Technology
ইণ্ডিয়া এ আই ষ্টেক: বুদ্ধিমত্তাক নতুন শক্তিৰে সমৃদ্ধকৰণ
তথ্য আৰু কম্পিউটিঙক বাস্তৱ জগতত প্ৰভাৱ পেলাব পৰাকৈ ৰূপান্তৰিত কৰাৰ পদক্ষেপ
Posted On:
04 FEB 2026 4:12PM
ভাৰতত প্ৰযুক্তিৰ ভৱিষ্যত এতিয়া সহজ কিন্তু শক্তিশালী ধাৰণাৰে পৰিচালিত হৈছে: সেয়া হৈছে এআইৰ গণতান্ত্ৰিকীকৰণ। কৃত্ৰিম বুদ্ধিমত্তা কেৱল কেইটামান কোম্পানী, প্ৰতিষ্ঠান বা দেশৰ মাজতে সীমাবদ্ধ হৈ থাকিব নালাগিব। বৰঞ্চ ইয়াক এনেদৰে বিকশিত কৰি ব্যৱহাৰ কৰিব লাগিব যাতে প্ৰতিজন নাগৰিকৰ ইয়াৰ দ্বাৰা উপকাৰ হয়, জনকল্যাণ আৰু সামূহিক মংগল সাধন কৰে । মানৱতাৰ বাবে এআইৰ এই দৃষ্টিভংগীয়ে মানুহক প্ৰযুক্তিগত অগ্ৰগতিৰ কেন্দ্ৰবিন্দুত ৰাখিছে। যাতে উদ্ভাৱনে সমাজৰ হিতৰ বিপৰীতে নহয়, সমাজৰ সেৱা কৰাটো নিশ্চিত কৰিব পাৰে।
এই দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ এআইয়ে বিশাল পৰিসৰত নিৰ্ভৰযোগ্যভাৱে কাম কৰিব লাগিব আৰু স্বাস্থ্যসেৱা, শিক্ষা, কৃষি, বিত্ত তথা ৰাজহুৱা সেৱাৰ মাজেৰে দৈনন্দিন জীৱনৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’ব লাগিব। এনে প্ৰভাৱ এটা শক্তিশালী আৰু সংহত এআই ষ্টেকৰ যোগেদি সম্ভৱ তুলি তোলা হৈছে। এআইৰ যিবোৰ প্ৰয়োগে ফলপ্ৰসূভাৱে নিৰ্মাণ, স্থাপন আৰু পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় সঁজুলিসমূহ, প্ৰণালীসমূহ আৰু আন্তঃগাঁথনিসমূহক একত্ৰিত কৰে।
AI Stack: Layers Enabling Deployment and Scale

এআই ষ্টেক: স্থাপন আৰু প্ৰভাৱ নিশ্চিত কৰা স্তৰসমূহ
খণ্ড-নিৰ্দিষ্ট প্ৰয়োজনীয়তা, সমগ্ৰ অৰ্থনীতিতে ইয়াৰ প্ৰয়োগ ত্বৰান্বিত কৰা।
কৃষি ক্ষেত্ৰত এআই-চালিত পৰামৰ্শদাতা সঁজুলিয়ে বীজ সিঁচাৰ সিদ্ধান্ত, শস্যৰ উৎপাদন আৰু তথ্যৰ দক্ষতা উন্নত কৰিছে। অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই এইক্ষেত্ৰত ৩০–৫০% পৰ্যন্ত উৎপাদনশীলতা বৃদ্ধিৰ প্ৰতিবেদন দিছে।
এআই ষ্টেক হৈছে সঁজুলি আৰু প্ৰণালীসমূহৰ সম্পূৰ্ণ গোট, যি গোটে এআই এপ্লিকেচনসমূহ নিৰ্মাণ আৰু সেয়া পৰিচালনা কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰে। এই এপ্লিকেচনসমূহ দৈনন্দিন সঁজুলি যেনে চিৰি আৰু এলেক্সাৰ দৰে ভাৰ্চুৱেল সহায়ক তথা নেটফ্লিক্স আৰু স্পটিফাইৰ দৰে প্লেটফৰ্মত ব্যক্তিগত পৰামৰ্শৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱাৰ নিদান, বিত্তীয় জালিয়াতি ধৰা পেলোৱা আৰু পৰিবহণত উন্নত ব্যৱস্থা গ্ৰহণ কৰালৈকে বিভিন্ন বিষয় সামৰি লয় । এআই ষ্টেকে হাৰ্ডৱেৰ, চফ্টৱেৰ আৰু প্লেটফৰ্মসমূহ একত্ৰিত কৰে , যি তথ্য সংগ্ৰহ কৰাত সহায় কৰে, এআই মডেলসমূহৰ প্ৰশিক্ষণ দিয়ে আৰু বাস্তৱ জীৱনত এইবোৰ ব্যৱহাৰৰ সুবিধা দিয়ে। এআই-এ আৰম্ভণিৰে পৰা শেষলৈকে মসৃণভাৱে কাম কৰাটো এআই ষ্টেকে নিশ্চিত কৰে।
এআই ষ্টেক পাঁচটা স্তৰেৰে গঠিত, প্ৰত্যেকটো স্তৰেই এক জটিল ভূমিকা পালন কৰে। এআই ষ্টেকে কৃত্ৰিম বুদ্ধিমত্তাক বাস্তৱ জগতৰ সৈতে সংপৃক্ত কৰি কাম কৰে। মানুহে প্ৰতিদিনে ব্যৱহাৰ কৰা এপসমূহৰ পৰা আৰম্ভ কৰি পৰ্দাৰ আঁৰত চলি থকা ডাটা, কম্পিউটিং শক্তি, নেটৱৰ্ক আৰু শক্তিলৈকে সকলো ক্ষেত্ৰতে ই সহায় কৰে। এই স্তৰসমূহে একেলগে এআই সমাধানসমূহ পৰিমাপযোগ্য , নিৰ্ভৰযোগ্য, আৰু মানুহৰ ওপৰত প্ৰভাৱ পেলাব পৰাকৈ সক্ষম কৰি তোলাটো নিশ্চিত কৰে।
প্ৰয়োগৰ স্তৰ
এপ্লিকেচন অথবা প্ৰয়োগৰ স্তৰে এআই ষ্টেকৰ ব্যৱহাৰকাৰী-উপাদানক প্ৰতিনিধিত্ব কৰে। ইয়াত এআই-চালিত এপ আৰু সেৱা , যেনে স্বাস্থ্য নিদান সঁজুলি, কৃষি পৰামৰ্শদাতা প্লেটফৰ্ম, চেটবট আৰু ভাষা অনুবাদ এপ্লিকেচন অন্তৰ্ভুক্ত কৰা হৈছে। এই স্তৰে জটিল এআই প্ৰক্ৰিয়াসমূহক সহজ, ব্যৱহাৰকাৰীৰ বন্ধুত্বপূৰ্ণ সেৱালৈ ৰূপান্তৰিত কৰিছে, যিবোৰ মানুহে সহজে ব্যৱহাৰ কৰিব পাৰে।
|
উচ্চ প্ৰভাৱৰ প্ৰয়োগৰ জৰিয়তে ভাৰতত এআই
ভাৰতীয় ষ্টাৰ্টআপসমূহে স্থানীয় ভাষা, প্ৰসংগ, আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এআই প্ৰয়োগ কৰি যক্ষ্মা, কৰ্কট , স্নায়ুজনিত বিকাৰ আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় জটিলতা আগতীয়া ধৰা পেলাবলৈ সক্ষম কৰি তুলিছে, যাৰ ফলত প্ৰতিৰোধমূলক আৰু নিদানমূলক যত্ন লোৱাটো সম্ভৱ হৈছে।
শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ য়ে চিবিএছইৰ পাঠ্যক্ৰম, দীক্ষা প্লেটফৰ্ম আৰু ইউভিএআইৰ দৰে পদক্ষেপৰ জৰিয়তে এআই শিক্ষণক একত্ৰিত কৰি ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক এআই দক্ষতাৰে সজ্জিত কৰিছে।
ন্যায় প্ৰদানৰ ক্ষেত্ৰত ই-কোৰ্ট , গোচৰ ব্যৱস্থাপনা, সময়সূচী, আৰু নাগৰিককেন্দ্ৰিক সেৱাৰ বাবে এআই আৰু এমএল নিয়োগ কৰা হৈছে। ই স্থানীয় ভাষাৰ প্ৰৱেশৰ জৰিয়তে দক্ষতা আৰু স্বচ্ছতা উন্নত কৰিছে।
বতৰ আৰু দুৰ্যোগ ব্যৱস্থাপনাত আইএমডিয়ে বৰষুণ, ঘূৰ্ণীবতাহ, কুঁৱলী, বিজুলী-ঢেৰেকনি আৰু জুইৰ উন্নত পূৰ্বাভাস লাভৰ বাবে এআই ব্যৱহাৰ কৰিছে, কৃষক আৰু দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱা মৌচম জিপিটিৰ দৰে সঁজুলিৰ সৈতে।
|
|
|
| |
মূলতঃ, এপ্লিকেচন স্তৰ হৈছে য'ত এআই- এ ইয়াৰ ক্ষমতাসমূহক অভিগমযোগ্য, ব্যৱহাৰকাৰীকেন্দ্ৰিক সেৱালৈ ৰূপান্তৰিত কৰি প্ৰকৃত মূল্য প্ৰদান কৰিব পাৰিছে। অগ্ৰাধিকাৰ ভিত্তিক খণ্ডসমূহত নিয়োজিত ই এআইক পৰীক্ষা-নিৰীক্ষাৰ বাহিৰলৈ লৈ গৈ দৈনন্দিন সিদ্ধান্ত গ্ৰহণ তথা সেৱা প্ৰদানত জড়িত কৰিবলৈ সক্ষম কৰি তুলিছে। এআইৰ এনে ব্যাপক গ্ৰহণেই শেষত এআইৰ সামাজিক তথা অৰ্থনৈতিক প্ৰভাৱক নিৰ্ধাৰণ কৰিছে।
এআই এপ্লিকেচন গ্ৰহণৰ সাধাৰণ প্ৰৱণতা
ইণ্টাৰনেট আৰু মোবাইল প্ৰযুক্তিৰ দৰেই যেতিয়া এপ্লিকেচনসমূহক বিশাল পৰিসৰত গ্ৰহণ কৰা হয় তেতিয়া এআইয়ে পৰিৱৰ্তনশীল প্ৰভাৱ প্ৰদান কৰে। কৃষি, স্বাস্থ্যসেৱা, শিক্ষা, উৎপাদন, পৰিবহণ, শাসন আৰু জলবায়ু সম্পৰ্কীয় কাৰ্য্যকে ধৰি বিভিন্ন খণ্ডত এআই এপ্লিকেচনসমূহ ক্ৰমান্বয়ে ব্যৱহাৰ কৰা হৈছে। ভাৰতে মানুহৰ বাবে বিভিন্ন খণ্ডত “এআই প্ৰসাৰণ” কৌশল অনুসৰণ কৰিছে। সমগ্ৰ দেশতে এআই-সক্ষম এপ্লিকেচনে কৃষকসকলক সিদ্ধান্ত গ্ৰহণত সহায় কৰিছে, আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰাত চিকিৎসকসকলক সহায় কৰিছে আৰু জনসেৱা প্ৰদানৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিছে। ইয়াৰ উপৰি বাস্তৱ জগতৰ ব্যৱহাৰৰ ক্ষেত্ৰসমূহ আৰু বৃহৎ পৰিসৰত ইয়াক গ্ৰহণৰ বিষয়ত অগ্ৰাধিকাৰ দি এপ্লিকেচন স্তৰে নিশ্চিত কৰিছে যে এআইয়ে বিশাল সুবিধা প্ৰদান কৰে আৰু নাগৰিকৰ জীৱন প্ৰত্যক্ষভাৱে উন্নত কৰে।

এআই মডেল স্তৰ
ই এ আই প্ৰণালীৰ মগজু হিচাপে কাম কৰে। এআই মডেলসমূহক আৰ্হি চিনাক্ত কৰিবলৈ, ভৱিষ্যদ্বাণী কৰিবলৈ আৰু সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তথ্যৰ ভিত্তিত প্ৰশিক্ষণ দিয়া হয়। উদাহৰণস্বৰূপে, এইবোৰে এক্স-ৰেৰ দ্বাৰা ৰোগ ধৰা পেলোৱাত সহায় কৰে, শস্যৰ উৎপাদন সম্পৰ্কীয় ভৱিষ্যদ্বাণী কৰে, ভাষা অনুবাদ কৰে বা চেটবটৰ জৰিয়তে প্ৰশ্নৰ উত্তৰ দিয়ে। এই মডেলসমূহে এপ্লিকেচনসমূহক বুদ্ধিমত্তাৰ শক্তি প্ৰদান কৰে, যাৰ ফলত এইবোৰে ব্যৱহাৰকাৰীসকলক অৰ্থপূৰ্ণ এআই-চালিত ফলাফল প্ৰদান কৰিবলৈ সক্ষম হৈছে ।
|
ভাৰতত এআই মডেল লেয়াৰৰ বিকাশ
ইণ্ডিয়াএআই মিছনৰ অধীনত ভাৰতত ব্যৱহাৰৰ বাবে ১২টা থলুৱা এআই মডেল প্ৰস্তুত কৰা হৈছে।
সাৰ্বভৌম মডেলৰ বিকাশক সমৰ্থন কৰিবলৈ ষ্টাৰ্টআপসমূহে ৰাজসাহায্য লাভ কৰিছে, য'ত কম্পিউট খৰচৰ ২৫% পৰ্যন্ত অনুদান আৰু ইকুইটিৰ মিশ্ৰণৰ জৰিয়তে সমৰ্থিত হয়। এনে ব্যৱস্থাই প্ৰৱেশৰ বাধা হ্ৰাস কৰিছে আৰু ঘৰুৱা উদ্ভাৱনক ত্বৰান্বিত কৰিছে।
ভাৰতজেনে গৱেষণা, ষ্টাৰ্টআপ, আৰু ৰাজহুৱা খণ্ডৰ প্ৰয়োগসমূহ সমৰ্থন কৰিবলৈ কোটিৰ পৰা ট্ৰিলিয়নলৈ পেৰামিটাৰলৈকে ভাৰতকেন্দ্ৰিক ভেটি আৰু বহুম’ডাল মডেল বিকশিত কৰি আছে।
ইণ্ডিয়াএআইকোষ- এ ডাটাছেট, মডেল আৰু সঁজুলিসমূহৰ বাবে এটা ৰাষ্ট্ৰীয় ভঁৰাল হিচাপে কাম কৰে; ২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে ই ২০টা খণ্ডৰ ৫৪টা সত্তাৰ অৱদানৰ সৈতে ৫,৭২২টা ডাটাছেট আৰু ২৫১টা এআই মডেল কৰিছে।
ভাৰতীয় ষ্টাৰ্টআপসমূহে ভাৰতীয় ভাষা, স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা আৰু ৰাজহুৱা সেৱা প্ৰদানৰ সৈতে সংযুক্ত সম্পূৰ্ণ-ষ্টেক আৰু ডমেইন-নিৰ্দিষ্ট এআই মডেল নিৰ্মাণ কৰি আছে, উদাহৰণস্বৰূপে
সৰ্বম এআইয়ে ভাৰতীয় ভাষাসমূহৰ বাবে ভাষা আৰু বাক্যৰ আৰ্হি প্ৰস্তুত কৰি আছে যাতে ভইচ ইন্টাৰফেচ, ডকুমেণ্ট প্ৰচেছিং আৰু নাগৰিককেন্দ্ৰিক সেৱাসমূহ সমৰ্থন কৰিব পাৰে।
ৰাষ্ট্ৰীয় ভাষা অনুবাদ অভিযানৰ অধীনত ভাষিনীয়ে বাক্য চিনাক্তকৰণ, মেচিনৰ সহায় কৰা অনুবাদ, টেক্সট-টু-স্পীচ, অ'চিআৰ আৰু ভাষা চিনাক্ত কৰাক সামৰি লোৱা ৩৫০+ এআই মডেল গ্ৰহণ কৰিছে। ই ডিজিটেল সেৱাসমূহৰ বহুভাষিক প্ৰৱেশ শক্তিশালী কৰিছে।
|
এআই মডেল স্তৰ হৈছে মূল বুদ্ধিমত্তা, যিয়ে নিৰ্ধাৰণ কৰে যে এপ্লিকেচনসমূহে বাস্তৱ জগতৰ প্ৰয়োজনীয়তাসমূহ কিমান ফলপ্ৰসূভাৱে বুজিব পাৰি আৰু সেইমতে ভৱিষ্যদ্বাণী আৰু সঁহাৰি জনাব পাৰি । সাৰ্বভৌম, ভাৰত-কেন্দ্ৰিক আৰ্হি আৰু অংশীদাৰী ভঁৰাল বিকশিত কৰি, এই স্তৰে নিশ্চিত কৰে যে এআই ক্ষমতাসমূহ প্ৰাসংগিক, বিশ্বাসযোগ্য আৰু স্থানীয় ভাষা তথা অগ্ৰাধিকাৰৰ সৈতে সংযুক্ত । এই ভেটি শক্তিশালী কৰিলে বাহ্যিক আৰ্হি পৰিৱেশ তন্ত্ৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ লগতে পৰিমাপযোগ্য উদ্ভাৱন সক্ষম হৈ উঠিব।
এআই মডেল গ্ৰহণৰ সাধাৰণ ধাৰা
এআই মডেলসমূহৰ প্ৰাৰম্ভিক অগ্ৰগতিসমূহ বৃহৎ পৰিসৰৰ গণনাৰ সামৰ্থ্য থকা কেইজনমান প্ৰযুক্তিৰ নেতাৰ দ্বাৰা পৰিচালিত হৈছিল, কিন্তু মুক্ত-উৎস মডেলৰ উত্থানে প্ৰৱেশৰ বাধাসমূহ হ্ৰাস কৰিছে, খৰচ হ্ৰাস কৰিছে, স্বচ্ছতা উন্নত কৰিছে আৰু ভাষা তথা প্ৰসংগত স্থানীয়কৰণক সক্ষম কৰি তুলিছে। এই পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতে স্থানীয় ভাষা, নিয়ন্ত্ৰণ কাঠামো আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক সাৰ্বভৌম, সৰ্বাংগীন আৰু প্ৰয়োগমুখী এআই আৰ্হি পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। একে সময়তে স্থানীয় ভাষা, নিয়ন্ত্ৰণ কাঠামো আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সৈতে সংপৃক্ত কৰিছে । যাৰ ফলত প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতা শক্তিশালী হৈছে আৰু খণ্ডসমূহৰ মাজত বাস্তৱ জগতৰ প্ৰভাৱ পৰিছে।

স্তৰৰ গণনা
এ আইৰ পেশী; ই এআই মডেলসমূহ প্ৰশিক্ষণ আৰু চলাবলৈ প্ৰয়োজনীয় কম্পিউটিং শক্তি প্ৰদান কৰে। প্ৰশিক্ষণৰ সময়ত কম্পিউটে বিপুল পৰিমাণৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰে যাতে মডেলটোৱে শিকিব পাৰে আৰু উন্নতি কৰিব পাৰে। আজি এই শক্তি উন্নত প্ৰচেছিং চিপৰ পৰা আহে যেনে এনভিডিয়াৰ ব্লেকৱেল গ্রাফিক্স প্ৰচেছিং ইউনিট (জিপিইউ), গুগলৰ টেনছৰ প্ৰচেছিং ইউনিট (টিপিইউ), আৰু নিউৰেল প্ৰচেছিং ইউনিট (এনপিইউ), যিয়ে এআই চিষ্টেমসমূহক দক্ষতাৰে আৰু পৰিমাপযোগ্যতাৰে কাম কৰিবলৈ অনুমতি দিয়ে।
অৰ্ধপৰিবাহী মিছনে চিপ ফেব্ৰিকেশন আৰু পেকেজিং গোটকে ধৰি ১০টা অৰ্ধপৰিবাহী প্ৰকল্পত অনুমোদন জনাইছে।ভাৰতত গণনা ক্ষমতা আৰু এআই আন্তঃগাঁথনি
|
ইণ্ডিয়া এআই মিছনৰ বাবে পাঁচ বছৰৰ ভিতৰত ১০,৩০০+ কোটি টকা আবণ্টন।
ইণ্ডিয়াএআই কম্পিউট পৰ্টেলে কম্পিউট-এজ-এ-চাৰ্ভিচ মডেলৰ বিষয়ত কাম কৰে। ই ১০০ টকাৰ তলত ৰাজসাহায্যযুক্ত হাৰত ৩৮,০০০ জিপিইউ আৰু ১০৫০ টিপিইউলৈ শ্বেয়াৰড, ক্লাউড-ভিত্তিক প্ৰৱেশ প্ৰদান কৰে, যাৰ ফলত ষ্টাৰ্টআপ আৰু সৰু সংস্থাসমূহৰ বাবে প্ৰৱেশৰ বাধা বহু পৰিমাণে হ্ৰাস পায়।
৩,০০০ পৰৱৰ্তী প্ৰজন্মৰ জিপিইউসমূহৰ সৈতে এটা সুৰক্ষিত ৰাষ্ট্ৰীয় জিপিইউৰ থুপ সাৰ্বভৌম আৰু কৌশলগত এআইৰ এপ্লিকেচনসমূহৰ বাবে সংস্থাপন কৰা হৈছে।
৭৬ হাজাৰ কোটি টকা ব্যয়ৰে ভাৰত
শক্তি আৰু ভেগা প্ৰচেছৰৰ দৰে থলুৱা চিপ ডিজাইনৰ পদক্ষেপে এআই হাৰ্ডৱেৰত ভাৰতৰ ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰি তুলিছে।
ভাৰতে কাষ্টম এআই চিপ বিকশিত কৰিও নিজৰ অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰ শক্তিশালী কৰি তুলিছে, ফেব আৰু এটিএমপি গোটকে ধৰি ১০টা অনুমোদিত অৰ্ধপৰিবাহী প্ৰকল্পৰ সৈতে।
ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং মিছনে আইআইটি, আইআইএছইআৰ আৰু ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানসমূহত কম্পিউটিং ক্ষমতাৰ ৪০টাতকৈও অধিক পেটাফ্লপ নিয়োগ কৰিছে।
পৰম সিদ্ধি - এআই আৰু এআইৰাৱাটৰ দৰে ফ্লেগশ্বিপ ব্যৱস্থাই প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ, বতৰৰ ভৱিষ্যদ্বাণী আৰু ঔষধ আৱিষ্কাৰকে ধৰি প্ৰয়োগৰ বাবে প্ৰয়োজনীয় এআই -অনুকূলিত ছুপাৰ কম্পিউটিং প্ৰদান কৰে।
|
২০৩০ চনৰ ভিতৰত আন্তঃগাঁথনি আৰু এআই-চালিত ডিজিটাইজেচন আৰু ভিজাগত ১ জিডব্লিউ এআই হাবৰ বাবে গুগলৰ ১.২৫ লাখ কোটি টকা।
ডাটা চেণ্টাৰ আৰু নেটৱৰ্ক আন্তঃগাঁথনি কম্পিউট স্তৰ হৈছে জটিল সক্ষমকাৰী আন্তঃগাঁথনি। যিয়ে এআই উদ্ভাৱনৰ পৰিসৰ, গতি আৰু কৌশল নিৰ্ধাৰণ কৰে। উচ্চ-কাৰ্য্যক্ষম কম্পিউটিঙৰ ভাগ-বতৰা কৰা, সুলভ মূল্যৰ প্ৰৱেশ সম্প্ৰসাৰণ কৰি আৰু একেসময়তে ঘৰুৱা চিপ আৰু ছুপাৰ কম্পিউটিং ক্ষমতা শক্তিশালী কৰি ভাৰতে এআই বিকাশৰ গাঁথনিগত বাধাসমূহ হ্ৰাস কৰিছে। এই পদ্ধতিয়ে নিশ্চিত কৰিছে যে কম্পিউটিঙৰ শক্তিয়ে গৱেষণা, ষ্টাৰ্টআপ আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ মাজত ব্যাপক হাৰত উদ্ভাৱনক সমৰ্থন কৰিছে, মাত্ৰ কিছু সংখ্যকৰ হাতত কেন্দ্ৰীভূত হৈ থকাৰ পৰিৱৰ্তে।
এআই কম্পিউট পদ্ধতি গ্ৰহণৰ সাধাৰণ ধাৰা
- উচ্চমানৰ এআই কম্পিউটৰ প্ৰৱেশ বহুলাংশে উচ্চ খৰচ আৰু কেইটামান প্ৰযুক্তি প্ৰতিষ্ঠান তথা দেশৰ মাজত উন্নত হাৰ্ডৱেৰৰ কেন্দ্ৰীভূতকৰণৰ দ্বাৰা গঢ় লৈ উঠিছে। যাৰ ফলত সৰু প্ৰতিষ্ঠানৰ অংশগ্ৰহণ সীমিত হৈ পৰিছে। ইয়াৰ বিপৰীতে ভাৰতে ইণ্ডিয়াএআই মিছনৰ অধীনত চৰকাৰী সমৰ্থিত ক্লাউড আন্তঃগাঁথনিৰ জৰিয়তে কম্পিউটাৰৰ বাবে সুলভ আৰু ভাগ-বতৰা কৰা প্ৰৱেশ সম্প্ৰসাৰণ কৰি আহিছে। ইণ্ডিয়াএআই কম্পিউট পৰ্টেলে প্ৰতি ঘণ্টাত ১০০ টকাৰ তলৰ ৰাজসাহায্যযুক্ত হাৰত ৩৮,০০০ তকৈ অধিক জিপিইউ আৰু ১০৫০ টিপিইউৰ প্ৰৱেশ প্ৰদান কৰিছে, যিটো বিশ্বব্যাপী প্ৰতি থকা হাৰ ঘণ্টাত ২০০ টকাতকৈ অধিক । ক্লাউড-ভিত্তিক প্লেটফৰ্ম, ৰাষ্ট্ৰীয় মিছন আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ সৈতে ঘৰুৱা চিপ ডিজাইন, অৰ্ধপৰিবাহী উৎপাদন তথা ছুপাৰ কম্পিউটিং ক্ষমতা নিৰ্মাণৰ প্ৰচেষ্টা সংযুক্ত কৰি ভাৰতে প্ৰৱেশৰ বাধা হ্ৰাস কৰিছে, দীৰ্ঘম্যাদী আত্মনিৰ্ভৰশীলতাক শক্তিশালী কৰিছে। লগতে ই নিশ্চিত কৰিছে যে এআই উদ্ভাৱনে কম্পিউটৰ উপলব্ধতাৰ দ্বাৰা বাধাগ্ৰস্ত নোহোৱাকৈ খণ্ডসমূহৰ মাজত পৰিমাপ কৰিব পাৰি।
ডাটা চেণ্টাৰ আৰু নেটৱৰ্ক আন্তঃগাঁথনিৰ স্তৰ
এই স্তৰে এআইৰ ঘৰ আৰু পথ গঠন কৰে। ডাটা চেণ্টাৰ হৈছে য'ত এআই চিষ্টেমসমূহ সংৰক্ষণ আৰু পৰিচালিত কৰা হয়, আনহাতে ইণ্টাৰনেট, ব্ৰডবেণ্ড, আৰু ৫জিৰ দৰে নেটৱৰ্কে ব্যৱহাৰকাৰী, কম্পিউটাৰ আৰু এআই মডেলৰ মাজত ডাটা স্থানান্তৰ কৰে। একেলগে, এইবোৰে নিশ্চিত কৰে যে এআই- এ নিৰ্ভৰযোগ্যভাৱে, দ্ৰুতভাৱে কাম কৰে, আৰু ব্যৱহাৰকাৰীসকল য'তেই নাথাকক কিয় তেওঁলোকৰ ওচৰলৈ যায়। শক্তিশালী নেটৱৰ্ক আৰু ডাটা চেণ্টাৰৰ অবিহনে এআই এপ্লিকেচনসমূহে ফলপ্ৰসূভাৱে কাম নকৰিব বা পৰিমাপ কৰিব পৰা নাযাব।
|
ভাৰতত ডাটা চেণ্টাৰ আৰু নেটৱৰ্কৰ আন্তঃগাঁথনি
· এটা দেশব্যাপী অপটিকেল ফাইবাৰ নেটৱৰ্কে ক্লাউড আৰু এআই সেৱাৰ বাবে উচ্চ গতিৰ ডাটাৰ গতি সমৰ্থন কৰে।
· সমগ্ৰ দেশৰ সকলো ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলত ৫জি সেৱা আৰম্ভ কৰা হৈছে আৰু দেশৰ ৯৯.৯% জিলাত ৮৫% জনসংখ্যাক সামৰি লোৱা হৈছে।
· প্ৰায় ৯৬০ মেগাৱাট ইনষ্টলড ডাটা চেণ্টাৰ ক্ষমতাৰ সৈতে বিশ্বজুৰি থকা ডাটা চেণ্টাৰ ক্ষমতাৰ প্ৰায় ৩% ই ভাৰতৰ। ইয়াৰ উপৰি বৃদ্ধি পোৱা এআই আৰু ক্লাউড ৱৰ্কলোডৰ ফলত ২০৩০ চনৰ ভিতৰত ক্ষমতা ৯.২ জিৱাটলৈ বৃদ্ধি পাব বুলি প্ৰকল্প কৰা হৈছে।
· মুম্বাই–নভি মুম্বাই হৈছে আটাইতকৈ ডাঙৰ ডাটা চেণ্টাৰ হাব, ই ভাৰতৰ মুঠ ক্ষমতাৰ ২৫%তকৈ অধিক। আন আন মূল ডাটা চেণ্টাৰ হাবসমূহৰ ভিতৰত আছে বাংগালুৰু, হায়দৰাবাদ, চেন্নাই, দিল্লী এনচিআৰ, পুনে আৰু কলকাতা।
· গ্ল’বেল টেক জায়ান্টসমূহে এআই আৰু ডিজিটেল আন্তঃগাঁথনি ত্বৰান্বিত কৰাৰ বাবে ভাৰতত বিনিয়োগ কৰিছে, যিয়ে দেশৰ প্ৰযুক্তিগত পৰিৱেশৰ বাবে এক বৃহৎ উত্থানক চিহ্নিত কৰিছে। মূল প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত আছে মাইক্ৰ’ছফ্টৰ ডাটা চেণ্টাৰ আৰু এআই প্ৰশিক্ষণৰ বাবে ১.৫ লাখ কোটি টকা, ক্লাউড টুৰ লেয়াৰৰ বাবে আমাজনৰ ২.৯ লাখ কোটি টকা প্ৰদান কৰিছে। যিয়ে এআই চিষ্টেমসমূহক বিশাল পৰিসৰত বাস্তৱ সময়ত কাম কৰিবলৈ সক্ষম কৰে।
|
সংযোগ শক্তিশালী কৰাৰ লগতে আৰু ঘৰুৱা ডাটা চেণ্টাৰৰ ক্ষমতা বৃদ্ধি কৰি ভাৰতে নিশ্চিত কৰিছে যে এআই সেৱাসমূহ নিৰ্ভৰযোগ্য, সঁহাৰিজনক আৰু ব্যাপকভাৱে সুলভ । এই সংহত পদ্ধতিয়ে ৰাষ্ট্ৰীয় পৰিৱেশ তন্ত্ৰৰ ভিতৰত ডিজিটেল ক্ষমতাসমূহক দৃঢ়ভাৱে লংঘন কৰাৰ সময়ত বিভিন্ন খণ্ডত সুৰক্ষিত, পৰিমাপযোগ্য এআইৰ প্ৰয়োগক সমৰ্থন কৰিছে।
এআই আন্তঃগাঁথনিৰ উন্নয়নৰ সাধাৰণ ধাৰা
আন্তঃগাঁথনি স্তৰটোৱেই হৈছে এআই নিয়োগৰ মেৰুদণ্ড, য’ত প্ৰধান প্ৰযুক্তি কোম্পানীসমূহে উচ্চ ক্ষমতাসম্পন্ন ডাটা চেণ্টাৰ আৰু উচ্চ গতিৰ নেটৱৰ্কত প্ৰচুৰ বিনিয়োগ কৰে। ডিজিটেল সংযোগ আৰু ঘৰুৱা ডাটা চেণ্টাৰৰ আন্তঃগাঁথনিৰ ব্যাপক বিকাশৰ জৰিয়তে ভাৰতে এই ভেটিটো শক্তিশালী কৰি তুলিছে। বিশ্ব আৰু ভাৰতীয় প্ৰযুক্তি কোম্পানী উভয়ৰে বিনিয়োগে দেশৰ ভিতৰতে এআই মডেল, ডাটা আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰসমূহে সেৱা আগবঢ়োৱাটো নিশ্চিত কৰাত সহায় কৰিছে। সংযোগ উন্নত কৰি, ডাটা চেণ্টাৰৰ ক্ষমতা সম্প্ৰসাৰণ কৰি আৰু ডিজিটেল আন্তঃগাঁথনি ৰাষ্ট্ৰীয় অধিকাৰক্ষেত্ৰৰ ভিতৰত ৰাখি ভাৰতে বিভিন্ন খণ্ডত এআই গ্ৰহণৰ বাবে এক স্থিতিস্থাপক আৰু পৰিমাপযোগ্য পৰিৱেশ সৃষ্টি কৰিছে।
শক্তিৰ স্তৰ
এই স্তৰে সমগ্ৰ এআই ষ্টেক সক্ৰিয় কৰি ৰাখে। এআই ডাটা চেণ্টাৰসমূহে বৃহৎ পৰিমাণৰ বিদ্যুৎ খৰচ কৰে, কাৰণ এআই ব্যৱস্থাক প্ৰশিক্ষণ প্ৰদান আৰু পৰিচালনা কৰিবলৈ শক্তিশালী কম্পিউটাৰৰ প্ৰয়োজন হয়। প্ৰযুক্তি অধিক কাৰ্যক্ষম হোৱাৰ লগে লগে এআইৰ বাবে এটা স্থিৰ আৰু নিৰ্ভৰযোগ্য শক্তি যোগানৰ প্ৰয়োজন হয়। সেয়েহে এআই আন্তঃগাঁথনিৰ বহনক্ষম বৃদ্ধিত সহায় কৰিবলৈ নিকা আৰু সুলভ শক্তিৰ অতি প্ৰয়োজনীয়।
|
ভাৰতত সুলভ, সুৰক্ষিত আৰু নিকা শক্তি
· ভাৰতে ২০২৫–২৬ বিত্তীয় বৰ্ষত ২৪২.৪৯ জিৱাটৰ অভিলেখ শীৰ্ষ সময়ৰ শক্তিৰ চাহিদা পূৰণ কৰিছে, ৰাষ্ট্ৰীয় শক্তিৰ নাটনি মাত্ৰ ০.০৩% লৈ হ্ৰাস পাইছিল, যাৰ ফলত এআই ডাটা চেণ্টাৰৰ বাবে নিৰৱচ্ছিন্ন বিদ্যুৎ নিশ্চিত হৈছিল আৰু উচ্চ-কাৰ্যক্ষম কম্পিউটিং সুবিধা উপলব্ধ হৈছিল ।
· মুঠ ইনষ্টল কৰা শক্তি ক্ষমতা ৫০৯.৭ গিগাৱাটলৈকে উপনীত হৈছে, যিয়ে শক্তি-নিবিড় এআই ৱৰ্কলোড সমৰ্থন কৰিবলৈ প্ৰয়োজনীয় ক্ষমতা প্ৰদান কৰে। (নৱেম্বৰ ২০২৫ চনৰ হিচাপত)
· অজীৱাশ্ম ইন্ধনৰ উৎসৰ অংশীদাৰিত্ব ২৫৬.০৯ জিডব্লিউ – মুঠ স্থাপন কৰা ক্ষমতাৰ ৫১ শতাংশতকৈ অধিক, যিয়ে এআই আন্তঃগাঁথনিৰ বৃদ্ধিক বহনক্ষমতাৰ সৈতে একত্ৰিত কৰি ৰাখিছে আৰু ডাটা চেণ্টাৰৰ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিছে।
· ভাৰতে ২০৩১–৩২ চনৰ ভিতৰত ৫৭ জিৱাট পাম্পড ষ্ট’ৰেজ প্ৰকল্প আৰু ৪৩,২২০ মেগাৱাট ঘণ্টা বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা লাভ কৰাৰ পৰিকল্পনা কৰিছে। ই গ্ৰীডৰ স্থিৰতা আৰু অধিক বৃদ্ধি কৰিব আৰু পৰিৱৰ্তনশীল নবীকৰণযোগ্য শক্তিৰ সমান্তৰালভাৱে কাম কৰা এআই ডাটা চেণ্টাৰসমূহক সমৰ্থন কৰিব।
- ইয়াৰ উপৰি ট্ৰেন্সফৰ্মিং ইণ্ডিয়াৰ বাবে পাৰমাণৱিক শক্তিৰ বহনক্ষম ব্যৱহাৰ আৰু উন্নীতকৰণ (SHANTI) আইনখনে পাৰমাণৱিক শক্তিক এআই আৰু ডাটা চেণ্টাৰৰ বাবে স্বচ্ছ শক্তিৰ এক সুস্থিৰ, ২৪ ঘণ্টাই নিকা শক্তিৰ উৎস হিচাপে স্থান দিছে। এই আইনখনে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ সক্ষম কৰি তোলাৰ লগতে ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ (এছএমআৰ) আৰু মাইক্ৰ’ ৰিয়েক্টৰৰ প্ৰয়োগ ত্বৰান্বিত কৰিছে।
|
শক্তি স্তৰটোৱে সমগ্ৰ এআই পৰিৱেশতন্ত্ৰৰ নিৰ্ভৰযোগ্যতা আৰু বহনক্ষমতাৰ আধাৰ। পৰ্যাপ্ত, সুলভ আৰু ক্ৰমান্বয়ে নিকা শক্তি যোগান নিশ্চিত কৰি ভাৰতে গ্ৰীডৰ স্থিতিশীলতাৰ লগত আপোচ নকৰাকৈ শক্তি-নিবিড় এআই আন্তঃগাঁথনি বৃদ্ধি কৰিবলৈ সক্ষম কৰি তুলিছে। স্থিতিস্থাপক আৰু কম কাৰ্বন শক্তিৰ মিশ্ৰণৰ দিশত এই পৰিৱৰ্তনে ৰাষ্ট্ৰীয় জলবায়ু তথা বহনক্ষমতাৰ লক্ষ্যৰ সৈতে প্ৰযুক্তিগত উন্নতিক একত্ৰিত কৰাৰ লগতে এআইৰ দীৰ্ঘম্যাদী বিকাশক সমৰ্থন কৰে।
এআই আৰু শক্তিৰ চাহিদাৰ সাধাৰণ ধাৰা
এআই আৰু ডাটা চেণ্টাৰৰ দ্ৰুত সম্প্ৰসাৰণে বিশ্বজুৰি বিদ্যুতৰ চাহিদা যথেষ্ট বৃদ্ধি কৰিছে, ২০৩০ চনৰ ভিতৰত বিশ্বব্যাপী ডাটা চেণ্টাৰৰ শক্তিৰ ব্যৱহাৰ দুগুণতকৈও অধিক হ’ব বুলি প্ৰকল্প কৰা হৈছে— এয়া এআই-চালিত কৰ্মবোজা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগে লগে বছৰি প্ৰায় ৯৪৫ টিৱাট ঘণ্টাত উপনীত হ’ব। ভাৰতত এই ধাৰাৰ সৃষ্টি হৈছে যেতিয়া শক্তি খণ্ডত ঐতিহাসিক পৰিৱৰ্তন ঘটিছে। দেশখনৰ মুঠ স্থাপন কৰা বিদ্যুৎ ক্ষমতাই ৫০০ জিৱাট অতিক্ৰম কৰিছে। সেই ক্ষমতাৰ ৫১ শতাংশতকৈ অধিক অজীৱাশ্ম ইন্ধনৰ উৎসই লাভ কৰিছে—২০৩০ চনৰ লক্ষ্যৰ আগতেই ই এক বৃহৎ স্বচ্ছ শক্তিৰ মাইলৰ খুঁটিত উপনীত হৈছে। নিকা , সুলভ আৰু সুৰক্ষিত শক্তিৰ এই সম্প্ৰসাৰণে এআই আন্তঃগাঁথনিৰ বৃদ্ধিক বহনক্ষম আৰু স্থিতিস্থাপক শক্তি যোগানৰ সৈতে একত্ৰিত কৰি শক্তি-নিবিড়, অবিৰতভাৱে চলি থকা এআই আৰু ডাটা-কেন্দ্ৰৰ কৰ্মবোজা সমৰ্থন কৰাৰ শক্তি ব্যৱস্থাৰ ক্ষমতাক সবল কৰি তুলিছে।
উপসংহাৰ
এটা শক্তিশালী এআই ষ্টেক নিৰ্মাণ কৰাটো ভাৰতৰ বাবে প্ৰযুক্তিগত অগ্ৰাধিকাৰ আৰু সামাজিক প্ৰতিশ্ৰুতি দুয়োটাই। এপ্লিকেচন, এআই মডেল, কম্পিউট, ডিজিটেল আন্তঃগাঁথনি, আৰু শক্তিকে ধৰি প্ৰতিটো স্তৰক শক্তিশালী কৰি ভাৰতে এআইৰ গণতান্ত্ৰিকীকৰণক সক্ষম কৰি তুলিছে আৰু ইয়াৰ সুবিধাসমূহ নাগৰিকসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিছে। কৃষি, স্বাস্থ্যসেৱা, শিক্ষা, ন্যায় আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বাস্তৱ জগতৰ ব্যৱহাৰৰ ক্ষেত্ৰসমূহত গুৰুত্ব দিয়াটোৱে প্ৰমাণ কৰিছে যে কেনেকৈ এআইয়ে প্ৰত্যক্ষভাৱে সেৱা প্ৰদান, উৎপাদনশীলতা, আৰু জনকল্যাণসাধন কৰিব পাৰে। লগতে অন্তৰ্ভুক্ত, সাৰ্বভৌম আৰু ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি আগুৱাই যাব পাৰে।
কম্পিউটিঙৰ সুলভ প্ৰৱেশ, থলুৱা মডেলৰ বিকাশ, সুৰক্ষিত তথ্য আন্তঃগাঁথনি আৰু বহনক্ষম শক্তি ব্যৱস্থাৰ জৰিয়তে ভাৰতে এনে এক এআই পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিছে যি পৰিমাপযোগ্য , স্থিতিস্থাপক আৰু ভৱিষ্যতৰ বাবে সাজু এক ব্যৱস্থা। এই সংহত পদ্ধতিয়ে নিশ্চিত কৰিছে যে এআই উদ্ভাৱন খৰচ, আন্তঃগাঁথনি বা শক্তিৰ উপলব্ধতাৰ দৰে বিষয়সমূহৰ দ্ধাৰা বাধাগ্ৰস্ত নহয়, একে সময়তে ই দীৰ্ঘম্যাদী আত্মনিৰ্ভৰশীলতাকো সমৰ্থন কৰে। মানৱতাৰ বাবে এআইৰ দৃষ্টিভংগীৰে ভাৰতৰ এআই ষ্টেকে ডিজিটেল যুগত প্ৰযুক্তিক সকলোৰে বাবে কল্যাণ তথা সকলোৰে বাবে সুখ আৰু উন্নতিৰ এক আহিলা হিচাপে পৰিগণিত কৰিছে।
তথ্যসূত্ৰ:
PIB Headquarters
Ministry of Electronics and Information Technology
Ministry of Science and Technology
Office of the Principal Scientific Adviser to the Government of India
Ministry of Communications:
Ministry of Power:
International Energy Agency:
DD News:
Click here of pdf file.
*****
PIB Research
(Explainer ID: 157572)
आगंतुक पटल : 44
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
Gujarati
,
English
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Telugu
,
Kannada
,
Malayalam