• Sitemap
  • Advance Search
Technology

ইলেক্ট্ৰ’নিক্স উন্নয়ণ পুঁজি

২৫৭.৭৭ কোটি টকা বিনিয়োগেৰে ইলেক্ট্ৰ’নিক্স উন্নয়ণ পুঁজিয়ে দেশজুৰি ১২৮ টা ষ্টাৰ্টআপক সহায় কৰিছে

Posted On: 15 NOV 2025 10:21AM

মুখ্য তথ্য

EDF এ ৮টা পেছাদাৰীভাৱে পৰিচালিত Daughter Funds ত ২৫৭ কোটি টকাৰো অধিক বিনিয়োগ কৰিছে।

EDF ফ’ল’-অন বিনিয়োগত প্ৰায় ১,৩৫৯ কোটি টকা সংগ্ৰহ কৰিছে।

এই পুঁজি সমৰ্থিত ১২৮ টা ষ্টাৰ্টআপৰ জৰিয়তে ২৩,৬০০ৰো অধিক উচ্চ-দক্ষতাৰ চাকৰিৰ সৃষ্টি।

      এই পুঁজি সমৰ্থিত ষ্টাৰ্টআপসমূহে ৩৬৮ টা নতুন বৌদ্ধিক সম্পত্তি সৃষ্টি অথবা অধিগ্ৰহণ কৰিছে।

 

পাতনি

যোৱা কেইবছৰমানৰ পৰা ইলেক্ট্ৰনিকছ খণ্ডত বহু পৰিৱৰ্তনৰ সাক্ষী হৈছে ভাৰত। চৰকাৰী পৰিকল্পনা আৰু ঔদ্যোগিক সংস্কাৰৰ বাবেই দেশখন দ্ৰুতগতিত ইলেক্ট্ৰনিকছৰ ডিজাইন আৰু নিৰ্মাণৰ এক প্ৰধান কেন্দ্ৰত পৰিণত হৈছে। নতুন প্ৰযুক্তি আৰু অহৰহ উদ্ভাৱনেৰে এই খণ্ডটো দ্ৰুতগতিত বিকশিত হৈছে।

এই বিকাশৰ ধাৰা অব্যাহত ৰাখিবলৈ আৰু উদ্ভাৱনীয়তাৰ এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ ভাৰত চৰকাৰে ২০১৬ চনৰ ১৫ ফেব্ৰুৱাৰীত ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট ফাণ্ড চমুকৈ EDF আৰম্ভ কৰে। এই পুঁজিৰ মূল লক্ষ্য হৈছে ইলেক্ট্ৰনিক্স, নেন’-ইলেক্ট্ৰনিক্স, আৰু তথ্য প্ৰযুক্তিৰ গৱেষণা, বিকাশ, আৰু উদ্যোগীকৰণক সহায় কৰা।

Daughter Fund কি?
Daughter Fund হৈছে ছেবিৰ অধীনত পঞ্জীয়নভুক্ত এক বিনিয়োগ পুঁজি যিয়ে ইলেক্ট্ৰনিক্স উন্নয়ন পুঁজিৰ দৰে মূল “mother fund” বা “fund of funds”ৰ পৰা ধন লাভ কৰে। ইয়াৰ পিছত এই পুঁজিসমূহে লাভ কৰা এই ধন ইলেক্ট্ৰনিকছ আৰু IT ৰ নতুন প্ৰযুক্তি বিকশিত কৰা ষ্টাৰ্টআপ আৰু কোম্পানীকে ধৰি নিৰ্বাচিত ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰে।

EDF এ mother fund বা fund of funds হিচাপে কাম কৰে, অৰ্থাৎ ই প্ৰাৰম্ভিক পৰ্যায়ৰ এঞ্জেল আৰু ভেঞ্চাৰ ফাণ্ডৰ দৰে পেছাদাৰীভাৱে পৰিচালিত Daughter Funds ত বিনিয়োগ কৰে। তাৰ পিছত এই Daughter Funds সমূহে নতুন প্ৰযুক্তি নিৰ্মাণ কৰা ষ্টাৰ্টআপ আৰু কোম্পানীসমূহক ৰিস্ক কেপিটেল দিয়ে। এই প্ৰক্ৰিয়াৰ জৰিয়তে EDF এ ভাৰতত উদ্ভাৱন, পণ্যৰ ডিজাইন, আৰু বৌদ্ধিক সম্পত্তিৰ বিকাশক প্ৰসাৰিত কৰা এক শক্তিশালী আৰু স্বয়ংসমৰ্থিত ইলেক্ট্ৰনিকছ পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

লক্ষ্য আৰু কৌশলগত উদ্দেশ্য

ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি খণ্ডত উদ্ভাৱন আৰু গৱেষণাৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিবলৈ EDF স্থাপন কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে অত্যাধুনিক প্ৰযুক্তি বিকাশত নিয়োজিত ষ্টাৰ্টআপ আৰু কোম্পানীসমূহক ৰিস্ক কেপিটেল প্ৰদান কৰা পুঁজিসমূহক সহায় কৰি পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা।

মূল উদ্দেশ্যসমূহৰ ভিতৰত আছে:

  • উদ্ভাৱন আৰু অনুসন্ধান আৰু বিকাশৰ প্ৰসাৰ: বজাৰ-চালিত আৰু উদ্যোগ-নেতৃত্বাধীন উদ্ভাৱনক উৎসাহিত কৰি ইলেক্ট্ৰনিক্স, নেন’-ইলেক্ট্ৰনিক্স, আৰু তথ্য প্ৰযুক্তিৰ গৱেষণা আৰু বিকাশত সহায় কৰা।
  • Daughter Funds ক সহায় কৰা: পেছাদাৰীভাৱে পৰিচালিত Daughter Funds ত বিনিয়োগ কৰা, যেনে প্ৰাৰম্ভিক পৰ্যায়ৰ এঞ্জেল আৰু ভেঞ্চাৰ ফাণ্ড, যি তাৰ পিছত ষ্টাৰ্টআপ আৰু প্ৰযুক্তি-চালিত কোম্পানীসমূহক মূলধন প্ৰদান কৰে।
  • পণ্য আৰু প্ৰযুক্তি বিকাশক উৎসাহিত কৰা: ভাৰতৰ ভিতৰত নতুন সামগ্ৰী, প্ৰক্ৰিয়া, আৰু প্ৰযুক্তি বিকশিত কৰা কোম্পানীসমূহক সহায় কৰি উদ্যোগীকৰণক প্ৰসাৰ কৰা।
  • থলুৱা ডিজাইন সামৰ্থ্য শক্তিশালীকৰণ: বিশেষকৈ ইলেক্ট্ৰনিক্স চিষ্টেম ডিজাইন এণ্ড মেনুফেকচাৰিং (ESDM) খণ্ডত থলুৱাভাৱে ইলেক্ট্ৰনিকছৰ ডিজাইন আৰু বিকাশৰ দিশত ভাৰতৰ ক্ষমতা উন্নত কৰা।
  • ৰাষ্ট্ৰীয় বৌদ্ধিক সম্পদ গঢ়ি তোলা: গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত বৌদ্ধিক সম্পদৰ এক শক্তিশালী ভিত্তি সৃষ্টি কৰা আৰু উদ্ভাৱনৰ ভাৰতীয় মালিকীস্বত্বক প্ৰসাৰ কৰা।
  • কৌশলগত অধিগ্ৰহণৰ সুবিধা প্ৰদান: বিদেশী প্ৰযুক্তি আৰু কোম্পানীসমূহৰ অধিগ্ৰহণত সহায় কৰা, যিয়ে ভাৰতৰ সামগ্ৰী বৃহৎ পৰিমাণে আমদানি কৰে, আত্মনিৰ্ভৰশীলতাক প্ৰসাৰ কৰা আৰু আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰা।

 

পুঁজিৰ উল্লেখযোগ্য কাৰ্য্যকৰী বৈশিষ্ট্য

ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট ফাণ্ডে (EDF) পেছাদাৰীভাৱে পৰিচালিত গাঁথনিৰ জৰিয়তে কাম কৰে, যিয়ে ইলেক্ট্ৰনিক্স আৰু আই টি খণ্ডত দক্ষ বিনিয়োগ আৰু উদ্ভাৱনক উদগনি যোগায়ইয়াৰ সামগ্ৰিক গাঁথনিটোৱে স্বচ্ছতা, বজাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি ক্ষীপ্ৰ সঁহাৰি, আৰু ধনৰ কৌশলগত ব্যৱহাৰ নিশ্চিত কৰে।

কাৰ্যকৰী গাঁথনিত এক আলোকপাত
এংকৰ ইনভেষ্টৰ: ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY), ভাৰত চৰকাৰ
ন্যাসৰক্ষী আৰু চেটলাৰ/পৃষ্ঠপোষক: কানাড়া বেংক, এটা আগশাৰীৰ ৰাজহুৱা খণ্ডৰ বেংক
বিনিয়োগ পৰিচালক: কেনবেংক ভেঞ্চাৰ কেপিটেল ফাণ্ডছ লিমিটেড (CVCFL), কানাড়া বেংকৰ ১০০% সহযোগী প্ৰতিষ্ঠান।

 

 

আঁচনিৰ অধীনত সমৰ্থিত প্ৰতিটো Daughter Fund ভাৰতত পঞ্জীয়নভুক্ত হ’ব লাগিব আৰু প্ৰথম বা দ্বিতীয় শ্ৰেণীৰ AIF হিচাপে SEBI (বিকল্প বিনিয়োগ পুঁজি) নিয়মাৱলী, ২০১২ কে ধৰি সকলো প্ৰাসংগিক আইন মানি চলিব লাগিব। ইয়াৰ দ্বাৰা নিশ্চিত কৰা হয় যে প্ৰতিটো অংশগ্ৰহণকাৰী পুঁজিয়ে এটা সঠিক নিয়ন্ত্ৰণ গাঁথনিৰ ভিতৰত কাম কৰে আৰু গৱেষণা, উদ্যোগীকৰণ, আৰু প্ৰযুক্তিগত বিকাশৰ প্ৰসাৰৰ বাবে EDF ৰ বিস্তাৰিত লক্ষ্যৰ সৈতে সংগতি ৰাখে

মূল বৈশিষ্ট্যসমূহ:

EDF এ অনা-বিশেষ বা নন-এক্সক্লুছিভ ভিত্তিত Daughter Fund-ত বিনিয়োগ কৰে, যিয়ে সমগ্ৰ উদ্যোগটোত ব্যাপক সহযোগিতা আৰু অংশগ্ৰহণৰ অনুমতি দিয়ে।

Daughter Fund ৰ মুঠ কৰ্পাছত EDF ৰ অৱদান বজাৰৰ প্ৰয়োজনীয়তা আৰু EDF ৰ নীতি নিৰ্দেশনা অনুসৰি বিনিয়োগ পৰিচালকৰ পুঁজি পৰিচালনা কৰাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে।

EDF এ সাধাৰণতে প্ৰতিটো Daughter Fund ত সংখ্যালঘুৰ অংশীদাৰিত্ব ৰাখে, যিয়ে অধিক ব্যক্তিগত বিনিয়োগ আকৰ্ষণ কৰাত সহায় কৰে আৰু পেছাদাৰী পুঁজি পৰিচালনাত সহায় কৰে।

Daughter Fund ৰ বিনিয়োগ পৰিচালকসকলৰ হাতত কৰ্পাছ উত্থাপন, বিনিয়োগৰ সিদ্ধান্ত লোৱা, আৰু তেওঁলোকৰ পৰ্টফলিঅ’ কোম্পানীসমূহৰ কাম-কাজ নিৰীক্ষণ কৰাৰ স্বাধীনতা থাকে।

ইলেক্ট্ৰনিক্স, তথ্য প্ৰযুক্তি, আৰু আনুষংগিক পৰিৱেশ তন্ত্ৰৰ সম্পূৰ্ণ মূল্য শৃংখলত EDF ৰ অংশগ্ৰহণ উপলব্ধ, যাৰ ফলত বহল আৰু ব্যাপক খণ্ডৰ কভাৰেজ নিশ্চিত কৰা হয়।

বিনিয়োগ পৰিচালক বিশদভাৱে আৰু যথাযথভাৱে আতিগুৰি মাৰি পৰীক্ষা কৰাৰ পিছত কন্যা পুঁজিৰ চূড়ান্ত নিৰ্বাচন কৰা হয়।

 

সাফল্য আৰু প্ৰভাৱ

ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট ফাণ্ডে (EDF) ভাৰতৰ উদ্ভাৱন পৰিৱেশ তন্ত্ৰক সহায় কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়াৰ অৱদানকাৰীৰ পৰা মুঠ ২১৬.৩৩ কোটি টকা লাভ কৰিছে, ইয়াৰে ২১০.৩৩ কোটি টকা আহিছে MeitY ৰ পৰা।

সমৰ্থিত ষ্টাৰ্টআপসমূহে ইণ্টাৰনেট অৱ থিংছ (IoT), ৰবটিক্স, ড্ৰ’ন, স্বয়ংচালিত বাহন, হেল্থটেক, চাইবাৰ সুৰক্ষা, আৰু কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিঙৰ দৰে অত্যাধুনিক ক্ষেত্ৰসমূহত কাম কৰে, যিয়ে ভাৰতক উন্নত প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে স্থান দিয়াত সহায় কৰে।

 

ক্ৰম

Daughter Fund-ৰ নাম

EDF -য়ে বিনিয়োগ কৰা ধনৰ পৰিমাণ (কোটি টকা)

Daughter Fund বিনিয়োগ (কোটি টকা)

পুঁজি যোগান ধৰা ষ্টাৰ্টআপৰ মুঠ সংখ্যা

1

ইউনিকৰ্ণ ইণ্ডিয়া ভেঞ্চাৰ্ছ ট্ৰাষ্ট

১৫.৮২

৬৩.৬৪

১৭

2

আৰুহা প্ৰযুক্তি পুঁজি - ১

৬.৭৫

২৬.২২

১৩

3

এণ্ডিয়া বীজ সহ-সৃষ্টি পুঁজি

৩০.00

১৩৭.০৩

১২

4

কাৰ্চেমভেন পুঁজি

২৪.00

৮৩.৪৩

১৭

5

পি আই ভেঞ্চাৰ্ছ ফাণ্ড ১

১৫.00

১৮৬.৫৩

১৫

6

ইউৰনেষ্ট ইণ্ডিয়া ভিচি ফাণ্ড ২

৪৩.১৫

১৮৫.৫৪

১৯

7

ভেঞ্চাৰএষ্ট প্ৰঅ্যাক্টিভ ফাণ্ড - ২

৯৭.৭৫

৪২৫.৭

১৮

8

এক্সফিনিটি টেকন'লজি ফাণ্ড ছিৰিজ ২

২৫.৩০

২২৭.৬৮

১৭

মুঠ

 

২৫৭.৭৭

১৩৩৫.৭৭

১২৮

 

৩০ ছেপ্টেম্বৰ ২০২৫ তাৰিখলৈ:

EDF এ ৮টা ড’টাৰ ফাণ্ডত ২৫৭.৭৭ কোটি টকা বিনিয়োগ কৰা হৈছে।

এই Daughter Fund সমূহে ১২৮টা ষ্টাৰ্টআপ আৰু ভেঞ্চাৰত ১,৩৩৫.৭৭ কোটি টকাৰ অধিক বিনিয়োগ কৰিছে।

এই ফাণ্ডসমূহৰ দ্বাৰা সমৰ্থিত ষ্টাৰ্টআপসমূহে উচ্চ প্ৰযুক্তি খণ্ডত ২৩,৬০০ৰো অধিক চাকৰিৰ সৃষ্টি কৰিছে।

এই ফাণ্ডসমূহৰ দ্বাৰা সমৰ্থিত ষ্টাৰ্টআপসমূহে মুঠ ৩৬৮টা বৌদ্ধিক সম্পত্তি (IP) সৃষ্টি বা অধিগ্ৰহণ কৰিছে।

সমৰ্থিত ১২৮টা ষ্টাৰ্টআপৰ ভিতৰত, Daughter Fund-য়ে ৩৭টা বিনিয়োগৰ পৰা ওলাই আহিছে।

EDF এ পুঁজি সমৰ্থনৰ পৰা সম্পূৰ্ণ ওলাই অহা আৰু আংশিকভাৱে ওলাই অহাৰ যোগেদি মুঠ ১৭৩.৮৮ কোটি টকা লাভ কৰিছে।

 

সামৰণি

ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু আই টি খণ্ডত উদ্ভাৱন আৰু উদ্যোগীকৰণক উদগনি যোগোৱাত ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট ফাণ্ডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ৰিস্ক কেপিটেল ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰি ই উন্নত প্ৰযুক্তিৰ ওপৰত কাম কৰা ষ্টাৰ্টআপসমূহক সহায় কৰিছে আৰু থলুৱা ডিজাইন আৰু বৌদ্ধিক সম্পত্তি সৃষ্টিৰ সম্প্ৰসাৰণতো অৰিহণা যোগাইছে। পুঁজিৰ স্বচ্ছ আৰু পেছাদাৰী পৰিচালনা ব্যৱস্থাই বিনিয়োগকাৰীৰ মাজত আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰিছে আৰু দেশত এক উজ্জীৱিত, আত্মনিৰ্ভৰশীল ইলেক্ট্ৰনিকছ ইকোছিষ্টেম বা পৰিৱেশৰ ভেটি শক্তিশালী কৰিছে।

 

সমল:

MEITY:

https://www.meity.gov.in/static/uploads/2024/12/10fcadec462c330211502fed3d24ea83.pdf

https://www.meity.gov.in/static/uploads/2024/03/EDF_Booklet.pdf

https://www.edfindia-canbankventure.com/PDFfiles/BROCHURE.pdf

https://sansad.in/getFile/loksabhaquestions/annex/7/AS97.pdf?source=pqals

https://sansad.in/getFile/loksabhaquestions/annex/184/AU5268_QGs0uj.pdf?source=pqals

https://sansad.in/getFile/loksabhaquestions/annex/1715/AU706.pdf?source=pqals

****

DPS/RD

(Explainer ID: 156128) आगंतुक पटल : 40
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Gujarati , Kannada , Kannada