Economy
ভাৰতৰ গ্ৰাম্য অৰ্থনীতিৰ কেন্দ্ৰত হস্তশিল্প
Posted On:
09 DEC 2025 3:42PM
|
মুখ্য তথ্য
হস্তশিল্পই ৬৪.৪৪ লাখ কাৰুশিল্পীক কৰ্মসংস্থাপন প্ৰদান কৰিছে। মুঠ কাৰুশিল্পীৰ ভিতৰত ৬৪% আৰু শিপিনীৰ ৭১% মহিলা।
গোলকীয় চাহিদা প্ৰতিফলিত কৰি ২০২৪-২৫ চনত হস্তশিল্পৰ ৰপ্তানিয়ে ৩৩১২২.৭৯ কোটি টকাত উপনীত হৈছে।
চৰকাৰে বিভিন্ন পদক্ষেপ যেনে- NHDP, CHCDS, শ্ৰম সংহিতা আৰু পেহচান IDৰ জৰিয়তে কাৰুশিল্পীসকলৰ বাবে উন্নত আন্তঃগাঁথনি, বজাৰ প্ৰৱেশ আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰা হৈছে।
আধুনিক তথা উচ্চ-মূল্যৰ বজাৰৰ বাবে পৰম্পৰাগত শিল্পক উপযুক্ত কৰি তুলিবলৈ ব্যাপক দক্ষতা উন্নয়ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।
|
পাতনি

ভাৰতৰ হস্তশিল্প খণ্ডই দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত, বিশেষকৈ গ্ৰামাঞ্চলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই গ্ৰামাঞ্চল আৰু অৰ্ধনগৰীয় অঞ্চলৰ বৃহৎ সংখ্যক কাৰুশিল্পী আৰু শিপিনীক জীৱিকাৰ সুবিধা প্ৰদান কৰে, ৰপ্তানিত অৰিহণা যোগায়, ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত সহায় কৰে। ৩১৮টা GI-টেগ কৰা হস্তশিল্প সামগ্ৰী আৰু প্ৰায় ৪৫৫টা আনুষ্ঠানিকভাৱে শ্ৰেণীভুক্ত শিল্প শিতানৰ সৈতে এই খণ্ডই ভাৰতৰ সৃষ্টিশীল পৰম্পৰাৰ লক্ষণীয় বৈচিত্ৰ্যক প্ৰতিফলিত কৰে।
|
প্ৰতিটো হস্তশিল্পৰ আঁৰৰ কলা
হস্তশিল্প হৈছে এনে সামগ্ৰী যিবোৰ মূলতঃ হাতেৰে তৈয়াৰ কৰা হয়, যদিও নিৰ্মাণ প্ৰক্ৰিয়াত কিছুমান সঁজুলি বা যন্ত্ৰও ব্যৱহাৰ কৰা হয়। এই সামগ্ৰীবোৰ দেখিবলৈ আকৰ্ষণীয় আৰু ইয়াৰ সুকীয়া বৈশিষ্ট্য আছে যিবোৰ সৌন্দৰ্য্য, শিল্প, পৰম্পৰা বা সংস্কৃতিৰ সৈতে জড়িত। তদুপৰি একেধৰণৰ যন্ত্ৰৰে নিৰ্মিত সামগ্ৰীৰ পৰাও এইবোৰ স্পষ্টকৈ পৃথক।
|
হস্তশিল্পৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ যোগানকাৰী; আৰু প্ৰামাণিক, বহনক্ষম, হস্তনিৰ্মিত সামগ্ৰীৰ গোলকীয় চাহিদা বৃদ্ধিৰ লগে লগে দেশখনে নিজৰ হস্তশিল্প অৰ্থনীতি সম্প্ৰসাৰণৰ বাবে একক অৱস্থাত উপনীত হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ বৃহৎ সংখ্যক কাৰুশিল্পীৰ হাতত আছে হস্তশিল্প উদ্যোগৰ মেৰুদণ্ড গঠন কৰাৰ অন্তৰ্নিহিত দক্ষতা, কৌশল আৰু পৰম্পৰাগত কাৰুকাৰ্য্য। যদিও বেছিভাগ শিল্পীয়ে কম মূলধন বিনিয়োগেৰে অংশকালীন কামত লিপ্ত হয়, তথাপি মূল্য সংযোজন অধিক হৈয়েই থাকে, যাৰ ফলত হস্তশিল্প উপাৰ্জনৰ এক কাৰ্য্যকৰী উৎস হৈ পৰে। এই খণ্ডটো দেশৰ প্ৰতিটো চুক-কোণ সামৰি লোৱা অতি শ্ৰম-নিবিড় আৰু বিকেন্দ্ৰীকৃত।
|
ভাৰতৰ শিল্প ঐতিহ্যৰ উদযাপন
ভাৰতৰ কাৰুশিল্পীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে হস্তশিল্প খণ্ডৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বক উজ্জ্বল কৰি তুলিবলৈ প্ৰতি বছৰে ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ (৮–১৪ ডিচেম্বৰ) উদযাপন কৰা হয়। ই শিল্পী সম্প্ৰদায়ৰ অৱদানক স্বীকৃতি দিয়াৰ সুযোগ প্ৰদান কৰে, পৰম্পৰাগত দক্ষতাক প্ৰসাৰিত কৰে আৰু গ্ৰাম্য অৰ্থনীতিৰ এই গুৰুত্বপূৰ্ণ অংশটোক সবলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰবাৰ দৃঢ় কৰে।
হস্তশিল্পত উৎকৃষ্টতালৈ স্বীকৃতি
এইবাৰৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট হল ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা, য’ত ভাৰতৰ শিল্প ঐতিহ্যলৈ অসাধাৰণ অৱদান আগবঢ়োৱা বিশিষ্ট শিল্পীসকলক সন্মান জনোৱা হয়। ইয়াৰ ভিতৰত আছে হস্তশিল্প খণ্ডৰ সৰ্বোচ্চ সন্মান শিল্প গুৰু বঁটা আৰু বিভিন্ন শিল্পৰ উৎকৃষ্টতা আৰু উদ্ভাৱনক স্বীকৃতি দিয়া ৰাষ্ট্ৰীয় বঁটা। এই বঁটাসমূহে একেলগে সমগ্ৰ দেশৰ শিল্পীসকলৰ দক্ষতা, সৃষ্টিশীলতা আৰু সাংস্কৃতিক সংৰক্ষণক উদযাপন কৰে।
|
হস্তশিল্প খণ্ডৰ অৰ্থনৈতিক সবলীকৰণ
সংস্থাপন আৰু কাৰুশিল্পীৰ জনগাঁথনি
হস্তশিল্প উদ্যোগত বিশেষকৈ গ্ৰামাঞ্চলৰ বৃহৎ সংখ্যক কাৰুশিল্পীক নিয়োজিত কৰে। বৰ্তমান ভাৰতত প্ৰায় ৬৪.৬৬ লাখ হস্ততাঁত আৰু হস্তশিল্পৰ কাৰুশিল্পী আছে, ইয়াৰ যথেষ্টসংখ্যক উত্তৰ প্ৰদেশ, ৰাজস্থান, অসম, ওড়িশা, পশ্চিমবংগ আৰু তামিলনাডু আদি ৰাজ্যৰ। ২০২৫ চনৰ আগষ্ট মাহলৈকে হস্ততাঁত শিপিনীৰ ৭১% আৰু মুঠ কাৰুশিল্পীৰ ৬৪% মহিলা। মহিলাসকলৰ এই শক্তিশালী অংশগ্ৰহণে গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলত মহিলাৰ সংস্থাপন আৰু সৱলীকৰণৰ ক্ষেত্ৰত এই খণ্ডৰ অৱদানক প্ৰতিফলিত কৰে।
বৈচিত্ৰ্যময় কাৰুশিল্পীৰ কৰ্মশক্তিৰ সৈতে এই খণ্ডই অৰ্থনীতিৰ সামাজিক মৰ্যাদা উন্নীত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, য’ত অধিকাংশই অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC)ৰ অন্তৰ্গত। ইয়াৰ দ্বাৰা শিল্পকৰ্মত বিভিন্ন সম্প্ৰদায়ৰ ব্যাপক অংশগ্ৰহণ প্ৰতিফলিত হৈছে, যাৰ ফলত হস্তশিল্প খণ্ড সমাজৰ বিভিন্ন শ্ৰেণীৰ বাবে সৰ্বাংগীণ বিকাশ আৰু জীৱিকাৰ উপায় হিচাপে পৰিগণিত হৈছে।
ভাৰতীয় হস্তশিল্প খণ্ডই লগতে কৃষিভিত্তিক পৰিয়াল আৰু অন্যান্যসকলকো অংশকালীন বা পৰিপূৰক কৰ্মসংস্থাপন প্ৰদান কৰে, যাৰ ফলত অসময়ত আৰু কৃষি কাৰ্যকলাপ হ্ৰাস পোৱাৰ সময়ত উপাৰ্জনৰ মসৃণ প্ৰবাহ নিশ্চিত হয়। তদুপৰি যিহেতু সৰু সৰু ব্যৱ্স্থা (প্ৰায়ে ঘৰতে) আৰু নূন্যতম মূলধনেৰে এই শিল্পকৰ্ম আৰম্ভ কৰিব পাৰি, সেয়েহে ই বিশেষকৈ দুৰ্গম অঞ্চলত বাস কৰা পৰিয়ালৰ বাবেও জীৱিকাৰ এক কাৰ্য্যকৰী উৎস প্ৰদান কৰে।
|
২০২৪ চনলৈকে কাৰুশিল্পী চিনাক্তকৰণ কাৰ্যসূচীৰ অধীনত ৩২ লাখতকৈ অধিক কাৰুশিল্পীক পঞ্জীয়ন কৰা হৈছে। এই কাৰুশিল্পীসকলৰ প্ৰায় ২০ লাখ মহিলা, যি গাঁৱৰ মহিলাসকলক অৰ্থনৈতিকভাৱে সবলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনিখনৰ ভূমিকাক উজ্জ্বল কৰি তুলিছে।
|
চৰকাৰে হস্তশিল্পক জীৱিকাৰ মূল উৎস হিচাপে স্বীকৃতি দিয়ে, স্থানীয় কৃষিকাৰ্যত জড়িত নোহোৱা সংস্থাপন শক্তিশালী কৰাত সহায় কৰে। বহুতো পৰম্পৰাগত শিল্পকৰ্ম প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি আহিছে আৰু প্ৰাতিষ্ঠানিক সহায়ত এই দক্ষতাসমূহক স্বীকৃতি দিয়াৰ লগতে ইয়াৰ প্ৰচাৰ কৰা হৈছে। কাৰুশিল্পীসকলক পেহচান ID প্ৰদানৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ লক্ষ্য হৈছে এই শিল্পীসকলক ভাৰত চৰকাৰৰ আঁচনিৰ দ্বাৰা লাভৱান হ’ব পৰাকৈ আনুষ্ঠানিক অৰ্থনীতিলৈ অনা । কাৰুশিল্পীসকলৰ পৰিচয় আনুষ্ঠানিক কৰি সংগঠিত কৰাৰ এই পদক্ষেপে শিল্পীসকলৰ বাবে উন্নত কৰ্ম পৰিস্থিতিৰ সৃষ্টি আৰু তেওঁলোকৰ শিল্পকৰ্মৰ দৰ-দামৰ ক্ষমতা বৃদ্ধিৰ ভেটি স্থাপন কৰিছে।
ৰপ্তানি প্ৰদৰ্শন
২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত (২০২৫ চনৰ এপ্ৰিল-ছেপ্টেম্বৰ) ভাৰতৰ মুঠ বস্ত্ৰ আৰু সাজ-পোছাক (হস্তশিল্পকে ধৰি) ৰপ্তানি ১৮,২৩৫.৪৪ নিযুত মাৰ্কিন ডলাৰ। ভাৰতৰ হস্তশিল্পৰ ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে, যিটো বিশ্বজনীন প্ৰত্যাহ্বানৰ মাজতো সামগ্ৰিক বস্ত্ৰ আৰু সাজ-পোছাক খণ্ডৰ সুস্থিৰ প্ৰদৰ্শনৰ পৰা স্পষ্ট হৈ পৰিছে। ২০২৪-২৫ চনত হস্তশিল্পৰ ৰপ্তানি (হাতেৰে গুঁঠা কাৰ্পেট বাদ দি) ৩৩,১২২.৭৯ কোটি টকা হয়, যি ২০১৪-১৫ চনত ২০,০৮২.৫৩ কোটি টকা আছিল।

২০২৪-২৫ চনৰ সময়ছোৱাত মূল ৰপ্তানি শ্ৰেণীসমূহৰ ভিতৰত আছে কলা ধাতুৰ সামগ্ৰী (৪,৩৮৬ কোটি টকা), কাঠৰ সামগ্ৰী (৮,৫২৪ কোটি টকা), হাতেৰে ছপা কৰা বস্ত্ৰ (৩,২১৭ কোটি টকা), এম্ব্ৰয়ডাৰী আৰু ক্ৰ’চেটেড সামগ্ৰী (৪,৩৫০ কোটি টকা), আৰু নকল গহনা (১,৫১১ কোটি টকা)। এই পৰিসংখ্যাই ভাৰতৰ শিল্পকলাৰ ৰপ্তানিৰ বৈচিত্ৰ্য আৰু ভাৰতীয় শিল্প সামগ্ৰীৰ গোলকীয় চাহিদাক প্ৰতিফলিত কৰে। আমেৰিকালৈ প্ৰায় ৩৭% ৰপ্তানি হোৱাৰ লগতে ৬১% ভাৰতীয় হস্তশিল্প বিশ্বৰ অন্যান্য প্ৰধান বজাৰসমূহলৈ ৰপ্তানি কৰা হয়।
ভাৰতৰ শক্তিশালী অৰ্থনৈতিক বিকাশ আৰু ৰপ্তানিকাৰকসকলক চৰকাৰৰ সক্ৰিয় সমৰ্থনৰ বাবে হস্তশিল্প ৰপ্তানিৰ সম্ভাৱনা ইতিবাচক হৈয়ে আছে।
শিল্পকলাৰ সৱলীকৰণঃ হস্তশিল্পৰ বাবে চৰকাৰী সমৰ্থন
চৰকাৰে নিৰ্দিষ্ট আঁচনি আৰু নীতিগত হস্তক্ষেপৰ জৰিয়তে হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰিছে। এই অবিৰত সমৰ্থন খণ্ডটোক আধুনিকীকৰণ, শিল্পীৰ উপাৰ্জন বৃদ্ধি আৰু খণ্ডটোৰ স্থিতিস্থাপকতা নিশ্চিত কৰাত অতি গুৰুত্বপূৰ্ণ। চৰকাৰী মূল পদক্ষেপ আৰু ইয়াৰ প্ৰভাৱৰ ভিতৰত আছে:
ৰাষ্ট্ৰীয় হস্তশিল্প উন্নয়ন কাৰ্যসূচী (NHDP) :
হস্তশিল্প খণ্ডৰ প্ৰসাৰৰ বাবে NHDP এখন ধ্বজাবাহী আঁচনি। ইয়াৰ অধীনত ২০২২-২৬ বিত্তীয় বৰ্ষৰ বাবে ৮৩৭ কোটি টকা অনুমোদন দিয়া হৈছে। ২০২৩-২৪ চনৰ ভিতৰত NHDPৰ অধীনত ২,৩২৫টা প্ৰকল্প আৰু কাৰ্যসূচীত অনুমোদন জনোৱা হয়, যাৰ ফলত ৬৬,০০০ৰো অধিক শিল্পী উপকৃত হৈছে।
এই আঁচনিখনে লক্ষ্যনিৰ্ধাৰিত বজাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ মৌলিক সামগ্ৰী, আন্তঃগাঁথনি সমৰ্থন আৰু সামৰ্থ্য বিকাশৰ জৰিয়তে হস্তশিল্প ক্লাষ্টাৰ আৰু কাৰুশিল্পীসকলক ব্যাপক সহায় আগবঢ়ায়। ইয়াৰ উপাদানসমূহ আৰম্ভণিৰ পৰা শেষলৈ সমৰ্থন আগবঢ়াবলৈ, এটা অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ আৰু যন্ত্ৰ-নিৰ্মিত সামগ্ৰীৰ সৈতে ন্যায্য প্ৰতিযোগিতা নিশ্চিত কৰিবলৈ ডিজাইন কৰা হৈছে।
ইয়াৰ মূল লক্ষ্য হল নতুন প্ৰৱেশকাৰীসকলৰ বাবে বিপণন মঞ্চ, আন্তঃগাঁথনি সমৰ্থন আৰু ডিজাইন তথা দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰি প্ৰতিজন কাৰুশিল্পীক মূলসুঁতিলৈ অনাত গুৰুত্ব দিয়া আৰু একে সময়তে পৰম্পৰাগত শিল্পকৰ্মসমূহ সংৰক্ষণ কৰা। এই আঁচনিখনে খণ্ডটোক শক্তিশালী কৰাৰ লগতে কাৰুশিল্পীসকলক সৱলীকৰণৰ উপৰি আম আদমী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ দৰে পদক্ষেপৰ জৰিয়তেও জ্যেষ্ঠ কাৰুশিল্পীসকলৰ বাবে পেঞ্চন সহযোগিতাকে ধৰি সামাজিক সুৰক্ষা প্ৰদান কৰে।
সামগ্ৰিকভাৱে NHDP আঁচনিখনে খণ্ডটোক অধিক বিকাশৰ পথলৈ আগুৱাই নিবলৈ আৰু বৰ্তমানৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে তলত দিয়া ত্ৰিমাত্ৰিক পদ্ধতি গ্ৰহণ কৰে:
- যথাৰ্থ বজাৰৰ বাবে প্ৰিমিয়াম হস্তশিল্প সামগ্ৰীৰ প্ৰচাৰ।
- উপযোগিতা ভিত্তিক, জীৱনশৈলী সম্পৰ্কীয় আৰু গণ-উৎপাদিত হস্তশিল্প সামগ্ৰীৰ উৎপাদনৰ আধাৰ সম্প্ৰসাৰণ।
- ঐতিহ্য/অনগ্ৰসৰ শিল্পকৰ্মসমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ লগতে কাৰুশিল্পীসকলৰ সবলীকৰণ আৰু স্থায়িত্ব প্ৰদান কৰা।
|
সংগঠিত দক্ষতা বিকাশ পদক্ষেপৰ জৰিয়তে কাৰুশিল্পীসকলৰ সবলীকৰণ
আজি ৰাষ্ট্ৰীয় আৰু গোলকীয় বজাৰত শিল্পকলা উৎপাদন আৰু বিতৰণৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তাৰ বাবে প্ৰামাণিক উৎপাদন, দক্ষ মানৱ সম্পদ, ডিজাইন ডাটাবেছ, দ্ৰুত আৰু ফলপ্ৰসূ প্ৰ’ট’টাইপিং আৰু উন্নত যোগাযোগ দক্ষতাৰ প্ৰয়োজন। সঁজুলি আৰু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে ভাৰতৰ কাৰুশিল্পী কৰ্মশক্তিৰ দ্ৰুত বিকাশ ঘটিছে। এই খণ্ডসমূহৰ শিল্পীসকলক সহায় কৰিবলৈ NHDPৰ অধীনত "হস্তশিল্প খণ্ডত দক্ষতা বিকাশ"ৰ ধাৰণা সৃষ্টি কৰা হৈছে, য'ত তলত দিয়া চাৰিটা উপাদান অন্তৰ্ভুক্ত কৰা হৈছে :
- আৰ্হি প্ৰস্তুত আৰু প্ৰযুক্তি বিকাশ কৰ্মশালা : বৰ্তমানৰ বজাৰৰ আৰ্হিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ শিল্পীসকলৰ বৰ্তমানৰ দক্ষতা ব্যৱহাৰ কৰি নতুন আৰ্হি প্ৰস্তুত আৰু প্ৰ'ট'টাইপ বিকশিত কৰাত গুৰুত্ব আৰোপ কৰা হয়।
- গুৰু-শিষ্য হস্তশিল্প প্ৰশিক্ষণ কাৰ্যসূচী : ইয়াৰ উদ্দেশ্য হল কাৰিকৰী আৰু ছফ্ট-স্কিল প্ৰশিক্ষণৰ জৰিয়তে অভিজ্ঞ শিল্পীৰ পৰা নতুন শিল্পীলৈ পৰম্পৰাগত শিল্পকলাৰ জ্ঞান হস্তান্তৰ কৰা, যাৰ ফলত দক্ষতাৰ ব্যৱধান দূৰ হয় আৰু বজাৰৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি প্ৰশিক্ষিত কৰ্মশক্তি সৃষ্টি হয়।
- ব্যাপক দক্ষতা উন্নীতকৰণ কাৰ্যসূচী : ই ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা পৰিকাঠামো (NSQF) প্ৰশিক্ষণৰ জৰিয়তে পৰম্পৰাগত শিল্পকলাক পুনৰুজ্জীৱিত কৰি দক্ষতা উন্নীতকৰণ, আৰ্হি উদ্ভাৱন আৰু শিল্পীৰ দক্ষতা বৃদ্ধি কৰি দক্ষতাৰ ব্যৱধান দূৰ কৰে।
- উন্নত সঁজুলি বিতৰণ কাৰ্যসূচী : ই কাৰুশিল্পীসকলক উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ, একেধৰণৰ গুণগত মান নিশ্চিত কৰিবলৈ আৰু হস্তশিল্প খণ্ডত বৃহৎ পৰিসৰৰ উৎপাদন সমৰ্থন কৰিবলৈ উন্নত সঁজুলি প্ৰদান কৰে।
|
কাৰুশিল্পী ক্লাষ্টাৰৰ জৰিয়তে খণ্ডটোৰ প্ৰসাৰ
ব্যাপক হস্তশিল্প ক্লাষ্টাৰ উন্নয়ন আঁচনি (CHCDS)
NHDPৰ পৰিপূৰক হৈছে ২০২২-২৬ বিত্তীয় বৰ্ষৰ বাবে ১৪২.৫ কোটি টকা আবণ্টনৰ সৈতে ব্যাপক হস্তশিল্প ক্লাষ্টাৰ উন্নয়ন আঁচনি (CHCDS)। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে স্থানীয় কাৰুশিল্পী আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (SME)ৰ ব্যৱসায়িক প্ৰয়োজনীয়তা পূৰণৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনিৰ সৈতে হস্তশিল্প ক্লাষ্টাৰ গঢ়ি তোলা আৰু উৎপাদন তথা ৰপ্তানি বৃদ্ধি নিশ্চিত কৰা।
এই ক্লাষ্টাৰসমূহৰ লক্ষ্য হৈছে শিল্পী আৰু উদ্যোগীসকলক উন্নত আন্তঃগাঁথনি, শেহতীয়া প্ৰযুক্তি, পৰ্যাপ্ত প্ৰশিক্ষণ আৰু মানৱ সম্পদ উন্নয়নেৰে সজ্জিত আধুনিক ইউনিট স্থাপন কৰাত সহায় কৰাৰ লগতে বজাৰৰ সংযোগ আৰু উৎপাদনৰ বৈচিত্ৰ্যতা নিশ্চিত কৰা।
এই কাৰ্যসূচীৰ বিশদ উদ্দেশ্যসমূহ হ’ল-
নিৰ্বাচিত ক্লাষ্টাৰসমূহৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিবলৈ উচ্চ একক মূল্য উপলব্ধিৰ জৰিয়তে বজাৰ অংশীদাৰিত্ব আৰু উৎপাদনশীলতা বৃদ্ধি কৰা।
- সিঁচৰতি হৈ থকা কাৰুশিল্পীসকলক একত্ৰিত কৰা, প্ৰাথমিক পৰ্যায়ৰ উদ্যোগসমূহক শক্তিশালী কৰা আৰু নিৰ্ধাৰিত পৰিসৰৰ অৰ্থনীতি লাভ কৰিবলৈ এক গুৰুত্বপূৰ্ণ সামূহিক ভিত্তি সৃষ্টি কৰিবলৈ, আৰু গুণগত মান তথা প্ৰামাণিকীকৰণৰ বাবে গোলকীয় বজাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ (SME)ৰ সৈতে সংযোগ কৰা।
- দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰিবলৈ আন্তঃগাঁথনি, প্ৰযুক্তি, পণ্যৰ বৈচিত্ৰ্য, আৰ্হি বিকাশ, কেঁচামালৰ মজুতকৰণ, বিপণন, প্ৰচাৰ আৰু সামাজিক সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সমৰ্থন আৰু সংযোগ প্ৰদান কৰা।
- এই কৌশলৰ ভিতৰত আছে সামৰ্থ্য বিকাশৰ বাবে শক্তিশালী কাৰিকৰী আৰু কাৰ্যসূচী ব্যৱস্থাপনা সমৰ্থন আগবঢ়োৱা, নিৰ্দিষ্ট আৰ্হিৰ হস্তক্ষেপ আৰু এটা দক্ষ পেছাদাৰী সংস্থাৰ জৰিয়তে সেইবোৰ কাৰ্যকৰী কৰা।

পৰম্পৰাগত উদ্যোগ পুনৰুজ্জীৱিত পুঁজি আঁচনি (SFURTI)
ভাৰতৰ হস্তশিল্প খণ্ড দেশৰ গ্ৰাম্য উন্নয়নৰ প্ৰচেষ্টাৰ সৈতে গভীৰভাৱে জড়িত আৰু ই কৃষিকৰ্ম বিহীন জীৱিকাক সমৰ্থন কৰে। পৰম্পৰাগত উদ্যোগ পুনৰুজ্জীৱিত পুঁজি আঁচনি (SFURTI)ৰ ১০০টাতকৈও অধিক হস্তশিল্প ক্লাষ্টাৰ আছে, যাৰ লক্ষ্য হৈছে বিভিন্ন খণ্ডৰ গ্ৰাম্য কাৰুশিল্পীসকলৰ প্ৰতিভা, সৃষ্টিশীলতা, উদ্যোগীকৰণ আৰু কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়া আৰু পৰম্পৰাগত উদ্যোগসমূহক অধিক উৎপাদনশীল, লাভজনক আৰু স্থায়ী সংস্থাপন সৃষ্টি কৰিবলৈ সক্ষম কৰা, শিল্পীসকলক ক্ষমতাশালী আৰু স্বশাসিত উদ্যোগীলৈ ৰূপান্তৰ কৰা।
|
স্বনিৰ্ভৰশীল কাৰুশিল্পী
আম্বেদকাৰ হস্তশিল্প বিকাশ যোজনা (ৰাষ্ট্ৰীয় হস্তশিল্প উন্নয়ন কাৰ্যসূচীৰ এটা উপাদান)ৰ দৰে আঁচনিৰ অধীনত চৰকাৰে এই ক্লাষ্টাৰসমূহত কাৰুশিল্পীৰ গোট বা উৎপাদন কোম্পানী গঠনত সহায় কৰে আৰু আৰ্হি প্ৰস্তুত তথা প্ৰযুক্তি বিকাশ কৰ্মশালাৰ দৰে প্ৰয়োজনীয় হস্তক্ষেপ প্ৰদান কৰে।
ইয়াৰ লক্ষ্য হৈছে কাৰুশিল্পীসকলক বিত্তীয় আৰু বিপণন মূলসুঁতিৰ সৈতে একত্ৰিত কৰাৰ লগতে তেওঁলোকৰ পৰম্পৰাগত শিল্পকলাকো সংৰক্ষণ কৰা।
|
বজাৰ প্ৰৱেশ আৰু গোলকীয় সংহতি
গ্ৰাম্য উন্নয়নত হস্তশিল্প খণ্ডৰ অৱদান আৰু অধিক প্ৰমাণিত হৈছে চৰকাৰী বিভিন্ন কাৰ্যসূচীত ইয়াৰ অন্তৰ্ভুক্তিকৰণৰ জৰিয়তে। উদাহৰণস্বৰূপে, পৰম্পৰাগত দক্ষতা সংৰক্ষণৰ বাবে GI-টেগ কৰা সামগ্ৰীসমূহক সমৰ্থন কৰি, এক জিলা এক পণ্য (ODOP) পদক্ষেপৰ জৰিয়তে একাধিক জিলাৰ আঞ্চলিক সামগ্ৰীসমূহক উজলাই তোলে, যাৰ ফলত ই উন্নয়নত সহায় কৰে। শিল্প উৎপাদনত নিয়োজিত অসংখ্য আত্মসহায়ক গোট (SHG)ক সামৰ্থ্য বিকাশ আৰু পৰিৱেশ অনুকূল উদ্ভাৱনৰ জৰিয়তে সহায় কৰা হয়। গ্ৰাম্য কাৰুশিল্পীসকলক নগৰীয়া বজাৰৰ সৈতে সংযোগ কৰিবলৈ আৰু গোলকীয় সংহতি প্ৰদান কৰিবলৈ চৰকাৰে বিপণন কাৰ্যসূচী আৰু প্ৰদৰ্শনীৰ সুবিধা আগবঢ়ায়।
কেৱল ২০২৩-২৪ বিত্তীয় বৰ্ষতে ৰাষ্ট্ৰীয় হস্তশিল্প উন্নয়ন কাৰ্যসূচীৰ অধীনত ৭৮৬টা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিপণন কাৰ্যসূচীৰ লগতে আৰ্হি প্ৰস্তুত আৰু প্ৰশিক্ষণ পদক্ষেপৰ অনুমোদন দিয়া হৈছিল, যি সমগ্ৰ ভাৰতৰ প্ৰায় ৬৬,৭৭৫ গৰাকী কাৰুশিল্পীক উপকৃত কৰিছিল। ২০২৫-২৬ বিত্তীয় বৰ্ষত NHDPৰ অধীনত মুঠ ১৩২টা বিপণন কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে। কাৰুশিল্পীসকলৰ বজাৰ প্ৰৱেশ সবল কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানসমূহৰ আয়োজন কৰা হয়।
|
দৃশ্যমানতা বৃদ্ধি আৰু নতুন বজাৰ সংযোগ স্থাপনৰ মঞ্চ
ইণ্ডি হাট– ভাৰতৰ হস্তশিল্প আৰু হস্ততাঁত ঐতিহ্যৰ প্ৰদৰ্শন : ২০২৫ চনৰ ১২ৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীৰ নেশ্যনেল ক্ৰাফ্টছ মিউজিয়াম আৰু হস্তকলা একাডেমীত অনুষ্ঠিত ইণ্ডি হাটৰ ২০২৫ সংখ্যক সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ ৮৫ গৰাকী শিল্পী আৰু শিপিনীৰ দ্বাৰা নিৰ্মিত ৮০টা ভিন্ন ধৰণৰ হস্তনিৰ্মিত সামগ্ৰী আৰু হাতেৰে বোৱা বস্ত্ৰৰ জীৱন্ত প্ৰদৰ্শন কৰা হয়।
IITFত বিশেষ হস্ততাঁত আৰু হস্তশিল্প প্ৰদৰ্শনীঃ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ (IITF) অংশ হিচাপে বস্ত্ৰ মন্ত্ৰালয়ে এক বিশেষ হস্ততাঁত আৰু হস্তশিল্প প্ৰদৰ্শনী আৰু বিক্ৰীৰ আয়োজন কৰে, যিটো হস্ততাঁত আৰু হস্তশিল্পৰ উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ দ্বাৰা পৰিচালিত হয়। এই পেভিলিয়নত ২৭খন ৰাজ্যৰ হস্ততাঁত আৰু হস্তশিল্প পৰম্পৰাক প্ৰতিনিধিত্ব কৰা ২০৬টা ষ্টল আছিল, লগতে “ভাৰতীয় বস্ত্ৰশিল্পৰ জনজাতীয় সম্পদ” বিষয়ক থিম প্ৰদৰ্শন কৰা হৈছিল।
|
হস্ততাঁত খণ্ডৰ পদক্ষেপ
হস্ততাঁত আৰু হস্তশিল্পৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৩৫৬টা ক্ষুদ্ৰ আৰু ২ বৃহত্ হস্ততাঁত ক্লাষ্টাৰত অনুমোদন জনাইছে, ৮৮০টা বিপণন কাৰ্যসূচীৰ আয়োজন কৰিছে, ৪২,৮৯৫টা MUDRA ঋণত অনুমোদন জনাইছে, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY)/প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY)ৰ অধীনত ৫৩৪,১৬২জন শিপিনীক পঞ্জীয়ন কৰিছে আৰু যোৱা পাঁচ বছৰত ১৬৩টা উৎপাদন কোম্পানী (২০২৫ চনৰ ২ ডিচেম্বৰলৈকে) স্থাপন কৰিছিল, যি সমগ্ৰ দেশৰ হস্ততাঁত বয়নশিল্পীসকলক উপকৃত কৰিছে। এই সুবিধাসমূহৰ দ্বাৰা সমগ্ৰ দেশৰ প্ৰায় ৬.৪৫ লাখ হস্ততাঁত শিপিনী উপকৃত হৈছে।
MSMEত অংশগ্ৰহণৰ বাবে উৎপাদন-সংলগ্ন প্ৰৰোচনা (PLI)) আঁচনি : MSMEৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে চৰকাৰে নতুন আবেদনকাৰীৰ বাবে বিনিয়োগৰ প্ৰয়োজনীয়তা হ্ৰাস কৰি আঁচনিখনৰ সংশোধন কৰিছে। বিনিয়োগৰ প্ৰয়োজনীয়তা প্ৰথম পৰ্যায়ৰ বাবে ৩০০ কোটি টকাৰ পৰা ১৫০ কোটি টকালৈ আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ১০০ কোটি টকাৰ পৰা ৫০ কোটি টকালৈ হ্ৰাস কৰা হৈছে। নূন্যতম বৃদ্ধি পোৱা টাৰ্ণঅভাৰৰ মাপকাঠীও ২৫%ৰ পৰা ১০%লৈ হ্ৰাস কৰা হৈছে আৰু পণ্যৰ তালিকাখন সম্প্ৰসাৰিত কৰি অধিক মানৱসৃষ্ট আঁহ (MMF) সাজ-পোছাক, কাপোৰ আৰু কাৰিকৰী বস্ত্ৰশিল্প অন্তৰ্ভুক্ত কৰা হৈছে। এই আঁচনিৰ সুবিধা ল’বলৈ নতুন উদ্যোগ স্থাপনৰ প্ৰয়োজনীয়তাও আঁতৰাই দিয়া হৈছে।
দক্ষতা বিকাশত সহায় : উৎপাদন প্ৰৰোচনাৰ লগতে SAMARTH– বস্ত্ৰ খণ্ডত সামৰ্থ্য বিকাশ আঁচনিৰ দৰে আঁচনিসমূহ কাৰুশিল্পী আৰু শিপিনীক প্ৰশিক্ষণ দিবলৈ সম্প্ৰসাৰিত কৰা হৈছে। ২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে SAMARTHৰ অধীনত ৫.৩৫ লাখ হিতাধিকাৰীক প্ৰশিক্ষণ দিয়া হৈছে আৰু ৪.২০ লাখ লোকক কৰ্মসংস্থাপন দিয়া হৈছে।
বজাৰ সংবৰ্ধন আৰু আন্তঃগাঁথনি: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বস্ত্ৰ আৰু হস্তশিল্প বাণিজ্যক প্ৰসাৰিত কৰিবলৈ মন্ত্ৰালয়ে পৰম্পৰাগত পণ্যকেন্দ্ৰিক পৰিষদ, যেনে- হস্ততাঁত ৰপ্তানি প্ৰসাৰ পৰিষদ (HHEC), কাৰ্পেট ৰপ্তানি প্ৰসাৰ পৰিষদ (CEPC) আৰু হস্তশিল্প ৰপ্তানি প্ৰসাৰ পৰিষদ (EPCH)ৰ দৰে ৰপ্তানি প্ৰসাৰ পৰিষদ (EPC)ৰ উপৰি উদ্যোগ সংগঠনবোৰক বাণিজ্য মেলা আৰু প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰে। মন্ত্ৰালয়ে লগতে ভাৰতৰ বস্ত্ৰ মূল্য শৃংখলৰ শক্তি প্ৰদৰ্শন কৰা আৰু বস্ত্ৰ, ফেশ্বন আৰু হস্তশিল্প খণ্ডৰ শেহতীয়া উদ্ভাৱনসমূহৰ ওপৰত আলোকপাত কৰা গোলকীয় বৃহত্ বস্ত্ৰশিল্প কাৰ্যসূচী, ইণ্ডিয়া TEXকো সমৰ্থন কৰে, যাৰ ফলত ভাৰতক উৎস আৰু বিনিয়োগৰ বাবে এক পছন্দৰ গোলকীয় গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰা হয়।
ৰপ্তানি সংবৰ্ধন পদক্ষেপ : গোলকীয় প্ৰত্যাহ্বানৰ মাজতো ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত হস্তশিল্পকে ধৰি বস্ত্ৰ আৰু সাজ-পোছাকৰ ৰপ্তানি যথেষ্ট শক্তিশালী হোৱাৰ সাক্ষী হৈছিল। বিশ্বজুৰি এই খণ্ডৰ ৰপ্তানি (হস্তশিল্পকে ধৰি) প্ৰসাৰিত কৰাৰ বাবে আৰু ইয়াৰ ৰপ্তানিৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় কৰ আৰু শুল্কৰ ৰেহাই (RoSCTL) আঁচনি ৰূপায়ণ কৰে। RoSCTLৰ অধীনত অন্তৰ্ভুক্ত নোহোৱা বস্ত্ৰ সামগ্ৰী (যিটো পোছাক/আৱৰণ আৰু মেক-আপৰ ক্ষেত্ৰত প্ৰযোজ্য) ৰপ্তানিকৃত সামগ্ৰীৰ ওপৰত কৰ আৰু শুল্কৰ ৰেহাই (RoDTEP) আঁচনিৰ অধীনত সামৰি লোৱা হয়, যি গোপন ৰপ্তানি ব্যয় (কৰ আৰু শুল্ক) হ্ৰাস কৰে। ইয়াৰ উপৰি যিহেতু MSMEসমূহে মূলতঃ হস্তশিল্প উৎপাদনত অৰিহণা যোগায়, সেয়েহে শেহতীয়াকৈ ৰপ্তানি সংবৰ্ধন অভিযানৰ দুটা উপাদান— ৰপ্তানি প্ৰৰোচনা (বিত্তীয় সক্ষমকাৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা) আৰু ৰপ্তানি দিশা (অবিত্তীয় সক্ষমকাৰীৰ ওপৰত কেন্দ্ৰীভূত)ই হস্তশিল্প খণ্ডৰ সামগ্ৰিক উৎপাদন, বিতৰণ আৰু বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।
নীতিৰ ব্যাপক সংস্কাৰ
শেহতীয়া নীতি সংস্কাৰসমূহৰ ভিতৰত আছে GSTৰ যুক্তিসংগতকৰণ আৰু ২৯খন শ্ৰম আইনক মজুৰি সংহিতা ২০১৯, সামাজিক সুৰক্ষা সংহিতা ২০২০, ঔদ্যোগিক সম্পৰ্ক সংহিতা ২০২০ আৰু বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা ২০২০ শীৰ্ষক চাৰিটা শ্ৰম সংহিতাত একত্ৰিত কৰা। মূৰ্তি, চিত্ৰকলা, খোদিতকৰ্ম, টেৰাকোটা, হেণ্ডবেগ আৰ্ট প্ৰডাক্ট আৰু টেবুলক্লথৰ ওপৰত GST হ্ৰাসে কাৰুশিল্পী আৰু শিপিনীসকলক যথেষ্ট সকাহ দিছে। ইয়াৰ ফলত "ভোকেল ফৰ লোকেল" পদক্ষেপৰ অধীনত থলুৱা উৎপাদনক উৎসাহিত কৰা হয়, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায় আৰু কৰ্মসংস্থাপনৰ সৃষ্টি হয়। এই সংহিতাসমূহে শ্ৰমিকৰ কল্যাণ আৰু মৰ্যাদাক সমৰ্থন কৰে। নূন্যতম মজুৰিৰ সাৰ্বজনীনকৰণ, লিংগ বৈষম্য নিষিদ্ধকৰণ আৰু ব্যাপক সামাজিক সুৰক্ষা ব্যৱস্থাই সকলো শ্ৰমিকক উপকৃত কৰিব।
সামৰণি
ভাৰতৰ হস্তশিল্প খণ্ডই দেশৰ অৰ্থনীতি আৰু সাংস্কৃতিক পৰিচয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলৰ লাখ লাখ কাৰুশিল্পীক সহায় কৰি ই ভাৰতৰ পৰম্পৰাগত দক্ষতা আৰু কাৰুকাৰ্য্যৰ গভীৰ ভাণ্ডাৰক প্ৰতিফলিত কৰে। হাতেৰে নিৰ্মিত আৰু স্থায়ী সামগ্ৰীৰ প্ৰতি গোলকীয় আগ্ৰহ বৃদ্ধি পোৱাৰ লগে লগে এই খণ্ডটোৱে সম্প্ৰসাৰণৰ শক্তিশালী সম্ভাৱনা বহন কৰে। দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ, ক্লাষ্টাৰৰ বিকাশ, বিপণন সমৰ্থন, ডিজিটেল প্লেটফৰ্ম আৰু ৰপ্তানিৰ সুবিধাকে ধৰি চৰকাৰী পদক্ষেপ আৰু আঁচনিসমূহৰ লক্ষ্য হৈছে কাৰুশিল্পীসকলৰ বাবে উন্নত সুযোগ সৃষ্টি কৰা আৰু তেওঁলোকক বিস্তৃত বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা। এই হস্তক্ষেপসমূহে উৎপাদনশীলতা বৃদ্ধি কৰিছে, মূল্য শৃংখল শক্তিশালী কৰিছে আৰু কাৰুশিল্পীসকলক অধিক সম্ভাৱনীয়তা আৰু অধিক উপাৰ্জন কৰিবলৈ সক্ষম কৰিছে।
সমৃদ্ধ ঐতিহ্য, দক্ষ কাৰুশিল্পী আৰু ধাৰাবাহিক নীতিগত সমৰ্থনৰ এক চহকী মিশ্ৰণৰ সৈতে ভাৰতৰ হস্তশিল্প খণ্ডই সৰ্বাংগীণ বিকাশ, গ্ৰাম্য জীৱিকাক সমৰ্থন আৰু অনাগত বছৰবোৰত ভাৰতৰ অৰ্থনৈতিক প্ৰগতিত অৰ্থপূৰ্ণ অৰিহণা যোগাবলৈ সুস্থিৰ অৱস্থাত আছে।
সমল
DC-MSME (Handicrafts):
About Us | Official website of Development Commissioner (Handicrafts), Ministry of Textiles, Government of India
https://handicrafts.nic.in/pdf/GIList.pdf
https://handicrafts.nic.in/pdf/NewCraft.pdf
handicrafts.nic.in/CraftDefinition.aspx
https://handicrafts.nic.in/pdf/Scheme.pdf
https://indian.handicrafts.gov.in/static-pdf/scheme-guideline.pdf
https://handlooms.nic.in/assets/img/upcoming_markeing/AMC2025-26_02-04-2025.pdf
M/o MSME:
sfurti.msme.gov.in/SFURTI/Reports/DPR_Functional_Upto.aspx
https://www.msme.gov.in/sites/default/files/MSME-ANNUAL-REPORT-2024-25-ENGLISH.pdf
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2022/apr/doc20224636101.pdf
M/o Textiles:
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2199236®=1&lang=1
https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=2089306®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2197522®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2157864®=3&lang=2#:~:text=Govt,reliant
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2073886®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2197519®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2199515®=3&lang=1
M/o Finance:
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2192229®=3&lang=2
https://www.pib.gov.in/FactsheetDetails.aspx?Id=149281®=3&lang=1
M/o Labour & Employment:
https://www.pib.gov.in/FactsheetDetails.aspx?Id=150508®=3&lang=1
Export Promotion Council for Handicrafts:
https://www.epch.in/sites/default/files/policies/exportsofhandicrafts.htm
Parliamentary Responses:
https://sansad.in/getFile/loksabhaquestions/annex/185/AS237_eb5QqY.pdf?source=pqals
https://sansad.in/getFile/loksabhaquestions/annex/185/AU351_GpRWNL.pdf?source=pqals
https://sansad.in/getFile/loksabhaquestions/annex/184/AU4956_YS5OfB.pdf?source=pqals
Others:
https://ddnews.gov.in/en/president-murmu-to-confer-handicrafts-awards-on-december-9/
https://www.ibef.org/blogs/empowering-districts-empowering-india-the-odop-revolution
****
DPS/KD
(Backgrounder ID: 156434)
आगंतुक पटल : 5
Provide suggestions / comments