Security
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা: উৎপাদন আৰু ৰপ্তানিৰ অভিলেখ
Posted On:
20 NOV 2025 10:19AM
মুখ্য তথ্য
- ভাৰতে ২০২৪-২৫ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা উৎপাদনৰ সৰ্বোচ্চ অভিলেখ গঢ়িছে, যি হৈছে ১.৫৪ লাখ কোটি টকা।
- ২০২৩-২৪ বিত্তীয় বৰ্ষত থলুৱা প্ৰতিৰক্ষা উৎপাদন ১,২৭,৪৩৪ কোটি টকা, যি ২০১৪-১৫ চনৰ ৪৬,৪২৯ কোটি টকাতকৈ ১৭৪% বৃদ্ধি।
- ১৬,০০০ৰো অধিক MSME এতিয়া গেম-চেঞ্জাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, যাৰ ফলত থলুৱা প্ৰতিৰক্ষা ক্ষমতা আৰু অধিক শক্তিশালী হৈছে।
- ৪৬২টা কোম্পানীক মুঠ ৭৮৮খন ঔদ্যোগিক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে।
- ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২৩,৬২২ কোটি টকাৰ নতুন অভিলেখ গঢ়িছে, যি ২০১৪ চনত ১,০০০ কোটি টকাকৈও কম আছিল।
পাতনি

ভাৰতৰ থলুৱা প্ৰতিৰক্ষা উৎপাদনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীলতা নীতিৰ দ্বাৰা পৰিচালিত হৈ ২০২৩-২৪ বিত্তীয় বৰ্ষত ১,২৭,৪৩৪ কোটি টকাৰ অভিলেখ গঢ়িছে, যি ২০১৪-১৫ চনৰ ৪৬,৪২৯ কোটি টকাতকৈ ১৭৪% বৃদ্ধি। বিগত দশকত বিপুল ধনৰাশিৰ আবণ্টন আৰু নীতিগত সহযোগত দেশৰ প্ৰতিৰক্ষা ঔদ্যোগিক ভেটি লক্ষ্যণীয়ভাৱে শক্তিশালী কৰা হৈছে। ২০১৩-১৪ চনত ২.৫৩ লাখ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ৬.৮১ লাখ কোটি টকালৈ বৃদ্ধি পোৱা প্ৰতিৰক্ষা বাজেটত দেশৰ প্ৰতিৰক্ষা আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ সংকল্প প্ৰতিফলিত হৈছে। এই বৃদ্ধিৰ মূলতে হৈছে ধাৰাবাহিক নীতি সংস্কাৰ, ব্যৱসায় কৰাত সহজতা আৰু বিদেশী নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড উভয়তে থলুৱাকৰণৰ ওপৰত গুৰুত্ব দিয়া। বৰ্তমান ভাৰতে আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়াকে ধৰি ১০০ খনতকৈও অধিক দেশলৈ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰে। প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগ (DPSU) আৰু অন্যান্য PSUসমূহে মুঠ উৎপাদনৰ প্ৰায় ৭৭% বহন কৰে, আনহাতে বাকী ২৩% ব্যক্তিগত খণ্ডৰ পৰা আহে। ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ২১%ৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৩%লৈ বৃদ্ধি পাইছে, যিটো দেশৰ প্ৰতিৰক্ষা পৰিৱেশতন্ত্ৰত তেওঁলোকৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰমাণ। ফলত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তুলনাত ৰপ্তানিও ২,৫৩৯ কোটি টকা বা ১২.০৪% বৃদ্ধি পাইছে। চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা উৎপাদন আৰু ৫০,০০০ কোটি টকা প্ৰতিৰক্ষা ৰপ্তানিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, যি ভাৰতৰ গোলকীয় প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে স্থিতি আৰু অধিক শক্তিশালী কৰিব। গতিকে অনাগত বছৰবোৰত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন খণ্ড অধিক গতিশীলভাৱে বৃদ্ধি পাই দেশখনক আত্মনিৰ্ভৰ কৰি তুলিব।
নীতি সংস্কাৰৰ পূৰ্বে প্ৰত্যাহ্বানসমূহ :
যোৱা দশকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা নীতি সংস্কাৰৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই বহু জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ক্ৰয় প্ৰক্ৰিয়াটো লেহেমীয়া আছিল, যাৰ ফলত সামৰ্থ্যৰ ক্ষেত্ৰত যথেষ্ট ব্যৱধানৰ সৃষ্টি হৈছিল। আমদানিৰ ওপৰত অধিক নিৰ্ভৰশীলতাই বৈদেশিক মুদ্ৰাৰ চাপ বৃদ্ধি কৰিছিল আৰু বিশ্বৰ অস্থিৰতাৰ সময়ত দুৰ্বলতা বৃদ্ধি কৰিছিল। ইয়াৰ পূৰ্বে কঠোৰ নীতি, প্ৰতিৰক্ষা PSUৰ আধিপত্য আৰু প্ৰযুক্তিৰ সুবিধাৰ অভাৱৰ বাবে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ সীমিত আছিল। ২০১৩-১৪ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা ৰপ্তানি মাত্ৰ ৬৮৬ কোটি টকা আছিল, যাৰ ফলত ভাৰত বিশ্বৰ প্ৰতিৰক্ষা বজাৰত বহুলাংশে আমদানিকাৰক হৈ পৰিছিল। এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ খচৰা প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানি প্ৰসাৰ নীতি (DPEPP)য়ে গৱেষণা আৰু উদ্ভাৱন (R&Dক উৎসাহিত কৰে, IP সৃষ্টিক পুৰস্কৃত কৰে, উদ্যোগ-শৈক্ষিকতাৰ সংযোগ বৃদ্ধি কৰে, MSMEসমূহক সমৰ্থন কৰে আৰু ৰপ্তানিৰ উচ্চাকাংক্ষা নিৰ্ধাৰণ কৰি ভাৰতৰ শীৰ্ষ প্ৰতিৰক্ষা উৎপাদক হোৱাৰ লক্ষ্যক পথ প্ৰদৰ্শন কৰে। এই নীতিয়ে উৎপাদন, প্ৰযুক্তি আৰু বজাৰ প্ৰৱেশক এখন পথ মানচিত্ৰত একত্ৰিত কৰিছে।
সংস্কাৰৰ উদ্দেশ্য
আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগীৰে চৰকাৰে আত্মনিৰ্ভৰশীল, বিশ্বজোৰা প্ৰতিযোগিতামূলক প্ৰতিৰক্ষা উদ্যোগ গঢ়ি তোলাৰ লক্ষ্যৰে ধাৰাবাহিক সংস্কাৰৰ সূচনা কৰিছে। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহৰ ভিতৰত আছে:
সৰলীকৃত প্ৰতিৰক্ষা অধিগ্ৰহণ পদ্ধতি (DAP)ৰ জৰিয়তে দ্ৰুত ক্ৰয় প্ৰক্ৰিয়া নিশ্চিত কৰা, তাৰ পিছত DAC (প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে) ইয়াক অধিগ্ৰহণৰ বাবে অনুমোদন দিয়ে।
ইতিবাচক থলুৱাকৰণ তালিকা, স্বয়ংক্ৰিয় পথৰ অধীনত ৭৪% পৰ্যন্ত আৰু চৰকাৰী পথৰ অধীনত ১০০% পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উদাৰীকৰণ নীতি, আৰু ১ লাখ কোটি টকাৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন (RDI) আঁচনিৰ জৰিয়তে ঘৰুৱা উৎপাদনক উৎসাহিত কৰা হৈছে, যিয়ে DPSU, ব্যক্তিগত খণ্ড, MSME আৰু ষ্টাৰ্টআপৰ মাজত সহযোগিতাক আৰু অধিক শক্তিশালী কৰি তুলিছে।

সৰলীকৃত অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধি পাইছে, য’ত বুলেটপ্ৰুফ জেকেট, ডৰ্নিয়াৰ বিমান, চেটাক হেলিকপ্টাৰ, দ্ৰুত ইন্টাৰচেপ্টৰ নাও আৰু লঘু টৰ্পিডোকে ধৰি বিভিন্ন ক্ষেত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে।
২০২৫ চনক ‘সংস্কাৰৰ বছৰ’ হিচাপে ঘোষণা কৰি গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে সশস্ত্ৰ বাহিনীক প্ৰযুক্তিগতভাৱে উন্নত, যুদ্ধৰ বাবে সাজু আৰু বহু-ডমেইন সংহত অভিযানলৈ সক্ষম কৰাৰ লগতে প্ৰতিৰক্ষা উৎপাদন ৩ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ পথ প্ৰশস্ত কৰা আৰু ২০২৯ চনৰ ভিতৰত ৫০,০০০ কোটি টকা ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ পথ মুকলি কৰা।
প্ৰতিৰক্ষা অধিগ্ৰহণ প্ৰক্ৰিয়া (DAP) সংস্কাৰ
আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে প্ৰতিৰক্ষা ক্ৰয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে ঐতিহাসিক সংস্কাৰৰ ধাৰাবাহিকতা হাতত লৈছে। প্ৰতিৰক্ষা অধিগ্ৰহণ প্ৰক্ৰিয়া (DAP) ২০২০ আৰু প্ৰতিৰক্ষা ক্ৰয় হাতপুথি (DPM) ২০২৫-এ একেলগে মূলধন আৰু ৰাজহ ক্ৰয় উভয়তে গতি, স্বচ্ছতা, উদ্ভাৱন আৰু আত্মনিৰ্ভৰশীলতা নিশ্চিত কৰে।
DAP ২০২০ : আত্মনিৰ্ভৰশীল অধিগ্ৰহণৰ বাবে কৌশলগত ৰোডমেপ

প্ৰতিৰক্ষা অধিগ্ৰহণ প্ৰক্ৰিয়া (DAP) ২০২০ হৈছে এক পৰিৱৰ্তনশীল নীতি যিয়ে অধিগ্ৰহণ প্ৰক্ৰিয়াক আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা উদ্যোগ গঢ়ি তোলাৰ বাবে নিয়মপুথি আৰু ৰোডমেপ হিচাপে কাম কৰে। এই নীতিয়ে প্ৰতিটো পৰ্যায়তে স্বচ্ছতা আৰু থলুৱা উদ্ভাৱনক অগ্ৰাধিকাৰ প্ৰদান কৰি অতীতৰ বিষয় যেনে- বিলম্ব আৰু আমদানি নিৰ্ভৰশীলতাৰ সমাধান কৰে।
অধিগ্ৰহণক পুনৰ সংজ্ঞায়িত কৰা মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে :
- ভাৰতীয় প্ৰথম দৃষ্টিভংগীঃ এই নীতিয়ে ক্ৰয় (ভাৰতীয়- IDDM (স্বদেশীভাৱে ডিজাইন কৰা, বিকশিত আৰু নিৰ্মিত) শ্ৰেণীক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰে, স্বদেশীভাৱে ডিজাইন কৰা, বিকশিত আৰু নিৰ্মিত প্ৰণালীৰ প্ৰচাৰ কৰে, যাৰ ফলত দেশক আত্মনিৰ্ভৰশীল কৰি তোলে।
- স্বচ্ছতাৰ সৈতে গতিঃ সৰলীকৃত অনুমোদন প্ৰক্ৰিয়া আৰু ডিজিটেল একত্ৰীকৰণে দায়বদ্ধতা বৃদ্ধি কৰাৰ লগতে ক্ৰয়ৰ সময়সীমা ত্বৰান্বিত কৰিছে।
- কাইলৈৰ প্ৰযুক্তিঃ DAP ২০২০-ত বহু-ক্ষেত্ৰীয় কাৰ্য্যকলাপ সক্ষম কৰিবলৈ এ. আই., ৰবটিক্স, চাইবাৰ, মহাকাশ, আৰু উন্নত যুদ্ধ প্ৰণালীৰ দৰে অত্যাধুনিক প্ৰযুক্তি আহৰণৰ বাবে সমৰ্পিত ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।
- অংশীদাৰ হিচাপে উদ্যোগঃ ই ব্যক্তিগত খণ্ডৰ কোম্পানী, ষ্টাৰ্ট-আপ আৰু MSMEক জড়িত কৰি এক সহযোগিতামূলক পৰিৱেশতন্ত্ৰক প্ৰচাৰ কৰে, যেনে প্ৰতিৰক্ষা উৎকৃষ্টতাৰ বাবে উদ্ভাৱন (iDEX) আৰু শিথিল অনুজ্ঞাপত্ৰৰ নিয়মৰ দৰে পদক্ষেপৰ জৰিয়তে।
- অনুমোদনৰ সহজতাঃ সময়মতে সিদ্ধান্ত গ্ৰহণ নিশ্চিত কৰি সুবিন্যস্ত পৰিকাঠামো আৰু ক্ষমতাপ্ৰাপ্ত অধিগ্ৰহণ শাখাৰ জৰিয়তে প্ৰক্ৰিয়াৰ বাধাসমূহ আঁতৰ কৰা হৈছে।
DPM ২০২৫ : ৰাজহ আহৰণ সুশৃংখলিত কৰা
DAPৰ পৰিকাঠামোৰ ভিত্তিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ২০২৫ চনৰ অক্টোবৰ মাহত প্ৰতিৰক্ষা ক্ৰয়ৰ পুস্তিকা (DAP) ২০২৫ মুকলি কৰিছিল, যি প্ৰক্ৰিয়াটো সৰলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ প্ৰতিনিধিত্ব কৰে আৰু কাৰ্যকলাপত একাত্মতা আনে। ই প্ৰায় ১ লাখ কোটি টকাৰ সামগ্ৰী আৰু সেৱা প্ৰদান কৰাত অধিক কাৰ্যক্ষম আৰু সময়োপযোগী কৰি তুলিছে। ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া DAP ২০২৫-এ উদ্যোগ-অনুকূল সংস্কাৰ প্ৰৱৰ্তন কৰে, যাৰ লক্ষ্য হৈছে নিৰপেক্ষতা, স্বচ্ছতা, ক্ৰয়ৰ ক্ষেত্ৰত দায়বদ্ধতা আৰু ঘৰুৱা উদ্যোগসমূহৰ অংশগ্ৰহণ নিশ্চিত কৰা।
মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছেঃ ব্যৱসায় কৰাত সহজতা নিশ্চিত কৰা, য'ত বিলম্ব হ্ৰাস কৰিবলৈ সকলো সশস্ত্ৰ বাহিনী আৰু MoD সংস্থাসমূহৰ মাজত প্ৰামাণিক প্ৰক্ৰিয়া অন্তৰ্ভুক্তি; উদ্ভাৱন আৰু স্বদেশীকৰণৰ বাবে সমৰ্থন, উদ্যোগ আৰু শিক্ষা জগতৰ সৈতে সহযোগিতা বৃদ্ধি কৰা; উদ্যোগ-অনুকূল বিধান, যেনে- নিম্ন লিকুইডেটেড ক্ষতি (স্বদেশীকৰণ প্ৰকল্পৰ বাবে প্ৰতি সপ্তাহত ০.১%), পাঁচ বছৰলৈকে স্বদেশী সামগ্ৰীৰ বাবে অৰ্ডাৰৰ নিশ্চয়তা আৰু পূৰ্বৰ অৰ্ডনেন্স ফেক্টৰী ব'ৰ্ডৰ পৰা পুৰণি আপত্তিবিহীন প্ৰমাণপত্ৰ আঁতৰোৱা; আৰু ডিজিটেল সংহতি আৰু স্বচ্ছতা, যাৰ ফলত ই-ক্ৰয় ব্যৱস্থা আৰু তথ্য-চালিত নিৰীক্ষণ উন্নত হৈছে, ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়াত দায়বদ্ধতা আৰু দক্ষতা নিশ্চিত কৰিছে।
ভৱিষ্যতৰ বাবে এটা সংহত ক্ৰয় পৰিকাঠামো:
DAP ২০২০ আৰু DPM ২০২৫-এ একেলগে এক একত্ৰিত, অগ্ৰগামী ক্ৰয় স্থাপত্যক প্ৰতিনিধিত্ব কৰে, যি ভাৰতৰ প্ৰতিৰক্ষা অধিগ্ৰহণ প্ৰক্ৰিয়াক কাৰ্য্যকৰী প্ৰস্তুতি আৰু ঔদ্যোগিক আত্মনিৰ্ভৰশীলতাৰ দুটা লক্ষ্যৰ সৈতে সংহত কৰে। মূলধন আৰু ৰাজহ ক্ৰয়ৰ একত্ৰীকৰণে ভাৰতীয় উদ্যোগক উদ্ভাৱন, উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰিবলৈ শক্তিশালী কৰাৰ লগতে সশস্ত্ৰ বাহিনীক গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ দ্ৰুত ডেলিভাৰী নিশ্চিত কৰে।
এই ব্যাপক ক্ৰয় পৰিস্থিতিতন্ত্ৰই কৌশলগত ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰতক বাস্তৱায়িত কৰি ভাৰতক প্ৰতিৰক্ষা উৎপাদন আৰু উদ্ভাৱনৰ বাবে এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত এক নিৰ্ণায়ক পৰিৱৰ্তন চিহ্নিত কৰে।
থলুৱা প্ৰতিৰক্ষা সঁজুলিৰ উৎপাদন বৃদ্ধি
১/ নিৰ্ভৰশীলতাৰ পৰা আধিপত্যলৈ:
২০২৪-২৫ বিত্তীয় বৰ্ষত দেশখনে ১.৫৪ লাখ কোটি টকাৰ অভিলেখ সৃষ্টি কৰে। প্ৰতিৰক্ষা সঁজুলি উত্পাদনত চলিত বিত্তীয় বৰ্ষত ১.৭৫ লাখ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকা হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, যাৰ ফলত দেশখন গোলকীয় প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা হব।

২) প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰ - নতুন বিকাশৰ ধমনী:
উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰ (UPDIC) আৰু তামিলনাডু প্ৰতিৰক্ষা ঔদ্যোগিক কৰিড’ৰ (TNDIC) ৰূপান্তৰৰ জীৱনৰেখা। ই একেলগে ৯,১৪৫ কোটি টকাৰ বিনিয়োগ, ২৮৯টা বুজাবুজি চুক্তি স্বাক্ষৰ আৰু ২০২৫ চনৰ অক্টোবৰলৈকে ৬৬,৪২৩ কোটি টকাৰ সম্ভাৱ্য বিনিয়োগ আকৰ্ষণ কৰিছে।
১/ প্ৰতিৰক্ষা পৰিৱেশতন্ত্ৰৰ সম্প্ৰসাৰণ:
DRDO এক ফ্ৰণ্টলাইন প্ৰতিষ্ঠান হৈ পৰিছে যি ভাৰতৰ প্ৰতিৰক্ষা বিপ্লৱক পৰিচালিত কৰি আছে। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে প্ৰযুক্তি উন্নয়ন পুঁজি (TDF) আঁচনি, প্ৰযুক্তি স্থানান্তৰ, আৰু ১৫টা প্ৰতিৰক্ষা উদ্যোগ- একাডেমিয়া চেণ্টাৰ অব এক্সিলেন্স (DIA-CoEs)ৰ অধীনত উলম্বভাৱে গভীৰ-প্ৰযুক্তি আৰু অত্যাধুনিক প্ৰকল্পসমূহৰ বাবে ৫০০ কোটি টকাৰ পুঁজি অনুমোদন কৰিছে, ই প্ৰতিৰক্ষা উদ্ভাৱনত শিক্ষা, ষ্টাৰ্ট-আপ আৰু উদ্যোগসমূহক পোনপটীয়াকৈ সংযোগ কৰিছে। কাৰ্য্যকৰী স্বায়ত্তশাসন বৃদ্ধি, দক্ষতা বৃদ্ধি আৰু দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে অৰ্ডানেন্স ফেক্টৰীৰ পুনৰ্গঠন আৰু সাতটা প্ৰতিৰক্ষা কোম্পানীৰ সৃষ্টি কৰা হৈছিল। ব্যক্তিগত খণ্ড এতিয়া নীৰৱ পৰ্যবেক্ষক হৈ থকা নাই। ড্ৰোনৰ পৰা এভিঅনিক্সলৈ আৰম্ভ কৰি অত্যাধুনিক ইলেক্ট্ৰনিকছলৈকে, ডাঙৰ আৰু সৰু দুয়োটা কোম্পানীয়ে পদক্ষেপ লৈছে, আনহাতে ১৬০০০ MSMEয়ে পট পৰিৱৰ্তনকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে, যি প্ৰমাণ কৰিছে যে ভাৰতৰ প্ৰতিৰক্ষা নিৰ্মাণ এতিয়া কেৱল আগশাৰীৰসকলৰ বিষয় নহয়, ই এক পৰিৱেশতন্ত্ৰ, য'ত প্ৰতিজন উদ্ভাৱকৰ ভূমিকা আছে।
৪/ নৱ দিগন্ত মুকলি- বিনিয়োগৰ সুযোগ:
প্ৰতিৰক্ষা বিনিয়োগৰ বাবে ভাৰতে এক আকৰ্ষণীয় লক্ষ্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে। ৪৬২টা কোম্পানীক মুঠ ৭৮৮খন ঔদ্যোগিক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে। প্ৰতিৰক্ষা উৎপাদন বিভাগে ব্যৱসায় কৰাৰ সহজতাৰ বাবে সম্পূৰ্ণ ডিজিটেল পৰ্টেল মুকলি কৰিছে, যি ৰপ্তানিৰ অনুমোদন ক্ষিপ্ৰতাৰে কৰিছে, ২০২৩-২৪ বিত্তীয় বৰ্ষত ১,৫০৭টা অনুমোদনৰ তুলনাত ২০২৪-২৫ বিত্তীয় বৰ্ষত ১,৭৬২টা অনুমোদন প্ৰদান কৰা হৈছে, যিটো বছৰি ১৬.৯২% বৃদ্ধি আৰু ১৭.৪% ৰপ্তানিকাৰকৰ সংখ্যা বৃদ্ধি। প্ৰত্যক্ষ বিদেশী বিনিয়োগ (FDI)ৰ শিথিলতা, PLI আঁচনি আৰু আধুনিক প্ৰতিৰক্ষা কৰিডৰৰ জৰিয়তে ভাৰতে স্বদেশী উদ্ভাৱক আৰু গোলকীয় বিনিয়োগকাৰীৰ বাবে আকৰ্ষণীয় সুযোগ সৃষ্টি কৰিছে।
২০২৪-২৫ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২,০৯,০৫০ কোটি টকাৰ অভিলেখ সৃষ্টিকাৰী ১৯৩টা চুক্তি স্বাক্ষৰ কৰে, যিটো এটা বিত্তীয় বৰ্ষৰ সৰ্বাধিক। ইয়াৰে ১,৬৮,৯২২ কোটি টকাৰ ১৭৭টা চুক্তি স্বদেশী উদ্যোগক দিয়া হৈছিল— ই স্থানীয় উৎপাদন আৰু উদ্ভাৱনৰ দৃশ্যমান অগ্ৰগতিক প্ৰতিফলিত কৰে। এই স্থানীয় ক্ৰয় অভিযানে চাকৰি সৃষ্টি আৰু প্ৰযুক্তিগত উদ্ভাৱনত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
প্ৰতিৰক্ষা অধিগ্ৰহণ : আত্মনিৰ্ভৰশীলতাক ত্বৰান্বিত কৰা

আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ অধীনত ভাৰতৰ প্ৰতিৰক্ষা অধিগ্ৰহণ ব্যৱস্থাই অভিলেখ বাজেট আবণ্টন, সুবিন্যস্ত প্ৰক্ৰিয়া আৰু সমগ্ৰ সেৱাতে স্বাদেশীকৰণেৰে পৰিৱৰ্তনশীল বিকাশ লাভ কৰিছে। দেশৰ কমেও ৬৫% প্ৰতিৰক্ষা সঁজুলি এতিয়া থলুৱাভাৱে উৎপাদন কৰা হয়, যিটো পূৰ্বৰ ৬৫–৭০% আমদানি-নিৰ্ভৰশীলতাৰ পৰা এক বৃহৎ পৰিৱৰ্তন আৰু ভাৰতৰ প্ৰতিৰক্ষা আত্মনিৰ্ভৰশীলতাৰ এক শক্তিশালী উদাহৰণ। ভাৰতৰ এই দৃষ্টিভংগীয়ে নিশ্চিত কৰে যে প্ৰতিটো ক্ৰয়ে ৰাষ্ট্ৰীয় উদ্যোগটোক শক্তিশালী কৰে, আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু কাৰ্য্যকৰী প্ৰস্তুতি বৃদ্ধি কৰে।
বৰ্ধিত অধিগ্ৰহণ বাজেট আৰু দশকজোৰা বিকাশ
প্ৰতিৰক্ষা মন্ত্ৰীৰ অধ্যক্ষতাত গঠিত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদ (DAC)-এ শেহতীয়া কিছু বছৰত অভিলেখ পৰিমাণৰ থলুৱা ক্ৰয়ত অনুমোদন জনাইছে। সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণ আৰু স্বদেশীকৰণ চৰকাৰৰ মূল অগ্ৰাধিকাৰ। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত প্ৰতিৰক্ষা সেৱাৰ মূলধনী শীৰ্ষৰ বাবে ১.৭২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে, যিটো ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰকৃত ব্যয়তকৈ ২০.৩৩% বেছি আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সংশোধিত অনুমানতকৈ ৯.৪০% অধিক।
২০২৫ চনৰ মাৰ্চ মাহত DACয়ে মুঠ ৫৪,০০০ কোটি টকাৰ ৮টা মূলধন অধিগ্ৰহণৰ প্ৰস্তাৱত অনুমোদন জনায়, য'ত টি-৯০ টেংকৰ বাবে ১,৩৫০ HP ইঞ্জিন, থলুৱাভাৱে নিৰ্মিত বৰুণাস্ত্ৰ টৰ্পেডো, আৰু এয়াৰবৰ্ণ আৰ্লি ৱাৰনিং এণ্ড কণ্ট্ৰল (AEW&C) ব্যৱস্থাও আছিল।
২০২৫ চনৰ জুলাই মাহত DACয়ে সশস্ত্ৰ পুনৰুদ্ধাৰকৃত বাহন, ইলেক্ট্ৰনিক ৱাৰফেয়াৰ ছিষ্টেম, ত্ৰৈয়সেৱাৰ বাবে একত্ৰিত কমন ইনভেণ্টৰী মেনেজমেণ্ট ছিষ্টেম, ভূপৃষ্ঠ পৰা বায়ু মিছাইল, মুৰ্ড মাইন, মাইন কাউণ্টাৰ মেজাৰ ভেছেল, ছুপাৰ ৰেপিড গান মাউণ্ট আৰু ছাবমাৰ্চিবল অটোনমাছ জাহাজকে ধৰি প্ৰায় ১.০৫ লাখ কোটি টকা মূল্যৰ ১০টা মূলধন অধিগ্ৰহণ প্ৰস্তাৱত অনুমোদন জনাইছিল। অনুমোদিত সকলো সামগ্ৰী ক্ৰয় (ভাৰতীয়- IDDM) শ্ৰেণীৰ অধীনত থলুৱাভাৱে আৰ্হি প্ৰস্তুত, বিকশিত আৰু নিৰ্মিত প্ৰণালীৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
২০২৫ চনৰ আগষ্ট মাহত DACয়ে সশস্ত্ৰ বাহিনীৰ কাৰ্য্যকৰী ক্ষমতা বৃদ্ধিৰ বাবে মুঠ ৬৭,০০০ কোটি টকাৰ অনুমোদন জনায়। ইয়াৰ ভিতৰত আছিল সেনাবাহিনীৰ BMPৰ বাবে থাৰ্মেল ইমেজাৰ-ভিত্তিক নাইট চাইট, কম্পেক্ট অটোন’মাছ ছাৰ্ফেচ ক্ৰাফ্ট, ব্ৰহ্মাছ ফায়াৰ কণ্ট্ৰল ছিষ্টেম, নৌসেনা আৰু মাউণ্টেইন ৰাডাৰৰ বাবে BARAK-১ উন্নীতকৰণ আৰু বায়ুসেনাৰ বাবে SAKSHAM/SPYDER উন্নীতকৰণ। DAC তিনিওটা সেৱাৰ বাবে থলুৱা মধ্যম উচ্চতাৰ লং এণ্ডুৰেন্স (MALE) RPAত অনুমোদন জনোৱাৰ লগতে চি-১৭, চি-১৩০জে আৰু এছ-৪০০ প্ৰণালীৰ বাবে ৰক্ষণাবেক্ষণ সমৰ্থনতো অনুমোদন জনাইছে।
এই ধাৰা অব্যাহত ৰাখি ২০২৫ চনৰ অক্টোবৰ মাহত DACয়ে সেনা, নৌসেনা আৰু বায়ুসেনাৰ বাবে মুঠ ৭৯,০০০ কোটি টকাৰ অধিগ্ৰহণ প্ৰস্তাৱত অনুমোদন জনাই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ সকলো ক্ষেত্ৰত সামৰ্থ্য বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি চৰকাৰৰ ধাৰাবাহিক দায়বদ্ধতাক শক্তিশালী কৰে। এটা উল্লেখযোগ্য থলুৱা প্ৰকল্প হৈছে DRDOৰ নৌসেনাৰ বাবে নৌ বিজ্ঞান আৰু প্ৰযুক্তিগত গৱেষণাগাৰে বিকশিত কৰা এডভান্সড লাইট ওজন টৰ্পিডো (ALWT)। অন্যান্য অনুমোদনসমূহৰ ভিতৰত আছে সেনাবাহিনীৰ বাবে নাগ মিছাইল চিষ্টেম (ট্ৰেকড) এম কে- II (NAMIS), গ্ৰাউণ্ড বেজড মোবাইল ইলিনট ছিষ্টেম (GBMES), হাই মবিলিটি ভেহিকেল (HMVs); নৌসেনাৰ বাবে লেণ্ডিং প্লেটফৰ্ম ডক আৰু ৩০ মিমি নৌসেনাৰ পৃষ্ঠ বন্দুক; আৰু বায়ুসেনাৰ বাবে সহযোগিতামূলক দীৰ্ঘ দূৰত্বৰ লক্ষ্য পৰিপূৰক/ধ্বংস ব্যৱস্থা।
প্ৰতিৰক্ষা ৰপ্তানিৰ প্ৰচাৰঃ ভাৰতৰ বৰ্ধিত উত্থান

এটা নতুন ৰপ্তানিৰ কাহিনী: যি সংখ্যাই কথা কয়
এসময়ত যিটো দুৰ্বল ধাৰা আছিল সেয়া এতিয়া শক্তিশালী ধাৰালৈ পৰিণত হৈছেঃ ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৩,৬২২ কোটি টকাৰ অভিলেখ স্পৰ্শ কৰিছে, যিটো ২০২৩-২৪ চনত ২১,০৮৩ কোটি টকাতকৈ ১২.০৪% বৃদ্ধি। ব্যক্তিগত খণ্ডৰ ৰপ্তানিৰ পৰিমাণ আছিল ১৫,২৩৩ কোটি টকা, আনহাতে DPSUৰ পৰিমাণ আছিল ৮,৩৮৯ কোটি টকা, আনহাতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে এই পৰিমাণ আছিল ক্ৰমে ১৫,২০৯ কোটি টকা আৰু ৫,৮৭৪ কোটি টকা। প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে, ভাৰতে বিশ্ব প্ৰতিৰক্ষা ৰপ্তানি শৃংখলত এক নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে নিজৰ ভূমিকা পুনৰ নিশ্চিত কৰি ২০২৪-২৫ৰ সময়ত প্ৰায় ৮০ খন দেশক গোলা-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, উপ-প্ৰণালী, সম্পূৰ্ণ ব্যৱস্থা আৰু গুৰুত্বপূৰ্ণ উপাদানকে ধৰি সামগ্ৰীৰ এক বিস্তৃত পৰিসৰৰ যোগান ধৰিছে। প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে (DPSU) বিত্তীয় বৰ্ষত তেওঁলোকৰ ৰপ্তানিৰ ক্ষেত্ৰত ৪২.৮৫% ৰ উল্লেখযোগ্য বৃদ্ধি দেখুৱাইছে, যিয়ে গোলকীয় বজাৰত ভাৰতীয় সামগ্ৰীৰ বৰ্ধিত গ্ৰহণযোগ্যতা আৰু ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ বিশ্ব যোগান শৃংখলৰ অংশীদাৰ হোৱাৰ সামৰ্থ্যক প্ৰতিফলিত কৰিছে।
দ্ৰুত, সৰল, ডিজিটেল নীতি- যিয়ে দুৱাৰ মুকলি কৰে
চৰকাৰে ৰপ্তানি প্ৰক্ৰিয়াক সৰল কৰি তুলিছে। অস্ত্ৰ-শস্ত্ৰ তালিকাৰ বস্তু ৰপ্তানিৰ বাবে এছ অ’ পি সৰল কৰা হৈছে, আৰু এটা সম্পূৰ্ণ ডিজিটেল এণ্ড-টু-এণ্ড পৰ্টেলে এতিয়া ৰপ্তানিৰ অনুমোদন দ্ৰুতভাৱে অনুমোদন জনাইছে। মুক্ত সাধাৰণ ৰপ্তানি অনুজ্ঞাসমূহ (OGEL) আৰু ডিজিটেল অনুমোদন ব্যৱস্থা প্ৰণালীয়ে নিয়মীয়া ৰপ্তানিসমূহ দ্ৰুত কৰিছে।
কূটনীতি হিচাপে প্ৰতিৰক্ষা ৰপ্তানি
ৰপ্তানি কেৱল বাণিজ্যৰ কথা নহয়ঃ ই বিশ্বাস, আন্তঃব্যৱহাৰযোগ্যতা আৰু দীৰ্ঘম্যাদী অংশীদাৰিত্ব গঢ়ি তোলে। বন্ধুত্বপূৰ্ণ দেশলৈ প্ৰেৰণ কৰা ভাৰতৰ ক্ৰমবৰ্ধমান ৰপ্তানিৰ টোপোলা হৈছে প্ৰতিৰক্ষা সহযোগিতা, লজিষ্টিক সমৰ্থন, প্ৰশিক্ষণ আৰু বিক্ৰীৰ সৈতে থকা স্পেয়াৰ পেকেজসমূহত দেখা পোৱা প্ৰসাৰৰ এক সঁজুলি। আমদানিকাৰীসকলৰ বিস্তৃত তালিকাই ভাৰতীয় মঞ্চসমূহৰ ওপৰত বিশ্বৰ আস্থা বৃদ্ধি হোৱাৰ ইংগিত দিয়ে।
সফল থলুৱা মঞ্চ আৰু ৰপ্তানিৰ বাস্কেট
ভাৰতে আজি বুলেটপ্ৰুফ জেকেট, টহলদাৰী নাও, হেলিকপ্টাৰ, ৰাডাৰ আৰু লঘু টৰ্পিডোৰ পৰা আৰম্ভ কৰি বহুতো প্ৰমাণিত থলুৱা সামগ্ৰী ৰপ্তানি কৰে। তেজষ যুঁজাৰু বিমানখন এতিয়াও কাৰ্যকৰী পৰিপক্কতা আৰু ৰপ্তানি বিষয়ক আলোচনাৰ প্ৰক্ৰিয়াত থকাৰ সময়তে ভাৰত এতিয়া বহু কাৰ্যক্ষম ব্যৱস্থা আৰু উপাদানৰ শক্তিশালী যোগানকাৰী।
সামৰণি
ভাৰতৰ কৌশলগত অংশীদাৰিত্ব আৰু নীতিগত অগ্ৰগতি কেৱল সংস্কাৰ নহয়, এইবোৰ প্ৰতিৰক্ষা আত্মনিৰ্ভৰশীলতা আৰু প্ৰযুক্তিগত সাৰ্বভৌমত্বৰ এক নতুন যুগৰ ভেটিস্বৰূপ। ঘৰুৱা উৎপাদন আৰু ৰপ্তানি দ্ৰুত বৃদ্ধিৰ লগে লগে উন্নত প্ৰযুক্তিসমূহ ঔদ্যোগিক পৰিৱেশতন্ত্ৰত দ্ৰুতগতিত একত্ৰিত কৰা হৈছে। ফলত ভাৰতে বিশ্বৰ প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, এতিয়া দূৰৈৰ আকাংক্ষা নহয়, বাস্তৱত ই উদ্ভাসিত হৈ উঠিছে। আত্মনিৰ্ভৰ ভাৰত অভিযান, ইতিবাচক স্বদেশীকৰণ তালিকা আৰু ব্যক্তিগত খণ্ডৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ দৰে চৰকাৰী পদক্ষেপৰ সফলতা প্ৰতিফলিত কৰি ভাৰতে মূল্যৰ ক্ষেত্ৰত থলুৱা প্ৰতিৰক্ষা উৎপাদনত সৰ্বাধিক বিকাশ লাভ কৰিছে। মেক ইন ইণ্ডিয়াৰ ওপৰত গুৰুত্ব আৰু এক শক্তিশালী গৱেষণা আৰু উন্নয়ন (R&D) তথা ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰৰ সৃষ্টিয়ে এই পৰিৱৰ্তনক আৰু অধিক ত্বৰান্বিত কৰিছে। প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰৰ পৰা আৰম্ভ কৰি ৰপ্তানি সমৰ্থন সম্প্ৰসাৰণলৈকে প্ৰতিটো পদক্ষেপে আমদানি নিৰ্ভৰশীলতা হ্ৰাস আৰু স্বদেশী সামৰ্থ্য বৃদ্ধিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰে। সামূহিকভাৱে এই প্ৰচেষ্টাসমূহে প্ৰযুক্তি-চালিত, স্থিতিস্থাপক প্ৰতিৰক্ষা পৰিৱেশতন্ত্ৰৰ সৃষ্টি কৰিছে, যি কেৱল ৰাষ্ট্ৰীয় নিৰাপত্তাক শক্তিশালী কৰাই নহয়, বৰং প্ৰতিৰক্ষা উৎপাদন আৰু উদ্ভাৱনৰ ক্ষেত্ৰতো ভাৰতক এক বিশ্বাসযোগ্য গোলকীয় অংশীদাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।
সমল :
PIB
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2116612
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2117348
https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1809577
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154617&ModuleId=3
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2154551
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2098431
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2148335
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2114546
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1764148
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2086347
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2181894
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1795537
https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1795540
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1819937
https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1848671
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2113268
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2141130
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2089184
https://www.pib.gov.in/FactsheetDetails.aspx?Id=149238
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2025/mar/doc2025324525601.pdf
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2025/apr/doc202543531401.pdf
DD News:
https://ddnews.gov.in/en/rajnath-singh-clears-defence-procurement-manual-2025-to-speed-up-revenue-procurement-boost-aatmanirbharta/
https://ddnews.gov.in/en/defence-minister-rajnath-singh-launches-defence-procurement-manual-2025-to-boost-operational-readiness/
https://ddnews.gov.in/en/modernising-armed-forces-defence-ministry-declares-2025-as-year-of-reforms/
Ministry of Defence (MoD)
https://mod.gov.in/sites/default/files/DPM-2025%20VOLUME-I.pdf
DRDO
https://drdo.gov.in/drdo/en/offerings/schemes-and-services/dia-coes/Academia
***
DPS/KD
(Explainer ID: 156169)
आगंतुक पटल : 52
Provide suggestions / comments