহতীয়া বিশ্বজনীন উচ্চাকাংক্ষাক প্ৰতিফলিত কৰে।
কৌশলগত আৰু ভূ-ৰাজনৈতিক প্ৰেক্ষাপটঃ নেদাৰলেণ্ডে আজি ভাৰতক কেৱল বজাৰ হিচাপে নহয়, বৰঞ্চ এটা বৃ্হৎ গোলকীয় শক্তি হিচাপে গণ্য কৰিছে। ভাৰতৰ নিয়োগৰ পৰিসৰৰ সৈতে জড়িত সীমান্ত প্ৰযুক্তিৰ ডাচ পৰিৱেশ তন্ত্ৰই “উদ্ভাৱনৰ সৈতে ব্যাপকতাৰ সংগম”ৰ এটা নতুন অংশীদাৰিত্বৰ সংজ্ঞা দিয়ে, যিটো ছেমিকণ্ডাক্টৰ, পানী, হাইড্ৰজেন আৰু সামুদ্ৰিক প্ৰযুক্তিত আটাইতকৈ আকৰ্ষণীয়ভাৱে দৃশ্যমান।
বাণিজ্য, বিনিয়োগ আৰু ইউৰোপীয় ইউনিয়নৰ এফ.টি.এ. গেটৱেঃ দ্বিপাক্ষিক বাণিজ্যৰ মূল্য ২৭.৮ বিলিয়ন মাৰ্কিন ডলাৰ (২০২৪-২৫)ৰ সৈতে নেদাৰলেণ্ড হৈছে ইউৰোপত ভাৰতৰ অন্যতম বৃহৎ বাণিজ্যিক গন্তব্যস্থান। সঞ্চিত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৫৫.৬ বিলিয়ন মাৰ্কিন ডলাৰেৰে নেদাৰলেণ্ড ভাৰতৰ চতুৰ্থ বৃহত্তম বিনিয়োগকাৰী দেশ। নেদাৰলেণ্ডৰ সৈতে হোৱা মুঠ পণ্য সামগ্ৰীৰ ব্যৱসায় ভাৰতৰ মুঠ পণ্য সামগ্ৰীৰ ব্যৱসায়ৰ ২.৪৬%। নেদাৰলেণ্ডৰ সৈতে ভাৰতৰ বাণিজ্যিক ৰাহি ১৭.৩৯৩ বিলিয়ন মাৰ্কিন ডলাৰ (১৪৪,০৯৫ কোটি টকা)।
ভাৰতত ৩০০ৰো অধিক ডাচ কোম্পানী আৰু নেদাৰলেণ্ডত ৩০০ৰো অধিক ভাৰতীয় কোম্পানী উপস্থিত আছে। নেদাৰলেণ্ড ইণ্ডিয়া চেম্বাৰ অৱ কমাৰ্চ এণ্ড ট্ৰেড (এন.আই.চি.চি.টি.) আৰু ইণ্ডিয়ান বিজনেছ চেম্বাৰ (আই.বি.চি.)ৰ দৰে সংস্থাই অৰ্থনীতিসমূহৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰে।
ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত সহযোগিতাঃ ২০২৪ চনত ভাৰত আৰু নেদাৰলেণ্ডে দক্ষতা বিকাশ, প্ৰশিক্ষণ কাৰ্যসূচী, সহযোগিতামূলক গৱেষণা আৰু বিকাশ আৰু এই খণ্ডত ষ্টাৰ্ট-আপ আৰু উদ্যোগীকৰণৰ প্ৰসাৰৰ জৰিয়তে ভাৰতৰ ছেমিকণ্ডাক্টৰ খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ অংশীদাৰিত্ব গঢ়ি তুলিছিল।
শক্তি সুৰক্ষা আৰু স্বচ্ছ শক্তিঃ ভাৰত আৰু নেদাৰলেণ্ডে জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু অনূকূল কৰিবলৈ যৌথ উচ্চাকাংক্ষা বৃদ্ধিৰ বাবে একেলগে কাম কৰি আহিছে। দুয়োখন দেশে অংশীদাৰসকলক সংযোগ, জ্ঞান হস্তান্তৰ নিশ্চিত কৰা, প্ৰযুক্তিৰ সহ-বিকাশ, উত্তম পদ্ধতিৰ বিনিময়, শেষৰ পৰা শেষলৈকে আন্তঃগাঁথনি উন্নয়ন আৰু কাৰ্যকৰী সুৰক্ষাৰ ক্ষেত্ৰত একেলগে কাম কৰি আহিছে। সহযোগিতাৰ মূল ক্ষেত্ৰসমূহ হৈছে গ্ৰীণ হাইড্ৰজেনৰ ব্যৱহাৰক প্ৰসাৰ কৰা আৰু গ্ৰীণ বন্দৰ উন্নয়ন কৰা।
গতিশীলতা, প্ৰবাস আৰু পৰ্যটনঃ কেৱল ব্ৰিটেইনৰ পাছতেই ইউৰোপৰ ভিতৰত ভাৰতীয় মূলৰ লোকৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যা নেদাৰলেণ্ডত আছে। ইয়াত প্ৰায় ২ লাখ ৪০ হাজাৰ প্ৰবাসী ভাৰতীয় বাস কৰে য'ত ডাচ সমাজৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত হিন্দুস্তানী-চুৰীনামি সম্প্ৰদায়ৰ প্ৰায় ২০,০০০ সদস্যও আছে। দুয়োপক্ষই প্ৰব্ৰজন আৰু গতিশীলতাক সু-শৃংখলিত কৰাৰ কাম কৰি আছে।
ভাৰত–নেদাৰলেণ্ডৰ অংশীদাৰিত্ব শক্তিশালী ঐতিহাসিক সম্পৰ্কৰ পৰা ভৱিষ্যতমুখী কৌশলগত সহযোগিতালৈ বিকশিত হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে এই ব্যাপক অংশীদাৰিত্ব গভীৰ কৰাৰ লগতে ক্ৰমাৎ বহুমেৰু বিশ্বত ইউৰোপৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰে।
দ্বিপাক্ষিক বাণিজ্য আৰু প্ৰযুক্তি অংশীদাৰিত্ব সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু নেদাৰলেণ্ডৰ মহামহিম ৰজা উইলেম-আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাই ভাৰত–নেদাৰলেণ্ডৰ সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰে য’ত জনসাধাৰণৰ মাজত সম্পৰ্ক আৰু শিক্ষা, উদ্ভাৱন, ছেমিকণ্ডাক্টৰ, ডিজিটেল প্ৰযুক্তি, পানী ব্যৱস্থাপনা আৰু গ্ৰীণ অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
তেওঁলোকে শেহতীয়া বছৰবোৰত এই অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম মিষ্টাৰ ৰব জেটেনেও দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান গতি আৰু কৌশলগত অভিসৰণক স্বীকাৰ কৰে। দ্বিপাক্ষিক সহযোগিতাৰ সম্প্ৰসাৰিত পৰিসৰক স্বীকৃতি দি দুয়োগৰাকী নেতাই ২০২৬–২০৩০ চনৰ বাবে ভাৰত–নেদাৰলেণ্ডৰ সম্পৰ্কক “কৌশলগত অংশীদাৰিত্ব”লৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। এই অংশীদাৰিত্বই নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ নীতিগত আলোচনা আৰু পাৰস্পৰিক স্বাৰ্থৰ খণ্ডসমূহৰ মাজত গভীৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
দুয়োপক্ষই অৰ্থনৈতিক আৰু বিনিয়োগৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে সন্মত হয়। যাৰ ভিতৰত
- দ্বিপাক্ষিক বাণিজ্যক প্ৰসাৰ কৰা
- বজাৰত প্ৰৱেশৰ উন্নতি
- ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশগ্ৰহণক উৎসাহিত কৰা
- বিনিয়োগৰ সুবিধা প্ৰদান কৰা
- সহনশীল মূল্য শৃংখল নিৰ্মাণ
তাৰোপৰি, বাঢ়ি যোৱা সহযোগিতাৰ বিস্তাৰ তলত উল্লেখিত ক্ষেত্ৰসমূহলৈও হ'ব
- পানী, কৃষি আৰু স্বাস্থ্য
- উদীয়মান প্ৰযুক্তি
- উদ্ভাৱন, বিজ্ঞান আৰু শিক্ষা
- শক্তিৰ পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়ন
- সামুদ্ৰিক পৰিক্ৰমা
- প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ সহযোগিতা
- প্ৰব্ৰজন আৰু গতিশীলতা আৰু
- সাংস্কৃতিক আৰু মানুহৰ মাজত আদান-প্ৰদান
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে ভাগ-বতৰা কৰা বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা আৰু বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত গভীৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্ব পুনৰ দৃঢ় কৰে। ইয়াৰ উপৰিও উদ্ভাৱন, অৰ্থনৈতিক সহনশীলতা আৰু নিয়মভিত্তিক বিশ্ব সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত কৌশলগত অংশীদাৰিত্বৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰা হয়।
দ্বিপাক্ষিক আলোচনাৰ মূল ফলাফল
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ ফলাফলে ভাৰত–নেদাৰলেণ্ডৰ সম্পৰ্ক গভীৰ হোৱা আৰু কৌশলগত খণ্ডসমূহৰ মাজত দীৰ্ঘম্যাদী, সহনশীল সহযোগিতাৰ ক্ৰমবৰ্ধমান সম্ভাৱনাক প্ৰতিফলিত কৰে। ইয়াৰ উপৰিও তেওঁলোকে বিশ্ব শাসন ব্যৱস্থা শক্তিশালী কৰা, বহনক্ষম উন্নয়নক আগুৱাই নিয়া, উদ্ভাৱন-চালিত বৃদ্ধিৰ প্ৰসাৰ, আৰু শক্তিশালী দ্বিপাক্ষিক আৰু বহুপক্ষীয় সংযোগৰ জৰিয়তে উদীয়মান বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ ওপৰত সহযোগিতা বৃদ্ধিৰ এক ভাগ-বতৰা প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে।
ফলাফল ১: ভাৰত-নেদাৰলেণ্ডৰ কৌশলগত অংশীদাৰিত্বৰ স্বাক্ষৰ

এই কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সহনশীল অৰ্থনৈতিক বিকাশত সহায় কৰিব। ই ভাৰতত অধিক সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ সমান্তৰালকৈ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰিব। এই সহযোগিতাই শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতাও বৃদ্ধি কৰিব। লগতে উদ্ভাৱন আৰু উচ্চ গৱেষণাৰ উৎপাদনক লাভান্বিত কৰিব। ইয়াৰ উপৰিও ভাৰতৰ নিৰাপত্তা আৰু উন্নয়নৰ লক্ষ্যৰ বাবে কৌশলগত গুৰুত্ব থকা খণ্ডসমূহো ইয়াত সামৰি লোৱা হৈছে।
ফলাফল ২: চোলা তাম্ৰপত্ৰ ভাৰত চৰকাৰলৈ ঘূৰাই দিয়া

একাদশ শতিকাৰ চোলা তাম্ৰপত্ৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক মাইলৰ খুঁটি। এই তাম্ৰপত্ৰসমূহত চোল ৰজাসকলে জাৰি কৰা ৰাজকীয় চনদ আৰু ইয়াত তামিল, সংস্কৃত ভাষাৰ শিলালিপি আছে। এই তাম্ৰপত্ৰসমূহত তামিলনাডুৰ নাগাপট্টিনামৰ বৌদ্ধ বিহাৰক আনাইমংগালম গাঁৱৰ অনুদান লিপিবদ্ধ হৈ আছে। চোলা তাম্ৰপত্ৰৰ প্ৰত্যাৱৰ্তনে ভাৰতৰ সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰ ওপৰত অধিক গৱেষণা আৰু প্ৰশংসাত সহায় কৰিব।
ফলাফল ৩: প্ৰবাসী সহযোগিতা শক্তিশালী কৰা

শক্তিশালী গতিশীলতা আৰু প্ৰবাসী সহযোগিতাই ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত চলাচল সহজ আৰু সুলভ কৰি তুলিব। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে উন্নত শৈক্ষিক, গৱেষণা, আৰু ইন্টাৰশ্বিপৰ সুযোগ লাভ কৰিব। দক্ষ পেছাদাৰীসকলে দ্ৰুত আৰু অধিক নমনীয় ভিছাৰ সুবিধা লাভ কৰিব। এই অংশীদাৰিত্বই ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবেও নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। এই ব্যৱস্থাসমূহে মানুহৰ মাজত সম্পৰ্ক গভীৰ কৰিব আৰু শক্তিশালী শৈক্ষিক আৰু পেছাদাৰী সহযোগিতাৰ প্ৰসাৰ ঘটাব।
ফলাফল ৪: টাটা ইলেক্ট্ৰনিক্স আৰু এ.এছ.এম.এল.ৰ মাজত সহযোগিতা

ছেমিকণ্ডাক্টৰ খণ্ডৰ সহযোগিতাই ভাৰতৰ উচ্চাকাংক্ষাক আগুৱাই নিয়াত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিব। ই গুজৰাটৰ ঢোলেৰাত ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ সুবিধাৰ বিকাশত সহায় কৰে। এই অংশীদাৰিত্বই বিশ্বৰ ছেমিকণ্ডাক্টৰ মূল্য শৃংখলত ভাৰতৰ স্থিতি শক্তিশালী কৰিব আৰু প্ৰযুক্তিৰ সহযোগিতাৰ প্ৰসাৰ ঘটাব। ইয়াৰ উপৰিও ই ভাৰত ছেমিকণ্ডাক্টৰ অভিযানৰ লক্ষ্যৰ সৈতে মিল খায় আৰু ভাৰতত উন্নত উৎপাদন ক্ষমতা বৃদ্ধিত সহায় কৰে।
ফলাফল ৫: জটিল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতা

জটিল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতাই অত্যাৱশ্যকীয় সম্পদৰ বাবে নিৰ্ভৰযোগ্য যোগান শৃংখল শক্তিশালী কৰিব। ই ভাৰতৰ স্বচ্ছ শক্তি আৰু উন্নত উৎপাদন উচ্চাকাংক্ষাক সমৰ্থন কৰিব। এই অংশীদাৰিত্বই উন্নত প্ৰযুক্তি, বিনিয়োগ আৰু দক্ষ নিয়োগৰ সুযোগো আনিব। ইয়াৰ দ্বাৰা ভাৰতৰ কৌশলগত খনিজ পদাৰ্থৰ খনন আৰু প্ৰক্ৰিয়াকৰণ ক্ষমতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
ফলাফল ৬: গুজৰাটৰ কল্পচৰ প্ৰকল্পত নেদাৰলেণ্ডৰ সৈতে কাৰিকৰী সহযোগিতা

ভাৰতৰ পানী সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ডাচ বিশেষজ্ঞতাৰে কৌশলগত জল অংশীদাৰিত্ব শক্তিশালী কৰা হ’ব। ঘৰুৱা আৰু কৃষি ব্যৱহাৰৰ বাবে বিশুদ্ধ পানীৰ সুবিধা উন্নত কৰা, জীৱনৰ মান বৃদ্ধি কৰা হৈছে ইয়াৰ লক্ষ্য। কল্পচৰ প্ৰকল্পই খাম্ভাট উপসাগৰৰ সিপাৰে জোৱাৰ-ভাটাৰ শক্তি, জলসিঞ্চন, আৰু পৰিবহণ সংযোগৰ সৈতে মিঠা পানীৰ জলাশয়ৰ প্ৰস্তাৱ আগবঢ়াইছে|
ফলাফল ৭: গ্ৰীণ হাইড্ৰজেনৰ ওপৰত ৰোডমেপ

গ্ৰীণ হাইড্ৰজেনৰ ওপৰত ভাৰত–নেদাৰলেণ্ডছ ৰোডমেপে নবীকৰণযোগ্য শক্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিব। ই গ্ৰীণ হাইড্ৰজেন উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ লক্ষ্যক সমৰ্থন কৰে। এই পদক্ষেপে দুয়োখন দেশতে স্বচ্ছ শক্তিৰ উৎস হিচাপে গ্ৰীণ হাইড্ৰজেনক দ্ৰুতভাৱে গ্ৰহণ কৰাত সহায় কৰে যিয়ে নতুন বজাৰ সৃষ্টি কৰিব, বিনিয়োগ আকৰ্ষণ কৰিব, চাকৰিৰ সৃষ্টি কৰিব আৰু ভাৰতৰ স্বচ্ছ ইন্ধনলৈ পৰিৱৰ্তনত সহায় কৰিব বুলি আশা কৰা হৈছে।
ফলাফল ৮: নবীকৰণযোগ্য শক্তিৰ ওপৰত এক সংযুক্ত কৰ্মগোট গঠন

সহযোগিতা বৃদ্ধি আৰু উত্তম পদ্ধতিৰ ভাগ-বতৰা কৰিবলৈ দুয়োপক্ষই নবীকৰণযোগ্য শক্তিৰ ওপৰত সংযুক্ত কৰ্মগোট গঠন কৰিছে। ইয়াত গ্ৰীণ হাইড্ৰজেন, জৈৱশক্তি, জৈৱ-ৰাসায়নিক পদাৰ্থ, বৃত্তাকাৰ ফিডষ্টক, নবীকৰণযোগ্য শক্তি আৰু বেটাৰী সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হ’ব। এই গোটৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজত ঔদ্যোগিক অংশীদাৰিত্ব আৰু জ্ঞান বিনিময়ক প্ৰসাৰ কৰা। ই ভাৰতৰ স্বচ্ছ শক্তিৰ পৰিৱৰ্তনক সহায় কৰাৰ লগতে চাকৰি আৰু গৱেষণাৰ সুযোগ সৃষ্টি কৰিব।
ফলাফল ৯: নিটি আয়োগ আৰু নেদাৰলেণ্ডৰ মাজত শক্তি পৰিৱৰ্তনৰ বাবে সামৰ্থ্য বিকাশৰ যৌথ উদ্দেশ্য বিবৃতিৰ নবীকৰণ

বহনক্ষম শক্তি পৰিৱৰ্তনৰ প্ৰকল্প আৰু অংশীদাৰিত্বই শক্তি সুৰক্ষা আৰু স্বচ্ছ শক্তি উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিব। ইয়ে নীতি নিৰ্ধাৰক, উদ্যোগৰ নেতা আৰু কাৰিকৰী বিশেষজ্ঞসকলক গভীৰ সহযোগিতা আৰু জ্ঞান বিনিময়ৰ বাবে একত্ৰিত কৰিব। এই পদক্ষেপসমূহে অংশীদাৰসকলৰ সমন্বয় উন্নত কৰিব আৰু সমগ্ৰ খণ্ডটোত প্ৰযুক্তি সহযোগিতাৰ সমৰ্থন কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু দীৰ্ঘম্যাদী বহনক্ষম বৃদ্ধিত অৰিহণা যোগাব।
ফলাফল ১০: পশ্চিম ত্ৰিপুৰাত ফুলৰ বাবে ভাৰত-ডাচ উৎকৰ্ষ কেন্দ্ৰ (চি.অ.ই.) স্থাপন

ভাৰত-ডাচ উৎকৰ্ষ কেন্দ্ৰ বিকাশৰ পদক্ষেপে ত্ৰিপুৰাত ফুলৰ খেতিৰ বিকাশ ঘটাব আৰু আঞ্চলিক বৃদ্ধিত সহায় কৰিব। ইয়াৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। বিশেষকৈ গ্ৰামাঞ্চলৰ জীৱিকাৰ উন্নতি সাধন কৰিব। সামগ্ৰিকভাৱে ই জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি কৰিব।
ফলাফল ১১: বেংগালুৰুৰ পশুপালন উৎকৰ্ষ কেন্দ্ৰত দুগ্ধজাত প্ৰশিক্ষণৰ উৎকৃষ্টতাৰ বাবে ভাৰত-ডাচ উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা

বেংগালুৰুৰ পশুপালনৰ বাবে উৎকৰ্ষ কেন্দ্ৰ(চি.ইএএইচ)ত দুগ্ধ প্ৰশিক্ষণৰ ওপৰত ভাৰত-ডাচ উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা হ’ব। ই ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত দুগ্ধ, সংযুক্ত কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিব। প্ৰশিক্ষণ আৰু জ্ঞান বিনিময়ৰ ফলত এই খণ্ডৰ উৎপাদনশীলতা, গুণগত মান আৰু দক্ষতা বৃদ্ধি পাব। ইয়াৰ দ্বাৰা কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব আৰু পশুপালন শক্তিশালী হ’ব।
ফলাফল ১২: পশুপালন আৰু দুগ্ধ পালনত সহযোগিতা

এই সহযোগিতাই কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত ভাৰত–নেদাৰলেণ্ডৰ সহযোগিতাক শক্তিশালী কৰিব, বজাৰত প্ৰৱেশ, জলবায়ু-সহনশীল কৃষি আৰু খাদ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ই সমগ্ৰ খণ্ডটোত জ্ঞান বিনিময়, প্ৰযুক্তি সহযোগিতা আৰু বহনক্ষম কৃষি পদ্ধতিক প্ৰসাৰিত কৰিব। এই অংশীদাৰিত্বই পামৰ উৎপাদনশীলতা উন্নত কৰিব, পশুধনৰ স্বাস্থ্য আৰু ৰোগ ব্যৱস্থাপনা শক্তিশালী কৰিব, যোগান শৃংখলৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও ই গ্ৰাম্য জীৱিকাক সহায় কৰিব, নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু দীৰ্ঘম্যাদী কৃষি বহনক্ষমতাত অৰিহণা যোগাব।
ফলাফল ১৩: স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতাৰ ব্যৱস্থা

স্বাস্থ্যৰ ক্ষেত্ৰত এই সহযোগিতাই গৱেষণা, সহযোগিতা আৰু জ্ঞান বিনিময়ৰ জৰিয়তে বিশ্ব স্বাস্থ্যজনিত বিপদসমূহ মোকাবিলা কৰিবলৈ ভাৰত–নেদাৰলেণ্ডৰ সহযোগিতাক আৰু অধিক শক্তিশালী কৰিব। ইয়াত সংক্ৰামক ৰোগ, এন্টিমাইক্ৰ’বিয়াল প্ৰতিৰোধ ক্ষমতা, অসংক্ৰামক ৰোগ, ডিজিটেল স্বাস্থ্য আৰু জলবায়ু–স্বাস্থ্যৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ডাচ নেচনেল ইনষ্টিটিউট ফৰ পাব্লিক হেল্থ এণ্ড এনভাইৰনমেণ্ট (আৰ.আই.ভি.এম.) আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই.চি.এম.আৰ.)ৰ সহযোগিতাৰে ইয়াক সমৰ্থন কৰা হৈছে।
ফলাফল ১৪: সীমা শুল্ক পাৰস্পৰিক প্ৰশাসনিক সহায় চুক্তি

সীমা শুল্ক কৰ্তৃপক্ষৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে সীমা শুল্ক বিষয়ত পাৰস্পৰিক প্ৰশাসনিক সহায়ৰ চুক্তি সম্পন্ন কৰা হৈছে। ইয়াৰ দ্বাৰা বলবৎকৰণৰ উন্নতি আৰু ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত বৈধ বাণিজ্যৰ সুবিধাৰ বাবে তথ্য বিনিময় সম্ভৱপৰ হ’ব। এই চুক্তিয়ে খৰচ আৰু পলম হ্ৰাস কৰাৰ লগতে স্বচ্ছতা আৰু ৰপ্তানিৰ প্ৰতিযোগিতামূলক ক্ষমতাও বৃদ্ধি কৰি বাণিজ্যক অধিক কাৰ্যক্ষম কৰি তুলিব।
ফলাফল ১৫: উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা

উচ্চ শিক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ গতিশীলতা বৃদ্ধি কৰাৰ লগতে সহযোগিতামূলক গৱেষণা শক্তিশালী কৰিব। ই দক্ষতা, নিয়োগযোগ্যতা, গৱেষণাৰ উৎপাদন উন্নত কৰিব আৰু নতুন নিয়োগ আৰু উদ্যোগীকৰণৰ সুযোগ সৃষ্টি কৰিব।
ফলাফল ১৬: নালন্দা বিশ্ববিদ্যালয় আৰু নেদাৰলেণ্ডৰ গ্ৰ’নিংগেন বিশ্ববিদ্যালয়ৰ মাজত সহযোগিতা

নালন্দা বিশ্ববিদ্যালয় আৰু গ্ৰ’নিংগেন বিশ্ববিদ্যালয়ৰ সহযোগিতাই ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত শৈক্ষিক আৰু প্ৰতিষ্ঠানিক সহযোগিতা গভীৰ কৰি তুলিব। ই ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক যৌথ শৈক্ষিক কাৰ্য্যকলাপ, বিনিময় আৰু সহযোগিতামূলক কাৰ্যসূচীৰ জৰিয়তে অধিক বিশ্বব্যাপী পৰিচয় প্ৰদান কৰিব। এই অংশীদাৰিত্বই আন্তঃশাখা গৱেষণা, পাঠদানৰ সহযোগিতা আৰু অধ্যয়নৰ উদীয়মান ক্ষেত্ৰসমূহত জ্ঞান বিনিময়ৰ সুযোগো সৃষ্টি কৰিব। ইয়াৰ উপৰিও ই আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ সুযোগৰ সুবিধা লাভ কৰাত সহায় কৰিব, উদ্ভাৱন পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰিব আৰু উচ্চ শিক্ষাত প্ৰতিভা বিকাশ আৰু সামৰ্থ বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে।
ফলাফল ১৭: লেইডেন বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল আৰু ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মাজত সহযোগিতা

লেইডেন বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল আৰু ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মাজত সহযোগিতাই ঐতিহাসিক গৱেষণা, আৰ্কাইভ সংৰক্ষণ আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিব। এই পদক্ষেপে চোলা যুগৰ ওপৰত যৌথ গৱেষণাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব, শৈক্ষিক সহযোগিতাক প্ৰসাৰিত কৰিব আৰু মূল্যৱান ঐতিহাসিক তথ্য আৰু পাণ্ডুলিপিৰ সুবিধা উন্নত কৰিব। ইয়াৰ উপৰিও ই সাংস্কৃতিক কূটনীতি গভীৰ কৰি তুলিব আৰু ভাৰতৰ চহকী সভ্যতা আৰু প্ৰত্নতাত্ত্বিক ঐতিহ্যৰ প্ৰতি বিশ্বব্যাপী সচেতনতা বৃদ্ধি কৰিব।
সামূহিকভাৱে এই ফলাফলসমূহে গতানুগতিক সহযোগিতাৰ পৰা ভৱিষ্যতমুখী কৌশলগত অংশীদাৰিত্বলৈ পৰিৱৰ্তন চিহ্নিত কৰে। ইয়াৰ দ্বাৰা সহনশীল বৃদ্ধি, প্ৰযুক্তিগত উন্নতি আৰু বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ ওপৰত অধিক শক্তিশালী সমন্বয়ৰ বাবে এক ভাগ-বতৰা দৃষ্টিভংগী প্ৰতিফলিত হয়। ভাৰত–নেদাৰলেণ্ডৰ সম্প্ৰসাৰিত অংশীদাৰিত্ব উদ্ভাৱন-নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক মূল স্তম্ভ হ’বলৈ সাজু হৈছে।
ভাৰত–নেদাৰলেণ্ড অংশীদাৰিত্বৰ দিশ ভৱিষ্যতৰ বাবে সাজু
ভাৰত আৰু নেদাৰলেণ্ডে অংশীদাৰিত্ব ক্ৰমাগতভাৱে সম্প্ৰসাৰণ কৰি এক ব্যাপক আৰু ভৱিষ্যতমুখী সহযোগিতাৰ ৰূপ দিছে। প্ৰযুক্তি, স্বচ্ছ শক্তি, ছেমি কণ্ডাক্টৰ, পানী ব্যৱস্থাপনা, উদ্ভাৱন আৰু বাণিজ্যৰ ক্ষেত্ৰত শক্তিশালী পৰিপূৰকতাই গভীৰ সংযোগৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰে। কৌশলগত অংশীদাৰিত্বৰ সৈতে সম্পৰ্ক উন্নীতকৰণে ক্ৰমবৰ্ধমান পাৰস্পৰিক বিশ্বাস আৰু ভাগ-বতৰা কৰা বিশ্বব্যাপী অগ্ৰাধিকাৰ প্ৰতিফলিত কৰে। দুয়োখন দেশেই অৰ্থনৈতিক, প্ৰযুক্তিগত আৰু মানুহৰ মাজত সংযোগ শক্তিশালী কৰাৰ লগে লগে এই অংশীদাৰিত্বই বহনক্ষম বৃদ্ধি, সহনশীল যোগান শৃংখল আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাত অৰ্থপূৰ্ণ অৰিহণা যোগাবলৈ সাজু হৈছে।
তথ্যসূত্ৰসমূহ
১. বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়
২. প্ৰেছ ইনফৰমেশ্যন ব্যুৰো
৩. নেদাৰলেণ্ডস্থিত ভাৰতীয় দূতাবাস
pdf চাবলৈ ইয়াত ক্লিক কৰক
পিআইবি গৱেষণা
(Explainer ID: 158678)
आगंतुक पटल : 26
Provide suggestions / comments