• Skip to Content
  • Sitemap
  • Advance Search
Social Welfare

ভাৰতে আয়োজন কৰিছে ইউনেস্ক’ৰ ২০ সংখ্যক আইচিএইচ অধিৱেশন

ঐতিহ্য সংৰক্ষণৰ এক ঐতিহাসিক মুহূৰ্ত

Posted On: 07 DEC 2025 12:56PM

                                                                                                                                                                                                        

মুখ্য তথ্য

ভাৰতে ২০২৫ চনৰ ৮ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ নতুন দিল্লীত  সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ অৰ্থে  ইউনেস্ক’ৰ আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সমিতিৰ ২০ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰিব।

সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে ইউনেস্ক’ই পেৰিছত অনুষ্ঠিত হোৱা ৩২ সংখ্যক সাধাৰণ সন্মিলনত ২০০৩ চনৰ চুক্তিখন গ্ৰহণ কৰিছিল।

আন্তঃ চৰকাৰী সমিতিখনে ২০০৩ চনৰ চুক্তিখনৰ লক্ষ্যসমূহক ৰূপায়ণ কৰিবলৈ আৰু সদস্য ৰাষ্ট্ৰসমূহে  ইয়াৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।

ভাৰতে তিনিটা কাৰ্যকাল ধৰি  ইউনেস্ক’ৰ আন্তঃচৰকাৰী সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

এতিয়ালৈকে ভাৰতৰ  ১৫টা স্থান ইউনেস্ক’ৰ প্ৰতিনিধি তালিকাত সন্নিবিষ্ট কৰা হৈছে।

 

 

পাতনি

ভাৰত চৰকাৰে ২০২৫ চনৰ ৮ৰ পৰা ১৩ ডিচেম্বৰলৈ নতুন দিল্লীত সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ অৰ্থে  ইউনেস্ক’ৰ আন্তঃচৰকাৰী সমিতিৰ ২০ সংখ্যক অধিৱেশনৰ আয়োজন কৰিছে।

ইয়াৰ বাবে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা ঐতিহাসিক লালকিল্লা চৌহদক নিৰ্বাচন কৰা হৈছে, যিয়ে ভাৰতৰ ঐতিহ্যক এখন চালিৰ তলত উপবিষ্ট কৰিব পাৰিব।

ভাৰতত প্ৰথমবাৰৰ বাবে আইচিএইচ কমিটীৰ অধিৱেশন আয়োজন কৰা হ’ব  আৰু এই বৈঠকত সভাপতিত্ব কৰিব  ইউনেস্ক’ত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাবে থকা বিশাল ভি শৰ্মাই ।এই অনুষ্ঠানটোৱে  ভাৰতে ২০০৩ চনত সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ সন্ধি অনুমোদনৰ  বিশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি ভাৰতৰ জীৱন্ত সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ প্ৰতি থকা স্থায়ী দায়বদ্ধতাকে প্ৰতীয়মান কৰিছে। 

ইউনেস্ক’ই সংজ্ঞায়িত কৰা অনুসৰি  অস্পষ্ট(Intangible) সাংস্কৃতিক ঐতিহ্যৰ ভিতৰত সম্প্ৰদায়সমূহে নিজৰ সাংস্কৃতিক পৰিচয়ৰ অংশ হিচাপে কৰি অহা ৰীতি-নীতিৰ  অনুশীলন, জ্ঞান, প্ৰকাশ, বস্তু আৰু স্থানসমূহ অন্তৰ্ভুক্ত কৰা হয়। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা এই ঐতিহ্যই সাংস্কৃতিক পৰিচয় তথা বৈচিত্ৰ্যক শক্তিশালী কৰি তোলে।

 

ঐতিহাসিক পটভূমি

 

অস্পষ্ট( Intangible) সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে ইউনেস্ক’ই ২০০৩ চনৰ ১৭ অক্টোবৰত পেৰিছত অনুষ্ঠিত ৩২ সংখ্যক সাধাৰণ সন্মিলনৰ সময়ত ২০০৩ চনৰ চুক্তিখন গ্ৰহণ কৰিছিল।

বিশ্বায়ন, সামাজিক পৰিৱৰ্তন আৰু সীমিত সম্পদৰ ফলত জীৱন্ত সাংস্কৃতিক পৰম্পৰা, মৌখিক অনুশীলন, পৰিবেশ্য কলা, সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, জ্ঞান ব্যৱস্থা, আৰু কাৰুকাৰ্য্যৰ প্ৰতি ক্ৰমান্বয়ে ভাবুকি আহি পৰিছে আৰি এই ক্ষেত্ৰত বিশ্বজুৰি সৃষ্টি হোৱা  উদ্বেগৰ প্ৰতি এই সন্ধিখনে সঁহাৰি জনাইছে।

এই সন্মিলনে সম্প্ৰদায়সমূহক, বিশেষকৈ খিলঞ্জীয়া সম্প্ৰদায়, গোট আৰু ব্যক্তিগত অনুশীলনকাৰীসকলক সুৰক্ষামূলক  প্ৰচেষ্টাৰ কেন্দ্ৰত ৰখাৰ লগতে   সাংস্কৃতিক ঐতিহ্য বজাই ৰখা আৰু সৃষ্টিমূলক কামৰ সম্প্ৰসাৰণৰ  ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰিছে। ইয়াত স্পষ্ট আৰু অস্পষ্ট ঐতিহ্যৰ মাজৰ আন্তঃনিৰ্ভৰশীলতা, বিশ্ব সহযোগিতাৰ প্ৰয়োজনীয়তা আৰু নৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধিৰ গুৰুত্বৰ বিষয়তো আলোকপাত কৰা হৈছে।

মানৱতাৰ জীৱন্ত ঐতিহ্য সুৰক্ষাৰ বাবে এক ভাগ-বতৰা কৰা বিশ্বজোৰা প্ৰতিশ্ৰুতিৰে এই চুক্তিখনে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, সমৰ্থন আৰু স্বীকৃতিৰ ব্যৱস্থা কৰিছে। ই লগতে  ইউনেস্ক’ৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ তালিকা আৰু আন্তঃচৰকাৰী সমিতিৰ পৰৱৰ্তী কামৰ বাবে  ভেটি স্থাপন কৰিছে।

এই চুক্তিৰ উদ্দেশ্যসমূহ হ’ল

অস্পষ্ট সাংস্কৃতিক ঐতিহ্যক সুৰক্ষিত কৰা;

সংশ্লিষ্ট সম্প্ৰদায়, গোট আৰু ব্যক্তিৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ বাবে  সন্মান  নিশ্চিত কৰা;

অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ গুৰুত্বৰ বিষয়ে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ পাৰস্পৰিক প্ৰশংসা নিশ্চিত কৰা;

বিশ্বব্যাপী সহযোগিতা আৰু সহায়ৰ ব্যৱস্থা কৰা।

 

আন্তঃচৰকাৰী সমিতিৰ কাম-কাজ

অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে আন্তঃ চৰকাৰী সমিতিখনে ২০০৩ চনৰ চুক্তিখনৰ লক্ষ্যসমূহক আগুৱাই লৈ যায় আৰু সমগ্ৰ সদস্য ৰাষ্ট্ৰসমূহত ইয়াৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰে। এই লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত সমিতিখনে এনেবোৰ কাম কৰে :

২০০৩ চনৰ চুক্তিখনৰ লক্ষ্য আৰু ৰূপায়ণৰ প্ৰসাৰ  আদি বিষয়সমূহ নিৰীক্ষণ কৰে।

উত্তম পদ্ধতিৰ বিষয়ত  নিৰ্দেশনা প্ৰদান কৰে আৰু অস্পষ্ট সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ  পৰামৰ্শ দিয়ে।

অস্পষ্ট সাংস্কৃতিক ঐতিহ্য পুঁজিৰ ব্যৱহাৰৰ খচৰা পৰিকল্পনা প্ৰস্তুত কৰি সেয়া সাধাৰণ পৰিষদত দাখিল কৰে।

চুক্তিখনৰ বিধান অনুসৰি পুঁজিৰ বাবে অতিৰিক্ত সম্পদ সংগ্ৰহ কৰে।

চুক্তিখন ৰূপায়ণৰ বাবে কাৰ্য্যকৰী নিৰ্দেশনাৰ খচৰা প্ৰস্তুত আৰু প্ৰস্তাৱ কৰাৰ কামো কৰে।

ৰাষ্ট্ৰসমূহে সময়ে সময়ে দাখিল কৰা প্ৰতিবেদনসমূহ পৰীক্ষা কৰে আৰু সাধাৰণ পৰিষদৰ বাবে ইয়াৰ  সাৰাংশৰ সংকলন কৰে।

ৰাষ্ট্ৰসমূহৰ পৰা অহা অনুৰোধৰ মূল্যায়ন কৰে আৰু নিম্নোক্ত বিষয়সমূহ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে:

ইউনেস্ক’ৰ আইচিএইচ তালিকাত থকা উপাদানসমূহৰ লিপিৱদ্ধকৰণ (১৬, ১৭ আৰু ১৮ নং অনুচ্ছেদ অনুসৰি)।

আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰদান।

 

আন্তঃ চৰকাৰী সমিতিৰ ২০ সংখ্যক  অধিৱেশন

নতুন দিল্লীৰ লালকিল্লাত আন্তঃ চৰকাৰী সমিতিৰ ২০ সংখ্যক অধিৱেশন আয়োজন কৰা  ন’ডেল এজেন্সী হৈছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ইয়াৰ অধীনস্থ স্বায়ত্তশাসিত সংস্থা সংগীত নাটক একাডেমী (SNA)। ৰঙা শিলৰ দেৱাল আৰু দৃষ্টিনন্দন স্থাপত্য শিল্প, ৰাজপ্ৰসাদ, বাগিচা, সংগ্ৰহালয়ৰ বাবে পৰিচিত দিল্লীৰ ১৭ শতিকাৰ এই  অতীৱ সুন্দৰ লালকিল্লা  দুৰ্গটো নিজেই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হৈ আছে।

 

মূল বিষয়সমূহ

আই চি এইচ কমিটীৰ ২০ সংখ্যক অধিৱেশন আয়োজন কৰি ভাৰতে এইকেইটা বিষয়ত লক্ষ্য স্থিৰ  কৰিছে:

ৰাষ্ট্ৰীয় আইচিএইচ সুৰক্ষা আৰ্হি উপস্থাপন আৰু বিশ্বৰ এক উত্তম পদ্ধতি হিচাপে ভাগ-বতৰা কৰা প্ৰতিষ্ঠানিক সমৰ্থন, সম্প্ৰদায়ৰ অংশগ্ৰহণ, নথিপত্ৰ তথা ৰাষ্ট্ৰীয় তথ্যৰ প্ৰচেষ্টাৰ সংমিশ্ৰণ ঘটোৱা ।

সহযোগিতামূলক মনোনয়ন, যৌথ সুৰক্ষাৰ পদক্ষেপ, সামৰ্থ্যৰ বিকাশ, সম্পদৰ বিনিময়, কাৰিকৰী বিনিময়ৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিক  উৎসাহিত কৰা।

 

ভাৰতৰ অস্পষ্ট ঐতিহ্যলৈ অধিক বিশ্বব্যাপী দৃশ্যমানতা অনা— কম পৰিচিত পৰম্পৰা, স্থানীয় শিল্পকৰ্ম, আঞ্চলিকভাবে উদযাপিত  উৎসৱক আদিৰ প্ৰতি বিশ্বজোৰা  সমৰ্থন, আগ্ৰহ, গৱেষণা, পৰ্যটনৰ প্ৰসাৰ  আৰু সম্পদ সংগ্ৰহক আকৰ্ষিত  কৰা।

যুৱক-যুৱতী আৰু ভৱিষ্যত প্ৰজন্মৰ মাজত কেতবোৰ প্ৰচেষ্টা গ্ৰহণত ,যেনে নথিপত্ৰ, তথ্য-পাতি, মনোনয়নৰ তথ্য  , সম্প্ৰদায়ৰ সংযোগ আদিৰ বিষয়ত এই অধিৱেশনে  প্ৰেৰণা যোগাবলৈ   অধিৱেশনে গুৰুত্ব আৰোপ কৰিছে। 

সাংস্কৃতিক ক্ষেত্ৰৰ কূটনীতিৰ বাবে এক মঞ্চ প্ৰদান কৰা: ভাৰতৰ  শক্তি, সাংস্কৃতিক সমৃদ্ধি, বৈচিত্ৰ্য আৰু ঐতিহ্যৰ ক্ষেত্ৰত বহন কৰা  নেতৃত্বক বিশ্বৰ মঞ্চত প্ৰতিষ্ঠা কৰা।

ঐতিহ্য সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ মাজৰ সংযোগক শক্তিশালী কৰা: জীৱিকা, সম্প্ৰদায়ৰ পৰিচয়, সামাজিক সংহতি তথা সাংস্কৃতিক পৰ্যটনৰ  সম্পদ হিচাপে অস্পষ্ট ঐতিহ্যক গঢ় দিয়া।

 

ভাৰতৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্য: এক ৰাষ্ট্ৰীয় তথা বিশ্বজনীন  সম্পত্তি

ভাৰতৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ সৈতে  কেৱল পৰম্পৰা বা নষ্টালজিয়াই জড়িত হৈ নাই,  এইবোৰ  গভীৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু কূটনৈতিক মূল্যৰে পৰিপূৰ্ণ  এক জীৱন্ত সম্পদো।

সামাজিক আৰু সাংস্কৃতিক পৰিচয়: আইচিএইচ-এ ভাষিক, জাতিগত, আঞ্চলিক, জনজাতীয়, ধৰ্মীয় আৰু সম্প্ৰদায়ৰ পৰিচয় সংৰক্ষণ কৰে – ভাৰতৰ দৰে বৈচিত্ৰ্যময় দেশত সামাজিক সংহতি তথা বহুত্ববাদৰ পোষকতা কৰে।

জীৱিকা আৰু শিল্পকলাৰ অৰ্থনীতি:গ্ৰাম্য বা প্ৰান্তীয় সম্প্ৰদায়ৰ বাবে  পৰম্পৰাগত শিল্পকলা, পৰিবেশ্য কলা, কাৰুকাৰ্য্য আৰু সাংস্কৃতিক পৰ্যটনে শিল্পী, পৰিবেশক, শিল্পকৰ্মীক জীৱিকাৰ সুবিধা প্ৰদান কৰে । আইচিএইচ আঁচনিৰ অধীনত প্ৰতিষ্ঠানিক সহায়ে এই জীৱিকাসমূহ বজাই ৰখাত সহায় কৰিব পাৰে, দক্ষতা হ্ৰাস পোৱা  ৰোধ কৰিব পাৰে আৰু সৰ্বাংগীন উন্নয়নক প্ৰসাৰিত কৰিব পাৰে।

শিক্ষা তথা জ্ঞানৰ প্ৰসাৰ: অস্পষ্ট ঐতিহ্যৰ ৰূপত বহু পৰম্পৰাগত জ্ঞানো নিহিত হৈ থাকে। সেইবোৰ ভিতৰত  পৰিৱেশগত অনুশীলন , মৌখিক ইতিহাস, কাৰুকাৰ্য্যৰ কৌশল, লোককথা, আচাৰ-অনুষ্ঠান, থলুৱা প্ৰজ্ঞা আদি অন্যতম। সেইবোৰ  নথিভুক্ত আৰু সম্প্ৰসাৰিত হ’লে সেইবোৰে শিক্ষাক শক্তিশালী কৰিব পাৰে, সাংস্কৃতিক সাক্ষৰতা গভীৰ কৰিব পাৰে আৰু আন্তঃপ্ৰজন্মৰ মাজত সেইবোৰৰ ধাৰাবাহিকতা নিশ্চিত কৰিব পাৰে ।

সাংস্কৃতিক ক্ষেত্ৰৰ কূটনীতি আৰু শক্তি: নৃত্য, উৎসৱ, শিল্পকৰ্ম, মৌখিক পৰম্পৰা আদিয়ে ভাৰতৰ বৈচিত্ৰ্য, ঐক্য, মূল্যবোধ আৰু সাংস্কৃতিক গভীৰতাৰ কথাকেই প্ৰতিফলিত কৰে। বিশ্বজুৰি সেইবোৰৰ প্ৰচাৰ কৰিলে ভাৰতৰ এনে মসৃণ শক্তি, সাংস্কৃতিক ক্ষেত্ৰৰ কূটনীতি তথা আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি বৃদ্ধি পাব। অধিৱেশন খনৰ আয়োজনে এই প্ৰভাৱ আৰু অধিক বৃদ্ধি কৰিব ।

বিশ্বব্যাপী ঐতিহ্যৰ শাসন তথা নেতৃত্বৰ ভূমিকা: বিশাল ঐতিহ্যৰ পৰিৱেশৰ সৈতে ভাৰতৰ সক্ৰিয় অংশগ্ৰহণ তথা অধিৱেশনৰ আয়োজক হিচাপে গ্ৰহণ কৰা ভূমিকাই ইউনেস্ক’ৰ ভিতৰচৰাত বিশ্ব ঐতিহ্যৰ শাসনক শক্তিশালী কৰিব।

ই উন্নয়নশীল দেশসমূহৰ মাজত দেশখনক  এক মূল কণ্ঠ হিচাপে স্থান দিছে, বিশ্বজুৰি ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত সুষম, অন্তৰ্ভুক্ত আৰু সম্প্ৰদায়-সংবেদনশীল পদ্ধতিৰ পোষকতা কৰিছে।

 

 

আইচিএইচলৈ ভাৰতৰ অৱদান

ভাৰতৰ বিশাল আৰু বৈচিত্ৰ্যময় অস্পষ্ট সাংস্কৃতিক ঐতিহ্য—যিবোৰে জীৱন্ত পৰম্পৰা, মৌখিক প্ৰকাশ, পৰিবেশ্য কলা, আচাৰ-অনুষ্ঠান, শিল্পকলা আৰু সম্প্ৰদায়ৰ পদ্ধতিসমূহক সামৰি লৈছে। এইবোৰৰ  সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ  বাবে পদ্ধতিগত প্ৰতিষ্ঠানিক সমৰ্থনৰ প্ৰয়োজনীয়তা আছে।

এই প্ৰয়োজন পূৰণৰ বাবে সাংস্কৃতিক মন্ত্ৰালয়ে বৰ্তি থকা কিন্তু সিঁচৰতি হৈ থকা সংৰক্ষণৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ কেন্দ্ৰীভূত ব্যৱস্থা হিচাপে “ভাৰতৰ অস্পষ্ট ঐতিহ্য আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ আঁচনি”(Scheme for Safeguarding the Intangible Heritage and Diverse Cultural Traditions of India) আৰম্ভ কৰিছে। একেদৰে সংগীত নাটক একাডেমীয়ে সংশ্লিষ্ট  ব্যক্তিক প্ৰশিক্ষণ দিয়াৰ লগতে অস্পষ্ট সাংস্কৃতিক ঐতিহ্য (আই চি এইচ) সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে সামৰ্থ্য বিকাশ সম্পৰ্কীয়  কৰ্মশালাৰ আয়োজন কৰি আহিছে।

এই আঁচনিখনৰ লক্ষ্য হৈছে ইউনেস্ক’ৰ মনোনয়নকে  ধৰি ভাৰতৰ সাংস্কৃতিক পৰম্পৰাৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি বৃদ্ধি কৰাৰ লগতে আইচিএইচৰ সুৰক্ষাৰ কামত নিয়োজিত প্ৰতিষ্ঠান, অনুশীলনকাৰী, সম্প্ৰদায়, পণ্ডিত, তথা  সংস্থাসমূহক পুনৰুজ্জীৱিত কৰা।

লগতে ই বহু অংশীদাৰক সমৰ্থন কৰে, যেনে- বিশ্ববিদ্যালয়, ৰাজ্য চৰকাৰ, বেচৰকাৰী সংস্থা, সাংস্কৃতিক সংস্থা, গৱেষক তথা ব্যক্তিগত ব্যৱহাৰকাৰী।

আঁচনিখনে সামৰি লোৱা  মূল কাৰ্য্যকলাপসমূহৰ ভিতৰত আছে আইচিএইচৰ তথ্য-পাতি,  নথিপত্ৰ আৰু সৃষ্টিৰাজি; সাংস্কৃতিক প্ৰকাশভংগীৰ সংৰক্ষণ তথা প্ৰসাৰ; ইউনেস্ক’ৰ মনোনয়ন ডছিয়াৰ প্ৰস্তুত কৰা; শিল্পীসকলৰ বাবে প্ৰশিক্ষণ তথা সামৰ্থ্য বিকাশ; কৰ্মশালা তথা পৰিবেশন;প্ৰচাৰৰ পদক্ষেপ; শিক্ষা–সংস্কৃতিৰ সংহতি আৰু ৰাষ্ট্ৰীয় বৃত্তিমূলক শৈক্ষিক অৰ্হতা কাঠামো (এনভিইকিউএফ)ৰ অধীনত খণ্ড দক্ষতা পৰিষদৰ জৰিয়তে দক্ষতা বিকাশৰ অৰ্থে  সহায় আগবঢ়োৱা।

 

ইউনেস্কৰ দ্বাৰা স্বীকৃত  ভাৰতৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্য

ইউনেস্ক’ৰ ২০০৩ চনৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ চুক্তিৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ভাৰতে ইয়াৰ  সাংস্কৃতিক মন্ত্ৰালয় আৰু সংগীত নাটক একাডেমীৰ দৰে জাতীয় অনুষ্ঠানৰ জৰিয়তে নিজৰ দেশৰ সজীৱ  সাংস্কৃতিক পৰম্পৰাৰ সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে আগবাঢ়ি গৈছে।আজিলৈকে ইউনেস্ক’ৰ Intangible Cultural Heritage of Humanity তালিকাত ১৫টা ভাৰতীয় উপাদান সন্নিবিষ্ট কৰা হৈছে, যিয়ে দেশখনৰ অনন্যভাবে চহকী  সভ্যতাৰ গভীৰতা তথা  সাংস্কৃতিক ধাৰাবাহিকতাৰ কথাই  প্ৰতিফলিত কৰিছে।

 

 

আপুনি জানেনে?

এইবাৰ ভাৰতে ইউনেস্ক’ৰ আইচিএইচ তালিকাৰ বাবে ষঠ মহাপৰ্ৱ আৰু দীপাৱলীক মনোনীত কৰিছে।

 

এই ঐতিহাসিক সমলসমূহে ২০০৩ চনৰ সন্মিলনৰ কেন্দ্ৰীয় নীতিসমূহ- সম্প্ৰদায়ৰ অংশগ্ৰহণ, নথিপত্ৰৰ সংৰক্ষণ , প্ৰশিক্ষণ তথা সম্প্ৰসাৰণৰ  জৰিয়তে বৈচিত্ৰ্যময় সাংস্কৃতিক প্ৰকাশভংগী সুৰক্ষিত কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিকো প্ৰতিফলিত কৰিছে।

এই উপাদানসমূহৰ ভিতৰত কুটিয়াট্টম আৰু ছাউৰ দৰে প্ৰাচীন পৰিবেশ্য কলাৰ পৰা আৰম্ভ কৰি বৈদিক জপ, লাডাখৰ বৌদ্ধ জপ আদি পৱিত্ৰ পৰম্পৰা, ৰামলীলা, ৰাম্মান, সংকীৰ্তন আদি সম্প্ৰদায়ভিত্তিক প্ৰথা আদিও অন্তৰ্ভুক্ত হৈ আছে। জণ্ডিয়ালা গুৰুৰ থাথেৰাৰ  ধাতুশিল্প, কালবেলিয়া সম্প্ৰদায়ৰ অনন্য সংগীত আৰু নৃত্য তথা কুম্ভ মেলাৰ দৰে বৃহৎ পৰিসৰৰ সামাজিক-আধ্যাত্মিক সমাৱেশৰ জৰিয়তে দৈনন্দিন সাংস্কৃতিক জ্ঞান প্ৰণালীক সমানে প্ৰতিনিধিত্ব কৰা হৈছে । যোগ, দুৰ্গা পূজা আৰু গৰ্বাৰ দৰে উপাদানে ভাৰতৰ সজীৱ সমসাময়িক সাংস্কৃতিক পৰিচয় প্ৰদৰ্শন কৰাৰ লগতে  ভাৰতকে ধৰি কেইবাখনো দেশত উদযাপিত নভৰুজে আঞ্চলিক সাংস্কৃতিক আন্তঃসংযোগক উজ্জ্বল কৰি তুলিছে।

 

সামৰণি

ভাৰতে ২০ সংখ্যক ইউনেস্ক’ আন্তঃ চৰকাৰী সমিতিৰ অধিৱেশন আয়োজন কৰাটো এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। অধিৱেশনখনে ভাৰতৰ  প্ৰতীকী তাৎপৰ্য্যক নেতৃত্ব দিয়াৰ প্ৰকৃত সুযোগৰ কথা প্ৰতিফলিত কৰিছে । শক্তিশালী ঐতিহ্য আন্তঃগাঁথনি আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ ইতিহাসেৰে ভাৰতে নিজৰ সুৰক্ষা আৰ্হি প্ৰদৰ্শন কৰাৰ লগতে সেয়া আনৰ সৈতে ভাগ-বতৰা কৰিবলৈ সাজু হৈছে।এই অনুষ্ঠানে ভাৰতক ইয়াৰ সজীৱ  ঐতিহ্যক উজ্জ্বল কৰি তোলাৰ সুযোগ প্ৰদান কৰিছে, বিশ্ব সহযোগিতাৰ পোষকতা কৰিছে আৰু বৰ্তমান তথা ভৱিষ্যত প্ৰজন্মৰ বাবে অস্পষ্ট সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ এক নৱীকৃত পথ প্ৰশস্ত কৰিছে।নতুন দিল্লীত আন্তঃ চৰকাৰী সমিতিৰ ২০ সংখ্যক অধিৱেশনৰ সফলতাই ইউনেস্ক’, ভাৰত চৰকাৰ আৰু ভাৰতৰ সাংস্কৃতিক পৰম্পৰাৰ সজীৱতাক ইতিবাচকভাৱে প্ৰতিফলিত কৰিব।ভাৰতৰ ঐতিহ্য ইয়াৰ জনসাধাৰণৰ জৰিয়তে জীয়াই থাকে।  ইয়াৰ ভাষা, কলা, আচাৰ-ব্যৱহাৰ, উৎসৱ  আৰু বিশ্বাস অনুশীলনৰ জৰিয়তে  প্ৰকাশ পায়। এইবাৰৰ অধিৱেশনৰ  আয়োজনে   সাংস্কৃতিক উত্তৰাধিকাৰক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ প্ৰতি থকা ভাৰতৰ  চিৰস্থায়ী দায়বদ্ধতাকে প্ৰতীয়মান কৰিছে। 

 

UNESCO

https://ich.unesco.org/en/what-is-intangible-heritage-00003

https://ich.unesco.org/en/20com

https://ich.unesco.org/en/state/india-IN?info=elements-on-the-lists

https://ich.unesco.org/en/news/india-to-host-the-20th-session-of-the-committee-in-2025-13542

https://www.unesco.org/en/intangible-cultural-heritage/committee-2025

Ministry of Culture

https://20com2025.culture.gov.in/intangible_cultural_heritage_in_India

https://20com2025.culture.gov.in/session_venue

https://20com2025.culture.gov.in/home#:~:text=All%20participants%20as%20well%20as%20the%20general,stream%20from%208th%20to%2013th%20DECEMBER%202025.

https://culture.gov.in/intangible-cultural-heritage

SANGEET NATAK AKADEMI

https://www.sangeetnatak.gov.in/sections/ICH

IGNCA

https://ignca.gov.in/divisionss/janapada-sampada/loka-parampara/intangible-cultural-heritage/inventory-on-the-intangible-cultural-heritage/

PIB

https://www.google.com/url?sa=t&source=web&rct=j&opi=89978449&url=https://static.pib.gov.in/WriteReadData/specificdocs/documents/2024/jul/doc2024715349801.pdf&ved=2ahUKEwiLjP_hho2RAxWtcGwGHTeMJmIQFnoECCIQAQ&usg=AOvVaw3yJyfq0iCsZHp_aBrRtEn6

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1839891

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2122423

https://www.pib.gov.in/PressNoteDetails.aspx?id=154536&NoteId=154536&ModuleId=3

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2153599

***

DPS/DM 

(Backgrounder ID: 156393) आगंतुक पटल : 6
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Manipuri , Urdu , Urdu , हिन्दी , Bengali , Gujarati , Kannada
Link mygov.in
National Portal Of India
STQC Certificate