• Skip to Content
  • Sitemap
  • Advance Search
Farmer's Welfare

ৰাষ্ট্ৰীয় খোৱা তেল অভিযান

ভাৰতৰ খোৱা তেলৰ পৰিৱেশতন্ত্ৰ শক্তিশালীকৰণ

Posted On: 08 DEC 2025 1:01PM

  

 

মুখ্য তথ্য

নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি (আগষ্ট, ২০২৪) ৰাইচ ব্ৰেণ্ড অইল, এড়াগুটি, সূৰ্যমুখী, তিল আৰু নাইজাৰৰ বীজ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে বিশ্বজুৰি প্ৰথম স্থান লাভ কৰিছে।

দেশৰ তৈলবীজৰ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ লগতে খোৱা তেল উৎপাদনত আত্মনিৰ্ভৰতা অৰ্জন কৰা ৰাষ্ট্রীয় খোৱা তেল অভিযান (NMEO) লক্ষ্য।

NMEO–OP (তৈল পাম)ৰ লক্ষ্য হৈছে ২০২৫-২৬ চনৰ ভিতৰত ৬.৫ লাখ হেক্টৰ মাটি অপৰিশোধিত পাম তেলৰ খেতিৰ অধীনলৈ অনা আৰু ২০২৯-৩০ চনৰ ভিতৰত খাৰুৱা পাম তেলৰ উৎপাদন ২৮ লাখ টনলৈ বৃদ্ধি কৰা।

২০২৫ চনৰ নৱেম্বৰ মাহলৈকে ২.৫০ লাখ হেক্টৰ ভূমি সামৰি লোৱা হৈছে, যাৰ ফলত দেশত মুঠ তৈল পামৰ পৰিমাণ ৬.২০ লাখ হেক্টৰ হৈছে। ২০১৪-১৫ চনত অপৰিশোধিত পাম তেল (CPO)ৰ উৎপাদন ১.৯১ লাখ টনৰ পৰা ২০২৪-২৫ চনত ৩.৮০ লাখ টনলৈ বৃদ্ধি পোৱাৰ পূৰ্বানুমান কৰা হৈছে।

NMEO–OS (তৈল বীজ)ৰ লক্ষ্য হৈছে ক্লাষ্টাৰ ভিত্তিক হস্তক্ষেপ আৰু উন্নত বীজ ব্যৱস্থাৰ জৰিয়তে ২০৩০-৩১ চনৰ ভিতৰত তৈল বীজৰ উৎপাদন ৩৯ নিযুত টনৰ পৰা ৬৯.৭ নিযুত টনলৈ বৃদ্ধি কৰা।

 

পাতনি আৰু ক্ষেত্ৰীয় পটভূমি

ভাৰতৰ খাদ্য আৰু পুষ্টি সুৰক্ষাৰ এক অপৰিহাৰ্য উপাদান খোৱা তেল, আৰু লাখ লাখ কৃষকৰ জীৱিকাত তৈল বীজে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। খাদ্যৰ চৰ্বি, শক্তি আৰু চৰ্বিত দ্ৰৱীভূত ভিটামিনৰ এটা প্ৰধান উৎস, যি লুকাই থকা ক্ষুধাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু বিশেষকৈ অভাৱগ্ৰস্ত আৰু অপুষ্টিকৰ জনসংখ্যাৰ মাজত কেলৰিৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰে। তৈল বীজে গ্ৰাম্য আয় আৰু কৰ্মসংস্থাপন অটুট ৰখা এটা গুৰুত্বপূৰ্ণ নগদ শস্য হিচাপে কাম কৰে, যি কেৱল পুষ্টিৰ সুৰক্ষাতে নহয়, কৃষকৰ কল্যাণতো অৰিহণা যোগায়।

 

এই দ্বৈত গুৰুত্ব থকাৰ পাছতো দেশত খোৱা তেলৰ ক্ৰমবৰ্ধমান চাহিদাই ঘৰুৱা উৎপাদনক অতিক্ৰম কৰিছে। ভাৰতত জনমূৰি ঘৰুৱা খোৱা তেলৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে, ২০০৪-০৫ চনত গ্ৰামাঞ্চলত বছৰি ৫.৭৬ কিলোগ্ৰাম আৰু চহৰ অঞ্চলত বছৰি ৭.৯২ কিলোগ্ৰামৰ পৰা ২০২২-২৩ চনত ক্ৰমে বছৰি ১০.৫৮ কিলোগ্ৰাম আৰু ১১.৭৮ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত গ্ৰাম্য অঞ্চলত ৮৩.৬৮ শতাংশ আৰু চহৰ অঞ্চলত ৪৮.৭৪ শতাংশ বৃদ্ধিৰ সূচনা কৰিছে।

২০২৩-২৪ বৰ্ষৰ ভিতৰত ভাৰতৰ মুঠ খোৱা তেলৰ উৎপাদন ১২.১৮ নিযুত টন হৈছে। ঘৰুৱা উৎপাদনৰ জৰিয়তে দেশীয় খোৱা তেলৰ ঘৰুৱা চাহিদাৰ মাত্ৰ ৪৪ শতাংশহে পূৰণ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ অন্যতম বৃহৎ তৈল বীজ উৎপাদনকাৰী দেশ হোৱাৰ পাছতো ভাৰতে খোৱা তেলৰ ঘাটি পূৰণৰ বাবে আমদানিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। তাৎপৰ্যপূৰ্ণভাৱে খোৱা তেলৰ ক্ষেত্ৰত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা ২০১৫-১৬ চনত ৬৩.২ শতাংশৰ পৰা ২০২৩-২৪ চনত ৫৬.২৫ শতাংশলৈ হ্ৰাস পাইছে, যি স্বাৱলম্বীতাৰ ক্ষেত্ৰত ৩৬.৮ শতাংশৰ পৰা ৪৩.৭৪ শতাংশলৈ সামান্য উন্নতিক প্ৰতিফলিত কৰে। কিন্তু এই অগ্ৰগতিৰ ছাঁ পৰিছে ইয়াৰ সামগ্ৰিক ব্যৱহাৰৰ দ্ৰুত বৃদ্ধিয়ে, যি দেশৰ খোৱা তেলৰ প্ৰয়োজনীয়তাত যথেষ্ট হেঁচা প্ৰয়োগ কৰিছে।

 

ভাৰতৰ খোৱা তেলৰ পৰিৱেশতন্ত্ৰৰ পৰিৱৰ্তিত প্ৰৱণতা

ঐতিহাসিকভাৱে ভাৰতে নব্বৈৰ দশকত তৈল বীজৰ প্ৰযুক্তি অভিযান (TMO)ৰ নেতৃত্বত হোৱা "হালধীয়া বিপ্লৱ"ৰ সময়ত স্বাৱলম্বিতাৰ এক পৰ্যায়ৰ অভিজ্ঞতা লাভ কৰিছিল। ইয়াৰ মূল কাৰণ আছিল চৰকাৰৰ মূল্য সমৰ্থন আৰু আমদানি প্ৰতিষ্ঠাপন নীতি। কিন্তু বিশ্ব ব্যৱসায় সংস্থা (WTO)ৰ বিভিন্ন চুক্তিৰ বাবে আমদানি শুল্ক আৰু মূল্য সমৰ্থন ব্যৱস্থা বহু পৰিমাণে হ্ৰাস বা প্ৰত্যাহাৰ কৰা হৈছিল। ফলত জনমূৰি ব্যৱহাৰ ঘৰুৱা উৎপাদনতকৈ দ্ৰুতগতিত বৃদ্ধি পায়, যাৰ ফলত খোৱা তেলৰ আমদানি তীব্ৰভাৱে বৃদ্ধি পায়, যিটো ২০২৩-২৪ চনত ১৫.৬৬ নিযুত টন হয়, এয়া মুঠ ঘৰুৱা চাহিদাৰ প্ৰায় ৫৬ শতাংশ। বিশ্ব বজাৰৰ ওপৰত এই নিৰ্ভৰশীলতাই কেৱল বৈদেশিক মুদ্ৰাৰ মজুতৰ ওপৰত হেঁচা প্ৰয়োগ কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় মূল্যৰ উঠা-নমা আৰু যোগান শৃংখলাৰ ব্যাঘাতৰ বাবেও গ্ৰাহকক দুৰ্বল কৰি তোলে।

মূলতঃ ছয়াবিন, পাম আৰু ৰেপচিড তেলৰ উৎপাদন দ্বাৰা পৰিচালিত হোৱাৰ উপৰি সূৰ্য্যমুখীৰ বীজৰ তেলৰ উৎপাদন মধ্যমীয়া বৃদ্ধিৰ ফলত বিশ্বজুৰি খোৱা তেল খণ্ডই যথেষ্ট বিকাশৰ অভিজ্ঞতা লাভ কৰিছে । গোলকীয় পটভূমিত ভাৰত আমেৰিকা, চীন আৰু ব্ৰাজিলৰ পিছত চতুৰ্থ বৃহত্তম দেশ, যি বিশ্বৰ তৈল বীজ এলেকাৰ প্ৰায় ১৫-২০ শতাংশ, মুঠ উদ্ভিদজাত তেল উৎপাদনৰ ৬-৭ শতাংশ আৰু গোলকীয় ব্যৱহাৰৰ ৯-১০ শতাংশ অৰিহণা যোগাইছে। কিন্তু উৎপাদনৰ ব্যাপক পাৰ্থক্য আৰু সীমিত এলেকাৰ সম্প্ৰসাৰণৰ ফলত বৃদ্ধি পোৱা ব্যৱহাৰৰ মাত্ৰাত দেশখন উপনীত হ’ব পৰা নাই।

 

 

এই নিৰ্ভৰশীলতাই অৰ্থনৈতিক স্থিতিশীলতা আৰু কৃষি স্বাৱলম্বীতা দুয়োটা দিশতে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, যাৰ বাবে ভাৰত চৰকাৰে দেশৰ তৈল বীজৰ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ লগতে খোৱা তেল উৎপাদনত স্বাৱলম্বীতাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাষ্ট্ৰীয় খোৱা তেল অভিযান (NMEO) আৰম্ভ কৰিছে।

 

 

ভাৰতৰ খোৱা তেল আৰু তৈল বীজ উৎপাদন

নীতি আয়োগৰ প্ৰতিবেদন "আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যৰ দিশত খোৱা তেলৰ বৃদ্ধি ত্বৰান্বিত কৰাৰ পথ আৰু কৌশল" (২০২৪ চনৰ ২৮ আগষ্টত প্ৰকাশ পোৱা) অনুসৰি :

A list of oil and oil seeds

 

ঘৰুৱাভাৱে ভাৰতীয় কৃষিক্ষেত্ৰত তৈল বীজ ক্ষেত্ৰফল আৰু উৎপাদন মূল্যৰ ক্ষেত্ৰত খাদ্যশস্যৰ পিছতে দ্বিতীয় স্থানত আছে। নটা প্ৰধান তৈল বীজ- বাদাম, ছয়াবিন, ৰেপচিড-সৰিয়হ, সূৰ্য্যমুখী, তিল, ছেফ্লাৱাৰ, নাইজাৰ, এড়ি আৰু লিনচিডে মুঠ শস্যৰ ১৪.৩ শতাংশ অধিকাৰ কৰে, খাদ্যপ্ৰাণৰ ১২-১৩ শতাংশ অৰিহণা যোগায় আৰু কৃষি ৰপ্তানিত প্ৰায় ৮ শতাংশ দখল কৰে। কিন্তু বেছিভাগ তৈল বীজৰ খেতি, মুঠ মাটিকালিৰ প্ৰায় ৭৬ শতাংশ, বৰষুণৰ ফলত হোৱা পৰিস্থিতিত জলবায়ু পৰিৱৰ্তন আৰু উৎপাদনৰ তাৰতম্যৰ বাবে উৎপাদন দুৰ্বল হৈ পৰে।

উৎপাদনৰ পৰিৱেশ কেইখনমান প্ৰধান ৰাজ্যতে সীমাবদ্ধ। ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰই একেলগে ভাৰতৰ মুঠ তৈল বীজ উৎপাদনত ৭৭.৬৮ শতাংশতকৈ অধিক অৰিহণা যোগায়, যি নিৰ্দিষ্ট শস্যত আঞ্চলিক আধিপত্য প্ৰতিফলিত কৰে, যেনে- সৰিয়হৰ ক্ষেত্ৰত ৰাজস্থান আৰু ছয়াবিনৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ।

আমদানি নিৰ্ভৰশীলতা আৰু কম উৎপাদনশীলতাৰ যুটীয়া প্ৰত্যাহ্বানসমূহ ব্যাপক, দ্বৈত পদ্ধতিৰে মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় খোৱা তেল অভিযান (NMEO) চলোৱা হৈছিল :

  1. NMEO - তৈল পাম (২০২১) : তৈল পাম খেতি সম্প্ৰসাৰণ আৰু ঘৰুৱা অপৰিশোধিত পাম তেলৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
  2. NMEO – তৈল বীজ (২০২৪) : ইয়াৰ উদ্দেশ্য হল পৰম্পৰাগত তৈল বীজ শস্যৰ বাবে উৎপাদনশীলতা, বীজৰ মানদণ্ড, প্ৰক্ৰিয়াকৰণ আৰু বজাৰ সংযোগ উন্নত কৰা।

ৰাষ্ট্ৰীয় খোৱা তেল অভিযান- তৈল পাম

তৈল পাম উৎপাদনৰ পাতনি

 

প্ৰতি হেক্টৰত পাম তেল উৎপাদনৰ সম্ভাৱনা সৰ্বাধিক। ইয়াৰ পৰা দুটা ভিন্ন তৈল পাম আৰু পাম কাৰ্নেল অইল উৎপন্ন হয়, যিবোৰ ৰান্ধন আৰু ঔদ্যোগিক কামত ব্যৱহাৰ কৰা হয়। তাৰ তুলনাত পৰম্পৰাগত তৈল বীজৰ পৰা উত্পাদিত খোৱা তেলতকৈ পাম তেলৰ উৎপাদন পাঁচগুণ অধিক। মুঠ উৎপাদনৰ ৯৮ শতাংশৰে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা হৈছে পাম তেল উৎপাদনকাৰী প্ৰধান ৰাজ্য। কৰ্ণাটক, কেৰালা, তামিলনাডু, ওড়িশা, ছত্তীশগড়, গুজৰাট, গোৱা আৰু মিজোৰাম আদিতো তৈল পাম  খেতিৰ অধীনত বৃহৎ অঞ্চল আছে। শেহতীয়াকৈ অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা, মণিপুৰ আৰু নাগালেণ্ডতো বৃহৎ পৰিসৰত তৈল পামৰ খেতি আৰম্ভ হৈছে।

NMEO – তৈল পাম

খোৱা তেলৰ ক্ৰমবৰ্ধমান ঘৰুৱা চাহিদা আৰু আমদানিৰ বাবে দেশৰ ৰাজকোষৰ ব্যয়লৈ লক্ষ্য ৰাখি ২০২১ চনত ৰাষ্ট্ৰীয় খোৱা তেল– তৈল পাম (NMEO-OP) ক কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি হিচাপে অনুমোদন জনোৱা হয়, যাৰ উদ্দেশ্য আছিল দেশত খোৱা তৈল বীজৰ উৎপাদন আৰু সুলভতা বৃদ্ধি কৰা আৰু অপৰিশোধিত পাম তেল (CPO)ৰ উৎপাদন বৃদ্ধি কৰা। এই অভিযানৰ মুঠ ব্যয় ১১,০৪০ কোটি টকা, ইয়াৰে ৮,৮৪৪ কোটি টকা কেন্দ্ৰীয় অংশ আৰু ২,১৯৬ কোটি টকা ৰাজ্যিক অংশ।

এই অভিযানৰ লক্ষ্য হৈছে তৈল পামৰ কৃষকসকলৰ বাবে সৰ্বাধিক সুবিধা প্ৰদান কৰা, মূলধনী বিনিয়োগ বৃদ্ধি কৰা, কৰ্মসংস্থাপন সৃষ্টি কৰা, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু কৃষকৰ আয় বৃদ্ধি কৰা। উত্তৰ-পূৰ্বাঞ্চল আৰু অন্যান্য তৈল পাম উৎপাদনকাৰী ৰাজ্যসমূহৰ কৃষি জলবায়ুৰ সম্ভাৱনাক লাভৱান কৰাৰ দিশত বিশেষ গুৰুত্ব দিয়া হৈছে।

 

NMEO-OPৰ অধীনত নিৰ্ধাৰিত লক্ষ্য অনুসৰি গছ-গছনিৰ ঘৰুৱা উপলব্ধতা নিশ্চিত কৰিবলৈ বীজ বাগিচা আৰু তৈল পামৰ নাৰ্চাৰী স্থাপন কৰি উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে। সতেজ ফলৰ গুচ্ছৰ (FFB) উৎপাদনশীলতা উন্নত কৰা, তৈল পামৰ তলত ড্ৰিপ জলসিঞ্চনৰ পৰিসৰ বৃদ্ধি কৰা, কম উৎপাদনশীল শস্যৰ পৰা তৈল পামৰ খেতিলৈ অঞ্চলটোৰ বৈচিত্ৰ্য আৰু ৪ বছৰীয়া উত্পাদন কালত আন্তঃশস্যৰ খেতি কৰা আদি কৌশলে কৃষকসকলক অৰ্থনৈতিকভাৱে লাভৱান কৰে।

 

এই অভিযানৰ দুখন মূল কেন্দ্ৰীয় ক্ষেত্ৰ হ'ল :

 

 

তৈল পামৰ খেতিয়কসকলে FFB উৎপাদন কৰে, যাৰ পৰা উদ্যোগত তেল উলিয়ায়। এই FFBৰ মূল্য আন্তঃৰাষ্ট্ৰীয় অপৰিশোধিত পাম তেলৰ (CPO) মূল্যৰ তাৰতম্যৰ সৈতে জড়িত। প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে FFBৰ বাবে তৈল পামৰ খেতিয়কক মূল্যৰ নিশ্চয়তা প্ৰদান কৰিছে। ইয়াক ব্যৱহাৰযোগ্য মূল্য (VP) বোলা হয়। ইয়াৰ ফলত কৃষকসকলক আন্তঃৰাষ্ট্ৰীয় CPO মূল্যৰ তাৰতম্যৰ পৰা ৰক্ষা কৰা হয়।

 

 

এই অভিযানৰ দ্বিতীয়টো ডাঙৰ উদ্দেশ্য হৈছে ইনপুট/হস্তক্ষেপৰ বাবে সমৰ্থন যথেষ্ট বৃদ্ধি কৰা। তৈল পামৰ বাবে ৰোপণ সামগ্ৰীৰ ক্ষেত্ৰত প্ৰতি হেক্টৰত ১২,০০০ টকাৰ পৰা ২৯,০০০ টকালৈ বৃদ্ধি কৰি যথেষ্ট সহায় আগবঢ়োৱা হৈছে। ৰক্ষণাবেক্ষণ আৰু আন্তঃশস্যৰ হস্তক্ষেপৰ বাবেও সমৰ্থন যথেষ্ট বৃদ্ধি কৰা হৈছে। পুৰণি ফলৰ বাগিচা পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰতিজোপা গছত ২৫০ টকাৰ বিশেষ সাহায্য আগবঢ়োৱা হৈছে।

 

এই অভিযানৰ লক্ষ্য

  • এই অভিযানৰ লক্ষ্য হল ২০২৫-২৬ চনৰ ভিতৰত ৬.৫ লাখ হেক্টৰ কৃষিভূমি তৈল পামৰ খেতিৰ অধীনলৈ অনা।
  • ২০২৫-২৬ চনৰ ভিতৰত অপৰিশোধিত পাম অইলৰ (CPO) উৎপাদন ১১.২০ লাখ টন আৰু ২০২৯-৩০ চনৰ ভিতৰত ২৮ লাখ টন কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
  • ২০২৫-২৬ চনৰ ভিতৰত প্ৰতিজন লোকৰ বাবে বছৰি ১৯.০০ কিলোগ্ৰাম ব্যৱহাৰৰ মাত্ৰা অটুট ৰাখিবলৈ গ্ৰাহকৰ সজাগতা বৃদ্ধি কৰা।

২০২৫ চনৰ নৱেম্বৰ মাহলৈকে NMEO-OPৰ অধীনত ২.৫০ লাখ হেক্টৰ ভূমি সামৰি লোৱা হৈছে, যাৰ ফলত দেশত মুঠ তৈল পামৰ পৰিসৰ ৬.২০ লাখ হেক্টৰ হৈছে। ২০১৪-১৫ চনত CPOৰ উৎপাদন ১.৯১ লাখ টনৰ পৰা ২০২৪-২৫ চনত ৩.৮০ লাখ টনলৈ বৃদ্ধি পাইছে।

 

এই অভিযানৰ ৰূপায়ণ

NMEO-OP কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্তৃপক্ষক জড়িত কৰি এটা গাঁথনিগত, বহুস্তৰীয় প্ৰতিষ্ঠানিক পৰিকাঠামোৰ জৰিয়তে ৰূপায়ণ কৰা হয়:

কৃষি আৰু কৃষক কল্যাণ বিভাগে (DA&FW) কেন্দ্ৰীয় কৰ্তৃপক্ষ হিচাপে কাম কৰাৰ লগতে ৰাজ্যিক কৃষি/উদ্যান শস্য বিভাগে  ICAR প্ৰতিষ্ঠান আৰু প্ৰচেছৰৰ সৈতে ঘনিষ্ঠ সমন্বয়ত দায়িত্ব পালন কৰে।

ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰিবলৈ কেন্দ্ৰ, ৰাজ্য আৰু নিৰ্দিষ্ট বেংকৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ অধীনত এছক্ৰ’ একাউণ্ট ব্যৱস্থাৰ জৰিয়তে পুঁজিৰ প্ৰবাহ পৰিচালনা কৰা হয়। NMEO-OPৰ ব্যয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সাধাৰণ ৰাজ্যৰ বাবে ৬০:৪০, উত্তৰ-পূবৰ ৰাজ্যৰ বাবে ৯০:১০ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাৰ বাবে ১০০ শতাংশ অনুপাতত ভাগ কৰা হৈছে।

 

ৰাষ্ট্ৰীয় খোৱা তেল অভিযান–  তৈল বীজ

ভাৰতত তৈল বীজ উৎপাদনৰ পাতনি

বিশ্বৰ তৈল বীজ উৎপাদনত ভাৰতে প্ৰায় ৫-৬ শতাংশ অৰিহণা যোগায়। ২০২৩-২৪ বিত্তীয় বৰ্ষত তৈল খাদ্য, তৈল বীজ আৰু কম ব্যৱহৃত তেলৰ ৰপ্তানি প্ৰায় ৫৪.৪ নিযুত টন আছিল, যাৰ মূল্য আছিল ২৯,৫৮৭ কোটি টকা। ২০২৫ চনৰ মে’ মাহৰ ভিতৰত ভাৰতৰ তৈল বীজৰ উৎপাদন ৪২.৬০৯ নিযুত টন (MT)ৰ নতুন শিখৰত উপনীত হয়।

ভাৰতৰ ৯টা প্ৰধান তৈল বীজ শস্যই বাৰ্ষিক মুঠ শস্যৰ ক্ষেত্ৰত ১৪.৩ শতাংশ, খাদ্যপ্ৰাণৰ ক্ষেত্ৰত ১২-১৩ শতাংশ আৰু কৃষি ৰপ্তানিৰ ক্ষেত্ৰত প্ৰায় ৮ শতাংশ অৰিহণা যোগায়। এড়ি, ছেফ্লাৱাৰ, তিল, নাইজাৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে প্ৰথম, বাদানৰ ক্ষেত্ৰত দ্বিতীয়, ৰেপচিড-সৰিয়হৰ ক্ষেত্ৰত তৃতীয়, লিনচিডত চতুৰ্থ আৰু ছয়াবিনৰ ক্ষেত্ৰত পঞ্চম স্থান লাভ কৰিছে। ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰ আদিয়ে দেশৰ মুঠ তৈল বীজ উৎপাদনত ৭৭ শতাংশতকৈ অধিক অৰিহণা যোগায়।

 

NMEO – OS

খোৱা তেল উৎপাদনত স্বাৱলম্বীতা লাভ কৰিবলৈ ২০২৪ চনত ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈকে সাত বছৰৰ বাবে ৰাষ্ট্ৰীয় খোৱা তেল অভিযান– তৈল বীজ (NMEO-OS)ত অনুমোদন জনোৱা হৈছিল, যাৰ বাবে ১০,১০৩ কোটি টকা আৰ্থিক ব্যয় হৈছিল। NMEO –তৈল বীজে ৰেপচিড-সৰিয়হ, বাদাম, ছয়াবিন, সূৰ্য্যমুখী, তিল, ছেফ্লাৱাৰ, নাইজাৰ, লিনচিড আৰু এড়িৰ দৰে প্ৰধান প্ৰাথমিক তৈল বীজৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে কপাহ, নাৰিকল, ৰাইচ ব্ৰেণ্ড আৰু গছৰ পৰা উৎপন্ন তৈল বীজ (TBO)ৰ দৰে গৌণ উৎসৰ পৰা সংগ্ৰহ আৰু নিষ্কাশনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে।

এই অভিযানে বিশেষভাৱে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে তেওঁলোকে বিভিন্ন পদক্ষেপৰ জৰিয়তে তেওঁলোকৰ তৈল বীজ শস্যৰ উৎপাদন উন্নত কৰিব পাৰে। তৈল বীজৰ খেতিৰ জাত আৰু উন্নত প্ৰযুক্তি যেনে- ICAR/CGIARৰ দ্বাৰা ফ্ৰণ্টলাইন ডেম’ষ্ট্ৰেচন (FLD), KVKৰ দ্বাৰা ক্লাষ্টাৰ ফ্ৰন্টলাইন ডেম’ষ্ট্ৰেচন (CFLD) আৰু ৰাজ্যিক কৃষি বিভাগৰ দ্বাৰা ব্লক-লেভেল ডেম’ষ্ট্ৰেচনে (BLD)  কৃষকসকলৰ মাজত শেহতীয়া অধিক উৎপাদনৰ বিষয়ে সজাগতা সৃষ্টি কৰে।

A poster of oil and spicesAI-generated content may be incorrect.

 

এই অভিযানৰ উদ্দেশ্য

এই অভিযানৰ লক্ষ্য হৈছে :

  1. উদ্ভাৱনৰ সদ্ব্যৱহাৰ : ইতিমধ্যে উপলব্ধ আৰু আগতীয়াকৈ পৰিপক্ক হোৱা উদ্ভাৱন আৰু প্ৰযুক্তিগত অগ্ৰগতিসমূহ ব্যৱহাৰ কৰি উৎপাদনৰ ব্যৱধান দূৰ কৰা।
  2. প্ৰসাৰণ ত্বৰান্বিত কৰা : সমবায়, FPO আৰু ব্যক্তিগত খণ্ডক জড়িত কৰি শস্য-নিৰ্দিষ্ট থূপত উন্নত বীজৰ জাত আৰু প্ৰযুক্তিৰ দ্ৰুত প্ৰসাৰ সাধন।
  3. লক্ষ্য সম্প্ৰসাৰণ : বিশেষকৈ পূবৰ ৰাজ্যসমূহত পথাৰত তৈল বীজৰ খেতিৰ সম্প্ৰসাৰণক উৎসাহিত কৰা আৰু প্ৰদৰ্শনৰ জৰিয়তে আন্তঃশস্য খেতিৰ প্ৰসাৰ কৰা।
  4. উন্নত বীজৰ উপলব্ধতা বৃদ্ধি : বীজ উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ অভাৱ দূৰ কৰা, যাতে গুণগত বীজৰ উপলব্ধতা আৰু সুলভতা নিশ্চিত কৰিব পৰা যায়।
  5. বজাৰৰ সুবিধা বৃদ্ধি কৰা : তৈল বীজৰ কৃষক আৰু মূল্য শৃংখলৰ অংশীদাৰসকলক প্ৰচেছৰৰ সৈতে সংযোগ কৰি তেওঁলোকৰ বজাৰত প্ৰৱেশ উন্নত কৰা আৰু অধিক লাভ নিশ্চিত কৰা।
  6. গৌণ তৈল বীজ নিষ্কাশন আৰু সংগ্ৰহত সহায় কৰা : লক্ষ্য নিৰ্ধাৰণ কৰা হস্তক্ষেপবোৰৰ জৰিয়তে গৌণ তৈল বীজ আৰু গছভিত্তিক তেলৰ উৎপাদনক প্ৰসাৰ কৰা।

 

এই অভিযানৰ লক্ষ্য

  • এই অভিযানৰ লক্ষ্য হৈছে ২০৩০-৩১ চন ২৯ নিযুত হেক্টৰ (২০২২-২৩)ৰ পৰা ৩৩ নিযুত হেক্টৰলৈ এলেকা সম্প্ৰসাৰণ, প্ৰাথমিক তৈল বীজৰ উৎপাদন ৩৯ নিযুত টন (২০২২-২৩)ৰ পৰা ৬৯.৭ নিযুত টনলৈ বৃদ্ধি আৰু ১,৩৫৩ কিলোগ্ৰাম/হেক্টৰ (২০২২-২৩)ৰ পৰা ২,১১২ কিলোগ্ৰাম/হেক্টৰলৈ উৎপাদন বৃদ্ধি।
  • NMEO-OPৰ সৈতে সংগতি ৰাখি এই অভিযানে ২০৩০-৩১ চনৰ ভিতৰত ঘৰুৱা খোৱা তেলৰ উৎপাদন ২৫.৪৫ নিযুত টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে, যি আমাৰ আনুমানিক ঘৰুৱা প্ৰয়োজনীয়তাৰ প্ৰায় ৭২ শতাংশ পূৰণ কৰিব।
  • এই অভিযানে ধান আৰু আলুৰ কৃষিভূমিক লক্ষ্য কৰি, আন্তঃশস্যৰ প্ৰসাৰ আৰু শস্যৰ বৈচিত্ৰ্যক প্ৰসাৰিত কৰি অতিৰিক্ত ৪০ লাখ হেক্টৰলৈ তৈল বীজৰ খেতি সম্প্ৰসাৰণ কৰিব বিচাৰে।

এই অভিযানৰ মূল উপাদানসমূহ

  • NMEO-OSৰ অধীনত সমগ্ৰ দেশতে ৬০০ৰো অধিক মূল্য শৃংখল ক্লাষ্টাৰ চিনাক্ত কৰা হৈছে, যি বছৰি ১০ লাখ হেক্টৰতকৈ অধিক অঞ্চল সামৰি লৈছে। এই ক্লাষ্টাৰসমূহ কৃষক উৎপাদক সংস্থা (FPO) আৰু সমবায়কে ধৰি মূল্য শৃংখল অংশীদাৰ (VCP)ৰ দ্বাৰা পৰিচালিত।
  • এই ক্লাষ্টাৰসমূহৰ কৃষকসকলে বিনামূলীয়াকৈ উচ্চ মানৰ বীজ, উন্নত কৃষি পদ্ধতি (GAP)ৰ প্ৰশিক্ষণ আৰু বতৰ তথা কীট-পতংগ নিয়ন্ত্ৰণৰ পৰামৰ্শদান সেৱা লাভ কৰে।
  • ইয়াৰ উপৰি এই অভিযানে তৈল বীজ সংগ্ৰহ, তেল নিষ্কাশন আৰু আহৰণৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ শস্য চপোৱাৰ পিছৰ আন্তঃগাঁথনি স্থাপনৰ বাবে সহায় আগবঢ়ায়।
  • উন্নত মানৰ বীজৰ সময়মতে উপলব্ধতা নিশ্চিত কৰিবলৈ এই অভিযানে ‘বীজ প্ৰমাণীকৰণ, অনুসৰণযোগ্যতা আৰু সামগ্ৰিক তথ্য (SAATHI) পৰ্টেলৰ জৰিয়তে ৫ বছৰীয়া অনলাইন ৰোলিং বীজ পৰিকল্পনা আৰম্ভ কৰিছে, যি ৰাজ্যসমূহক সমবায়, FPO আৰু চৰকাৰী বা ব্যক্তিগত বীজ নিগমকে ধৰি বীজ উৎপাদনকাৰী সংস্থাসমূহৰ সৈতে আগতীয়া সহযোগিতা স্থাপন কৰাত সহায় কৰে। বীজ উৎপাদনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৰাজহুৱা খণ্ডত ৬৫টা নতুন বীজ কেন্দ্ৰ আৰু ৫০টা বীজ সংৰক্ষণ গোট স্থাপন কৰা হৈছে।
  • ইয়াৰ উপৰি খোৱা তেলৰ বাবে পৰামৰ্শ দিয়া খাদ্য নিৰ্দেশনাৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ বাবে তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) অভিযান আৰম্ভ কৰা হৈছে, যাৰ ফলত সমগ্ৰ দেশতে ইয়াৰ স্বাস্থ্যসন্মত ব্যৱহাৰক উৎসাহিত কৰা হৈছে।

এই অভিযানৰ ৰূপায়ণ

NMEO-OS সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ণ কৰা হৈছে। ইয়াৰে সাধাৰণ ৰাজ্য, দিল্লী আৰু পুডুচেৰীৰ ক্ষেত্ৰত ৬০:৪০, উত্তৰ-পূবৰ আৰু পাহাৰীয়া ৰাজ্যৰ বাবে ৯০:১০ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ বাবে ১০০ শতাংশ অনুপাত পুঁজিৰে ইয়াক ৰূপায়ণ কৰা হ’ব। NMEO-OS তিনিটা স্তৰৰ গাঁথনিৰ জৰিয়তে ৰূপায়ণ কৰা হয়:

নিৰৱচ্ছিন্ন তথ্য সংগ্ৰহৰ সুবিধা আৰু ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আত্মসহায়ক গোটসমূহে (SHG) এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই গোটসমূহ বিশেষকৈ কৃষি সখীসকলক কৃষি মেপাৰ প্লেটফৰ্মত গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ আৰু আপডেট কৰিবলৈ নিয়োগ কৰা হৈছে।

 

 

কৃষি সখী হৈছে এজন সামূহিক কৃষি সেৱা প্ৰদানকাৰী (CASP), যি কৃষিভিত্তিক সেৱা দুৰ্লভ বা ব্যয়বহুল গ্ৰাম্য অঞ্চলত শেষ প্ৰন্তৰলৈ সমৰ্থন নিশ্চিত কৰে। ই বহনক্ষম কৃষিৰ প্ৰতি সজাগতা বৃদ্ধি কৰে আৰু সমূহীয়া সামৰ্থ্য গঢ়ি তোলে, লগতে কৃষকৰ আয় উন্নত কৰিবলৈ কৃষিজাত সামগ্ৰী সংগ্ৰহ আৰু বিপণনত সহায় কৰে।

 

কৃষি আৰু কৃষক কল্যাণ বিভাগে (DA&FW) প্ৰস্তুত কৰা ডিজিটেল প্লেটফৰ্ম কৃষি মেপাৰ ব্যৱহাৰ কৰি এক বিস্তৃত তথ্য অনুসৰণ আৰু নিৰীক্ষণ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। এই ব্যৱস্থাই এই অভিযান সম্পৰ্কীয় সকলো কাৰ্য্যকলাপৰ সঠিক আৰু বাস্তৱ সময়ৰ অনুসৰণ নিশ্চিত কৰে, যাৰ ফলত তৃণমূল পৰ্যায়ত উন্নত সিদ্ধান্ত গ্ৰহণ আৰু আঁচনিখনৰ অধিক ফলপ্ৰসূ ৰূপায়ণৰ সুবিধা হয়।

 

ভাৰতত তৈল বীজৰ গৱেষণা আৰু উন্নয়ন

ভাৰতীয় কৃষি গৱেষণা পৰিষদে (ICAR) দেশৰ বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত পাঁচটা বহুবিষয়ক সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্প (AICRP) ৰূপায়ণ কৰি ৯টা তৈল বীজ শস্যৰ স্থান-নিৰ্দিষ্ট উচ্চ উৎপাদনক্ষম জাতৰ লগতে আনুষংগিক পদ্ধতিৰ সুবিধা প্ৰস্তুত কৰি আছে। ইয়াৰ উপৰি ICAR-এ হাইব্ৰিড বিকাশ আৰু জিন সম্পাদনাৰ ক্ষেত্ৰত দুটা ডাঙৰ গৱেষণা প্ৰকল্প ৰূপায়ণ কৰি উচ্চ উৎপাদনক্ষম, জলবায়ুৰ প্ৰতি স্থিতিস্থাপক জাতৰ তৈল বীজ প্ৰস্তুত কৰি আছে।

ইয়াৰ ফলত যোৱা ১১ বছৰত (২০১৪-২০২৫) দেশত বাৰ্ষিক ৯টা তৈলবীজৰ ৪৩২টা উচ্চ উৎপাদনক্ষম জাত/হাইব্ৰিড বীজ ব্যৱসায়িক খেতিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে, ইয়াৰ ভিতৰত ৰেপচিড-সৰিয়হৰ ১০৪টা, ছয়াবিনৰ বাবে ৯৫টা, বাদামৰ বাবে ৬৯টা, লিনচিডৰ বাবে ৫৩টা, তিলৰ বাবে ৩৪টা, ছেফ্লাৱাৰৰ বাবে ২৫টা, সূৰ্য্যমুখীৰ বাবে ২৪টা, এড়িৰ বাবে ১৫টা আৰু নাইজাৰৰ বাবে ১৩টা জাত চিনাক্ত কৰা হৈছে। নতুনকৈ বিকশিত উচ্চ উৎপাদনক্ষম জাতৰ জিনীয় সম্ভাৱনাক ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ জাত সলনিৰ হাৰ (VRR) আৰু বীজ সলনিৰ হাৰ (SRR) বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হৈছে।

 

 

VRR: কৃষকে কিমান সঘনাই নতুন শস্যৰ জাত গ্ৰহণ কৰে সেয়া জাত সলনিৰ হাৰৰ দ্বাৰা জুখিব আৰু শস্যৰ উৎপাদনশীলতাত জিনীয় লাভ উপলব্ধি কৰাৰ বাবে ই গুৰুত্বপূৰ্ণ।

SRR: বীজ সলনিৰ হাৰ হ’ল কোনো শস্যৰ মুঠ বীজ সিঁচা মাটিৰ শতাংশ, য’ত ফৰ্মত সুৰক্ষিত বীজৰ পৰিৱৰ্তে প্ৰমাণিত বা গুণগত বীজ ব্যৱহাৰ কৰা হয়।

 

২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰায় ১,৫৩,৭০৪ কুইণ্টল বিভিন্ন তৈল বীজৰ প্ৰমাণিত জাতৰ প্ৰজনন বীজ উৎপাদন কৰি ৰাজহুৱা/ব্যক্তিগত বীজ সংস্থাসমূহক কৃষকৰ বাবে প্ৰমাণিত গুণগত বীজলৈ ৰূপান্তৰিত কৰিবলৈ যোগান ধৰা হৈছিল। তৈল বীজ কেন্দ্ৰৰ জৰিয়তে কৃষকসকলৰ বাবে গুণগত মানৰ তৈল বীজৰ উপলব্ধতা বৃদ্ধিৰ কামতো ICAR নিয়োজিত হৈ আছে।

 

তৈল বীজ উৎপাদনত ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ অন্যান্য পদক্ষেপ

দেশখনক তৈল বীজ উৎপাদনত স্বাৱলম্বী কৰি তুলিবলৈ তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছেঃ

  • ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ পঞ্চদশ বিত্ত আয়োগৰ সময়ত প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান (PM-AASHA) অব্যাহত ৰখাত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে মূল্য সমৰ্থন আঁচনি উপাদানৰ অধীনত ৰাজ্যিক পৰ্যায়ৰ সংস্থাসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন লিমিটেড (NAFED) আৰু ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (NCCF) ৰ দৰে কেন্দ্ৰীয় ন’ডেল সংস্থাসমূহে MSPত তৈল বীজ ক্ৰয় কৰিবলৈ সক্ষম কৰি তোলে।
  • প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই (PMFBY) শস্যৰ বীমাৰ ব্যাপকতা প্ৰদান কৰে, যাৰ ফলত কৃষকসকলক বীজ সিঁচাৰ পূৰ্বৰ পৰা চপোৱাৰ পিছলৈকে শস্যৰ ক্ষতিৰ বিপদাশংকাৰ পৰা ৰক্ষা কৰা হয়। ইয়াত নিজ নিজ ৰাজ্য চৰকাৰে বিশেষভাৱে উল্লেখ কৰা খাদ্য শস্য, তৈল বীজ আৰু বাণিজ্যিক উদ্যান শস্যসমূহক সামৰি লোৱা হয়।
  • সস্তীয়া খোৱা তেলৰ আমদানিক নিৰুৎসাহিত কৰিবলৈ চৰকাৰে পাম, সূৰ্য্যমুখী, ছয়াবিনৰ দৰে অপৰিশোধিত খোৱা তেলৰ ওপৰত কাৰ্যকৰী শুল্ক ৫.৫ শতাংশৰ পৰা ১৬.৫ শতাংশলৈ বৃদ্ধি কৰিছে। একেদৰে পৰিশোধিত খোৱা তেলৰ ওপৰত শুল্ক বহু পৰিমাণে বৃদ্ধি কৰি ১৩.৭৫ শতাংশৰ পৰা ৩৫.৭৫ শতাংশ কৰা হৈছে। এই ব্যৱস্থাসমূহৰ লক্ষ্য হৈছে ঘৰুৱা উৎপাদকসকলৰ বাবে এখন সমতাপূৰ্ণ ক্ষেত্ৰ প্ৰদান কৰা আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা।
  • কৃষকসকলৰ বাবে অধিক লাভ নিশ্চিত কৰিবলৈ প্ৰধান তৈল বীজ- ছয়াবিন, সৰিয়হ, বাদম আৰু অন্যান্য তৈল বীজ শস্যৰ নূন্যতম সমৰ্থন মূল্য (MSP) যথেষ্ট বৃদ্ধি কৰা হৈছে।

 

সামৰণি

ৰাষ্ট্ৰীয় খোৱা তেল অভিযানে (NMEO) খোৱা তেল খণ্ডক আমদানি নিৰ্ভৰশীলতাৰ পৰা আত্মনিৰ্ভৰশীলতালৈ ৰূপান্তৰ কৰি আত্মনিৰ্ভৰ ভাৰতৰ কল্পদৃষ্টি বাস্তৱায়িত কৰাৰ ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। পাম তেলৰ সম্প্ৰসাৰণ, পৰম্পৰাগত তৈল বীজৰ উৎপাদন উন্নত কৰা, নিশ্চিত মূল্য নিৰ্ধাৰণ ব্যৱস্থা, উন্নত বীজ প্ৰযুক্তি আৰু সমন্বিত প্ৰতিষ্ঠানিক ৰূপায়ণৰ জৰিয়তে এই অভিযানে এক স্থিতিস্থাপক আৰু প্ৰতিযোগিতামূলক ঘৰুৱা খোৱা তেলৰ মূল্য শৃংখল গঢ়ি তুলিবলৈ বিচাৰে।

আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰি এই অভিযানে কেৱল আমাৰ বৈদেশিক মুদ্ৰা সংৰক্ষণ কৰাই নহয়, বৰং কৃষকসকলক অধিক উপাৰ্জনৰ সুযোগ, গুণগত উৎপাদিত সামগ্ৰীৰ যোগান আৰু বজাৰৰ সংযোগ প্ৰদান কৰি গ্ৰাম্য অৰ্থনীতিকো শক্তিশালী কৰে। তদুপৰি খাদ্য আৰু পুষ্টি সুৰক্ষা লাভ, গ্ৰাম্য উন্নয়নৰ প্ৰসাৰ আৰু বহনক্ষম কৃষি বিকাশৰ ভাৰতৰ দীৰ্ঘম্যাদী লক্ষ্যক সুদৃঢ় কৰে।

সংক্ষেপে NMEO হৈছে ভাৰতৰ কৃষি ৰূপান্তৰৰ মূল আধাৰশিলা, এই অভিযানে উৎপাদনৰ ব্যৱধান দূৰীকৰণ, উদ্ভাৱনৰ পোষকতা আৰু খোৱা তেল উৎপাদনত প্ৰকৃত আত্মনিৰ্ভৰশীলতাৰ দিশত দেশৰ যাত্ৰাক আগুৱাই নিয়াত সহায় কৰে।

 

সমল

Department of Agriculture and Farmers Welfare, Oilseeds Division

Ministry of Agriculture and Farmers Welfare

https://nmeo.dac.gov.in/Default.aspx

https://dfpd.gov.in/edible-oil-scenario/en

https://agriwelfare.gov.in/Documents/AR_Eng_2024_25.pdf

https://nfsm.gov.in/Guidelines/NMEO-OPGUIEDELINES.pdf

https://nmeo.dac.gov.in/nmeodoc/NMEO-OSGUIEDELINES1.pdf

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=2090654

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1746942

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2149708

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2061646

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2149701

https://sansad.in/getFile/annex/267/AU3864_DVk2Lb.pdf?source=pqars

https://agriwelfare.gov.in/Documents/Time_Series_3rdAE_2024_25_En.pdf

https://www.gcirc.org/fileadmin/documents/Bulletins/B26/B26%205RKGupta.pdf

https://sansad.in/getFile/loksabhaquestions/annex/183/AS212_LDDIUr.pdf?source=pqals

https://desagri.gov.in/wp-content/uploads/2025/11/Agricultural-Statistics-at-a-Glance-2024_%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A4%BF-%E0%A4%B8%E0%A4%BE%E0%A4%82%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%BF%E0%A4%95%E0%A5%80-%E0%A4%8F%E0%A4%95-%E0%A4%9D%E0%A4%B2%E0%A4%95-2024.pdf

Niti Aayog

https://www.niti.gov.in/sites/default/files/2024-08/Pathways_and_Strategy_for_Accelerating_Growth_in_Edible_Oil_towards_Goal_of_Atmanirbharta_August%2028_Final_compressed.pdf   

ICMR

https://www.nin.res.in/downloads/DietaryGuidelinesforNINwebsite.pdf

To access Krishi mapper and SATHI portal

https://krishimapper.dac.gov.in/

https://seedtrace.gov.in/ms014/

***

DPS/KD 

(Backgrounder ID: 156392) आगंतुक पटल : 7
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Kannada
Link mygov.in
National Portal Of India
STQC Certificate