• Sitemap
  • Advance Search
Farmer's Welfare

সমৃদ্ধিৰ সূচনা : “ফাৰ্মৰ পৰা বিশ্বজোৰা খ্যাতিলৈ ভাৰতৰ কফিৰ কাহিনী”

Posted On: 29 NOV 2025 10:14AM

মুখ্য তথ্য

কফি উৎপাদনৰ ক্ষেত্ৰত ভাৰতে ৩.৫% অৰিহণাৰে বিশ্বৰ ভিতৰত ৭ম স্থানত আছে আৰু বৰ্তমান বাৰ্ষিক উৎপাদন ৩.৬ লাখ টন যাৰ ৭০% ১২৮খন দেশলৈ ৰপ্তানি কৰা হয়।

কৰ্ণাটক, কেৰালা আৰু তামিলনাডুৱে দেশৰ ৯৬% কফি উৎপাদন কৰে; ইয়াৰে কেৱল কৰ্ণাটকেই আনুমানিক ২,৮০,২৭৫ মেট্ৰিক টন (২০২৫–২৬) উৎপাদনেৰে শীৰ্ষত আছে।

২০২৪–২৫ বিত্তীয় বৰ্ষত কফিৰ ৰপ্তানিয়ে ১.৮ বিলিয়ন মাৰ্কিন ডলাৰেৰে অভিলেখ সৃষ্টি কৰে, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৪০% বৃদ্ধি; কফি উৎপাদনকাৰী দেশৰ ভিতৰত ভাৰত পঞ্চম বৃহত্তম ৰপ্তানিকাৰক দেশ।

ভাৰত-ব্ৰিটেইন CETA আৰু ইণ্ডিয়া-EFTA TEPA বাণিজ্য চুক্তিৰ জৰিয়তে ব্ৰিটেইন, চুইজাৰলেণ্ড, নৰৱে আৰু আইচলেণ্ডত শুল্কমুক্ত বজাৰ প্ৰৱেশ নিশ্চিত কৰা হৈছে।

কফিৰ GST ১৮%ৰ পৰা ৫%লৈ হ্ৰাস পোৱাৰ ফলত ১১–১২% মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, যি ঘৰুৱা বজাৰত চাহিদা বৃদ্ধি আৰু বজাৰ সম্প্ৰসাৰণত সহায় কৰিব।

 

পাতনি

কিংবদন্তি অনুসৰি ভাৰতত কফিৰ যাত্ৰা আৰম্ভ হৈছিল প্ৰায় ১৬০০ খ্ৰীষ্টাব্দত, যেতিয়া চুফী সন্ন্যাসী বাবা বুডানে য়েমেনৰ মোচা বন্দৰৰ পৰা সাতটা কফিৰ বীজ আনি কৰ্ণাটকৰ চিক্কামাংগালুৰুৰ বাবা বুডান গিৰি পাহাৰত ৰোপণ কৰিছিল। প্ৰথমতে যদিও উদ্যান শস্য হিচাপে ইযাৰ খেতি কৰা হৈছিল, তথাপি ক্ৰমান্বয়ে কফিৰ সম্প্ৰসাৰণ ঘটি ১৮শ শতিকাত ই ব্যৱসায়িক বাগিচাত পৰিণত হয়।

তেতিয়াৰ পৰাই ভাৰতীয় কফি বিশ্বৰ কফি মানচিত্ৰত নিজস্ব পৰিচয়ৰ সৈতে এক সমৃদ্ধিশালী উদ্যোগলৈ বিকশিত হৈছে। ভাৰতত কফিৰ খেতি চিৰসেউজ আৰু মাহজাতীয় গছৰ এক অনন্য দ্বিস্তৰীয় ছাঁ ব্যৱস্থাৰ অধীনত কৰা হয়, যি মাটিৰ উৰ্বৰতা আৰু জৈৱ বৈচিত্ৰতা বৃদ্ধি কৰে। প্ৰায় ৫০ টা গছৰ প্ৰজাতিৰ উপস্থিতিয়ে ইয়াক আৰু অধিক সমৃদ্ধ কৰে। সমগ্ৰ পশ্চিম আৰু পূব ঘাট তথা উত্তৰ-পূব অঞ্চলত ৪.৯১ লাখ হেক্টৰ এলেকাত কফিৰ খেতি কৰা হয়, যাৰ ফলত ই পৰিৱেশগতভাৱে বহনক্ষম আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ বাগিচাৰ শস্য হিচাপে বিবেচিত হৈছে।

দেশৰ ২ নিযুততকৈ অধিক লোকৰ জীৱিকা কফিৰ খেতি, প্ৰক্ৰিয়াকৰণ আৰু বাণিজ্যৰ সৈতে জড়িত। মূলতঃ মুঠ অংশীদাৰিত্বৰ ৯৯% ক্ষুদ্ৰ কৃষকৰ ওপৰত নিৰ্ভৰশীল আৰু ইয়াৰ উৎপাদন দেশৰ মুঠ উৎপাদনৰ ৭০ শতাংশ, ই হ’ল ভাৰতৰ গ্ৰাম্য অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ।

কফি বাগিচাবোৰে মচলা বাগিচা হিচাপেও বিশেষ ভূমিকা পালন কৰে, য’ত কফিৰ লগতে জলকীয়া, ইলাচি, ভেনিলা, কমলা, কল আদি উৎপাদন কৰা হয়। বিশ্বৰ ২৫টা জৈৱ বৈচিত্ৰ্যৰ অন্যতম হটস্পট পশ্চিম ঘাট আৰু পূব ঘাট শীতল পাহাৰীয়া এৰাবিকা আৰু ৰবাষ্টা উষ্ণ, আৰ্দ্ৰ অঞ্চলৰূপে আদৰ্শ পৰিৱেশ প্ৰদান কৰে।

ভাৰতৰ ৰবাষ্টাই বিশ্বৰ বজাৰত সৰ্বোচ্চ প্ৰিমিয়াম লাভ কৰে, আনহাতে এৰাবিকা ইয়াৰ উচ্চ মানদণ্ড আৰু একক সোৱাদৰ বাবে পৰিচিত। ভাৰতীয় কফি ব’ৰ্ডৰ তথ্য অনুসৰি ভাৰত এতিয়া বিশ্বৰ ভিতৰতে সপ্তম সৰ্বাধিক কফি উৎপাদনকাৰী দেশ, বিশ্বৰ মুঠ কফি উৎপাদনৰ প্ৰায় ৩.৫% অৰিহণা যোগাইছে। ভাৰতে বছৰি প্ৰায় ৩.৬ লাখ টন কফি উৎপাদন কৰে, ইয়াৰে ৭০% ১২৮খন দেশলৈ ৰপ্তানি কৰা হয়, যি ভাৰতীয় কফিৰ গোলকীয় চাহিদা অবিৰতভাৱে বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰে।

 

ভাৰতৰ কফি খণ্ডৰ আভাস

ভাৰতৰ কফি উদ্যোগ মূলতঃ কৰ্ণাটক, কেৰালা আৰু তামিলনাডুত কেন্দ্ৰীভূত হৈ আছে, এই তিনিখন ৰাজ্যই একেলগে দেশৰ মুঠ উৎপাদনৰ প্ৰায় ৯৬% অৰিহণা যোগায়। ২০২৫–২৬ চনৰ পোষ্ট ব্লজোমৰ প্ৰাককলন অনুসৰি ২,৮০,২৭৫ মেট্ৰিক টন উৎপাদনেৰে কৰ্ণাটক শীৰ্ষত আছে; তাৰ পিছতে আছে কেৰালা আৰু তামিলনাডু।

A graph of coffee productionAI-generated content may be incorrect.

 

ভাৰতৰ কফি খেতিৰ পৰিৱেশ ১৩টা সুকীয়া কৃষি জলবায়ু মণ্ডলত বিভক্ত, ইয়াৰ কফিৰ বাবে প্ৰত্যেকৰে বিশ্ব বজাৰত এক অনন্য পৰিচয় আৰু স্বীকৃতি আছে। এই মণ্ডলসমূহক তিনিটা বিস্তৃত গোটত ভাগ কৰা হৈছে: ক) কৰ্ণাটক, কেৰালা আৰু তামিলনাডুক সামৰি পৰম্পৰাগত অঞ্চল; খ) অগতানুগতিক অঞ্চল অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা; আৰু গ) অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চল। অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু উত্তৰ-পূবৰ ৰাজ্যৰ জনজাতীয় বেল্টত কফিয়ে এক গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক ভূমিকা পালন কৰে, যি গ্ৰাম্য উন্নয়ন আৰু পৰিৱেশগত ভাৰসাম্যক প্ৰসাৰিত কৰাৰ লগতে বহনক্ষম জীৱিকা প্ৰদান কৰে। স্বীকৃতিপ্ৰাপ্ত কফি উৎপাদনকাৰী অঞ্চলসমূহৰ ভিতৰত আছে- অনামলাই (তামিলনাডু), আৰাকু উপত্যকা (অন্ধ্ৰপ্ৰদেশ), বাবাবুডাংগিৰি (কৰ্ণাটক), চিক্কামাংগালুৰু (কৰ্ণাটক), কুৰ্গ (কৰ্ণাটক), নীলগিৰি (তামিলনাডু), শ্বেভেৰয়ছ (তামিলনাডু), ট্ৰাভাংকোৰ (কেৰালা) আৰু ৱায়ানাড (কেৰালা)।

 

ভাৰতৰ কফিৰ আঞ্চলিক স্বীকৃতি

ভাৰতৰ পাঁচটা আঞ্চলিক আৰু দুটা বিশেষ কফিৰ বাবে ভৌগোলিক সূচক (GI) টেগ আছে, যিটো স্বীকৃতিয়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত তেওঁলোকৰ প্ৰিমিয়াম মূল্য বৃদ্ধি কৰে। দেশখনৰ বিভিন্ন উচ্চতা, বৰষুণৰ আৰ্হি আৰু মাটিৰ অৱস্থাই ভাৰতীয় কফিক সংজ্ঞায়িত কৰা সমৃদ্ধ বৈচিত্ৰ্য আৰু ব্যতিক্ৰমী মানদণ্ডত অৰিহণা যোগায়। ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰচাৰ বিভাগে (DPIIT) পাঁচটা ভাৰতীয় আঞ্চলিক কফিৰ প্ৰকাৰক ভৌগোলিক সূচক (GI) টেগ প্ৰদান কৰিছেঃ কুৰ্গ এৰাবিকা কফি, ৱায়ানাড ৰবাষ্টা কফি, চিক্কামাংগালুৰু এৰাবিকা কফি, আৰাকু ভেলি এৰাবিকা কফি আৰু বাবাবুডাংগিৰিছ এৰাবিকা কফি। ইয়াৰ উপৰি, ভাৰতৰ এক অনন্য বিশেষ কফি, মনচুনড মালাবাৰ ৰবাষ্টা কফিয়েও GI প্ৰমাণপত্ৰ লাভ কৰিছে।

 

বিশেষ কফিবোৰে উৎকৃষ্ট মানৰ বীনক প্ৰতিনিধিত্ব কৰে, যিবোৰ ইয়াৰ ব্যতিক্ৰমী সোৱাদ, সুগন্ধ আৰু আকাৰৰ দ্বাৰা পৃথক। এই কফিবোৰ সাৱধানে খেতি কৰা, নিৰ্বাচিত অংশ ছিঙা আৰু নিখুঁত প্ৰক্ৰিয়াকৰণৰ জৰিয়তে উৎপাদন কৰা হয়, যাৰ ফলত বিশ্বজুৰি বিবেচক গ্ৰাহকসকলৰ বাবে বিশেষ সোৱাদৰ সৃষ্টি কৰে। ইয়াৰ স্বকীয়তা আৰু কাৰুকাৰ্যৰ বাবে বিশেষ কফিবোৰে প্ৰিমিয়াম মূল্য লাভ কৰে আৰু ভাৰতৰ কফি খণ্ডৰ ক্ৰমান্বয়ে গতিশীল খণ্ড গঠন কৰে। ভাৰতীয় বাগিচা স্থাপন কৰা লোকসকলে বিশ্বজোৰা প্ৰশংসিত বিশেষ কফি প্ৰস্তুত কৰাৰ কলা আয়ত্ত কৰিছে, যাৰ ভিতৰত আছেঃ

মৌচুমী মালাবাৰ এ. এ.- ইয়াৰ মসৃণ, মধুৰ সোৱাদ আৰু কম অম্লতাৰ বাবে জনাজাত, ভাৰতৰ পশ্চিম উপকূলত এক অনন্য বৰ্ষাকালীন প্ৰক্ৰিয়াৰ জৰিয়তে ইয়াৰ বিকাশ হয়।

মহীশূৰ নাগেটছ এক্সট্ৰা বোল্ড- ডাঙৰ বীন, সমৃদ্ধ সুগন্ধ আৰু সম্পূৰ্ণ সোৱাদৰ সৈতে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ এৰাবিকা কফি।

ৰবাষ্টা কফি ৰয়েল- ই এক উৎকৃষ্ট ৰবাষ্টা প্ৰকাৰ, যি ইয়াৰ গাঢ় সোৱাদ, উৎকৃষ্ট ক্ৰিমা আৰু এছপ্ৰেছ মিশ্ৰণৰ আদৰ্শস্বৰূপ।

এই স্বীকৃতিয়ে ভাৰতীয় কফি উৎপাদকসকলক অঞ্চল-নিৰ্দিষ্ট কফিৰ অনন্য বৈশিষ্ট্য সংৰক্ষণ কৰিবলৈ, ভাৰতীয় কফিৰ গোলকীয় প্ৰফাইল উন্নত কৰিবলৈ আৰু তেওঁলোকৰ প্ৰিমিয়াম প্ৰকাৰৰ বাবে উন্নত মূল্য সুৰক্ষিত কৰিবলৈ সক্ষমতা প্ৰদান কৰিছে। সামূহিকভাৱে, এই বিশিষ্ট কফিবোৰে ভাৰতৰ ঐতিহ্য, উদ্ভাৱন আৰু উৎকৃষ্টতাৰ সম্প্রীতিক প্ৰতিফলিত কৰে, যিয়ে দেশক বিশ্বজোৰা কফি উদ্যোগত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 

কফি বৰ্ড স্থাপন

১৯৪০ চনত ভাৰতৰ কফি উদ্যোগে এক ভয়াৱহ সংকটৰ সন্মুখীন হৈছিল, যাৰ কাৰণ আছিল দ্বিতীয় বিশ্বযুদ্ধ, মূল্য হ্ৰাস, কীট-পতংগ আৰু ৰোগৰ ব্যাপক সংক্ৰমণ। এই খণ্ডটোক সুৰক্ষিত আৰু পুনৰুজ্জীৱিত কৰিবলৈ ভাৰত চৰকাৰে “১৯৪২ চনৰ সপ্তম কফি আইন” প্ৰণয়ন কৰে, যাৰ ফলত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত ভাৰতীয় কফি ব’ৰ্ড প্ৰতিষ্ঠা হয়। এই ব'ৰ্ডত অধ্যক্ষ, সচিব আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে ৩৩ জন সদস্যৰ উপৰি কফি উৎপাদনকাৰী, ব্যৱসায়ী, কিউৰিং ইউনিট, শ্ৰমিক, গ্ৰাহক, প্ৰধান কফি উৎপাদনকাৰী অঞ্চলৰ ৰাজ্য চৰকাৰ আৰু সাংসদ প্ৰতিনিধি থাকে। কফি ব’ৰ্ডৰ প্ৰধান দায়িত্ব হৈছে গৱেষণা আৰু উন্নয়নৰ জৰিয়তে সমগ্ৰ কফি মূল্য শৃংখলটোক সমৰ্থন আৰু বিকাশ কৰা। কাৰিকৰী আৰু আৰ্থিক সাহায্য, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰচাৰ। ই উৎপাদন, উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰাৰ বাবে কাম কৰে, উচ্চ মূল্য আদায়ৰ বাবে ৰপ্তানি সম্প্ৰসাৰণ কৰে, আৰু সংহত কফি উন্নয়ন প্ৰকল্প (ICDP)ৰ অধীনত শুকান য়াৰ্ড আৰু পালপাৰ ইউনিটৰ দৰে আন্তঃগাঁথনি শক্তিশালী কৰে।

 

কফি বৰ্ডৰ ভূমিকা

কেন্দ্ৰীয় কফি গৱেষণা প্ৰতিষ্ঠান (CCRI) আৰু পাঁচটা আঞ্চলিক গৱেষণা কেন্দ্ৰৰ মুখ্য কাৰ্যালয় থকা কফি ব’ৰ্ডৰ গৱেষণা বিভাগে উচ্চ উৎপাদনক্ষম আৰু ৰোগ প্ৰতিৰোধী জাতৰ বিকাশ, আধুনিক কৃষি প্ৰযুক্তি উন্নত কৰা, আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে উৎসৰ্গিত। প্ৰচাৰ বিভাগে ঘৰুৱা কফি ব্যৱহাৰক উৎসাহিত কৰাৰ লগতে বিশ্বৰ বজাৰত ভাৰতৰ উপস্থিতি সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰপ্তানি সম্প্ৰসাৰণ আঁচনিৰ অধীনত "ইণ্ডিয়া ব্ৰেণ্ড" হিচাপে খুচুৰা পেকেটত ৰপ্তানি কৰা মূল্য সংযোজিত কফিৰ বাবে আৰু ইউৰোপীয় সংঘ, ৰাছিয়া আৰু উপসাগৰীয় সহযোগিতা পৰিষদ (GCC)ৰ দেশসমূহৰ সৈতে শক্তিশালী বাণিজ্যিক সম্পৰ্ক বৰ্তাই ৰাখি আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ কোৰিয়া, ফিনলেণ্ড, নৰৱে আৰু ডেনমাৰ্কৰ দৰে দূৰৱৰ্তী গন্তব্যস্থানলৈ উচ্চ মূল্যৰ সেউজীয়া কফি ৰপ্তানিৰ বাবে পৰিবহন/মালবাহী সাহায্য প্ৰদান কৰা হয়। এই ব’ৰ্ডে মূল আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাবোৰত ভাৰতীয় কফিক সক্ৰিয়ভাৱে প্ৰতিনিধিত্ব কৰে আৰু প্ৰিমিয়াম কফি চিনাক্ত কৰিবলৈ আৰু বিশ্বৰ ক্ৰেতাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ফ্লেভাৰ অব্ ইণ্ডিয়া- দ্য ফাইন কাপ প্ৰতিযোগিতাৰ আয়োজন কৰে। ঘৰুৱাভাৱে, কফি সজাগতা আৰু সংস্কৃতি বৃদ্ধি কৰিবলৈ, বৰ্ডে প্ৰধান প্ৰধান চহৰসমূহত ১২টা ভাৰতীয় কফি হাউচৰ নেটৱৰ্ক পৰিচালনা কৰে আৰু ৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু বাণিজ্য মেলাত অংশগ্ৰহণ কৰে, ই ভাৰতীয় কফিৰ প্ৰচাৰ কৰে আৰু গ্ৰাহকসকলৰ বাবে ইয়াৰ স্বাস্থ্য উপকাৰিতাসমূহৰ ওপৰত আলোকপাত কৰে।

 

কফি ৰপ্তানি

বিশ্বৰ কফি ব্যৱসায়ত ভাৰতে এক উল্লেখযোগ্য খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে, কফি উৎপাদনকাৰী দেশসমূহৰ ভিতৰত কফিৰ পঞ্চম সৰ্বাধিক ৰপ্তানিকাৰী দেশ হিচাপে স্থান লাভ কৰিছে আৰু বিশ্বৰ মুঠ কফি ৰপ্তানিৰ প্ৰায় ৫ শতাংশ অৰিহণা যোগাইছে।

বিগত চাৰি বছৰত ভাৰতৰ কফি ৰপ্তানিয়ে ধাৰাবাহিকভাৱে ১ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰি ২০২৪–২৫ বিত্তীয় বৰ্ষত ১.৮ বিলিয়ন মাৰ্কিন ডলাৰৰ অভিলেখ সৃষ্টি কৰিছে, যি পূৰ্বৰ বছৰৰ ১.২৯ বিলিয়ন মাৰ্কিন ডলাৰৰ তুলনাত ৪০ শতাংশৰ আকৰ্ষণীয় বৃদ্ধিক প্ৰতিফলিত কৰে। বিশ্বৰ ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজতো ২০২৫ চনৰ এপ্ৰিল–ছেপ্টেম্বৰৰ ভিতৰত ইয়াৰ ৰপ্তানি ১.০৭ বিলিয়ন মাৰ্কিন ডলাৰ আছিল, এয়া ২০২৪ চনৰ একে সময়ছোৱাতকৈ ১৫.৫% বৃদ্ধি। ধাৰাবাহিক কফি উৎপাদন আৰু ৰপ্তানিৰ বাবে ভাৰত হৈছে অন্যতম প্ৰধান কেন্দ্ৰ, মুঠ মূল্য সংযোজিত সামগ্ৰী কফি ৰপ্তানিৰ ই প্ৰায় ৩৮ শতাংশ।

A graph with blue bars and a arrow pointing upAI-generated content may be incorrect.

 

বিশ্বৰ অন্যতম সৰ্বাধিক ব্যৱসায়িক আৰু ব্যৱহৃত সামগ্ৰী হিচাপে কফিৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক তাৎপৰ্য্য অপৰিসীম হৈয়েই আছে। ভাৰতীয় কফিৰ শীৰ্ষ ৫টা ৰপ্তানি গন্তব্যস্থান হ’ল- ইটালী (১৮.০৯ শতাংশ), জাৰ্মানী (১১.০১ শতাংশ), বেলজিয়াম (৭.৪৭ শতাংশ), ৰাছিয়া (৫.২৮ শতাংশ), আৰু সংযুক্ত আৰব আমিৰশ্বাহী (৫.০৯ শতাংশ)। শেহতীয়াকৈ ভাৰতৰ কফি ৰপ্তানিৰ উত্থানে ভাৰতীয় কফিৰ বিশ্বজোৰা সুনাম শক্তিশালী কৰিছে আৰু বিশেষকৈ কফি উৎপাদনকাৰী মূল ৰাজ্যসমূহত কৃষকসকলৰ উপাৰ্জন উন্নত কৰিছে।

 

নীতি আৰু বাণিজ্য সংস্কাৰেৰে কফি খণ্ডৰ উন্নয়ন

কফিজাত সামগ্ৰীত GST হ্ৰাস

কফিৰ নিষ্কাশন, এচেন্স আৰু ইনষ্টেণ্ট কফিৰ ওপৰত GST ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাটো এই খণ্ডৰ বাবে এক ডাঙৰ বিত্তীয় পদক্ষেপ। এই পৰিৱৰ্তনে খুচুৰা মূল্য ১১–১২ শতাংশ হ্ৰাস কৰিব, ঘৰুৱা ব্যৱহাৰক উৎসাহিত কৰিব, আৰু সৰু প্ৰচেছৰৰ বাবে লাভজনক কৰি তুলিব বুলি আশা কৰা হৈছে। এই পদক্ষেপে ঘৰুৱা বজাৰৰ ভেটিও শক্তিশালী কৰিব আৰু ভাৰতৰ জনমূৰি কফিৰ ব্যৱহাৰ বৃদ্ধি কৰিব।

 

ভাৰত-ব্ৰিটেইনৰ বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (CETA)

শেহতীয়াকৈ সম্পাদিত ভাৰত–ব্ৰিটেইনৰ ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (CETA) দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই চুক্তিখনে ভাৰতীয় মূল্য সংযোজিত কফি, বিশেষকৈ তৎক্ষণিক কফিৰ বাবে শুল্কৰ সুবিধা প্ৰদান কৰে। ইতিমধ্যে ভাৰতৰ ১.৭ শতাংশ কফি আমদানি কৰা ব্ৰিটেইনে এতিয়া ৰোষ্ট এণ্ড গ্ৰাউণ্ড আৰু ইনষ্টেণ্ট কফিৰ বাবে শুল্কমুক্ত সুবিধা লাভ কৰিব, যাৰ ফলত ভাৰতীয় ৰপ্তানিকাৰকসকলে জাৰ্মানী, স্পেইন, নেদাৰলেণ্ডৰ যোগানকাৰীৰ সৈতে অধিক ফলপ্ৰসূভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰিব। এই চুক্তিয়ে ব্ৰিটেইনলৈ মূল্য সংযোজিত কফিজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে।

 

ভাৰত- EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি CETA (TEPA)

২০২৪ চনৰ ১০ মাৰ্চত স্বাক্ষৰিত আৰু ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা ভাৰত–ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (EFTA) বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (TEPA) হৈছে  নিযুক্তি সৃষ্টিৰ সৈতে বিনিয়োগক সংযোগ কৰা ভাৰতৰ প্ৰথমখন মুক্ত বাণিজ্য চুক্তি (FTA)। TEPAৰ অধীনত ছুইজাৰলেণ্ড, নৰৱে আৰু আইচলেণ্ডে ভাৰতৰ পৰা আমদানি কৰা সকলো কফিৰ ওপৰত শূন্য শতাংশ শুল্ক আৰোপ কৰিব। TEPAই EFTA বজাৰত ভাৰতীয় কফিৰ বাবে আটাইতকৈ অনুকূল প্ৰৱেশৰ সুবিধা প্ৰদান কৰে। TEPAই কফি ৰপ্তানিকাৰীসকলক চুইজাৰলেণ্ড, নৰৱে আৰু আইচলেণ্ডৰ প্ৰিমিয়াম বজাৰত প্ৰৱেশ কৰাত সহায় কৰিব পাৰে, যাৰ ফলত ভাৰতৰ উচ্চ মানদণ্ডৰ, ছাঁত উৎপাদিত, হাতেৰে প্ৰস্তুত কৰা আৰু ৰ’দত শুকুৱাই লোৱা কফিক EFTA বজাৰত স্থান দিয়াৰ সুযোগ প্ৰদান কৰিব পাৰে। এই চুক্তিয়ে মূল্য সংযোজিত কফি, যেনে ৰোষ্টেড আৰু ইনষ্টেণ্ট কফিৰ ৰপ্তানিৰ সুযোগ বৃদ্ধি কৰে।

 

ফাইন কাপ এৱাৰ্ড : ভাৰতৰ উন্নতমানৰ কফি প্ৰদৰ্শন

২০০২ চনত ভাৰতীয় কফি ব’ৰ্ডে আৰম্ভ কৰা ‘ফ্লেভাৰ অব্ ইণ্ডিয়া– দ্য ফাইন কাপ এৱাৰ্ড’-এ ভাৰতীয় কফিৰ উৎকৃষ্টতাক উদযাপন কৰে আৰু দেশৰ শ্ৰেষ্ঠ কফিসমূহক বিশ্বৰ মানচিত্ৰত স্থান দিয়াত সহায় কৰে। এই পদক্ষেপৰ অংশ হিচাপে কফি ব’ৰ্ডে ২০২২–২৩ চনত “আপোনাৰ কফিৰ বিষয়ে জানক (KYK)” কাৰ্যসূচী আৰম্ভ কৰিছিল, যি হ’ল ছটা শিতানত ব্যতিক্ৰমী কফি চিনাক্তকৰণ আৰু পুৰস্কৃত কৰাৰ বাবে এক বিশেষ গুণগত মান মূল্যায়নৰ মঞ্চ।

ইয়াৰ এটা উল্লেখযোগ্য সফলতা হল, কোৰাপুট কফিয়ে KYK ২০২৪ৰ সময়ত ৱাছ্ড প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া শাখাত দুটা ফাইন কাপ এৱাৰ্ড লাভ কৰিছিল । এই স্বীকৃতিয়ে উক্ত ব্ৰেণ্ডৰ মৰ্যাদা বৃদ্ধি কৰিছে আৰু কোৰাপুট কফিক ভাৰতৰ বিশেষ কফি মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে, যি ওড়িশাৰ জনজাতীয় আৰু উচ্চ উচ্চতাৰ কফিৰ বৰ্ধিত প্ৰাধান্য প্ৰতিফলিত কৰে।

 

কফি ক্ৰয় আৰু বিপণনত TDCCOLৰ ভূমিকা

১৯৬৭ চনত উৰিষ্যা চৰকাৰৰ ST & SC উন্নয়ন বিভাগৰ অধীনস্থ স্থাপিত ট্ৰাইবেল ডেভেলপমেণ্ট ক’অপাৰেটিভ কৰ্পৰেশ্যন অব উৰিষ্যা লিমিটেড (TDCCOL) ৰাজ্যখনৰ জনজাতীয় কল্যাণৰ বাবে শীৰ্ষ সমবায় প্ৰতিষ্ঠান হিচাপে কাম কৰে। ই সমগ্ৰ উৰিষ্যাত বহনক্ষম জীৱিকাৰ প্ৰসাৰ ঘটাই, ক্ষুদ্ৰ বনজ সামগ্ৰী (MFP) আৰু উদ্বৃত্ত কৃষিজাত সামগ্ৰী (SAP)ৰ উচিত মূল্য নিশ্চিত কৰি জনজাতীয় সম্প্ৰদায়ৰ অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

২০১৯-২০ চনৰ পৰা, TDCCOL-এ কোৰাপুট জিলাত কফি ক্ৰয়ৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে, যি উচ্চ মানদণ্ডৰ এৰাবিকা কফিৰ বাবে ইয়াৰ আদৰ্শ পৰিৱেশৰ বাবে জনাজাত। সংগঠনটোৱে কেন্দ্ৰীয় মাণ্ডিৰ পৰা ঘৰুৱা ক্ৰয়লৈ পৰিৱৰ্তন কৰিছিল, ন্যায্য মূল্য নিৰ্ধাৰণ নিশ্চিত কৰিছিল আৰু জনজাতীয় কৃষকসকলৰ বাবে বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰচাৰ কৰিছিল।

 

গুৰুত্বপূৰ্ণ দিশবোৰঃ

  • এণ্ড-টু-এণ্ড ব্যৱস্থাপনাঃ ক্ৰয়ৰ পৰা আৰম্ভ কৰি ড্ৰাইং, গ্ৰেডিং আৰু মাৰ্কেটিংলৈকে সমগ্ৰ মূল্য শৃংখল পৰিচালনা কৰা।
  • ন্যায্য মূল্যঃ কৃষকৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে ধন পৰিশোধৰ সৈতে বাৰ্ষিক ক্ৰয়ৰ হাৰ ICTA বজাৰ মূল্যৰ লগত সংলগ্ন কৰা ।
  • সামাজিক-অৰ্থনৈতিক প্ৰভাৱঃ এই উদ্যোগটোৱে দুৰ্দশাৰ প্ৰভাৱ হ্ৰাস কৰিছে আৰু গ্ৰাম্য জীৱিকাৰ উন্নতি সাধন কৰিছে।
  • মূল্য সংযোজনঃ ২০১৯ চনৰ ১১ ছেপ্টেম্বৰত "কোৰাপুট কফি" ব্ৰেণ্ডৰ শুভাৰম্ভ কৰা হয়, যি এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত, স্থায়ীভাৱে আহৰিত, সমৃদ্ধ সোৱাদযুক্ত কফি প্ৰদান কৰে।

 

TDCCOL-এ সমগ্ৰ উৰিষ্যাত আঠটা "কোৰাপুট কফি" কেফে স্থাপন কৰিছে- ভুৱনেশ্বৰত চাৰিটা, পুৰীত এটা, কোৰাপুটত দুটা আৰু নতুন দিল্লীৰ ওড়িশা ভৱনত এটা, যিয়ে ব্ৰেণ্ডটোৰ অনন্য পৰিচয় আৰু বহনক্ষম উৎপত্তিৰ অধিক প্ৰচাৰ কৰে।

ভাৰতীয় কফি ব’ৰ্ডে সংযুক্ত কফি উন্নয়ন প্ৰকল্প (ICDP)ৰ জৰিয়তে TDCCOLকো সমৰ্থন কৰে, যি ড্ৰাইং য়াৰ্ড আৰু কফি পলপাৰৰ দৰে আন্তঃগাঁথনিৰ বাবে কাৰিকৰী আৰু বিত্তীয় সহায় আগবঢ়ায়।

 

ভৱিষ্যতৰ দৃষ্টিভংগীঃ কফি উৎপাদনত নতুন শিখৰত আৰোহণ

ভাৰতৰ কফি উদ্যোগ শক্তিশালী বিকাশৰ বাবে সাজু হৈছে, ২০২৮ চনৰ ভিতৰত সামগ্ৰিক বজাৰখন ৮.৯ শতাংশ চক্রবৃদ্ধিৰ বাৰ্ষিক বৃদ্ধিৰ হাৰত (CAGR) সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ বাহিৰৰ কফি খণ্ডটোৱে আৰু অধিক দ্ৰুত বিকাশৰ সাক্ষী হৈছে, যিটো ১৫ৰ পৰা ২০ শতাংশ CAGR ত বৃদ্ধি পোৱাৰ আশা কৰা হৈছে। ২০২৮ চনৰ ভিতৰত ইয়াৰ মূল্য ২.৬ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৩.২ বিলিয়ন মাৰ্কিন ডলাৰৰ ভিতৰত উপনীত হ’ব। তদুপৰি ভাৰতীয় কফি ব’ৰ্ডে ২০৪৭ চনৰ ভিতৰত ৰাষ্ট্ৰীয় কফি উৎপাদন ৯ লাখ টনলৈ বৃদ্ধি কৰাৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাৰ ফলত ভাৰতে বিশ্বৰ আগশাৰীৰ কফি উৎপাদক হিচাপে নিজৰ উত্থানক প্ৰতিফলিত কৰিছে।

 

সামৰণি

ভাৰতৰ কফি কাহিনী হৈছে সহনশীলতা, উদ্ভাৱন, আৰু ৰূপান্তৰৰ কাহিনী। বাবা বুডানগিৰি পাহাৰত কৰা ঐতিহাসিক আৰম্ভণিৰ পৰা আজি গোলকীয় প্ৰশংসা অৰ্জনলৈকে, ভাৰতীয় কফি গুণগত মান, বহনক্ষমতা আৰু সৰ্বাংগীন বৃদ্ধিৰ প্ৰতীকলৈ বিকশিত হৈছে। দেশখনৰ অনন্য পৰিৱেশ বৈচিত্ৰ্যৰ লগতে লাখ লাখ ক্ষুদ্ৰ কৃষকৰ দায়বদ্ধতাই পৰম্পৰাৰ আধুনিকতাৰ সৈতে মিহলি কৰা এক কফিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ভাৰতীয় কফি ব’ৰ্ডে গৱেষণা, উন্নয়ন, ৰপ্তানি প্ৰসাৰ আৰু ঘৰুৱা বজাৰ সম্প্ৰসাৰণৰ বাবে অব্যাহত সমৰ্থনৰ জৰিয়তে এই পৰিৱৰ্তনক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

মৌচুমী মালাবাৰ, মহীশূৰ নাগেটছ আৰু কোৰাপুট কফিৰ দৰে বিশেষ কফিৰ উদ্ভাৱনে প্ৰিমিয়াম, গোলকীয় প্ৰতিযোগিতামূলক জাতৰ উৎপাদক হিচাপে ভাৰতৰ সুনাম শক্তিশালী কৰিছে। ওড়িশাত TDCCOLৰ দৰে জনজাতীয় সমবায়ৰ সফলতাই কফি কেনেদৰে আৰ্থ-সামাজিক সবলীকৰণ আৰু বহনক্ষম জীৱিকা সৃষ্টিৰ এক আহিলা হ"ব পাৰে তাৰ উদাহৰণ দাঙি ধৰিছে। তদুপৰি, ভাৰত-ইউ কে CETA আৰু ভাৰত- EFTA TEPAকে ধৰি GST হ্ৰাস আৰু মুক্ত বাণিজ্য চুক্তিৰ দৰে নীতিগত ব্যৱস্থাসমূহে মূল্য সংযোজিত কফি ৰপ্তানিৰ সুযোগ অধিক সম্প্ৰসাৰিত কৰিছে, যি বিশ্ব কফি উদ্যোগত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱ চিহ্নিত কৰিছে।

২০৪৭ চনৰ ভিতৰত উৎপাদন ৯ লাখ টনলৈ বৃদ্ধি কৰাৰ স্পষ্ট লক্ষ্যৰে উদ্যোগটোৱে আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ কফি খণ্ডই নতুন যুগৰ সীমাত থিয় দিছে। গুণগত মান, বহনক্ষমতা  আৰু সমতাপূৰ্ণ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতে এনে এক সফলতাৰ কাহিনী লিখি আছে, যিটো নিজৰ মাটিত গভীৰভাৱে শিপাই আছে যদিও ইয়াক বিশ্বজুৰি উদযাপন কৰা হৈছে।

 

সমল

PM India

https://www.pmindia.gov.in/en/news_updates/pms-address-in-the-127th-episode-of-mann-ki-baat/

Ministry of Commerce and Industry

Niryat

https://niryat.gov.in/#?start_date=202404&end_date=202503&sort_table=export_achieved-sort-desc&commodity_group_id=1&commodity_id=2

Coffee Board of India

https://coffeeboard.gov.in/index.aspx

https://coffeeboard.gov.in/RTI/Annual%20Report2023_2024_Hindi_Eng.pdf

https://coffeeboard.gov.in/coffee-regions-india.html?page=CoffeeRegionsIndia#int

https://coffeeboard.gov.in/RTI/CB%20Eng-AR_2022_23%20Final.pdf

https://coffeeboard.gov.in/coffee-statistics.html

https://coffeeboard.gov.in/Specialitycoffee.aspx

https://coffeeboard.gov.in/coffee-regions-india.html

https://coffeeboard.gov.in/aboutus.aspx

https://coffeeboard.gov.in/Publications/July14/Cover%20Story_pg18_23.pdf

 

Indian Brand Equity Foundation

https://ibef.org/exports/coffee-industry-in-india

https://ibef.org/giofindia

 

PIB Press Release

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2182006

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1569831&ref=finshots.in

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2182006

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154945&ModuleId=3

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2173138

***

DPS/KD

(Explainer ID: 156288) आगंतुक पटल : 70
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , हिन्दी , Marathi , Gujarati , Kannada