• Sitemap
  • Advance Search
Farmer's Welfare

পৰম্পৰাগত কৃষি বিকাশ যোজনা: ভাৰতত জৈৱিক কৃষিলৈ উদগনি

জৈৱিক কৃষিলৈ উদগনি, কৃষক সৱলীকৰণ, গ্ৰামীণ ভাৰত শক্তিশালীকৰণ

Posted On: 06 OCT 2025 11:03AM

 

মুখ্য তথ্য

  • ৩০.০১.২০২৫ তাৰিখলৈকে PKVY (২০১৫–২৫)ৰ অধীনত ২,২৬৫.৮৬ কোটি টকা মুকলি কৰা হৈছে।
  • ২০২৪–২৫ বিত্তীয় বৰ্ষত RKVY ৰ অধীনত PKVY ৰ বাবে ২০৫.৪৬ কোটি টকা মুকলি কৰা হৈছে।
  • ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে প্ৰায় ১৫ লাখ হেক্টৰ মাটি জৈৱিক কৃষিৰ অধীনত আছে, এই সময়ছোৱাতে মুঠ ৫২,২৮৯ টা ক্লাষ্টাৰ গঠন কৰা হৈছে, আৰু ইয়াৰ দ্বাৰা ২৫.৩০ লাখ কৃষক উপকৃত হৈছে।
  • ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে জৈৱিক খেতি পৰ্টেলত ৬.২৩ লাখ কৃষক, ১৯,০১৬ টা স্থানীয় গোট, ৮৯ জন ইনপুট যোগানকাৰী, আৰু ৮,৬৭৬ জন ক্ৰেতাই পঞ্জীয়ন কৰিছিল।

 

পাতনি

 

ভাৰতীয় কৃষিয়ে সদায় পৰম্পৰাগত প্ৰজ্ঞা আৰু পৰিৱেশ অনুকূল পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। কিন্তু আমদানি নিৰ্ভৰ কৃষি (input-intensive farming) ৰ উত্থানৰ লগে লগে মাটি-পানীৰ গুণাগুণৰ অৱক্ষয়, খাদ্য সুৰক্ষাৰ চিন্তা আদি সমস্যা বৃদ্ধি পাইছে। পৰিৱেশ সুৰক্ষা আৰু কৃষকৰ আয়ৰ সহায়ৰ বাবে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় বহনক্ষম কৃষি অভিযানৰ অধীনত ২০১৫ চনত পৰম্পৰাগত কৃষি বিকাশ যোজনা (PKVY) আৰম্ভ কৰিছিল।

বিগত দশকত PKVY ভাৰতৰ জৈৱিক কৃষি আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ই কৃষকসকলক পৰিৱেশ-অনুকূল পদ্ধতি গ্ৰহণ কৰাত সহায় কৰিছে, জৈৱিক প্ৰমাণপত্ৰ লাভ কৰিছে, আৰু বহনক্ষম কৃষি উত্পাদনক উচিত মূল্য প্ৰদান কৰা বজাৰসমূহৰ সৈতে সংযোগ স্থাপন কৰিছে। যিটো এটা সৰু ক্লাষ্টাৰভিত্তিক কাৰ্যসূচী হিচাপে আৰম্ভ হৈছিল, সেয়া এতিয়া প্ৰশিক্ষণ, প্ৰমাণীকৰণ, আৰু বজাৰ সমৰ্থনৰ সম্পূৰ্ণ ব্যৱস্থালৈ বিকশিত হৈছে, যিয়ে ভাৰতৰ শক্তিশালী আৰু বহনক্ষম কৃষিৰ দীৰ্ঘম্যাদী পৰিকল্পনাত অৰিহণা যোগাইছে।

 

ভেটি নিৰ্মাণ: ক্লাষ্টাৰ ভিত্তিক জৈৱিক কৃষি

 

PKVY ৰ মূলতে আছে ক্লাষ্টাৰবিশেষ পদ্ধতি। কৃষকসকলক ২০ হেক্টৰকৈ গোটত সংগঠিত কৰি সামূহিকভাৱে জৈৱিক কৃষি পদ্ধতি গ্ৰহণ কৰা হয়। এই আৰ্হিটোৱে কেৱল একেধৰণৰ মানদণ্ড নিশ্চিত কৰাই নহয়, সম্পদ-ভাগ-বতৰাক উৎসাহিত কৰি খৰচো হ্ৰাস কৰে।

আঁচনিখন আৰম্ভ হোৱাৰ পৰাই বিভিন্ন ৰাজ্যত হাজাৰ হাজাৰ ক্লাষ্টাৰ স্থাপন কৰা হৈছে। এইবোৰে কৃষকসকলক কম ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰাত সহায় কৰিছে, জৈৱিক পদ্ধতিৰে কৃষিভূমিৰ স্বাস্থ্য উন্নত কৰিছে, আৰু অধিক বৈচিত্ৰময় কৃষি পদ্ধতি অনুসৰণ কৰিছে। প্ৰশিক্ষণ আৰু দক্ষতা গঢ়ি তোলা কাৰ্যসূচীয়ে মূল ভূমিকা পালন কৰিছে, কৃষকসকলক এই পৰিৱৰ্তন সফলতাৰে কৰিবলৈ জ্ঞান আৰু আত্মবিশ্বাস প্ৰদান কৰিছে।

PKVY ৰ মূল লক্ষ্য হৈছে কম খৰচী, ৰাসায়নিক সাৰ মুক্ত পদ্ধতি ব্যৱহাৰ কৰা আৰু কৃষকসকলক গোটত একেলগে কাম কৰিবলৈ উৎসাহিত কৰা পৰিৱেশ-অনুকূল কৃষিৰ এক বিস্তাৰযোগ্য পদ্ধতি (scalable model) প্ৰসাৰ কৰা। এই পদ্ধতিৰ লক্ষ্য হৈছে খাদ্য সুৰক্ষা উন্নত কৰা, কৃষকৰ আয় বৃদ্ধি কৰা, আৰু পৰিৱেশ সুৰক্ষিত কৰা।

  • ভূমিৰ স্বাস্থ্য উন্নত কৰা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিৰ পৰা পৰিৱেশ-অনুকূল কৃষিৰ প্ৰসাৰ কৰা।
  • কৃষকসকলক প্ৰাকৃতিক পদ্ধতি ব্যৱহাৰ কৰি শস্য খেতি কৰিবলৈ সক্ষম কৰা, ৰাসায়নিক সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা।
  • জৈৱিক পদ্ধতিৰে কৃষি ব্যয় হ্ৰাস কৰা আৰু আয় বৃদ্ধি কৰা।
  • গ্ৰাহকৰ বাবে স্বাস্থ্যসন্মত, ৰাসায়নিক উপাদান মুক্ত খাদ্য উৎপাদন কৰা।
  • পৰম্পৰাগত, কম খৰচী কৌশল ব্যৱহাৰ কৰি পৰিৱেশ সুৰক্ষিত কৰা।
  • খেতি, প্ৰক্ৰিয়াকৰণ, আৰু প্ৰমাণীকৰণৰ বাবে কৃষক গোটসমূহক সহায় কৰা।
  • কৃষকসকলক পোনপটীয়াকৈ স্থানীয় আৰু ৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰি উদ্যোগীকৰণ গঢ়ি তোলা।

প্ৰধান লাভালাভবোৰ

 

পৰম্পৰাগত কৃষি বিকাশ যোজনা (PKVY) ৰ অধীনত জৈৱিক কৃষি পদ্ধতি গ্ৰহণ কৰা কৃষকসকলক তিনি বছৰৰ বাবে প্ৰতি হেক্টৰত ৩১,৫০০ টকাকৈ সহায় কৰা হৈছে। এই সহায়ৰ পৰিমাণবোৰ তলত দিয়া ধৰণৰ -

  • ফাৰ্মৰ ভিতৰৰ আৰু বাহিৰৰ জৈৱিক সামগ্ৰী: ১৫,০০০ টকা (DBT)
  • মাৰ্কেটিং, পেকেজিং আৰু ব্ৰেণ্ডিং: ৪,৫০০ টকা
  • প্ৰমাণীকৰণ আৰু অৱশিষ্ট বিশ্লেষণ: ৩,০০০ টকা
  • প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ: ৯,০০০ টকা

 

এই সামগ্ৰিক সমৰ্থনে নিশ্চিত কৰে যে কৃষকসকলে কেৱল জৈৱিক পদ্ধতি গ্ৰহণ কৰাই নহয়, উন্নত আয়ৰ বাবে প্ৰমাণীকৰণ, ব্ৰেণ্ডিং, আৰু বজাৰ সংযোগৰ ক্ষেত্ৰতো যেন সহায় লাভ কৰে।

 

ৰূপায়ণৰ কাঠামো

পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ ৰূপায়ণত গাঁথনিগত, কৃষককেন্দ্ৰিক পদ্ধতি অনুসৰণ কৰা হয়। এই আঁচনিৰ অধীনত সকলো কৃষক আৰু প্ৰতিষ্ঠানে আবেদন কৰিবলৈ যোগ্য, অৱশ্যে তেওঁৰ অধীনত থকা সৰ্বোচ্চ মাটিৰ পৰিমাণ দুই হেক্টৰ হ’ব লাগিব।

কৃষকসকলে তেওঁলোকৰ আঞ্চলিক পৰিষদৰ সৈতে যোগাযোগ কৰি এই প্ৰক্ৰিয়াটো আৰম্ভ কৰে, যিয়ে তেওঁলোকক পঞ্জীয়ন আৰু প্ৰমাণীকৰণৰ ক্ষেত্ৰতো সহায় কৰে। এই পৰিষদসমূহে সকলো কৃষকৰ আবেদন সংগ্ৰহ কৰি বাৰ্ষিক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰে, যিটো তাৰ পিছত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়লৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয়।

 

বাৰ্ষিক কাৰ্য্য পৰিকল্পনালৈ অনুমোদন আগবঢ়োৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ ধন মোকলাই দিয়ে, যিয়ে ইয়াক আঞ্চলিক পৰিষদবোৰলৈ প্ৰেৰণ কৰে। পৰিষদসমূহে পাছলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) ব্যৱস্থাৰ জৰিয়তে কৃষকসকলক পোনপটীয়াকৈ সাহায্য প্ৰদান কৰে। ইয়াৰ দ্বাৰা নিশ্চিত কৰা হয় যে PKVY ৰ অধীনত ইনপুট, প্ৰশিক্ষণ, প্ৰমাণীকৰণ, আৰু বিপণন আদি আৰ্থিক সহায় নিকাভাৱে আৰু সময়মতে হিতাধিকাৰীসকলৰ ওচৰলৈ যায়।

এই গাঁথনিগত কাঠামোৰ জৰিয়তে PKVY এ নিশ্চিত কৰে যে সমগ্ৰ ভাৰতৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলে জৈৱিক কৃষিৰ সমৰ্থন ধাৰাবাহিকভাৱে লাভ কৰিব পাৰে, একে সময়তে কাৰ্যকৰীকৰণৰ প্ৰতিটো পৰ্যায়তে জবাবদিহিতা বজাই ৰাখিব পাৰে।

 

জৈৱিক প্ৰমাণীকৰণ

 

জৈৱিক কৃষকৰ বাবে পূৰ্বতে এটা ডাঙৰ বাধা আছিল বিশ্বাসযোগ্য প্ৰমাণপত্ৰৰ অভাৱ। PKVY এ ইয়াক দুটা সুকীয়া ব্যৱস্থাৰ জৰিয়তে সমাধান কৰিছে:

  1. . তৃতীয় পক্ষৰ প্ৰমাণীকৰণ (NPOP): এই ব্যৱস্থাটো বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ জৈৱিক উৎপাদনৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী (NPOP)ৰ অধীনত স্বীকৃতিপ্ৰাপ্ত প্ৰমাণীকৰণ সংস্থাসমূহে চলায়। ইয়াৰ দ্বাৰা কৃষকসকলে আন্তঃৰাষ্ট্ৰীয় জৈৱিক মানদণ্ড মানি চলাটো নিশ্চিত কৰে। এই প্ৰমাণপত্ৰই খেতি আৰু প্ৰক্ৰিয়াকৰণৰ পৰা আৰম্ভ কৰি ব্যৱসায় আৰু ৰপ্তানিলৈকে প্ৰতিটো পৰ্যায় সামৰি লয়, লগতে ভাৰতীয় কৃষকসকলক বিশ্বৰ জৈৱিক কৃষি বজাৰত উপনীত হোৱা আৰু বিকশিত হোৱাত সহায়ো কৰে।
  2. . ভাৰতৰ বাবে অংশগ্ৰহণমূলক নিশ্চয়তা ব্যৱস্থা (পিজিএছ-ইণ্ডিয়া): কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত পৰিচালিত এইখন কৃষককেন্দ্ৰিক, সমুদায়ভিত্তিক প্ৰমাণপত্ৰ। ইয়াত কৃষকসকলে একেলগে কাম কৰি সিদ্ধান্ত লয়, ইজনে সিজনৰ খেতিপথাৰ পৰীক্ষা কৰে, আৰু জৈৱিক পদ্ধতি অনুসৰণ কৰা হৈছে নে নাই সেইটো পৰীক্ষা কৰে। প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’লেই তেওঁলোকে সামূহিকভাৱে উৎপাদিত সামগ্ৰীক জৈৱিক বুলি ঘোষণা কৰে। পিজিএছ-ইণ্ডিয়াই মূলতঃ ঘৰুৱা বজাৰক সেৱা আগবঢ়ায় আৰু ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ বাবে কম খৰচী, সহজ প্ৰমাণপত্ৰ প্ৰদান কৰে।

 

 

২০২০–২১ চনত চৰকাৰে যিবোৰ অঞ্চলত ৰাসায়নিক কৃষি কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই, যেনে জনজাতীয় অঞ্চল, দ্বীপ, আৰু পৰিৱেশ সংবেদনশীল অঞ্চলত প্ৰমাণীকৰণ ত্বৰান্বিত কৰিবলৈ বৃহৎ এলেকা প্ৰমাণীকৰণ (LAC) কাৰ্যসূচী আৰম্ভ কৰে। LAC ৰ অধীনত ৰূপান্তৰৰ সময় ২–৩ বছৰৰ পৰা মাত্ৰ কেইমাহমানলৈ হ্ৰাস কৰা হয়, যাৰ ফলত কৃষকসকলে দ্ৰুতভাৱে প্ৰমাণপত্ৰ লাভ কৰিব পাৰে, অধিক উপাৰ্জন কৰিব পাৰে, আৰু ভাৰতৰ জৈৱিক খণ্ডক বিশ্বজুৰি অধিক প্ৰতিযোগিতামূলক কৰি তুলিব পাৰে।

এই ব্যৱস্থাসমূহক একত্ৰিত কৰি PKVY-য়ে স্থানীয় আৰু বিশ্বব্যাপী উভয় বজাৰতে ভাৰতীয় জৈৱিক সামগ্ৰীৰ ওপৰত দৃঢ় আস্থা গঢ়ি তুলিছে। কৃষকসকলে এতিয়া উন্নত মূল্য উপাৰ্জন কৰিব পাৰে, বিশেষ গ্ৰাহক গোটসমূহৰ সৈতে যোগাযোগ কৰিব পাৰে, আৰু তেওঁলোকৰ জৈৱিক পৰিচয়ক উজ্জ্বল কৰি তোলা স্থানীয় ব্ৰেণ্ডসমূহৰ প্ৰচাৰ কৰিব পাৰে।

 

সফলতাবোৰ (২০১৫-২০২৫)

 

বিগত দশকত PKVY-য়ে জৈৱিক কৃষিক ক্ষুদ্ৰ প্ৰথাৰ পৰা ব্যাপক কৃষি আন্দোলনলৈ ৰূপান্তৰিত কৰিছে। ই ডিজিটেল ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি বহনক্ষম কৃষিক সমৰ্থন কৰিছে, গ্ৰাম্য ডিজিটেল উন্নয়নক প্ৰসাৰিত কৰিছে, আৰু বজাৰত প্ৰৱেশ ব্যৱস্থাৰ উন্নতি সাধন কৰিছে।

  • ৩০.০১.২০২৫ তাৰিখলৈকে PKVY (২০১৫–২৫)ৰ অধীনত ২,২৬৫.৮৬ কোটি টকা মুকলি কৰা হৈছে।
  • ২০২৪–২৫ বিত্তীয় বৰ্ষত RKVY ৰ অধীনত PKVY ৰ বাবে ২০৫.৪৬ কোটি টকা মুকলি কৰা হৈছে।
  • ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে প্ৰায় ১৫ লাখ হেক্টৰ মাটি জৈৱিক কৃষিৰ অধীনত আছে, তাৰ ভিতৰত মুঠ ৫২,২৮৯ টা ক্লাষ্টাৰ গঠন কৰা হৈছে, যাৰ ফলত প্ৰায় ২৫.৩০ লাখ কৃষক উপকৃত হৈছে।
  • ২০২৩–২৪ চনত গ্ৰহণ কৰা ১.২৬ লাখ হেক্টৰ মাটিৰ কাম অব্যাহত আছে, আনহাতে ২০২৪–২৫ চনত ১.৯৮ লাখ হেক্টৰ নতুন মাটিৰ তিনি বছৰীয়া ৰূপান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
  • ২০২৩–২৪ চনত ছট্টিশগড়ৰ দান্তেৱাড়াত ৫০,২৭৯ হেক্টৰ, আৰু পশ্চিম বংগত ৪,০০০ হেক্টৰ মাটি LAC কাৰ্যসূচীৰ অধীনলৈ অনা হৈছিল।
  • ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত মুঠ ৯,২৬৮ টা কৃষক উৎপাদক সংস্থা (এফ পি অ’) ১০,০০০ এফ পি অ’ গঠন আৰু প্ৰসাৰ”ৰ বাবে পঞ্জীয়ন কৰা হৈছে।
  • কাৰ নিকোবৰ আৰু নানকাউৰী দ্বীপৰ ১৪,৪৯১ হেক্টৰ মাটি LAC ৰ অধীনত প্ৰমাণিত জৈৱিক বুলি ঘোষণা কৰা হৈছে।
  • লক্ষদ্বীপৰ সমগ্ৰ ২৭০০ হেক্টৰ কৃষিযোগ্য ভূমিক জৈৱিক বুলি প্ৰমাণিত কৰা হৈছে।
  • LAC কাৰ্যসূচীৰ অধীনত ছিকিমৰ মুঠ ৬০,০০০ হেক্টৰ ভূমিত ৯৬.৩৯ লাখ টকাৰে সহায় কৰা হৈছিল, যাৰ ফলত চিকিম LAC ৰ অধীনত বিশ্বৰ একমাত্ৰ ১০০% জৈৱিক ৰাজ্য হিচাপে পৰিগণিত হৈছিল।
  • LAC ৰ অধীনত ১১.৪৭৫ লাখ টকাৰে সমৰ্থিত লাডাখl ৫,০০০ হেক্টৰৰ ভূমিৰ প্ৰস্তাৱ।
  • ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে জৈৱিক খেতি পৰ্টেলত ৬.২৩ লাখ কৃষক, ১৯,০১৬ টা স্থানীয় গোট, ৮৯ জন ইনপুট যোগানকাৰী, আৰু ৮,৬৭৬ জন ক্ৰেতাই পঞ্জীয়ন কৰিছিল।

 

কৃষকৰ পৰা গ্ৰাহকলৈ জৈৱিক সামগ্ৰীৰ প্ৰত্যক্ষ বিক্ৰীৰ প্ৰচাৰৰ বাবে এক নিবেদিত অনলাইন মঞ্চ হিচাপে গঢ়ি তোলা হৈছে জৈৱিক খেতি পৰ্টেল।

 

সামৰণি

 

বিগত দশকত পৰম্পৰাগত কৃষি বিকাশ যোজনা (PKVY) ভাৰতত বহনক্ষম কৃষিৰ প্ৰসাৰৰ বাবে এক প্ৰধান কাৰ্যসূচীত পৰিণত হৈছে। ইয়াৰ ক্লাষ্টাৰ ভিত্তিক পদ্ধতিৰ জৰিয়তে ই লাখ লাখ কৃষকৰ মাজত ৰাসায়নিক সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰাত সহায় কৰিছে, কৃষিভূমিৰ স্বাস্থ্য উন্নত কৰিছে, আৰু নিৰাপদ, উচ্চমানৰ খাদ্যৰ খেতি কৰিছে। প্ৰমাণীকৰণ ব্যৱস্থা, জৈৱিক খেতিৰ দৰে ডিজিটেল প্লেটফৰ্ম, আৰু শক্তিশালী বজাৰ সংযোগৰ সহায়ত PKVY য়ে এটা সহায়ক নেটৱৰ্ক গঢ়ি তুলিছে যিয়ে জৈৱিক সামগ্ৰীৰ ঘৰুৱা ব্যৱহাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য দুয়োটাকে বিকশিত কৰে।

আঁচনিখনৰ বৃহৎ এলেকা প্ৰমাণীকৰণ (LAC)লৈ সম্প্ৰসাৰণ আৰু ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযান (NMNF)ৰ সৈতে ইয়াৰ একত্ৰীকৰণে পৰিৱেশ অনুকূল আৰু কম খৰচী কৃষিৰ প্ৰসাৰৰ বাবে চৰকাৰৰ দৃঢ় দায়বদ্ধতা প্ৰকাশ কৰে। প্ৰশিক্ষণ, প্ৰমাণীকৰণ, আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত চলি থকা প্ৰচেষ্টাৰ সৈতে PKVY য়ে গ্ৰাম্য আয় বৃদ্ধি কৰাত সহায় কৰাৰ লগতে পৰিৱেশ সুৰক্ষা, জলবায়ুৰ স্থিতিস্থাপকতা, আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীকো সমৰ্থন কৰিছে।

ভাৰতে কৃষি পৰিৱৰ্তনৰ পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে PKVY প্ৰমাণ হিচাপে থিয় দিছে যে পৰম্পৰাগত কৃষি পদ্ধতিয়ে আধুনিক ব্যৱস্থা আৰু ডিজিটেল সঁজুলিৰ সৈতে মিহলি কৰিলে সেউজ, সুস্থ আৰু অধিক সমৃদ্ধিশালী ভৱিষ্যতৰ দিশত আগবাঢ়ি যাব পাৰে।

 

সমলৰাজি

Press Information Bureau (PIB) Releases

·  https://www.pib.gov.in/PressReleasePage.aspx?PRID=2045560

·  https://www.pib.gov.in/PressReleasePage.aspx?PRID=2099756

·  https://www.pib.gov.in/PressReleasePage.aspx?PRID=2146939

·  https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1946809

·  https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2100761

·  https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1739994

 

Ministry of Agriculture & Farmers Welfare Documents

·  https://agriwelfare.gov.in/Documents/AR_Eng_2024_25.pdf

·  https://agriwelfare.gov.in/Documents/Revised_PKVY_Guidelines_022-2023_PUB_1FEB2022.pdf

Mission Organic Value Chain Development (MOVCDNER) - https://movcd.dac.gov.in/about

Parliament Questions (Lok Sabha)

·  https://sansad.in/getFile/loksabhaquestions/annex/183/AU2315_sWTC0p.pdf?source=pqals

·  https://sansad.in/getFile/loksabhaquestions/annex/182/AU2474_HV55PI.pdf?source=pqals

myScheme Portal - https://www.myscheme.gov.in/schemes/pkvy

Department of Administrative Reforms and Public Grievances https://darpg.gov.in/sites/default/files/Paramparagat%20Krishi%20Vikas%20Yojana.pdf

***

DPS/RD

(Explainer ID: 156009) आगंतुक पटल : 43
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Malayalam , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Telugu , Kannada