• Skip to Content
  • Sitemap
  • Advance Search
Social Welfare

বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা

Posted On: 02 DEC 2025 11:49AM

মুখ্য তথ্য

বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ৰ দৰে প্ৰগতিশীল আইন প্ৰণয়নৰ জৰিয়তে দেশত বিশেষ সক্ষমতাৰ পৰিকাঠামোৰ বিকাশ হৈছে, যি সকলো ক্ষেত্ৰতে সমতা, মৰ্যাদা আৰু সুলভতাত গুৰুত্ব আৰোপ কৰে।

সুগম্য ভাৰত এপ, ISL ডিজিটেল ৰিপ’জিটৰী (৩,১৮৯ ই-কন্টেন্ট ভিডিঅ’), আৰু ISL প্ৰশিক্ষণৰ বাবে চেনেল-৩১ৰ দৰে পদক্ষেপৰ জৰিয়তে চৰকাৰে প্ৰযুক্তিৰ সহায় লৈ বাধামুক্ত ডিজিটেল তথা শিক্ষণ ব্যৱস্থা গঢ়ি তুলিছে।

দিব্য কলা মেলাৰ দৰে ধ্বজাবাহী অনুষ্ঠানে "ভ'কেল ফৰ লোকেল"ৰ মনোভাব প্ৰদৰ্শন কৰাৰ লগতে সমগ্ৰ দেশৰ বিশেষভাৱে সক্ষম শিপিনী আৰু উদ্যোগীসকলক বজাৰৰ সুবিধা প্ৰদান কৰিছে।

 

সৰ্বাংগীণ আৰু সুলভ ৰাষ্ট্ৰৰ বাবে ভাৰতৰ দৃষ্টিভংগী

ভাৰতত, য’ত বৈচিত্ৰ্যই জাতীয় পৰিচয়ৰ মূল শিলাস্তম্ভ হিচাপে পৰিচিত, তাত বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰৰ বাবে কাৰ্যকলাপ বৃদ্ধি পাইছে। প্ৰকৃত সৰ্বাংগীণ আৰু সকলোৰে বাবে আত্মনিৰ্ভৰশীলতাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ দ্বাৰা ই পৰিচালিত হৈছে।

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত ২.৬৮ কোটি বিশেষভাৱে সক্ষম ব্যক্তি আছে, যি মুঠ জনসংখ্যাৰ ২.২১ শতাংশক প্ৰতিনিধিত্ব কৰে। ইয়াৰে প্ৰায় ১.৫০ কোটি পুৰুষ আৰু ১.১৮ কোটি মহিলা। Rights of Persons with Disabilities Act, 2016 অনুসৰি "দিব্যাংগ ব্যক্তি" হ'ল দীৰ্ঘদিনীয়া শাৰীৰিক, মানসিক, বৌদ্ধিক বা সংবেদনশীভাৱে বিশেষ ভাৱে সক্ষম ব্যক্তি। এই বিশেষ সক্ষমতাই তেওঁলোকক সমাজত সম্পূৰ্ণ আৰু ফলপ্ৰসূ অংশগ্ৰহণ তথা আনৰ সৈতে মত বিনিময় কৰাত বাধাৰ সৃষ্টি কৰে।

দূৰদৰ্শী নীতি আৰু গতিশীল কাৰ্যসূচীৰ জৰিয়তে চৰকাৰে নিশ্চিত কৰে যে কোনো ব্যক্তিয়েই যাতে তেওঁলোকৰ বিশেষ সক্ষমতাৰ বাবে বঞ্চিত নহয় আৰু সক্ৰিয় সামাজিক অংশগ্ৰহণৰ সুযোগ তথা পথ সকলোৰে বাবে উপলব্ধ হয়।

বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰৰ বাবে ভাৰতৰ আইনী আৰু নীতিগত পৰিকাঠামো

ভাৰতৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰৰ বাবে আইনী আৰু নীতিগত পৰিকাঠামো গতিশীল আৰু ইয়াত এনে এক পৰিৱেশ গঢ় দিছে য’ত প্ৰৱেশ, শিক্ষা আৰু সৱলীকৰণ কেৱল নিয়মেই নহয়, বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবেও এয়া সহজে উপলব্ধ।

 

Persons with Disabilities Act, 2016

Persons with Disabilities Act of 1995 ৰ সলনি এই আইনখন ২০১৬ চনত প্ৰণয়ন কৰা হয় আৰু ২০১৭ চনৰ ১৯ ​​এপ্ৰিলৰ পৰা ই কাৰ্যকৰী হয়। এই আইনখনে বিশেষভাৱে সক্ষম ২১টা শ্ৰেণীক স্বীকৃতি দিয়ে, শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সংৰক্ষণৰ নিৰ্দেশ দিয়ে আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ প্ৰৱেশ, বৈষম্যহীনতা আৰু সম্পূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে চৰকাৰসমূহৰ ওপৰত আইনী দায়িত্ব আৰোপ কৰে। ইয়াৰ উপৰি ই কেন্দ্ৰীয় প্ৰমাণীকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰে আৰু সৰ্বাংগীণ শিক্ষা, নিয়োগ আৰু সম্প্ৰদায়ৰ জীৱন-যাপনৰ অধিকাৰ সবল কৰে।

 

National Trust for the Welfare of Persons with Autism, Cerebral Palsy, Mental Retardation and Multiple Disabilities Act, 1999

এই আইনখনে অটিজম, মস্তিষ্কৰ পক্ষাঘাত, মানসিক বিকলাংগতা আৰু একাধিক বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কল্যাণৰ বাবে উৎসৰ্গিত এটা ৰাষ্ট্ৰীয় সংস্থা স্থাপন কৰাৰ লগতে আনুষংগিক বিষয় আৰু প্ৰাসংগিক বিধানসমূহো প্ৰণয়ন কৰে।

 

Rehabilitation Council of India (RCI) Act, 1992

Rehabilitation Council of India (RCI) Act, 1992 প্ৰথমে ১৯৮৬ চনত এখন পঞ্জীয়নকৃত ছোচাইটী হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু পিছলৈ ১৯৯৩ চনত সংসদৰ এখন আইনৰ অধীনত ইয়াক এটা বিধিগত সংস্থালৈ ৰূপান্তৰ কৰা হৈছিল। ২০০০ চনত সংশোধন কৰা  ১৯৯২ চনৰ RCI আইনখনে পুনৰ্বাসন পেছাদাৰীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ, পাঠ্যক্ৰমৰ মান্যতাৰ লগতে পুনৰ্বাসন আৰু বিশেষ শিক্ষাৰ ক্ষেত্ৰত যোগ্য ব্যক্তিক কেন্দ্ৰীয় পুনৰ্বাসন পঞ্জীয়নৰ ক্ষমতা প্ৰদান কৰিছিল।

 

Rights of Persons with Disabilities Act 2016 (SIPDA) ৰূপায়ণৰ আঁচনি

Rights of Persons with Disabilities Act, 2016 ৰূপায়ণৰ আঁচনি (SIPDA) হৈছে বিশেষভাৱে সক্ষম ব্যক্তিৰ সবলীকৰণ বিভাগ (DEPwD)ৰ এক বিস্তৃত কাৰ্যসূচী। ই কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এনে প্ৰকল্পৰ জৰিয়তে RPwD আইন কাৰ্যকৰী কৰিবলৈ আৰ্থিক আৰু কাৰিকৰী সহায় প্ৰদান কৰে যি বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে সুলভতা, অন্তৰ্ভুক্তি, সজাগতা আৰু দক্ষতা বিকাশৰ প্ৰসাৰ ঘটায়।

গুৰুত্বপূৰ্ণ চৰকাৰী পদক্ষেপ আৰু আঁচনিসমূহ

বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে সুলভতা আৰু অন্তৰ্ভুক্তি নিশ্চিত কৰাৰ বাবে চৰকাৰে কেইবাটাও পদক্ষেপ আৰু একাধিক আঁচনি গ্ৰহণ কৰিছে :

সুগম্য ভাৰত অভিযান

২০১৫ চনৰ ৩ ডিচেম্বৰত আৰম্ভ হোৱা সুগম্য ভাৰত অভিযান হল এখন সৰ্বাংগীণ আৰু সুলভ ৰাষ্ট্ৰ গঢ়াৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। "সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস"ৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত এই অভিযানে বিশেষভাৱে সক্ষম ব্যক্তিসকলে সন্মুখীন হোৱা দীৰ্ঘদিনীয়া বাধাসমূহৰ সমাধান কৰে। সকলোৰে সমান প্ৰৱেশ আৰু অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ই তিনিটা মূল ক্ষেত্ৰত সাৰ্বজনীন প্ৰৱেশ লাভ কৰাত গুৰুত্ব আৰোপ কৰে- আন্তঃগাঁথনি নিৰ্মাণ, পৰিবহণ ব্যৱস্থা আৰু তথ্য-যোগাযোগ প্ৰযুক্তি (ICT)

 

 

ৰাষ্ট্ৰসংঘৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ চনদ (UNCRPD)ৰ স্বাক্ষৰকাৰী হিচাপে ভাৰতে এখন সুলভ আৰু সৰ্বাংগীণ সমাজ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

ডিজিটেলভাৱে সৰ্বাংগীণ ভাৰত গঢ়ি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিশেষভাৱে সক্ষম ব্যক্তিৰ সবলীকৰণ বিভাগে (DEPwD) আন্তঃৰাষ্ট্ৰীয় বেঙুনীয়া মহোৎসৱ-২০২৫ত পুনৰ্নিৰ্মাণ কৰা সুগম্য ভাৰত এপ মুকলি কৰে।

ব্যৱহাৰকাৰী-প্ৰথম আৰু প্ৰৱেশ-প্ৰথম পদ্ধতিৰে আৰ্হি প্ৰস্তুত কৰা এই উন্নত এপটোৱে ভাৰতৰ ডিজিটেল প্ৰৱেশযোগ্য কেন্দ্ৰ হিচাপে কাম কৰে, যি বিশেষভাৱে সক্ষম ব্যক্তিসকলক তথ্য, চৰকাৰী আঁচনি আৰু অত্যাৱশ্যকীয় সেৱাসমূহৰ সহজ তথ্য প্ৰদান কৰে।

ইয়াত এটা এক্সেচিবিলিটী মেপিং টুল আছে, যি ব্যৱহাৰকাৰীসকলক ৰাজহুৱা স্থানসমূহ বিচাৰি উলিয়াবলৈ আৰু ৰেটিং কৰিবলৈ সক্ষম কৰে, সম্প্ৰদায়-চালিত প্ৰৱেশযোগ্য তথ্যক উৎসাহিত কৰে।

এই এপটোৱে লগতে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে প্ৰৱৰ্তিত আঁচনি, বৃত্তি, নিয়োগৰ সুযোগ আৰু শৈক্ষিক সম্পদৰ এক বিস্তৃত ডাইৰেক্টৰীও প্ৰদান কৰে।

অভিযোগ নিৰাময় মডিউলৰ সৈতে সজ্জিত এই এপটোৱে ব্যৱহাৰকাৰীসকলক প্ৰত্যক্ষভাৱে দুৰ্গম আন্তঃগাঁথনিৰ প্ৰতিবেদন দিবলৈ অনুমতি দিয়ে, যাৰ ফলত স্বচ্ছতা আৰু দায়বদ্ধতাক প্ৰসাৰিত কৰা হয়। ই সহায়ক প্ৰযুক্তিৰ সৈতে কাম কৰিব পাৰে, একাধিক ভাৰতীয় ভাষাত কাম কৰাৰ লগতে এণ্ড্ৰইড আৰু iOS দুয়োটা প্লেটফৰ্মতে উপলব্ধ।

 

বিশেষভাৱে সক্ষম ব্যক্তিসকলক সহায়ক/সামগ্ৰী ক্ৰয়/ ফিটিঙ অৱ এইড্চ (এডিআইপি) (ADIP)

১৯৮১ চনত আৰম্ভ হোৱা ADIP আঁচনিখনৰ লক্ষ্য হৈছে বিশেষভাৱে সক্ষম ব্যক্তিসকলক (PwD) স্থায়ী, বৈজ্ঞানিকভাৱে আৰ্হি প্ৰস্তুত কৰা, আৰু আধুনিক সাহায্য তথা সঁজুলি আহৰণ কৰাত সহায় কৰা। ই তেওঁলোকৰ শাৰীৰিক, সামাজিক আৰু অৰ্থনৈতিক পুনৰ্বাসনত যথেষ্ট অৰিহণা যোগায়।

এই সাহায্য সঁজুলিসমূহ বিশেষভাৱে সক্ষম ব্যক্তিসকলক অধিক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰিবলৈ, তেওঁলোকৰ বিশেষ সক্ষমতাৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু অধিক জটিলতা ৰোধ কৰিবলৈ প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত প্ৰদান কৰা সকলো সাহায্য আৰু সঁজুলিৰ গুণগত মান আৰু সুৰক্ষাৰ বাবে সঠিকভাৱে প্ৰমাণিত হ’ব লাগিব। আঁচনিখনত সহায়কসমূহ ফিট কৰাৰ পূৰ্বে প্ৰয়োজন হ’লে সংশোধনীমূলক প্ৰয়োগৰ ব্যৱস্থাও কৰা হৈছে।

আশাৰ ধ্বনিকৃতিকাৰ শ্ৰৱণ যাত্ৰা

নাগপুৰৰ বাসিন্দা তিনি বছৰীয়া কৃতিকাৰ শ্ৰৱণ ক্ষমতা ক্ষিপ্ৰ গতিত হেৰুওৱা বুলি ধৰা পৰে, যাৰ বাবে তেওঁৰ শুনা বা কথা কোৱাত অসুবিধা হয়। ২০২৪ চনৰ ৬ ফেব্ৰুৱাৰীত তেওঁৰ কক্লিয়াৰ ইমপ্লাণ্ট অস্ত্ৰোপচাৰ কৰা হয়। বিশেষভাৱে সক্ষম ব্যক্তিৰ সবলীকৰণ বিভাগ (DEPwD)ৰ সহায়ত ADIP (এচিষ্টেন্স টু পাৰ্চনছ উইথ ডিচেবিলিটিজ) আঁচনিৰ অধীনত এই কক্লিয়াৰ ইমপ্লাণ্ট অস্ত্ৰোপচাৰ কৰা হয়।

অস্ত্ৰোপচাৰৰ পিছত কৃতিকাই ADIP কক্লিয়াৰ ইমপ্লাণ্ট প্ৰগ্ৰেমৰ অধীনত এম্পেনেল কৰা কেন্দ্ৰ নাগপুৰৰ ডিজিটেল ডায়েগনষ্টিক ক্লিনিকত নিয়মীয়া থেৰাপী ছেছনত অংশগ্ৰহণ কৰে। এতিয়া ইমপ্লাণ্টৰ ১১ মাহৰ পাছত তেওঁৰ যথেষ্ট উন্নতি হৈছে— তেওঁ শব্দ বুজিব পাৰে, পৰিচিত শব্দ স্পষ্টকৈ ক’ব পাৰে আৰু মৌখিক আদেশ মানি চলিব পাৰে।

এতিয়া নাগপুৰৰ মাৰাঠী মাধ্যমৰ চৰকাৰী বিদ্যালয় এখনত অংগনবাড়ী কেন্দ্ৰত তেওঁ নামভৰ্তি কৰিছে। কন্যাৰ অবিৰত উন্নতি আৰু শব্দৰ জৰিয়তে পৃথিৱীখন অনুভৱ কৰাৰ নতুনকৈ পোৱা ক্ষমতাক লৈ তেওঁ পিতৃ-মাতৃ অতি আনন্দ আৰু কৃতজ্ঞ।

 

Deendayal Divyangjan Rehabilitation Scheme (DDRS)

ভাৰত চৰকাৰৰ এই কেন্দ্ৰীয় খণ্ডৰ আঁচনিখনে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ শিক্ষা, প্ৰশিক্ষণ আৰু পুনৰ্বাসনৰ কামত নিয়োজিত স্বেচ্ছাসেৱী সংস্থাসমূহক আৰ্থিক সাহায্য প্ৰদান কৰে।

১৯৯৯ চনত প্ৰাৰম্ভিকভাৱে আৰম্ভ হোৱা এই আঁচনিখনৰ ২০০৩ চনত সংশোধন আৰু  নাম সলনি কৰা হয়। এই আঁচনিখনৰ লক্ষ্য হৈছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সম সুযোগ, সমতা, সামাজিক ন্যায় আৰু সৱলীকৰণ নিশ্চিত কৰা এক সক্ষম পৰিৱেশ সৃষ্টি কৰা। ইয়াৰ উপৰি ই Persons with Disabilities Act, 2016 ৰ ফলপ্ৰসূ ৰূপায়ণ শক্তিশালী কৰাৰ বাবে স্বেচ্ছামূলক অংশগ্ৰহণক প্ৰসাৰিত কৰে।

National Divyangjan Finance and Development Corporation (NDFDC)

National Divyangjan Finance and Development Corporation (NDFD) DEPwDৰ অধীনৰ ৰাজহুৱা খণ্ডৰ এটা সংস্থা। ১৯৯৭ চনত মুনাফাবিহীন কোম্পানী হিচাপে প্ৰতিষ্ঠা হোৱা NDFDCয়ে বিশেষভাৱে সক্ষম লোকসকলৰ (PwD) অৰ্থনৈতিক সবলীকৰণৰ প্ৰচাৰৰ বাবে কাম কৰে।

ই ৰাজ্যিক চেনেলাইজিং এজেন্সী (SCA) আৰু ৰাজহুৱা খণ্ড তথা আঞ্চলিক গ্ৰাম্য বেংকৰ দৰে অংশীদাৰ বেংকৰ জৰিয়তে স্বনিয়োজন আৰু আয় সৃষ্টিকাৰী কাৰ্য্যকলাপৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে।

NDFDC-এ দুখন মূল ঋণ আঁচনি পৰিচালনা কৰে :

দিব্যাংগজন স্বাৱলম্বন যোজনা (DSY) : বিশেষভাৱে সক্ষম ব্যক্তিক ব্যক্তিগতভাৱে ৰেহাইমূলক ঋণ প্ৰদান কৰে।

বিশেষ মাইক্ৰফাইনেন্স যোজনা (VMY) : দেশৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কল্যাণ আৰু পুনৰ্বাসনৰ বাবে আত্মসহায়ক গোট আৰু যৌথ দায়বদ্ধতা গোটসমূহক সহায় কৰে।

ভাৰতীয় কৃত্ৰিম অংগ উৎপাদন নিগম (ALIMCO)

ভাৰতীয় কৃত্ৰিম অংগ উৎপাদন নিগম (ALIMCO) হৈছে কোম্পানী আইন ২০১৩ৰ ধাৰা ৮ (মুনাফাবিহীন উদ্দেশ্য)ৰ অধীনত পঞ্জীয়ন কৰা (কোম্পানী আইন, ১৯৫৬ৰ ধাৰা ২৫ৰ সৈতে মিল থকা) এটা অনুসূচী ‘গ’ মিনিৰত্ন শ্ৰেণী-IIৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ। ই সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বিশেষভাৱে সক্ষম ব্যক্তিৰ সবলীকৰণ বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণত কাম কৰে। ই ১০০% ভাৰত চৰকাৰৰ মালিকানাধীন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ, যাৰ উদ্দেশ্য হৈছে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে পুনৰ্বাসন অহিলা নিৰ্মাণ কৰি আৰু কৃত্ৰিম অংগ তথা অন্যান্য সহায়ক সঁজুলিৰ সুলভতা, ব্যৱহাৰ, যোগান আৰু বিতৰণৰ প্ৰসাৰ ঘটাই বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সুবিধা সৰ্বাধিক কৰা। নিগমৰ কোনো লাভৰ উদ্দেশ্য নাই। ইয়াৰ প্ৰধান লক্ষ্য হৈছে যিমান পাৰি সিমান বিশেষভাৱে সক্ষম ব্যক্তিক সুলভ মূল্যত উচ্চমানৰ সহায়ক সঁজুলি প্ৰদান কৰা।

সমগ্ৰ দেশতে বিশেষভাৱে সক্ষম ব্যক্তিসকলক সহায় আৰু সহায়ক সঁজুলি প্ৰদান কৰি ADIP আঁচনিৰ সুবিধাসমূহৰ সম্প্ৰসাৰণৰ প্ৰচেষ্টাত সৰ্বভাৰতীয় পৰ্যায়ত ALIMCOৱে ভাৰত চৰকাৰৰ DEPwDৰ অধীনত কাম কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (NI) আৰু উপগ্ৰহ/আঞ্চলিক কেন্দ্ৰসমূহত প্ৰধানমন্ত্ৰী দিব্যাশা কেন্দ্ৰ (PMDK) স্থাপন কৰিবলৈ আৰম্ভ কৰিছে।

সমগ্ৰ দেশৰ সকলো ধৰণৰ বিশেষভাৱে সক্ষম লোকক সেৱা আগবঢ়াবলৈ একেখন চালিৰ তলত বিভিন্ন ধৰণৰ সহায়ক সঁজুলি উৎপাদন কৰা একমাত্ৰ উৎপাদন কোম্পানী হৈছে ALIMCO।

 

বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে একক আই ডি (UDID)

 

বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে একক আই ডি প্ৰকল্প ৰূপায়ণ কৰি বিশেষভাৱে সক্ষম ব্যক্তিৰ (PwD) ৰাষ্ট্ৰীয় তথ্যকোষ সৃষ্টি কৰি প্ৰতিজন ব্যক্তিক একক বিশেষ সক্ষমতা পৰিচয় পত্ৰ (Unique ID for Persons with Disabilities - UDID) প্ৰদান কৰা হৈছে। এই পদক্ষেপে সকলো খণ্ডতে স্বচ্ছতা, দক্ষতা আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক চৰকাৰী সুবিধা প্ৰদান কৰাত সহজতা নিশ্চিত কৰে। ইয়াৰ উপৰি বিভিন্ন প্ৰশাসনিক পৰ্যায়ত হিতাধিকাৰীৰ শাৰীৰিক আৰু আৰ্থিক অগ্ৰগতি অনুসৰণ কৰাত সহায় কৰে।

UDID প্ৰকল্পৰ লক্ষ্য হৈছে ইউনিভাৰ্চেল আই ডি আৰু বিশেষ সক্ষমতা প্ৰমাণপত্ৰ প্ৰদানৰ বাবে আৰম্ভণিৰ পৰা শেষলৈ এক বিস্তৃত ব্যৱস্থা গঢ় দিয়া। এই ব্যৱস্থাত আছে :

  • এটা কেন্দ্ৰীভূত ৱেব এপ্লিকেচনৰ জৰিয়তে দেশব্যাপী PwD তথ্যৰ সুলভতা
  • বিশেষ সক্ষমতা প্ৰমাণপত্ৰ/ UDID কাৰ্ডৰ বাবে অনলাইনযোগে আবেদন দাখিল কৰা (অফলাইন জমা দিয়াৰ অনুমতিও দিয়া হৈছে, যিবোৰ পৰৱৰ্তী সময়ত ডিজিটেলাইজ কৰা হয়)
  • বিশেষ সক্ষমতাৰ শতাংশ গণনাৰ বাবে চিকিৎসালয় বা চিকিৎসা ব’ৰ্ডৰ দ্বাৰা দক্ষ মূল্যায়ন প্ৰক্ৰিয়া
  • ভুৱা PwD তথ্য নিৰ্মূল কৰা
  • PwDৰ দ্বাৰা বা তেওঁলোকৰ হৈ অনলাইন নবীকৰণ আৰু তথ্য আপডেট কৰা
  • ব্যৱস্থাপনা তথ্য ব্যৱস্থা (MIS) প্ৰতিবেদন পৰিকাঠামো
  • PwDৰ বাবে বিভিন্ন চৰকাৰী সুবিধা/আঁচনিৰ সংহত ব্যৱস্থাপনা
  • অতিৰিক্ত বিশেষ সক্ষমতাৰ বাবে ভৱিষ্যতৰ সমৰ্থন (বৰ্তমান ২১টা বিশেষ সক্ষমতা, আপডেটৰ অধীনত)

ই-টিকটিং ফটো আইডেন্টিটি কাৰ্ড (EPICS) নামেৰেও জনাজাত দিব্যাংগজন কাৰ্ড হৈছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ৰেলৰ পৰিচয়-পত্ৰ (দিব্যাংগজন), যাৰ সহায়ত তেওঁলোকে ৰেলযাত্ৰাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব পাৰে। আবেদনকাৰীয়ে ভাৰতীয় ৰে’লৰ দিব্যাংগজন পৰ্টেল বা কেন্দ্ৰীয় চৰকাৰৰ সেৱা পৰ্টেলৰ জৰিয়তে এই কাৰ্ডৰ বাবে আবেদন বা নৱীকৰণ কৰিব পাৰিব। এই কাৰ্ডখন বৈধ বিশেষ সক্ষমতা/ৰেহাই প্ৰমাণপত্ৰৰ ভিত্তিত প্ৰদান কৰা হয় (কিছুমান শ্ৰেণীৰ বাবে UDID গ্ৰহণ কৰা হয়)।

 

PM-DAKSH-DEPwD ৰ্টেল

PM-DAKSH-DEPwD হৈছে বিশেষভাৱে সক্ষম ব্যক্তিৰ সবলীকৰণ বিভাগে (DEPWD) বিকশিত কৰা এটা ডিজিটেল প্লেটফৰ্ম। ইয়াৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় দক্ষতা আৰু নিয়োগ পৰিকাঠামোৰ অধীনত বিশেষভাৱে সক্ষম ব্যক্তি, প্ৰশিক্ষণ প্ৰতিষ্ঠান, নিয়োগকৰ্তা আৰু জব এগ্ৰিগেটৰসকলক সংযোগ কৰা ৱান-ষ্টপ হাব হিচাপে কাম কৰা।

এই পৰ্টেলত দুটা মূল মডিউল আছে :

  • দিব্যাংগজন কৌশল বিকাশ : ই বিশেষভাৱে সক্ষম ব্যক্তিৰ দক্ষতা বিকাশৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য্য পৰিকল্পনা (NAP-SDP) ৰূপায়ণ কৰে আৰু একক বিশেষ সক্ষমতা চিনাক্তকৰণ (UDID)ভিত্তিক পঞ্জীয়ন, ২৫০ টাতকৈও অধিক দক্ষতা পাঠ্যক্ৰম, অনলাইন শিক্ষণ সম্পদ আৰু প্ৰশিক্ষণ অংশীদাৰ, অধ্যয়ন সামগ্ৰী আৰু প্ৰশিক্ষকৰ সবিশেষ প্ৰদান কৰে।
  • দিব্যাংগজন ৰোজগাৰ সেতু : ই বিশেষভাৱে সক্ষম ব্যক্তি আৰু নিয়োগকৰ্তাক সংযোগ কৰা এখন নিবেদিত মঞ্চ, যি ব্যক্তিগত খণ্ডৰ সবিশেষৰ লগতে জিঅ’-টেগ কৰা চাকৰিৰ খালী পদ (বিভিন্ন বিশেষ সক্ষমতাৰ ভিতৰত ৩,০০০ৰো অধিক) প্ৰদান কৰে। আমাজন, ইউথ৪জবছ আৰু গড্ৰেজ প্ৰপাৰ্টিজৰ দৰে কোম্পানীৰে বুজাবুজিৰ চুক্তিয়ে নিয়োগৰ সুযোগ বৃদ্ধি কৰে।

ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু বিস্তৃত আঞ্চলিক কেন্দ্ৰ (CRC)

দেশৰ ৯ খন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান— নেশ্যনেল ইনষ্টিটিউট ফৰ এম্পাৱাৰমেণ্ট অব পাৰ্চনছ উইথ ভিজুৱেল ডিচেবিলিটিজ (NIEPVD), ডেৰাডুন; আলী য়াভাৰ জং নেচনেল ইনষ্টিটিউট ফৰ স্পিচ এণ্ড হিয়াৰিং ডিচেবিলিটিজ (AYJNISHD); নেচনেল ইনষ্টিটিউট ফৰ এম্পাৱাৰমেণ্ট অব পাৰ্চনছ উইথ ইণ্টেলেকচুৱেল ডিচেবিলিটিজ (NIEPID), ছেকেন্দ্ৰাবাদ; নেচনেল ইনষ্টিটিউট ফৰ এম্পাৱাৰমেণ্ট অব পাৰ্চনছ উইথ মাল্টিপল ডিচেবিলিটিজ (NIEPMD), চেন্নাই; পণ্ডিত দীনদয়াল উপাধ্যায় নেচনেল ইনষ্টিটিউট ফৰ পাৰ্চনছ উইথ ফিজিকেল ডিচেবিলিটিজ (PDUNIPPD), দিল্লী; স্বামী বিবেকানন্দ নেচনেল ইনষ্টিটিউট ফৰ ৰিহেবিলিটেচন ট্ৰেইনিং এণ্ড ৰিচাৰ্চ (SVNIRTAR), কটক; নেচনেল ইনষ্টিটিউট ফৰ ল’ক’ম’টাৰ ডিচেবিলিটিজ (NILD), কলকাতা; ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ (ISLRTC); নেচনেল ইনষ্টিটিউট অব মেন্টেল হেল্থ এণ্ড ৰিহেবিলিটেচন (NIMHR), চিহোৰ; আৰু অটল বিহাৰী বাজপেয়ী স্প’ৰ্টছ ট্ৰেইনিং চেণ্টাৰ ফৰ পাৰ্ছনছ উইথ ডিচেবিলিটিজ, গোৱালিয়ৰে শ্ৰৱণ আৰু বাকশক্তিহীন লোককে ধৰি বিভিন্ন বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰিছে।

ইয়াৰ উপৰি বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৩০টা বিস্তৃত আঞ্চলিক কেন্দ্ৰ (CRC) অনুমোদিত হৈছে, যি বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে পুনৰ্বাসন সেৱা প্ৰদান, পেছাদাৰীসকলক প্ৰশিক্ষণ দিয়া আৰু তেওঁলোকৰ প্ৰয়োজন তথা অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ কাম কৰে।

 

দিব্য কলা মেলা: সৱলীকৰণৰ এখন মঞ্চ

২০২৫ চনত বিশেষভাৱে সক্ষম ব্যক্তিৰ সবলীকৰণ বিভাগ (DEPwD) আৰু ৰাষ্ট্ৰীয় বিশেষ সক্ষমতা বিত্ত আৰু উন্নয়ন নিগমে (NDFDC) সমগ্ৰ ভাৰততে দিব্য কলা মেলাৰ কেইবাটাও সংস্কৰণৰ আয়োজন কৰিছিল, য’ত উদ্যোগীকৰণ, সৃষ্টিশীলতা আৰু দিব্যাংগজনৰ মাজত অন্তৰ্ভুক্তি উদযাপন কৰা হৈছিল। "ভোকেল ফৰ লোকেল" পদক্ষেপৰ সৈতে সংগতি ৰাখি এই মেলাখনে বিশেষভাৱে সক্ষম লোকসকলৰ অৰ্থনৈতিক সবলীকৰণ, দক্ষতা প্ৰদৰ্শন আৰু সাংস্কৃতিক উদযাপনৰ বাবে এখন মঞ্চ প্ৰদান কৰে।

 

২০২৫ চনৰ ২৩ৰ পৰা ৩১ আগষ্টলৈ বিহাৰৰ পাটনাত অনুষ্ঠিত ২৬সংখ্যক দিব্য কলা মেলাত প্ৰায় ২০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰি প্ৰায় ১০০ জন দিব্যাংগ কাৰুশিল্পী আৰু উদ্যোগীয়ে অংশগ্ৰহণ কৰে। ৭৫টা ষ্টলত সমগ্ৰ ভাৰতৰ হস্তশিল্প, হস্ততাঁত, এম্ব্ৰয়ডাৰী, পেকেজড ফুড, পৰিৱেশ-অনুকূল সামগ্ৰী, খেলনা, ষ্টেচনাৰী আৰু আনুষংগিক সামগ্ৰী প্ৰদৰ্শন কৰা হয়।

এই অনুষ্ঠানত সহায়ক সঁজুলিৰ বাবে এক নিৰ্দিষ্ট স্থান, চাকৰি মেলা, সাংস্কৃতিক পৰিবেশন আৰু সকলো উপস্থিত ব্যক্তিৰ বাবে অন্তৰ্ভুক্তি নিশ্চিত কৰিবলৈ প্ৰৱেশ-অনুকূল আন্তঃগাঁথনিও অন্তৰ্ভুক্ত কৰা হৈছিল।

২০২৫ চনৰ আৰম্ভণিতে ক্ৰমে বদোদৰা আৰু জম্মুত অনুষ্ঠিত দিব্য কলা মেলাৰ ২৩ আৰু ২৪সংখ্যক সংস্কৰণত সহায়ক প্ৰযুক্তি প্ৰদৰ্শন, সাংস্কৃতিক পৰিবেশন, দক্ষতা সংযোগ, চাকৰিৰ সুযোগ আদিৰ লগতে শিল্প, উদ্যোগ আৰু সৱলীকৰণৰ জৰিয়তে অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

 

পাৰ্পল ফেষ্ট ২০২৫ভাৰতৰ সৰ্বাংগীণ উৎসৱ

 

পাৰ্পল ফেষ্ট হৈছে দেশৰ ভিতৰতে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে সৰ্বাংগীণ, সুলভতা আৰু সৱলীকৰণৰ উদযাপন। এই উৎসৱত সমগ্ৰ ভাৰতৰ পৰা বিশেষভাৱে সক্ষম ব্যক্তি, উদ্ভাৱক, শিক্ষাবিদ আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰি অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰা উত্তম পদ্ধতি, সহায়ক প্ৰযুক্তি আৰু সাংস্কৃতিক প্ৰদৰ্শন কৰা হয়।

গোৱাত অনুষ্ঠিত এইবাৰৰ পাৰ্পল ফেষ্টত চৰকাৰে সুলভতা গভীৰ কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ ডিজিটেল আৰু শৈক্ষিক পদক্ষেপসমূহ উন্মোচন কৰে :

পুনৰ সংস্কাৰ কৰা সুগম্য ভাৰত এপ: এয়া এক উন্নত সৰল উপযোগী প্লেটফৰ্ম, য'ত স্ক্ৰীণ-ৰিডাৰ সমৰ্থন, ভয়েচ নেভিগেচন, এটা বহুভাষিক আন্তঃপৃষ্ঠ আৰু প্ৰত্যক্ষ অভিযোগ নিৰাময়ৰ বৈশিষ্ট্য আছে।

শিক্ষণত সৰলতাতিনিটা মূল আৰম্ভণি :

PwDৰ বাবে IELTS প্ৰশিক্ষণ হাতপুথি বিলিভ ইন দ্য ইনভিজিবল (BITI সমৰ্থন)ৰ দ্বাৰা সৃষ্টি কৰা হৈছে, যি ব্যৱহাৰযোগ্য সমল আৰু ISL ভিডিঅ' লিংক প্ৰদান কৰে।

পূৰ্বৰ শিক্ষণৰ স্বীকৃতি (RPL) – ISL ব্যাখ্যাৰ বাবে প্ৰমাণপত্ৰ (CISLI) / SODA(বধিৰ প্ৰাপ্তবয়স্কৰ সহোদৰ) আৰু CODA(বধিৰ প্ৰাপ্তবয়স্কৰ সন্তান)ৰ বাবে দক্ষতাৰ পাঠ্যক্ৰম–  ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ১৭ জন প্ৰাৰ্থীয়ে মূল্যায়নৰ বাবে উপস্থিত হৈছিল, তেওঁলোকে সকলোৱে পাঠ্যক্ৰমটো সফলতাৰে সম্পূৰ্ণ কৰিছিল।

ASLৰ পেছাদাৰীসকলক ASL আৰু BSLৰ মৌলিক বিষয়সমূহৰ সৈতে পৰিচয় কৰাই দিয়া, ব্যাকৰণ, বাক্য গঠন আৰু শব্দভাণ্ডাৰৰ জ্ঞান প্ৰদান কৰা, আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় দোভাষীসকলৰ বাবে পেছাদাৰী সুযোগ শক্তিশালী কৰাৰ বাবে ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰত আমেৰিকান সাংকেতিক ভাষা (ASL) আৰু ব্ৰিটিছ সাংকেতিক ভাষা (BSL)ৰ ওপৰত এক বিশেষ মৌলিক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

 

ভাৰতীয় সাংকেতিক ভাষাৰ প্ৰসাৰ (ISL)

DEPwDৰ অধীনত ২০১৫ চনত স্থাপিত ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ (ISLRTC)য়ে সমগ্ৰ ভাৰতত ISLৰ প্ৰচাৰৰ বাবে কেন্দ্ৰীয় প্ৰতিষ্ঠান হিচাপে কাম কৰে। ২০২৪ চনৰ ডিচেম্বৰ মাহত চৰকাৰে DTHPM e-vidya চেনেল ৩১ আৰম্ভ কৰে, যিটো কেৱল শ্ৰৱণ শক্তিহীন ছাত্ৰ-ছাত্ৰী, বিশেষ শিক্ষাবিদ আৰু দোভাষীৰ বাবে ISL প্ৰশিক্ষণৰ বাবে উৎসৰ্গিত।

২০২৫ চনৰ সাংকেতিক ভাষা দিৱসত ISLRTCয়ে বিশ্বৰ সৰ্ববৃহৎ ISL ডিজিটেল ভঁৰাল উন্মোচন কৰে, য’ত ৩,১৮৯টা ই-কন্টেন্ট ভিডিঅ’ আছে— এতিয়া শিক্ষক, শিক্ষাৰ্থী আৰু বধিৰ সম্প্ৰদায়ৰ বাবে এয়া সুলভ।

 

ভাৰতীয় সাংকেতিক ভাষা অভিধানখন এতিয়া ১০,০০০ৰো অধিক শব্দ অন্তৰ্ভুক্ত কৰিবলৈ সম্প্ৰসাৰিত হৈছে, আনহাতে ডিজিটেল ভঁৰালটোত ইতিহাস, ভূগোল, অৰ্থনীতি, আৰু সমাজবিজ্ঞান আদি বিষয়ৰ শৈক্ষিক ভিডিঅ’, আঙুলিৰ বানান সমল আৰু ২,২০০ৰো অধিক শব্দভাণ্ডাৰৰ ভিডিঅ’ৰ এক সমৃদ্ধ সংকলন। ভাৰতীয় সাংকেতিক ভাষাও এক শৈক্ষিক শাখা হিচাপে বিকশিত হৈছে, যিটো পাঠদান আৰু শিক্ষণৰ বিকাশৰ বাবে আৰ্হি প্ৰস্তুত কৰা ১০০০ৰো অধিক নিৰ্দেশনামূলক ভিডিঅ’ৰ দ্বাৰা সমৰ্থিত।

এই প্ৰচেষ্টাসমূহৰ পৰিপূৰক হিচাপে প্ৰশস্ত (PRASHAST) এপে বিদ্যালয়সমূহত বিশেষ সক্ষমতাসমূহৰ আগতীয়া চিনাক্তকৰণ আৰু পৰীক্ষাৰ সুবিধা প্ৰদান কৰে, সময়মতে হস্তক্ষেপ আৰু ব্যক্তিগতকৃত শিক্ষণ সমৰ্থন নিশ্চিত কৰে। আজিলৈকে এই এপৰ জৰিয়তে ৯২ লাখৰো অধিক প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষা কৰা হৈছে।

২০২০ চনত ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ (ISLRTC)ই ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (NCERT)ৰ সৈতে বুজাবুজিৰ চুক্তি (MoU)ত স্বাক্ষৰ কৰি ১-১২ শ্ৰেণীৰ পাঠ্যপুথি আৰু অন্যান্য শিক্ষণ সামগ্ৰীসমূহ ISLলৈ অনুবাদ কৰে। ২০২৬ চনৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

 

সামৰণি

ভাৰতত বিশেষ সক্ষমতা বিষয়ৰ বিৱৰ্তনে বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আৰু সম্ভাৱনাৰ ক্ৰমবৰ্ধমান স্বীকৃতি প্ৰতিফলিত কৰে। নিবেদিত বিভাগ আৰু পদক্ষেপসমূহ স্থাপন কৰাটোৱে সমাজৰ ভিতৰত অন্তৰ্ভুক্তি, সৃষ্টিশীলতা আৰু স্থিতিস্থাপকতা গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰে। প্ৰতিভা প্ৰদৰ্শনৰ বাবে মঞ্চ প্ৰদান কৰি আৰু অৰ্থনৈতিক সুযোগৰ সুবিধা প্ৰদান কৰি এই প্ৰচেষ্টাসমূহে মানুহক সবল কৰাই নহয়, প্ৰতিজন ব্যক্তিয়ে মৰ্যাদাৰে লাভৱান হব পৰাকৈ অধিক অন্তৰ্ভুক্ত সমাজ গঢ়ি তোলাতো অৰিহণা যোগায়।

 

সমল

***

DPS/KD

(Explainer ID: 156333) आगंतुक पटल : 32
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Kannada
Link mygov.in
National Portal Of India
STQC Certificate