• Sitemap
  • Advance Search
Farmer's Welfare

বহনক্ষম কৃষিৰ বাবে ৰাষ্ট্ৰীয় অভিযান

“ভাৰতত জলবায়ু-সহিষ্ণু কৃষি গঢ়ি তোলা”

Posted On: 09 MAY 2026 11:22AM

 

মূল বৈশিষ্ট্যসমূহ

  • ২০১৪-১৫ চনৰ পৰা বৰষুণ নিৰ্ভৰশীল অঞ্চল উন্নয়ন (আৰ.এ.ডি.)ৰ অধীনত ৮.৫০ লাখ হেক্টৰ ভূমি সামৰি ২,১১৯.৮৪ কোটি টকা মুকলি কৰি সংহত কৃষি ব্যৱস্থাৰ জৰিয়তে ১৪.৩৫ লাখ কৃষকক উপকৃত কৰা হৈছে৷
  • ২০১৫-১৬ চনৰ পৰা কাৰ্যকৰী হোৱা পি.ডি.এম.চি. আঁচনিৰ অধীনত প্ৰায় ১০৯ লাখ হেক্টৰ ভূমি সামৰি লোৱা হৈছে আৰু কেন্দ্ৰীয় সাহাৰ্য হিচাপে ২৬,৩২৫ কোটি টকা মুকলি কৰা হৈছে।
  • ভূমি স্বাস্থ্য ব্যৱস্থাপনাৰ অধীনত ২০২৫-২৬ চনত ৯৭.৫৩ লাখ ভূমিৰ নমুনা সংগ্ৰহ কৰা হয় আৰু ইয়াৰে ৯২.৮৭ লাখৰ পৰীক্ষা কৰা হয়। আনহাতে সন্তুলিত পুষ্টি ব্যৱস্থাপনাৰ পথ প্ৰদৰ্শনৰ বাবে ২০১৫ চনৰ পৰা ২৫.৭৯ কোটি ভূমি স্বাস্থ্য কাৰ্ড সৃষ্টি কৰা হৈছে।
  • ২০১৪ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাৰ অধীনত ২,৯৯৬ টা জলবায়ু-সহিষ্ণু শস্যৰ জাত মুকলি কৰা হৈছিল।

পাতনি

ভাৰতত বৰষুণ নিৰ্ভৰশীল কৃষি দেশৰ কৃষি অৰ্থনীতিৰ এক মূল শিলাস্তম্ভ হৈয়েই আছে যিয়ে শুদ্ধ বীজ সিঁচা ক্ষেত্ৰৰ প্ৰায় ৬০ শতাংশ অৱদান যোগোৱাৰ লগতে মুঠ খাদ্য উৎপাদনৰ প্ৰায় ৪০ শতাংশ অৰিহণা যোগায়। ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাক বিবেচনা কৰি স্থিতিস্থাপক বৰষুণ নিৰ্ভৰশীল কৃষি ব্যৱস্থাৰ পদ্ধতিগত বিকাশৰ সমান্তৰালভাৱে প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱস্থাপনা খাদ্য শস্যৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই পৰিপ্ৰেক্ষিতত চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাৰ পৰিসৰৰ অধীনত ২০১৪-১৫ চনত ৰাষ্ট্ৰীয় বহনক্ষম কৃষি অভিযান (এন.এম.এছ..) আৰম্ভ কৰে। দীৰ্ঘম্যাদী খাদ্য আৰু জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে কৃষিৰ ওপৰত জলবায়ুৰ পৰিৱৰ্তনশীলতাৰ বিৰূপ প্ৰভাৱ কমোৱাৰ বাবে এই অভিযানক এটা কৌশলগত হস্তক্ষেপ হিচাপে কল্পনা কৰা হৈছিল।

ইয়াৰ পিছত ২০১৮-১৯ বৰ্ষৰ পৰা “সেউজ বিপ্লৱ-কৃষোন্নতি যোজনা”ৰ বিস্তৃত পৰিসৰভিত্তিক আঁচনিৰ ভিতৰত উপ-অভিযান হিচাপে এন.এম.এছ.এ. কাৰ্যকৰী কৰা হয়। ২০২২-২৩ চনৰ পৰা অধিক প্ৰতিষ্ঠানিক পুনৰ্গঠনৰ ফলত ইয়াক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ (পি.এম.আৰ.কে.ভি.ৱাই.) বিস্তৃত পৰিসৰভিত্তিক আঁচনিত অন্তৰ্ভুক্ত কৰা হয় যিয়ে বহনক্ষম, জলবায়ু-সহিষ্ণু কৃষি উন্নয়নৰ এক একত্ৰিত পদ্ধতি প্ৰতিফলিত কৰে।

 

এন.এম.এছ.এ.ৰ অধীনত জলবায়ু-সহিষ্ণু কৃষিৰ বাবে সংহত নীতিগত হস্তক্ষেপ

ৰাষ্ট্ৰীয় বহনক্ষম কৃষি অভিযানে (এন.এম.এছ..) এক শৃংখলিত আৰু সংহত হস্তক্ষেপৰ জৰিয়তে জলবায়ু- সহিষ্ণু কৃষিক প্ৰসাৰিত কৰে পানী ব্যৱহাৰৰ দক্ষতা বৃদ্ধি, ভূমিৰ স্বাস্থ্য উন্নত কৰা আৰু জলবায়ুৰ সহিষ্ণু কৃষি শক্তিশালী কৰি বহনক্ষম কৃষি উন্নয়নৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰেএন.এম.এছ..ৰ অধীনত মূল হস্তক্ষেপসমূহৰ ভিতৰত আছে- বৰষুণ নিৰ্ভৰশীল এলেকা উন্নয়ন (আৰ..ডি.) উপাদান যিয়ে বৈচিত্ৰ্যপূৰ্ণ আৰু বিপদ-স্থিতিস্থাপক কৃষিৰ বাবে সংহত কৃষি ব্যৱস্থা (আই.এফ.এছ.) আৰু প্ৰতি টোপাল অধিক শস্য (পি.ডি.এম.চি.) পদক্ষেপ, যিয়ে পানী ব্যৱহাৰৰ কাৰ্যক্ষমতা উন্নত কৰিবলৈ ক্ষুদ্ৰ জলসিঞ্চনক প্ৰসাৰিত কৰে। এই প্ৰচেষ্টাসমূহ ভূমি স্বাস্থ্য কাৰ্ড (SHC) আঁচনিৰ সমৰ্থনেৰে ভূমি স্বাস্থ্য ব্যৱস্থাপনা (এছ.এইচ.এম.) উপাদানৰে আৰু অধিক প্ৰসাৰিত কৰা হৈছে , যিয়ে সন্তুলিত পুষ্টিকৰ ব্যৱহাৰক প্ৰচাৰ কৰে আৰু দীৰ্ঘম্যাদী ভূমিৰ উৰ্বৰতা বজাই ৰাখে

বৰষুণ নিৰ্ভৰশীল এলেকা উন্নয়ন (আৰ.এ.ডি.): সংহত কৃষি ব্যৱস্থা (আই.এফ.এছ.) শক্তিশালীকৰণ

২০১৪-১৫ চনৰ পৰা এন.এম.এছ.এ.ৰ অধীনত বৰষুণ নিৰ্ভৰশীল এলেকা উন্নয়ন (আৰ.এ.ডি.) উপাদান কাৰ্যকৰী কৰা হৈছে ইয়াৰ লক্ষ্য হৈছে ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আই.চি..আৰ.) বিকশিত কৰা কৃষি জলবায়ু মণ্ডল নিৰ্দিষ্ট সংহত কৃষি ব্যৱস্থা (আই.এফ.এছ.) আৰ্হিৰ জৰিয়তে বহনক্ষম কৃষি উৎপাদনক প্ৰসাৰ কৰা। ই কৃষকৰ আয় আৰু স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে উদ্যান শস্য, পশুধন আৰু মীনপালনৰ দৰে সংশ্লিষ্ট কাৰ্যকলাপৰ সৈতে বহু শস্য, ঘূৰ্ণনীয়, আন্তঃ আৰু মিশ্ৰ শস্য ব্যৱস্থাক একত্ৰিত কৰি সামগ্ৰিক পদ্ধতিক উৎসাহিত কৰে।

২০২৫–২৬ বিত্তীয় বৰ্ষত ৰাজ্য /কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আৰ.এ.ডি. ৰূপায়ণৰ বাবে ৩৪৩.৮৬ কোটি টকা আবণ্টন দিয়া হৈছিল যাৰ অধীনত ৯৬,০১৩ জন কৃষকে প্ৰশিক্ষণ লাভ কৰিছিল।

ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল এলেকা প্ৰাধিকৰণ (এন.আৰ.এ.এ.)

এন.আৰ.এ.এ. দেশৰ শুকান ভূমি আৰু বৰষুণ নিৰ্ভৰশীল কৃষিৰ পদ্ধতিগত উন্নীতকৰণ আৰু পৰিচালনাৰ ওপৰত জ্ঞানৰ তথ্য প্ৰদান কৰিবলৈ বিশেষজ্ঞ সংস্থা হিচাপে কাম কৰে। ই জ্ঞানভিত্তিক হস্তক্ষেপ আৰু বিভিন্ন সংস্থাৰ সৈতে দক্ষ সমন্বয় সাধন কৰি বৰষুণৰ কৃষিক প্ৰসাৰিত কৰাত গুৰুত্ব দিয়ে।

ক্ষুদ্ৰ জলসিঞ্চন প্ৰযুক্তিৰ জৰিয়তে পানী ব্যৱহাৰৰ দক্ষতা বৃদ্ধিকৰণ

প্ৰতি টোপাল অধিক শস্য (পি.ডি.এম.চি.) পদক্ষেপটো নিখুঁত জলসিঞ্চন আৰু অন্যান্য পানী ৰাহি কৰা প্ৰযুক্তি গ্ৰহণক প্ৰসাৰিত কৰি পানী ব্যৱহাৰৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে তৈয়াৰ কৰা হৈছে। ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ আৱৰণ বৃদ্ধিৰ বাবে হিতাধিকাৰীসকলক ৰাজসাহায্য প্ৰদান কৰা হয়।

পি.ডি.এম.চি.য়ে মূলতঃ ক্ষুদ্ৰ জলসিঞ্চন কৌশল বিশেষকৈ ড্ৰিপ আৰু স্প্ৰিংকলাৰ জলসিঞ্চনৰ জৰিয়তে পাম পৰ্যায়ত পানীৰ কাৰ্যক্ষম ব্যৱহাৰ উন্নত কৰাত গুৰুত্ব আৰোপ কৰে। ড্ৰিপ জলসিঞ্চনত পাৰ্শ্বীয় পাইপৰ সৈতে সংযুক্ত এমিটাৰৰ জৰিয়তে শিপাৰ অঞ্চলত পানী লক্ষ্য কৰি প্ৰয়োগ কৰা হয়, যাৰ ফলত লোকচান কম হয় আৰু সম্পদৰ ব্যৱহাৰ অনুকূল হয়। ইয়াৰ বিপৰীতে স্প্ৰিংকলাৰ জলসিঞ্চনে পাইপ আৰু নজেলৰ নেটৱৰ্কৰ জৰিয়তে চাপৰ অধীনত পানী বিতৰণ কৰে, বৰষুণৰ অনুকৰণ কৰে আৰু সমগ্ৰ পথাৰত একেধৰণৰ আৱৰণ নিশ্চিত কৰে।

২০১৫-১৬ চনৰ পৰা কাৰ্যকৰী হোৱা এই আঁচনিৰ অধীনত প্ৰায় ১০৯ লাখ হেক্টৰ ভূমি সামৰি লোৱা হৈছে, য’ত কেন্দ্ৰীয় সাহাৰ্য হিচাপে ২৬,৩২৫ কোটি টকা মুকলি কৰা হৈছে, যাৰ ফলত পানী ব্যৱহাৰৰ কাৰ্যক্ষমতা যথেষ্ট উন্নত হৈছে। তদুপৰি চৰকাৰে ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনত ২০২৫-২৬ চনৰ পৰা ২০২৯-৩০ চনলৈকে পাঁচ বছৰৰ ভিতৰত ১০০ লাখ হেক্টৰ ভূমি অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেএই লক্ষ্যসমূহ লাভ কৰিবলৈ হ'লে প্ৰতি টোপাল অধিক শস্য (পি.ডি.এম.চি.) আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনত কমেও ২০ লাখ হেক্টৰ ভূমি বাৰ্ষিক আৱৰণ দিয়াটো প্ৰয়োজনীয়।

ভূমি স্বাস্থ্য ব্যৱস্থাপনা (এছ.এইচ.এম.): সংহত পুষ্টি ব্যৱস্থাপনাৰ জৰিয়তে ভূমিৰ স্বাস্থ্য আৰু উৎপাদনশীলতা উন্নীতকৰণ

ভূমি স্বাস্থ্য ব্যৱস্থাপনা (এছ.এইচ.এম.)- অৱশিষ্ট ব্যৱস্থাপনা আৰু জৈৱিক কৃষিকে ধৰি স্থান আৰু শস্য-নিৰ্দিষ্ট বহনক্ষম ভূমি ব্যৱস্থাপনা পদ্ধতিক প্ৰসাৰিত কৰে। ই পদ্ধতিগত ভূমিৰ উৰ্বৰতা মেপিং, বৃহৎ আৰু অণুপুষ্টিকৰ সন্তুলিত প্ৰয়োগ আৰু উপযুক্ত ভূমি ব্যৱহাৰৰ পদ্ধতি সমৰ্থন কৰে। ইয়াৰ উপৰিও এছ.এইচ.এম.-এ সাৰৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ আৰু ভূমিৰ খহনীয়া আৰু অৱক্ষয় হ্ৰাস কৰাৰ ব্যৱস্থা ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত ভূমিৰ দীৰ্ঘম্যাদী স্বাস্থ্য আৰু উৎপাদনশীলতা নিশ্চিত কৰা হয় ।

ভূমি স্বাস্থ্য কাৰ্ড (এছ.এইচ.চি.) আঁচনি: বিজ্ঞানক কৃষক পৰামৰ্শলৈ অনুবাদ কৰা

২০১৫ চনত আৰম্ভ হোৱা ভূমি স্বাস্থ্য কাৰ্ড (এছ.এইচ.চি.) আঁচনিখনে ৰাষ্ট্ৰীয় বহনক্ষম কৃষি অভিযান (এন.এম.এছ.এ.)ৰ অধীনত প্ৰধান কৃষক পৰামৰ্শদাতা আহিলা হিচাপে কাম কৰে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত মুঠ ৯৭.৫৩ লাখ ভূমিৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু ইয়াৰে ৯২.৮৭ লাখ নমুনা পৰীক্ষা কৰা হৈছিল। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহলৈকে ২৫.৭৯ কোটি ভূমি স্বাস্থ্য কাৰ্ড সৃষ্টি কৰা হৈছে । এই কাৰ্ডসমূহে শস্য-নিৰ্দিষ্ট পুষ্টিকৰ পৰামৰ্শ প্ৰদান কৰে, যাৰ ফলত কৃষকসকলে সাৰ ব্যৱহাৰক যুক্তিসংগত কৰিব পাৰে আৰু ভূমিৰ স্বাস্থ্য বৃদ্ধি কৰিব পাৰে।

২০২৫ চনত নিটি আয়োগৰ দ্বাৰা সম্পন্ন এক মূল্যায়নত এই আঁচনিখনে বিশেষকৈ অত্যাধিক ইউৰিয়াৰ ব্যৱহাৰ হ্ৰাস কৰি আৰু কৃষি উৎপাদনশীলতাৰ উন্নতি সাধনেৰে পুষ্টিকৰ ভাৰসাম্যহীনতা শুধৰোৱাত অৰিহণা যোগাইছে বুলি ইংগিত লাভ কৰা হৈছে। ইয়াৰ উপৰিও ই সংহত পুষ্টিকৰ ব্যৱস্থাপনা (আই.এন.এম.)ৰ বিস্তৃত লক্ষ্যসমূহক সমৰ্থন কৰিছে। এইখিনিতে উল্লেখনীয় যে সমীক্ষাত অংশগ্ৰহণ কৰা ৬৮.৫ শতাংশ কৃষকে পৰামৰ্শ দিয়া পদ্ধতি গ্ৰহণ কৰাৰ পিছত ভূমিৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হোৱা বুলি উল্লেখ কৰাৰ বিপৰীতে ২৫.৭ শতাংশই প্ৰান্তীয় উন্নতি হোৱা দেখা গৈছে।

ভূমিৰ উৰ্বৰতা মানচিত্ৰৰ জৰিয়তে কৃষকৰ সিদ্ধান্ত গ্ৰহণ বৃদ্ধি কৰা-

ইতিমধ্যে দেশজুৰি প্ৰস্তুত কৰা জিলা পৰ্যায়ৰ মানচিত্ৰৰ ওপৰত নিৰ্মাণ কৰি কেডাষ্ট্ৰেল পৰ্যায়ত পুষ্টিকৰ অৱস্থাৰ স্থানীয় তাৰতম্য চিত্ৰিত কৰিবলৈ গাঁও পৰ্যায়ৰ ভূমিৰ উৰ্বৰতাৰ মানচিত্ৰ প্ৰস্তুত কৰাৰ দায়িত্ব ভাৰতৰ ভূমি ব্যৱহাৰ জৰীপক অৰ্পণ কৰা হৈছে। এই পদক্ষেপৰ অংশ হিচাপে কৃষকসকলক সুষম সাৰ ব্যৱহাৰৰ বাবে পথাৰ পৰ্যায়ৰ, স্থান নিৰ্দিষ্ট পুষ্টিকৰ তথ্য প্ৰদান কৰিবলৈ ৬,৯৫৪খন চিনাক্তকৃত আৰ্হি গাঁৱত ভূমিৰ উৰ্বৰতাৰ মেপিং কৰা হৈছে ।

এই মানচিত্ৰসমূহ গাঁৱৰ ভিতৰত ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা হয় যাতে সজাগতা বৃদ্ধি পায় আৰু পুষ্টিকৰ ব্যৱস্থাপনা সম্পৰ্কে জ্ঞাত সিদ্ধান্ত গ্ৰহণত সুবিধা হয়। আজিলৈকে ২০২৩ খন আৰ্হি গাঁৱত ভূমিৰ উৰ্বৰতাৰ মেপিং সম্পূৰ্ণ কৰা হৈছে।

আই.চি.এ.আৰ.ৰ নেতৃত্বত গৱেষণা ব্যৱস্থাৰ জৰিয়তে কৃষি স্থিতিস্থাপকতা শক্তিশালীকৰণ

ভাৰতীয় কৃষি গৱেষণা পৰিষদে জলবায়ু স্থিতিস্থাপক কৃষি প্ৰযুক্তি বিকশিত আৰু প্ৰসাৰৰ বাবে ২০১১ চনত জলবায়ু স্থিতিস্থাপক কৃষিৰ ওপৰত ৰাষ্ট্ৰীয় উদ্ভাৱন (এন.আই.চি.আৰ.এ.) নামৰ ফ্লেগশ্বিপ কাৰ্যসূচী আৰম্ভ কৰিছিল। এন.এম.এছ.এ.ক জলবায়ু পৰিৱৰ্তনৰ অভিযোজন আৰু প্ৰশমন ব্যৱস্থাৰ ক্ষেত্ৰত কৃষক আৰু অংশীদাৰসকলৰ সামৰ্থ বিকাশৰ বাবে যথেষ্ট অৰিহণা যোগাইছে। এই পদক্ষেপে খৰাং, বানপানী, আৰু গৰমৰ ঢৌকে ধৰি চৰম বতৰৰ পৰিঘটনা সহ্য কৰিব পৰাকৈ কৃষি ব্যৱস্থাৰ অভিযোজিত ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্যৰে হ্ৰস্ব আৰু দীৰ্ঘম্যাদী দুয়োটা গৱেষণাক সমৰ্থন কৰে।

এন.আই.চি.আৰ.এ.ৰ অধীনত জলবায়ু পৰিৱৰ্তনৰ আন্তঃচৰকাৰী পেনেল (আই.পি.চি.চি.) প্ৰট’কল অনুসৰি ৬৫১খন কৃষি জিলাত দুৰ্বলতাৰ মূল্যায়ন কৰা হৈছিল। ইয়াৰে ৩১০খন জিলাক অতি বা অতি উচ্চ দুৰ্বল হিচাপে চিনাক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত জিলা কৃষি আকস্মিক পৰিকল্পনা প্ৰস্তুত কৰা হৈছে, য’ত স্থান নিৰ্দিষ্ট জলবায়ু-স্থিতিস্থাপক শস্য আৰু পৰিচালনা পদ্ধতি অন্তৰ্ভুক্ত কৰা হৈছে। কৃষকৰ স্থিতিস্থাপকতা আৰু অধিক শক্তিশালী কৰিবলৈ ২৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি ১৫১খন দুৰ্বল জিলাৰ ৪৪৮খন গাঁৱত জলবায়ু স্থিতিস্থাপক গাঁও স্থাপন কৰা হৈছে , য’ত বহল প্ৰতিলিপিৰ বাবে উপযুক্ত প্ৰযুক্তি প্ৰদৰ্শন কৰা হৈছে।

ইয়াৰ উপৰিও আই.চি.এ.আৰ.ৰ নেতৃত্বত ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাৰ অধীনত ২০১৪-২০২৫ চনৰ ভিতৰত ২,৯৯৬ টা জলবায়ু-স্থিতিস্থাপক জাতৰ শস্য মুকলি কৰা হয়। জলবায়ু সম্পৰ্কীয় বিপদসমূহ কম কৰিবলৈ আৰু কৃষি বহনক্ষমতা বৃদ্ধি কৰিবলৈ পৰিপূৰক কৃষি পদ্ধতি, যেনে প্ৰত্যক্ষ বীজ সিঁচা ধান, শূন্য খেতি কৰা ঘেঁহু, চাপ সহনশীল শস্য গ্ৰহণ আৰু শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা আদিও বিকশিত আৰু প্ৰসাৰ কৰা হৈছে।

 

এন.এম.এছ.এ. হস্তক্ষেপৰ জৰিয়তে খাদ্য-পানী-জলবায়ুৰ সংযোগক সম্বোধন কৰা

এন.এম.এছ.এ.ই ২০৩০ চনৰ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছ.ডি.জি.)ক সমৰ্থন কৰে, বিশেষকৈ এছ.ডি.জি. ২ (শূন্য ক্ষুধা), এছ.ডি.জি. ৬ (বিশুদ্ধ পানী আৰু অনাময়) আৰু এছ.ডি.জি. ১৩ (জলবায়ু কাৰ্য)।

এছ.ডি.জি. ২ৰ অধীনত এনএমএছএই বৰষুণভিত্তিক এলেকা উন্নয়ন (আৰএডি)ৰ জৰিয়তে বহনক্ষম খাদ্য উৎপাদনক প্ৰসাৰিত কৰে , যিয়ে উৎপাদনশীলতা বৃদ্ধি আৰু কৃষকৰ আয় সুস্থিৰ কৰাত সংহত কৃষি ব্যৱস্থা (আইএফএছ)ক সহায় কৰে। ভূমি স্বাস্থ্য ব্যৱস্থাপনা (SHM) উপাদানে সুষম পুষ্টিকৰ ব্যৱহাৰক উৎসাহিত কৰে আৰু দীৰ্ঘম্যাদী ভূমিৰ উৰ্বৰতা বজাই ৰাখে, খাদ্য সুৰক্ষা শক্তিশালী কৰে। SDG 6 ৰ সৈতে সংগতি ৰাখি , প্ৰতি ড্ৰপ অধিক শস্য (পি.ডি.এম.চি.) উপাদানে ক্ষুদ্ৰ জলসিঞ্চন, নিখুঁত পানী প্ৰয়োগ, আৰু ভূমিৰ আৰ্দ্ৰতা সংৰক্ষণৰ জৰিয়তে পানী ব্যৱহাৰৰ কাৰ্যক্ষমতা উন্নত কৰে, যিয়ে কৃষিত বহনক্ষম পানী ব্যৱস্থাপনাক সমৰ্থন কৰে।

SDG 13ৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় বহনক্ষম কৃষি অভিযানে (এন.এম.এছ.এ.) জলবায়ু-স্থিতিস্থাপক শস্য ব্যৱস্থা, প্ৰাকৃতিক সম্পদ সংৰক্ষণ, আৰু বিপদ প্ৰশমন কৌশলৰ প্ৰসাৰ ঘটায়, কৃষকসকলক খৰাং, বানপানী আৰু অন্যান্য জলবায়ু সম্পৰ্কীয় চাপৰ সৈতে খাপ খুৱাই লোৱাত সহায় কৰে। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে এন.এম.এছ.এ.য়ে এছ.ডি.জি.ৰ কাঠামোৰ সৈতে সংগতি ৰাখি বহনক্ষম কৃষি, দক্ষ পানী ব্যৱহাৰ, আৰু জলবায়ুৰ স্থিতিস্থাপকতাক আগুৱাই লৈ যায়।

 

উপসংহাৰ-

ৰাষ্ট্ৰীয় বহনক্ষম কৃষি মিছনে (এন.এম.এছ.এ.) পানী ব্যৱহাৰৰ দক্ষতা, ভূমিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু জলবায়ু-সহিষ্ণু কৃষি ব্যৱস্থাক একত্ৰিত কৰি বহনক্ষম, জলবায়ু-সহিষ্ণু কৃষি উন্নয়নৰ বাবে এক সংহত পদ্ধতি প্ৰদান কৰে। লক্ষ্য নিৰ্ধাৰণ কৰা হস্তক্ষেপৰ জৰিয়তে যেনে বৰষুণ নিৰ্ভৰশীল এলেকা উন্নয়ন (আৰ.এ.ডি.), প্ৰতি টোপাল অধিক শস্য (পি.ডি.এম.চি.) আৰু ভূমি স্বাস্থ্য ব্যৱস্থাপনা (এছ.এইচ.এম.)ৰ জৰিয়তে এই অভিযানে বহনক্ষম কৃষি উৎপাদন আৰু প্ৰাকৃতিক সম্পদৰ দক্ষ ব্যৱহাৰক প্ৰসাৰিত কৰে।

জলবায়ু স্থিতিস্থাপক কৃষিৰ ওপৰত ৰাষ্ট্ৰীয় উদ্ভাৱন (এন.আই.চি.আৰ.এ.)ৰ অধীনত জ্ঞানৰ যোগান আৰু জলবায়ু-সহিষ্ণু কৃষি প্ৰযুক্তিৰ দ্বাৰা সমৰ্থিত এই প্ৰচেষ্টাসমূহে উৎপাদনশীলতা উন্নত কৰে, কৃষকৰ আয়ত সহায় কৰে আৰু তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি কৰে। এছডিজি ২, এছডিজি ৬ আৰু এছডিজি ১৩ৰ সৈতে সংগতি ৰাখি এন.এম.এছ.এ.য়ে ভাৰতত দীৰ্ঘম্যাদী খাদ্য আৰু জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বহনক্ষম কৃষিৰ প্ৰসাৰ অব্যাহত ৰাখিছে।

 

তথ্যসূত্ৰসমূহ-

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

 

বিত্ত মন্ত্ৰালয়

ৰাষ্ট্ৰসংঘ-

Click here to see pdf

পিআইবি গৱেষণা

(Explainer ID: 158656) आगंतुक पटल : 162
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam