• Sitemap
  • Advance Search
Economy

তৃণমূল পৰ্যায়ৰ অৰ্থনীতিক শক্তিশালীকৰণ: গ্ৰাম্য আৰু অৰ্ধনগৰীয় এম.এছ.এম.ই.ৰ বাবে এক বিশেষ পদক্ষেপ

Posted On: 14 MAY 2026 11:47AM

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ চমুকৈ এম.এছ.এম..য়ে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতি অব্যাহত ৰাখিছে যিয়ে দেশৰ জিডিপিত ৩১%তকৈ অধিক আৰু ৰপ্তানিত ৪৮.৫৮%তকৈ অধিক অৰিহণা যোগায় এম.এছ.এম..য়ে সমগ্ৰ দেশৰ প্ৰায় ৩২.৮ কোটি লোকৰ জীৱিকাৰ ক্ষেত্ৰত সহায় কৰে চৰকাৰে উদ্যম আৰু উদ্যম এচিষ্ট প্লেটফৰ্মৰ জৰিয়তে পঞ্জীয়নবিহীন উদ্যোগসমূহৰ আনুষ্ঠানিককৰণ ত্বৰান্বিত কৰিছে। ইয়াৰ ফলত ৭.৯ কোটিৰো অধিক উদ্যোগ আনুষ্ঠানিক অৰ্থনীতিলৈ আহিছে। ঋণৰ সুবিধা উন্নত কৰা, আইনী সুৰক্ষা শক্তিশালী কৰা আৰু ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি ৰা হৈছে ইয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা নীতিগত ব্যৱস্থাসমূহ। GeM, TReDS, আৰু SAMADHAANৰ দৰে ডিজিটেল প্লেটফৰ্মে বজাৰত উন্নত প্ৰৱেশ আৰু দ্ৰুত পেমেণ্ট সক্ষম কৰি তুলিছে। এই প্ৰচেষ্টাসমূহে একেলগে এম.এছ.এম.. পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি তুলিছে আৰু সমগ্ৰ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া ভাৰতত সৰ্বাংগীন বৃদ্ধিৰ দিশত আগবাঢ়িছে।

 

ঘৰুৱা অৰ্থনীতি শক্তিশালী কৰাত এম.এছ.এম..-

ভাৰতৰ অৰ্থনৈতিক উন্নয়নত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম.এছ.এম..) সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে| তেওঁলোকে উদ্যোগীকৰণক প্ৰসাৰিত কৰে, নিয়োগ সৃষ্টি কৰে, আৰু বিকেন্দ্ৰীকৃত ঔদ্যোগিক বৃদ্ধিৰ সমৰ্থন কৰে। গ্ৰাম্য আৰু অৰ্ধনগৰীয় অৰ্থনীতি শক্তিশালী কৰাৰ বাবে এম.এছ.এম..সমূহ বিশেষভাৱে গুৰুত্বপূৰ্ণ। এই কথা স্বীকাৰ কৰি চৰকাৰে এই খণ্ডৰ বাবে কেইবাটাও নীতিগত পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে বিত্তৰ সুবিধা উন্নত কৰা, আনুষ্ঠানিককৰণক উৎসাহিত কৰা, বজাৰৰ সংযোগ শক্তিশালী কৰা আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ ডিজিটেল সংহতিক প্ৰসাৰ কৰা।

এই ব্যৱস্থাসমূহৰ লক্ষ্য হৈছে স্থানীয় উৎপাদন ব্যৱস্থা শক্তিশালী কৰা আৰু আত্মনিয়োগক উৎসাহিত কৰা। ইয়াৰ উপৰিও তেওঁলোকে পৰম্পৰাগত শিল্পকলা আৰু গ্ৰাম্য উদ্যোগসমূহক সমৰ্থন কৰে, যিয়ে সৰ্বাংগীন আৰু সুষম অৰ্থনৈতিক বিকাশত অৰিহণা যোগায়।

খণ্ডগত আভাস

ভাৰতৰ জিডিপিত এম.এছ.এম..য়ে প্ৰায় ৩১.১% অৰিহণা যোগায়, মুঠ ৰপ্তানিৰ ৪৮.৫৮%, আৰু উৎপাদনৰ প্ৰায় ৩৫.৪% উৎপাদন কৰে। এই খণ্ডটোৱে উৎপাদন, সেৱা, আৰু বাণিজ্যিক কাৰ্যকলাপৰ ৭.৪৭ কোটিতকৈ অধিক উদ্যোগক সামৰি লৈছে। ই প্ৰায় ৩২.৮ কোটি লোকক জীৱিকাৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত ই কৃষিৰ পিছত দ্বিতীয় বৃহত্তম কৰ্মসংস্থাপনৰ উৎস।

এই উদ্যোগসমূহৰ এটা বৃহৎ অংশ গ্ৰাম্য আৰু অৰ্ধনগৰীয় অঞ্চলত চলি থাকে। এইসমূহে স্থানীয় মূল্য শৃংখলক সমৰ্থন কৰে, অকৃষি নিয়োগক প্ৰসাৰিত কৰে আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগায়।

ইয়াৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলত এম.এছ.এম..সমূহক শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা অন্তৰ্ভুক্ত বৃদ্ধি, উৎপাদনশীলতা উন্নত কৰা আৰু ক্ষুদ্ৰ উদ্যোগসমূহক ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী যোগান শৃংখলত একত্ৰিত কৰাত সহায় কৰা হয়। বহুতো এম.এছ.এম.. পঞ্জীয়নবিহীন আৰু অনানুষ্ঠানিক উদ্যোগ হিচাপে বিদ্যমান। সেইসমূহক আনুষ্ঠানিক কৰাটো প্ৰয়োজনীয় যাতে এই খণ্ডলৈ প্ৰদান কৰা ঋণ আৰু অন্যান্য সহায়ৰ সুবিধা লাভ কৰিব পাৰে। শেহতীয়া বছৰবোৰত ডিজিটেল পঞ্জীয়ন মঞ্চৰ জৰিয়তে আনুষ্ঠানিককৰণ ত্বৰান্বিত হৈছে। ২০২৬ চনৰ মাৰ্চ মাহলৈকে ৭.৯ কোটিৰো অধিক এম.এছ.এম.ই. আৰু অনানুষ্ঠানিক ক্ষুদ্ৰ উদ্যোগ ‘উদ্যম আৰু উদ্যম এচিষ্ট’ প্লেটফৰ্ম জৰিয়তে পঞ্জীয়ন কৰা হৈছে। ইয়াৰ দ্বাৰা ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে প্ৰতিষ্ঠানিক সমৰ্থন ব্যৱস্থাৰ সম্প্ৰসাৰিত পৰিসৰ প্ৰতিফলিত হয়।

ঋণ আৰু আৰ্থিক সহায়ৰ ব্যৱস্থা

সুলভ আৰু সময়োপযোগী ঋণৰ সুবিধা এম.এছ,এম.ই. বৃদ্ধিৰ বাবে অন্যতম জটিল প্ৰয়োজনীয়তা হৈয়েই আছে। গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে ই অধিক গুৰুত্বপূৰ্ণ। এই ব্যৱধান দূৰ কৰিবলৈ চৰকাৰে একাধিক ঋণ আৰু আৰ্থিক সহায়ৰ ব্যৱস্থা স্থাপন কৰিছে।

ঋণ নিশ্চয়তা আঁচনি (চি.জি.এছ.)

এম.এছ.এম.ই. মন্ত্ৰালয়ে ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি ট্ৰাষ্ট (চি.জি.টি.এম.এছ.ই.)ৰ জৰিয়তে ঋণ নিশ্চয়তা আঁচনি (চি.জি.এছ.) ৰূপায়ণ কৰে । ই চৰকাৰ আৰু ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (এছ.আই.ডি.বি.)ৰ যৌথ পদক্ষেপ। এই আঁচনিখনে ক্ষুদ্ৰ আৰু লঘু উদ্যোগ (এম.এছ.ই.)লৈ বন্ধকবিহীন আৰু তৃতীয় পক্ষৰ নিশ্চয়তামুক্ত ঋণৰ প্ৰবাহৰ সুবিধা প্ৰদান কৰে। ই প্ৰথম প্ৰজন্মৰ আৰু অভাৱগ্ৰস্ত উদ্যোগীসকলক প্ৰতিষ্ঠানিক বিত্তীয় সাহায্য লাভ কৰিবলৈ সক্ষম কৰে।

কেন্দ্ৰীয় বাজেট ২০২৫-২৬ অনুসৰি চি.জি.এছ.ৰ অধীনত নিশ্চয়তা কভাৰেজৰ চিলিং বেংকৰ বাবে ৫ কোটি টকাৰ পৰা ১০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে । সংশোধিত নিৰ্দেশনাসমূহ ২০২৫ চনৰ ১ এপ্ৰিলত বা তাৰ পিছত অনুমোদিত সকলো নিশ্চয়তাৰ ক্ষেত্ৰত প্ৰযোজ্য। ইয়াৰ উপৰিও তৃতীয় লিংগৰ উদ্যোগীসকলে প্ৰচাৰ কৰা এম.এছ.ই.ৰ বাবে বিশেষ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। এই উদ্যোগসমূহে ২০২৫ চনৰ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱা ৮৫% পৰ্যন্ত বৰ্ধিত নিশ্চয়তা কভাৰেজৰ লগতে নিশ্চয়তা মাচুলত ১০% ৰেহাইৰ বাবে যোগ্য।

আত্মনিৰ্ভৰ ভাৰত (এছ.আৰ.আই.) পুঁজি

পুঁজিৰ ব্যৱস্থাৰ জৰিয়তে এম.এছ.এম.ই.সমূহক ৫০,০০০ কোটি টকাৰ ইকুইটি সহায় আগবঢ়াবলৈ আত্মনিৰ্ভৰ ভাৰত (এছ.আৰ.আই.) পুঁজি আৰম্ভ কৰা হৈছিল। এই পুঁজিত চৰকাৰৰ পৰা ১০,০০০ কোটি টকা আৰু প্ৰাইভেট ইকুইটি আৰু ভেঞ্চাৰ কেপিটেলৰ পুঁজিৰ জৰিয়তে সংগ্ৰহ কৰিবলগীয়া ৪০,০০০ কোটি টকা সন্নিবিষ্ট কৰা হৈছে। ই এন.এছ.আই.চি. ভেঞ্চাৰ কেপিটেল ফাণ্ড লিমিটেড (এন.ভি.চি.এফ.এল.)ৰ দ্বাৰা পৰিচালিত মাতৃ পুঁজি–কন্যা পুঁজিৰ গাঁথনিৰ জৰিয়তে কাম কৰে যিটো হ’ল ছেবি(SEBI)-পঞ্জীয়নভুক্ত দ্বিতীয় শ্ৰেণীৰ বিকল্প বিনিয়োগ পুঁজি।

২০২৫ চনৰ নৱেম্বৰ মাহলৈকে এছ.আৰ.আই. পুঁজিয়ে ১৫,৪৪২ কোটি টকাৰ বিনিয়োগেৰে ৬৮২টা এম.এছ.এম.ই.ক সহায় কৰিছে। কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত আত্মনিৰ্ভৰ ভাৰত পুঁজিলৈ অতিৰিক্ত ২,০০০ কোটি টকা প্ৰদান কৰা হৈছে। ক্ষুদ্ৰ উদ্যোগসমূহক ৰিস্ক কেপিটেলৰ সৈতে নিৰন্তৰ সহায় আগবঢ়োৱা হৈছে ইয়াৰ উদ্দেশ্য।

জৰুৰীকালীন ক্ৰেডিট লাইন নিশ্চয়তা আঁচনি (ই.চি.এল.জি.এছ.)

ই.চি.এল.জি.এছ. (২০২০)-এ যোগ্য এম.এছ.এম.ই. আৰু ব্যৱসায়িক উদ্যোগসমূহক তেওঁলোকৰ কাৰ্য্যকৰী দায়বদ্ধতা পূৰণ কৰাত সহায় কৰে। ইয়াৰ লগতে ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা ব্যাঘাতৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ ব্যৱসায় পুনৰ আৰম্ভ কৰাত সহায় কৰাও ইয়াৰ লক্ষ্য। এই আঁচনিখন ২০২৩ চনৰ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছিল।

২০২৩ চনৰ জানুৱাৰী মাহলৈকে ই.চি.এল.জি.এছ.ৰ অধীনত ৩.৬১ লাখ কোটি টকাৰ নিশ্চয়তা প্ৰদান কৰা হৈছিল। এই নিশ্চয়তাৰ দ্বাৰা ১.১৯ কোটি ঋণগ্ৰহণকাৰী উপকৃত হৈছিল। ই.চি.এল.জি.এছ.ৰ ওপৰত ভাৰতীয় ষ্টেট বেংকৰ এক গৱেষণা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে প্ৰায় ১৪.৬ লাখ এম.এছ.এম.ই. একাউণ্ট এন.পি.এ. শ্ৰেণীবিভাজনত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰা হৈছে। ইয়াৰে প্ৰায় ৯৮.৩% একাউণ্ট ক্ষুদ্ৰ আৰু লঘু উদ্যোগ শ্ৰেণীৰ অন্তৰ্গত আছিল। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে ই.চি.এল.জি.এছ. আৰম্ভ হোৱাৰ পৰাই প্ৰায় ২.২ লাখ কোটি টকাৰ এম.এছ.এম.ই. ঋণ একাউণ্টৰ উন্নতি হৈছে।

এম.এছ.এম.ই.সমূহৰ বাবে আইনী আৰু প্ৰতিষ্ঠানিক সহায়

সামগ্ৰী আৰু সেৱাৰ বাবে পেমেণ্টৰ সময়মতে উপলব্ধি কৰাটো এম.এছ.এম.ই.ৰ বিত্তীয় স্থিতিশীলতা আৰু কাৰ্যকৰী ধাৰাবাহিকতাৰ বাবে অতি প্ৰয়োজনীয়। এই উদ্যোগসমূহে প্ৰায়ে সীমিত কাৰ্যকৰী মূলধনেৰে কাম কৰে। ইয়াক স্বীকাৰ কৰি চৰকাৰে এই বিষয়টোৰ সমাধানৰ বাবে এক শক্তিশালী আইনী আৰু প্ৰতিষ্ঠানিক পৰিকাঠামো স্থাপন কৰিছে।

এম.এছ.এম..ডি. আইন, ২০০৬ — পেমেণ্ট সুৰক্ষা

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন (এম.এছ.এম.ই.ডি.) আইন, ২০০৬-এ সূক্ষ্ম আৰু ক্ষুদ্ৰ উদ্যোগসমূহক পলমকৈ ধন পৰিশোধ কৰাৰ বিৰুদ্ধে বিধিগত সুৰক্ষা প্ৰদান কৰে । এই আইনৰ অধীনত ক্ৰেতাসকলে সামগ্ৰী বা সেৱা গ্ৰহণ কৰাৰ ৪৫ দিনৰ ভিতৰত এম.এছ.ই.সমূহক ধন পৰিশোধ কৰিবলৈ বাধ্যতামূলক। এইটো লিখিতভাৱে চুক্তিবদ্ধ হোৱাৰ দৰে হ’ব পাৰে যি ৪৫ দিনতকৈ বেছি নহয়। পেমেণ্ট পলমৰ ফলত উদ্ভৱ হোৱা বিবাদৰ বিচাৰ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ১৬১টা ক্ষুদ্ৰ আৰু লঘু উদ্যোগ সুবিধা পৰিষদ (এম.এছ.ই.এফ.চি.) গঠন কৰা হৈছে।

SAMADHAAN পৰ্টেল

এম.এছ.এম.ই. মন্ত্ৰালয়ে ২০১৭ চনৰ অক্টোবৰ মাহত SAMADHAAN পৰ্টেল (samadhaan.msme.gov.in) মুকলি কৰিছিল।ইয়াত এম.এছ..সমূহে পলমকৈ পেমেণ্টৰ আবেদনসমূহ অনলাইনত দাখিল আৰু নিৰীক্ষণ কৰাৰ বাবে প্ৰযুক্তি-সক্ষম ব্যৱস্থা প্ৰদান কৰে। গোচৰসমূহ স্বয়ংক্ৰিয়ভাৱে নিজ নিজ এম.এছ.ই.এফ.চি.লৈ বিচাৰৰ বাবে প্ৰেৰণ কৰা হয় ইয়াৰ ফলত শাৰীৰিক ভ্ৰমণ বা মধ্যস্থতাকাৰীৰ নিয়োজিত হোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া হয়।

কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চি.পি.এছ.ই.)ৰ পৰা পেমেণ্টৰ বাবদ ধন অনুসৰণ কৰিবলৈ ২০২০ চনৰ জুন মাহত এটা নিৰ্দিষ্ট উপ-পৰ্টেল সৃষ্টি কৰা হৈছিল। ২০২২ চনৰ ডিচেম্বৰ মাহলৈকে, ২০২০ চনৰ মে’ মাহৰ পৰা কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ, আৰু চি.পি.এছ.ই.য়ে এম.এছ.এম..ক ১,৬৫,০৩৪ কোটি টকাৰ প্ৰাপ্য ধন পৰিশোধ কৰিছিল।

এই কাঠামোৰ ওপৰত নিৰ্ভৰ কৰি এম.এছ.এম.. মন্ত্ৰালয়ে ২০২৫ চনৰ জুন মাহত অনলাইন বিবাদ নিষ্পত্তি (অ’.ডি.আৰ.) পৰ্টেল আৰম্ভ কৰে । ই সমগ্ৰ দেশৰ এম.এছ.ই.সমূহৰ বাবে প্ৰতিকাৰৰ বাবে জড়িত সময়, ব্যয় আৰু অধিক হ্ৰাস কৰে।

 

আনুষ্ঠানিককৰণ আৰু অগ্ৰাধিকাৰ খণ্ডৰ অন্তৰ্ভুক্তি

ভাৰতৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ এটা বৃহৎ অংশ আনুষ্ঠানিক অৰ্থনৈতিক ব্যৱস্থাৰ বাহিৰত যি চৰকাৰী পঞ্জীয়ন বা নথিভুক্ত বিত্তীয় ইতিহাসৰ অবিহনে কাম কৰে। এই গাঁথনিগত অনানুষ্ঠানিকতাই তেওঁলোকৰ প্ৰতিষ্ঠানিক ঋণ, চৰকাৰী আঁচনি আৰু আনুষ্ঠানিক বজাৰত প্ৰৱেশ সীমিত কৰে। এই উদ্যোগসমূহক আনুষ্ঠানিক ক্ষেত্ৰৰ ভিতৰলৈ অনাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

উদ্যম পৰ্টেল আৰু উদ্যম এচিষ্ট প্লেটফৰ্ম (ইউ..পি.)

২০২৩ চনৰ জানুৱাৰী মাহত আৰম্ভ হোৱা ইউ..পি.য়ে আনুষ্ঠানিক পঞ্জীয়নৰ অভাৱত অনানুষ্ঠানিক ক্ষুদ্ৰ উদ্যোগসমূহক আনুষ্ঠানিক বিত্তীয় ব্যৱস্থালৈ আনে । ই এনে উদ্যোগসমূহক অগ্ৰাধিকাৰ খণ্ডৰ ঋণ প্ৰদানৰ সুবিধাসমূহ পঞ্জীয়ন আৰু লাভ কৰিবলৈ সক্ষম কৰে যাৰ ফলত প্ৰতিষ্ঠানিক ঋণ পৰিৱেশ তন্ত্ৰত তেওঁলোকৰ একত্ৰীকৰণৰ সুবিধা হয়। উদ্যম পঞ্জীয়ন পৰ্টেল আৰু উদ্যম সহায়ক মঞ্চৰ মাজত চৰকাৰে ক্ষুদ্ৰ উদ্যোগসমূহৰ আনুষ্ঠানিককৰণ যথেষ্ট ত্বৰান্বিত কৰিছে।

উদ্যম পৰ্টেলত ৪.৭২ কোটি আৰু উদ্যম এছিষ্ট প্লেটফৰ্মত ৩.২১ কোটি উদ্যোগ পঞ্জীয়নেৰে ২০২৬ চনৰ মাৰ্চ মাহলৈকে দুয়োটা প্লেটফৰ্মতে ৭.৯ কোটিতকৈ অধিক উদ্যোগ পঞ্জীয়ন কৰা হৈছিল। এইটোৱে এম.এছ.এম.. ডিজিটাইজেচনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে

 

এম.এছ.এম..ৰ অধীনত ব্যৱসায়ীসকলক অন্তৰ্ভুক্ত কৰা

২০২১ চনৰ জুলাইৰ পৰা সংশোধিত চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীসকলক এম.এছ.এম.ই.ৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত উদ্যোগসমূহে উদ্যম পঞ্জীয়ন পৰ্টেলত পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে আৰু অগ্ৰাধিকাৰ খণ্ড ঋণ (পি.এছ.এল.) নীতিৰ অধীনত সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। এই ব্যৱস্থাই এম.এছ.এম.ই.ৰ কভাৰেজ সম্প্ৰসাৰণ কৰিছিল আৰু আনুষ্ঠানিক এম.এছ.এম.ই. পৰিৱেশ তন্ত্ৰত বাণিজ্যিক কাৰ্যকলাপসমূহক একত্ৰিত কৰাত সহায় কৰিছিল।

এম.এছ.এম.. শ্ৰেণীবিভাজন পৰিৱৰ্তনৰ সময়ত সমৰ্থন

শাস্তি বৃদ্ধিৰ পৰা হাত সাৰিবলৈ চৰকাৰে কৰবিহীন সুবিধাসমূহ তিনি বছৰৰ বাবে চলি থাকিবলৈ অনুমতি দিয়ে। এইটো সেইটো ক্ষেত্ৰত প্ৰযোজ্য যেতিয়া এটা এম.এছ.এম.ই. উচ্চতৰ শ্ৰেণী পৰ্যায়লৈ উপনীত হয়। এই ব্যৱস্থাই ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে নিজৰ কাৰ্য্কলাপ বৃদ্ধিৰ বাবে এটা মূল নিৰুৎসাহজনকতা আঁতৰাই পেলায়।

ডিজিটেলাইজেচন আৰু বজাৰ প্ৰৱেশৰ পদক্ষেপ

ডিজিটেল একত্রীকৰণ ধীৰে ধীৰে এম.এছ.এম.ই.ৰ প্ৰতিযোগিতামূলকতাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ই উদ্যোগসমূহক চৰকাৰী ক্ৰয় বজাৰত প্ৰৱেশ কৰিবলৈ, দ্ৰুত পেমেণ্ট উপলব্ধি লাভ কৰিবলৈ, অনুসৰণ সুশৃংখলিত কৰিবলৈ আৰু তেওঁলোকৰ গ্ৰাহকৰ ভিত্তি সম্প্ৰসাৰণ কৰিবলৈ সক্ষম কৰে। চৰকাৰে এম.এছ.এম.ই.সমূহক কাৰ্যকৰী জীৱনচক্ৰৰ প্ৰতিটো পৰ্যায়তে সহায় কৰিবলৈ ডিজিটেল প্লেটফৰ্মৰ এক বিস্তৃত পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে।

এম.এছ.এম..ৰ বাবে ডিজিটেল ইণ্ডিয়া সমৰ্থন

ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত চৰকাৰে ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লক্ষ্য হৈছে চাহিদা অনুসৰি শাসন আৰু সেৱা প্ৰদান কৰাৰ লগতে নাগৰিক আৰু উদ্যোগসমূহৰ ডিজিটেল সবলীকৰণক প্ৰসাৰ কৰা। এম.এছ.এম.ই.ৰ বাবে ডিজিটেল সক্ষমতাই বজাৰৰ উন্নত প্ৰৱেশ, উন্নত বিত্তীয় অন্তৰ্ভুক্তি আৰু অনুসৰণৰ সহজতা বৃদ্ধি কৰে।

মূল এম.এছ.এম..ডিজিটেল প্লেটফৰ্মসমূহ-

এম.এছ.এম.ই. আনুষ্ঠানিককৰণ, বিত্তীয় সাহায্য, বজাৰ সংযোগ আৰু বিবাদ নিষ্পত্তিৰ সমৰ্থন কৰিবলৈ ডিজিটেল প্লেটফৰ্মৰ এক বহল পৰিৱেশ তন্ত্ৰ বিকশিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে:

  • অনলাইন এম.এছ.এম.ই. পঞ্জীয়ন আৰু উদ্যম পঞ্জীয়ন নম্বৰ প্ৰদানৰ বাবে উদ্যম পৰ্টেল
  • ৰাজহুৱা ক্ৰয়ৰ বাবে চৰকাৰী ই-মাৰ্কেটপ্লেচ (জি.ই.এম.) আৰু এম.এছ.এম.ই.সমূহক চৰকাৰী ক্ৰেতাক পোনপটীয়াকৈ বিক্ৰী কৰিবলৈ সক্ষম কৰা
  • একাধিক বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে চালান বিত্তীয় সাহাৰ্যৰ সুবিধাৰ বাবে ট্ৰেড ৰিচিভেবল ডিছকাউণ্টিং চিষ্টেম (টি.আৰ.ই.ডি.এছ.)
  • অভিযোগ নিষ্পত্তি, পৰামৰ্শ আৰু সহযোগৰ বাবে এম.এছ.এম.. চেম্পিয়ন পৰ্টেল
  • এম.এছ.এম.ই.ৰ পৰা ৰাজহুৱা ক্ৰয় নিৰীক্ষণৰ বাবে এম.এছ.এম..ম্বন্ধ
  • পি.এম.ই.জি.পি.-সমৰ্থিত প্ৰকল্পসমূহৰ প্ৰয়োগ, অনুমোদন, আৰু অনুসৰণৰ বাবে পি.এম.ই.জি.পি. পৰ্টেল
  • পৰম্পৰাগত শিল্পীসকলক পঞ্জীয়ন আৰু সহায়ৰ বাবে পি.এম. বিশ্বকৰ্মা পৰ্টেল
  • বিবাদৰ ডিজিটেল সমাধানৰ বাবে অনলাইন বিবাদ নিষ্পত্তি পৰ্টেল

 

উদ্যোগীকৰণ আৰু জীৱিকা প্ৰসাৰ আঁচনি

প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (পি.এম..জি.পি.)

পি.এম..জি.পি. হৈছে এম.এছ.এম.. মন্ত্ৰালয়ৰ এক ফ্লেগশ্বিপ ক্ৰেডিট-লিংকড ৰাজসাহায্য আঁচনি । খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কে.ভি.আই.চি.)ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক কাৰ্যকৰী কৰা হয়। ৰাজ্যিক পৰ্যায়ত ই কে.ভি.আই.চি. কাৰ্যালয়, কে.ভি.আই.বি. আৰু জিলা উদ্যোগ কেন্দ্ৰ (ডি.আই.চি.)ৰ জৰিয়তে কাম কৰে। অকৃষি খণ্ডত নতুন ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰাত সহায় কৰি আত্মনিয়োগৰ সুযোগ সৃষ্টি কৰা এই আঁচনিৰ লক্ষ্য।

মাৰ্জিন মানি ৰাজসাহাৰ্যৰ বাবে যোগ্য প্ৰকল্পৰ সৰ্বোচ্চ খৰচ উৎপাদন খণ্ডৰ বাবে ৫০ লাখ আৰু সেৱা/ব্যৱসায় খণ্ডৰ বাবে ২০ লাখ টকা। মাৰ্জিন মানি চাবচিডি হৈছে নতুন ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে বেংক ঋণৰ বেক-এণ্ডেড ৰাজসাহায্য হিচাপে প্ৰদান কৰা চৰকাৰী পুঁজিৰে আৰ্থিক সাহাৰ্য

আঁচনিৰ অধীনত হিতাধিকাৰীৰ শ্ৰেণী আৰু স্থানৰ ওপৰত ভিত্তি কৰি ৰাজসাহাৰ্যৰ ভিন্নতা থাকে। বিশেষ শ্ৰেণীৰ বাবে ৰাজসাহায্য গ্ৰামাঞ্চলত প্ৰকল্পৰ ব্যয়ৰ ৩৫% আৰু চহৰ অঞ্চলত ২৫%। বিশেষ শিতানত অনুসূচিত জাতি/অনুসূচিত জনজাতি, অবিচি, সংখ্যালঘু, মহিলা, প্ৰাক্তন সেনাবাহিনীৰ লোক, বিশেষভাৱে সক্ষম ব্যক্তি, আৰু উত্তৰ-পূব অঞ্চল, পাহাৰ আৰু সীমান্ত অঞ্চলৰ আবেদনকাৰীসকল অন্তৰ্ভুক্ত।

 

২০২১–২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫–২৬ বিত্তীয় বৰ্ষলৈকে পি.এম..জি.পি.য়ে ৫.৮ লাখৰো অধিক প্ৰকল্প স্থাপনত সহায় কৰিছে। ৬০,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বেংকৰ ঋণ অনুমোদন কৰা হৈছে৷ একে সময়ছোৱাত ৪ লাখতকৈ অধিক ইউনিটলৈ ১৩,৪৫০ কোটি টকাতকৈ অধিক মাৰ্জিন মানি ৰাজসাহাৰ্য প্ৰদান কৰা হৈছে। ইয়াৰ ফলত প্ৰায় ৩৬.৩ লাখ লোকৰ কৰ্মসংস্থাপন সৃষ্টি হৈছে বুলি অনুমান কৰা হৈছে।

 

প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি

২০২৩ চনৰ পৰা আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিয়ে নিজৰ হাত আৰু সঁজুলিৰে কাম কৰা শিল্পী আৰু শিল্পীসকলক সম্পূৰ্ণ সমন্বিত সহায় সহায় আগবঢ়ায়। এই আঁচনিখনে ১৮টা পৰম্পৰাগত ব্যৱসায়ৰ মাজেৰে সহায়ৰ এক বিস্তৃত পেকেজ প্ৰদান কৰে। ইয়াত পি.এম. বিশ্বকৰ্মা মানপত্ৰ আৰু পৰিচয়পত্ৰৰ জৰিয়তে আনুষ্ঠানিক স্বীকৃতি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ৫–৭ দিনৰ মৌলিক প্ৰশিক্ষণ আৰু ১৫ দিন বা তাতকৈ অধিক সময়ৰ উন্নত প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা উন্নীতকৰণৰ ব্যৱস্থা আছে। এই আঁচনিৰ অধীনত প্ৰতিদিনে ৫০০ টকা মাননিও দিয়া হৈছে। হিতাধিকাৰীসকলে ই-ভাউচাৰৰ জৰিয়তে ১৫,০০০ টকা পৰ্যন্ত এটা টুলকিট ইনচেন্টিভৰ বজাৰ সংযোগ সমৰ্থনও লাভ কৰে।

৩ লাখ টকা পৰ্যন্ত বন্ধকবিহীন উদ্যোগ উন্নয়ন ঋণ ১ লাখ আৰু ২ লাখ টকাৰ দুটা ভাগত প্ৰদান কৰা হয়। এই কাৰ্যকাল ক্ৰমে ১৮ মাহ আৰু ৩০ মাহ। এই ঋণসমূহ ৫% ৰেহাইমূলক সুতৰ হাৰত প্ৰদান কৰা হয় আৰু চৰকাৰে ৮% সুতৰ সাহাৰ্য প্ৰদান কৰে।

২০২৬ চনৰ মাৰ্চ মাহলৈকে পি.এম. বিশ্বকৰ্মা আঁচনিৰ অধীনত ৩০ লাখৰো অধিক শিল্পীয়ে পঞ্জীয়ন কৰিছে ইয়াৰে ২৬.৭ লাখতকৈ অধিক হিতাধিকাৰীয়ে দক্ষতা পৰীক্ষণ সম্পূৰ্ণ কৰিছে।আনহাতে ২৩.৭ লাখতকৈ অধিক হিতাধিকাৰীয়ে মৌলিক প্ৰশিক্ষণ লাভ কৰিছে৷ ইয়াৰ দ্বাৰা দক্ষতা উন্নীতকৰণৰ ওপৰত এই আঁচনিখনৰ গুৰুত্ব প্ৰতিফলিত হয়। ইয়াৰ উপৰিও প্ৰায় ৫.৯ লাখ ঋণৰ অনুমোদন লাভ কৰা হৈছে যাৰ পৰিমাণ প্ৰায় ৫,০৫০ কোটি টকা। ইয়াৰ লগতে টুলকিট ইনচেন্টিভ আৰু উদ্যোগ বিকাশত সহায়ক হোৱাকৈ ২৫.৮ লাখতকৈ অধিক ই-ভাউচাৰ জাৰি কৰা হৈছে।

এটা শক্তিশালী এম.এছ.এম.ই.পৰিৱেশ তন্ত্ৰৰ দিশত

বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধনগৰীয় অঞ্চলত এম.এছ.এম.ই.সমূহক শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগীয়ে এক ব্যাপক কৌশল প্ৰতিফলিত কৰে। ই ঋণ, অনুসৰণ, আনুষ্ঠানিককৰণ আৰু বজাৰ প্ৰৱেশৰ মাজেৰে গাঁথনিগত বাধাসমূহৰ সমাধান কৰে। কেন্দ্ৰীয় বাজেট ২০২৬–২৭ৰ অধীনত ১০,০০০ কোটি টকাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বৃদ্ধি পুঁজি আৰু এছ.আৰ.আই. পুঁজিলৈ অতিৰিক্ত আবণ্টনে ইকুইটি সমৰ্থন আৰু অধিক শক্তিশালী কৰিছে। ইয়াৰ উপৰিও ই সমগ্ৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত ট্ৰেড ৰিচিভেবল ডিছকাউণ্টিং চিষ্টেম (টি.আৰ.ই.ডি.এছ.)বাধ্যতামূলক কৰে। এই ব্যৱস্থাসমূহে বিকশিত খণ্ডগত প্ৰয়োজনীয়তা পূৰণৰ বাবে নীতিৰ কাঠামোক শক্তিশালী কৰি তুলিছে।

ভৱিষ্যতে ডিজিটেল প্লেটফৰ্ম, বিত্তীয় প্ৰতিষ্ঠান আৰু তৃণমূল পৰ্যায়ৰ ৰূপায়ণ সংস্থাসমূহৰ মাজত অবিৰত অভিসৰণ অতি গুৰুত্বপূৰ্ণ হ’ব। ইয়াৰ দ্বাৰা এই আঁচনিসমূহৰ সুবিধা শেষ মাইলৰ উদ্যোগী, শিল্পী, গ্ৰাম্য ব্যৱসায়ী আৰু প্ৰথম প্ৰজন্মৰ ক্ষুদ্ৰ উদ্যোগৰ মালিকসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰা হ’ব। এই অংশীদাৰসকলে ভাৰতৰ স্বাৱলম্বী অৰ্থনৈতিক বিকাশৰ ভেটি গঠন কৰে।

 

তথ্যসূত্ৰসমূহ-

বিত্ত মন্ত্ৰালয়

https://www.indiabudget.gov.in/economicsurvey/doc/echapter.pdf

https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=1898880&reg=3&lang=2

এম.এছ.এম.ই.

https://dashboard.msme.gov.in/?utm

https://www.cgtmse.in/Home/VS/3

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2099687&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2209712&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2238984&reg=6&lang=1

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1943193&reg=3&lang=2

https://www.pib.gov.in/newsite/PrintRelease.aspx?relid=172056&reg=3&lang=2

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1881703&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2153722&reg=3&lang=2

https://msme.gov.in/1-prime-ministers-employment-generation-programme-pmegp

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1795121&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1959098&reg=3&lang=2

 

ডি ডি নিউজ

https://ddnews.gov.in/en/union-budget-2026-27-puts-msmes-at-the-core-of-indias-global-growth-strategy/

Click here for pdf file

 

(Explainer ID: 158646) आगंतुक पटल : 78
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Kannada , Malayalam