• Skip to Content
  • Sitemap
  • Advance Search
Rural Prosperity

জল জীৱন অভিযান

২.০৮ লাখ কোটি টকা কেন্দ্ৰীয় ব্যয় সাপেক্ষে গ্ৰামাঞ্চলৰ ১৫.৭২ কোটিৰো অধিক ঘৰলৈ টেপৰ পানী যোগান

Posted On: 26 OCT 2025 10:26AM

মুখ্য তথ্য

  • এতিয়া গ্ৰামাঞ্চলৰ ১৫.৭২ কোটিৰো অধিক ঘৰে বিশুদ্ধ টেপৰ পানীৰ সুবিধা লাভ কৰিছে।
  • এই অভিযানৰ (২০১৯) শুভাৰম্ভণিৰ সময়ত মাত্ৰ ৩.২৩ কোটি ঘৰেহে টেপৰ পানীৰ সুবিধা লাভ কৰিছিল। তেতিয়াৰ পৰা ১২.৪৮ কোটি অতিৰিক্ত ঘৰেক সংযোগ প্ৰদানেৰে এই অভিযান ভাৰতৰ অন্যতম দ্ৰুত আন্তঃগাঁথনি সম্প্ৰসাৰণ কাৰ্য্যত পৰিণত হয়।
  • এই মিছনে ইয়াৰ ৰূপায়ণৰ সময়ছোৱাত ৩ কোটি ব্যক্তিৰ নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে, প্ৰায় ২৫ লাখ মহিলাক ফিল্ড টেষ্টিং কিট ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
  • বিশ্ব স্বাস্থ্য সংস্থা (WHO)-পূৰ্বানুমান অনুসৰি, দেশত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিলে ৪ লাখ লোকক ডায়েৰিয়াৰ পৰা মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। ইয়াৰ উপৰিও অনুমান কৰা হৈছে যে দেশত বিশুদ্ধ খোৱাপানীৰ সৰ্বজনীন কভাৰেজৰ ফলশ্ৰুতিত প্ৰায় ১৪ নিযুত লোকক DALY (অক্ষমতা-সামঞ্জস্যপূৰ্ণ জীৱন বছৰ)-ৰ পৰা ৰক্ষা কৰিব পাৰি।
  • WHO-এ লগতে দৃঢ়তাৰে কয় যে গ্ৰামাঞ্চলৰ প্ৰতিঘৰ ঘৰলৈ টেপৰ সংযোগ প্ৰদান কৰিলে জল সংগ্ৰহৰ ক্ষেত্ৰত ব্য়য় হোৱা সময়ৰ যথেষ্ট ৰাহি হ’ব (প্ৰতিদিনে ৫.৫ কোটি ঘন্টা)ইয়াৰ ফলশ্ৰুতিত বিশেষকৈ মহিলাসকলে সকাহ পাব (এই বোজাৰ তিনি চতুৰ্থাংশ তেওঁলোকে বহন কৰে)।
  • সমগ্ৰ ভাৰতৰ ,৮৪৩ টা জল পৰীক্ষাগাৰে ২০২৫–২৬ ত ৩৮.৭৮ লাখ নমুনা পৰীক্ষাৰে পানীৰ গুণাগুণৰ ব্যাপক নিৰীক্ষণ কাৰ্য্য নিশ্চিত কৰে।

 

পাতনি

জল জীৱন অভিযান (হৰ ঘৰ জল)-ৰ অধীনত ভাৰতে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে। এতিয়া গ্ৰামাঞ্চলৰ ৮১ শতাংশৰো অধিক ঘৰে বিশুদ্ধ টেপৰ পানীৰ সুবিধা লাভ কৰিছে। ২০২৫-ৰ ২২ অক্টোবৰলৈকে গ্ৰামাঞ্চলৰ ১৫.৭২ কোটিৰো অধিক ঘৰে ঘৰুৱা টেপৰ জৰিয়তে বিশুদ্ধ খোৱাপানী লাভ কৰি আছে। এই পৰিসংখ্যাই ভাৰতৰ গ্ৰামাঞ্চলসমূহত সৰ্বজনীন জল সুৰক্ষাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কাৰ্য্যক সূচিত কৰিছে। এই অভিযানৰ অধীনত চৰকাৰে ,০৮,৬৫২ কোটি টকা কেন্দ্ৰীয় ব্যয় সাপেক্ষে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ সমৰ্থনত অনুমোদন জনায়, যি ধনৰাশি বহুলাংশে ব্যৱহাৰ কৰা হৈছে।

 

২০১৯-ৰ ১৫ আগষ্টৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰামাঞ্চলৰ প্ৰতিঘৰ ঘৰলৈ টেপৰ পানী যোগানৰ দৃষ্টিভংগীৰে এই অভিযানৰ শুভাৰম্ভ কৰিছিল। সেই সময়ত মাত্ৰ ৩.২৩ কোটি ঘৰেহে (১৬.৭১ শতাংশ) টেপৰ পানীৰ সুবিধা লাভ কৰিছিল। তেতিয়াৰ পৰা ১২.৪৮ কোটি অতিৰিক্ত ঘৰক সংযোগ প্ৰদানেৰে এই অভিযান ভাৰতৰ গ্ৰামাঞ্চলত অন্যতম দ্ৰুত মৌলিক আন্তঃগাঁথনি সম্প্ৰসাৰণ কাৰ্য্যত পৰিণত হয়।

জল জীৱন অভিযানে মাতৃ-ভগ্নীসকলক ঘৰলৈ দূৰৈৰপৰা পানী কঢ়িয়াই অনাৰ শতিকাজুৰি অব্যাহত কষ্টৰ পৰা মুক্ত কৰিবলৈয়ো প্ৰয়াস গ্ৰহণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে তেওঁলোকৰ স্বাস্থ্য, শিক্ষা, আৰু আৰ্থ-সামাজিক অৱস্থাৰ অগ্ৰগতি সাধন, ইজ অৱ লিভিং প্ৰশস্ত আৰু গ্ৰামাঞ্চলৰ ঘৰসমূহৰ গৌৰৱ তথা মৰ্য্যাদা বৃদ্ধি কৰা।

 

এই অভিযানে বহনক্ষমতা আৰু সামূহিক অংশগ্ৰহণৰ ক্ষেত্ৰতো সমানেই গুৰুত্ব আৰোপ কৰিছে। ইয়াত উৎসৰ বহনক্ষমতাৰ ব্যৱস্থা যেনেঃ ঘোলা পানী ব্যৱস্থাপনা, জল সংৰক্ষণ আৰু বৰষুণৰ পানী সংগ্ৰহৰ জৰিয়তে ৰিচাৰ্জ আৰু পুনৰ ব্যৱহাৰ কাৰ্য্য অন্তৰ্ভুক্ত হৈছে। ইয়াক সমাজ-ভিত্তিক পদ্ধতিৰ জৰিয়তে ৰূপায়ণ কৰা হয়। তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) কাৰ্য্যকলাপসমূহ সজাগতা আৰু মালিকীস্বত্ব সৃষ্টিৰ মূল উপাংশ হৈ পৰিছে। এই অভিযানে পানীৰ বাবে এক জন আন্দোলন (people’s movement) গঢ়ি তুলিবলৈ বিচাৰিছে তথা ইয়াক এক উমৈহতীয়া ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে গঢ়ি তুলিছে।

 

উদ্দেশ্যৰাজি

জল জীৱন অভিযানৰ বিস্তৃত উদ্দেশ্যৰাজি হৈছেঃ

 

জল জীৱন অভিযানৰ অধীনত লাভ কৰা অগ্ৰগতি (২২ অক্টোবৰ, ২০২৫-লৈকে)

ভাৰতৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ ঘৰলৈ বিশুদ্ধ আৰু পৰ্য্যাপ্ত খোৱাপানীৰ যোগান নিশ্চিতকৰণৰ দিশত জল জীৱন অভিযানৰ অবিৰত অগ্ৰগতি কাৰ্য্য অব্যাহত আছে।

  • জিলা-পৰ্য্যায়ৰ অগ্ৰগতিঃ ১৯২ খন জিলাৰ সকলো ঘৰ, বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰই টেপৰ পানী লাভ কৰিছে। ইয়াৰে ১১৬ খন জিলাক পৰীক্ষণৰ পিছত গ্ৰামসভাৰ প্ৰস্তাৱৰ জৰিয়তে আনুষ্ঠানিকভাৱে প্ৰমাণীকৰণ কৰা হৈছে।
  • খণ্ড, পঞ্চায়ত আৰু গাঁও ক’ভাৰেজঃ
    • খণ্ডঃ ,৯১২ টা খণ্ড সম্পূৰ্ণ কভাৰেজৰ লক্ষ্যত উপনীত হৈছে, ইয়াৰে ১,০১৯ টা খণ্ডৰ প্ৰমাণীকৰণ কৰা হৈছে।
    • গাঁও পঞ্চায়তঃ ,২৫,১৮৫ গাঁও পঞ্চায়ত সম্পূৰ্ণ কভাৰেজৰ লক্ষ্যত উপনীত হৈছে আৰু ইয়াৰে ৮৮,৮৭৫ টা গাঁও পঞ্চায়তৰ প্ৰমাণীকৰণ কৰা হৈছে।
    • গাঁওঃ ,৬৬,২৭৩ খন গাঁও সম্পূৰ্ণ কভাৰেজৰ লক্ষ্যত উপনীত হৈছে আৰু ইয়াৰে ,৭৪,৩৪৮ খন গাঁৱৰ হৰ ঘৰ জল পদক্ষেপৰ অধীনত প্ৰমাণীকৰণ কৰা হৈছে।
  • ১০০% ক’ভাৰেজ সম্পন্ন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলঃ এঘাৰখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল যেনে, গোৱা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা-নগৰ হাভেলী আৰু দমন-দিউ, হাৰিয়ানা, তেলেংগানা, পুডুচেৰী, গুজৰাট, হিমাচল প্ৰদেশ, পঞ্জাৱ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ গ্ৰামাঞ্চলৰ সকলো ঘৰে সম্পূৰ্ণ টেপৰ পানীৰ সংযোগ লাভ কৰিছে।
  • প্ৰতিষ্ঠানিক ক’ভাৰেজঃ সমগ্ৰ দেশৰ ৯,২৩,২৯৭ খন বিদ্যালয় আৰু ৯,৬৬,৮৭৬ টা অংগনৱাড়ী কেন্দ্ৰত টেপৰ পানীৰ যোগান নিশ্চিত কৰা হৈছে।

'সম্পূৰ্ণ কভাৰেজ'-ৰ অৰ্থ হৈছে ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পানী যোগান বিভাগে প্ৰশাসনিক ইউনিটৰ সকলো ঘৰ, বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ টেপৰ জৰিয়তে পানীৰ যোগান ধৰা কাৰ্য্য নিশ্চিত কৰিছে।

'প্ৰমাণীকৰণ কৰা হৈছে'-ৰ অৰ্থ হৈছে গ্ৰামসভাই পানী যোগান বিভাগৰ গাঁৱৰ সকলো ঘৰ, বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰই টেপৰ পানীৰ যোগান লাভ কৰা বুলি দাবীক নিশ্চিতকৰণেৰে প্ৰস্তাৱ গৃহীত কৰিছে। পানী যোগান বিভাগে সকলো গৃহস্থীতে টেপৰ পানী যোগান ধৰা বুলি ঘোষণাৰে গাঁও পঞ্চায়তক প্ৰমাণ পত্ৰ প্ৰদান কৰে।

গুণগত নিশ্চয়তা আৰু নিৰীক্ষণ

জল জীৱন অভিযানৰ অধীনত গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানীৰ যোগান সুনিশ্চিতকৰণৰ অৰ্থে গুণগত নিশ্চয়তা আৰু নিৰীক্ষণৰ এক ব্যাপক ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। ২০২৫–২৬ ৰ ভিতৰত (২০২৫-ৰ ২১ অক্টোবৰলৈকে) মুঠ ,৮৪৩ টা পৰীক্ষাগাৰে (২,১৮৪ টা প্ৰতিষ্ঠানিক আৰু ৬৫৯ টা WTP-ভিত্তিক) দেশৰ ,৪৯,৯৬১ খন গাঁৱ৩৮.৭৮ লাখ পানীৰ নমুনা পৰীক্ষা কৰে।

সমাজ-পৰ্য্যায়ৰ অংশগ্ৰহণ কাৰ্য্যক প্ৰসাৰিতকৰণৰ অৰ্থে ৫.০৭ লাখ গাঁৱত ফিল্ড টেষ্টিং কিট (FTK) ব্যৱহাৰেৰে পানীৰ গুণাগুণ পৰীক্ষা কৰিবলৈ ২৪.৮০ লাখ মহিলাক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এনে সমাজ-চালিত পদ্ধতিয়ে পানী প্ৰদূষণকাৰী কাৰকসমূহক আগতীয়াকৈ ধৰা পেলোৱা কাৰ্য্য নিশ্চিতকৰণেৰে গ্ৰামাঞ্চলসমূহত পানীৰ গুণাগুণ নিৰীক্ষণৰ স্থানীয় মালিকীস্বত্বৰ মনোভাৱক দৃঢ় কৰে।

 

জল জীৱন অভিযান (JJM)-ৰ মূল উপাংশসমূহ
জল জীৱন অভিযানৰ লক্ষ্যত উপনীত হ’বলৈ নিম্ন-উল্লেখিত উপাংশসমূহৰ পৰিকল্পনা কৰা হৈছেঃ

  • গাঁৱত পাইপেৰে পানী যোগানৰ আন্তঃগাঁথনি – গাঁওসমূহত পাইপেৰে পানী যোগান ব্যৱস্থাৰ উন্নয়ন সাধনেৰে গ্ৰামাঞ্চলৰ প্ৰতিঘৰ ঘৰলৈ টেপৰ পানীৰ যোগান নিশ্চিত কৰা হৈছে।
  • খোৱাপানীৰ বহনক্ষম উৎস – পানী যোগান ব্যৱস্থাক দীৰ্ঘম্যাদী বহনক্ষমতা প্ৰদান কৰিবলৈ নিৰ্ভৰযোগ্য খোৱাপানীৰ উৎসৰ বিকাশ সাধন আৰু/বা বৰ্তমানৰ উৎসসমূহৰ বৰ্ধন।
  • বাল্ক ৱাটাৰ স্থানান্তৰ আৰু বিতৰণ – বাল্ক ৱাটাৰ স্থানান্তৰ ব্যৱস্থা, পৰিশোধন প্ৰকল্প আৰু বিতৰণ নেটৱৰ্ক স্থাপন কৰা হৈছে।
  • পানীৰ গুণাগুণৰ বাবে প্ৰযুক্তিগত হস্তক্ষেপ – পানীৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদূষক পদাৰ্থ আঁতৰাবলৈ প্ৰযুক্তিৰ ৰূপায়ণ।
  • বৰ্তমানৰ আঁচনিসমূহৰ সম্প্ৰসাৰণ – প্ৰতিদিনে জনমূৰি ন্যূনতম ৫৫ লিটাৰ (lpcd)-ৰ সেৱা স্তৰত কাৰ্য্যকৰী ঘৰুৱা টেপৰ সংযোগ (FHTC) প্ৰদান কৰিবলৈ সম্পূৰ্ণ আৰু অব্যাহত আঁচনিসমূহক উন্নীত কৰা হৈছে।
  • ঘোলা পানী ব্যৱস্থাপনা – জল সংৰক্ষণক প্ৰসাৰিত কৰিবলৈ ঘোলা পানীৰ পৰিশোধন আৰু পুনৰ ব্যৱহাৰ।
  • সমাজৰ সামৰ্থ্য বিকাশ – বহনক্ষম জল ব্যৱস্থাপনাৰ বাবে সমাজৰ সামৰ্থ্য গঢ়ি তোলাৰ লক্ষ্যৰে কাৰ্য্যকলাপত সহায় কৰা।
  • আকস্মিক পুঁজি – প্ৰাকৃতিক দুৰ্য্যোগ বা দুৰ্য্যোগ প্ৰসূত অভাৱনীয় প্ৰত্যাহ্বান বা সমস্যাৰাজিৰে মোকাবিলাকৰণৰ অৰ্থে পুঁজিৰ ব্যৱস্থা কৰা হৈছে।

 

ডিজিটেল উদ্ভাৱনৰ জৰিয়তে গ্ৰামাঞ্চলৰ পানী যোগান ব্যৱস্থাৰ ৰূপান্তৰ সাধন

জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ (DDWS) উন্নীতকৃত গ্ৰামীণ পাইপ পানী যোগান আঁচনি (RPWSS) মডিউলে গ্ৰামীণ জল সেৱাত ডিজিটেল শাসন ব্যৱস্থাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কাৰ্য্যক সূচিত কৰিছে।

উক্ত নতুন ব্যৱস্থাই সকলো পাইপ পানী আঁচনিৰ ক্ষেত্ৰত ডিজিটেল পঞ্জীয়ন হিচাপে কাম কৰিব তথা স্বচ্ছতা, অনুসন্ধানযোগ্যতা আৰু তথ্য-চালিত নিৰীক্ষণ কাৰ্য্য অব্যাহত থকাটো নিশ্চিত কৰিবলৈ প্ৰত্যেককে এটা অনন্য RPWSS ID প্ৰদান কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ২০২৫-ৰ নৱেম্বৰৰ ভিতৰত আৰপিডব্লিউএছএছ আইডি সৃষ্টি সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে।

GIS mappingআৰু PM Gati Shaktiৰ সৈতে সংযুক্ত এই প্লেটফৰ্মে বাস্তৱ-সময়ৰ ডেচব'ৰ্ড, ভৱিষ্যদ্বাণীমূলক বিশ্লেষণ আৰু দক্ষ পৰিচালনা তথা ৰক্ষণাবেক্ষণৰ বাবে আহিলাসমূহ আগবঢ়াইছে। ই পঞ্চায়ত আৰু গাঁও জল তথা অনাময় কমিটিসমূহক জল ব্যৱস্থা পৰিচালনাৰ বাবে পৰীক্ষিত তথ্যৰে সবলীকৰণ কৰে আৰু WASH খণ্ডত স্থানীয় দক্ষতা বিকাশ কাৰ্য্যৰ প্ৰসাৰ ঘটায়।

অব্যাহত উন্নীতকৃত RPWSS id সৃষ্টি মডিউলে জল জীৱন অভিযানৰ অধীনত জবাবদিহিতা, বহনক্ষমতা আৰু সমাজৰ অংশগ্ৰহণ কাৰ্য্যৰ বৰ্ধন ঘটাইছে।

 

JJM-ৰ প্ৰভাৱ

জল জীৱন অভিযান (JJM)-ৰ ৰূপায়ণৰ ফলশ্ৰুতিত গ্ৰামাঞ্চলৰ জন-জীৱনৰ যথেষ্ট অগ্ৰগতি সাধন হৈছে। একাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে এই অগ্ৰগতি কাৰ্য্যৰ শলাগ লৈছে।

  • WHO -য়ে দৃঢ়তাৰে কয় যে গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীলৈ টেপৰ সংযোগ প্ৰদান কৰিলে জল সংগ্ৰহৰ ক্ষেত্ৰত ব্য়য় হোৱা সময়ৰ যথেষ্ট ৰাহি হ’ব (প্ৰতিদিনে ৫.৫ কোটি ঘন্টা)। ইয়াৰ ফলশ্ৰুতিত বিশেষকৈ মহিলাসকলে সকাহ পাব (এই বোজাৰ তিনি চতুৰ্থাংশ তেওঁলোকে বহন কৰে)।
  • WHO-পূৰ্বানুমান অনুসৰি, দেশত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিলে ৪ লাখ লোকক ডায়েৰিয়াৰ পৰা মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। ইয়াৰ উপৰিও অনুমান কৰা হৈছে যে দেশত বিশুদ্ধ খোৱাপানীৰ সৰ্বজনীন কভাৰেজৰ ফলশ্ৰুতিত প্ৰায় ১৪ নিযুত লোকক DALY (অক্ষমতা-সামঞ্জস্যপূৰ্ণ জীৱন বছৰ)-ৰ পৰা ৰক্ষা কৰিব পাৰি। ইয়াৰ পৰিপ্ৰেক্ষিতত আনুমানিক ৮.২ লাখ কোটি টকা পৰ্য্যন্ত স্বাস্থ্য ব্যয় ৰাহি হব।
  • SBI ৰিচাৰ্চৰ মতে, গৃহস্থীসমূহে বাহিৰৰ পৰা জল সংগ্ৰহ কাৰ্য্যৰ শতকৰা হাৰ ৮.৩%-পইন্ট হ্ৰাস পাইছে। ইয়াৰ ফলশ্ৰুতিত ৯ কোটি মহিলাই তেনেদৰে পানী কঢ়িওৱাৰ প্ৰয়োজনীয়তা নোহোৱা হৈছে। কৃষি আৰু সংশ্লিষ্ট কাৰ্য্যকলাপত মহিলাসকলৰ অংশগ্ৰহণ ৭.৪%-পইন্ট বৃদ্ধি পাইছে।
  • নোবেল বিজয়ী অধ্যাপক মাইকেল ক্ৰেমাৰৰ গৱেষণাৰ পৰা দেখা গৈছে যে বিশুদ্ধ পানীৰ ক’ভাৰেজে পাঁচ বছৰ অনূৰ্ধ শিশুৰ মৃত্যুৰ হাৰ প্ৰায় ৩০% হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলশ্ৰুতিত বছৰি ১,০০,০০০-ৰো অধিক জীৱন ৰক্ষা কৰাটো সম্ভৱ।
  • ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট, বেংগালুৰুৰ মতে, আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা (ILO)-ৰ সৈতে অংশীদাৰিত্বৰে জেজেএম ৰূপায়ণৰ সময়ছোৱাত প্ৰায় ৩ কোটি ব্যক্তি-বছৰৰ নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে। একেদৰে প্ৰায় ২৫ লাখ মহিলাক ফিল্ড টেষ্টিং কিট ব্যৱহাৰ কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

 

সমাজ-চালিত আৰু প্ৰযুক্তি-চালিত সফলতাৰ কাহিনী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “প্ৰতিঘৰতে জল যোগানৰ ক্ষেত্ৰত জল জীৱন অভিযান এক গুৰুত্বপূৰ্ণ উন্নয়ন পৰিমাপত পৰিণত হৈছে।” জল জীৱন অভিযান (JJM)-ৰ সফলতা কেৱল আন্তঃগাঁথনি সৃষ্টিতে নহয়, বৰঞ্চ প্ৰযুক্তিৰ উদ্ভাৱনীমূলক ব্যৱহাৰেৰে সমাজ-চালিত জল ব্যৱস্থাপনা “জন ভাগিদাৰী সে পেয়জল প্ৰবন্ধন-ৰ মনোভাৱত নিহিত হৈ আছে।

  • মহিলা নেতৃত্বাধীন জল ব্যৱস্থাপনা – মহাৰাষ্ট্ৰ

মহপন গাঁৱৰ অমৃতনাথ মহিলা সমূহ নামৰ মহিলাৰ আত্মসহায়ক গোটটোৱে গাঁৱৰ টেপৰ পানী আঁচনি পৰিচালনা কৰে। তেওঁলোকে পালন কৰা দায়িত্বসমূহৰ ভিতৰত আছে পাম্প চলোৱা, ব্যৱস্থাটো ৰক্ষণাবেক্ষণ কৰা, মিটাৰৰ ৰিডিং লোৱা, পানীৰ বিল সংগ্ৰহ কৰা, অভিযোগ নিষ্পত্তি কৰা। গোটটোৱে পানীৰ বিল সংগ্ৰহত ১০০% সফলতা লাভেৰে আঁচনিখনৰ বিত্তীয় অৱস্থা সুস্থিৰ কৰি তোলে আৰু ইয়াক বহনক্ষম কৰি তোলে। দক্ষ পৰিচালনা কাৰ্য্যৰ জৰিয়তে আত্ম-সহায়ক গোটটোৱে ,৭০,০০০ টকা উপাৰ্জন কৰে। ইয়াৰ ফলশ্ৰুতিত গোটটো এটা বহনক্ষম আয়-অৰ্জনকাৰী ইউনিট আৰু সমাজ-চালিত উপযোগিতা ব্যৱস্থাপনাৰ এক আৰ্হিলৈ ৰূপান্তৰিত হয়।

  • উৎসৰ বহনক্ষমতা আৰু জলবায়ু স্থিতিস্থাপকতা – নাগালেণ্ড

নাগালেণ্ডৰ ৱাখাত জল জীৱন অভিযানৰ অধীনত জনসাধাৰণে নিজৰ পানীৰ উৎসসমূহ সুৰক্ষিত কৰি ৰাখিছে। সমাজসমূহে “মানুহ-প্ৰথম, উৎস-প্ৰথম” পদ্ধতি অনুসৰণ কৰে। ৱাখাৰ সমাজসমূহে উপলব্ধি কৰে যে জলভূমিসমূহক সুৰক্ষিতকৰণেই হৈছে তেওঁলোকৰ টেপসমূহক সুৰক্ষিত কৰা আৰু বছৰ-বছৰ ধৰি পানীৰ মুক্ত প্ৰবাহ লাভৰ চাবিকাঠি। JJM-ৰ সহায়ত আৰু বন, ভূমি তথা জল সংৰক্ষণ বিভাগৰ সৈতে মিলি গাঁওবাসীয়ে হাতে-হাত ধৰি অৱক্ষয়ী ঢালসমূহ (degraded slopes) পুনৰুজ্জীৱিতকৰণৰ বাবে কাম কৰি আছে। মাটিৰ খহনীয়া ৰোধ আৰু বৰষুণৰ পানী ভূগৰ্ভলৈ সোমাই যোৱাত সহায় কৰিবলৈ তেওঁলোকে খাদ, ৰিচাৰ্জ পিট আৰু পাৰ্কলেচন টেংক স্থাপন কৰিছে। ভূমি সংৰক্ষণৰ বাবে এলডাৰ, ওক আৰু বাঁহ আদি স্থানীয় গছ ৰোপণ কৰা হৈছে। মহিলাৰ গোটসমূহে এনে ৰোপণ অভিযানসমূহৰ নেতৃত্ব প্ৰদান কৰিছে। একেদৰে যুৱ ক্লাবসমূহে ৰিচাৰ্জ গঠনসমূহ চোৱাচিতা কৰিছে।

  • স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰূপান্তৰ – অসম

অসমৰ বৰবড়ী গাঁৱত জল জীৱন অভিযান (JJM)-ৰ অধীনত সমাজ সজাগতাই দীৰ্ঘদিনীয়া পানীজনিত ৰোগ নিৰ্মূলত সহায় কৰে। পাইপেৰে পানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অৰ্থে সজাগতা অভিযান আৰম্ভৰ পিছত এনে ঘটনা ২০২২–২৩ ত ২৭ জনৰ পৰা দুবছৰৰ ভিতৰত শূন্যলৈ হ্ৰাস পাইছে তথা কোনো লোকৰ মৃত্যু হোৱা নাই। স্থানীয় নেত্ৰী বিন্দু দেৱীয়ে কেৱল পানী যোগান আঁচনিৰ বাবে নিজৰ ভূমি দান কৰাই নহয়, বৰঞ্চ এটি বহনক্ষম ৰক্ষণাবেক্ষণ আৰ্হিৰো প্ৰচাৰ কৰিছিল। ইয়াৰ অধীনত প্ৰতিঘৰে জল ব্যৱস্থাটো সুচাৰুৰূপে অব্যাহত ৰাখিবলৈ প্ৰতিদিনে ১ টকাকৈ বৰঙণি আগবঢ়ায়। এই পদ্ধতিয়ে সমাজৰ মালিকীস্বত্ব আৰু দায়িত্বৰ মনোভাৱ বৰ্ধনেৰে ব্যৱস্থাটোৰ মসৃণ আৰু দীৰ্ঘম্যাদী কাৰ্য্যকলাপ নিশ্চিত কৰে।

  • পানীৰ অভাৱক জল সুৰক্ষালৈ ৰূপান্তৰিতকৰণ – ৰাজস্থান

বোথাৰা গাঁৱত এখনি ৰাজহুৱা সভাত পানীৰ ব্যাপক অভাৱ আৰু ১০৩%-ৰো অধিক ভূগৰ্ভস্থ জলৰ শোষণৰ কথা পোহৰলৈ আহিছে। এই উপলব্ধিৰ পৰিপ্ৰেক্ষিতত জল জীৱন অভিযান (JJM)-ৰ অধীনত সকলো গৃহস্থীলৈ খোৱাপানীৰ বহনক্ষম যোগান নিশ্চিতকৰণত গুৰুত্ব আৰোপেৰে জল সুৰক্ষা পৰিকল্পনা যুগুত কৰা হৈছিল। জল সুৰক্ষা কমিটি (WSC)-ৰ বৈঠকত গাঁওবাসীয়ে উদ্বেগ প্ৰকাশেৰে কয় যে JJM -ৰ অধীনত স্থাপন কৰা নতুন মুকলি নাদটোক ফলপ্ৰসূ ৰিচাৰ্জ ব্যৱস্থাৰ সমৰ্থনৰ প্ৰয়োজন। ইয়াৰ অবিহনে নাদটো শুকাই যোৱাৰ সন্দেহ ঘনীভূত হৈছিল। WSC -য়ে জল সুৰক্ষা পৰিকল্পনা যুগুতেৰে ৰিজৰ-পৰা ভেলী পদ্ধতিৰ অভিযোজনা কৰে। ইয়াৰ অধনীত চেক ডেম আৰু কনট্যুৰ ট্ৰেঞ্চ স্থাপনৰ ফলশ্ৰুতিত চেক ডেম সম্পূৰ্ণ হোৱাৰ দহ দিনৰ ভিতৰতে এটা মুকলি নাদৰ জলস্তৰ ৭০-ফুট বৃদ্ধি পাইছিল। এই প্ৰচেষ্টাই গাঁওখনৰ বাৰ্ষিক জল সংৰক্ষণৰ ক্ষমতা ১১.৭৭% বৃদ্ধি কৰে। ৰিচাৰ্জ গঠনৰ বাবে মুঠ ব্যয়ৰ ৫% সমাজখনে বহন কৰে।

  • ডিজিটেল শাসন আৰু স্বচ্ছতা – পশ্চিম বংগ

পশ্চিম বংগৰ ‘জল মিত্ৰ’ এপ্লিকেচনে সামূহিক জল ব্যৱস্থাৰ নিৰীক্ষণ আৰু স্বচ্ছতা সাধন কাৰ্য্যত এক বৈপ্লৱিক পৰিৱৰ্তন আনে। ‘জল মিত্ৰ’ ম’বাইল আৰু ৱেব এপ্লিকেচন হৈছে জল জীৱন অভিযান (JJM)-ৰ সৈতে সংযুক্ত ব্যৱস্থাপনা তথ্য ব্যৱস্থা (MIS)। ইয়াৰ লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ প্ৰতিঘৰলৈ কাৰ্য্যকৰী ঘৰুৱা টেপ সংযোগ (FHTC) নিশ্চিত কৰা, একে সময়তে বহনক্ষম সেৱা প্ৰদান, সমাজৰ মালিকীস্বত্ব আৰু ডিজিটেল উদ্ভাৱনৰ জৰিয়তে অংশগ্ৰহণমূলক নিৰীক্ষণত গুৰুত্ব আৰোপ। ডিজিটেল MIS প্লেটফৰ্মে ১৩.৭০ কোটি সামূহিক কাৰ্য্যকলাপ (এপ্ৰিল, ২০২৪–আগষ্ট, ২০২৫) অনুসৰণেৰে ২২,১১১ খন গাঁৱৰ ৮০.৩৯ লাখ ঘৰৰ কাৰ্য্যক্ষমতা মূল্যায়নৰ সুবিধা প্ৰশস্ত কৰে। লগতে ৪,৫২২ খন জল বচাওঁ কমিটি গঠনত সহায় আগবঢ়ায়। এপটোৱে এটা খণ্ডিত মেনুৱেল প্ৰক্ৰিয়াৰ ঠাইত বাস্তৱ-সময়ৰ, তথ্য-চালিত ব্যৱস্থাৰে জবাবদিহিতা আৰু স্থায়ী কাৰ্য্যক্ষমতা নিশ্চিত কৰিলে।

 

সামৰণি

জল জীৱন অভিযানে ৮১%-ৰো অধিক গৃহস্থীলৈ বিশুদ্ধ টেপৰ পানীৰ সুবিধা নিশ্চিতকৰণেৰে ভাৰতৰ গ্ৰামাঞ্চলৰ ৰূপান্তৰ সাধন কৰিছে। মাত্ৰ ছবছৰতে ই দ্ৰুত সম্প্ৰসাৰণ, ডিজিটেল উদ্ভাৱন আৰু সমাজৰ ব্যাপক অংশগ্ৰহণৰ জৰিয়তে হৰ ঘৰ জলৰ দৃষ্টিভংগীক বাস্তৱলৈ ৰূপান্তৰিত কৰিছে। আন্তঃগাঁথনিৰ বাহিৰেও JJM -এ গাঁৱৰ স্বাস্থ্য, জীৱিকা আৰু মৰ্য্যাদাৰ অগ্ৰগতি সাধন কৰিছে। চাকৰি সৃষ্টি, মহিলাৰ সময় ৰাহি আৰু পানীজনিত ৰোগ হ্ৰাস কৰিছে। বহনক্ষমতা আৰু সমতাক কেন্দ্ৰ কৰি এই অভিযান সু-শাসন আৰু জন-চালিত উন্নয়নৰ আৰ্হি হিচাপে পৰিগণিত হৈছে তথা ভাৰতক সৰ্বজনীন আৰু নিৰ্ভৰযোগ্য জল সুৰক্ষাৰ লক্ষ্যত উপনীত কৰিছে।

 

সমল

Ministry of Jal Shakti

PIB backgrounders

***

DPS/SB

 

(Backgrounder ID: 156063) आगंतुक पटल : 23
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Hindi_Ddn , Nepali , Bengali , Manipuri , Punjabi , Gujarati , Odia , Kannada , Malayalam
Link mygov.in
National Portal Of India
STQC Certificate