Technology
ৰাষ্ট্ৰীয় ব্লকচেইন পৰিকাঠামো
ব্লকচেইন প্ৰযুক্তিৰ জৰিয়তে প্ৰশাসন ব্যৱস্থা শক্তিশালীকৰণ
Posted On:
24 OCT 2025 10:38AM
মুখ্য তথ্য
- ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ৬৪.৭৬ কোটি টকাৰ বাজেটেৰে ৰাষ্ট্ৰীয় ব্লকচেইন পৰিকাঠামো আৰম্ভ কৰা হৈছিল।
- ৰাষ্ট্ৰীয় ব্লকচেইন পৰিকাঠামোৰ মূল উপাদানসমূহৰ ভিতৰত আছে বিশ্বাস্য ব্লকচেইন ষ্টেক, এন.বি.এফ.লাইট প্ৰামাণিক আৰু ৰাষ্ট্ৰীয় ব্লকচেইন পৰ্টেল।
- ব্লকচেইন প্ৰযুক্তি ষ্টেক ভুৱনেশ্বৰ, পুনে আৰু হায়দৰাবাদৰ এনআইচি তথ্যকেন্দ্ৰসমূহৰ জৰিয়তে স্থাপন কৰা হৈছে।
- ২০২৫ চনৰ ২১ অক্টোবৰলৈব্লকচেইন প্লেটফৰ্মত ৩৪ কোটিতকৈ অধিক নথিপত্ৰ পৰীক্ষা কৰা হৈছে।
পাতনি
ক্ৰিপ্টোকাৰেন্সীৰ সৈতে প্ৰাৰম্ভিক সংযোগৰ উদ্ভৱ হৈ ব্লকচেইন প্ৰযুক্তি একবিংশ শতিকাৰ অন্যতম পৰিৱৰ্তনশীল ডিজিটেল উদ্ভাৱনত পৰিণত হৈছে। গণনামূলক শক্তিৰ পৰা ক্ষমতা আহৰণ কৰা কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দৰে প্ৰযুক্তিৰ বিপৰীতে ব্লকচেইনৰ মূল্য মধ্যস্থতাকাৰী অবিহনে পৰীক্ষাযোগ্য বিশ্বাস স্থাপন কৰাৰ সামৰ্থ্যৰ ওপৰত নিহিত।
ভাৰতৰ বৰ্তমানৰ শাসন ব্যৱস্থা প্ৰায়ে কেন্দ্ৰীভূত তথ্যভাণ্ডাৰৰ ওপৰত নিৰ্ভৰশীল,যিবোৰ ত্ৰুটি, জালিয়াতি আৰু স্বচ্ছতাৰ অভাৱৰ প্ৰৱণতা হ'ব পাৰে। ব্লকচেইন প্ৰযুক্তিয়ে ইয়াৰ টেম্পাৰ-প্ৰতিৰোধী, বিতৰিত লেজাৰ প্ৰণালীৰ জৰিয়তে এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰে, য'ত একাধিক নোডত ৰেকৰ্ডসমূহ সুৰক্ষিতভাৱে ৰক্ষণাবেক্ষণ কৰা হয়। এই আৰ্হিয়ে অকৰ্তৃত্বশীল পৰিৱৰ্তনবোৰ প্ৰায় অসম্ভৱ কৰি তোলে আৰু তথ্যৰ অখণ্ডতা আৰু বিশ্বাস যথেষ্ট বৃদ্ধি কৰে।

ইয়াৰ বিশাল সম্ভাৱনাক স্বীকাৰ কৰি, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (এম. ই. আই. টি. ৱাই.) বিভিন্ন খণ্ডত ব্লকচেইন সমাধান প্ৰয়োগৰ বাবে এক সংহত স্থাপত্য প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় ব্লকচেইন পৰিকাঠামো (এন. বি. এফ.) বিকশিত কৰিছে। এন. বি. এফ.-ৰ লক্ষ্য হৈছে অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু দক্ষতা নিশ্চিত কৰি ৰাজহুৱা সেৱা প্ৰদানত ব্লকচেইনৰ একত্ৰিকৰণৰ পথ প্ৰদৰ্শন কৰা।
ব্লকচেইন কি?
ব্লকচেইন হৈছে এক বিতৰিত, স্বচ্ছ, সুৰক্ষিত আৰু অপৰিৱৰ্তনীয় ডাটাবেছ, যি তথ্যভুক্তি বা লেনদেনৰ খতিয়ানৰ দৰে কাম কৰে, টেম্পাৰিং-প্ৰতিৰোধী আৰু কম্পিউটাৰৰ নেটৱৰ্কত উপলব্ধ।
ব্লকচেইনৰ প্ৰকাৰসমূহ
- ৰাজহুৱা ব্লকচেইনঃ এই নেটৱৰ্কত, সকলো নোডে তথ্য অন্তৰ্ভুক্ত কৰিব পাৰে, লেনদেনসমূহ পৰীক্ষা কৰিব পাৰে, কামৰ প্ৰমাণ প্ৰদৰ্শন কৰিব পাৰেআৰু নতুন ব্লক যোগ কৰিব পাৰে।
- ব্যক্তিগত ব্লকচেইনঃ এইটো এটা অনুমোদিত ব্লকচেইন, যিটো এটা সংগঠনৰ ভিতৰত নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলৰ মাজতে সীমাবদ্ধ। নিয়ন্ত্ৰণকাৰী সত্তাই সুৰক্ষা, অনুমোদন আৰু প্ৰৱেশাধিকাৰৰ স্তৰ নিৰ্ধাৰণ কৰে, যাৰ ফলত ই চৰকাৰী আবেদনৰ বাবে আদৰ্শ হয়। আৰ্হি প্ৰস্তুতৰ জৰিয়তে ই তথ্যৰ গোপনীয়তা আৰু কাৰ্য্যকৰী দক্ষতা নিশ্চিত কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলৰ মাজত বিশ্বাস বৃদ্ধি কৰে।
- কনচৰ্টিয়াম ব্লকচেইনঃ এই নেটৱৰ্কত, ব্লকচেইন অৰ্ধ-বিকেন্দ্ৰীকৰণ কৰা হয়, ভাগ-বতৰা কৰা তথ্য ব্যৱস্থাপনা আৰু বৈধতাৰ বাবে একাধিক সংস্থাৰ দ্বাৰা ই যুটীয়াভাৱে পৰিচালিত।
- হাইব্ৰিড ব্লকচেইনঃ ই ৰাজহুৱা আৰু ব্যক্তিগত ব্লকচেইনৰ এক মিশ্ৰণ, যি নিৰ্বাচিত তথ্য প্ৰৱেশাধিকাৰৰ অনুমতি দিয়ে।

ব্লকচেইনৰ মৌলিক শক্তি-স্বচ্ছতা, অপৰিৱৰ্তনশীলতা, বিকেন্দ্ৰীকৰণ আৰু বিশ্বাসৰাষ্ট্ৰীয় ব্লকচেইন পৰিকাঠামোৰ কেন্দ্ৰবিন্দু। এই বৈশিষ্ট্যসমূহে সুৰক্ষিত আৰু দক্ষ ডিজিটেল ব্যৱস্থাক সক্ষম কৰেআৰু প্ৰশাসনৰ ৰূপান্তৰ, নাগৰিক সেৱা বৃদ্ধি তথা প্ৰশাসনিক সংঘাত হ্ৰাস কৰাত বিশেষভাৱে গুৰুত্বপূৰ্ণ।

ৰাষ্ট্ৰীয় ব্লকচেইন পৰিকাঠামো: সুৰক্ষিত আৰু স্কেলেবল ডিজিটেল শাসনৰ বাবে ভাৰতৰ থলুৱা মঞ্চ
২০২১ চনৰ মাৰ্চ মাহত ৬৪.৭৬কোটি টকাৰ বাজেট ব্যয়ৰ সৈতে আৰম্ভ কৰা ৰাষ্ট্ৰীয় ব্লকচেইন পৰিকাঠামো (এন. বি. এফ.)-এ ২০২৪চনৰ ৪ছেপ্টেম্বৰত ইয়াৰ আনুষ্ঠানিক মুকলিৰ সৈতে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল। এন. বি. এফ.ক ভাৰতৰ বাবে এক সুৰক্ষিত,স্বচ্ছ আৰু মানসম্পন্ন ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণৰ দিশত এক কৌশলগত পদক্ষেপ হিচাপে চিহ্নিত কৰি অনুমোদিত ব্লকচেইন-আধাৰিত এপ্লিকেচনৰ বিকাশ আৰু নিয়োজন ত্বৰান্বিত কৰিবলৈ আৰ্হি প্ৰস্তুত কৰা হৈছে।
প্ৰযুক্তি ষ্টেক-বিশ্বাস ব্লকচেইন ষ্টেক
ৰাষ্ট্ৰীয় ব্লকচেইন পৰিকাঠামোৰ মূলতে আছে বিশ্বাস ব্লকচেইন ষ্টেক।
এইটো এটা থলুৱা আৰু মডুলাৰ প্লেটফৰ্ম, যাক প্ৰশাসনৰ বাবে ব্লকচেইন-আধাৰিত এপ্লিকেচন নিৰ্মাণ আৰু প্ৰয়োগৰ বাবে কাৰিকৰী আধাৰ প্ৰদান কৰিবলৈ আৰ্হি প্ৰস্তুত কৰা হৈছে। বিশ্বাস ব্লকচেইন ষ্টেকৰ বৈশিষ্ট্যসমূহ হ'লঃ
- ব্লকচেইন-এজ-এ-ছাৰ্ভিচ (বিএএএছ): বিশ্বাস্যই ব্লকচেইন আন্তঃগাঁথনিক এক অংশীদাৰী সেৱা হিচাপে আগবঢ়ায়। ই চৰকাৰী সংস্থাসমূহক তেওঁলোকৰ নিজৰ আন্তঃগাঁথনি সৃষ্টি বা পৰিচালনা কৰাৰ প্ৰয়োজন নোহোৱাকৈ ব্লকচেইন-আধাৰিত এপ্লিকেচন নিয়োজিত কৰিবলৈ অনুমতি দিয়ে।
- বিতৰিত আন্তঃগাঁথনিঃ ভূৱনেশ্বৰ, পুনে আৰু হায়দৰাবাদত অৱস্থিত এন. আই. চি. তথ্যকেন্দ্ৰসমূহত ষ্টেকটো স্থাপন কৰা হৈছে। এই বিতৰিত নেটৱৰ্ক স্থাপত্যই ব্লকচেইন-আধাৰিত এপ্লিকেচনসমূহৰ বাবে ত্ৰুটি সহনশীলতা, মানসম্পন্ন আৰু স্থিতিস্থাপকতা নিশ্চিত কৰে।
- অনুমতিপ্ৰাপ্ত ব্লকচেইন স্তৰঃ প্লেটফৰ্মটো অনুমতিপ্ৰাপ্ত ব্লকচেইনৰ ওপৰত নিৰ্মাণ কৰা হৈছে, যি নিশ্চিত কৰে যে কেৱল প্ৰমাণিত আৰু অনুমোদিত অংশগ্ৰহণকাৰীসকলেহে ইয়াৰ লেনদেনত যোগদান কৰিব পাৰে বা বৈধ হব।
- মুক্ত এ. পি. আই. আৰু একত্ৰীকৰণ সেৱাঃ বিশ্বাস্যই প্ৰমাণীকৰণ আৰু তথ্য বিনিময়ৰ বাবে মুক্ত এ. পি. আই. (এপ্লিকেচন প্ৰগ্ৰামিং ইণ্টাৰফেচ) আৰু একত্ৰীকৰণ মডিউল প্ৰদান কৰে।
- এই বৈশিষ্ট্যসমূহে ই-গভৰ্নেন্স প্লেটফৰ্মৰ সৈতে নিৰবিচ্ছিন্ন একত্ৰীকৰণ সক্ষম কৰি তোলে।
এনবিএফলাইট-ষ্টাৰ্টআপ আৰু শৈক্ষিক ক্ষেত্ৰৰ বাবে ব্লকচেইন ছেণ্ডবক্স
এন.বি.এফ.লাইট হৈছে ব্লকচেইন প্ৰযুক্তি ষ্টেকৰ এটা ছেণ্ডবক্স সংস্কৰণ, যাক উদ্ভাৱন, পৰীক্ষা-নিৰীক্ষা আৰু সামৰ্থ্য নিৰ্মাণক উৎসাহিত কৰাৰ বাবে আৰ্হি প্ৰস্তুত কৰা হৈছে। ই ষ্টাৰ্টআপ, গৱেষণা প্ৰতিষ্ঠান আৰু শিক্ষাৰ্থীসকলক সম্পূৰ্ণ পৰিসৰৰ নিয়োজনৰ প্ৰয়োজন নোহোৱাকৈ নিয়ন্ত্ৰিত পৰিৱেশত প্ৰটোটাইপ ব্লকচেইন-আধাৰিত এপ্লিকেচনৰ অনুমতি দিয়ে। ই যোগান শৃংখল আৰু ডিজিটেল প্ৰমাণপত্ৰৰ দৰে মূল প্ৰশাসন আৰু উদ্যোগৰ ক্ষেত্ৰত স্মাৰ্ট চুক্তি টেমপ্লেটৰ সৈতে একত্ৰিত হয়, যাৰ ফলত ব্যৱহাৰকাৰীসকলে দ্ৰুতভাৱে এপ্লিকেচন বিকশিত আৰু বৈধ কৰিব পাৰে।
প্ৰামাণিক-এপ পৰীক্ষণৰ বাবে উদ্ভাৱনীমূলক ব্লকচেইন সমাধান
দ্ৰুতগতিত বিকশিতআজিৰ ডিজিটেল পৰিৱেশত মোবাইল ডিভাইচবোৰকক্ষতিকাৰক এপ আৰু প্ৰৱঞ্চনামূলক গ্ৰাহক সমৰ্থনৰ পৰা সুৰক্ষিত কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো এই ভাবুকিয়ে ব্যক্তিগত তথ্যৰ সৈতে আপোচ কৰিব পাৰে আৰু আৰ্থিক লোকচান কৰিব পাৰে। প্ৰামাণিক হৈছে এক উদ্ভাৱনীমূলক সমাধান, যিয়ে ম'বাইল এপ্লিকেচনৰ সত্যতা আৰু উৎস পৰীক্ষা কৰিবলৈ ব্লকচেইন প্ৰযুক্তি ব্যৱহাৰ কৰে। যেতিয়া ব্যৱহাৰকাৰীসকলে এটা এপ স্কেন বা পৰীক্ষা কৰে, প্ৰামাণিকে ইয়াৰ বৈধতা প্ৰমাণ কৰিবলৈ ব্লকচেইন ৰেকৰ্ডৰ সৈতে সবিশেষ মিলাই চায়, যাৰ ফলত মোবাইল পৰিৱেশতন্ত্ৰত বিশ্বাস আৰু স্বচ্ছতা বৃদ্ধি পায়।

ৰাষ্ট্ৰীয় ব্লকচেইন পৰ্টেল
ৰাষ্ট্ৰীয় ব্লকচেইন প'ৰ্টেলত প্ৰশাসন আৰু উদ্যোগত ব্লকচেইন প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰা হৈছে। এই প্লেটফৰ্মে উদ্ভাৱন, প্ৰামাণিকৰণআৰু এপ্লিকেচনৰ বাবে ব্লকচেইনৰ ক্ৰছ-ছেক্টৰ গ্ৰহণক সমৰ্থন কৰে, বিশ্বাস বৃদ্ধি কৰে আৰু উদীয়মান প্ৰযুক্তিসমূহৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্ব উন্নত কৰে। ভাৰতৰ এন বি এফ হৈছে বিশ্বৰ কেইটামান ৰাজ্য-নেতৃত্বাধীন পদক্ষেপৰ ভিতৰত অন্যতম, যিয়ে বিভিন্ন উদ্যোগত ব্লকচেইন প্ৰযুক্তিক সমৰ্থন কৰে।

এক বিশ্বাসযোগ্য ডিজিটেল অৰ্থনীতিৰ দিশে ভাৰতৰ যাত্ৰা মুখ্য নিয়ন্ত্ৰক আৰু প্ৰযুক্তি প্ৰদানকাৰীসকলৰ সমন্বিত প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত হৈছে। এন. বি. এফে প্ৰশাসন, যোগান শৃংখল আৰু উদ্যোগসমূহত ব্লকচেইন গ্ৰহণৰ বাবে মূল আন্তঃগাঁথনি প্ৰদান কৰে।
প্ৰমাণপত্ৰ আৰু নথিপত্ৰৰ শৃংখল
প্ৰমাণপত্ৰ জাৰি কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে বৰ্তমানৰ ব্যৱস্থাটোৱে প্ৰতাৰণামূলক নথিপত্ৰৰ ব্যৱহাৰ আৰু সেৱা প্ৰদানত বিলম্বৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হয়। এই প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিবলৈ, ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰই (এন. আই. চি.) এনে ৰেকৰ্ডসমূহৰ সুৰক্ষিত সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে 'প্ৰমাণপত্ৰ শৃংখল' নিৰ্মাণ কৰিবলৈ ব্লকচেইন প্ৰযুক্তি গ্ৰহণ কৰিছে।
এই প্ৰমাণপত্ৰ শৃংখল ব্যৱহাৰৰ এখন ক্ষেত্ৰ হৈছে ব্লকচেইনত সংৰক্ষণ কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ শৈক্ষিক নথিপত্ৰ।

একেদৰে, নথিপত্ৰ শৃংখল হৈছে এনে একক প্লেটফৰ্ম, যিয়ে জাতি, আয়, ৰেচন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ আদিৰ দৰে চৰকাৰে জাৰি কৰা যিকোনো নথিপত্ৰসংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবেজাৰি কৰা কৰ্তৃপক্ষ আৰু গ্ৰাহক সংস্থাসমূহক এক মানসম্পন্ন প্ৰক্ৰিয়া প্ৰদান কৰে। ভাৰতৰ ব্লকচেইন-আধাৰিত প্লেটফৰ্মৰ জৰিয়তে ৩৪কোটিৰো অধিক নথিপত্ৰ সুৰক্ষিতভাৱে পৰীক্ষা কৰা হৈছে, যাৰ ভিতৰত নথিপত্ৰ শৃংখলৰ জৰিয়তে ২০২৫ চনৰ ২১ অক্টোবৰলৈকে ৪৮,০০০ৰো অধিক নথিপত্ৰ পৰীক্ষা কৰা হৈছে ।
লজিষ্টিক শৃংখল
লজিষ্টিক শৃংখলে একাধিক অংশীদাৰৰ মাজত সামগ্ৰী বা সম্পদৰ গতিবিধি অনুসৰণৰ বাবে এক সুৰক্ষিত আৰু স্বচ্ছ প্লেটফৰ্ম প্ৰদান কৰে। ব্লকচেইন প্ৰযুক্তি ব্যৱহাৰ কৰিযোগান শৃংখলৰ সকলো লেনদেন এটা টেম্পাৰ-প্ৰতিৰোধী লেজাৰত লিপিবদ্ধ কৰা হয়, যি প্ৰতিটো পৰ্যায়তে অনুকৰণযোগ্যতা আৰু দায়বদ্ধতা নিশ্চিত কৰে। লজিষ্টিক শৃংখলৰ ব্যৱহাৰৰ ক্ষেত্ৰসমূহৰ ভিতৰত এটা হৈছে কৰ্ণাটকৰ ঔষধৰ বাবে অনলাইন যোগান শৃংখল ব্যৱস্থাপনা ব্যৱস্থা (ঔষধি)।
ঔষধ ব্যৱস্থাটো ব্লকচেইনৰ সৈতে সংযুক্ত কৰি প্ৰস্তুতকাৰকৰ পৰা চিকিৎসালয়লৈ ঔষধৰ স্থানান্তৰৰ সৈতে জড়িত লেনদেন লিপিবদ্ধ কৰা হৈছে, য’ত গুণগত মান পৰীক্ষাও অন্তৰ্ভুক্ত কৰা হৈছে। ৰোগীয়ে ঔষধ সেৱনৰ আগতে ঔষধ প্ৰস্তুতকাৰকৰ সবিশেষ, ম্যাদ উকলি যোৱাৰ তাৰিখআৰু গুণগত মান পৰীক্ষা কৰিব পাৰে। ই লেনদেনত অনুসন্ধানআৰু অনুসৰণযোগ্যতা (ট্ৰেক এণ্ড ট্ৰেচ) প্ৰদান কৰে, যাৰ ফলত নকল ঔষধ প্ৰৱেশৰ সম্ভাৱনা হ্ৰাস পায়, নিখুঁততা বৃদ্ধি পায়আৰু স্বচ্ছতা প্ৰদান কৰে।
ন্যায়পালিকা শৃংখল
ন্যায়পালিকা শৃংখলে ন্যায় ব্যৱস্থাৰ ভিতৰতস্বচ্ছতা,দক্ষতাআৰু বিশ্বাস বৃদ্ধি কৰিবলৈ ন্যায়িক তথ্য আৰু নথিপত্ৰৰ এক সুৰক্ষিত, অপৰিৱৰ্তনীয় আৰু সময়-নিৰ্ধাৰিত ৰেকৰ্ড প্ৰদান কৰি ব্লকচেইন ব্যৱহাৰ কৰে। ব্লকচেইনে জাননী, হুকুমনামা আৰু জামিন আদেশসমূহ ইলেক্ট্ৰনিকভাৱে প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰে, বিলম্ব হ্ৰাস কৰে আৰু হাতেৰে কৰা কামৰ ওপৰত নিৰ্ভৰশীলতা আঁতৰ কৰে। ২০২৫চনৰ ২১অক্টোবৰলৈকে ব্লকচেইন প্লেটফৰ্মত ন্যায়পালিকাৰ মুঠ ৬৬৫খন নথিপত্ৰ পৰীক্ষা কৰা হৈছে।
আন্তঃকাৰ্যকৰী অপৰাধমূলক ন্যায় ব্যৱস্থা
ন্যায়পালিকা শৃংখলৰ ওপৰত ভিত্তি কৰি আন্তঃকাৰ্যকৰী অপৰাধমূলক ন্যায় ব্যৱস্থা (আইচিজেএছ)-ই অপৰাধমূলক ন্যায় পৰিৱেশতন্ত্ৰক একত্ৰিত কৰে। ই গোচৰ নথিভুক্ত, প্ৰমাণ আৰু ন্যায়িক নথিপত্ৰৰ বাবে এক সংহত ডিজিটেল প্লেটফৰ্ম নিশ্চিত কৰে। ২০২৫চনৰ ২১অক্টোবৰলৈকে ব্লকচেইন প্লেটফৰ্মত ৩৯,০০০তকৈও অধিক আইচিজেএছ নথিপত্ৰ পৰীক্ষা কৰা হৈছে।
সম্পত্তি শৃংখল
ব্লকচেইন-পৰিচালিত সম্পত্তি ব্যৱস্থাপনা প্ৰণালীয়ে নিশ্চিত কৰে যে প্ৰতিটো সম্পত্তিৰ লেনদেন ব্লকচেইনত সুৰক্ষিতভাৱে লিপিবদ্ধ কৰা হয়। আনকি তালিকাভুক্ত নথিত আপডেট বা স্থানান্তৰৰ সময়ত, সকলো অংশীদাৰে সিদ্ধান্ত লোৱাৰ আগতে সম্পূৰ্ণ লেনদেনৰ ইতিহাস লাভ কৰিব পাৰে। এই স্বচ্ছতাই সম্ভাব্য ক্ৰেতাসকলক মালিকীস্বত্ব, অধিকাৰ আৰু দায়বদ্ধতা পৰীক্ষা কৰাত সহায় কৰে, মোকৰ্দমা যথেষ্ট হ্ৰাস কৰে আৰু বিবাদ নিষ্পত্তি ত্বৰান্বিত কৰে। ২০২৫ চনৰ ২১ অক্টোবৰলৈকে, ব্লকচেইন প্লেটফৰ্মৰ জৰিয়তে ৩৪ কোটিৰো অধিক সম্পত্তিৰ নথিপত্ৰ পৰীক্ষা কৰা হৈছে।
এম. ই. আই. টি. ৱাই.ৰ দ্বাৰা বিকশিত ব্লকচেইনৰ ৰাষ্ট্ৰীয় কৌশলে ভাৰতত ব্লকচেইন প্ৰযুক্তিৰ বিকাশৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰিছে। ই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰে আৰু বিভিন্ন ক্ষেত্ৰত ব্লকচেইন একত্ৰিকৰণৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্য নিৰ্ধাৰণ কৰে।
ব্লকচেইন প্ৰযুক্তি(বি.চি.টি.)ত উৎকর্ষ কেন্দ্ৰ (চি.ও.ই.)
ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰই (এন. আই. চি.) সম্পূৰ্ণ ৰূপায়ণৰ পূৰ্বে পাইলট প্ৰকল্প (ধাৰণাৰ প্ৰমাণ) বিকশিত কৰাৰ বাবে পৰামৰ্শ, প্ৰশিক্ষণ আৰু সমৰ্থন লাভ কৰিবলৈ চৰকাৰী বিভাগসমূহৰ বাবে এক প্লেটফৰ্ম হিচাপে কাম কৰিবলৈ এটা উৎকৃষ্টতা কেন্দ্ৰ (চি. ও. ই.) স্থাপন কৰিছে।
চি. ও. ই.য়ে ব্লকচেইন সম্পৰ্কীয় সেৱা আৰু আই. চি. টি. (তথ্য আৰু যোগাযোগ প্ৰযুক্তি) আন্তঃগাঁথনি প্ৰদান কৰে, যিয়ে বিভাগসমূহক তেওঁলোকৰ প্ৰণালী সংযোগ কৰাত আৰু ব্লকচেইন প্ৰযুক্তি (বি. চি. টি.) কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰাত সহায় কৰে। ই হাইপাৰলেজাৰ ছটুথ, হাইপাৰলেজাৰ ফেব্ৰিকআৰু ইথেৰিয়ামৰ দৰে জনপ্ৰিয় ব্লকচেইন প্লেটফৰ্মৰ সৈতে কাম কৰিছে-যিবোৰ হৈছে সুৰক্ষিত আৰু স্বচ্ছ ডিজিটেল নেটৱৰ্ক নিৰ্মাণৰ বাবে ব্যৱহৃত মুক্ত-উৎস ব্যৱস্থা।
বি. চি. টি.ত টেলিকম ৰেগুলেটৰী অথৰিটী অব ইণ্ডিয়া (ট্ৰাই)ৰ ভূমিকা
ট্ৰাই-এ ব্লকচেইন-আধাৰিত বিতৰিত লেজাৰ প্ৰযুক্তিক (ডিএলটি) টেলিকম পৰিৱেশতন্ত্ৰত একত্ৰিত কৰিছে, সকলো প্ৰধান সংস্থা (পিই) আৰু টেলিমাৰ্কেটাৰক (টিএম) তেওঁলোকৰ বাৰ্তা প্ৰেৰণ শৃংখল পঞ্জীয়ন কৰিবলৈ বাধ্যতামূলক কৰিছে, যাৰ ফলত মূলৰ পৰা ডেলিভাৰীলৈ এছ. এম. এছ.ৰ এণ্ড-টু-এণ্ড ট্ৰেকিং সক্ষম হৈছে। নিয়ন্ত্ৰক আৰু প্ৰৱেশাধিকাৰ প্ৰদানকাৰীৰ সহযোগিতাত ৰূপায়ণ কৰা এই পদক্ষেপে গ্ৰাহক সুৰক্ষাক যথেষ্ট শক্তিশালী কৰিছে, স্পেম হ্ৰাস কৰিছে, আৰু নিয়ামক অনুপালন আৰু ডিজিটেল বিশ্বাস বলৱৎ কৰাত ব্লকচেইনৰ কাৰ্যকৰিতা প্ৰদৰ্শন কৰিছে। আৰবিআই, ছেবি, এনআইচিআৰু চি-ডাকৰ সহযোগিতাত ১.১৩লাখৰো অধিক প্ৰতিষ্ঠানক সামৰি লোৱা এই বৃহৎ পৰিসৰৰ নিয়োজন কাৰ্যকৰী কৰা হৈছিল।
বি.চি.টি.ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভূমিকা
ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিজিটেল ৰূপীৰ দৰে পাইলট প্ৰকল্পৰ জৰিয়তে ভাৰতৰ বিত্তীয় ব্যৱস্থাটোক আধুনিকীকৰণ কৰিবলৈ ব্লকচেইন প্ৰযুক্তি ব্যৱহাৰ কৰি আছে। ২০২২চনৰ ডিচেম্বৰত গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ এক বন্ধ ব্যৱহাৰকাৰী গোটৰ ভিতৰত আৰম্ভ কৰা খুচুৰা পাইলট প্ৰজেক্টটোৱে প্ৰদৰ্শন কৰে যে কেনেদৰে ব্লকচেইনে পৰিশোধ প্ৰণালীত বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্ভাৱনৰ প্ৰচাৰ কৰাৰ সময়ত তাৎক্ষণিক, অনুন্ধানযোগ্য আৰু স্বচ্ছ পৰিশোধ সক্ষম কৰে।
ঋণপত্ৰ চুক্তি নিৰীক্ষণৰ বাবে এন.এছ.ডি.এল.ৰ ব্লকচেইন গ্ৰহণ
ভাৰতৰ সৰ্ববৃহৎ ডিপ’জিটৰী নেচনেল ছিকিউৰিটিজ ডিপ’জিটৰী লিমিটেডে (এনএছডিএল) ভাৰতৰ মূলধন বজাৰ আধুনিকীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰি ঋণপত্ৰ চুক্তি নিৰীক্ষণৰ বাবে এক বিতৰিত লেজাৰ প্ৰযুক্তি (ডিএলটি) আধাৰিত ব্লকচেইন প্লেটফৰ্ম মুকলি কৰিছে। এই প্লেটফৰ্মে জাৰি কৰোঁতা আৰু ঋণপত্ৰৰ ন্যাসৰক্ষীসকলক সম্পত্তিৰ মাচুল লিপিবদ্ধ কৰিবলৈ, সম্পত্তিৰ কভাৰেজৰ অনুপাত নিৰীক্ষণ কৰিবলৈ আৰু সুৰক্ষিত ডিজিটেল লেজাৰত চুক্তিসমূহ অনুসৰণ কৰিবলৈ সক্ষম কৰে। এই লেজাৰটো টেম্পাৰ-প্ৰতিৰোধী ক্ৰিপ্টোগ্ৰাফিকভাৱে স্বাক্ষৰিত, আৰু সময়-নিৰ্ধাৰিত, যি এটা পৰীক্ষণযোগ্য অডিট গণনা কৰে আৰু বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰে।
ব্লকচেইনৰ দৰে উদীয়মান প্ৰযুক্তিত দক্ষ প্ৰতিভাৰ ভেটি গঢ়ি তুলিবলৈ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (এম. ই. আই. টি. ৱাই) ব্লকচেইনৰ ওপৰত গুৰুত্ব দিয়া কেইবাটাও সামৰ্থ্য-নিৰ্মাণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰ্মশক্তি সৃষ্টি কৰা।
দক্ষতা বিকাশ কাৰ্যসূচী
ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনৰ ক্ষমতা নিৰ্মাণ বিভাগে (এম. ই. আই. টি. ৱাই.) বিভিন্ন বিভাগত প্ৰযুক্তিগত দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰী বিষয়াসকলৰ বাবে দক্ষতা বিকাশ কাৰ্যসূচী হাতত লৈছে। ২১৪ ৰো অধিক কাৰ্যসূচীয়ে ব্লকচেইনৰ দৰে উদীয়মান ক্ষেত্ৰত ২১,০০০ৰো অধিক বিষয়াসকলক প্ৰশিক্ষণ দিছে। ৰাজ্যিক ই-মিছন দলসমূহৰ (এছ. ই. এম. টি.) সমৰ্থনত এই পদক্ষেপসমূহে প্ৰযুক্তি-নেতৃত্বাধীন প্ৰশাসন চলাব পৰাকৈ ভৱিষ্যতৰ বাবে সাজু চৰকাৰী কৰ্মচাৰীসকলক উৎসাহিত কৰিছে।
ফিনটেক আৰু ব্লকচেইনৰ উন্নয়নত স্নাতকোত্তৰ ডিপ্লোমা (পিজি-ডিএফবিডি):
ক্ৰিপ্ট’কাৰেন্সী, এন. এফ. টি. (নন-ফাঙ্গিবল টোকেন)আৰু অন্যান্য ব্লকচেইন এপ্লিকেচনৰ উত্থানে দ্ৰুত, সস্তীয়া আৰু অধিক সুৰক্ষিত প্লেটফৰ্মৰ চাহিদা বৃদ্ধি কৰিছে, যাৰ ফলত ফিনটেক পৰিৱেশতন্ত্ৰৰ বিকাশ ঘটিছে। এই চাহিদা পূৰণ কৰিবলৈ, পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন ফিনটেক এণ্ড ব্লকচেইন ডেভেলপমেণ্ট (পি. জি.-ডি. এফ. বি. ডি.)ৰ দৰে কাৰ্যসূচীসমূহে পেছাদাৰী আৰু শিক্ষাৰ্থীসকলক ব্লকচেইন, ফিনটেক, এ. আই./এম. এল., চাইবাৰ সুৰক্ষা, প্ৰগ্ৰামিংআৰু নিয়ন্ত্ৰক পৰিকাঠামো সামৰি লোৱা ৯০০ঘণ্টাৰ এক বিস্তৃত পাঠ্যক্ৰম প্ৰদান কৰে।
ব্লেণ্ডঃ চি-ডক অনলাইন পাঠ্যক্ৰম
চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অব এডভান্সড কম্পিউটিং (চি-ডক)ৰ দ্বাৰা আগবঢ়োৱা ব্লেণ্ড কাৰ্যসূচী হৈছে এক অনলাইন পাঠ্যক্ৰম, যাৰ লক্ষ্য হৈছে অভিযান্ত্ৰিক শিক্ষাৰ্থী আৰু প্ৰাৰম্ভিক কেৰিয়াৰৰ পেছাদাৰীসকলক ব্লকচেইন প্ৰযুক্তি আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগত দক্ষতা গঢ়ি তোলা। এই পাঠ্যক্ৰমটো ব্লকচেইন ধাৰণা, স্থাপত্য, উপাদান আৰু কাৰ্য্যকৰী প্ৰণালীৰ এক বিস্তৃত বুজাপৰা প্ৰদান কৰাৰ বাবে আৰ্হি প্ৰস্তুত কৰা হৈছে, আনহাতে অংশগ্ৰহণকাৰীসকলক বিভিন্ন খণ্ডত বাস্তৱ-বিশ্বৰ ব্লকচেইন এপ্লিকেচন বিকশিত কৰিবলৈ সক্ষম কৰে।
ফিউচাৰস্কিলছ প্ৰাইম
ফিউচাৰস্কিলছ প্ৰাইম (নিয়োগ যোগ্যতাৰ বাবে তথ্য-প্ৰযুক্তি ক্ষেত্ৰত মানৱশক্তিৰ পুনৰ দক্ষতা/কৌশল বৃদ্ধিৰ কাৰ্যসূচী)হৈছে ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তিমন্ত্ৰালয়ৰ (এম. ই. আই. টি. ৱাই) পৃষ্ঠপোষকতাত এক উদ্যোগমুখী পদক্ষেপ। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ভাৰতৰ কৰ্মচাৰীসকলক ব্লকচেইনৰ দৰে দহটা উদীয়মান প্ৰযুক্তিত ডিজিটেল সামৰ্থ্যৰে সজ্জিত কৰা,নিয়োগযোগ্যতা বৃদ্ধি কৰা আৰু দেশৰ প্ৰযুক্তিগত প্ৰতিভা খণ্ড শক্তিশালী কৰা।
আগবাঢ়ি যোৱাৰ পথ: ভৱিষ্যতৰ ব্লকচেইন ব্যৱহাৰৰ ক্ষেত্ৰসমূহ

ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত দক্ষতা আৰু বিশ্বাস বৃদ্ধি কৰিবলৈ বিভিন্ন খণ্ডত বিভিন্ন ব্লকচেইন-আধাৰিত ব্যৱহাৰৰ ক্ষেত্ৰ অধ্যয়ন কৰা হৈছে। এই পদক্ষেপসমূহে দেখুৱায় যে কেনেদৰে ব্লকচেইনে প্ৰশাসনত উদ্ভাৱনক চালিত কৰিব পাৰে, দায়বদ্ধতা নিশ্চিত কৰিব পাৰে আৰু প্ৰণালীবদ্ধ অদক্ষতা হ্ৰাস কৰিব পাৰে। ধাৰণাৰ মূল প্ৰমাণ (পিঅ’চি)সমূহৰ ভিতৰত আছে সুৰক্ষিত মালিকাস্বত্ব নথিভুক্তিৰ বাবে অভিলেখ, স্বচ্ছ অনুদান ট্ৰেকঙৰ বাবে ব্লাড বেংক, বাস্তৱ-নিৰ্ধাৰিত কৰ নিৰীক্ষণৰ বাবে জিএছটি শৃংখলআৰু সুৰক্ষিত যোগান শৃংখলৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)।
ডিজিটেল ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ব্লকচেইন প্ৰযুক্তিয়ে ডিজিটেল প্ৰশাসনত কেনেদৰে বিশ্বাস আৰু স্বচ্ছতা অন্তৰ্ভুক্ত কৰে সেয়া পৰিৱৰ্তন কৰি আছে। ৰাষ্ট্ৰীয় ব্লকচেইন ফ্ৰেমৱৰ্ক উদ্যোগৰ জৰিয়তে, ভাৰতে এক সংহত আৰু আন্তঃব্যৱহাৰযোগ্য ব্লকচেইন পৰিৱেশতন্ত্ৰ নিৰ্মাণ কৰি আছে যি চৰকাৰৰ পৰা নাগৰিকলৈ (জি টু চি) আৰু চৰকাৰৰ পৰা ব্যৱসায়লৈ (জি টু বি) সেৱাক সমৰ্থন কৰে, আনহাতে প্ৰযুক্তিৰ ক্ষেত্ৰত উদ্ভাৱন আৰু আত্মনিৰ্ভৰশীলতাক পৰিচালিত কৰে। সামৰ্থ্য নিৰ্মাণত নিৰন্তৰ গুৰুত্ব আৰু থলুৱা ব্লকচেইন সমাধানৰ বিকাশৰ সৈতে, ভাৰত অন্তৰ্ভুক্তিমূলক বিকাশৰ বাবে ব্লকচেইন ব্যৱহাৰৰ ক্ষেত্ৰত এক গোলকীয় নেতা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু।
সমল
Ministry of Electronics and IT
Rajya Sabha
Ministry of Communications
Ministry of Finance
Digital India Corporation
National Informatics Centre
National Institute of Electronics & Information Technology
Centre of Excellence in Blockchain Technology
***
DPS/KD
(Backgrounder ID: 156013)
आगंतुक पटल : 12
Provide suggestions / comments