Social Welfare
শ্ৰেণীকোঠাৰ পৰা সৃষ্টিশীল গৱেষণাগাৰলৈ
NEP ২০২০ৰ অধীনত বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱনক প্ৰসাৰ
Posted On:
05 DEC 2025 10:57AM
মুখ্য তথ্য
- ভাৰত চৰকাৰৰ অটল ইনোভেচন মিছন (AIM)ৰ অধীনত স্থাপিত অটল টিংকাৰিং লেব (ATL)ৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কৌতূহল আৰু উদ্ভাৱনৰ পোষকতা।
- ২০২৫ চনৰ অক্টোবৰ মাহলৈকে বিদ্যালয়সমূহত ১০,০০০ অটল টিংকাৰিং লেব (ATL) স্থাপন কৰা হৈছে, য’ত ১ কোটি ১০ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক জড়িত কৰা হৈছে। ইয়াৰ উপৰি ২০২৫–২০২৬ চনৰ বাবে ৫০,০০০ ATLক অংশগ্ৰহণৰ ব্যৱস্থা অব্যাহত আছে।
- ২০২৫ চনৰ অক্টোবৰ মাহলৈকে সমগ্ৰ দেশতে ATLৰ জৰিয়তে ১৬ লাখতকৈ অধিক উদ্ভাৱন প্ৰকল্প গঢ়ি তোলা হৈছে।
পাতনি
বৰ্তমান চৰকাৰৰ পৰিৱৰ্তনশীল পদক্ষেপৰ অধীনত ভাৰতৰ শিক্ষা ব্যৱস্থা দ্ৰুতগতিত বিকশিত হৈছে, যিয়ে দেশৰ বৈচিত্ৰ্যময় শৈক্ষিক পৰিৱেশ আৰু আৰ্থ-সামাজিক বৈষম্যৰ সমাধান কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ত মুখস্থ শিক্ষাৰ পৰিৱৰ্তে কৌতূহলভিত্তিক শিক্ষণৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত পাঠ্যক্ৰম আৰু নীতি পৰ্যায়ত সংস্কাৰ ঘটিছে। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ কৌতূহলবোধক উৎসাহিত আৰু প্ৰসাৰৰ লগতে বিদ্যালয় চৌহদত উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে সমগ্ৰ দেশতে অসংখ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এটা সাধাৰণ বিদ্যালয়ৰ শ্ৰেণীকোঠাত এই ৰূপান্তৰ স্পষ্টকৈ দেখা যায়, য’ত ব্লেকব’ৰ্ড, পাঠ্যপুথি, মুখস্থ কৰা আৰু শীৰ্ষ ব’ৰ্ড পৰীক্ষাৰ তীব্ৰ চাপৰ ঠাইত স্মাৰ্ট, ডিজিটেল সমৰ্থিত শ্ৰেণীকোঠাই ঠাই লৈছে। AI-চালিত এপসমূহে এতিয়া ব্যক্তিগত সহায় আগবঢ়াইছে, ছাত্ৰ-ছাত্ৰীসকলে সহযোগী AR সঁজুলিৰ সহায়ত জলবায়ু কাৰ্য্যপ্ৰকল্প সৃষ্টি কৰিছে আৰু কণ্ঠভিত্তিক উৎপাদনশীল AIয়ে NCERTৰ অধ্যায়সমূহ উচ্চ স্বৰে পঢ়াত সহায় কৰিছে। এই সকলোবোৰেই আজিৰ আধুনিক শিক্ষা ব্যৱস্থাৰ মূল বৈশিষ্ট্য আৰু এই পৰিৱৰ্তন হাজাৰ হাজাৰ শ্ৰেণীকোঠাত দেখা যায়— য’ত NEP ২০২০য়ে মুখস্থ শিক্ষণৰ সলনি বিশ্লেষণাত্মক আৰু খেলভিত্তিক শিক্ষণক প্ৰসাৰিত কৰিছে।
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ : সৃষ্টিশীল শিক্ষণৰ জৰিয়তে জ্ঞানৰ প্ৰচাৰ
ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ (NEP 2020)ত জ্ঞান আহৰণৰ প্ৰাথমিক পদ্ধতি হিচাপে মুখস্থ কৰাটো স্পষ্টভাৱে নাকচ কৰা হৈছে। এই নথিখনে ঘোষণা কৰে যে পাঠ্যক্ৰম আৰু পাঠদান পদ্ধতিসমূহ সমালোচনাত্মক চিন্তাধাৰা, সৃষ্টিশীলতা, বৈজ্ঞানিক স্বভাৱ, যোগাযোগ দক্ষতা, সহযোগিতা, সমস্যা সমাধান আৰু নৈতিক মূল্যবোধৰ বিকাশৰ দিশত ধাৱমান হ’ব লাগে।
প্ৰতিজন শিক্ষাৰ্থীৰ সৃষ্টিশীল সম্ভাৱনা মুকলি কৰিবলৈ আৰু ভৱিষ্যতৰ নেতৃত্ব গঢ়ি তুলিবলৈ NEP ২০২০য়ে সকলো পৰ্যায়তে অভিজ্ঞতাভিত্তিক আৰু উপভোগ্য শিক্ষণ পদ্ধতিক প্ৰতিষ্ঠানিকৰণ কৰে। দৈনন্দিন বিদ্যালয় জীৱনত সৃষ্টিশীলতাক অন্তৰ্ভুক্ত কৰিবলৈ মন্ত্ৰালয়ে ১০+২ৰ গাঁথনিৰ ঠাইত ৫+৩+৩+৪ আৰ্হিৰ ব্যৱস্থা কৰিছে। আধাৰ বছৰবোৰ (৩–৮ বছৰ) ১০০% খেলভিত্তিক; মধ্যবিদ্যালয়ত কলা-সংহত আৰু অভিজ্ঞতাভিত্তিক শিক্ষণ বাধ্যতামূলক; মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক কঠিন ধাৰা ব্যৱস্থাৰ পৰা মুক্ত কৰা হৈছে আৰু প্ৰতিটো ষান্মাসিকতে অন্ততঃ এটা বৃত্তিমূলক বা উদ্ভাৱন প্ৰকল্প সম্পূৰ্ণ কৰিব লাগিব। এতিয়া প্ৰতিখন পাঠ্যপুথি, প্ৰতিখন প্ৰশ্নকাকত, আৰু শ্ৰেণীকোঠাৰ প্ৰতিটো কাৰ্য্যকলাপে কেৱল মুখস্থ কৰাই নহয়, প্ৰয়োগ আৰু উদ্ভাৱনক জুখিব লাগিব। নতুন ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ (PARAKH)ৰ অধীনত থকা ব’ৰ্ড পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰিব পাৰিব।
ইয়াৰ উপৰি ডিজিটেল সংহতিয়ে এই ৰূপান্তৰক আৰু অধিক ত্বৰান্বিত কৰিছে। PM e-VIDYA আৰু DIKSHAৰ দৰে পদক্ষেপে অনলাইন সম্পদ, ভাৰ্চুৱেল পৰীক্ষাগাৰ আৰু শিক্ষক প্ৰশিক্ষণ মঞ্চৰ সংহত প্ৰৱেশ প্ৰদান কৰে, যাৰ ফলত ২৫ কোটিৰো অধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে আৰু ক’ভিড-১৯ মহামাৰীৰ দৰে গোলকীয় পৰিঘটনাৰ ফলত হোৱা ব্যাঘাত লাঘৱ হয়। কেন্দ্ৰীয় বাজেট ২০২৫-২৬য়ে এই প্ৰচেষ্টাসমূহ আৰু অধিক শক্তিশালী কৰি তুলিছে, শিক্ষাৰ বাবে আবণ্টন ৬.২২% বৃদ্ধি কৰি মুঠ ১,২৮,৬৫০ কোটি টকাৰ ৭৮,৫৭২ কোটি টকা বিশেষভাৱে স্কুলীয়া শিক্ষাৰ বাবে আবণ্টন দিছে।
অভিজ্ঞতাভিত্তিক শিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা শিক্ষা বিজ্ঞান আৰু প্ৰকৃত বুজাবুজি তথা মিলনক প্ৰতিফলিত কৰা মূল্যায়ন ব্যৱস্থাৰ দ্বাৰা বিদ্যালয় শিক্ষাৰ বিভিন্ন পৰ্যায়ত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা ব্যাপক পৰিৱৰ্তনৰ উপৰি বিদ্যালয়সমূহত উদ্ভাৱন আৰু সমালোচনাত্মক চিন্তাধাৰাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে কেইবাটাও বিশেষ পদক্ষেপ, আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
অটল উদ্ভাৱন অভিযান (AIM)
যুৱ মানসিকতাত সৃষ্টিশীলতাক সক্ষম কৰি বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ ৰূপান্তৰ ঘটোৱা অন্যতম মূল পদক্ষেপ অটল উদ্ভাৱন অভিযান (AIM)। ২০১৬ চনত নিটি আয়োগে আৰম্ভ কৰা অটল উদ্ভাৱন অভিযান (AIM) সমগ্ৰ দেশতে উদ্ভাৱন আৰু উদ্যোগীকৰণৰ সংস্কৃতিক প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ বাবে ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। বিভিন্ন কাৰ্যসূচী আৰু নীতিৰ জৰিয়তে AIM-এ অৰ্থনীতিৰ বিভিন্ন খণ্ডত উদ্ভাৱনক প্ৰসাৰিত কৰে আৰু অংশীদাৰসকলৰ বাবে কৰ্মক্ষেত্ৰ আৰু সহযোগিতাৰ সুযোগ প্ৰদান কৰে, যাৰ লক্ষ্য হৈছে দেশৰ উদ্ভাৱন পৰিৱেশতন্ত্ৰক শক্তিশালী কৰা। AIMৰ হস্তক্ষেপসমূহে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ড আৰু MSME খণ্ডক সামৰি লৈছে। AIMৰ অধীনৰ কিছুমান মূল কাৰ্যসূচীৰ ভিতৰত আছে বিদ্যালয়ত অটল টিংকাৰিং লেব– এইবোৰৰ জৰিয়তে AIM-এ বিদ্যালয় পৰ্যায়ত সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ মনোভাৱক প্ৰতিপালন কৰি আছে; ষ্টাৰ্ট-আপৰ বাবে বিশ্বমানৰ পৰিৱেশতন্ত্ৰ সৃষ্টি কৰি থকা অটল ইনকিউবেচন চেণ্টাৰ; অটল কমিউনিটি ইনোভেচন চেণ্টাৰ, যি দেশৰ অভাৱগ্ৰস্ত আৰু কম সেৱা পোৱা অঞ্চলত গুৰুত্ব দি উদ্ভাৱনৰ মনোভাৱক প্ৰসাৰ কৰে; আৰু মেণ্টৰছ অব চেঞ্জ, য'ত দক্ষ পেছাদাৰীসকলে যুৱ ATL উদ্ভাৱকসকলক বিনামূলীয়াকৈ নিৰ্দেশনা প্ৰদান কৰে। AIM পৰিৱেশতন্ত্ৰৰ বিভিন্ন উপাদানসমূহ AIM পৰিৱেশতন্ত্ৰ উন্নয়ন কাৰ্যসূচী (AEDP) ৰ জৰিয়তে আন্তঃসংযোগ আৰু পৰিচালনা কৰা হয়। এই কাৰ্যসূচীসমূহে একেলগে শিক্ষাৰ্থী টিংকাৰৰ পৰা শিক্ষাৰ্থী উদ্ভাৱক আৰু শিক্ষাৰ্থী উদ্ভাৱকৰ পৰা শিক্ষাৰ্থী উদ্যোগীলৈকে অনন্য যাত্ৰাৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলক লৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰে।
অটল উদ্ভাৱন অভিযানৰ সকলো পদক্ষেপক এটা উন্নত MIS (পৰিচালনা তথ্য ব্যৱস্থা) আৰু ইন্টাৰেক্টিভ ডেচব’ৰ্ডৰ জৰিয়তে বাস্তৱ সময়ত পদ্ধতিগতভাৱে অনুসৰণ আৰু পৰিচালনা কৰা হয়।
অটল টিংকাৰিং লেব (ATLs)

অটল টিংকাৰিং লেব (ATL) হৈছে সমগ্ৰ ভাৰতৰ বিদ্যালয়সমূহত স্থাপিত নিবেদিত মেকাৰস্পেচ, যি কৌতূহল, সৃষ্টিশীলতা, কল্পনাশক্তি আৰু একবিংশ শতিকাৰ অত্যাৱশ্যকীয় দক্ষতা, যেনে- আৰ্হি প্ৰস্তুত কৰাৰ মানসিকতা, কম্পিউটেচনেল চিন্তাধাৰা, অভিযোজিত শিক্ষণ আৰু শাৰীৰিক কম্পিউটিঙক প্ৰসাৰ কৰি উদ্ভাৱন আৰু উদ্যোগীকৰণৰ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। এই গৱেষণাগাৰসমূহে ছাত্ৰ-ছাত্ৰীসকলক DIY ইলেক্ট্ৰনিক কিট, 3D প্ৰিণ্টাৰ, চেন্সৰ, ৰবটিক্স সঁজুলি আৰু যান্ত্ৰিক আহিলাকে ধৰি প্ৰট’টাইপিং সঁজুলিসমূহৰ প্ৰত্যক্ষ সুবিধা প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে পৰীক্ষা-নিৰীক্ষা, বিকশিত আৰু বাস্তৱ জগতৰ সমস্যাসমূহৰ সমাধান আৱিষ্কাৰ কৰিবলৈ সক্ষম কৰে। ATLসমূহৰ লক্ষ্য হৈছে- “ভাৰতৰ দহ লাখ শিশুক উদ্ভাৱকলৈ ৰূপান্তৰিত কৰা।” ইয়াৰ মূল কাৰ্য্যকলাপসমূহৰ ভিতৰত আছে- সহযোগিতামূলক প্ৰকল্প আৰু STEM (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত)। শিক্ষাৰ প্ৰসাৰৰ বাবে স্কুলৰ পাঠ্যক্ৰমত সংযুক্ত কৰা হৈছে ৬,২০০ৰো অধিক শিক্ষাবিদ তথা মেণ্টৰৰ পৰা শিক্ষালাভ। টিংকিঙৰ ধাৰণাটোক আৰু এখোজ আগুৱাই লৈ ATL-এ ATL ছাত্ৰ উদ্ভাৱক কাৰ্যসূচী (SIP)ও আৰম্ভ কৰিছে, য’ত শিক্ষাৰ্থী উদ্ভাৱকসকলে বিশ্বমানৰ অটল ইনকিউবেচন চেণ্টাৰৰ প্ৰমাণিত ব্যৱসায়িক মেণ্টৰৰ সৈতে নিজৰ ধাৰণাসমূহ বিকশিত কৰাৰ সুযোগ পায়। ছাত্ৰ-ছাত্ৰীসকলে হেকাথন, ATL মাৰাথন আৰু টিংকাৰপ্ৰেনিউৰশ্বিপ আদি বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ATLৰ ধ্বজাবাহী কাৰ্যসূচীসমূহৰ ভিতৰত আছে- বাৰ্ষিক ATL মাৰাথন শীৰ্ষক দেশজোৰা উদ্ভাৱন প্ৰত্যাহ্বান, য’ত ছাত্ৰ-ছাত্ৰীসকলে বহনক্ষমতা আৰু স্বাস্থ্যসেৱাৰ দৰে বিষয়ৰ ওপৰত উদ্ভাৱন কৰা আৰ্হি দাখিল কৰে।
২০১৬ চনত আৰম্ভ হোৱাৰ পৰাই সমগ্ৰ দেশৰ বিদ্যালয়সমূহত ১০,০০০ৰো অধিক ATL স্থাপন কৰা হৈছে, য’ত বিশেষভাৱে প্ৰত্যন্ত অঞ্চল, আকাংক্ষিত জিলা আৰু গ্ৰাম্য অঞ্চলত উপনীত হোৱাত গুৰুত্ব দিয়া হৈছে। এই কাৰ্যসূচী অংশীদাৰিত্বৰ জৰিয়তেও সম্প্ৰসাৰিত কৰা হৈছে, যত এক সংহত উদ্ভাৱন পৰিৱেশতন্ত্ৰক লাভান্বিত কৰিছে। আনহাতে গৱেষণাগাৰৰ সঁজুলিসমূহ AI টুলকিট আৰু IoT ডিভাইচৰ দৰে উদীয়মান প্ৰযুক্তিসমূহ অন্তৰ্ভুক্ত কৰিবলৈ অহৰহ উন্নীত কৰা হৈছে। ২০২৫ চনৰ নৱেম্বৰ মাহলৈকে সমগ্ৰ দেশৰ ৩৫খন ৰাজ্য আৰু ৭২২খন জিলাৰ ১ কোটি ১০ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে ATLৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে।
ইয়াৰ উপৰি ২০২৫ চনৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত অহা পাঁচ বছৰৰ ভিতৰত চৰকাৰী বিদ্যালয়সমূহত ৫০ হাজাৰ অটল টিংকাৰিং লেব (ATL) স্থাপনে যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱন আৰু বৈজ্ঞানিক মানসিকতাৰ পোষকতা কৰিছে।
ATLৰ ফলাফল পৰিৱৰ্তনশীল হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় সমস্যা সমাধান কৰা আৰ্হি প্ৰস্তুত কৰিছে, যেনে- বহনক্ষম কৃষি সঁজুলি, স্বাস্থ্যসেৱাৰ সঁজুলি আৰু পৰিৱেশগত সমাধান, যাৰ ফলত অসংখ্য পেটেণ্ট, ষ্টাৰ্টআপ আৰু গোলকীয় স্বীকৃতি লাভ কৰিছে। ATL মাৰাথনৰ দৰে অনুষ্ঠানৰ পৰা শীৰ্ষ প্ৰদৰ্শনকাৰীসকলে ইন্টাৰশ্বিপ, মেণ্টৰশ্বিপ আৰু স্বীকৃতি লাভ কৰিছে। এই প্ৰচেষ্টাসমূহে প্ৰান্তীয় ছাত্ৰ-ছাত্ৰীসকলক শক্তিশালী কৰিছে আৰু উদ্ভাৱনৰ পৰিমাপত বিদ্যালয়সমূহৰ প্ৰদৰ্শন বৃদ্ধি কৰিছে।


অটল ইনকিউবেচন চেণ্টাৰ (AIC) : ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ নিৰ্মাণ
অটল ইনকিউবেচন চেণ্টাৰ হৈছে উদ্ভাৱনীমূলক ষ্টাৰ্টআপ আৰু উচ্চাকাংক্ষী উদ্যোগীসকলক প্ৰতিপালন কৰিবলৈ বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান আৰু নিগমসমূহত স্থাপিত বিশ্বমানৰ ব্যৱসায়িক ইনকিউবেটৰ। AIM-এ সমগ্ৰ দেশতে ৭২টা AIC পৰিচালনা কৰে, ষ্টাৰ্টআপসমূহক আন্তঃগাঁথনি, মেণ্টৰশ্বিপ, মূল পুঁজি, উদ্যোগ নেটৱৰ্ক, গৱেষণাগাৰৰ সুবিধা আৰু সহযোগী কামৰ স্থান প্ৰদান কৰে। এই কেন্দ্ৰসমূহে ৩,৫০০ৰো অধিক ষ্টাৰ্টআপক প্ৰতিপালন কৰিছে, ৩২,০০০ৰো অধিক চাকৰিৰ সৃষ্টি কৰিছে আৰু স্বাস্থ্যসেৱা, প্ৰযুক্তি, বিত্তীয় প্ৰযুক্তি, শিক্ষা প্ৰযুক্তি, মহাকাশ আৰু ড্ৰ’ন প্ৰযুক্তি, AR/VR, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু পৰ্যটনৰ দৰে খণ্ডত ১০০০ৰো অধিক মহিলা নেতৃত্বাধীন উদ্যোগক সহায় কৰিছে।
অটল সামূহিক উদ্ভাৱন কেন্দ্ৰ (ACIC): সেৱাহীন আৰু কম সেৱা পোৱা অঞ্চলত উপনীত হোৱা
টায়াৰ-২/৩ চহৰ, আকাংক্ষিত জিলা, জনজাতীয়, পাহাৰীয়া আৰু গ্ৰাম্য অঞ্চললৈ প্ৰযুক্তি-চালিত উদ্ভাৱন আনিবলৈ AIM-এ এক অনন্য সহ-পুঁজিৰ আৰ্হিৰ জৰিয়তে অটল সামূহিক উদ্ভাৱন কেন্দ্ৰ (ACIC) স্থাপন কৰিছে (AIMৰ পৰা ২.৫ কোটি টকা পৰ্যন্ত অনুদান আৰু অংশীদাৰৰ পৰা মিল থকা বা তাতকৈ অধিক অনুদানৰ সৈতে)। আজিলৈকে দেশৰ অভাৱগ্ৰস্ত অঞ্চলত উদ্ভাৱনৰ সুযোগ গণতান্ত্ৰিক কৰাৰ বাবে ১৪টা ACIC স্থাপন কৰা হৈছে।
অটল নিউ ইণ্ডিয়া চেলেঞ্জ (ANIC) : ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ পণ্য আৰু সেৱা উদ্ভাৱনৰ প্ৰসাৰ
অটল নিউ ইণ্ডিয়া চেলেঞ্জ হৈছে AIMৰ ধ্বজাবাহী কাৰ্যসূচী, যাৰ লক্ষ্য হৈছে সংকটপূৰ্ণ অঞ্চল আৰু সমাজৰ প্ৰত্যাহ্বানসমূহ সমাধান কৰা প্ৰযুক্তিভিত্তিক উদ্ভাৱনসমূহ চিনাক্তকৰণ, পুঁজি যোগান আৰু নিৰ্দেশনা প্ৰদান কৰা। উদ্ভাৱনী আৰ্হি প্ৰস্তুত পৰ্যায়ত নিৰ্বাচিত ষ্টাৰ্টআপসমূহক ১ কোটি টকা পৰ্যন্ত অনুদান প্ৰদান কৰা হয়, লগতে ১২–১৮ মাহৰ ভিতৰত ব্যাপক ব্যৱসায়িক সহায় আগবঢ়োৱা হয়। সেই অনুসৰি প্ৰথম পৰ্যায়ত ৫৩টা ষ্টাৰ্টআপক সমৰ্থন কৰা হৈছিল, আনহাতে দ্বিতীয় পৰ্যায়ত ৮৮টা ষ্টাৰ্টআপক পুঁজি আৰু নিৰ্দেশনাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
পৰিৱৰ্তনৰ বাবে নিৰ্দেশক পদক্ষেপ: সমগ্ৰ দেশতে এটা মেণ্টৰশ্বিপ নেটৱৰ্ক গঢ়ি তোলা
ইয়াৰ সকলো কাৰ্যসূচীক শক্তিশালী কৰিবলৈ AIM-এ দেশৰ অন্যতম বৃহৎ মেণ্টৰ এংগেজমেণ্ট অভিযান আৰম্ভ কৰিছিল, যাক "মেণ্টৰ ইণ্ডিয়া– দ্য মেণ্টৰছ অব্ চেঞ্জ" বুলি কোৱা হৈছিল। বৰ্তমান উদ্যোগ, শিক্ষা, বেচৰকাৰী সংস্থা আৰু ৰাজহুৱা-ব্যক্তিগত পৰিৱেশতন্ত্ৰৰ ৬,২০০ৰো অধিক নিৰ্দেশক পঞ্জীয়ন কৰা হৈছে, যি AIMৰ বিভিন্ন পদক্ষেপৰ অধীনত ছাত্ৰ-ছাত্ৰী আৰু উদ্যোগীসকলক পথ প্ৰদৰ্শন, বিশেষজ্ঞতা আৰু সহায় আগবঢ়াইছে।
অটল উদ্ভাৱন অভিযান (AIM) বিশেষভাৱে তাৎপৰ্যপূৰ্ণ, কাৰণ ই উদ্ভাৱনক বিদ্যালয়ৰ বিচ্ছিন্ন কাৰ্য্যকলাপ বা এককালীন অনুষ্ঠান বুলি নাভাবে; বৰঞ্চ ই এক অবিৰত আৰু সম্পূৰ্ণ উদ্ভাৱন শৃংখলৰ সৃষ্টি কৰে, যিটো বিদ্যালয় পৰ্যায়ৰ পৰা উচ্চ শিক্ষা, গৱেষণা প্ৰতিষ্ঠান, ষ্টাৰ্টআপ আৰু উদ্যোগলৈকে নিৰৱচ্ছিন্নভাৱে চলি থাকে। অটল টিংকাৰিং লেব (ATL)ৰ জৰিয়তে ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিশুসকলক প্ৰাৰম্ভিক পৰ্যায়তে ব্যৱহাৰিক সমস্যা সমাধান, আৰ্হি প্ৰস্তুতৰ চিন্তাধাৰা আৰু উদীয়মান প্ৰযুক্তিৰ সৈতে হাতে-কামে অভিজ্ঞতা প্ৰদান কৰা হয়, যাৰ ফলত কৌতূহল সৃষ্টি হয় আৰু প্ৰস্তুতৰ মানসিকতা গঢ় লৈ উঠে। এই আধাৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ এটা সুসংগঠিত ব্যৱস্থা স্থাপন কৰা হৈছে: আটাইতকৈ প্ৰতিভাৱান ATL ছাত্ৰ-ছাত্ৰীসকলক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ অটল উদ্ভাৱন কেন্দ্ৰ (AIC)ৰ সৈতে সংযুক্ত কৰা হৈছে, য’ত তেওঁলোকে প্ৰকৃত সামগ্ৰীৰ আৰ্হি প্ৰস্তুত কৰিব পাৰে; আনহাতে বিশ্ববিদ্যালয় পৰ্যায়ৰ শ্ৰেষ্ঠ উদ্ভাৱনসমূহে অটল নিউ ইণ্ডিয়া চেলেঞ্জ, সামূহিক উদ্ভাৱন কেন্দ্ৰ আৰু উদ্যোগ অংশীদাৰিত্বৰ জৰিয়তে এই পৰিৱেশতন্ত্ৰৰ ভিতৰত সমৰ্থন লাভ কৰে। তদুপৰি ইয়াৰ সমানেই গুৰুত্বপূৰ্ণ যে বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহত বিকশিত উদ্ভাৱনসমূহক মেণ্টৰ অব চেঞ্জ নেটৱৰ্ক আৰু সহযোগিতামূলক প্ৰকল্পৰ জৰিয়তে বিদ্যালয়ৰ পৰিৱেশতন্ত্ৰলৈ ঘূৰাই অনা হয়, যাৰ ফলত অত্যাধুনিক ধাৰণাসমূহে পৰৱৰ্তী প্ৰজন্মক তৃণমূল পৰ্যায়ৰ পৰা অনুপ্ৰাণিত কৰিবলৈ সক্ষম হয়। মুঠতে, AIM-এ বিদ্যালয়ৰ পৰা উচ্চ শিক্ষা, উদ্যোগীকৰণ আৰু সামাজিক প্ৰভাৱলৈকে এক সজীৱ আৰু আন্তঃসংযোগী উদ্ভাৱনৰ যোগসূত্ৰ স্থাপন কৰে— যাতে বিদ্যালয় পৰ্যায়ত জগাই তোলা কৌতূহল কেৱল অনিয়মীয়া "বিজ্ঞান প্ৰকল্প"তে সীমাবদ্ধ নাথাকে, বৰঞ্চ ভাৰতৰ ভৱিষ্যত গঢ় দিয়া সমাধানলৈ ৰূপান্তৰিত হয়।
বিদ্যালয় পৰ্যায়ৰ শিক্ষাক কেৱল মুখস্থ শিক্ষণ পদ্ধতিৰ পৰা সৃষ্টিশীল আৰু বিশ্লেষণাত্মক শিক্ষণলৈ ৰূপান্তৰিত কৰাৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। তেনে একাংশ মূল পদক্ষেপৰ ভিতৰত আছে:
বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱন পৰিষদ (SIC) :
বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱন পৰিষদ (SIC) হৈছে ২০২২ চনৰ ১ জুলাইত শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ (MIC)ৰ উদ্যোগত, সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (AICTE) আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE)ৰ সহযোগত আৰম্ভ কৰা এক ধ্বজাবাহী পদক্ষেপ। ইয়াৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত উদ্ভাৱন, ধাৰণা, সৃষ্টিশীলতা, আৰ্হি প্ৰস্তুতৰ চিন্তা আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ বাবে ই এক সামগ্ৰিক কাৰ্যসূচী, প্ৰচলিত ধ্যান-ধাৰণাৰ উৰ্ধত চিন্তা-চৰ্চা আৰু ব্যৱহাৰিক উদ্ভাৱনীমূলক কাৰ্য্যকলাপক উৎসাহিত কৰা হয়। বিদ্যালয়সমূহত এজন অধ্যক্ষ (সাধাৰণতে অধ্যক্ষ), এজন আহ্বায়ক/কাৰ্য্যকলাপ সমন্বয়ক, শিক্ষক প্ৰতিনিধি (প্ৰশিক্ষিত উদ্ভাৱন এম্বেছাদৰ আৰু এজন ছ’চিয়েল মিডিয়া সমন্বয়ককে ধৰি), বিশেষজ্ঞ প্ৰতিনিধি (যেনে- উদ্যোগী আৰু উদ্যোগৰ পেছাদাৰী), আৰু ছাত্ৰ প্ৰতিনিধিৰে গঠন কৰা হয় SIC। SIC কেলেণ্ডাৰ ২০২৪-২০২৫ত উদ্ভাৱকৰ সৈতে নেতৃত্বৰ আলোচনা আৰু পেনেল আলোচনা, সমস্যা চিনাক্ত কৰিবলৈ ক্ষেত্ৰ ভ্ৰমণ, সমস্যা সমাধানৰ পদ্ধতিৰ ওপৰত কৰ্মশালা, ব্যৱসায়িক আৰ্হিৰ বিকাশ আৰু আৰ্হি তথা ধাৰণাৰ প্ৰামাণীকৰণ (PoC) প্ৰদৰ্শনৰ বাবে ডেমো ডে’ আদি মূল কাৰ্য্যকলাপসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। বিদ্যালয়সমূহক সম্পদসমূহ লাভ কৰিবলৈ, প্ৰতিবেদন দাখিল কৰিবলৈ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উদ্ভাৱনৰ কৃতিত্বসমূহক ৰেংকিং কৰা পঞ্চতাৰকা ক্ৰেডিট পইণ্ট ব্যৱস্থাৰ ভিত্তিত ৰেটিং লাভ কৰিবলৈ বিভাগীয় SIC পৰ্টেলত পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰা হয়।
তাৎপৰ্য্য আৰু প্ৰত্যাশিত ফলাফল
SICয়ে ধাৰণা সৃষ্টি আৰু উদ্যোগীকৰণক উৎসাহিত কৰি সামগ্ৰিক, অভিজ্ঞতাভিত্তিক আৰু বৃত্তিমূলক শিক্ষণৰ আধাৰত NEP ২০২০ৰ গুৰুত্বক সমৰ্থন কৰে। ই ছাত্ৰ-ছাত্ৰীসকলক ২০৪৭ চনৰ প্ৰত্যাহ্বানসমূহৰ বাবে প্ৰস্তুত কৰে, যেনে- বহনক্ষম উন্নয়ন আৰু প্ৰযুক্তিগত বিঘিনি আৰু শিক্ষা, উদ্যোগ, উচ্চ শিক্ষানুষ্ঠান আৰু বিশেষজ্ঞসকলক একত্ৰিত কৰি মুখস্থ শিক্ষণৰ ঊৰ্ধলৈ গৈ জ্ঞানৰ বাস্তৱ জীৱনত ইয়াৰ প্ৰয়োগ নিশ্চিত কৰে। বিশেষকৈ প্ৰত্যন্ত অঞ্চলত এইটো লক্ষ্যৰ সৈতে মিল থকা ষ্টাৰ্টআপ সংস্কৃতি আৰু STEM দক্ষতাক লাভান্বিত কৰে। ইয়াৰ উপৰি ই স্কুল ইনোভেচন এম্বেছাদৰ ট্ৰেইনিং প্ৰগ্ৰেম (SIATP)ৰ দৰে কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষকৰ ক্ষমতা শক্তিশালী কৰে, বহনক্ষম ৰূপায়ণ নিশ্চিত কৰে।
বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱন প্ৰতিনিধিৰ প্ৰশিক্ষণ কাৰ্যসূচী (SIATP)

বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱন প্ৰতিনিধিৰ প্ৰশিক্ষণ কাৰ্যসূচী (SIATP) হৈছে শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ (MIC) এ AICTE, CBSE আৰু শিক্ষা মন্ত্ৰালয়ৰ সহযোগত আৰম্ভ কৰা এক বিস্তৃত আপস্কিলিং পদক্ষেপ। বিশেষভাৱে স্কুলৰ শিক্ষকৰ বাবে আৰ্হি প্ৰস্তুত কৰা এই কাৰ্যসূচীয়ে ৭২ ঘণ্টাৰ নিৱিড় প্ৰশিক্ষণ প্ৰদান কৰে, যি পাঁচটা মডিউল সামৰি লয়: আৰ্হি প্ৰস্তুতৰ চিন্তাধাৰা, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (IPR), ধাৰণা সৃষ্টি, উদ্যোগীকৰণ, সমস্যা সমাধানৰ পদ্ধতি, ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ, উদ্ভাৱন ব্যৱস্থাপনা আৰু প্ৰকল্পৰ হেণ্ডহল্ডিং। এই কাৰ্যসূচীয়ে শিক্ষকসকলক উদ্ভাৱন প্ৰতিনিধিলৈ ৰূপান্তৰিত কৰে, যি বিদ্যালয়সমূহত উদ্ভাৱন কাৰ্য্যকলাপৰ নেতৃত্ব দিব পাৰে, ছাত্ৰ-ছাত্ৰীসকলক আৰ্হি বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিব পাৰে আৰু ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিব পাৰে।
তাৎপৰ্য্য আৰু প্ৰত্যাশিত ফলাফল

SIATP-এ বিদ্যালয়ৰ নেতৃত্ব আৰু শিক্ষকসকলৰ বাবে উদ্ভাৱন প্ৰশিক্ষণ বাধ্যতামূলক কৰি নিৰন্তৰ পেছাদাৰী বিকাশৰ বাবে NEP 2020ৰ দৃষ্টিভংগীৰ প্ৰত্যক্ষ পৰিপূৰক হিচাপে চিহ্নিত হয়। ই শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীলতা, সমালোচনাত্মক চিন্তাধাৰা আৰু উদ্যোগীকৰণৰ মানসিকতা গঢ়ি তুলিবলৈ শক্তিশালী কৰি তৃণমূল পৰ্যায়ত উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলে। এই কাৰ্যসূচীয়ে নীতি আৰু অনুশীলনৰ মাজৰ ব্যৱধান দূৰ কৰে, যাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মুখস্থ শিক্ষণৰ পৰা অভিজ্ঞতাভিত্তিক আৰু প্ৰকল্পভিত্তিক শিক্ষণলৈ অগ্ৰসৰ হব পাৰে। শিক্ষকসকলক সুবিধা প্ৰদানকাৰী হিচাপে প্ৰশিক্ষণ দি SIATPয়ে বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱন পৰিষদ (SIC) সৃষ্টি আৰু অটল টিংকাৰিং লেব (ATL)ৰ দৰে পদক্ষেপৰ সংহতিক সমৰ্থন কৰে— এটা মানসম্পন্ন আৰ্হি সৃষ্টি কৰি উদ্ভাৱন শিক্ষাৰ সমতাপূৰ্ণ আৰু ব্যাপক সুবিধা নিশ্চিত কৰে, বিশেষকৈ চৰকাৰী আৰু গ্ৰাম্য বিদ্যালয়সমূহত।
SIATPৰ জৰিয়তে শিক্ষকসকলক উদ্ভাৱন প্ৰতিনিধিৰ হিচাপে প্ৰমাণিত কৰা হৈছে, যি এতিয়া হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী নেতৃত্বাধীন প্ৰকল্পক পথ প্ৰদৰ্শন কৰি আছে— আৰ্হি আৰু পেটেণ্ট দাখিললৈকে। এই প্ৰতিনিধিসকলে বিদ্যালয় পৰ্যায়ত ডেমো ডে, হেকাথন আৰু উদ্ভাৱন প্ৰত্যাহ্বানৰ নেতৃত্ব দিয়ে, যাৰ ফলত স্মাৰ্ট ইণ্ডিয়া হেকাথন আৰু ATL মাৰাথনৰ দৰে ৰাষ্ট্ৰীয় কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ যথেষ্ট বৃদ্ধি পায়।
অনুপ্ৰেৰণা বঁটা- MANAK
ইনোভেচন ইন ছায়েন্স পাৰ্ছুইট ফৰ ইনস্পাইৰেড ৰিচাৰ্চ (INSPIRE) আঁচনি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ (DST) অন্যতম ধ্বজাবাহী কাৰ্যসূচী। DSTয়ে নেশ্যনেল ইনোভেচন ফাউণ্ডেশ্যন (NIF)ৰ সহযোগত ৰূপায়ণ কৰা INSPIRE–MANAK (মিলিয়ন মাইণ্ডছ অগমেণ্টিং নেচনেল এস্পিৰেচন এণ্ড নোলেজ)ৰ লক্ষ্য হৈছে বৈজ্ঞানিক আৰু সমাজৰ সমস্যা সমাধান কৰা ১০ লাখ উদ্ভাৱনী বিজ্ঞানৰ ধাৰণাক প্ৰতিপালন কৰা।

বিদ্যালয়সমূহে E-MIAS অনলাইন পৰ্টেলৰ জৰিয়তে যিকোনো ভাৰতীয় ভাষাত সৰ্বাধিক পাঁচটা উত্তম ধাৰণা (কেৱল ১১–১২ শ্ৰেণীৰ পৰা সৰ্বাধিক দুটা ধাৰণাৰে) দাখিল কৰে, তাৰ পিছত সমগ্ৰ ভাৰততে ব্যাপক সজাগতা অভিযান, আঞ্চলিক কৰ্মশালা আৰু জিলা, ৰাজ্য তথা বিদ্যালয় পৰ্যায়ৰ বিষয়াসকলৰ সামৰ্থ্য বিকাশ কৰে। এই কাৰ্যসূচী চাৰিটা সহজ পৰ্যায়ত আগবাঢ়ে: প্ৰথম পৰ্যায়ত এক লাখ ধাৰণা নিৰ্বাচন কৰা হয় আৰু প্ৰত্যক্ষ বেংক ট্ৰেন্সফাৰৰ জৰিয়তে ১০,০০০ টকাৰ বৃত্তি প্ৰদান কৰা হয়; তাৰ পিছত জিলা পৰ্যায়ৰ প্ৰদৰ্শনীৰ জৰিয়তে ১০,০০০ শ্ৰেষ্ঠ প্ৰকল্প নিৰ্বাচন কৰা হয়; তাৰ পিছত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ জৰিয়তে ১০০০ বিজয়ীক নিৰ্বাচিত কৰা হয়, যাক কৰ্মৰত আৰ্হি প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞৰ মেণ্টৰশ্বিপ প্ৰদান কৰা হয়; শেষত, সকলো ১০০০ উদ্ভাৱনক এটা বৃহৎ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰা হয়। প্ৰকল্পসমূহৰ নতুনত্ব, সামাজিক প্ৰভাৱ, পৰিৱেশৰ বহনক্ষমতা, ব্যৱহাৰকাৰী-অনুকূল আৰু কাৰিকৰী যোগ্যতাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয়। শীৰ্ষ ৬০ টা উদ্ভাৱনে ৰাষ্ট্ৰীয় বঁটা, ৰাষ্ট্ৰীয় উদ্ভাৱন ফাউণ্ডেশ্যন (NIF)ৰ পৰা উত্পাদন উন্নয়নৰ সমৰ্থন আৰু ফেষ্টিভেল অব্ ইনোভেচন এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ (FINE)ত প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰে।
তাৎপৰ্য্য আৰু প্ৰত্যাশিত ফলাফল
অনুপ্ৰেৰণা বঁটা– MANAK ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) 2020ৰ অভিজ্ঞতাভিত্তিক শিক্ষণ, সমালোচনাত্মক চিন্তাধাৰা আৰু সমস্যা সমাধানৰ মানসিকতা গঢ়ি তুলিবলৈ বিদ্যালয়ৰ পাঠ্যক্ৰমত উদ্ভাৱনক অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ সৈতে নিৱিড়ভাৱে সামঞ্জস্যপূৰ্ণ। ই STEM শিক্ষাত সমতাক প্ৰসাৰিত কৰে, স্থানীয় সমস্যাসমূহৰ থলুৱা সমাধানৰ বাবে উৎসাহিত কৰি স্বাৱলম্বী ভাৰতক সমৰ্থন কৰে, কম বয়সৰ পৰাই উদ্যোগীকৰণক প্ৰতিপালন কৰে আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক গোলকীয় উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত অৰিহণা যোগায়। তদুপৰি সমগ্ৰ দেশৰ ৬ লাখৰো অধিক বিদ্যালয়ে ইয়াত পঞ্জীয়ন কৰিছে, য’ত ৬০০ৰো অধিক ৰাষ্ট্ৰীয় বিজয়ীৰ অভিলেখ আছে। আনহাতে ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে ৬৮ লাখ অতিক্ৰম কৰিছে।
হেকাথন আৰু মাৰাথন
হেকাথন আৰু উদ্ভাৱনী মাৰাথন একক অনুষ্ঠানৰ পৰা শক্তিশালী ৰাষ্ট্ৰীয় মঞ্চলৈ বিকশিত হৈছে, যি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ কৌতূহলক কেন্দ্ৰীয়, বাস্তৱ জীৱনৰ সমস্যা সমাধানলৈ ৰূপান্তৰিত কৰে। এই বৃহৎ পৰিসৰৰ প্ৰত্যাহ্বানসমূহে বহল উদ্ভাৱন যাত্ৰাত গুৰুত্বপূৰ্ণ সংযোগকাৰী হিচাপে কাম কৰে, শ্ৰেণীকোঠাৰ পৰা সৃষ্টি কৰা ধাৰণাসমূহক ৰাষ্ট্ৰীয় প্ৰভাৱৰ সৈতে আৰ্হি প্ৰস্তুতলৈ ৰূপান্তৰিত কৰে আৰু যুৱ উদ্ভাৱকসকলৰ বাবে তেওঁলোকৰ সমাধানসমূহ মানসম্পন্ন কৰাৰ বাবে স্পষ্ট পথ সৃষ্টি কৰে। এই আন্দোলনৰ নেতৃত্বত আছে দুটা ধ্বজাবাহী পদক্ষেপ : বাৰ্ষিক স্কুল ইনোভেচন মাৰাথন আৰু ডেভেলপ ইণ্ডিয়া বিল্ডাথন ২০২৫।
বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱনী মাৰাথন
২০২৪ চনৰ ২৯ জুলাইত আৰম্ভ হোৱা বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱনী মাৰাথন অটল উদ্ভাৱন অভিযান (AIM), NITI আয়োগৰ অধীনত শিক্ষা মন্ত্ৰালয়, AICTE আৰু ইউনিচেফ ইউৱাহৰ ইনোভেচন চেল (MIC)ৰ সহযোগত আয়োজিত এক বাৰ্ষিক পদক্ষেপ। ই অটল টিংকাৰিং লেব থকা বা নথকা বিদ্যালয়সমূহৰ বাবে মুকলি আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উদ্ভাৱনীমূলক আৰ্হি বিকশিত কৰি বাস্তৱ জীৱনৰ সম্প্ৰদায়ৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰাত ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰে।

এই মাৰাথনত আৰ্হি প্ৰস্তুতৰ চিন্তা, ৰবটিক্স আৰু বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (IPR)ৰ ওপৰত গুৰুত্ব আৰোপ কৰি সামৰ্থ্য বিকাশ কৰ্মশালা অনুষ্ঠিত কৰা হয়, যি ছাত্ৰ-ছাত্ৰীসকলক প্ৰভাৱশালী সমাধান বিকশিত কৰাৰ দক্ষতাৰে প্ৰস্তুত কৰে। হাতে-কামে শিক্ষা আৰু সহযোগিতাৰ বাবে উৎসাহিত কৰি এই পদক্ষেপে সৃষ্টিশীলতা আৰু কাৰিকৰী বিশেষজ্ঞতাক প্ৰতিপালন কৰে। এই সামগ্ৰিক পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱন ক্ষমতা বৃদ্ধি কৰাই নহয়, বহনক্ষম আৰু মানসম্পন্ন সমাধানৰ জৰিয়তে সমাজৰ জৰুৰী প্ৰয়োজনীয়তাসমূহ মোকাবিলা কৰিবলৈও প্ৰস্তুত কৰে।
বিদ্যালয় পৰ্যায়ৰ উদ্ভৱনী মাৰাথনৰ ফলাফল স্পষ্ট আৰু সুদূৰপ্ৰসাৰী, প্ৰতিবছৰে সৰ্বোত্তম প্ৰদৰ্শন কৰা দলসমূহক স্বীকৃতি দিয়া হয়। ২০২৪-২৫ ছেছনৰ বাবে ১০০০টা দল আৰু ২০২৩-২৪ চনৰ বাবে ৫০০টা দলক নিৰ্বাচিত কৰা হৈছিল। এই কাৰ্যসূচীয়ে ভৱিষ্যতৰ উদ্ভাৱকক প্ৰতিপালন কৰি ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীত অৰিহণা যোগায়।
বিকশিত ভাৰত বিল্ডাথন ২০২৫
বিকশিত ভাৰত বিল্ডাথন ২০২৫ হৈছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ (DoSEL), শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত অটল উদ্ভাৱন অভিযান (AIM), NITI আয়োগ আৰু অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন (AICTE)ৰ সহযোগত আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱন হেকাথন। ই ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক চাৰিটা বিষয়বস্তু- ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত, স্বদেশী আৰু সমৃদ্ধিৰ ওপৰত ভিত্তি কৰি মগজুৰ কচৰত আৰু আৰ্হি প্ৰস্তুতত জড়িত কৰে ।
এই কাৰ্যসূচীত বিদ্যালয়সমূহত বিশেষজ্ঞসকলৰ দ্বাৰা মূল্যায়ন কৰা উপস্থাপনৰ সৈতে সমকালীন পোনপটীয়া সম্প্ৰচাৰ উদ্ভাৱন ছেছন অন্তৰ্ভুক্ত কৰা হয় । ২০২৫ চনৰ ২৩ ছেপ্টেম্বৰত ইয়াক আৰম্ভ কৰা হৈছিল, আনহাতে পঞ্জীয়নসমূহ https://vbb.mic.gov.in/ পৰ্টেলৰ জৰিয়তে কৰা হৈছিল।
তাৎপৰ্য্য আৰু ফলাফল

এই কাৰ্যসূচীয়ে যুৱ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আত্মনিৰ্ভৰশীলতা, বহনক্ষম উন্নয়ন আৰু সৃষ্টিশীল চিন্তাধাৰাক প্ৰসাৰিত কৰে, যাৰ ফলত তেওঁলোকে ৰাষ্ট্ৰীয় উন্নয়নত অৰিহণা যোগাব পাৰে আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্য ৰক্ষা কৰে।
২০২৬ চনৰ জানুৱাৰী মাহত বিল্ডাথন সমাপ্ত হ’ব আৰু ইয়াৰ ফলস্বৰূপে ১০০০ৰো অধিক বিজয়ীক নিৰ্বাচন কৰা হ’ব। ইয়াৰ ভিতৰত ১ কোটি টকাৰ পুৰস্কাৰ অন্তৰ্ভুক্ত। এই ধনৰাশি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১০ গৰাকী, ৰাজ্যিক পৰ্যায়ৰ ১০০ গৰাকী আৰু জিলা পৰ্যায়ৰ ১০০০ গৰাকী বিজয়ীৰ মাজত বিতৰণ কৰা হ’ব। ছাত্ৰ উদ্ভাৱক কাৰ্যসূচী (SIP) আৰু ছাত্ৰ উদ্যোগীকৰণ কাৰ্যসূচী (SEP)ৰ দৰে পদক্ষেপৰ সফলতাৰ লগতে এই পদক্ষেপসমূহৰ পৰা সৃষ্টি হোৱা পেটেণ্ট আৰু ষ্টাৰ্টআপৰ সফলতাৰ ওপৰত ভিত্তি কৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
সামৰণিঃ ভাৰতৰ ভৱিষ্যতৰ বাবে এক সংহত শৈক্ষিক উত্তৰাধিকাৰ গঢ়ি তোলা
ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP) ২০২০ৰ দ্বাৰা পৰিচালিত হৈ ভাৰতৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে। বিকশিত ভাৰত বিল্ডাথন, বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱনী মাৰাথন, অটল টিংকাৰিং লেব, বিদ্যায় পৰ্যায়ৰ উদ্ভাৱনী পৰিষয়, SIATP আৰু অনুপ্ৰেৰণা বঁটা– MANAK-এ সামূহিকভাৱে মুখস্থ শিক্ষণৰ পৰা অভিজ্ঞতাভিত্তিক, দক্ষতাভিত্তিক শিক্ষা প্ৰদান কৰে, যি সমালোচনাত্মক চিন্তাধাৰা, AI দক্ষতা, উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰে। ডিজিটেল প্লেটফৰ্ম, হেণ্ডছ-অন টিংকাৰিং, শিক্ষকৰ দক্ষতা বৃদ্ধি আৰু প্ৰত্যন্ত অঞ্চল আৰু ছাত্ৰীসকলক লক্ষ্য কৰি অন্তৰ্ভুক্ত কাৰ্যসূচীসমূহ একত্ৰিত কৰি এই প্ৰচেষ্টাই লাখ লাখ ছাত্ৰ-ছাত্ৰীক জড়িত কৰিছে, লাখ লাখ আৰ্হি, পেটেণ্ট আৰু ষ্টাৰ্টআপৰ সৃষ্টি কৰিছে। ই অভিলেখ ভংগকাৰী উদ্ভাৱন কাৰ্যসূচী আৰু সাৰ্বজনীন মৌলিক সাক্ষৰতাৰ লক্ষ্যৰ দৰে স্পষ্ট ফলাফলো প্ৰদৰ্শন কৰিছে। বৰ্ধিত পুঁজি আৰু ২০৩০ চনৰ ভিতৰত ১০০% নামভৰ্তিৰ হাৰ (GER)ৰ প্ৰতিশ্ৰুতিৰে ভাৰতে নিজৰ যুৱক-যুৱতীসকলক গোলকীয় উদ্ভাৱক হিচাপে নিৰ্ণায়কভাৱে স্থান দিছে, যাৰ ফলত ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ পথ প্ৰশস্ত হৈছে।
সমল
Press Information Bureau:
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1838743
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2098805
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2097864
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2170192
https://www.pib.gov.in/FactsheetDetails.aspx?id=150345&NoteId=150345&ModuleId=16
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2178518
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2170192
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2155388
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2166700#:~:text=The%20Hon'ble%20Prime%20Minister,%2C%20Atal%20Innovation%20Mission%2C%20said
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1847064#:~:text=School%20Innovation%20Council%20(SIC)%2C,of%20the%20best%20prototypes%20etc
https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1847064#:~:text=In%20order%20to%20strengthen%20the,Property%20Rights(IPR);%205.
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2025/sep/doc2025928649601.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1642049#:~:text=With%20emphasis%20on%20Early%20Childhood,HFW)%2C%20and%20Tribal%20Affairs
Doordarshan:
https://ddnews.gov.in/en/shaping-viksit-bharat-50000-atal-tinkering-labs-to-drive-innovation/
https://www.newsonair.gov.in/indias-largest-school-hackathon-viksit-bharat-buildathon-2025-begins-today/
Atal Innovation Mission:
https://aim.gov.in/pdf/Final-List-Top-1000-teams.pdf
https://www.aim.gov.in/pdf/Results-Top-500-Teams-ATL-Marathon-2023-24.pdf
https://aim.gov.in/atl.php
https://aim.gov.in/atl.php#:~:text=Impact%20created,Innovation%20Projects%20Created
https://atl.unisolve.org/#:~:text=Hear%20what%20our%20teacher%20and,for%20societal%20and%20humanitarian%20benefit%22
https://aim.gov.in/aim-ecosystem-development-program.php
https://aim.gov.in/overview.php
School Innovation Council:
https://sic.mic.gov.in/aboutus
https://sicmicstadiag.blob.core.windows.net/sicwebsite/static/downloads/SIC-Guidelines-2024.pdf
https://sia.mic.gov.in/
All India Council for Technical Education:
https://aicte.gov.in/downloads/initiatives/AICTE-VISION-MERGED.pdf
School Innovation Mission:
http://it.delhigovt.nic.in/writereaddata/Cir2024525900.pdf
Department of Science and Technology:
https://www.inspireawards-dst.gov.in/UserP/award.aspx
https://www.inspireawards-dst.gov.in/
Ministry of Education:
https://www.education.gov.in/sites/upload_files/mhrd/files/NEP_Final_English_0.pdf
https://www.education.gov.in/sites/upload_files/mhrd/files/nep/Background_Notes_Thematic_Sessions.pdf
https://www.education.gov.in/shikshakparv/docs/Examination_and_Assessment_Reforms.pdf
National Council for Educational Research and Training (NCERT):
https://www.ncert.nic.in/pdf/NCF_for_Foundational_Stage_20_October_2022.pdf
***
DPS/KD
(Explainer ID: 156410)
आगंतुक पटल : 125
Provide suggestions / comments