• Sitemap
  • Advance Search
Farmer's Welfare

ছুপাৰফুড চুইটনাৰ

ভাৰতত গুড় উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ

Posted On: 16 MAY 2026 10:40AM

ভাৰতে বিশ্বৰ ৭০%তকৈ অধিক গুড় উৎপাদনেৰে প্ৰাকৃতিক মিঠাইৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে৷ দেশৰ কুহিয়াৰ উৎপাদনৰ প্ৰায় ২০৩০% গুড় উৎপাদনৰ দিশত ধাৱমান হয় যিয়ে প্ৰায় ২৫ লাখ গ্ৰাম্য জীৱিকাৰ সহায় কৰে এই খণ্ডত ৰপ্তানিও যথেষ্ট বৃদ্ধি পাইছে ২০১৫১৬ আৰু ২০২৪২৫ চনৰ ভিতৰত গুড় ৰপ্তানিৰ মূল্য ১০৬.% বৃদ্ধি পাইছে , যিয়ে আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধিৰ ইংগিত দিয়ে পুষ্টিকৰভাৱে আইৰণ, খনিজ পদাৰ্থ আৰু প্ৰয়োজনীয় অণুপুষ্টিকৰ উপাদানৰে সমৃদ্ধ গুড়ে শোধিত চেনিৰ সলনি স্বাস্থ্যকৰ বিকল্প হিচাপে কাম কৰে এই বৃদ্ধিৰ পৰিপূৰক হিচাপে চৰকাৰী পদক্ষেপ যেনে প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা (PMKSY), প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আনুষ্ঠানিককৰণ (PMFME) আঁচনি আৰু জি আই টেগিঙৰ সৈতে এক জিলা এক সামগ্ৰী (ODOP) মূল্য সংযোজনৰ প্ৰসাৰ, গ্ৰাম্য উদ্যোগ শক্তিশালী কৰা আৰু ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

ভাৰতত গুড় খণ্ড: উৎপাদন, তাৎপৰ্য, আৰু জীৱিকা

গুৰ সাধাৰণতে এবিধ পৰম্পৰাগত, অশোধিত, প্ৰাকৃতিক মিঠাই। ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ কুহিয়াৰৰ ৰস ঘনীভূত কৰি ইয়াক উৎপাদন কৰা হয়। ইয়াক প্ৰায়ে “ঔষধি চেনি বুলি কোৱা হয় আৰু ই পুষ্টিৰ ফালৰ পৰা মৌৰ সৈতে তুলনাযোগ্য। সমগ্ৰ এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা, কেৰিবিয়ানত বিভিন্ন স্থানীয় নামেৰে গুড় ব্যাপকভাৱে সেৱন কৰা হয়। ইয়াৰ প্ৰাকৃতিক উৎপত্তি, পৰম্পৰাগত প্ৰক্ৰিয়াকৰণ পদ্ধতি, আৰু ৰাসায়নিক মুক্ত মিঠাকাৰকৰ বাবে গ্ৰাহকৰ বৰ্ধিত পছন্দৰ বাবে ইয়াক মূল্যৱান বুলি গণ্য কৰা হয়।

বিশ্বৰ গুড় উৎপাদনৰ ৭০ শতাংশতকৈও অধিক ভাৰতত হয়। ইয়াৰ ফলত ভাৰত বিশ্বৰ সৰ্ববৃহৎ গুড় উৎপাদক হিচাপে পৰিগণিত হৈছে৷ দেশৰ প্ৰায় ২০–৩০ শতাংশ কুহিয়াৰ উৎপাদন গুড় উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। ই ভাৰতৰ গ্ৰাম্য অঞ্চলৰ অন্যতম প্ৰধান কৃষি প্ৰক্ৰিয়াকৰণ উদ্যোগ। এই খণ্ডটো বিকেন্দ্ৰীকৃত প্ৰক্ৰিয়াকৰণ, কম পৰিবহণ খৰচ, ক্ষুদ্ৰ উদ্যোগীকৰণ আৰু কুটিৰ উদ্যোগৰ দ্বাৰা চিহ্নিত কৰা হৈছে। ই প্ৰায় ২৫ লাখ জীৱিকাৰ সহায় কৰে।

ভাৰতৰ সম্প্ৰসাৰিত গুড় অৰ্থনীতি

ভাৰতৰ গুড় খণ্ড যথেষ্ট পৰিমাণৰ কুহিয়াৰ উৎপাদনৰ দ্বাৰা সমৰ্থিত। ২০২৪-২৫ চনত মুঠ কুহিয়াৰৰ উৎপাদন ৪৪৪. মিলিয়ন টন (MT) বুলি অনুমান কৰা হৈছিল। ইয়াত উত্তৰ প্ৰদেশে মুঠ উৎপাদনৰ ৪৮.৫ শতাংশ অৰিহণা যোগায়, তাৰ পিছতে মহাৰাষ্ট্ৰই ২৪.১ শতাংশ আৰু কৰ্ণাটকে ১০.৫ শতাংশ অৰিহণা যোগায়। আন উৎপাদনকাৰী ৰাজ্যসমূহৰ ভিতৰত গুজৰাট, তামিলনাডু, বিহাৰ, উত্তৰাখণ্ড, পঞ্জাব, মধ্যপ্ৰদেশ, আৰু হাৰিয়ানা আদি উল্লেখযোগ্য। [1]

গুড় আৰু মিঠাইৰ সামগ্ৰী (পৰম্পৰাগত মিঠাই) ৰপ্তানিকাৰক দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। ২০১৫-১৬ চনত ৰপ্তানি ১৯৭ মিলিয়ন মাৰ্কিন ডলাৰ আছিল আৰু ইয়াৰ পৰিমাণ আছিল ২৯২.৮ মেট্ৰিক টন। ২০২৪-২৫ চনলৈকে ৰপ্তানি ৪৭১. মেট্ৰিক টনৰ পৰিমাণৰ সৈতে ৪০৬. মিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায়। এই সময়ছোৱাত মূল্যৰ ক্ষেত্ৰত প্ৰায় ১০৬.% আৰু আয়তন ৬১.% বৃদ্ধি পাইছে । [2]

২০২৪-২৫ চনত প্ৰধান ৰপ্তানি গন্তব্যস্থানসমূহৰ ভিতৰত ইণ্ডোনেছিয়া, আমেৰিকা, ইউ..., নাইজেৰিয়া আৰু নেপাল আদি অন্তৰ্ভুক্ত।[3]

যদি আমি বছৰৰ পিছত বছৰ ধৰি বৃদ্ধিৰ তুলনা কৰো, তেন্তে এপ্ৰিল-জানুৱাৰী (২০২৫-২৬)ৰ ভিতৰত ৰপ্তানি ৪৫০. মেট্ৰিক টনত উপনীত হয় যাৰ মূল্য ৩৮৪. মিলিয়ন মাৰ্কিন ডলাৰ। ২০২৪-২৫ চনৰ একে সময়ছোৱাত ৰপ্তানিৰ পৰিমাণ প্ৰায় ১৬.৫% আয়তন আৰু মূল্য ১৫.৯% বৃদ্ধি পঞ্জীয়ন কৰিছে, যেতিয়া ৰপ্তানি ৩৮৬.২ মেট্ৰিক টন আছিল, যাৰ মূল্য ৩৩১.৪ নিযুত ডলাৰ আছিল।

প্ৰাকৃতিক মিঠাইৰ ঘৰুৱা চাহিদাও বৃদ্ধি পাইছে। মিঠাইৰ ক্ষেত্ৰত গুড় আৰু মৌৱে ২০২১-২৪ চনৰ ভিতৰত ১৫২০ শতাংশ যৌগিক বাৰ্ষিক বৃদ্ধিৰ হাৰ (CAGR) ৰেকৰ্ড কৰিছে। ২০২৪ চনৰ আগষ্ট মাহৰ ভিতৰত ঘৰুৱা বজাৰত গুড়ৰ বিক্ৰী বছৰি প্ৰায় ৫,০০০ মেট্ৰিক টন হৈছিল।

ভাৰতৰ গুড় পৰম্পৰাৰ প্ৰাচীন শিপা

গুড়ক বহুলভাৱে ভাৰতীয় থলুৱা সামগ্ৰী হিচাপে গণ্য কৰা হয়। বৈদিক যুগৰ পৰাই ইয়াৰ ইতিহাস কুহিয়াৰৰ খেতি আৰু প্ৰক্ৰিয়াকৰণৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। কুহিয়াৰ খেতিৰ প্ৰাৰম্ভিক উল্লেখ ভাৰতীয় গ্ৰন্থত প্ৰায় ১৪০০১০০০ খ্ৰীষ্টপূৰ্বৰ পৰা পোৱা যায়। পণ্ডিতসকলে মত প্ৰকাশ কৰিছে যে উত্তৰ-পূব ভাৰতৰ আৰ্দ্ৰ অঞ্চলত আৰম্ভণিতে পাতল জাতৰ কুহিয়াৰৰ বিকাশ ঘটিছিল। সময়ৰ লগে লগে কুহিয়াৰ খেতি গ্রীষ্মমণ্ডলীয় আৰু উপগ্রীষ্মমণ্ডলীয় অঞ্চলত বিয়পি পৰিল যাৰ ফলত ই এক গুৰুত্বপূৰ্ণ বিশ্বব্যাপী শস্য হৈ পৰিল। “চেনি” শব্দটো সংস্কৃত শব্দ "শৰ্কৰা"ৰ পৰা উদ্ভৱ হৈছে যিয়ে উপ-মহাদেশত মিঠাই উৎপাদনৰ গভীৰ সাংস্কৃতিক শিপাক বুজায়। ঐতিহাসিক বিৱৰণীত উল্লেখ আছে যে ৬৪৭ খ্ৰীষ্টাব্দত চীনৰ এটা মিছনে কুহিয়াৰৰ প্ৰক্ৰিয়াকৰণ কৌশল শিকিবলৈ মগধলৈ যাত্ৰা কৰিছিল। ইয়াৰ দ্বাৰা মিঠাই উৎপাদনত ভাৰতীয় জ্ঞানৰ আগতীয়া প্ৰসাৰৰ কথা প্ৰমাণিত হয়। খেতি, প্ৰক্ৰিয়াকৰণ, জ্ঞান হস্তান্তৰৰ এই দীৰ্ঘদিনীয়া পৰম্পৰাই গুড় উৎপাদনত ভাৰতৰ চিৰস্থায়ী প্ৰাধান্যৰ ভেটি স্থাপন কৰিছিল।

পুষ্টি আৰু জনস্বাস্থ্যৰ বাবে গুড়

 

গুড়ক ক্ৰমান্বয়ে ছুপাৰফুড হিচাপে স্বীকৃতি দিয়া হৈছে, যিটো পৰিশোধিত চেনিৰ সলনি প্ৰাকৃতিক, পুষ্টিকৰ পদাৰ্থ সমৃদ্ধ বিকল্প। ৰাসায়নিক শোধন নকৰাকৈ ঘন কুহিয়াৰ ৰসৰ পৰা গুড় উৎপাদন কৰা হয়। সেয়েহে ই চেনি শোধন প্ৰক্ৰিয়াৰ সময়ত সাধাৰণতে হেৰাই যোৱা প্ৰয়োজনীয় খনিজ আৰু অণুপুষ্টিকৰ পদাৰ্থ ধৰি ৰাখে। ভাৰতত কুহিয়াৰৰ সুকীয়া উৎপাদন পদ্ধতিৰে প্ৰক্ৰিয়াকৰণ কৰি গুড়, খাণ্ডছাৰী, চেনি তৈয়াৰ কৰা হয়। তিনিটাৰ ভিতৰত গুড় আটাইতকৈ প্ৰাকৃতিকভাৱে প্ৰক্ৰিয়াকৃত আৰু পুষ্টিৰ ফালৰ পৰা আটাইতকৈ চহকী। পৰম্পৰাগত খাদ্যৰ পৰিসৰত আৰু তৰল ৰূপত গুড় বহুলভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে যাৰ ফলত স্বাস্থ্য সচেতনতা বৃদ্ধি আৰু প্ৰাকৃতিক মিঠাইৰ প্ৰতি গ্ৰাহকৰ পৰিৱৰ্তন হৈছে।

পৰম্পৰাগত ব্যৱহাৰৰ উপৰিও বেকাৰী আৰু মিঠাইৰ সামগ্ৰীৰ দৰে প্ৰক্ৰিয়াকৃত খাদ্যত গুড়ে স্বাস্থ্যসন্মত মিঠাই হিচাপে ক্ৰমান্বয়ে স্বীকৃতি লাভ কৰিছে। এই খণ্ডৰ অবিৰত সম্প্ৰসাৰণৰ লগে লগে বেতৰ গুড়, পালমাইৰা গুড়, আৰু কেঁচা গুৰ আদি গুড়ৰ ভিন্নতাই ক্ৰমান্বয়ে বজাৰত উপস্থিতি লাভ কৰিছে। এই পৰিৱৰ্তনে প্ৰাকৃতিক, নূন্যতম প্ৰক্ৰিয়াকৃত খাদ্যৰ প্ৰতি গ্ৰাহকৰ পছন্দৰ বিকাশ প্ৰতিফলিত কৰে।

গুড়ৰ পুষ্টি মূল্য

কুহিয়াৰ ৰসত থকা বেছিভাগ পুষ্টিকৰ উপাদান গুড়ে ধৰি ৰাখে যাৰ ফলত ই আটাইতকৈ পুষ্টিকৰ প্ৰাকৃতিক মিঠাইৰ ভিতৰত অন্যতম হৈ পৰে। ইয়াত কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, ছডিয়াম, আইৰণ, জিংক, তাম  আৰু মেংগানিজৰ দৰে খনিজ পদাৰ্থ থাকে যিবোৰ বগা চেনিৰ বাবে তীব্ৰ শোধনত হেৰাই যায়। ভাল মানৰ গুড়ত সাধাৰণতে ৭০%তকৈ অধিক চুক্ৰ’জ, কম পৰিমাণৰ গ্লুক’জ আৰু ফ্ৰুক্ট’জ আৰু প্ৰায় ৫% খনিজ পদাৰ্থ থাকে যাৰ আৰ্দ্ৰতা কম। আইৰণৰ পৰিমাণ (প্ৰতি ১০০ গ্ৰামত প্ৰায় ১০-১৩ মিলিগ্ৰাম)এ হিম'গ্লবিনৰ মাত্ৰা উন্নত কৰাত অৰিহণা যোগায়, আনহাতে পটাছিয়াম আৰু মেগনেছিয়ামে হৃদযন্ত্ৰ আৰু পেশীৰ কাৰ্যকলাপত সহায় কৰে।

গুড়ত ফলিক এচিড আৰু B-Complex ভিটামিনকে ধৰি অলপ পৰিমাণৰ ভিটামিনৰ লগতে ভিটামিন A, C, D, আৰু Eও থাকে। এই অণুপুষ্টিকৰ উপাদানসমূহে গুড়ক শক্তি সমৃদ্ধ খাদ্য হিচাপে গঢ়ি তোলে যিয়ে এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱ দূৰ কৰাত সহায় কৰিব পাৰে। ইয়াৰ খনিজ লৱণৰ পৰিমাণ পৰিশোধিত চেনিৰ তুলনাত যথেষ্ট বেছি। এইটোৱে ইয়াক খাদ্য পৰিপূৰকৰ বাবে এটা উপযুক্ত বিকল্প কৰি তোলে, বিশেষকৈ অপুষ্টিকৰ জনসংখ্যাৰ ক্ষেত্ৰত।

পুষ্টিৰ হস্তক্ষেপত গুড়ক একত্ৰিত কৰা

 

শিশুৰ অপুষ্টিৰ সমাধান আৰু বিদ্যালয়ৰ অংশগ্ৰহণক সহায় কৰিবলৈ তামিলনাডুৰ পুষ্টিৰ হস্তক্ষেপত গুড়ক অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্যখনে ইয়াৰ পুষ্টিকৰ খাদ্য কাৰ্যসূচী আৰু সংহত শিশু উন্নয়ন সেৱা (ICDS) পৰিকাঠামোৰ অধীনত পৰিপূৰক স্তন্যপান এৰুওৱা খাদ্য প্ৰদান কৰে। ইয়াক প্ৰতি বছৰে ৩০০ দিনৰ বাবে যোগ্য হিতাধিকাৰীক টেক-হোম ৰেচন হিচাপে বিতৰণ কৰা হয়। এই পৰিপূৰক খাদ্য মিশ্ৰণৰ প্ৰায় ২৭ শতাংশ গুড়ে গঠন কৰে যাৰ ফলত ইয়াৰ শক্তিৰ মূল্য আৰু অণুপুষ্টিকৰ পৰিমাণ বৃদ্ধি পায়। পৰিপূৰক খাদ্যক জনপ্ৰিয়ভাৱে 'সাথুমাভু' বুলি জনা যায়৷ ইয়াক মহিলাৰ দ্বাৰা পৰিচালিত ২৫ খন স্তন্যপান এৰুওৱা খাদ্য উৎপাদন সমবায় সমিতি আৰু দুটা ব্যক্তিগত নিৰ্মাতাৰ পৰা ৬৫:৩৫ অনুপাতত ক্ৰয় কৰা হয়।

এই সমবায়সমূহত সামূহিকভাৱে প্ৰায় ,৪৫০ জন সদস্য আছে৷ ইয়াৰে এক উল্লেখযোগ্য অংশ হৈছে বিধৱা, নিৰ্জন বা অৰ্থনৈতিকভাৱে দুৰ্বল মহিলা। এইদৰে গুড়ে পুষ্টিৰ সমৰ্থনক জীৱিকা উৎপাদনৰ সৈতে একত্ৰিত কৰে। NITI Aayogৰ মতে, এই কাৰ্যসূচীয়ে সমগ্ৰ তামিলনাডুৰ প্ৰায় ৩২.৭৫ লাখ হিতাধিকাৰীক পুষ্টিকৰ খাদ্য প্ৰদান কৰে। পুষ্টিহীনতা হ্ৰাস কৰাৰ সমান্তৰালকৈ এই কাৰ্যসূচীয়ে সমান্তৰালভাৱে গুড়ৰ দৰে পুষ্টিসমৃদ্ধ পৰম্পৰাগত উপাদানৰ ব্যৱহাৰক প্ৰসাৰিত কৰে।

 

গুড়ৰ স্বাস্থ্য উপকাৰীতা

গুড়ে স্থায়ী শক্তি প্ৰদান কৰে কাৰণ ইয়াৰ জটিল চুক্ৰ’জ লাহে লাহে হজম হয়। সেয়েহে ই তেজৰ গ্লুক’জ দ্ৰুতগতিত বৃদ্ধি নকৰি ক্ৰমান্বয়ে শক্তিমুক্ত কৰে। পৰম্পৰাগত আইৰণৰ পাত্ৰত প্ৰস্তুতিৰ সময়ত আইৰণ শোষিত হয়, যাৰ ফলত ৰক্তহীনতাৰ সৈতে মোকাবিলা কৰাটো উপকাৰী। খনিজ লৱণ আৰু অণুপুষ্টিকৰ পদাৰ্থৰ উপস্থিতিয়ে সামগ্ৰিক স্বাস্থ্যক সমৰ্থন কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

পৰম্পৰাগত পদ্ধতিত আয়ুৰ্বেদৰ দৰে গুড়ক দীৰ্ঘদিন ধৰি চিকিৎসামূলক মিঠা হিচাপে ব্যৱহাৰ কৰা হৈছে। ডিঙি আৰু হাওঁফাওঁৰ সংক্ৰমণৰ চিকিৎসা আৰু পাচনত সহায়ক হোৱাত আয়ুৰ্বেদিক চিকিৎসাই ইয়াক উপকাৰী বুলি গণ্য কৰে। ইয়াৰ পৰিষ্কাৰক গুণে শ্বাস-প্ৰশ্বাস আৰু গেষ্ট্ৰাইটিছ তন্ত্ৰক বিষমুক্ত কৰাত সহায় কৰে। ইয়াৰ ফলত ধূলি আৰু পৰিৱেশ প্ৰদূষকৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ বাবে ই বিশেষভাৱে উপকাৰী হৈ পৰে। ইয়াৰ তাপজনিত (উষ্ণতা) প্ৰভাৱ কাহ, অৱৰুদ্ধ হোৱা আৰু ইয়াৰ লগত জড়িত শ্বাস-প্ৰশ্বাসজনিত অস্বস্তিৰ পৰা সকাহ পোৱাৰ সৈতে জড়িত।

তদুপৰি গুড়ক তেজ বিশুদ্ধকৰণত সহায় কৰা প্ৰাকৃতিক বিষমুক্তকাৰী হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও ই ভাগৰ কমায়, পেশী আৰু স্নায়ুৰ শিথিলতা বৃদ্ধি কৰে, আৰু ৰক্তচাপ বজাই ৰখাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। কেলচিয়াম, ফছফৰাছ, জিংক আদি প্ৰয়োজনীয় খনিজ পদাৰ্থৰ উপস্থিতিয়ে হাড়ৰ স্বাস্থ্যৰ সহায় কৰে। ইয়াৰ ৰিপৰ্ট কৰা এন্টি-টক্সিক আৰু সম্ভাৱ্য এন্টি-কাৰচিনোজেনিক গুণে সামগ্ৰিক শাৰীৰিক সুস্থতাত অৰিহণা যোগায়।

বেতৰ পৰা জীৱিকালৈ: গ্ৰাম্য উন্নয়নত গুড়ৰ ভূমিকা

ভাৰতত গুড় উৎপাদন অসংগঠিত কৃষি প্ৰক্ৰিয়াকৰণ খণ্ডৰ অংশ। গ্ৰাম্য জীৱিকা আৰু স্থানীয় অৰ্থনীতিৰ সহায়ত ই উল্লেখযোগ্য ভূমিকা পালন কৰে। অগ্ৰণী উৎপাদক আৰু ৰপ্তানিকাৰক হিচাপে এই খণ্ডই কৃষকসকলক টিকিয়াই ৰখাৰ লগতে ঘৰুৱা ব্যৱহাৰ আৰু ক্ৰমবৰ্ধমান ৰপ্তানিৰ চাহিদা দুয়োটাকে পূৰণ কৰে।

গ্ৰাহকৰ পছন্দৰ বিকাশ আৰু বিশ্বব্যাপী চাহিদা বৃদ্ধিৰ লগে লগে কুহিয়াৰৰ মূল্য শৃংখলৰ মাজেৰে বৈচিত্ৰ্যতা অনাটো প্ৰয়োজনীয় হৈ পৰিছে। কৃষিৰ আয় বৃদ্ধি আৰু পৰিৱেশ আৰু অৰ্থনৈতিকভাৱে বহনক্ষম উৎপাদন ব্যৱস্থা নিশ্চিত কৰিবলৈ ইয়াৰ প্ৰয়োজন৷ গুড় উৎপাদনৰ জৰিয়তে মূল্য সংযোজনে কেঁচা কুহিয়াৰ মিললৈ বিক্ৰী কৰাতকৈ যথেষ্ট বেছি লাভ দিয়ে। অভিজ্ঞতাভিত্তিক প্ৰমাণে ইংগিত দিয়ে যে শস্যৰ বৈচিত্ৰ্য আৰু আন্তঃশস্যৰ দৰে পদ্ধতিৰ সৈতে গুড় উৎপাদন একত্ৰিত কৰিলে প্ৰতি একক ক্ষেত্ৰফলত নিকা লাভৰ যথেষ্ট উন্নতি হ’ব পাৰে।

গুড় প্ৰক্ৰিয়াকৰণে উদ্যোগীকৰণ, স্থানীয় নিয়োগ সৃষ্টি আৰু আঞ্চলিক অৰ্থনীতি শক্তিশালী কৰি গ্ৰাম্য উন্নয়নত অৰিহণা যোগায়। গুড় প্ৰক্ৰিয়াকৰণে বছৰজুৰি নিয়োগৰ সুযোগ সৃষ্টি কৰে আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সংযোগক সমৰ্থন কৰে। উচ্চমানৰ গুড় উৎপাদনে উচ্চমানৰ বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰে, কৃষকৰ আয় বৃদ্ধি কৰে। গুড় ভিত্তিক কুটিৰ উদ্যোগ শক্তিশালী কৰাটোৱে এইদৰে মূল্য সংযোজন, জীৱিকা বৃদ্ধি আৰু সৰ্বাংগীন কৃষি বৃদ্ধিৰ বাবে এক কাৰ্য্যকৰী পথ প্ৰতিনিধিত্ব কৰে।

লাভজনক মূল্য সংযোজন উদ্যোগ হিচাপে জৈৱিক গুড়ৰ গুড়ি:

 

তামিলনাডুৰ তিৰুনেলভেলী জিলাৰ কৃষক এন্থোনিছামীয়ে মূল্য সংযোজিত উদ্যোগ হিচাপে গুড় উৎপাদনৰ কাৰ্যক্ষমতা সফলতাৰে প্ৰদৰ্শন কৰিছে। তেওঁ জৈৱিক গুড়ৰ গুড়ি উৎপাদন কৰে৷ তেওঁৰ এই সামগ্ৰীৰ বিশুদ্ধতা আৰু উচ্চমানৰ সোৱাদৰ বাবে জনাজাত। স্থানীয় বজাৰ, চুবুৰীয়া ৰাজ্য, আনকি ৰপ্তানি মাধ্যমতো ই প্ৰবল চাহিদা লাভ কৰিছে। জৈৱিক খেতি পদ্ধতি গ্ৰহণ কৰি আৰু স্থানীয় কুহিয়াৰৰ জাত এটা প্ৰক্ৰিয়াকৰণ কৰি তেওঁ এটা পৰম্পৰাগত কাৰ্যকলাপক লাভজনক উদ্যোগলৈ ৰূপান্তৰিত কৰিছে।

 

মূল্য সংযোজিত পদ্ধতিয়ে লাভজনকতা যথেষ্ট উন্নত কৰিছে। কৃষকগৰাকীৰ মতে জৈৱিক গুড়ৰ গুড়ি প্ৰতি কেজিত প্ৰায় ৭৫ টকা দৰত বিক্ৰী হয়, আনহাতে গতানুগতিক গুড়ৰ  মূল্য প্ৰতি কেজি ৫০ টকা। দুয়োটাৰে বাবে উৎপাদন খৰচ প্ৰতি কিলোগ্ৰামত প্ৰায় ৩০ টকা।

 

যদিও উৎপাদন ঋতু অনুসৰি হয়, তথাপিও বছৰজুৰি গুড়ৰ বজাৰৰ চাহিদা একেই থাকে, যাৰ ফলত আয়ৰ সুস্থিৰ সুযোগ নিশ্চিত হয়। এই সফলতাৰ ওপৰত নিৰ্মাণ কৰি গুড়ৰ সোৱাদযুক্ত চকলেট আৰু নাৰিকলৰ দৰে বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰীয়ে বজাৰৰ প্ৰসাৰ আৰু অধিক বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত এই উদ্যোগটোৱে কেনেকৈ ক্ষুদ্ৰ পৰিসৰৰ প্ৰক্ৰিয়াকৰণে আয় বৃদ্ধি কৰিব পাৰে, গ্ৰাম্য উদ্যোগীকৰণক প্ৰসাৰিত কৰিব পাৰে, আৰু কৃষিভিত্তিক জীৱিকা শক্তিশালী কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰে।

 

গুড় পৰিৱেশ তন্ত্ৰ আগুৱাই নিবলৈ ভাৰতৰ নীতি

খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে কেইবাখনো কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ জৰিয়তে খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ বাবে আন্তঃগাঁথনি উন্নয়ন আৰু উদ্যোগ বৃদ্ধিৰ প্ৰসাৰ ঘটায়। ইয়াৰ ভিতৰত আছে

  • প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা (PMKSY),
  • খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে উৎপাদন সম্পৰ্কিত উদগনি আঁচনি (PLISFPI), আৰু
  • প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ (PMFME) আঁচনিৰ আনুষ্ঠানিককৰণ

এই চাহিদা-চালিত পদক্ষেপসমূহ দেশজুৰি ৰূপায়ণ কৰা হয়। আধুনিক প্ৰযুক্তি গ্ৰহণ কৰি প্ৰক্ৰিয়াকৰণ ইউনিট স্থাপন আৰু সম্প্ৰসাৰণৰ সুবিধা প্ৰদান কৰে। হিতাধিকাৰী ইউনিটসমূহে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ (FSSAI) নিয়মাৱলী মানি চলিব লাগে। ৰপ্তানিৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মানদণ্ডৰ সৈতে মিলি যাবলৈও তেওঁলোকক উৎসাহিত কৰা হয়।

PMKSYৰ খাদ্য প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণ ক্ষমতা সৃষ্টি/ সম্প্ৰসাৰণ (CEFPPC) নামৰ এটা উপাদান আছে। ইয়াৰ অধীনত ৩১ ডিচেম্বৰ, ২০২৫ তাৰিখলৈকে পাঁচটা গুড় প্ৰক্ৰিয়াকৰণ ইউনিটৰ অনুমোদন দিয়া হৈছে। ইয়াৰ বাবে মুঠ অনুদান-সাহাৰ্য আছিল ১৭.০৭ কোটি টকা। PMFME আঁচনিখনে মুঠ ১০২.৩১ কোটি টকাৰ ৰাজসাহাৰ্যৰে ,৫২৮ টা গুড় ভিত্তিক ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিটক সহায় কৰিছে। এই আঁচনিখনে সামূহিকসকলক ৫০ শতাংশ পৰ্যন্ত ব্ৰেণ্ডিং আৰু বিপণন সাহাৰ্যও প্ৰদান কৰে । ইয়াৰ ভিতৰত কৃষক-উৎপাদক সংস্থা (FPO'), আত্মসহায়ক গোট (SHG), সমবায় বা ক্ষুদ্ৰ উদ্যোগৰ বিশেষ উদ্দেশ্যৰ বাহন আদি থাকিব পাৰে।

'এক জিলা এক সামগ্ৰী' (ODOP)এ ইনপুট ক্ৰয়, অংশীদাৰী সেৱা আৰু বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত পৰিসৰৰ অৰ্থনীতি সক্ষম কৰি স্থানীয় কৃষিভিত্তিক উদ্যোগসমূহক প্ৰসাৰিত কৰে। ১৯ খন জিলাত গুড় আৰু ইয়াৰ লগত জড়িত সামগ্ৰীসমূহ ODOPৰ সামগ্ৰী হিচাপে চিনাক্ত কৰা হৈছে। ইয়াৰ ফলত মূল্য শৃংখল বিকাশৰ সুবিধা হৈছে আৰু সমৰ্থন আন্তঃগাঁথনি শক্তিশালী হৈছে।

গুণগত নিশ্চয়তা আৰু প্ৰামাণিককৰণ বিপণন আৰু পৰিদৰ্শন সঞ্চালকালয় (DMI)ৰ জৰিয়তে সমৰ্থিত। নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰা কৃষি সামগ্ৰীসমূহ এগমাৰ্ক ব্যৱস্থাৰ অধীনত প্ৰমাণিত হয়। এই মানদণ্ডসমূহে গুণগত মানৰ গ্ৰেডসমূহ সংজ্ঞায়িত কৰে আৰু গ্ৰাহকসকলক নিৰ্ভৰযোগ্য সামগ্ৰীসমূহ লাভ কৰিবলৈ সক্ষম কৰে। ইয়াৰ উপৰিও কৃষকৰ বাবে উৎপাদকসকলৰ পাৰিশ্ৰমিক মূল্যৰ বাবে শ্ৰেণীবিভাজিত কেঁচামাল নিশ্চিত কৰে। গুড় হৈছে এগমাৰ্ক প্ৰমাণীকৰণৰ অধীনত সামৰি লোৱা এটা অধিসূচিত সামগ্ৰী, যিয়ে গুণগত নিশ্চয়তা, বজাৰৰ বিশ্বাসযোগ্যতা আৰু ৰপ্তানিৰ প্ৰস্তুতি শক্তিশালী কৰে

ভাৰতত ভৌগোলিক সূচক(GI) গুড়ৰ জাত

ভৌগোলিক সূচক (GI) হৈছে কোনো নিৰ্দিষ্ট ভৌগোলিক অৱস্থান বা উৎপত্তিৰ সৈতে জড়িত কিছুমান সামগ্ৰীক দিয়া নাম বা চিন। এইটো কোনো অঞ্চল, চহৰ বা দেশ হ’ব পাৰে। গুড় খণ্ডত GI স্বীকৃতিয়ে আঞ্চলিক ব্ৰেণ্ডিং শক্তিশালী কৰে। ই পৰম্পৰাগত প্ৰক্ৰিয়াকৰণ পদ্ধতিক প্ৰসাৰিত কৰে আৰু গ্ৰাম্য উৎপাদকসকলৰ বাবে বজাৰৰ প্ৰৱেশ উন্নত কৰে। ভাৰতত GI টেগ কৰা গুড়ৰ কেইবাটাও জাত আছে আৰু প্ৰত্যেকটো সুকীয়া আঞ্চলিক গুণ আৰু পৰম্পৰাগত প্ৰক্ৰিয়াকৰণ পদ্ধতিৰ বাবে জনাজাত। কোলহাপুৰ গুড় (মহাৰাষ্ট্ৰ) সোণালী ৰং আৰু উচ্চ পৰিমাণৰ চুক্ৰ’জৰ বাবে মূল্যৱান। মুজাফ্ফৰনগৰ গুড় (উত্তৰ প্ৰদেশ) ৰপ্তানিমুখী আৰু উচ্চমানৰ বেতৰ কুহিয়াৰৰ পৰা তৈয়াৰ কৰা হয়। কেৰালাম, মাৰায়ূৰ আৰু চেণ্ট্ৰেল ট্ৰাভাংকুৰ গুড়ক ইয়াৰ বিশুদ্ধতা, ঔষধি মূল্য, পৰম্পৰাগত প্ৰক্ৰিয়াকৰণ আৰু আঞ্চলিক স্বকীয়তাৰ বাবে স্বীকৃতি দিয়া হৈছে।

এটা স্থিতিস্থাপক আৰু মূল্য-চালিত গুড় খণ্ডৰ দিশত

গুড় উৎপাদন আৰু প্ৰক্ৰিয়াকৰণে ভাৰতৰ কৃষি প্ৰক্ৰিয়াকৰণ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ গঠন কৰে। কৃষি, পুষ্টি, গ্ৰাম্য জীৱিকা আৰু ৰপ্তানিৰ সম্ভাৱনাক সংযোগ কৰে। বিশ্বৰ সৰ্ববৃহৎ উৎপাদক হিচাপে ভাৰতে কুহিয়াৰৰ মজবুত ভিত্তিৰ দ্বাৰা লাভৱান হয়। পৰম্পৰাগত প্ৰক্ৰিয়াকৰণৰ জ্ঞান আৰু প্ৰাকৃতিক মিঠাইৰ বৰ্ধিত ঘৰুৱা আৰু বিশ্বব্যাপী চাহিদাই বিষয়টোক আৰু অধিক শক্তিশালী কৰি তোলে। এই খণ্ডই বিকেন্দ্ৰীকৃত কুটিৰ উদ্যোগৰ জৰিয়তে লাখ লাখ জীৱিকাক সহায় কৰে; মূল্য সংযোজন, গ্ৰাম্য উদ্যোগীকৰণ, আৰু কৃষকৰ আয় বৃদ্ধিৰ সুযোগ প্ৰদান কৰে।

ইয়াৰ অৰ্থনৈতিক ভূমিকাৰ উপৰিও গুড়ৰ খনিজ পদাৰ্থ আৰু চিকিৎসামূলক গুণে ইয়াক শোধিত চেনিৰ সলনি স্বাস্থ্যসন্মত বিকল্প কৰি তুলিছে। অণুপুষ্টিকৰ অভাৱ দূৰ কৰাৰ বাবে ই এক উপযোগী খাদ্য পৰিপূৰক। খাদ্য প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি, ক্ষুদ্ৰ উদ্যোগ, গুণগত প্ৰমাণীকৰণ, GI টেগিং, আৰু মূল্য শৃংখল বিকাশৰ প্ৰসাৰ ঘটোৱা চৰকাৰী পদক্ষেপে বজাৰত প্ৰৱেশ আৰু পণ্যৰ বিশ্বাসযোগ্যতা শক্তিশালী কৰিছে। নীতিগত সমৰ্থন, উন্নত প্ৰক্ৰিয়াকৰণ পদ্ধতি আৰু মূল্য সংযোজিত সামগ্ৰীৰ বৈচিত্ৰ্যৰ সৈতে গুড় খণ্ডই সৰ্বাংগীন আৰু বহনক্ষম গ্ৰাম্য বৃদ্ধিৰ ক্ষেত্ৰত শক্তিশালী সম্ভাৱনা অব্যাহত ৰাখিছে।

তথ্যসূত্ৰ-

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

 

https://apeda.gov.in/JaggeryAndConfectionery

https://apeda.gov.in/Food_Agri_Products_Registered_GI

https://agriexchange.apeda.gov.in/production/India/index

https://agriexchange.apeda.gov.in/India/ExportSummary/Index

https://agriexchange.apeda.gov.in/India/ExportAnalyticalReport/Index

https://agriexchange.apeda.gov.in/India/ComparativeStatement/Index

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2113966&reg=3&lang=2

https://apeda.gov.in/sites/default/files/study_reports/Report_Indian_Organic_Market_and_Export_Promotion_Strategy.pdf

 

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

https://www.agriwelfare.gov.in/Documents/AR_Eng_2024_25.pdf

 

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

https://niftem-t.ac.in/pmfme/DPR-Jaggery.pdf

https://www.mofpi.gov.in/mediapr/enewsfeb4.html

https://niftem.ac.in/newsite/pmfme/wp-content/uploads/2022/08/jaggeryprocessing.pdf

https://sansad.in/getFile/loksabhaquestions/annex/187/AU116_pneN8S.pdf?source=pqals

 

NITI আয়োগ

https://www.niti.gov.in/sites/default/files/2024-07/Report-on-Promoting-Best-practices-on-Millet-26_4_23.pdf

 

তামিলনাডু চৰকাৰ

https://cuddalore.nic.in/geographical-indications/

https://agritech.tnau.ac.in/success_stories/sstories_farm_enter_2015_organic_jaggery.html

The Superfood Sweetener

(Explainer ID: 158639) आगंतुक पटल : 3
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali