• Sitemap
  • Advance Search
Technology

২২ টা ভাষা, ডিজিটেল পদ্ধতিৰে পুনঃপ্ৰতিষ্ঠাপন

প্ৰযুক্তিৰ মাধ্যমেৰে ভাৰতৰ ভাষিক ভৱিষ্যতৰ নতুন দুৱাৰ মুকলি

Posted On: 25 OCT 2025 2:54PM

 

ভাষা কেৱল কেৱল যোগাযোগৰ মাধ্যম নহয়, ই সভ্যতাৰ আত্মা, ই সংস্কৃতি, ই ঐতিহ্য।”

  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 

মুখ্য তথ্য

  • Bhashini আৰু BharatGen ৰ দৰে AI প্লেটফৰ্মৰ জৰিয়তে ২২টা নিৰ্ধাৰিত ভাষাত ব্যৱহাৰযোগ্যতা প্ৰদান।
  • বিপন্ন ভাষাৰ সুৰক্ষা আৰু সংৰক্ষণৰ আঁচনি চমুকৈ SPPEL আৰু সঞ্চিকা (Sanchika) ৰ পৰা ডিজিটেলাইজড ভাষাৰ তথ্যই বহুভাষিক সমাধানৰ বাবে AI মডেল প্ৰশিক্ষণ সমৃদ্ধ কৰে।
  • প্ৰযুক্তিচালিত পদক্ষেপে ভাৰতক বহুভাষিক ডিজিটেল ৰূপান্তৰৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে আগশাৰীৰ হিচাপে স্থান দিছে।

 

পাতনি

ভাৰতৰ ভাষিক পৰিৱেশ বিশ্বৰ ভিতৰতে বৈচিত্ৰময়। ইয়াৰ বিস্তাৰিত বক্ষত আছে ২২টা অনুসূচিত ভাষা আৰু শ শ জনজাতীয় আৰু আঞ্চলিক উপভাষাৰ সম্ভাৰ। ডিজিটেল ৰূপান্তৰ ক্ৰমাত্ ত্বৰান্বিত হোৱাৰ লগে লগে এই ভাষিক বৈচিত্ৰ্যক ডিজিটেল আন্তঃগাঁথনিত সন্নিৱিষ্ট কৰাৰ প্ৰয়োজনীয়তা অতি জটিল হৈ পৰিছে। প্ৰযুক্তি এতিয়া কেৱল যোগাযোগৰ মাধ্যম হৈ থকা নাই; ই হৈছে সৰ্বাঙ্গীন অন্তৰ্ভুক্তিৰ মেৰুদণ্ড।

ভাৰত চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তা (AI), প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (NLP), মেচিন লাৰ্নিং, আৰু speech recognition বা কণ্ঠস্বৰ চিনাক্তকৰণৰ দৰে উন্নত প্ৰযুক্তিৰ সহায় লৈ বুদ্ধিমত্তাসমৃদ্ধ, বিস্তাৰিত ভাষাগত সমাধান সৃষ্টি কৰি উলিয়াইছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে নিৰৱচ্ছিন্ন যোগাযোগ, বাস্তৱ সময় বা ৰীয়েল টাইম অনুবাদ, ভয়েচ-সক্ষম আন্তঃপৃষ্ঠ (voice-enabled interfaces), আৰু স্থানীয়কৃত বিষয়বস্তুৰ বিতৰণ ব্যৱস্থা সক্ষম কৰি ডিজিটেল সেৱাসমূহৰ ব্যৱহাৰযোগ্যতাৰ ৰাজহুৱা কৰি তোলা। ভাষিক বৈচিত্ৰ্যক সন্মান জনোৱা এক শক্তিশালী প্ৰযুক্তিগত পৰিৱেশতন্ত্ৰ গঢ়ি তুলি ভাৰতে এক সৰ্বাংগীন ডিজিটেল ভৱিষ্যতৰ ভেটি স্থাপন কৰিছে, য’ত প্ৰতিজন নাগৰিকে নিজৰ মাতৃভাষা নিৰ্বিশেষে ডিজিটেল অৰ্থনীতি আৰু শাসন ব্যৱস্থাত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিব পাৰিব।

 

ভাষিক অন্তৰ্ভুক্তিক পৰিচালনা কৰা প্ৰধান মঞ্চসমূহ

যোৱা দশকত কৃত্ৰিম বুদ্ধিমত্তা, প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ, আৰু ডিজিটেল আন্তঃগাঁথনিৰ অগ্ৰগতিৰ ফলত ভাৰতৰ বহু ভাষা লিপিবদ্ধ, ডিজিটেলাইজ, আৰু পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা বহুখিনি উন্নত হৈছে। এই প্ৰযুক্তিসমূহৰ ফলত বৃহৎ পৰিমাণৰ ভাষাৰ তথ্য সংগ্ৰহ কৰা সম্ভৱ হৈছে আৰু পূৰ্বতে কম সমৰ্থন পোৱা শ শ ভাষা আৰু উপভাষাৰ বাবে স্বয়ংক্ৰিয় অনুবাদ আৰু বাক্য চিনাক্তকৰণ প্ৰদান কৰা হৈছে। এই প্ৰযুক্তিগত বিকাশে যোগাযোগৰ বাধা হ্ৰাস কৰিছে, পূৰ্ণাঙ্গ শাসন ব্যৱস্থাক সমৰ্থন কৰিছে, আৰু নিজৰ ভাষাত ডিজিটেল তথ্য উপলব্ধ কৰি সমুদায়সমূহক সবলীকৃত কৰিছে।

 

আদি-বাণী: জনজাতীয় ভাষা অন্তৰ্ভুক্তিৰ বাবে AI

২০২৪ চনত প্ৰতিষ্ঠা হোৱা আদি-বাণী হৈছে ভাৰতৰ প্ৰথমটো AI ভিত্তিক মঞ্চ, যিয়ে জনজাতীয় ভাষাৰ বাস্তৱ সময়ৰ অনুবাদ আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লক্ষ্য হৈছে উন্নত ভাষা প্ৰযুক্তি ব্যৱহাৰ কৰি যোগাযোগৰ ৰূপান্তৰ ঘটোৱা। আদি-বাণীয়ে AI ৰ সঠিকতা আৰু ভাষা বিশেষজ্ঞৰ জ্ঞানক একত্ৰিত কৰি মসৃণ বহুভাষিক অভিজ্ঞতা প্ৰদান কৰে।

ইয়াৰ মূলতে আদি-বাণীয়ে উন্নত বাক্য চিনাক্তকৰণ আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (NLP)ৰ সহায় লৈ ছান্থালি, ভিলি, মুণ্ডাৰী, আৰু গোণ্ডীৰ দৰে ভাষাত অনুবাদৰ সুবিধা প্ৰদান কৰে, যিবোৰৰ বহুতেই পৰম্পৰাগতভাৱে মুখ বাগৰা বা মুখে মুখে চৰ্চা চলাৰ ওপৰতে নিৰ্ভৰশীল আৰু পৰ্যাপ্ত ডিজিটেল প্ৰতিনিধিত্বৰ অভাৱ অনুভৱ কৰিছিল। জনজাতীয় ভাষা আৰু প্ৰধান ভাৰতীয় ভাষাৰ মাজত বাস্তৱ সময়ৰ অনুবাদ সক্ষম কৰি এই মঞ্চই এই চহকী ভাষিক পৰম্পৰাসমূহ সংৰক্ষণ কৰাই নহয়, শিক্ষা, শাসন, আৰু সাংস্কৃতিক নথিপত্ৰৰ বাবেও ইয়াক সুলভ কৰি তোলে।

বিপন্ন ভাষাসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আঁচনি (SPPEL)

শিক্ষা মন্ত্ৰালয়ে ২০১৩ চনত আৰম্ভ কৰা আৰু কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠান (SPPEL), মহীশূৰৰ দ্বাৰা ৰূপায়ণ কৰা বিপন্ন ভাষাৰ সুৰক্ষা আৰু সংৰক্ষণ আঁচনি (CIIL)ত বিপন্ন ভাৰতীয় ভাষাসমূহৰ নথিভুক্তকৰণ আৰু ডিজিটেলভাৱে আৰ্কাইভিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, বিশেষকৈ ১০,০০০তকৈও কম লোকে কোৱা ভাষাসমূহ।

ই সমৃদ্ধ লিখনি, অডিঅ’, আৰু ভিডিঅ’ ডাটাছেট সৃষ্টি কৰে, যিয়ে সংৰক্ষণ আৰু উদ্ভাৱন দুয়োটা সুবিধাই প্ৰদান কৰে, AI আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (NLP) ব্যৱস্থাপ্ৰণালীৰ বাবে জটিল ব্যৱস্থা প্ৰদান কৰে। Sanchika শীৰ্ষক CIIL ৰ ডিজিটেল ভঁৰালৰ দৰে প্লেটফৰ্মে AI মডেল প্ৰশিক্ষণ, মেচিন অনুবাদ, আৰু সাংস্কৃতিকভাৱে শিপাই থকা ভাষা প্ৰযুক্তিৰ বিকাশক সমৰ্থন কৰে।

সঞ্চিকা (Sanchika): ভাৰতীয় ভাষাৰ বাবে ডিজিটেল ভঁৰাল

CIIL ৰ দ্বাৰা পৰিচালিত Sanchika ই অনুসূচিত আৰু জনজাতীয় ভাষাৰ বাবে অভিধান, প্ৰাইমাৰ, গল্পপুথি, আৰু মাল্টিমিডিয়া সঁজুলিসমূহ একত্ৰিত কৰে। ভাষাৰ আৰ্হি প্ৰশিক্ষণ, অনুবাদ ব্যৱস্থা বিকাশ, আৰু সাংস্কৃতিক আখ্যান সংৰক্ষণৰ বাবে এই কেন্দ্ৰীভূত ডিজিটেল আৰ্কাইভ এক গুৰুত্বপূৰ্ণ তথ্যৰ উৎস।

এই প্লেটফৰ্মে পাঠ, অডিঅ', আৰু দৃশ্যমান সামগ্ৰীকে ধৰি ভাষিকভাৱে শ্ৰেণীভুক্ত ডিজিটেল সম্পদ প্ৰদান কৰে, যিয়ে শৈক্ষিক গৱেষণা, ভাষা শিক্ষা, আৰু সাংস্কৃতিক নথিপত্ৰত সহায় কৰে। এই সমৃদ্ধ আৰু বৈচিত্ৰময় সংগ্ৰহসমূহে উদীয়মান এআই আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ এপ্লিকেচনসমূহৰ বাবে মৌলিক ডাটাছেটসমূহ প্ৰদান কৰে, কম সম্পদৰ জনজাতীয় আৰু আঞ্চলিক ভাষাসমূহৰ বাবে অধিক অন্তৰ্ভুক্ত আৰু ফলপ্ৰসূ ডিজিটেল সঁজুলিসমূহ সক্ষম কৰে।

ভাৰতজেন (BharatGen): ভাৰতীয় ভাষাবোৰৰ বাবে AI মডেল

ভাৰতজেনে সকলো ২২টা অনুসূচিত ভাষাৰ বাবে উন্নত text-to-text আৰু text-to-speech অনুবাদ আৰ্হি বিকশিত কৰে। ই SPPEL আৰু Sanchika ৰ পৰা তথ্যৰ সহায় লৈ বহুভাষিক AI ব্যৱস্থা সৃষ্টি কৰে, যিয়ে শাসন, শিক্ষা, আৰু স্বাস্থ্যসেৱাত প্ৰয়োগসমূহক শক্তি প্ৰদান কৰে, যাতে ডিজিটেল বিষয়বস্তু প্ৰতিটো প্ৰধান ভাৰতীয় ভাষাত সুলভ হোৱাটো নিশ্চিত হয়।

ভাৰতজেনৰ বহুভাষিক AI ব্যৱস্থাসমূহ শাসন, শিক্ষা, আৰু স্বাস্থ্যসেৱাৰ দৰে খণ্ডসমূহত ডিজিটেল আহৰণযোগ্যতা আৰু অন্তৰ্ভুক্তি বৃদ্ধি কৰিবলৈ ডিজাইন কৰা হৈছে, যাৰ ফলত ভাৰতৰ বৈচিত্ৰময় ভাষিক পৰিৱেশত নিৰৱচ্ছিন্ন যোগাযোগ আৰু বিষয়বস্তু প্ৰদান সম্ভৱপৰ হয়।

GeM আৰু GeMAI: চৰকাৰী ই-মাৰ্কেটপ্লেচৰ বাবে এআই-চালিত বহুভাষিক সহায়ক

চৰকাৰী ই-মাৰ্কেটপ্লেচ (GeM) হৈছে ভাৰতৰ ৰাজহুৱা ক্ৰয়ৰ ডিজিটেল মঞ্চ, যিটো ২০১৬ চনৰ ৯ আগষ্টত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আৰম্ভ কৰিছিল। GeM এ চৰকাৰী বিভাগ আৰু ৰাজহুৱা খণ্ডৰ সত্তাসমূহৰ বাবে ক্ৰয় প্ৰক্ৰিয়া সুশৃংখলিত কৰে, স্বচ্ছতা আৰু কাৰ্যক্ষমতা নিশ্চিত কৰে।

ব্যৱহাৰকাৰীৰ আহৰণযোগ্যতা আৰু অন্তৰ্ভুক্তি বৃদ্ধি কৰিবলৈ, GeM এ GeMAI শীৰ্ষক এটা AI-চালিত বহুভাষিক সহায়ক সাজি উলিয়াইছে। GeMAI এ একাধিক ভাৰতীয় ভাষাত কণ্ঠ আৰু পাঠ্যভিত্তিক সমৰ্থন বা voice আৰু text-based support প্ৰদান কৰিবলৈ উন্নত প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (NLP) আৰু মেচিন লাৰ্নিঙৰ সহায় লয়। ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীসকলে প্লেটফৰ্মত সন্ধান, নেভিগেট, আৰু লেনদেন অধিক সহজে সম্পূৰ্ণ কৰিব পাৰে, যিয়ে চৰকাৰী ক্ৰয়ত ভাষাৰ বাধাসমূহ দূৰ কৰাত সহায় কৰে।

ভাষিনী: ভাৰতৰ বাবে এআই-চালিত বহুভাষিক অনুবাদ

ৰাষ্ট্ৰীয় ভাষা অনুবাদ অভিযানৰ অধীনৰ ভাষিনী হৈছে ২২টা অনুসূচিত ভাষা আৰু জনজাতীয় ভাষাৰ বাবে বাস্তৱ সময়ৰ অনুবাদ সক্ষম কৰা এক আগশাৰীৰ AI প্লেটফৰ্ম। ই চৰকাৰী সেৱা, ডিজিটেল বিষয়বস্তুৰ আহৰণৰ সুবিধা প্ৰদান কৰে, আৰু মেচিন অনুবাদ, বাক্য চিনাক্তকৰণ, আৰু প্ৰাকৃতিক ভাষা বুজাৰ জৰিয়তে ডিজিটেল অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰে।

মুখ্য সাফল্যবোৰ:

এআই চালিত সংসদীয় বিতৰ্ক অনুবাদ আৰু নাগৰিক সংযোগৰ বাবে সংসদ ভাষিনী।

 

জনজাতীয় গৱেষণা, তথ্য, শিক্ষা, যোগাযোগ আৰু অনুষ্ঠান (TRI-ECE) আঁচনি

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত জনজাতীয় গৱেষণা, তথ্য, শিক্ষা, যোগাযোগ আৰু অনুষ্ঠান (TRI-ECE) আঁচনিখনে জনজাতীয় ভাষা আৰু সংস্কৃতি সংৰক্ষণৰ লক্ষ্যৰে উদ্ভাৱনীমূলক গৱেষণা আৰু নথিপত্ৰ প্ৰকল্পসমূহক সমৰ্থন কৰে। এই পদক্ষেপৰ অংশ হিচাপে মন্ত্ৰালয়ে ইংৰাজী/হিন্দী পাঠ আৰু বাক্যক জনজাতীয় ভাষালৈ আৰু সমান্তৰালকৈ জনজাতীয় ভাষাক ইংৰাজী/হিন্দী ভাষালৈ ৰূপান্তৰিত কৰিব পৰা AI ভিত্তিক ভাষা অনুবাদ সঁজুলিৰ বিকাশ সহায় আগবঢ়াইছে।

এই সঁজুলিসমূহে মেচিন লাৰ্নিং, কণ্ঠ চিনাক্তকৰণ (speech recognition), আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (NLP)ক একত্ৰিত কৰি বাস্তৱ সময়ৰ অনুবাদ আৰু বিপন্ন জনজাতীয় ভাষাসমূহৰ ডিজিটেল সংৰক্ষণৰ সুবিধা প্ৰদান কৰে। প্ৰকল্পটোৱে জনজাতীয় গৱেষণা প্ৰতিষ্ঠান আৰু ভাষা বিশেষজ্ঞৰ সৈতে সহযোগিতাৰ জৰিয়তে সমুদায়ৰ অংশগ্ৰহণতো গুৰুত্ব আৰোপ কৰে, তাৰ উপৰি ভাষাৰ সঠিক প্ৰয়োগ আৰু সাংস্কৃতিক সংবেদনশীলতাও নিশ্চিত কৰে।

 

ডিজিটেল আৰ্কাইভ আৰু শৈক্ষিক প্ৰচেষ্টা

ভাৰতীয় ভাষাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান (CIIL) আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (IGNCA)ৰ দৰে প্ৰতিষ্ঠানে প্ৰাচীন পাণ্ডুলিপি, লোকসাহিত্য, মৌখিক পৰম্পৰাক ডিজিটেলাইজ কৰি ভাষিনীৰ ব্যৱহাৰযোগ্যতাক তৰান্বিত কৰিছে। এই ডিজিটেল আৰ্কাইভসমূহে AI আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (NLP) ব্যৱস্থাসমূহক সমৃদ্ধ কৰে, সংৰক্ষণ আৰু অত্যাধুনিক অনুবাদৰো সুবিধা প্ৰদান কৰে। ইয়াৰ মাধ্যমেৰে সাংস্কৃতিক ঐতিহ্য আৰু আধুনিক প্ৰযুক্তিৰ মাজৰ সংযোগকো শক্তিশালী কৰে।

 

এআই-চালিত বহুভাষিক মঞ্চৰ জৰিয়তে শিক্ষাৰ সবলীকৰণ

কৃত্ৰিম বুদ্ধিমত্তাই শিক্ষণক অধিক পূৰ্ণাঙ্গ, সুলভ আৰু ভাষিকভাৱে বৈচিত্ৰময় কৰি ভাৰতৰ শিক্ষাৰ পৰিৱেশক ৰূপান্তৰিত কৰিছে। AI ভিত্তিক ভাষা প্ৰযুক্তিৰ একত্ৰীকৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ৰ কল্পদৃষ্টিক আগুৱাই লৈ গৈছে, যিয়ে শিক্ষাৰ্থীৰ ঘৰুৱা ভাষা, মাতৃভাষা, বা আঞ্চলিক ভাষাত শিক্ষাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে, অন্ততঃ পঞ্চম শ্ৰেণীলৈকে আৰু বিশেষকৈ অষ্টম শ্ৰেণী আৰু তাৰ উৰ্ধ্বৰ শ্ৰেণীবোৰলৈকে।

 

ই-কুম্ভ পৰ্টেল কি?

e-KUMBH পৰ্টেল হৈছে এটা AICTE প্লেটফৰ্ম যিয়ে একাধিক ভাৰতীয় ভাষাত প্ৰযুক্তিগত কিতাপ আৰু অধ্যয়ন সামগ্ৰীৰ বিনামূলীয়া ব্যৱহাৰৰ সুবিধা প্ৰদান কৰে আৰু লগতে NEP 2020’ অনুসৰি মাতৃভাষাত শিক্ষাৰ দৃষ্টিভংগীক সমৰ্থন কৰে।

 

প্ৰতিষ্ঠানিক পৰ্যায়ত AICTE ৰ থলুৱাভাৱে নিৰ্মাণ কৰি উলিওৱা Anuvadini app ৰ AI ভিত্তিক অনুবাদ সঁজুলিয়ে অভিযান্ত্ৰিক, চিকিৎসা, আইন, স্নাতক, স্নাতকোত্তৰ, আৰু দক্ষতা-বিকাশৰ কিতাপসমূহ ভাৰতীয় ভাষালৈ দ্ৰুতভাৱে অনুবাদ কৰাত সহায় কৰে। তাৰ পিছত এই অনুবাদিত সামগ্ৰীসমূহ e-KUMBH পৰ্টেলত আপলোড কৰা হয়, যাৰ ফলত স্থানীয় ভাষাত কাৰিকৰী জ্ঞান সহজে উপলব্ধ হয়।

এই এআই-চালিত পদক্ষেপসমূহৰ পৰিপূৰক হিচাপে আছে দীৰ্ঘদিনীয়া ৰাষ্ট্ৰীয় প্ৰচেষ্টা যেনে ৰাষ্ট্ৰীয় অনুবাদ অভিযান (NTM), যিয়ে গুৰুত্বপূৰ্ণ কিতাপসমূহ ভাৰতীয় ভাষালৈ অনুবাদৰ সুবিধা প্ৰদান কৰে, আৰু ৰাষ্ট্ৰীয় পাণ্ডুলিপি অভিযান (NMM), যিয়ে ভাৰতৰ প্ৰাচীন লেখাসমূহ সংৰক্ষণ আৰু ডিজিটেলাইজ কৰে। এই দুয়োটা অভিযানে একেলগে ভাৰতৰ চহকী ভাষিক অতীতক ইয়াৰ আধুনিক, এআই-চালিত শিক্ষা ব্যৱস্থাৰ সৈতে সংযোগ কৰে।

ইফালে, SWAYAM ৰ দৰে প্লেটফৰ্মসমূহে বহু ভাষাত শিক্ষণ বিষয়বস্তু প্ৰদানৰ ক্ষেত্ৰত মূল ডিজিটেল সমৰ্থন ব্যৱস্থা বা ছাপ’ৰ্ট ছিষ্টেম হিচাপে কাম কৰে। ২০২৫ চনৰ মাজভাগলৈকে ৫ কোটিতকৈ অধিক শিক্ষাৰ্থীয়ে SWAYAM ত নাম পঞ্জীয়ন কৰিছে। লগতে অহা তিনি বছৰৰ ভিতৰত বিদ্যালয়-মহাবিদ্যালয়ৰ সকলো পাঠ্যপুথি আৰু অধ্যয়ন সামগ্রী ভাৰতীয় ভাষাত ডিজিটেল ভাবে উপলব্ধ কৰিবলৈও নির্দেশ দিছে৷

ভাষিনীৰ দৰে ভাষা-AI প্লেটফৰ্মৰ লগতে এই পদক্ষেপসমূহে বিদ্যালয়, এড-টেক কোম্পানী, আৰু কলেজসমূহক স্থানীয় ভাষাত শিক্ষণ সামগ্ৰী, ইন্টাৰেক্টিভ সঁজুলি, আৰু পাঠদান সামগ্ৰী প্ৰদান কৰাত সহায় কৰে। ইয়াৰ ফলত ভাষাৰ বাধা হ্ৰাস পায়, ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে বুজিবলৈ সক্ষম হয়, আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ মাতৃভাষাত ডিজিটেল শিক্ষা লাভ কৰাৰ সুবিধা প্ৰদান কৰে।

এই নতুন বহুভাষিক ডিজিটেল শিক্ষা ব্যৱস্থাই শিক্ষণক অধিক সৰ্বাঙ্গীন কৰি তোলাত সহায় কৰে আৰু লগতে ভাৰতৰ ভাষিক বৈচিত্ৰ্যকো সুৰক্ষিত কৰে। ই নিশ্চিত কৰে যে আমাৰ বহু ভাষাক কেৱল আমাৰ সংস্কৃতিৰ অংশ হিচাপে মনত ৰখা নহয়, সেইবোৰক পাঠদান, শিক্ষণ, আৰু উদ্ভাৱনৰ বাবেও ব্যৱহাৰ কৰা হয়।

 

ৰূপান্তৰৰ আঁৰৰ প্ৰযুক্তি

ভাৰতৰ বহুভাষিক ডিজিটেল পৰিৱেশ তন্ত্ৰটো ইয়াৰ ভাষিক বৈচিত্ৰ্যৰ বাবে বিশেষভাৱে ডিজাইন কৰা উন্নত AI আৰু গণনামূলক ভাষাবিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা চালিত। অত্যাধুনিক উদ্ভাৱনসমূহৰ ব্যৱহাৰ কৰি এই প্ৰযুক্তিসমূহে কেৱল ভাষিক ঐতিহ্য সংৰক্ষণ কৰাই নহয়, বিভিন্ন ভাষাৰ মাজেৰে ধাৰাবাহিক, বাস্তৱ সময়ৰ (Real Time) যোগাযোগো সক্ষম কৰে, লগতে বিস্তাৰিত ডিজিটেল অন্তৰ্ভুক্তিকো লাভান্বিত কৰে।

এই ব্যৱস্থাটোৰ মূল উপাদানসমূহ হ'ল:

  • স্বয়ংক্ৰিয় বাক্য চিনাক্তকৰণ (ASR): বিভিন্ন কথিত ভাৰতীয় ভাষাসমূহক সঠিক লিখনিলৈ ৰূপান্তৰ কৰে, ভয়চ-ভিত্তিক এপ্লিকেচনসমূহ, কামাণ্ড ইণ্টাৰফে’চসমূহ, আৰু বাস্তৱ সময়ৰ ট্ৰান্সক্ৰিপচন সেৱাসমূহ সক্ষম কৰে।
  • টেক্সট-টু-স্পীচ (TTS): স্থানীয় ভাষাত স্বাভাৱিকভাৱে বুজিব পৰাকৈ বাক্যৰ গাঁথনি সৰল কৰা, ডিজিটেল সহায়ক, শিক্ষামূলক সঁজুলি, আৰু চৰকাৰী সেৱাসমূহত সুলভতা বৃদ্ধি কৰা।
  • নিউৰেল মেচিন অনুবাদ (NMT): বাক্য গঠন আৰু অৰ্থগত জটিলতা অতিক্ৰম কৰি একাধিক ভাৰতীয় ভাষাৰ মাজত প্ৰসংগ-সচেতন, বাস্তৱ সময়ৰ অনুবাদ প্ৰদান কৰিবলৈ গভীৰ শিক্ষণ আৰ্হি ব্যৱহাৰ কৰে।
  • প্ৰাকৃতিক ভাষা বুজা (NLU): স্থানীয় ভাষাৰ ভিতৰত ব্যৱহাৰকাৰীৰ উদ্দেশ্য, আৱেগ, আৰু প্ৰসংগ ব্যাখ্যা কৰাত AI ব্যৱস্থাপ্ৰণালীসমূহক সুবিধা প্ৰদান কৰে, কথোপকথন এজেণ্ট আৰু ব্যৱহাৰকাৰীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ উন্নত কৰে।
  • IndicBERT, mBART: এই অত্যাধুনিক আৰ্হিসমূহক ভাৰতীয় ভাষাৰ তথ্যৰ বিশাল সংগ্ৰহৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়, যিয়ে তেওঁলোকক ভাষা শিক্ষণ, অনুবাদ, আৰু বুজাৰ ক্ষেত্ৰত উন্নত সঠিকতা লাভ কৰাত সহায় কৰে।
  • কৰ্পাছ ডেভেলপমেন্ট আৰু ডাটা কিউৰেচন: ডিজিটেলাইজড পাণ্ডুলিপি, লোককথা, মৌখিক পৰম্পৰা, চৰকাৰী অভিলেখ, আৰু শৈক্ষিক বিষয়বস্তুৰ পৰা বিস্তৃত তথ্যৰ সমষ্টি সংকলন কৰা হয়, যিয়ে ভাৰতৰ বৈচিত্ৰময় ভাষিক পৰিৱেশৰ বাবে এআই মডেলসমূহ প্ৰশিক্ষণ আৰু সূক্ষ্মভাৱে সজ্জিত কৰিবলৈ সমৃদ্ধ তথা প্ৰতিনিধিত্বমূলক তথ্য প্ৰদান কৰে।

এই শক্তিশালী প্ৰযুক্তিগত ব্যৱস্থাই ভাষিনী, ভাৰতজেন, আৰু আদি-বাণীৰ দৰে প্লেটফৰ্মসমূহক ব্যৱহাৰযোগ্য কৰি তোলে, আৰু লগতে নিশ্চিত কৰে যে তেওঁলোকে এনে ভাষা সঁজুলি প্ৰদান কৰে যি বহুলভাৱে ব্যৱহাৰযোগ্য, সঠিক, আৰু সৰ্বাঙ্গীন, আৰু লগতে ভাৰতৰ অনন্য বহুভাষিক প্ৰয়োজনীয়তা পূৰণৰ বাবেও উপযুক্ত।

 

সামৰণি

ভাৰতে নিজৰ ভালেমান ভাষাৰ সুৰক্ষা আৰু প্ৰচাৰ প্ৰসাৰৰ বাবে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি আছে। এআই সঁজুলি আৰু ডিজিটেল আৰ্কাইভে ভাৰতৰ ভাষিক ঐতিহ্যক জীয়াই ৰখাত আৰু সহজে ব্যৱহাৰ কৰাত সহায় কৰিছে। ভাষিনী, ভাৰতজেন, আৰু আদি-বাণীৰ দৰে প্লেটফৰ্মৰ লগতে SPPL আৰু TRI-ECE ৰ দৰে প্ৰগ্ৰেমসমূহে সমগ্ৰ দেশৰ লোকসকলক নিজৰ ভাষাত ডিজিটেল সেৱা ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰিছে। এই সম্পূৰ্ণ পদ্ধতিয়ে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক সংৰক্ষণ কৰাই নহয়, সৰ্বাংগীন ডিজিটেল উন্নয়নকো সমৰ্থন কৰে, যাৰ ফলত ভাৰত বহুভাষিক উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হয়।

 

সমল

Press Information Bureau

Digital.gov

Ministry Of Home Affairs

Ministry of Electronics & Information Technology

https://dic.gov.in/bhashini

https://aikosh.indiaai.gov.in/home/models/details/ai4bharat_indicbert_multilingual_language_representation_model.html

Ministry Of Tribal Affairs

https://adivaani.tribal.gov.in/

Ministry Of Education

https://swayam.gov.in/

 

***

DPS/RD

(Explainer ID: 156058) आगंतुक पटल : 62
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_Ddn , Gujarati , Telugu , Kannada , Malayalam , Bengali , Odia
National Portal Of India
STQC Certificate