Technology
গৱেষণা আৰু উদ্ভাৱন খণ্ডত ভাৰতৰ অভূতপূৰ্ব বিকাশ
১ লাখ কোটি টকাৰ RDI আঁচনিয়ে ভাৰতৰ গৱেষণা আৰু উন্নয়ন অভিযানক উত্তৰণ কৰিছে
Posted On:
04 NOV 2025 5:13PM
|
মুখ্য তথ্য
১ লাখ কোটি টকাৰ RDI আঁচনি আৰম্ভ যিয়ে ব্যক্তিগত খণ্ডৰ উদ্ভাৱনক উদগনি দিব।
গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ ব্যয় ২০১০–১১ চনত ৬০,১৯৬ কোটি টকাৰ পৰা ২০২০–২১ চনত ১.২৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
গৱেষণা আৰু উন্নয়ণৰ মুঠ ব্যয়ৰ ৪৩.৭% অৰিহণা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দিয়া যাব ।
|
পাতনি
উদ্ভাৱন আৰু বিকাশৰ ওপৰত ৰাষ্ট্ৰীয়ভাৱে শক্তিশালী মনোনিৱেশৰ দ্বাৰা পৰিচালিত ভাৰতৰ গৱেষণা আৰু উন্নয়ন (R&D) ব্যৱস্থা দ্ৰুতগতিত সলনি হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত ব্যয় ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, শক্তিশালী নীতি, পৰিকল্পিত পুঁজি, আৰু উন্নত প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত হৈছে। ইয়াৰ দ্বাৰা ভাৰতে গৱেষণা আৰু উদ্ভাৱনৰ জৰিয়তে ডাঙৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা আত্মনিৰ্ভৰশীল, জ্ঞানভিত্তিক অৰ্থনীতি হোৱাৰ লক্ষ্য প্ৰতিফলিত হৈছে।

চৰকাৰে বিকশিত ভাৰত@২০৪৭ৰ বাবে গৱেষণা আৰু উন্নয়ন (R&D)ক নিজৰ দৃষ্টিভংগীৰ এক মূল অংশ হিচাপে গঢ়ি তুলিছে। ই স্বীকৃতি দিছে যে স্বাস্থ্য, শক্তি, ডিজিটেল ৰূপান্তৰ বা ডিজিটেল ট্ৰান্সফৰ্মেশ্যন, আৰু উৎপাদন আদি ক্ষেত্ৰত অগ্ৰগতিৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি অতি প্ৰয়োজনীয়। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড উভয়ৰে অধিক অংশগ্ৰহণক উৎসাহিত কৰি, বিশ্ববিদ্যালয় আৰু উদ্যোগসমূহৰ মাজত অধিক শক্তিশালী সংযোগ গঢ়ি তুলি, আৰু নতুন প্ৰযুক্তিৰ প্ৰসাৰ ঘটাই ভাৰতে এক সজীৱ উদ্ভাৱন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা হৈছে। দেশখন আগবাঢ়ি যোৱাৰ লগে লগে বহনক্ষম আৰু সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব।
ভাৰতৰ গৱেষণা আৰু উন্নয়ণৰ ব্যয় আৰু বিকাশৰ প্ৰৱণতা
যোৱা দশকত গৱেষণা আৰু উদ্ভাৱনৰ প্ৰতি ভাৰতৰ সমৰ্থন ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। শক্তিশালী চৰকাৰী নীতি আৰু চলি থকা প্ৰতিষ্ঠানিক সংস্কাৰৰ ফলত দেশত গৱেষণা আৰু উন্নয়ন (R&D)ৰ বাবে ব্যয় ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা দেখা গৈছে।

মূল প্ৰৱণতা আৰু পৰিসংখ্যা:
- গৱেষণা আৰু উন্নয়নৰ বাবে ভাৰতৰ ব্যয় (GERD) যোৱা দহ বছৰত ২০১০–১১ চনত ৬০,১৯৬.৭৫ কোটি টকাৰ পৰা ২০২০–২১ চনত ১,২৭,৩৮০.৯৬ কোটি টকালৈ দুগুণতকৈও অধিক বৃদ্ধি পাইছে।
- গৱেষণা আৰু উন্নয়ণৰ ওপৰত জনমূৰি ব্যয় ২০০৭–০৮ চনত ২৯.২ PPP$ ৰ পৰা ২০২০–২১ চনত ৪২.০ PPP$ লৈ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। (PPP মানে হৈছে Purchasing Power Parity, যিয়ে খৰচৰ তুলনা অধিক সঠিক কৰিবলৈ দেশসমূহৰ মাজত মূল্যৰ পাৰ্থক্যৰ বাবে সামঞ্জস্য স্থাপন কৰে।)
- ভাৰতৰ গৱেষণা আৰু উন্নয়নৰ বাবে (GERD) মুঠ ব্যয়ৰ প্ৰায় ৬৪% চৰকাৰী খণ্ডই অৰিহণা যোগায়, আনহাতে ব্যক্তিগত খণ্ডই প্ৰায় ৩৬% অৰিহণা যোগায়।
- আমেৰিকাৰ NSF ৰ দ্বাৰা বিজ্ঞান আৰু অভিযান্ত্ৰিক (S&E) সূচক ২০২২ অনুসৰি ভাৰতে ২০১৮–১৯ চনত ৪০,৮১৩ টা ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে, ইয়াৰে ২৪,৪৭৪ (৬০%) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত। S&E PhD ৰ ক্ষেত্ৰত আমেৰিকা (৪১,০৭১) আৰু চীন (৩৯,৭৬৮)ৰ পিছতে ভাৰতে বিশ্বৰ ভিতৰতে ৩য় স্থান লাভ কৰিছে।
- ভাৰতত দাখিল কৰা পেটেণ্টৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে, ২০২০–২১ চনত ২৪,৩২৬ৰ পৰা ২০২৪–২৫ চনত ৬৮,১৭৬লৈ বৃদ্ধি পাইছে, যিয়ে ঘৰুৱা উদ্ভাৱন আৰু সৃষ্টিশীলতাৰ প্ৰবল উত্থান দেখুৱাইছে।
গৱেষণা, উন্নয়ণ আৰু উদ্ভাৱন (RDI) আঁচনি
২০২৫ চনৰ ৩ নৱেম্বৰত আৰম্ভ হোৱা ১ লাখ কোটি টকা পুঁজিৰ গৱেষণা উন্নয়ন আৰু উদ্ভাৱন (RDI) আঁচনি হৈছে ভাৰতৰ গৱেষণা আৰু উন্নয়ন পৰিৱেশতন্ত্ৰক উন্নীত কৰাৰ ক্ষেত্ৰত এক ডাঙৰ মাইলৰ খুঁটি। এই আঁচনিৰ লক্ষ্য হৈছে এক শক্তিশালী, ব্যক্তিগত খণ্ডৰ নেতৃত্বাধীন উদ্ভাৱনৰ পৰিৱেশ গঢ়ি তোলা, যিয়ে দেশৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত বিকাশ ক্ষীপ্ৰতাৰে কৰিব পাৰিব।
|
উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (ESTIC) ২০২৫
২০২৫ চনৰ ৩ নৱেম্বৰত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (ESTIC) ২০২৫ উদ্বোধনৰ সময়ত গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন (RDI) আঁচনিখন আৰম্ভ কৰা হৈছিল।
ESTIC-২০২৫ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৩ৰ পৰা ৫ নৱেম্বৰ, ২০২৫ তাৰিখলৈ অনুষ্ঠিত হৈছে। বৈজ্ঞানিক সহযোগিতা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে ভাৰতৰ আগশাৰীৰ বাৰ্ষিক মঞ্চ হিচাপে সজাই তোলা কৰা এই অনুষ্ঠানত শৈক্ষিক, গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ, আৰু চৰকাৰৰ ৩,০০০ৰো অধিক অংশগ্ৰহণকাৰীক একত্ৰিত কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত নোবেল বঁটা বিজয়ী, শীৰ্ষ বিজ্ঞানী, উদ্ভাৱক, নীতি নিৰ্ধাৰকসকলো আছে, যাৰ ফলত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ বাবে ই এক ডাঙৰ সমাৱেশ হিচাপে চিহ্নিত হৈছে।
“বিকশিত ভাৰত ২০৪৭ – অগ্ৰণী বহনক্ষম উদ্ভাৱন, প্ৰযুক্তিগত উন্নতি আৰু সবলীকৰণ” শীৰ্ষক ESTIC-2025-এ নোবেল বঁটা বিজয়ী আৰু বিশ্ব বিশেষজ্ঞসকলৰ এক পূৰ্ণাংগ আলোচনাৰ জৰিয়তে আগশাৰীৰ চিন্তাবিদসকলক একত্ৰিত কৰে। এই অনুষ্ঠানত ১১টা কাৰিকৰী অধিবেশন, আলোচনাচক্ৰ, ৩৫ৰো অধিক ডিপ-টেক ষ্টাৰ্ট-আপৰ প্ৰদৰ্শনী, আৰু উদ্ভাৱন আৰু সহযোগিতাৰ প্ৰসাৰৰ বাবে যুৱ বিজ্ঞানীসকলৰ বিভিন্ন পোষ্টাৰ উপস্থাপন কৰা হয়। এই অনুষ্ঠানসমূহৰ লক্ষ্য হৈছে উদ্ভাৱনক উৎসাহিত কৰা, সহযোগিতা শক্তিশালী কৰা, আৰু বিকশিত ভাৰত @২০৪৭ লাভৰ পথত বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে ভাৰতৰ দৃষ্টিভংগীক পথ প্ৰদৰ্শন কৰা।
|
উদ্ভাৱনক প্ৰসাৰিত কৰাত আৰু গৱেষণাক বাণিজ্যিকীকৰণত ব্যক্তিগত খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি RDI আঁচনিয়ে কম বা শূন্য সুতৰ হাৰত দীৰ্ঘম্যাদী ঋণ বা আৰ্থিক সহায় আগবঢ়ায়। লক্ষ্য হৈছে অধিক ব্যক্তিগত কোম্পানীক গৱেষণা, উন্নয়ন, আৰু উদ্ভাৱনত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰা, বিশেষকৈ নতুন আৰু গুৰুত্বপূৰ্ণ খণ্ডত।
এই আঁচনিখনে বিকাশ আৰু ৰিস্ক কেপিটেল (risk capital) প্ৰদান কৰি ব্যক্তিগত গৱেষণাৰ বাবে পুঁজিৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সহায় কৰে। ইয়াৰ লক্ষ্য হৈছে উদ্ভাৱনক সহায়-সমৰ্থন কৰা, নতুন প্ৰযুক্তিৰ ব্যৱহাৰক উৎসাহিত কৰা, আৰু উদীয়মান খণ্ডসমূহত প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰা।

RDI আঁচনিৰ মূল লক্ষ্যসমূহ হ’ল -
- ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰা: অৰ্থনৈতিক বৃদ্ধি, ৰাষ্ট্ৰীয় নিৰাপত্তা, আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে অপৰিহাৰ্য নতুন আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গৱেষণা, উন্নয়ন, আৰু উদ্ভাৱন সম্প্ৰসাৰণ কৰা।
- পৰিৱৰ্তনশীল প্ৰকল্পৰ বিত্তীয় সাহায্য: ধাৰণা পৰ্যায়ৰ পৰা বাস্তৱ জগতৰ প্ৰয়োগলৈ দ্ৰুতভাৱে আগবাঢ়িব পৰা আৰু বজাৰত ক্ষীপ্ৰতাৰে উপনীত হ’ব পৰা উন্নত প্ৰযুক্তি প্ৰকল্পৰ বাবে পুঁজিৰ ব্যৱস্থা কৰা।
- জটিল প্ৰযুক্তিসমূহ অধিগ্ৰহণত সহায় কৰা: দেশৰ কৌশলগত আৰু উন্নয়নমূলক প্ৰয়োজনীয়তাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহৰ প্ৰৱেশ লাভ কৰাত সহায় কৰা।
- ডিপ-টেক ফাণ্ড অৱ ফাণ্ডৰ সুবিধা প্ৰদান কৰা: উদ্ভাৱন আৰু উন্নত প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ডিপ-টেক ষ্টাৰ্ট-আপ আৰু ব্যৱসায়ৰ বাবে এক শক্তিশালী বিত্তীয় সহায় ব্যৱস্থা গঢ়ি তোলা।
উদ্ভাৱনৰ বাবে প্ৰতিষ্ঠানিক আৰু নীতিৰ পৰিকাঠামো
ভাৰতৰ উদ্ভাৱন যাত্ৰাক এক শক্তিশালী প্ৰতিষ্ঠানিক কাঠামো আৰু দূৰদৰ্শী নীতিগত ব্যৱস্থাৰ দ্বাৰা পৰিচালনা কৰা হৈছে। শেহতীয়া বছৰবোৰত চৰকাৰে বৈজ্ঞানিক গৱেষণাক উন্নীত কৰিবলৈ, ব্যক্তিগত খণ্ডৰ জড়িত হোৱাক উৎসাহিত কৰিবলৈ, আৰু প্ৰযুক্তি-চালিত বিকাশৰ বাবে এক সহায়ক পৰিৱেশ সৃষ্টি কৰিবলৈ কেইবাটাও সংস্কাৰ প্ৰৱৰ্তন কৰিছে। এই প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে ভাৰতক উদীয়মান ক্ষেত্ৰসমূহৰ গৱেষণা, উদ্ভাৱন, আৰু উদ্যোগীকৰণৰ এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলা।
অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাস (ANRF)
অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাস আইন, ২০২৩ (২০২৩ চনৰ ২৫) ৰ অধীনত গঠন কৰা হৈছিল আৰু ২০২৪ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। ই বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত গৱেষণা, উদ্ভাৱন, আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ বাবে সামগ্ৰিক কৌশলগত নিৰ্দেশনা প্ৰদান কৰে।
ন্যাসে ২০২৩ চনৰ পৰা ২০২৮ চনৰ ভিতৰত ANRF পুঁজি, উদ্ভাৱন পুঁজি, বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পুঁজি, বিশেষ উদ্দেশ্যৰ পুঁজিকে ধৰি বিভিন্ন উৎসৰ পৰা ৫০ হাজাৰ কোটি টকা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰে ১৪ হাজাৰ কোটি টকা কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিব, বাকীখিনি বেচৰকাৰী উৎস যেনে উদ্যোগ আৰু দাঁতাৰ পৰা আহিব। ANRF ৰ লক্ষ্য হৈছে শিক্ষা আৰু উদ্যোগৰ মাজত সহযোগিতা শক্তিশালী কৰা আৰু ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহক সমৰ্থন কৰাৰ লগতে উচ্চ প্ৰভাৱৰ গৱেষণাক প্ৰসাৰিত কৰা।
ৰাষ্ট্ৰীয় ভূ-স্থানীয় নীতি, ২০২২
২০২২ চনৰ ২৮ ডিচেম্বৰত ঘোষণা কৰা ৰাষ্ট্ৰীয় ভূ-স্থানীয় নীতিৰ লক্ষ্য হৈছে ২০৩৫ চনৰ ভিতৰত ভাৰতক ভূ-স্থানীয় খণ্ডত বিশ্বৰ ভিতৰতে আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলা। এই নীতিয়ে ভূ-স্থানীয় তথ্য আহৰণ সহজ কৰি তোলে আৰু শাসন, ব্যৱসায়, আৰু গৱেষণাত ইয়াৰ ব্যৱহাৰক উৎসাহিত কৰে। ইয়াৰ উপৰিও ই ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দুয়োটা পৰ্যায়তে শক্তিশালী ভূ-স্থানীয় আন্তঃগাঁথনি, সেৱা, আৰু মঞ্চ বিকশিত কৰাত গুৰুত্ব আৰোপ কৰে।
নীতিৰ এটা মূল লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত সমগ্ৰ দেশৰ বাবে হাই-ৰিজ’লিউশ্যনৰ ভূ-প্ৰকৃতিৰ জৰীপ আৰু মেপিং ব্যৱস্থা আৰু এক বিস্তৃত ডিজিটেল উচ্চতা আৰ্হি সৃষ্টি কৰা। এই নীতিটোৱে নাগৰিককেন্দ্ৰিক পদ্ধতি গ্ৰহণ কৰে, যাতে ৰাজহুৱা ধন ব্যৱহাৰ কৰি সৃষ্টি কৰা তথ্যসমূহ নাগৰিক, গৱেষক, ব্যৱসায়ীকে ধৰি সকলোৰে বাবে মুকলি আৰু সহজে উপলব্ধ হোৱাটো নিশ্চিত কৰা হয়।
ভাৰতৰ মহাকাশ নীতি, ২০২৩
২০২৩ চনত অনুমোদিত ভাৰতীয় মহাকাশ নীতিয়ে ভাৰতৰ মহাকাশ খণ্ডৰ বিকাশৰ বাবে এক স্পষ্ট আৰু প্ৰগতিশীল কাঠামো আগবঢ়াইছে। ইয়াক ২০২০ চনৰ মহাকাশ সংস্কাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে, যিয়ে ব্যক্তিগত আৰু বেচৰকাৰী সংস্থা বা পক্ষসমূহে আৰম্ভণিৰ পৰা শেষলৈকে মহাকাশ কাৰ্য্যকলাপত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিছিল। এই নীতিয়ে ভাৰতৰ মহাকাশ সামৰ্থ্য শক্তিশালী কৰা, শক্তিশালী বাণিজ্যিক মহাকাশ উদ্যোগক উৎসাহিত কৰা, আৰু ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতা প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰিও ইয়াৰ লক্ষ্য হৈছে সামাজিক আৰু অৰ্থনৈতিক বৃদ্ধিত সহায় কৰা, পৰিৱেশ সুৰক্ষিত কৰা, আৰু মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰ আৰু অন্বেষণ নিশ্চিত কৰা।
এই নীতিৰ এটা মূল অংশ হৈছে IN-SPACe নামৰ এটা স্বতন্ত্ৰ চৰকাৰী সংস্থা গঠন কৰা যিয়ে মহাকাশ কাৰ্যকলাপৰ প্ৰচাৰ, পথ প্ৰদৰ্শন আৰু অনুমোদন কৰাত সহায় কৰে। IN-SPACe এ মহাকাশ সম্পৰ্কীয় কাম সহজ কৰি তুলিবলৈ নিয়ম নিৰ্ধাৰণ কৰে আৰু ভাৰতৰ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলোৰে বাবে ন্যায্য সুযোগ নিশ্চিত কৰে।
BioE3 নীতি, ২০২৪
২০২৪ চনৰ আগষ্ট মাহত অনুমোদিত BioE3 নীতিয়ে ভাৰতৰ জৈৱ প্ৰযুক্তি খণ্ডত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। BioE3 নামটোৰ অৰ্থ হৈছে অৰ্থনীতি, পৰিৱেশ, আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি। এই নীতিৰ লক্ষ্য হৈছে ছটা মূল ক্ষেত্ৰত গৱেষণা, উদ্ভাৱন, আৰু উদ্যোগীকৰণক প্ৰসাৰ কৰা। ইয়াৰ উপৰিও ই প্ৰযুক্তি বিকাশ আৰু ইয়াৰ বাণিজ্যিক ব্যৱহাৰ ত্বৰান্বিত কৰিবলৈ বায়’মেনুফেকচাৰিং আৰু Bio-AI কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় বায়’ফাউণ্ড্ৰি নেটৱৰ্কৰ বিকাশত সহায় কৰে।
এই নীতিয়ে বহনক্ষম আৰু বৃত্তাকাৰ অৰ্থনীতিক সমৰ্থন কৰিবলৈ জৈৱ উদ্যোগসমূহৰ বিকাশক উৎসাহিত কৰে। ই জলবায়ু পৰিৱৰ্তন, খাদ্য সুৰক্ষা, আৰু জনস্বাস্থ্যৰ দৰে ডাঙৰ ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰাত গুৰুত্ব আৰোপ কৰে, একে সময়তে উন্নত জৈৱ-ভিত্তিক উদ্ভাৱনসমূহক পৰিচালিত কৰা এক শক্তিশালী জৈৱ-উৎপাদন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলে।
অটল উদ্ভাৱন অভিযান (AIM) ২.০
২০১৬ চনত নীতি আয়োগৰ অধীনত আৰম্ভ হোৱা অটল উদ্ভাৱন অভিযান (AIM) হৈছে দেশজুৰি উদ্ভাৱন আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ বাবে ভাৰতৰ এক অভিলাষী কাৰ্যসূচী। ইয়াৰ লক্ষ্য হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমস্যা সমাধান আৰু সৃষ্টিশীল মানসিকতা গঢ়ি তোলা আৰু MSME কে ধৰি বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, আৰু উদ্যোগসমূহত উদ্যোগীকৰণৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা। এই অভিযানে বিদ্যালয়সমূহত Atal Tinkering Lab আৰু বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান, আৰু নিগমসমূহত অটল ইনকিউবেচন চেণ্টাৰ স্থাপন কৰিছে। শেহতীয়াকৈ কেবিনেটে ২৭৫০ কোটি টকাৰ বাজেটেৰে ২০২৮ চনৰ মাৰ্চ পৰ্যন্ত ইয়াক চলি থাকিবলৈ অনুমোদন জনাইছে। শিক্ষা আৰু উদ্যোগৰ সকলো স্তৰতে উদ্ভাৱন আৰু সমস্যা সমাধানক উৎসাহিত কৰাৰ বাবে AIM-এ এক ব্যাপক পন্থা গ্ৰহণ কৰে।
AIM ২.০ৰ অধীনত মিছনে ইয়াৰ প্ৰসাৰতা আৰু অধিক ব্যাপক কৰি তোলাৰ পৰিকল্পনা কৰিছে, বৰ্তমানৰ ইনকিউবেচন নেটৱৰ্কসমূহ শক্তিশালী কৰিবলৈ, আৰু সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME)ৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। এই পদক্ষেপে যুৱ উদ্ভাৱকসকলক উৎসাহিত কৰা আৰু নতুন ষ্টাৰ্টআপবোৰক বিকশিত কৰাৰ উপৰিও সফলতা লাভ কৰাত সহায় কৰা এক পূৰ্ণাঙ্গ পৰিৱেশ তন্ত্ৰ গঢ়ি তুলি বিকশিত ভাৰতৰ দৃষ্টিভংগীক সমৰ্থন কৰে।
আগশাৰীৰ গৱেষণাক উত্তৰণ প্ৰদান ৰাষ্ট্ৰীয় অভিযানবোৰৰ
বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ বাবে ভাৰতৰ অভিযান উদীয়মান আৰু উচ্চ প্ৰভাৱসম্পন্ন খণ্ডক কেন্দ্ৰ কৰি কেইবাটাও ৰাষ্ট্ৰীয় অভিযানৰ দ্বাৰা চালিত। এই অভিযানসমূহৰ লক্ষ্য হৈছে থলুৱা গৱেষণা আৰু উন্নয়ণ ক্ষমতা শক্তিশালী কৰা, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতাক উৎসাহিত কৰা, আৰু অত্যাধুনিক ক্ষেত্ৰত উন্নত আন্তঃগাঁথনি গঢ়ি তোলা। এইবোৰে একেলগে আত্মনিৰ্ভৰশীল উদ্ভাৱন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাত সহায় কৰিছে আৰু ভাৰতক পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিৰ এক প্ৰধান শক্তি হিচাপে স্থান দিছে।
নেশ্যনেল কোৱাণ্টাম মিশ্যন (NQM)

২০২৩ চনৰ ১৯ এপ্ৰিলত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা ৰাষ্ট্ৰীয় কোৱাণ্টাম অভিযানে কোৱাণ্টাম প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৩–২৪ চনৰ পৰা ২০৩০–৩১ চনলৈকে ৬,০০৩.৬৫ কোটি টকাৰ বাজেটেৰে চলি থকা এই অভিযানৰ লক্ষ্য হৈছে কোৱাণ্টাম কম্পিউটাৰ, সুৰক্ষিত যোগাযোগ ব্যৱস্থা, আৰু উন্নত সামগ্ৰী বিকশিত কৰা। ই ভাৰতক কোৱাণ্টাম উদ্ভাৱনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শক্তিশালী কোৱাণ্টাম গৱেষণা আন্তঃগাঁথনি গঢ়ি তোলা আৰু শিক্ষাবিদ, ষ্টাৰ্টআপ, আৰু উদ্যোগসমূহৰ মাজত সহযোগিতাক উৎসাহিত কৰাত গুৰুত্ব আৰোপ কৰে।
আন্তঃশাখা চাইবাৰ-ভৌতিক ব্যৱস্থাৰ ৰাষ্ট্ৰীয় অভিযান (NM-ICPS)

২০১৮ চনৰ ৬ ডিচেম্বৰত কেবিনেটে অনুমোদন জনোৱা নেশ্যনেল মিছন অন ইন্টাৰডিচিপ্লিনেৰী চাইবাৰ-ফিজিকেল চিষ্টেম (NM-ICPS) বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে মুঠ ৩,৬৬০ কোটি টকাৰ বাজেটেৰে ৰূপায়ণ কৰি আছে। এই মিছনে কৃত্ৰিম বুদ্ধিমত্তা (AI), ৰব’টিক্স, ইণ্টাৰনেট অৱ থিংছ (IoT), আৰু চাইবাৰ সুৰক্ষাৰ দৰে অত্যাধুনিক ক্ষেত্ৰসমূহত বিকাশক প্ৰসাৰিত কৰে।
এই অভিযানৰ অধীনত শীৰ্ষ শৈক্ষিক প্ৰতিষ্ঠানসমূহত ২৫টা প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ স্থাপন কৰা হৈছে, প্ৰত্যেকেই প্ৰযুক্তিৰ এটা নিৰ্দিষ্ট ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। এই অভিযানে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে দক্ষ পেছাদাৰীসকলকো বিকশিত কৰে, উদ্যোগীকৰণক সমৰ্থন কৰে, আৰু ভাৰতক বিশ্ব প্ৰযুক্তিগত উন্নতিৰ সৈতে মিল থকাত সহায় কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ পোষকতা কৰে।
নেশ্যনেল ছুপাৰকম্পিউটিং মিশ্যন (NSM)

২০১৫ চনত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং মিছন (NSM)ৰ লক্ষ্য হৈছে ভাৰতক উচ্চ কাৰ্যক্ষম কম্পিউটিঙত স্বাৱলম্বী কৰি তোলা। এই মিছনে বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, আৰু চৰকাৰী সংস্থাসমূহক উন্নত ছুপাৰ কম্পিউটিং ব্যৱস্থা প্ৰদান কৰে, এই সকলোবোৰ ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক (NKN)ৰ জৰিয়তে সংযুক্ত হৈ অত্যাধুনিক গৱেষণা আৰু উদ্ভাৱনক সমৰ্থন কৰে।
ছুপাৰ কম্পিউটিং হাৰ্ডৱেৰ বিকাশৰ লগতে এই অভিযানে পুনে, খড়গপুৰ, চেন্নাই, পলাক্কাড়, আৰু গোৱাত পাঁচটা নিবেদিত প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে দক্ষ কৰ্মশক্তি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। এই কেন্দ্ৰসমূহে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক হাই-পাৰফৰমেন্স কম্পিউটিং (HPC) প্ৰয়োগৰ প্ৰশিক্ষণ দিয়ে, যিয়ে ভাৰতক বিশ্বব্যাপী বৈজ্ঞানিক আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে অৰিহণা যোগোৱাত সহায় কৰে।
ভাৰত অৰ্ধপৰিবাহী অভিযান (ISM)

২০২১ চনত আৰম্ভ হোৱা ভাৰত অৰ্ধপৰিবাহী অভিযান (ISM)ৰ লক্ষ্য হৈছে অৰ্ধপৰিবাহী আৰু ডিছপ্লে’ নিৰ্মাণৰ বাবে এক শক্তিশালী আৰু স্বাৱলম্বী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা। ইতিমধ্যে ৬৫,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতিৰে ৭৬,০০০ কোটি টকাৰ প্ৰডাকচন লিংকড ইনচেণ্টিভ আঁচনিৰ দ্বাৰা সমৰ্থিত এই অভিযানে বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগত ভাৰতৰ স্থান শক্তিশালী কৰিবলৈ চিপ ডিজাইন, ফেব্ৰিকেশন, আৰু উন্নত পেকেজিঙৰ বিনিয়োগক প্ৰসাৰিত কৰে।
ভাৰতে ওড়িশাত দেশৰ প্ৰথমটো বাণিজ্যিক ছিলিকন কাৰ্বাইড নিৰ্মাণৰ সুবিধাকে ধৰি ছখন ৰাজ্যৰ ১০টা অৰ্ধপৰিবাহী প্ৰকল্পত অনুমোদন জনাইছে। মুঠ ১.৬০ লাখ কোটি টকাৰ বিনিয়োগেৰে ভাৰত অৰ্ধপৰিবাহী অভিযানে দেশখনক বিশ্বব্যাপী অৰ্ধপৰিবাহী যোগান শৃংখলৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ইলেক্ট্ৰনিকছ উৎপাদনৰ অগ্ৰণী কেন্দ্ৰ হিচাপে স্থান দিছে।
গভীৰ সমূদ্ৰ অভিযান (DOM)
২০২১ চনৰ ৭ ছেপ্টেম্বৰত বিশ্ব বিজ্ঞান মন্ত্ৰালয়ে আৰম্ভ কৰা ডিপ অ’চেন মিছনে বা গভীৰ সমূদ্ৰ অভিযানে সাগৰীয় সম্পদৰ বহনক্ষম অন্বেষণ আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পাঁচ বছৰৰ ভিতৰত ৪০৭৭ কোটি টকাৰ বিনিয়োগেৰে এই অভিযানে ভাৰতৰ বিস্তৃত নীলা অৰ্থনীতিৰ দৃষ্টিভংগীৰ অধীনত বিভিন্ন খণ্ডক একত্ৰিত কৰি সমূদ্ৰভিত্তিক গৱেষণা, প্ৰযুক্তি, আৰু সম্পদ ব্যৱস্থাপনাৰ প্ৰসাৰ ঘটায়।
এই অভিযানে গভীৰ সাগৰৰ অন্বেষণ, সম্পদৰ মেপিং, আৰু সাগৰীয় জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে প্ৰযুক্তি বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ দীঘলীয়া ৭,৫১৭ কিলোমিটাৰ উপকূল আৰু ইয়াৰ গুৰুত্বপূৰ্ণ সামুদ্ৰিক অৱস্থানৰ সৈতে এই অভিযানে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ বাবে মহাসাগৰ বিজ্ঞানৰ দশকৰ অধীনত বিশ্ব লক্ষ্যকো সমৰ্থন কৰে, যিয়ে সাগৰীয় সম্পদৰ বহনক্ষম ব্যৱহাৰ আৰু সুৰক্ষাত অৰিহণা যোগায়।
ইণ্ডিয়া এআই মিশ্যন

২০২৪ চনৰ মাৰ্চ মাহত ১০,৩৭১.৯২ কোটি টকাৰ বাজেটেৰে কেবিনেটে অনুমোদন জনোৱা IndiaAI মিছনে “ভাৰতত এআই সৃষ্টি কৰা আৰু ভাৰতত এআইক কামত লগোৱা”ৰ দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰে। এই মিছনটো ক্ষীপ্ৰতাৰে আগবাঢ়িছে আৰু ইয়াৰ কম্পিউটিং ক্ষমতা প্ৰাৰম্ভিক লক্ষ্য ১০,০০০ GPU ৰ পৰা ৩৮,০০০ GPU লৈ সম্প্ৰসাৰিত কৰি ষ্টাৰ্টআপ, গৱেষক আৰু উদ্যোগৰ বাবে সুলভ এআই আন্তঃগাঁথনি নিশ্চিত কৰা হৈছে। ইয়াৰ উপৰিও এই অভিযানে এআই উদ্ভাৱন, শাসন কাঠামো, আৰু দক্ষতা বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰি ভাৰতক কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰাৰ মঞ্চ তৈয়াৰ কৰে।
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (DPI): ভাৰতৰ অনুসন্ধান আৰু বিকাশৰ দৃষ্টিভংগী ত্বৰান্বিতকৰণ
ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (DPI) দেশৰ গৱেষণা আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ এক শক্তিশালী চালক হৈ পৰিছে। প্ৰযুক্তিৰ সৈতে আহৰণযোগ্যতা, স্বচ্ছতা, আৰু দক্ষতাৰ সংমিশ্ৰণ ঘটাই, ই দ্ৰুত জ্ঞান বিনিময়, তথ্য-চালিত গৱেষণা, আৰু ডিজিটেল অৰ্থনীতিত অন্তৰ্ভুক্ত অংশগ্ৰহণ সক্ষম কৰে। DPI য়ে সমগ্ৰ দেশতে বৈজ্ঞানিক, প্ৰযুক্তিগত, আৰু উদ্যোগীকৰণৰ বৃদ্ধিৰ বাবে ভেটি হিচাপে কাম কৰে।
আন্তঃকাৰ্য্যকৰী মঞ্চ আৰু মুক্ত মানদণ্ডৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (DPI)-এ উদ্ভাৱক, গৱেষক, আৰু উদ্যোগসমূহক সহযোগিতা আৰু পৰিসৰত বৃদ্ধি কৰিবলৈ সক্ষম কৰে। মসৃণ ডিজিটেল পেমেণ্ট আৰু সুৰক্ষিত পৰিচয় পৰীক্ষণৰ পৰা আৰম্ভ কৰি দক্ষ ৰাজহুৱা সেৱা প্ৰদানলৈকে এই মঞ্চসমূহে দেখুৱাইছে যে ডিজিটেল শাসনে কেনেকৈ বৈজ্ঞানিক অগ্ৰগতি আৰু অৰ্থনৈতিক বৃদ্ধি দুয়োটাকে শক্তি প্ৰদান কৰিব পাৰে।
ভাৰতৰ কিছুমান মূল DPI ৰ ভিতৰত আছে:
ইউনিফাইড পেমেন্টছ ইন্টাৰফেচ (UPI)

২০১৬ চনত ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে (NPCI) আৰম্ভ কৰা ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছে (UPI) ভাৰতত ডিজিটেল পেমেণ্টত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। ই এটা এপৰ জৰিয়তে একাধিক বেংক একাউণ্ট সংযোগ কৰে, যাৰ ফলত তৎক্ষণাত ধন স্থানান্তৰ আৰু সহজ ব্যৱসায়িক পেমেণ্টৰ সুবিধা হয়। ২০২৫ চনৰ আগষ্ট মাহত UPI য়ে ২৪.৮৫ লাখ কোটি টকাৰ ২০ বিলিয়নতকৈ অধিক লেনদেন সম্পন্ন কৰিছিল, আৰু আজি ই ভাৰতৰ প্ৰায় ৮৫% ডিজিটেল পেমেণ্ট সম্পন্ন কৰাই নহয়, প্ৰতিমাহে প্ৰায় ১৮ বিলিয়ন লেনদেন সুচাৰুৰূপে চম্ভালিছে।

আজি ভাৰতৰ সীমান্তৰ বাহিৰলৈও ইউপিআই সম্প্ৰসাৰিত হৈছে আৰু এতিয়া সাতখন দেশত ই কাৰ্যক্ষম হৈ আছে, সেইকেইখন হৈছে ক্ৰমে ইউএই, ছিংগাপুৰ, ভূটান, নেপাল, শ্ৰীলংকা, ফ্ৰান্স, আৰু মৰিচাছ। ফ্ৰান্সত ইয়াৰ আৰম্ভণিয়ে ভাৰতৰ ডিজিটেল উদ্ভাৱনৰ প্ৰসাৰযোগ্যতা, নিৰ্ভৰযোগ্যতা আৰু বিশ্বব্যাপী প্ৰাসংগিকতাক উদ্ভাসিত কৰি তুলিছে। উল্লেখ্য যে ইয়াৰ যোগেদি ইউৰোপীয় পেমেণ্ট ব্যৱস্থাত ভাৰতৰ প্ৰথম প্ৰৱেশ সম্ভৱ হৈছে।
Co-WIN প্লেটফৰ্ম

Co-WIN (COVID Vaccine Intelligence Network) প্লেটফৰ্মে বৃহৎ পৰিসৰৰ সমন্বয়ৰ বাবে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ শক্তি প্ৰদৰ্শন কৰে। ২২০ কোটিৰো অধিক পালি টিকা প্ৰদানেৰে ই বিশ্বৰ অন্যতম বৃহৎ টিকাকৰণ অভিযান সফলতাৰে পৰিচালনা কৰিছিল। এই কো-উইনে জনস্বাস্থ্য কাৰ্য্যকলাপত স্বচ্ছতা, দক্ষতা, আৰু বাস্তৱ সময়ৰ তথ্য ব্যৱস্থাপনা নিশ্চিত কৰিছিল। ইয়াৰ সফলতাই বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে, বহু দেশে এই মঞ্চক নিজৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ বাবে আৰ্হি হিচাপে অন্বেষণ কৰিছে।
ডিজিলকাৰ

ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত ২০১৫ চনত আৰম্ভ হোৱা ডিজিলকাৰে নাগৰিকসকলক পৰীক্ষিত ডিজিটেল নথি-পত্ৰসমূহ সুৰক্ষিতভাৱে আহৰণ আৰু সংৰক্ষণৰ সুবিধা প্ৰদান কৰে। ই বিভিন্ন চৰকাৰী বিভাগে প্ৰদান কৰা প্ৰমাণ পত্ৰ আৰু চৰকাৰী অভিলেখৰ বাবে ডিজিটেল ভল্ট হিচাপে কাম কৰে। ২০২৫ চনৰ অক্টোবৰ মাহলৈকে এই প্লেটফৰ্মত ৬০.৩৫ কোটিতকৈ অধিক ব্যৱহাৰকাৰীয়ে পঞ্জীয়ন কৰিছে। শিক্ষা, নিয়োগ, আৰু গৱেষণাৰ বাবে নথিপত্ৰ প্ৰক্ৰিয়া সৰল কৰি এতিয়া ডিজিলকাৰ ডিজিটেল সবলীকৰণৰ বাবে এটা নিৰ্ভৰযোগ্য আহিলাত পৰিণত হৈছে।
আধাৰ আৰু ই-কেৱাইচি ব্যৱস্থা
আধাৰ ভিত্তিক ই-কেৱাইচি ব্যৱস্থাই বিভিন্ন খণ্ডত পৰিচয় পৰীক্ষণক সহজ, দ্ৰুত, আৰু অধিক নিৰ্ভৰযোগ্য কৰি তুলিছে। ই কাগজ-পত্ৰ হ্ৰাস কৰে, পৰীক্ষণ ক্ষিপ্ৰ কৰে, আৰু স্বচ্ছতা উন্নত কৰে। ২০২৫ চনৰ অক্টোবৰ মাহলৈকে ভাৰতে ১৪৩ কোটিৰো অধিক আধাৰ ID জাৰি কৰিছে, যাৰ ফলত প্ৰায় প্ৰতিজন নাগৰিকে নিৰাপদ ডিজিটেল পৰিচয় লাভ কৰিছে। আজি আধাৰে সেৱা প্ৰদান আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ ভেটি হিচাপে কাম কৰে, যাৰ ফলত কল্যাণমূলক আঁচনি, বেংকিং সেৱা, আৰু উদ্ভাৱন-চালিত মঞ্চৰ সহজ প্ৰৱেশ সম্ভৱ হয়।
প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (DBT)
প্ৰত্যক্ষ সুবিধা স্থানান্তৰ (DBT) ব্যৱস্থাই দেখুৱাইছে যে ডিজিটেল প্লেটফৰ্মে কেনেকৈ শাসন ব্যৱস্থাক অধিক কাৰ্যক্ষম কৰি তুলিব পাৰে। আধাৰ প্ৰমাণীকৰণৰ দ্বাৰা সমৰ্থিত DBT য়ে নিশ্চিত কৰে যে ৰাজসাহায্য আৰু কল্যাণমূলক আঁচনিৰ ধন পোনপটীয়াকৈ নাগৰিকৰ হাতলৈ যায়, যাৰ ফলত তৃতীয় পক্ষৰ হাতলৈ ধন যোৱা আৰু দুৰ্নীতি হ্ৰাস পায়। ২০১৫ চনৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত চৰকাৰে ৩.৪৮ লাখ কোটি টকাতকৈও অধিক ধন ৰাহি কৰিছিল। ২০২৫ চনৰ মে’ মাহলৈকে DBT ৰ জৰিয়তে মুঠ ট্ৰেন্সফাৰৰ পৰিমাণ ৪৩.৯৫ লাখ কোটি টকা অতিক্ৰম কৰিছিল, যাৰ ফলত ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত স্বচ্ছতা আৰু জবাবদিহিতা শক্তিশালী হৈছে।
সামৰণি
গৱেষণা, উন্নয়ন, আৰু উদ্ভাৱনৰ ওপৰত ভাৰতে ক্ৰমান্বয়ে গুৰুত্ব দিয়াটোৱে জ্ঞান আৰু প্ৰযুক্তিৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্প প্ৰকাশ কৰিছে। সাহসী নীতি, কৌশলগত বিনিয়োগ, আৰু শক্তিশালী প্ৰতিষ্ঠানিক সমৰ্থনৰ জৰিয়তে দেশখনে বিকশিত ভাৰত@২০৪৭ৰ বাবে এক সুদৃঢ় ভেটি গঢ়ি তুলিছে। ANRF, RDI আঁচনি, আৰু বিভিন্ন ৰাষ্ট্ৰীয় অভিযানৰ দৰে পদক্ষেপসমূহে অত্যাধুনিক প্ৰযুক্তিসমূহ আগুৱাই নিয়াৰ বাবে আৰু শিক্ষা আৰু উদ্যোগৰ মাজত সহযোগিতা গভীৰ কৰাৰ এক উমৈহতীয়া দৃষ্টিভংগী প্ৰতিফলিত কৰে। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (DPI) সম্প্ৰসাৰণে শাসন আৰু তথ্য ব্যৱস্থাক অধিক সুলভ, স্বচ্ছ আৰু কাৰ্যক্ষম কৰি ভাৰতৰ উদ্ভাৱন সম্ভাৱনাক আৰু অধিক বৃদ্ধি কৰিছে। এই প্ৰচেষ্টাসমূহে একেলগে ভাৰতৰ অনুসন্ধান আৰু বিকাশ পৰিৱেশ তন্ত্ৰক সৰ্বাংগীন, ভৱিষ্যতৰ বাবে সাজু, আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক পৰিৱেশ তন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে, যিয়ে বহনক্ষম বিকাশৰ সূচনা কৰিছে আৰু ভাৰতক বিজ্ঞান, প্ৰযুক্তি, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অগ্ৰণী শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে।
সমল:
DST:
Prime Minister's Office
Cabinet
Ministry of Science & Technology
Ministry of Commerce & Industry
***
DPS/RD
(Explainer ID: 156096)
आगंतुक पटल : 124
Provide suggestions / comments