• Sitemap
  • Advance Search
Infrastructure

বান্ধ পুনৰুদ্ধাৰ: নীতি আৰু প্ৰযুক্তিৰ জৰিয়তে আন্তঃগাঁথনি শক্তিশালীকৰণ

Posted On: 15 MAY 2026 1:38PM

বৃহৎ নদীবান্ধৰ ক্ষেত্ৰত ,৬২৮ টা নিৰ্দিষ্ট বান্ধেৰে ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে৷ ইয়াৰে ৫০ বছৰৰ ওপৰৰ ২৬ শতাংশতকৈ অধিক বান্ধ পদ্ধতিগত পুনৰুদ্ধাৰ আৰু সুৰক্ষা উন্নীতকৰণৰ প্ৰয়োজন৷ বান্ধৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা উন্নত কৰাৰ বাবে বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন প্ৰকল্প (DRIP) পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হৈছে বান্ধ সুৰক্ষা আইন, ২০২১ৰ অধীনত বান্ধ বিকলতা সম্পৰ্কীয় দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ নিৰ্দিষ্ট বান্ধসমূহৰ নিৰীক্ষণ, পৰিদৰ্শন, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ উপৰিও ই এইসমূহৰ সুৰক্ষিত কাৰ্যকলাপ নিশ্চিত কৰাৰ বাবে আৰু ইয়াৰ সৈতে জড়িত বা আনুষংগিক বিষয়সমূহৰ বাবে এক প্ৰতিষ্ঠানিক ব্যৱস্থা প্ৰদান কৰে৷ DHARMA দৰে ডিজিটেল প্লেটফৰ্মসমূহে যন্ত্ৰপাতি আৰু আগতীয়া সতৰ্কবাণী ব্যৱস্থাৰ সৈতে বাস্তৱ সময়ৰ নিৰীক্ষণ আৰু তথ্য-চালিত বান্ধ সুৰক্ষা ব্যৱস্থাপনা শক্তিশালী কৰিছে

পাতনি

ভাৰতৰ বান্ধসমূহে জলসিঞ্চন, জলবিদ্যুৎ উৎপাদন, বান নিয়ন্ত্ৰণ, খোৱাপানী যোগান আৰু সামগ্ৰিক জল সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ দশক দশক ধৰি বান্ধসমূহে সমগ্ৰ দেশতে কৃষি উন্নয়ন, ঔদ্যোগিক বৃদ্ধি, আৰু আৰ্থ-সামাজিক অগ্ৰগতিত যথেষ্ট অৰিহণা যোগাই আহিছে৷

বৃহৎ সংখ্যক বান্ধৰ বয়স বৃদ্ধি আৰু জলবায়ুৰ পৰিৱৰ্তনশীলতা বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ পুনৰুদ্ধাৰ, কাৰ্যকৰী সুৰক্ষা আৰু দীৰ্ঘম্যাদী স্থিতিস্থাপকতাৰ বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰে৷ ভাৰত চৰকাৰে গাঁথনিগত পুনৰুদ্ধাৰ, প্ৰতিষ্ঠানিক সংস্কাৰ, ডিজিটেল নিৰীক্ষণ ব্যৱস্থা আৰু বিপদভিত্তিক সুৰক্ষা ব্যৱস্থাপনাৰ সংমিশ্ৰণেৰে এক ব্যাপক পদ্ধতিৰ জৰিয়তে ইয়াৰ সমাধান কৰে৷

 

ভাৰতত বান্ধৰ অৱস্থা

ভাৰতে আজি বিশ্বৰ অন্যতম বৃহৎ বান্ধ সংৰক্ষিত ক্ষেত্ৰ পৰিচালনা কৰে৷ ৬,৬২৮টা নিৰ্দিষ্ট বান্ধৰ সৈতে ই বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে, ইয়াৰে ৬,৫৪৫টা কাৰ্যক্ষম আৰু ৮৩টা নিৰ্মাণৰ কাম চলি আছে৷ এই বান্ধসমূহৰ মুঠ পানী সংৰক্ষণ ক্ষমতা প্ৰায় ৩৩০ বিলিয়ন ঘনমিটাৰ৷ ৰাষ্ট্ৰীয় খাদ্য , শক্তি, আৰু পানীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁলোক অতি গুৰুত্বপূৰ্ণ৷

এই বান্ধসমূহৰ প্ৰায় ২৬ শতাংশ (১,৬৮১ টা বান্ধ) ৫০ বছৰৰ ওপৰৰ য’ত ১০০ বছৰৰ ওপৰৰ ২৯১ টা বান্ধ আছে৷ প্ৰায় ৪২ শতাংশ বান্ধ ২৫ ৰ পৰা ৫০ বছৰৰ ভিতৰত পুৰণি৷ বহনক্ষম অভিযান্ত্ৰিক আৰু ৰক্ষণাবেক্ষণৰ উদাহৰণেৰে ভাৰতৰ আটাইতকৈ পুৰণি বান্ধ তামিলনাডুৰ কল্লনাই ( গ্ৰেণ্ড অনিকট ) প্ৰায় ২০০০ বছৰ ধৰি কাৰ্যক্ষম হৈ আহিছে৷

৬,৬২৮টা নিৰ্দিষ্ট বান্ধৰ ভিতৰত প্ৰায় ৯৮.৫ শতাংশ (৬,৪৪৮টা) ৰাজ্য চৰকাৰৰ মালিকানাধীন৷ ০.৭ শতাংশৰে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ৪৯টা বান্ধৰ মালিক; ০.৬ শতাংশৰ সৈতে ব্যক্তিগত খণ্ড ৩৬টা বান্ধৰ মালিক আৰু ০.২ শতাংশৰে কেন্দ্ৰীয় চৰকাৰ ১২টা বান্ধৰ মালিক৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত আটাইতকৈ বেছি নিৰ্দিষ্ট বান্ধ আছে৷ মহাৰাষ্ট্ৰৰ পিছতে মধ্যপ্ৰদেশ , গুজৰাট , ছত্তীশগড় , ৰাজস্থান , কৰ্ণাটক, আৰু ওড়িশাত নিৰ্দিষ্ট বান্ধ আছে৷

বয়স বৃদ্ধি হোৱা আন্তঃগাঁথনি, পলস, পৰিৱৰ্তিত জলবিজ্ঞানৰ আৰ্হি আৰু জলবায়ুৰ পৰিৱৰ্তনশীলতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বান্ধৰ পদ্ধতিগত পুনৰুদ্ধাৰ আৰু সুৰক্ষা ব্যৱস্থাপনাৰ প্ৰয়োজন৷ ভাৰতৰ ৪৩৯টা জলাশয়ৰ বিশ্লেষণে (CWC তথ্য) দেখুৱাইছে যে, জলাশয়ৰ গড় বয়স ৪২ বছৰ হ'লে, মুঠ সংৰক্ষণ ক্ষমতাৰ গড় ক্ষতি হয়৷ গড় বাৰ্ষিক ক্ষতিৰ পৰিমাণ ০.৭৪ শতাংশ বুলি অনুমান কৰা হৈছে , যিটো প্ৰতি বছৰে প্ৰতিটো জলাশয়ত প্ৰায় ১.৮১ এমচিএমৰ সমান৷

 

 

 

বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন কাৰ্যসূচী (DRIP)

গাঁথনিগত মেৰামতি, স্পিলৱে আৰু গেটৰ আধুনিকীকৰণ, উন্নত নিৰীক্ষণ ব্যৱস্থা স্থাপনৰ জৰিয়তে বৰ্তমানৰ বান্ধসমূহৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা উন্নত কৰাৰ বাবে তিনিটা পৰ্যায়ত বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন প্ৰকল্প (DRIP ) ৰূপায়ণ কৰা হৈছে৷ বিশ্বৰ সৰ্ববৃহৎ বান্ধ পুনৰুদ্ধাৰ কাৰ্যসূচীৰ ভিতৰত অন্যতম , যিয়ে ভাৰতৰ বান্ধ সুৰক্ষা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক পদ্ধতিগত আৰু বিপদভিত্তিক পদ্ধতিৰ দিশত পৰিৱৰ্তনক প্ৰতিফলিত কৰে৷

বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন কাৰ্যসূচী ( DRIP ) পৰ্যায় (২০১২–২০২১)

বিশ্ব বেংকৰ সহায়ত ২০১২ চনৰ এপ্ৰিল মাহত বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন কাৰ্যসূচী (DRIP)প্ৰথম পৰ্যায় আৰম্ভ কৰা হৈছিল৷ এই কাৰ্যসূচীত সাতখন ৰাজ্য (ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, ওড়িশা, তামিলনাডু আৰু উত্তৰাখণ্ড) ২২৩টা বান্ধ সামৰি লোৱা হৈছিল| ইয়াৰ দ্বাৰা জড়িত ৰাজ্য আৰু সংস্থাসমূহৰ বান্ধ সুৰক্ষা পদ্ধতি আৰু প্ৰতিষ্ঠানিক ক্ষমতা শক্তিশালী কৰাত যথেষ্ট অৰিহণা যোগাইছিল৷ বান পৰ্যালোচনাৰ ডিজাইন, বান্ধৰ স্বাস্থ্য পৰিদৰ্শন, আৰু ২২৩টা বান্ধৰ বাবে পুনৰুদ্ধাৰৰ প্ৰস্তাৱ চূড়ান্ত আৰু কাৰ্যকৰী কৰা হৈছে য’ত ১৪৪টা বান্ধৰ পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ কৰা হৈছে এই কাৰ্যসূচীয়ে তলত উল্লেখিত বিষয়ত গুৰুত্ব আৰোপ কৰিছিল:

  • বান্ধৰ গাঁথনি পুনৰুদ্ধাৰ আৰু আধুনিকীকৰণ
  • বান্ধৰ সুৰক্ষা পৰিদৰ্শন আৰু মূল্যায়ন
  • জৰুৰীকালীন কাৰ্য্য পৰিকল্পনা (EAPs) ৰ বিকাশ
  • সামৰ্থ্য বিকাশ আৰু প্ৰশিক্ষণ কাৰ্যসূচী
  • বান্ধ স্বাস্থ্য আৰু পুনৰুদ্ধাৰ নিৰীক্ষণ প্ৰয়োগৰ পৰিচয় (DHARMA)

বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন কাৰ্যসূচী ( DRIP) দ্বিতীয় আৰু তৃতীয় পৰ্যায়

বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন কাৰ্যসূচী (DRIP) দ্বিতীয় আৰু তৃতীয় পৰ্যায় ২০২১ চনৰ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল৷ দ্বিতীয় পৰ্যায়টোক বিশ্ব বেংক আৰু এআইআইবিৰ সহযোগত বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে৷ বহিঃ ঋণ হিচাপে ৭,০০০ কোটি আৰু অংশগ্ৰহণকাৰী ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ পৰা ৩,২১১ কোটি টকাৰে প্ৰকল্পৰ মুঠ ব্যয় ১০,২১১ কোটি টকা (দ্বিতীয় পৰ্যায়: ৫,১০৭ কোটি টকা; তৃতীয় পৰ্যায়: ৫,১০৪ কোটি টকা)৷ দ্বিতীয় আৰু তৃতীয় দুয়োটা পৰ্যায় ১০ বছৰ ধৰি চলিব, প্ৰতিটো পৰ্যায় দুবছৰৰ ওপৰত খাজ খুৱাই ছয় বছৰলৈকে চলিব৷​​​ ১৯১টা বান্ধৰ বাবে ,০৫৩ কোটি টকাৰ পুনৰুদ্ধাৰ প্ৰস্তাৱ (প্ৰজেক্ট স্ক্ৰীণিং টেমপ্লেট - পিএছটি) অনুমোদন কৰা হৈছে ৷ বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন কাৰ্যসূচীৰ অধীনত ৩১ মাৰ্চ , ২০২৫ লৈকে মুঠ ২,২২৫ কোটি টকা ব্যয়েৰে ৪৩টা বান্ধৰ ডাঙৰ ডাঙৰ শাৰীৰিক পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হৈছে ৷

এই আঁচনিখনে ১৯খন ৰাজ্যৰ ৭৩৬টা বান্ধ আৰু তিনিটা কেন্দ্ৰীয় সংস্থা (চি ডব্লিউ চি, ভকৰা ব্যাস বিয়াছ মেনেজমেণ্ট বৰ্ড আৰু দামোদৰ ভেলী কৰ্পৰেশ্যন) সামৰি লৈছে৷ বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন কাৰ্যসূচীৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ অধীনত সুৰক্ষা উন্নয়নৰ বাবে পৰিকল্পিত ডাঙৰ বান্ধসমূহৰ ভিতৰত আছে ভকৰা বান্ধ (হিমাচল প্ৰদেশ), ৰঞ্জিত সাগৰ বান্ধ (পঞ্জাৱ), এন টি আৰ সাগৰ বান্ধ (তেলেংগানা), নাগাৰ্জুন সাগৰ বান্ধ (তেলেংগানা), গান্ধীসাগৰ বান্ধ (মধ্য প্ৰদেশ), কদনা (গুজৰাট), জিৰ্গো বান্ধ (উত্তৰ প্ৰদেশ), ইম্ফল বেৰেজ (মণিপুৰ), ম্যুণ্টডু লেশকা বান্ধ (মেঘালয়), চিলাবতী বেৰেজ (পশ্চিম বংগ) আৰু গায়ত্ৰী বান্ধ (পশ্চিম বংগ)৷

 

বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন কাৰ্যসূচী ( DRIP ) দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত তলত উল্লেখ কৰা চাৰিটা উপাদান আছে :

  1. সুৰক্ষা আৰু কাৰ্য্যক্ষমতা উন্নত কৰাৰ বাবে বান্ধ আৰু সংশ্লিষ্ট গঠনসমূহ পুনৰুদ্ধাৰ কৰা।
  2. ৰাজ্য আৰু কেন্দ্ৰীয় পৰ্যায়ত বান্ধ সুৰক্ষা ব্যৱস্থা বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানিক শক্তিশালীকৰণ।
  3. বহনক্ষম কাৰ্যকলাপ আৰু ৰক্ষণাবেক্ষণক সমৰ্থন কৰিবলৈ ৰাজহ আহৰণৰ ব্যৱস্থা।
  4. ফলপ্ৰসূ ৰূপায়ণৰ বাবে প্ৰকল্প পৰিচালনা।

 

প্ৰতিষ্ঠানিক কাঠামো : বান্ধ সুৰক্ষা আইন , ২০২১

৩০ ডিচেম্বৰ , ২০২১ ৰ পৰা বান্ধ সুৰক্ষা আইন , ২০২১ বলবৎ হয়৷ এই আইনখনে সমগ্ৰ দেশতে নিৰ্দিষ্ট বান্ধসমূহৰ নিৰীক্ষণ , পৰিদৰ্শন , পৰিচালনা, আৰু ৰক্ষণাবেক্ষণৰ বাবে এক বিস্তৃত কাঠামো প্ৰদান কৰে৷ এই আইনৰ অধীনত নিৰ্দিষ্ট বান্ধক এনেদৰে সংজ্ঞায়িত কৰা হৈছে যিটোৰ উচ্চতা ১৫ মিটাৰতকৈ অধিক বা যদি ই নিৰ্ধাৰিত কাৰিকৰী মাপকাঠী পূৰণ কৰে তেন্তে ইয়াৰ উচ্চতা ১০ ৰ পৰা ১৫ মিটাৰৰ ভিতৰত৷ এই আইনৰ অধীনত বিভিন্ন বিধান মানি চলাটো এতিয়া নিৰ্দিষ্ট সময়সীমা থকা বান্ধৰ মালিকৰ বিধিগত বাধ্যবাধকতাত পৰিণত হৈছে

ইয়াৰ দ্বাৰা এটা চাৰিটা স্তৰৰ প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপন কৰা হৈছে য'ত শীৰ্ষ সংস্থা হিচাপে ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা সমিতি (এনচিডিএছ), নিয়ন্ত্ৰণ আৰু কাৰ্যকৰী শাখা হিচাপে ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা কৰ্তৃপক্ষ (এনডিএছএ) , বান্ধ সুৰক্ষাৰ ওপৰত ৰাজ্যিক সমিতিসমূহ (এছচিডিএছ), আৰু ৰাজ্যিক বান্ধ সুৰক্ষা সংস্থাসমূহ (এছডিএছঅ'সমূহ) যিয়ে নিৰীক্ষণ, পৰিদৰ্শন, আৰু তাত অনুসৰণৰ বাবে দায়বদ্ধ ৰাজ্যিক পৰ্যায়ৰ . ৩১খন বান্ধৰ মালিক ৰাজ্যই এছডিএছঅ’ গঠন কৰিছে৷

আইনখনে নিয়মীয়া পৰিদৰ্শন, যন্ত্ৰপাতি ব্যৱস্থা স্থাপন, বিস্তৃত বান্ধ সুৰক্ষা মূল্যায়ন, বিপদ মূল্যায়ন অধ্যয়ন, প্ৰবাহৰ পূৰ্বাভাস, আগতীয়া সতৰ্কবাণী ব্যৱস্থা, জলাশয়ৰ সংহত পৰিচালনা, বিপদৰ ক্ষমতা মূল্যায়ন আৰু পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ হাতপুথি আৰু জৰুৰীকালীন কাৰ্য পৰিকল্পনা ( EP ) প্ৰস্তুত কৰাকে ধৰি মূল সুৰক্ষা বিধানসমূহৰ নিৰ্দেশ দিয়ে৷ ইয়াৰ উপৰিও ই বান্ধৰ মালিকসকলৰ ওপৰত ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ বাবে পৰ্যাপ্ত ধন আবণ্টনৰ দায়িত্ব অৰ্পণ কৰে, যাৰ ফলত সুৰক্ষাৰ অনুসৰণক নিৰন্তৰ বিত্তীয় ব্যৱস্থাৰ সৈতে সংযোগ কৰা হয়৷

 

কিছুমান ডাঙৰ কৃতিত্বৰ ভিতৰত আছে :

  • বান্ধ স্বাস্থ্য আৰু পুনৰুদ্ধাৰ নিৰীক্ষণ আবেদন ( DHARMA ) মঞ্চত সকলো ৬,৬২৮ টা নিৰ্দিষ্ট বান্ধৰ পঞ্জীয়ন।
  • উন্নত বান্ধ সুৰক্ষা নিৰীক্ষণ আৰু তথ্য ব্যৱস্থাপনাৰ বাবে DHARMA ৱেব - ভিত্তিক প্লেটফৰ্ম আৰু মোবাইল এপ্লিকেচন আৰম্ভ কৰা।
  • বছৰি প্ৰায় ১৩ হাজাৰ বান্ধ পৰিদৰ্শন কৰা হয় আৰু ইয়াৰ ৰেকৰ্ড ডিজিটেলভাৱে ৰেকৰ্ড কৰা হয়।
  • ৱেব ভিত্তিক মূল্যায়ন সঁজুলি ব্যৱহাৰ কৰি সমগ্ৰ দেশতে নিৰ্দিষ্ট বান্ধসমূহৰ দ্ৰুত বিপদ মূল্যায়ন ৰূপায়ণ৷ আজিলৈকে ৫৫৫৩ টা নিৰ্দিষ্ট বান্ধৰ বাবে এই কাম সম্পূৰ্ণ হৈছে।
  • বান্ধ সুৰক্ষা আইন , ২০২১ ৰ অধীনত ২০টা নিয়ম অফিচিয়েল গেজেটত প্ৰকাশ কৰা৷
  • এমএনআইটি জয়পুৰত ৰাষ্ট্ৰীয় বান্ধ ভূমিকম্প সুৰক্ষা কেন্দ্ৰ স্থাপন

বান্ধ সুৰক্ষাৰ ৰাষ্ট্ৰীয় সমিতি (NCDS)

বান্ধ সুৰক্ষাৰ ৰাষ্ট্ৰীয় সমিতি হৈছে বান্ধ সুৰক্ষা আইন , ২০২১ৰ অধীনত শীৰ্ষ নীতি সংস্থা , যিয়ে সমগ্ৰ দেশতে একেধৰণৰ বান্ধ সুৰক্ষাৰ মানদণ্ড নিশ্চিত কৰিবলৈ নীতি প্ৰণয়ন আৰু নিয়মৰ পৰামৰ্শ দিয়াৰ বাবে দায়বদ্ধ ৷ ই প্ৰথম তফচিলত উল্লেখ কৰা কামসমূহ সম্পন্ন কৰে যিবোৰ বান্ধৰ বিকলতা সম্পৰ্কীয় দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ আৰু বান্ধৰ সুৰক্ষাৰ মানদণ্ড বজাই ৰাখিবলৈ প্ৰয়োজনীয়৷ ই বান্ধ সম্পৰ্কীয় দুৰ্যোগ প্ৰতিৰোধৰ বাবে কাৰিকৰী আৰু নিয়ন্ত্ৰণমূলক মানদণ্ড নিৰ্ধাৰণ কৰি ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা কাঠামোক পথ প্ৰদৰ্শন কৰে৷ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত গঠন হোৱাৰ পিছৰে পৰা এই সমিতিখনে এঘাৰ(১১)খন বৈঠক অনুষ্ঠিত কৰিছে আৰু বান্ধ সুৰক্ষাৰ বাবে নিয়ন্ত্ৰণ কাঠামো শক্তিশালী কৰাত মূল ভূমিকা পালন কৰিছে৷

ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা কৰ্তৃপক্ষ (NDSA)

দ্বিতীয় তফচিলত উল্লেখ কৰা অনুসৰি নিৰ্দিষ্ট বান্ধসমূহৰ সঠিক নিৰীক্ষণ, পৰিদৰ্শন আৰু ৰক্ষণাবেক্ষণৰ বাবে ৰাষ্ট্ৰীয় সমিতিয়ে প্ৰস্তুত কৰা নীতি, নিৰ্দেশনা আৰু মানদণ্ড ৰূপায়ণৰ বাবে প্ৰয়োজনীয় কামসমূহ এনডিএছএই কৰিব লাগিব৷

 

“বান্ধৰ মালিক” ৰ অৰ্থ হ’ল কেন্দ্ৰীয় চৰকাৰ বা কোনো ৰাজ্য চৰকাৰ বা এটা বা ততোধিক চৰকাৰ বা ৰাজহুৱা খণ্ডৰ উদ্যোগ বা স্থানীয় কৰ্তৃপক্ষ বা কোম্পানী আৰু এনে সকলো ব্যক্তি বা সংস্থা যিয়ে যৌথভাৱে কোনো নিৰ্দিষ্ট বান্ধৰ মালিক, নিয়ন্ত্ৰণ, পৰিচালনা বা ৰক্ষণাবেক্ষণ কৰে৷

 

ৰাজ্যিক পৰ্যায়ৰ প্ৰতিষ্ঠান আৰু বান্ধৰ মালিক

বান্ধ সুৰক্ষা আইন , ২০২১, বান্ধ সুৰক্ষাৰ ওপৰত ৰাজ্যিক সমিতি (এছচিডিএছ) গঠন আৰু ৰাজ্যিক বান্ধ সুৰক্ষা সংস্থা (এছডিএছঅ') স্থাপনৰ নিৰ্দেশ দিয়ে৷ নিৰ্দিষ্ট বান্ধৰ মালিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এই আইন অনুসৰি এছচিডিএছ আৰু এছডিএছঅ’ স্থাপন কৰিছে৷ এছডিএছঅ'সমূহে তেওঁলোকৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত থকা সকলো নিৰ্দিষ্ট বান্ধৰ নিৰন্তৰ নিৰীক্ষণ, পৰিদৰ্শন আৰু চোৱাচিতাৰ বাবে দায়বদ্ধ৷ বান্ধৰ তথ্যকোষ ৰক্ষণাবেক্ষণৰ দায়িত্বও তেওঁলোকৰ ; এনডিএছএই নিৰ্ধাৰণ কৰা মাপকাঠী অনুসৰি বান্ধৰ দুৰ্বলতা আৰু বিপদৰ শ্ৰেণীবিভাজন কৰা; আৰু বান্ধৰ মালিকসকলক সংশোধনীমূলক সুৰক্ষা ব্যৱস্থাৰ পৰামৰ্শ দিয়াৰ বাবেও দায়বদ্ধ।

এই আইনৰ অধীনত বান্ধৰ মালিকসকলে বিভিন্ন কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ বাধ্য যিবোৰৰ ভিতৰত তলত দিয়া কামসমূহ অন্তৰ্ভুক্ত কৰা হৈছে:

  • প্ৰতিটো বান্ধত এটা বান্ধ সুৰক্ষা ইউনিট স্থাপন কৰা
  • বাৰিষাৰ আগত আৰু পিছত লগতে যিকোনো দুৰ্যোগ বা দুৰ্যোগৰ সংকেতৰ সময়ত বা পিছত বান্ধ পৰিদৰ্শন কৰা।
  • ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ বাবে ধন নিৰ্ধাৰণ কৰা।
  • জৰুৰীকালীন কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা .
  • নিৰ্দিষ্ট ব্যৱধানত বিপদ মূল্যায়ন অধ্যয়ন চলোৱা
  • কাৰিকৰী নথিপত্ৰ কম্পাইল কৰা।
  • নিয়মীয়াকৈ বিশেষজ্ঞ পেনেলৰ জৰিয়তে বান্ধৰ সুৰক্ষাৰ বিস্তৃত মূল্যায়ন কৰা৷
  • জল - বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ভূমিকম্প বিজ্ঞান কেন্দ্ৰ স্থাপন৷
  • বান্ধৰ সুৰক্ষাৰ বাবে সঁজুলি স্থাপন কৰা৷
  • এটা আগতীয়া সতৰ্কবাণী ব্যৱস্থা স্থাপন কৰা।

 

বাধ্যতামূলক পৰিদৰ্শন

২৪.০৪.২০২৪ তাৰিখে জাৰি কৰা অধিসূচনাৰ নিয়ম অনুসৰি বান্ধৰ মালিকসকলে বাৰিষাৰ পূৰ্বে আৰু বাৰিষাৰ পিছত নিৰ্দিষ্ট সকলো বান্ধৰ পৰিদৰ্শন কৰিব লাগিব৷ বাৰিষাৰ পূৰ্বৰ আৰু পিছৰ পৰিদৰ্শনৰ ভিত্তিত বান্ধসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে৷ প্ৰথম শ্ৰেণীয়ে জটিল অভাৱসমূহ সূচায় যিবোৰ সমাধান নকৰিলে বান্ধ বিকল হ'ব পাৰে ৷ দ্বিতীয় শ্ৰেণীত এনে বান্ধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে য’ত ডাঙৰ অভাৱ আছে যাৰ বাবে তাৎক্ষণিক প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন৷ তৃতীয় শ্ৰেণীত সামান্য বা কোনো অভাৱ থকা বান্ধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে৷ ২০২৫ চনৰ বাৰিষাৰ পিছৰ পৰিদৰ্শনৰ ভিত্তিত ৩টা বান্ধ প্ৰথম আৰু ১৮৮টা বান্ধ দ্বিতীয় শ্ৰেণীৰ অন্তৰ্গত ৷ বান্ধৰ শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি, বান্ধৰ মালিকসকলে সময়মতে উপযুক্ত প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷

 

সামৰ্থ্য বিকাশ

আই আই টি ৰুৰকীত বান্ধ সুৰক্ষাৰ ওপৰত উৎকৃষ্টতা কেন্দ্ৰ (CoEs) স্থাপন কৰা হৈছে। এমএনআইটি জয়পুৰতো নেচনেল চেণ্টাৰ ফৰ আৰ্থকুৱেক ছেফটি অৱ ডেমছ স্থাপন কৰা হৈছে আই আই টি ৰুৰকি আৰু আই আই এছ চি বেংগালুৰুতো ২০২১-২২ চনৰ পৰা বান্ধ সুৰক্ষাৰ ওপৰত এম টেক প্ৰগ্ৰেম আৰম্ভ হৈছিল।

অপৰাধ আৰু শাস্তি

বান্ধ সুৰক্ষা আইন , ২০২১ দশম অধ্যায়ত এই আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা ৰাষ্ট্ৰীয় সমিতি বা কৰ্তৃপক্ষ বা ৰাজ্যিক সমিতি বা ৰাজ্যিক বান্ধ সুৰক্ষা সংস্থাৰ দ্বাৰা বা তাৰ হৈ দিয়া যিকোনো নিৰ্দেশনা মানি চলিবলৈ বাধা বা অস্বীকাৰ কৰিলে অপৰাধ আৰু শাস্তিৰ ব্যৱস্থা আছে৷ এই শাস্তিত এবছৰলৈকে কাৰাদণ্ড বা জৰিমনা বা দুয়োটাৰে কাৰাদণ্ড অন্তৰ্ভুক্ত কৰা হৈছে আৰু যদি এনে বাধা বা নিৰ্দেশনা মানি চলিবলৈ অস্বীকাৰ কৰাৰ ফলত জীৱন হেৰুওৱা বা জীৱনৰ প্ৰতি তাৎক্ষণিক বিপদ হয়, তেন্তে দুবছৰলৈকে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হ’ব৷

আগুৱাই যোৱাৰ পথ

দশক দশক ধৰি নিৰ্মিত ভাৰতৰ বিস্তৃত বান্ধ নেটৱৰ্ক অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ আধাৰ৷ এই বান্ধসমূহৰ বয়স বৃদ্ধি আৰু পৰিৱৰ্তিত জলবায়ুৰ অৱস্থাত কাম কৰাৰ লগে লগে চৰকাৰৰ মনোযোগ বান্ধ সম্প্ৰসাৰণৰ পৰা ইয়াৰ সুৰক্ষা , স্থিতিস্থাপকতা আৰু জীৱনচক্ৰ ব্যৱস্থাপনালৈ স্থানান্তৰিত হৈছে ৷ বান্ধ পুনৰুদ্ধাৰ আৰু উন্নয়ন কাৰ্যসূচীদৰে বৃহৎ পৰিসৰৰ কাৰ্যসূচীৰ অভিসৰণ, বান্ধ সুৰক্ষা আইন, ২০২১ৰ অধীনত বিধিগত পৰিদৰ্শন আৰু DHARMAৰ দৰে ডিজিটেল সঁজুলিৰ ব্যৱহাৰে ভাৰতত এক পৰিপক্ক বান্ধ সুৰক্ষা ব্যৱস্থা প্ৰদৰ্শন কৰে৷ এই পদক্ষেপসমূহে একেলগে বান্ধৰ সুৰক্ষা শক্তিশালী কৰে, বয়সীয়াল আন্তঃগাঁথনিৰ কাম-কাজ উন্নত কৰে আৰু উদীয়মান বিপদৰ বিৰুদ্ধে সতৰ্কতা বৃদ্ধি কৰে।

 

তথ্যসূত্ৰ-

জল শক্তি মন্ত্ৰালয়

 

আন্তৰ্জাতিক  জলসিঞ্চন আৰু নিষ্কাশন আয়োগ

বিশ্ববেংক

অন্যান্য-

Click here to see pdf

(Explainer ID: 158626) आगंतुक पटल : 12
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Gujarati , Kannada , Malayalam