• Sitemap
  • Advance Search
Farmer's Welfare

দীনদয়াল অন্ত্যোদয় যোজনা– ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান

গ্ৰাম্য সম্প্ৰদায়ৰ লোকসকলক সবলীকৰণৰ ৰূপৰেখা

Posted On: 23 OCT 2025 10:09AM

মুখ্য তথ্য

সমগ্ৰ ভাৰতত ৯০.৯ লাখ আত্মসহায়ক গোট (SHG)ৰ জৰিয়তে ১০.০৫ কোটি গ্ৰাম্য পৰিয়ালক সংযোগ কৰা হৈছে।

উদ্যোগীকৰণ কাৰ্যসূচীৰ জৰিয়তে ৪.৬ কোটি মহিলা কৃষক আৰু ৩.৭৪ লাখ উদ্যোগক সহায় আগবঢ়োৱা হৈছে।

DDU-GKYৰ অধীনত ১৭.৫ লাখ গ্ৰাম্য যুৱকক প্ৰশিক্ষণ দিয়া হৈছে, ইয়াৰে ১১.৪৮ লাখ যুৱক ইতিমধ্যে সংস্থাপিত হৈছে।

গ্ৰাম্য বিত্তীয় অন্তৰ্ভুক্তি আৰু ঋণৰ সুবিধা বৃদ্ধিৰ বাবে ৪৭,৯৫২ গৰাকী বেংক সখীক নিযুক্তি দিয়া হৈছে।

কৃষি, অকাঠী বনজ সামগ্ৰী, পশুপালন আৰু অকৃষি উদ্যোগৰ জৰিয়তে বহনক্ষম জীৱিকাৰ প্ৰসাৰ ঘটিছে।

 

পাতনি

দীনদয়াল অন্ত্যোদয় যোজনা– ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM) হৈছে ভাৰতৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ এক ধ্বজাবাহী দৰিদ্ৰতা নিৰাময় কাৰ্যসূচী, যাৰ লক্ষ্য হৈছে গ্ৰামাঞ্চললৰ দৰিদ্ৰ পৰিয়ালসমূহক স্বাৱলম্বী কৰা আৰু দক্ষ মজুৰিভিত্তিক কৰ্মসংস্থাপনৰ সুযোগৰ জৰিয়তে দৰিদ্ৰতাৰ পৰা মুক্ত কৰা। এই অভিযানৰ উদ্দেশ্য হৈছে গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহক আত্মসহায়ক গোট (SHG)ত সংগঠিত কৰা আৰু তেওঁলোকক নিৰন্তৰ বিত্তীয় কাৰ্য্যকলাপত জড়িত কৰা, যাতে সময়ৰ লগে লগে তেওঁলোকৰ আয় প্ৰশংসনীয়ভাৱে বৃদ্ধি পাব পাৰে আৰু তেওঁলোক চৰম দৰিদ্ৰতাৰ পৰা মুক্ত হ’ব পাৰে।

DAY-NRLMৰ সফলতা গ্ৰাম্য জীৱনৰ ৰূপান্তৰত স্পষ্টভাৱে প্ৰমাণিত হৈছে। এটা প্ৰেৰণাদায়ক উদাহৰণ হ’ল মেঘালয়ৰ হাইনিদামংকি কানাইৰ কাহিনী। ২০২০ চনৰ জানুৱাৰী মাহত কিৰ্ষাণলাং আত্মসহায়ক গোট (SHG)ত যোগদান কৰাৰ পাছৰে পৰা তেওঁৰ এই যাত্ৰা আৰম্ভ হয়। SHGৰ সহায় আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান(NRLM)ৰ প্ৰশিক্ষণত তেওঁ গোলাপ, এলোভেৰা, কমলা আৰু লেমনগ্ৰাছ ব্যৱহাৰ কৰি হাতেৰে তৈয়াৰী চাবোন উৎপাদন কৰিবলৈ আৰম্ভ কৰে। কেইমাহমানৰ পিছতে এপ্ৰিলত আৰম্ভ কৰা তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফল ২০২৩ চনৰ আগষ্ট মাহত পাবলৈ ধৰিলে। তেওঁৰ সম্ভাৱনা দেখি তেওঁ SHGৰ জৰিয়তে ১.৮ লাখ টকাৰ বেংকৰ ঋণ লাভ কৰে। ইয়াৰ লগে লগে তেওঁ নতুন যন্ত্ৰপাতি, সঁজুলি ক্ৰয় কৰাৰ লগতে চাবোনৰ মানদণ্ড নিশ্চিত কৰিবলৈ লেবৰেটৰীৰ পৰীক্ষাও কৰে।

 

লাহে লাহে অথচ নিৰন্তৰভাৱে তেওঁৰ এই উদ্যোগ সফল হয় আৰু বাৰ্ষিক আয়ে ১ লাখ টকা অতিক্ৰম কৰে। এই সফলতাই তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আনে আৰু ডাঙৰ সপোন দেখাৰ আত্মবিশ্বাস জগাই তোলে। তেওঁ নিজৰ এই সফলতাত থমকি ৰোৱা নাছিল, বৰঞ্চ গাঁৱৰ আন SHGৰ সদস্যসকলক চাবোন নিৰ্মাণৰ প্ৰশিক্ষণ দিছিল, জ্ঞানৰ সম্প্ৰসাৰণ কৰিছিল আৰু তেওঁলোককো উদ্যোগী হোৱাৰ সপোন দেখাৰ বাবে অনুপ্ৰেৰণা যোগাইছিল।

২০১০ চনত পূৰ্বৰ স্বৰ্ণ জয়ন্তী গ্ৰামীণ স্বৰোজগাৰ যোজনা (SGSY)ৰ পুনৰুজ্জীৱিত সংস্কৰণ হিচাপে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (NRLM) আৰম্ভ কৰা হৈছিল। ২০১৬ চনত দীনদয়াল অন্ত্যোদয় যোজনা– ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM) নামেৰে ইয়াৰ নতুন নামকৰণ কৰা হয়। এইখন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত চলি থকা আঁচনি। এয়া দৰিদ্ৰ লোকৰ জীৱিকাৰ উন্নয়নৰ বাবে বিশ্বৰ অন্যতম বৃহৎ পদক্ষেপ। এই অভিযানে তলত উল্লেখ কৰা চাৰিটা মূল স্তম্ভৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰে :

সামাজিক সংগঠন আৰু প্ৰচাৰৰ লগতে গ্ৰামাঞ্চলৰ দৰিদ্ৰ মহিলাৰ বাবে আত্মনিৰ্ভৰশীল তথা বহনক্ষম সম্প্ৰদায়ভিত্তিক প্ৰতিষ্ঠান গঢ়ি তোলা

বিত্তীয় অন্তৰ্ভুক্তি

বহনক্ষম জীৱিকা, আৰু

সামাজিক অন্তৰ্ভুক্তি, সামাজিক উন্নয়ন আৰু অধিকাৰভিত্তিক সেৱাৰ সুবিধা

 

DAY-NRLMৰ উদ্দেশ্য:

DAY-NRLMৰ উদ্দেশ্য হৈছে আত্মসহায়ক গোট (SHG)ৰ দৰে শক্তিশালী প্ৰতিষ্ঠান গঠন কৰি দৰিদ্ৰ, বিশেষকৈ মহিলাসকলক সবলীকৰণ কৰা আৰু তেওঁলোকক বিত্তীয় সেৱা আৰু জীৱিকা উন্নয়নৰ সুযোগ প্ৰদান কৰা। এই প্ৰতিষ্ঠানসমূহে দীৰ্ঘম্যাদী সহায় আগবঢ়ায় যাতে সদস্যসকলে তেওঁলোকৰ জীৱিকাৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিব পাৰে, তেওঁলোকৰ আয় বৃদ্ধি কৰিব পাৰে, আৰু তেওঁলোকৰ জীৱনৰ মান উন্নত কৰিব পাৰে। SHGৰ প্ৰশিক্ষিত মহিলা সদস্যসকলে এই অভিযানৰ বেছিভাগ কাম-কাজ ৰূপায়ণ আৰু কৃষি সখী, পশু সখী, বেংক সখী, বীমা সখী, বেংকিং প্ৰতিনিধি সখী আদিৰূপে সামূহিক সমল ব্যক্তি (চি আৰ পি) হিচাপে কাম কৰি ঘৰুৱা হিংসা, মহিলাৰ শিক্ষা আৰু অন্যান্য লিংগ সম্পৰ্কীয় সমস্যা, পুষ্টি, অনাময়, স্বাস্থ্য আদি বিষয়ৰ সজাগতা আৰু আচৰণ পৰিৱৰ্তন কাৰ্যসূচীৰ জৰিয়তে ইয়াৰ উন্নতি সাধন কৰে। এই আঁচনিৰ অধীনত গঠন হোৱা SHGসমূহৰ মূল উদ্দেশ্য হ’ল-

আনুষ্ঠানিক ঋণৰ সুবিধা,

জীৱিকাৰ বৈচিত্ৰ্য আৰু শক্তিশালীকৰণত সহায় আগবঢ়োৱা, আৰু

চৰকাৰী সেৱা আৰু প্ৰাপ্যসমূহৰ সহজ সুবিধা নিশ্চিত কৰা।

 

DAY-NRLMৰ জৰিয়তে মহিলা সবলীকৰণ                                                                                                     

এই অভিযানৰ মূল উদ্দেশ্য হৈছে দৰিদ্ৰতা হ্ৰাস কৰা- বিশেষকৈ গ্ৰামাঞ্চলৰ দৰিদ্ৰ মহিলাসকলক আৰ্থিক সেৱা, জীৱিকাৰ বৈচিত্ৰ্য আৰু জীৱনৰ মানদণ্ড উন্নত কৰাৰ সুযোগ প্ৰদান কৰা। আত্মনিৰ্ভৰশীল সম্প্ৰদায়ভিত্তিক প্ৰতিষ্ঠান গঠন কৰি এই অভিযানে আৰ্থিকভাৱে মহিলাসকলক সবলীকৰণ কৰে যিয়ে প্ৰয়োজনীয় আৰ্থিক, কাৰিকৰী আৰু ব্যৱসায়িক সমল আগবঢ়ায়। DAY-NRLMৰ অধীনত এক উল্লেখযোগ্য সফলতা লাভ কৰা হৈছে, য’ত আনুষ্ঠানিক বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে মহিলা আত্মসহায়ক গোট (SHG)ক ১১ লাখ কোটিত টকাতকৈ অধিক ঋণ প্ৰদান কৰা হৈছে। বেংক সখী হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত মহিলা আৰু SHG আৰু বেংকৰ মাজত সেতু হিচাপে কাম কৰা বেংকিং প্ৰতিনিধি সখীয়ে এই সফল ৰূপায়ণত মূল ভূমিকা পালন কৰি আছে। এই ঋণৰ এটা ডাঙৰ অংশ জামিনমুক্ত, সুত ৰাজসাহায্যযুক্ত আৰু অন্যান্য আৰ্থিক সাহায্যৰ জৰিয়তে প্ৰদান কৰা হৈছে। ঋণ পৰিশোধৰ হাৰ ৯৮ শতাংশতকৈ অধিক, যি এই কাৰ্যসূচীৰ ফলপ্ৰসূতা আৰু বহনক্ষমতাৰ প্ৰমাণ।

জীৱিকাৰ ক্ষেত্ৰত DAY-NRLMএ কৃষি আৰু অকৃষি দুয়োটা কামতে সহায় কৰে। ই কৃষি অনুকূল পদ্ধতিক প্ৰসাৰিত কৰি ‘মহিলা কৃষক (মহিলা কিষাণ)’ক সবলীকৰণ কৰিছে, ইতিমধ্যে এই পদক্ষেপৰ অধীনত ৪.৬২ কোটি মহিলাক সামৰি লোৱা হৈছে। কৃষি সখী আৰু পশু সখী নামৰ প্ৰশিক্ষিত সামূহিক সমল ব্যক্তিৰ এক শক্তিশালী নেটৱৰ্ক গঠন কৰা হৈছে, যিয়ে মহিলাসকলক নিয়মীয়াকৈ সহায় আৰু প্ৰশিক্ষণ দি আহিছে।

এই অভিযানে হস্তশিল্প, খাদ্য সংসাধন আদিৰ ক্ষেত্ৰতো ক্ষুদ্ৰ উদ্যোগসমূহক সহায় আগবঢ়াইছে। এই উদ্দেশ্যে ইতিমধ্যে ‘ষ্টাৰ্ট-আপ ভিলেজ এণ্টাৰপ্ৰেনিউৰশ্বিপ প্ৰগ্ৰেম’ (SVEP)ৰ অধীনত ৩.৭৪ লাখ উদ্যোগক সহায় আগবঢ়োৱা হৈছে। তদুপৰি ঘৰুৱা হিংসা, মহিলাৰ শিক্ষা আৰু অন্যান্য লিংগভিত্তিক বিষয়, পুষ্টি, স্বাস্থ্য, অনাময় আদিত মহিলাসকলৰ মাজত সজাগতা সৃষ্টি আৰু আচৰণৰ পৰিৱৰ্তন আনিবলৈ DAY-NRLMয়ে কাম কৰি আছে।

কৃষি সখী হৈছে সামূহিক কৃষি সেৱা প্ৰদানকাৰী (CASP), যিয়ে গ্ৰাম্য অঞ্চলৰ কৃষি সেৱাৰ ব্যৱধান পূৰণৰ বাবে প্ৰান্তীয় অঞ্চললৈ সহায় আগবঢ়ায়। ই বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰ ঘটায়, কৃষকৰ সামৰ্থ্য গঢ়ি তোলে, উৎপাদিত সামগ্ৰীৰ সমবায় বিপণনৰ সুবিধা প্ৰদান কৰে, আৰু আয় বৃদ্ধি কৰে।

বেংক সখী হৈছে এজন প্ৰশিক্ষিত আত্মসহায়ক গোট(SHG)ৰ সদস্য যিয়ে বেংকৰ শাখাত থাকি SHGৰ সদস্যসকলক আৰ্থিক সেৱা প্ৰদান কৰাত সহায় কৰে। তেওঁ চেভিংছ একাউণ্ট খোলে, ঋণ আৰু লেনদেনৰ সুবিধা প্ৰদান কৰে, আৰু SHGৰ সৈতে ক্ৰেডিট লিংকেজ নিশ্চিত কৰি বেংকৰ অন্যান্য সুবিধা আগবঢ়ায়।

পশু সখী হৈছে এগৰাকী সামূহিক পশু-যত্ন সেৱা প্ৰদানকাৰী (CASP), যি পশু চিকিৎসা দুৰ্লভ বা ব্যয়বহুল গ্ৰামাঞ্চলত প্ৰান্তীয় অঞ্চললৈ পশুপালনৰ সেৱা নিশ্চিত কৰে। পশু সখীয়ে সজাগতা বৃদ্ধি কৰে, পশুধন ভিত্তিক জীৱিকাত সম্প্ৰদায়ৰ সামৰ্থ্য গঢ়ি তোলে, আৰু গ্ৰাম্য আয় উন্নত কৰিবলৈ পশুধনৰ সামগ্ৰীসমূহ একত্ৰিত কৰি বিপণনত সহায় কৰে।

 

DAY-NRLM-এ ২৮খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০.০৫ কোটি গ্ৰাম্য পৰিয়ালক ৯০.৯০ লাখ আত্মসহায়ক গোটত অন্তৰ্ভুক্ত কৰিছে। DAY-NRLMৰ অন্যান্য ডাঙৰ সফলতাসমূহ :

            ৪.৬২ কোটি SHG সদস্য ‘মহিলা কিষাণ’ হিচাপে জড়িত।

            ৩.৫ লাখ কৃষি সখী আৰু পশু সখী নিয়োজিত।

            ৬,০০০ সংহত কৃষি ক্লাষ্টাৰ গঠন।

            ১.৯৫ লাখ উৎপাদক গোট, ৫০ লাখৰো অধিক গ্ৰাম্য মহিলা উপকৃত।

            ২৮২টা ব্লকত ৩.৭৪ লাখ উদ্যোগলৈ সমৰ্থন।

২০১৩-১৪ চনৰ পৰা SHG মহিলাসকলক ১১ লাখ কোটি টকা ঋণ প্ৰদান কৰা হৈছে।

SHGৰ সৈতে ক্ৰেডিট লিংকেজৰ সুবিধাৰ বাবে বেংকৰ শাখাসমূহত ৪৭,৯৫২গৰাকী বেংক সখী নিয়োগ কৰা হৈছে।

 

DAY-NRLM ৰ অধীনত সৰ্বাধিক কৃতিত্ব প্ৰদৰ্শনকাৰী ৰাজ্যসমূহ :

আৰম্ভ কৰাৰে পৰা ২০২৫ চনৰ ৩০ জুন তাৰিখলৈকে সৰ্বাধিক সংখ্যক আত্মসহায়ক গোট (SHG) গঠন আৰু সৰ্বাধিক সংখ্যক মহিলা আৰু পৰিয়ালক SHG ত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিহাৰ, উত্তৰ প্ৰদেশ, আৰু অন্ধ্ৰ প্ৰদেশ- এই তিনিখন ৰাজ্য শীৰ্ষত আছে।

আৰ্থিক সহায় আৰু অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ২০২৪-২৫ বিত্তীয় বৰ্ষত (২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে) কেইবাখনো ৰাজ্যই উল্লেখযোগ্য প্ৰদৰ্শন দেখুৱাইছে। SHG সমূহক মূলধনী সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশে তেওঁলোকৰ লক্ষ্য অতিক্ৰম কৰি ১,২৩,৩২৬ লাখ আৰু বিহাৰে ১,০৫,১৩২ লাখ টকা প্ৰদান কৰিছে। এছ এইচ জিৰ সৈতে বেংক ক্ৰেডিট লিংকেজৰ ক্ষেত্ৰত অন্ধ্ৰ প্ৰদেশে ৩৪,৮৩,৭২৫ লাখ টকাৰ ঋণ প্ৰদান কৰি দেশৰ শীৰ্ষস্থান দখল কৰিছে।

বহনক্ষম জীৱিকাৰ প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যই কৃষি আৰু অকৃষি দুয়োটা পদক্ষেপতে অগ্ৰণী ভূমিকা পালন কৰি আছে। কৃষি পদক্ষেপত মহাৰাষ্ট্ৰই ১২,৯৭,০৫১ গৰাকী মহিলা জড়িত কৰি সৰ্বাধিক সংখ্যক ‘মহিলা কৃষক’ কৃষি-পৰিৱেশগত পদ্ধতিৰ অধীনলৈ আনিছে। ইয়াৰ পিছতে আছে উত্তৰ প্ৰদেশ (১১,৩৭,৯৫০) আৰু অন্ধ্ৰ প্ৰদেশ (১০,৪৩,০৮৫)। অকৃষি পদক্ষেপত ষ্টাৰ্ট-আপ ভিলেজ এণ্টাৰপ্ৰেনিউৰশ্বিপ প্ৰগ্ৰেম (SVEP)ৰ অধীনত সমৰ্থিত ৯,৫৫৭টা পদক্ষেপেৰে অসম শীৰ্ষত আছে। ইয়াৰ উপৰি কেৰালা (৫,৮০২) আৰু পশ্চিম বংগ (৪,৯৩৩)য়ো প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াইছে।

DAY-NRLM ৰ অধীনত দক্ষতা বিকাশ আৰু নিয়োগ সৃষ্টিৰ কাৰ্যসূচী                                                    

গ্ৰামাঞ্চলৰ দৰিদ্ৰ যুৱক-যুৱতীসকলক উপযুক্ত দক্ষতা আৰু অৰ্থপূৰ্ণ কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰি দৰিদ্ৰতা নিৰাময়ৰ লক্ষ্যত উপনীত হ’বলৈ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে DAY-NRLMৰ অধীনত কেন্দ্ৰীয় পৃষ্ঠপোষকতাত দুখন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিসমূহৰ উদ্দেশ্য হৈছে গ্ৰাম্য যুৱক-যুৱতীসকলক নিয়োগযোগ্য দক্ষতাৰে পাৰ্গত কৰি আত্মনিৰ্ভৰশীলতাৰ দিশত আগুৱাই নিয়া।

দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা (DDU-GKY) : এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ১৫ৰ পৰা ৩৫ বছৰ বয়সৰ গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলক চাকৰিৰ সৈতে জড়িত দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা। ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলক নিয়োগৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ব্যৱহাৰিক আৰু হাতে-কামে প্ৰশিক্ষণ দিয়া হয়, যাতে তেওঁলোকে আনুষ্ঠানিক চাকৰিৰ বজাৰত নূন্যতম মজুৰি বা তাতকৈ অধিক উপাৰ্জন কৰিব পাৰে। ২০২৫ চনৰ জুন মাহলৈকে মুঠ ১৭.৫০ লাখ প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াৰে ১১.৪৮ লাখ প্ৰাৰ্থীয়ে ইতিমধ্যে কৰ্মসংস্থাপন লাভ কৰিছে।

গ্ৰাম্য স্বনিয়োজিত প্ৰশিক্ষণ প্ৰতিষ্ঠান (RSETIs): RSETIs হৈছে বেংকৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত প্ৰশিক্ষণ কেন্দ্ৰ, যি ১৮ৰ পৰা ৫০ বছৰ বয়সৰ গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলক উদ্যোগী হ’বলৈ প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে আত্মনিয়োগ আৰু মজুৰিৰ নিয়োগ বৃদ্ধিত সহায় কৰা। এই আঁচনিৰ অধীনত আন্তঃগাঁথনি উন্নয়ন, প্ৰশিক্ষণ খৰচ আৰু প্ৰশিক্ষণ সাহায্যৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ২০২৫ চনৰ জুন মাহলৈকে মুঠ ৫৬.৬৯ লাখ প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াৰে ৪০.৯৯ লাখ প্ৰাৰ্থীয়ে সফলতাৰে নিজৰ জীৱিকা প্ৰতিষ্ঠা কৰিছে।

 

DDU-GKYৰ অধীনত উন্নত প্ৰদৰ্শনকাৰী ৰাজ্যসমূহ (২০১৪১৫ৰ পৰা জুন ২০২৫লৈ)

DDU-GKYৰ অধীনত উত্তৰ প্ৰদেশে সৰ্বাধিক সংখ্যক ২,৪৪,৫২৮ জন প্ৰাৰ্থীক  প্ৰশিক্ষণ প্ৰদান কৰিছে। ওড়িশাই ২,১৫,৪০৯ জনক আৰু অন্ধ্ৰ প্ৰদেশে প্ৰশিক্ষণ দিছে ১,৩৩,৮৪২ জনক। সংস্থাপনৰ ক্ষেত্ৰত ওড়িশাই ১,৭৭,১৬৫ জন প্ৰাৰ্থীক নিয়োগ কৰি আগবাঢ়ি আছে, তাৰ পিছতে আছে অন্ধ্ৰ প্ৰদেশে ১,১৭,৮৮১ক সংস্থাপিত কৰি শক্তিশালী স্থিতি দেখুৱাইছে।

RSETIত শীৰ্ষ ৰাজ্যসমূহ (২০১৪১৫ৰ পৰা ২০২৫ চনৰ জুনলৈকে)

RSETৰ কাৰ্যসূচীৰ অধীনত উত্তৰ প্ৰদেশে সৰ্বাধিকসংখ্যক ৭,৫৫,৯৬৬ জনক প্ৰশিক্ষণ দিয়াৰ লগতে সফলতাৰে ৫,৫৪,৮৭৭ক সংস্থাপিত কৰি শীৰ্ষস্থান অধিকাৰ কৰিছে। প্ৰশিক্ষণ প্ৰদান আৰু নিয়োগ সৃষ্টিৰে উল্লেখনীয় সফলতা লাভ কৰা অন্যান্য ৰাজ্যকেইখন হল- ৰাজস্থান (৪,৩৪,৪৭৮ জনক প্ৰশিক্ষণ; ৩,১৯,৯৪৮ জনক সংস্থাপন), মধ্যপ্ৰদেশ (৪,৩৬,৮৩৫ জনক প্ৰশিক্ষণ; ৩,০৮,২৮০ জনক সংস্থাপন), কৰ্ণাটক (৪,১৯,২৯৯ জনক প্ৰশিক্ষণ; ৩,০৫,৩৯৭ জনক সংস্থাপন)।

DAY-NRLM-এৰ অধীনত উন্নত আৰু বিপণনৰ প্রশিক্ষণ

SHGৰ সদস্যসকলক, বিশেষকৈ মহিলাসকলক উন্নত প্ৰশিক্ষণ আৰু বিপণন দক্ষতা প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ হ’ল-

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ SARAS আজীৱিকা মেলা প্ৰতি বছৰে অনুষ্ঠিত হয়, য'ত বিশেষভাৱে বিপণন আৰু আনুষংগিক দক্ষতাৰ প্ৰশিক্ষণ দিয়া হয়। শেহতীয়াকৈ এই মেলা ২০২৫ চনৰ ৫ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হৈছিল।

(SARAS আজীৱিকা মেলা-২০২৫ সম্পৰ্কে বিতংকৈ জানিবলৈ ক্লিক কৰক- https://www.pib.gov.in/FeaturesDeatils.aspx?NoteId=155247&ModuleId=2)

ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানে (NIRD&PR) SHG সদস্য আৰু গ্ৰাম্য উদ্যোগীসকলৰ সামৰ্থ্য বৃদ্ধিৰ বাবে বিপণন দক্ষতাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰে। যোৱা তিনি বছৰত NIRD&PR-য়ে মুঠ ৪৪টা প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ কাৰ্যসূচী সম্পূৰ্ণ কৰিছে।

উপসংহাৰ

ভাৰতীয় গ্ৰাম্য দৰিদ্ৰতা নিৰাময় আৰু মহিলা সবলীকৰণৰ মূল স্তম্ভ হৈ পৰিছে DAY-NRLM। ই চৰকাৰী সমৰ্থন, দক্ষতা, আৰু বজাৰ প্ৰৱেশৰ সম্প্ৰসাৰণ কৰিছে, যাৰ ফলত বহনক্ষম জীৱিকা আৰু আৰ্থিক স্থিতিশীলতা নিশ্চিত হৈছে। দক্ষতা বিকাশ, উদ্যোগীকৰণৰ পদক্ষেপ, আৰু চৰকাৰী ধ্বজাবাহী আঁচনিৰ সৈতে সমন্বয়ৰ জৰিয়তে NRLM-য়ে আয়ৰ উৎসসমূহৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছে আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিছে। ইয়াৰ শক্তিশালী নিৰীক্ষণ ব্যৱস্থা, SHG–বেংক সংযোগ, আৰু সামৰ্থ্য বিকাশৰ পদক্ষেপে স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰে, যিটো গ্ৰাম্য সম্প্ৰদায়ৰ সৰ্বাংগীন বিকাশ আৰু উন্নত জীৱিকাৰ বাবে এক শক্তিশালী চালক।

 

সমল:

Ministry of Rural Development

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2023/dec/doc2023126279701.pdf

https://aajeevika.gov.in/home

https://aajeevika.gov.in/what-we-do/institutional-capacity-building

https://darpg.gov.in/sites/default/files/National%20Rural%20Livilihood%20Mission.pdf

https://aajeevika.gov.in/about/goal

https://nrlm.gov.in/dashboardForOuter.do?methodName=dashboad

https://sansad.in/getFile/loksabhaquestions/annex/185/AU380_bavCuN.pdf?source=pqals

https://sansad.in/getFile/loksabhaquestions/annex/185/AU2551_O3P2KL.pdf?source=pqals

https://sansad.in/getFile/loksabhaquestions/annex/185/AS138_slGOkB.pdf?source=pqals

https://sansad.in/getFiles/loksabhaquestions/annex/185/AU3714_fGFnWZ.pdf?source=pqals

https://sansad.in/getFile/loksabhaquestions/annex/185/AU380_bavCuN.pdf?source=pqals

https://sansad.in/getFile/loksabhaquestions/annex/185/AU4171_T2uTD0.pdf?source=pqals

https://sansad.in/getFile/loksabhaquestions/annex/185/AU2591_TWzqam.pdf?source=pqals

https://www.pib.gov.in/FactsheetDetails.aspx?Id=149112

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2043778

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2112203 https://msrls.nic.in/sites/default/files/pldsuccess-storiesmeghalaya.pdf

https://asrlms.assam.gov.in/sites/default/files/swf_utility_folder/departments/asrlm_pnrd_uneecopscloud_com_oid_66/portlet

/level_2/Guidance%20Note_Krishi%20Sakhi.pdf

https://asrlms.assam.gov.in/sites/default/files/Hand%20Book%20for%20Bank%20Sakhi.pdf

https://asrlms.assam.gov.in/sites/default/files/swf_utility_folder/departments/asrlm_pnrd_uneecopscloud_com_oid_66/portlet/level_2/Guidance%20Note_Pashu%20Sakhi.pdf

https://lakhpatididi.gov.in/about-lakhpati-didi/

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2149656

***

DPS/KD

(Explainer ID: 156056) आगंतुक पटल : 58
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Hindi_Ddn , Nepali , Marathi , Bengali , Manipuri , Gujarati , Odia , Kannada , Malayalam
National Portal Of India
STQC Certificate