• Sitemap
  • Advance Search
Social Welfare

নগৰীয়া কেন্দ্ৰৰ পৰা গ্ৰামীণ ক্ষেত্ৰলৈ

কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ে শিক্ষা ব্যৱস্থালৈ কঢ়িয়াইছে সমতা

Posted On: 10 NOV 2025 2:03PM

 

মুখ্য তথ্য

  • ২০২৫ চনৰ অক্টোবৰ মাহলৈকে সমগ্ৰ দেশতে ১২৯০ খন সক্ৰিয় কেন্দ্ৰীয় বিদ্যালয় (KV) আছে।
  • ভাৰত চৰকাৰে আগন্তুক ৯ বছৰত ৫৭ খন নতুন কেন্দ্ৰীয় বিদ্যালয় (KV) মুকলি কৰিবলৈ অনুমোদন জনাইছে, যাৰ বাজেট প্ৰায় ৫,৮৬২.৫৫ কোটি টকা।
  • ২০২৫ চনৰ অক্টোবৰ মাহলৈকে সমগ্ৰ দেশতে ৬৬২ খন নৱোদয় বিদ্যালয় কাৰ্যক্ষম হৈ আছে।
  • ২০২৪–২৫ বৰ্ষৰ বাবে নৱোদয় বিদ্যালয় সমিতিৰ অধীনৰ বিদ্যালয়সমূহে অনুদান-সাহায্য হিচাপে ৫,৩৭০.৭৯ কোটি টকা লাভ কৰিছিল।
  • PM SHRI আঁচনিৰ অধীনত ৯১৩ খন কেন্দ্ৰীয় বিদ্যালয় আৰু ৬২০ খন নৱোদয় বিদ্যালয়ক আদৰ্শ শিক্ষানুষ্ঠান হিচাপে উন্নীত কৰা হৈছে।


পাতনি

দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ বাবে ভাৰতৰ শিক্ষা ব্যৱস্থাই অতি গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। ই লাখ লাখ ছাত্ৰ-ছাত্ৰীক জ্ঞান, দক্ষতা, আৰু মূল্যবোধ লাভ কৰাত সহায় কৰে, আৰু দেশৰ সামাজিক আৰু অৰ্থনৈতিক অগ্ৰগতিক উদগনি যোগায়। এই ব্যৱস্থাৰ ভিতৰত কেন্দ্ৰীয় বিদ্যালয় সংগঠন (KVS) আৰু জৱাহৰ নৱোদয় বিদ্যালয় (JNV) এ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় (MoE) ৰ অধীনত স্বায়ত্ত্বশাসিত সংস্থা হিচাপে কাম কৰে। দুয়োটাৰে লক্ষ্য সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীক উচ্চমানৰ আৰু সম শিক্ষা প্ৰদান কৰা।

KVS ইয়াৰ সকলো বিদ্যালয়তে একে উচ্চমানৰ শিক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰে। ই মূলতঃ প্ৰতিৰক্ষা আৰু অৰ্ধসামৰিক কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু বিভিন্ন শ্ৰেণীৰ সাধাৰণ লোকৰ সন্তানকে ধৰি সঘনাই বদলি হোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সন্তানক গুণগত শিক্ষা প্ৰদানত গুৰুত্ব আৰোপু কৰে। কেৱল সেয়াই নহয়, এই বিদ্যালয় সংস্থাই একক কন্যা সন্তানকো অগ্ৰাধিকাৰ ভিত্তিত শিক্ষাদান কৰাৰ জৰিয়তে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় ঐক্য আৰু শক্তিশালী শৈক্ষিক প্ৰদৰ্শলনক প্ৰসাৰিত কৰে।

প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত হোৱা গ্ৰামাঞ্চলৰ প্ৰতিভাৱান শিশুসকলক NVS এ বিনামূলীয়াকৈ আৱাসিক বিদ্যালয়ৰ শিক্ষা প্ৰদান কৰে। ইয়াৰ লক্ষ্য হৈছে গাঁও-নগৰৰ মাজত শিক্ষাৰ ব্যৱধান হ্ৰাস কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নত সহায় কৰা। ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ সৈতেও এই পদক্ষেপৰ মিল আছে।

সামগ্ৰিকভাৱে, এই শিক্ষানুষ্ঠানসমূহে সমগ্ৰ দেশৰ ১৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰে। সকলো অঞ্চলৰ শিশুৱে যাতে সমান শিক্ষা লাভৰ সুযোগ পায় তাৰ বাবে এই শিক্ষানুষ্ঠানসমূহে সহায় কৰে। ই ভাৰতৰ বিদ্যালয় শিক্ষা ব্যৱস্থাত সৰ্বাংগীন বিকাশ আৰু সমতাৰ দিশটোক সমৰ্থন কৰে।

 

ঐতিহাসিক আভাস

চৰকাৰী কৰ্মচাৰীৰ সন্তানক গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিদ্যালয় (KV) য়ে জন্মলগ্নৰে পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে। নৱোদয় বিদ্যালয় সমিতিৰ দ্বাৰা পৰিচালিত নৱোদয় বিদ্যালয় (NV) সমূহে বিনামূলীয়া আৱাসিক বিদ্যালয়ৰ জৰিয়তে প্ৰতিভাৱান গ্ৰামীণ শিশুসকলক সহায় কৰে। দুয়োটা বিদ্যালয় ব্যৱস্থাই CBSE ৰ পাঠ্যক্ৰম অনুসৰণ কৰে আৰু সামগ্ৰিক উন্নয়ন আৰু জাতীয় ঐক্যক উৎসাহিত কৰে।

 

কেন্দ্ৰীয় বিদ্যালয় সংগঠন (KVS)

১৯৬৩ চনৰ নৱেম্বৰ মাহত স্থাপিত (২০২৫ চনত ৬২ বছৰ সম্পূৰ্ণ কৰা) KVSৰ উৎপত্তি ১৯৬২ চনত কেন্দ্ৰীয় বিদ্যালয় সংস্থা (CSO)ৰ পৰা হৈছিল। KV বিদ্যালয়সমূহৰ লক্ষ্য হৈছে বদলিযোগ্য আৰু বদলি-অযোগ্য চৰকাৰী কৰ্মচাৰীসকলৰ সন্তানসকলৰ শৈক্ষিক প্ৰয়োজনীয়তাবোৰ পূৰণ কৰা, যাতে পিতৃ-মাতৃৰ সঘন স্থানান্তৰ হ’লেও শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে কোনোধৰণৰ সমস্যাৰ সমূখীন নহয়।

A diagram of a mission and objectivesAI-generated content may be incorrect.

মন্ত্ৰালয়, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰস্তাৱৰ দ্বাৰা ধাৰাবাহিক সম্প্ৰসাৰণেৰে, আৰু কম সেৱা লাভ কৰা অঞ্চলসমূহক অগ্ৰাধিকাৰ দি শেহতীয়া বছৰবোৰত KVS এটা দেশজোৰা নেটৱৰ্কলৈ বিকশিত হৈছে।

সমগ্ৰ দেশৰ সকলো কেন্দ্ৰীয় বিদ্যালয়ে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE)ৰ পাঠ্যক্ৰম অনুসৰণ কৰে, য’ত বাল-বাতিকা প্ৰথম, দ্বিতীয় আৰু তৃতীয় আৰু প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সামৰি লোৱা হয়। পাঠদানৰ পৰিকাঠামো হৈছে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (NCF) ২০২৩ আৰু শেহতীয়া ৰাষ্ট্ৰীয় নিৰ্দেশনাৰ সৈতে ইয়াৰ সংগতি আছে। পাঠ্যক্ৰমত সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, সহ-পাঠ্যক্ৰমৰ কাৰ্য্যকলাপ আৰু দক্ষতাভিত্তিক শিক্ষণৰ সৈতে শক্তিশালী শৈক্ষিক ভেটিৰ সংমিশ্ৰণেৰে ছাত্ৰ-ছাত্ৰীসকলক এক পূৰ্ণাঙ্গ বিকাশৰ বাবে প্ৰস্তুত কৰা হয়।

 

নৱোদয় বিদ্যালয় সমিতি (NVS)

১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত আৰম্ভ হোৱা নৱোদয় বিদ্যালয় সমিতি মাত্ৰ দুখন পাইলট স্কুলেৰে আৰম্ভ হৈছিল। মূলতঃ CBSE ৰ স্বীকৃতিপ্ৰাপ্ত আৱাসিক, সহ-শৈক্ষিক সুবিধাসমূহৰ জৰিয়তে মেধাবী গ্ৰাম্য প্ৰতিভাক শিক্ষাৰ দিশেৰে উদগনি যোগোৱাৰ দৰে মহান উদ্দেশ্যৰে আৰম্ভ হৈছিল এই যাত্ৰা। ইয়াৰ লক্ষ্য হৈছে গ্ৰামীণ ক্ষেত্ৰৰ প্ৰতিভাৱান শিশুসকলক তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা নিৰ্বিশেষে বিনামূলীয়া, উচ্চমানৰ শিক্ষা প্ৰদান কৰা।

A diagram of a company's missionAI-generated content may be incorrect.

 

২০২৫ চনৰ অক্টোবৰ মাহলৈকে সমগ্ৰ দেশতে বৰ্তমান ৬৬২ খন নৱোদয় বিদ্যালয় কাৰ্যক্ষম হৈ আছে।

সকলো নবোদয় বিদ্যালয়ে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ CBSE ৰ পাঠ্যক্ৰম অনুসৰণ কৰে। তেওঁলোকে তিনি ভাষাৰ সূত্ৰ ব্যৱহাৰ কৰে, য’ত আঞ্চলিক ভাষা, হিন্দী বা ইংৰাজী, আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰব্ৰজনৰ ওপৰত ভিত্তি কৰি তৃতীয় ভাৰতীয় ভাষা অন্তৰ্ভুক্ত কৰা হয়। এই ব্যৱস্থাই বহুভাষিক শিক্ষণ আৰু সাংস্কৃতিক বুজাবুজিক প্ৰসাৰিত কৰে, যিটো ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (NCF)ৰ দ্বাৰা পৰিচালিত হয়।

 

নগৰীয়া সুবিধা বনাম গ্ৰামীণ একাগ্ৰতা :  KVS আৰু NVS  ৰ আন্তঃগাথনিৰ দিশবোৰ

কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয় সমিতি দুয়োটাই বিজ্ঞান পৰীক্ষাগাৰ, পুথিভঁৰাল, আৰু ক্ৰীড়াক্ষেত্ৰৰ দৰে সুবিধাৰ বাবে চিবিএছইৰ মানদণ্ড অনুসৰণ কৰে। তেওঁলোকৰ আন্তঃগাঁথনিয়ে তেওঁলোকৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাসমূহ প্ৰতিফলিত কৰে, যেনে, KVS বিদ্যালয়সমূহে তেওঁলোকৰ নগৰীয়া স্থানসমূহ ব্যৱহাৰ কৰি আধুনিক প্ৰযুক্তি অন্তৰ্ভুক্ত কৰে, আনহাতে NVS বিদ্যালয়সমূহে গ্ৰামাঞ্চলত শক্তিশালী, স্বাৱলম্বী চৌহদ নিৰ্মাণত গুৰুত্ব দিয়ে।

 

দিশবোৰ

KV (কেন্দ্ৰীয় বিদ্যালয়)

NV (নবোদয় বিদ্যালয়)

বিদ্যালয়ৰ সংখ্যা

১,২৯০

৬৮৯ খন অনুমোদিত (প্ৰতি জিলাত এখনকৈ, সম্পূৰ্ণ আৱাসিক)

শিক্ষাৰ্থীৰ সংখ্যা

১৩,৭১,৩০৬

৩,১০,৫১৭ (৩০.০৯.২০২৫ তাৰিখলৈকে)

গুৰুত্ববাহী বিশেষ সুবিধাবোৰ

ডিজিটেল ভাষা লেব, ই-ক্লাছৰুম

ডিজিটেল সেঁতুবন্ধনৰ বাবে স্মাৰ্ট শ্ৰেণীকোঠা; ডিজিটেল ভাষাৰ লেব

ভৌগোলিক বিস্তাৰ

নগৰীয়া/অৰ্ধনগৰীয়া

গ্ৰাম্য আভ্যন্তৰীণ অংশ (দূৰৱৰ্তী জিলাবোৰক সামৰি)

 

পুঁজিৰ ভেটি: কৌশলগত আবণ্টনৰ জৰিয়তে বিকাশৰ ধাৰা অব্যাহত

 

A blue and white table with numbersAI-generated content may be incorrect.A screenshot of a phoneAI-generated content may be incorrect.

 

কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ সহায়ে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ বিদ্যালয়সমূহৰ বাবে কাৰ্যকৰী ধাৰাবাহিকতা আৰু সম্প্ৰসাৰণ নিশ্চিত কৰে।

নবোদয় বিদ্যালয়ৰ বাবে অধিকাংশ পুঁজি আৱাসিক বিদ্যালয় চলোৱা আৰু গ্ৰামাঞ্চলত সুবিধা নিৰ্মাণকেন্দ্ৰিক। ২০২৪–২৫ বৰ্ষৰ বাবে তেওঁলোকে ৫,৩৭০.৭৯ কোটি টকা অনুদান-সাহায্য হিচাপে লাভ কৰিছিল। ইয়াৰ লগতে ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা ৫৮৫.৩৪ কোটি টকাৰ মুকলি বকেয়া ধনো উক্ত বছৰটোত ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল, আৰু ৪৪.৭০ কোটি টকা আভ্যন্তৰীণ ৰচিদ হিচাপে সংগ্ৰহ কৰা হৈছিল। মুঠতে নবোদয় বিদ্যালয়ত ২০২৪–২৫ চনৰ বাবে ৬,০০০.৮৩ কোটি টকা উপলব্ধ আছিল।

 

২০২৫ ৰ উল্লেখযোগ্য সাফল্য: আকৰ্ষণীয় সম্প্ৰসাৰণ আৰু ডিজিটেল চমক

২০২৫ চনত KVS আৰু NVS দুয়োটাই ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ৰ সৈতে সংগতি ৰাখি নতুন প্ৰযুক্তিৰ বিকাশ আৰু প্ৰযুক্তি সংযোজন অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাসমূহে তেওঁলোকৰ কায়িক ক্ষমতা বৃদ্ধি কৰাৰ লগতে আধুনিক পাঠদান পদ্ধতিৰো সংযোজন ঘটাইছে, যাতে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ বাবে অধিক সংগঠিত ৰূপত সাজু কৰি তুলিব পৰা যায়।

২০২৫ চনৰ ১ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে সমগ্ৰ দেশতে ৫৭টা নতুন অসামৰিক খণ্ডৰ কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনায়। ২০২৬–২৭ চনৰ পৰা আৰম্ভ হ’বলগীয়া আৰু ৯ বছৰ ধৰি চলিবলগীয়া এই প্ৰকল্পটোৰ মুঠ বাজেট প্ৰায় ৫,৮৬২.৫৫ কোটি টকা। ইয়াৰে ২,৫৮৫.৫২ কোটি টকা মাটি, অট্টালিকা, আৰু সঁজুলিৰ দৰে মূলধনী কামৰ বাবে নিৰ্ধাৰণ কৰা হৈছে, আনহাতে ৩,২৭৭.০৩ কোটি টকাৰে পৰিচালনাগত খৰচ বহন কৰা হ’ব। নতুন বিদ্যালয়সমূহে মূলতঃ অভাৱগ্ৰস্ত জিলাসমূহক সেৱা আগবঢ়াব, অধিক ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষাৰ সুবিধা প্ৰদান কৰিব আৰু বহুভাষিক শিক্ষণ আৰু দক্ষতা বিকাশৰ দৰে NEP ৰ লক্ষ্যসমূহক পূৰ কৰিব। ইয়াৰ উপৰিও PM SHRI আঁচনিৰ অধীনত ৯১৩টা কেভিক উন্নীত কৰা হৈছে, ইয়াক কাৰ্য্যকলাপভিত্তিক শিক্ষণ এলেকা, ডিজিটেল সম্পদ কেন্দ্ৰ, আৰু নেতৃত্ব কাৰ্যসূচীৰ দৰে সুবিধা থকা আৰ্হি বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছে, যিয়ে সামগ্ৰিক আৰু আধুনিক শিক্ষাৰ ওপৰত NEP ৰ মনোনিৱেশক প্ৰতিফলিত কৰিছে।

নৱোদয় বিদ্যালয়ৰ বাবে ২০২৪ চনৰ ৬ ডিচেম্বৰত চৰকাৰে মুঠ ৫০ লাখ টকা ব্যয়েৰে ২৮খন নতুন বিদ্যালয় মুকলি কৰিবলৈ অনুমোদন জনায়। ২০২৪–২৫ চনৰ পৰা ২০২৮–২৯ চনলৈকে পাঁচ বছৰৰ বাবে ধাৰ্য কৰা হৈছে ২,৩৫৯.৮২ কোটি টকা। ইয়াৰে ১,৯৪৪.১৯ কোটি টকা মূলধনী কামৰ বাবে ধাৰ্য কৰা হৈছে, আনহাতে ৪১৫.৬৩ কোটি টকা পৰিচালনা ব্যয়ৰ বাবে ৰখা হৈছে।

 

ডিজিটেল দিগন্ত: প্ৰযুক্তিৰে উজ্জীৱিত শ্ৰেণীকোঠা

A screenshot of a computer applicationAI-generated content may be incorrect.

 

২০২৫ চনত কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয় সমিতি, দুয়োটাই উন্নত ডিজিটেল পদক্ষেপ প্ৰৱৰ্তন কৰিছে, যাৰ সহায়ত PM SHRI ৰ পৰিকাঠামোৰ সহায়ত শিক্ষণ অধিক সুলভ হৈছে। ২০২৫ চনৰ অক্টোবৰ মাহত সংশোধিত KVS ৰ আপডেট কৰা ICT ব্যৱস্থাই এতিয়া ইয়াৰ ৯০% বিদ্যালয়ক স্মাৰ্ট শ্ৰেণীকোঠা, AI -ভিত্তিক শিক্ষণ সঁজুলি, আৰু ভাৰ্চুৱেল লেবেৰে সজ্জিত কৰিছে। এই উন্নীতকৰণসমূহে DIKSHA প্লেটফৰ্মৰ জৰিয়তে হাইব্ৰিড শিক্ষণৰ অনুমতি দিয়ে আৰু ব্যক্তিগতকৃত, NEP সজ্জিত অধ্যয়ন সামগ্ৰী প্ৰদান কৰে।

নবোদয় বিদ্যালয়সমূহেও স্মাৰ্ট ক্লাছৰূমৰ জৰিয়তে নিজৰ ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰি তুলিছে। এতিয়ালৈকে সমগ্ৰ NV সমূহত লেবকে ধৰি ৯,৪১৭টা স্মাৰ্ট ক্লাছৰূম স্থাপন কৰা হৈছে। ৩১১খন বিদ্যালয়ত “ডেডিকেটেড লিজড লাইন ইণ্টাৰনেট” সংযোগ উপলব্ধ হৈছে, বাকীবোৰত ব্ৰডবেণ্ডৰ সুবিধা আছে। স্থায়ী কেম্পাছ থকা প্ৰতিটো NV তে এটা সুকীয়া কম্পিউটাৰ লেব থাকে। IT ৰ সুবিধাসমূহ অধিক উন্নত কৰিবলৈ NVS এ প্ৰতিখন বিদ্যালয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ডেস্কটপ আৰু লেপটপ প্ৰদান কৰিছে। বৰ্তমান প্ৰতিটো NV ত প্ৰায় ৪০টা ডেস্কটপ আছে, সৰ্বমুঠ দেশজুৰি প্ৰায় ২৬,১১৮টা ডেস্কটপ আছে। PM-SHRI প্ৰকল্পৰ অধীনত CBSE CSR পদক্ষেপৰ অধীনত ১০০টা ইংৰাজী আৰু ১০০টা হিন্দী ভাষা লেবৰ লগতে ৩১২টা ডিজিটেল লেংগুৱেজ লেব সৃষ্টি কৰা হৈছে।

 

PM SHRI আঁচনি: KVS আৰু NVSNEP ৰ উৎকৃষ্টতালৈ উত্তৰণ প্ৰদান

২০২৫ চনত নতুন বিদ্যালয় আৰু ডিজিটেল উন্নীতকৰণৰ জৰিয়তে হোৱা অগ্ৰগতিৰ আধাৰত PM-SHRI আঁচনিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ৰ অধীনত নিৰ্বাচিত KVS আৰু NVS বিদ্যালয়সমূহক আদৰ্শ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ২০২২ চনত ২৭,৩৬০ কোটি টকাৰ বাজেটেৰে পাঁচ বছৰৰ বাবে আৰম্ভ কৰা এই আঁচনিখনে ২০২৭ চনৰ ভিতৰত ১৪,৫০০ৰো অধিক বিদ্যালয়ক উন্নীত কৰাৰ লক্ষ্য ৰাখিছে। বহুবিষয়ক শিক্ষণ, হাতে কামে কৰা কাৰ্য্যকলাপ, আৰু বহনক্ষম পদ্ধতিৰ প্ৰৱৰ্তন কৰি PM-SHRI য়ে আন্তঃগাঁথনি আৰু পাঠদানৰ ব্যৱধান নাইকিয়া কৰাত সহায় কৰে, আৰু নিশ্চিত কৰে যে KVS ৰ নগৰীয়া সুবিধা আৰু NVS ৰ গ্ৰাম্য প্ৰসাৰে একেলগে অন্তৰ্ভুক্ত, আধুনিক শিক্ষাৰ ৰাষ্ট্ৰীয় লক্ষ্যক পূৰ কৰে।

 

সামৰ্থ্যৰ সমাহাৰ: KVS আৰু NVS ৰ ওপৰত PM-SHRI ৰ প্ৰভাৱ

KVS ত PM SHRI উন্নীতকৰণে বদলিযোগ্য আৰু বদলি কৰিব নোৱাৰা চৰকাৰী কৰ্মচাৰী উভয়ৰে সন্তানক সেৱা আগবঢ়োৱাৰ এক অভিযান শক্তিশালী কৰিছে। মুঠ ৯১৩খন বিদ্যালয়ক আধুনিক পাঠদান পদ্ধতিৰে উন্নীত কৰা হৈছে, যাৰ ফলত অধিক সক্ৰিয় আৰু আকৰ্ষণীয় শিক্ষণ পৰিৱেশৰ সৃষ্টি হৈছে। এই বিদ্যালয়সমূহে এতিয়া কাৰ্য্যকলাপভিত্তিক শিক্ষণ, ডিজিটেল সম্পদ, নেতৃত্বৰ কাৰ্যসূচী, ইক’-ক্লাব, আৰু বৃত্তিমূলক লেবৰ ব্যৱস্থা কৰিছে। বেছিভাগ PM SHRI KV স্মাৰ্ট শ্ৰেণীকোঠা আৰু AI সঁজুলিৰে সজ্জিত যিয়ে শক্তিশালী মৌলিক শিক্ষণৰ ওপৰত NEP ৰ মূল উদ্দেশ্যক সমৰ্থন কৰে। এই উন্নতিসমূহে সমগ্ৰ চহৰ অঞ্চলৰ প্ৰায় ১০ লাখ ছাত্ৰ-ছাত্ৰীক অধিক ব্যক্তিগতকৃত আৰু ভৱিষ্যতৰ বাবে সাজু হোৱাৰ বাবে প্ৰয়োজনীয় শিক্ষা লাভ কৰাত সহায় কৰিছে।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লগত খাপ খুৱাই এতিয়া প্ৰায় সকলো নৱোদয় বিদ্যালয়েই PM SHRI বিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে, এনে ৬২০খন বিদ্যালয়ে আন বিদ্যালয়ে অনুসৰণ কৰিব পৰাকৈ আদৰ্শ প্ৰতিষ্ঠান হিচাপে কাম কৰি আছে। এই আঁচনিখনে এই বিদ্যালয়সমূহক উদ্ভাৱনৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি, ডিজিটেল দক্ষতা হাব আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰে সজ্জিত কৰি গ্ৰাম্য প্ৰতিভা আৰু NEP ৰ সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাত সহায় কৰে। এই পদ্ধতিয়ে শৈক্ষিক প্ৰদৰ্শন শক্তিশালী কৰে আৰু ৰাষ্ট্ৰীয় ঐক্যক প্ৰসাৰিত কৰে, KVS আৰু NVS দুয়োটাকে দক্ষ আৰু ঐক্যবদ্ধ ভাৰত গঢ়ি তোলাৰ মূল অৱদানকাৰী হিচাপে স্থান দিয়ে।

 

প্ৰথমে মজবুত ভেটি: ECCE য়ে বুনিয়াদী শিক্ষণক KVS, NVS, আৰু বালভাটিকা কাঠামোত সংস্থাপিত কৰিছে

A diagram of a companyAI-generated content may be incorrect.

 

ডিজিটেল আৰু আন্তঃগাঁথনিগত উন্নতিয়ে উচ্চ পৰ্যায়ৰ শিক্ষাক শক্তিশালী কৰাৰ লগে লগে প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা (ECCE) য়ে আধাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। KVS ত, ই ৩ৰ পৰা ৮ বছৰ বয়সৰ শিশুৰ সামগ্ৰিক বিকাশত সহায় কৰা, তেওঁলোকক মানসিক, আৱেগিক আৰু শাৰীৰিকভাৱে বিকাশত সহায় কৰাৰ এনইপি ২০২০ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখিছে। ডিজিটেল আৰু আন্তঃগাঁথনি উন্নীতকৰণে উচ্চ শ্ৰেণীক শক্তিশালী কৰাৰ লগে লগে প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা (ইচিচিই) ভেটি হৈয়েই আছে। এনইপিয়ে NCPFECE ৰ অধীনত খেলা-ধূলাভিত্তিক আৰু বহুভাষিক ECCE পাঠ্যক্ৰম সামৰি লৈছে, যিয়ে আনন্দময় শিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে প্ৰতিটো শিশুৱে ৩য় শ্ৰেণীৰ ভিতৰত মৌলিক পঠন আৰু সাংখ্যিক দক্ষতা লাভ কৰে, ২০৩০ চনৰ বাবে সাৰ্বজনীন কভাৰেজৰ সৈতে অঞ্চলসমূহ সামৰি ল’ব পাৰে।

 

শিশুসকলক উদগনি: KVS ত বালবাটিকাৰ ভূমিকা আৰু NVS+ ৰ সৈতে বিস্তাৰিত ECCE ৰ সামঞ্জস্য

A diagram of a child's ageAI-generated content may be incorrect.

৫০৫খন বিদ্যালয়ত চলি থকা বালবাটিকা কাৰ্যসূচীৰ জৰিয়তে KVS এ ECCE ক নেতৃত্ব দিছে। ইয়াত খেলা-ধূলা, শিল্প আৰু মৌলিক সাক্ষৰতাৰ সংমিশ্ৰণ ঘটোৱা কাৰ্য্যকলাপ ভিত্তিক শিক্ষণৰ জৰিয়তে সৰু ল’ৰা-ছোৱালীক ভৱিষ্যতৰ বাবে সাজু কৰাত গুৰুত্ব দিয়া হয়, যাৰ ফলত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিক স্কুলীয়া শিক্ষাৰ পূৰ্বে মানসিক চাপমুক্ত আৰম্ভণি দিয়া হয়। ২০২৫ চনত অনুমোদিত ৫৭ খন নতুন KVত আৰম্ভণিৰে পৰাই বালবাটিকাও অন্তৰ্ভুক্ত কৰা হ’ব, যাৰ ফলত সমগ্ৰ বালভাটিকা প্ৰথম, দ্বিতীয় আৰু তৃতীয় (প্ৰতিখন বিদ্যালয়ত ২৪০ জন ছাত্ৰ-ছাত্ৰীৰ নিয়মৰ ওপৰত ভিত্তি কৰি) প্ৰায় ১৩,৬৮০ গৰাকী শিশুৰ বাবে স্থান সৃষ্টি হ’ব। ই NEP ৰ ৫+৩+৩+৪ গাঁথনিক সমৰ্থন কৰে আৰু বিশেষভাৱে সক্ষম শিশুৰ বাবে ৩% সংৰক্ষণকে ধৰি অন্তৰ্ভুক্তি নিশ্চিত কৰে।

NVS এ মূলতঃ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক সেৱা আগবঢ়ায় যদিও ইয়াৰ প্ৰৱেশ পৰ্যায়ৰ পাঠ্যক্ৰমত মৌলিক ভেটি শক্তিশালী কৰাৰ যোগেদি প্ৰাথমিক শিক্ষাক সমৰ্থন কৰে। ই প্ৰাৰম্ভিক দক্ষতাৰ ওপৰত নিৰ্মাণ কৰা মৌলিক বৃত্তিমূলক আৰু ডিজিটেল এক্সপ’জাৰৰ জৰিয়তে গ্ৰাম্য শিক্ষণৰ ব্যৱধান হ্ৰাস কৰাৰ NEP ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখে। ফলত বালবাটিকাৰ পৰা আৰম্ভ কৰা শিশুৱে পিছলৈ নবোদয় বিদ্যালয়ত মেধাভিত্তিক প্ৰৱেশৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে, যাৰ ফলত ধাৰাবাহিকভাৱে, পূৰ্ণাঙ্গ বিকাশ নিশ্চিত হয়। এই সংহত ব্যৱস্থাই একেলগে এক শক্তিশালী প্ৰাৰম্ভিক ভেটি প্ৰদান কৰে আৰু সমগ্ৰ KVS আৰু NVS উভয়তে ১৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক জ্ঞানগত ভৱিষ্যতত সফল হ’বলৈ সক্ষম কৰে।

 

সামৰণি: ভাৰতৰ ভৱিষ্যতকালৰ বাবে এক উমৈহতীয়া শৈক্ষিক উত্তৰাধিকাৰৰ গাঁথনি

মূলতঃ KVS আৰু NVS এ ২০২৫ চনত ১৬.৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ নগৰীয়া সুবিধাৰ সৈতে গ্ৰাম্য উন্নীতকৰণৰ সংমিশ্ৰণেৰে ন্যায্য আৰু পৰিৱৰ্তনশীল শিক্ষা প্ৰদানৰ প্ৰতি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে। ১৯৬৩ চনত স্থাপন কৰা KVS এ চৰকাৰী কৰ্মচাৰীৰ সন্তানসকলৰ বাবে অসুবিধাহীন স্কুলীয়া শিক্ষা নিশ্চিত কৰে, আনহাতে ১৯৮৬ চনত আৰম্ভ হোৱা NVS এ গ্ৰাম্য শিশুসকলৰ বাবে মেধাভিত্তিক সুযোগৰ সৃষ্টি কৰে। শক্তিশালী আন্তঃগাঁথনি, পৰিকল্পিত পুঁজি, আৰু ২০২৫ চনত সম্প্ৰসাৰণৰ সৈতে ৫৭খন নতুন KV আৰু ২৮ খন নতুন NV স্থাপন কৰি দুয়োটা ব্যৱস্থাকেই সামগ্ৰিক আৰু দক্ষতাভিত্তিক শিক্ষণৰ NEP ২০২০ৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈছে। ১২১৩ খন বিদ্যালয়ত PM Shri উন্নীতকৰণ আৰু বালবাটিকাৰ জৰিয়তে প্ৰাথমিক শিশু শিক্ষাৰ সহায়ত তেওঁলোকে ডিজিটেল ব্যৱধান হ্ৰাস কৰিছে, ৰাষ্ট্ৰীয় ঐক্যক প্ৰসাৰিত কৰিছে, আৰু ভৱিষ্যতৰ নেতৃত্ববহনকাৰীসকলক গঢ় দিছে, প্ৰতিগৰাকী শিশুৱে এক সৰ্বাংগীন আৰু গতিময় ভাৰতলৈ অৰিহণা যোগাব পৰাটো নিশ্চিত কৰিছে।

 

সমল:

Press Information Bureau
:

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2173548

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2081688

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2091737

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1857410

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2173548#:~:text=State/UTs/Ministries/Departments,13.62%20lakh%20(approx.)

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2081688#:~:text=As%20on%20date%2C%20there%20are,education%20is%20accessible%20to%20all

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1857409

 

Kendriya Vidyalay Sangathan:

https://www.facebook.com/KVSHQ/

https://kvsangathan.nic.in/%e0%a4%95%e0%a5%87-%e0%a4%b5%e0%a4%bf-%e0%a4%b8%e0%a4%82-%e0%a4%aa%e0%a4%b0%e0%a4%bf%e0%a4%95%e0%a4%b2%e0%a5%8d%e0%a4%aa%e0%a4%a8%e0%a4%be-%e0%a4%8f%e0%a4%b5%e0%a4%82-%e0%a4%89%e0%a4%a6%e0%a5%8d/

https://cdnbbsr.s3waas.gov.in/s32d2ca7eedf739ef4c3800713ec482e1a/uploads/2024/02/2024021425.pdf

https://cdnbbsr.s3waas.gov.in/s32d2ca7eedf739ef4c3800713ec482e1a/uploads/2023/11/2023112463.pdf

https://kvsangathan.nic.in/%e0%a4%aa%e0%a5%80%e0%a4%8f%e0%a4%ae-%e0%a4%b6%e0%a5%8d%e0%a4%b0%e0%a5%80-%e0%a4%b8%e0%a5%8d%e0%a4%95%e0%a5%82%e0%a4%b2/

https://kvsangathan.nic.in/en/bal-vatika/

https://kvsangathan.nic.in/en/admission-guidelines/

https://kvsangathan.nic.in/en/ict-infrastructure/

https://kvsangathan.nic.in/en/pm-shri-schools/

https://kvsangathan.nic.in/

https://kvsangathan.nic.in/en/kvs-vision-and-mission/

https://kvsangathan.nic.in/en/syllabus/?_archive=1

https://balvatika.kvs.gov.in/participated-kendriya-vidyalaya

https://bsfbagafa.kvs.ac.in/en/bal-vatika/#:~:text=Balvatika%20in%20Kendriya%20Vidyalayas%20(KVs,foundational%20base%20for%20lifelong%20learning

https://balvatika.kvs.gov.in/participated-kendriya-vidyalaya

https://cdnbbsr.s3waas.gov.in/s3kv059b7bb73d948b38d0ac3e1f8f5515/uploads/2024/07/2024070674.pdf

 

Navodaya Vidyalaya Samiti:

https://navodaya.gov.in/nvs/nvs-school/GODDA/en/academics/Computer-education-ICT/

https://navodaya.gov.in/nvs/en/About-Us/Establishment-of-JNVs/

https://navodaya.gov.in/nvs/en/Academic/Student-Profile/

https://navodaya.gov.in/nvs/nvs-school/DHANBAD/en/academics/Computer-education-ICT/

https://navodaya.gov.in/nvs/en/Academic/Academic-Excellance/

https://navodaya.gov.in/nvs/en/About-Us/Vision-Mission/#:~:text=Navodaya%20Vidyalaya%20Scheme,the%20best%20of%20rural%20talent

PM Shri:


https://pmshrischools.education.gov.in/

 

Ministry of Education:

https://dsel.education.gov.in/en/pm-shri-schools

 

Central Board of Secondary Education:

https://cbseacademic.nic.in/web_material/Curriculum16/SrSecondary/Initial%20pages.pdf

 

Others:

https://news.samsung.com/in/samsung-smart-school-to-take-digital-education-to-less-privileged-students-in-remotest-parts-of-india-with-smart-classes-at-80-more-navodaya-schools#:~:text=JNV%20schools%20are%20run%20by,digital%20literacy%20to%20rural%20India.%E2%80%9D

***

DPS/RD

(Explainer ID: 156025) आगंतुक पटल : 59
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Gujarati , Odia , Telugu , Kannada , Kannada
National Portal Of India
STQC Certificate