Energy & Environment
ভাৰতৰ সেউজ হাইড্ৰ’জেন উৎপাদনৰ সম্ভাৱনা উন্মোচন
Posted On:
12 NOV 2025 1:35PM
মুখ্য তথ্য
এই অভিযানে ৮ লাখ কোটি টকাৰো অধিক বিনিয়োগ আনিব আৰু জীৱাশ্ম ইন্ধনৰ আমদানি ১ লাখ কোটি টকাতকৈও অধিক হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।
ভাৰতৰ প্ৰথমটো বন্দৰ-আধাৰিত সেউজ হাইড্ৰ’জেন পাইলট ভি. অ’. চিদাম্বৰনৰ বন্দৰত নিযুক্ত কৰা হৈছে।
দহটা পথত ৩৭টা হাইড্ৰ’জেন ফিউৱেল চেল আৰু হাইড্ৰ’জেন ইঞ্জিন বাহনৰ সৈতে এটা মবিলিটি পাইলট প্ৰকল্প আৰম্ভ কৰা হৈছে।
পাতনি
ভাৰতৰ শক্তি পৰিৱৰ্তন এক জটিল সন্ধিক্ষণত উপনীত হৈছে, এতিয়া দেশখনে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি নৱীকৰণযোগ্য শক্তিৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিছে। এইটোৰ ২০৪৭ চনৰ ভিতৰত “উন্নত ভাৰত” আৰু ২০৭০ চনৰ ভিতৰত “নেট জিৰ’”ৰ লক্ষ্যৰ সৈতে মিল আছে। এই পৰিৱৰ্তনৰ মূলতে আছে সেউজ হাইড্ৰ’জেন, যি এক পৰিষ্কাৰ, বহনক্ষম শক্তিৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে, গধুৰ নিৰ্গমন উদ্যোগসমূহক কাৰ্বনমুক্ত কৰিব পাৰে, জীৱাশ্ম ইন্ধনৰ আমদানি হ্ৰাস কৰিব পাৰে, শক্তি সুৰক্ষা আৰু ঔদ্যোগিক উন্নয়নৰ লক্ষ্যসমূহ আগুৱাই নিব পাৰে।
ভাৰত চৰকাৰে ২০২৩ চনত ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান (NGHM) আৰম্ভ কৰিছিল, যিয়ে এই খণ্ডৰ প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে এক সামগ্ৰিক কাৰ্যসূচী হিচাপে কাম কৰি আছে, লগতে সেউজ হাইড্ৰ’জেনৰ বাবে এক সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে।
উদ্দেশ্যসমূহ
এই অভিযান কেৱল শক্তি প্ৰকল্পই নহয়, বৰঞ্চ ঔদ্যোগিক প্ৰতিযোগিতামূলক ক্ষমতা, আমদানি হ্ৰাস, আৰু দীৰ্ঘম্যাদী শক্তি সুৰক্ষাৰ বাবে এক কৌশলগত ৰূপায়ণ, য’ত বহনক্ষম উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ সংমিশ্ৰণ ঘটিছে।
|
সেউজ হাইড্ৰ’জেন কি?
সেউজ হাইড্ৰ’জেন হৈছে জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে নৱীকৰণযোগ্য শক্তিৰ উৎস (যেনে সৌৰ বা বায়ুশক্তি) ব্যৱহাৰ কৰি উৎপাদিত হাইড্ৰ’জেন। এই প্ৰক্ৰিয়াত সৌৰ পেনেল বা বায়ুৰ টাৰ্বাইনৰ পৰা বিদ্যুৎ আহৰণ কৰি বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা পানী হাইড্ৰ’জেন আৰু অক্সিজেনলৈ বিভক্ত হয়। ভাৰত চৰকাৰৰ মানদণ্ড অনুসৰি যদি উৎপাদন প্ৰক্ৰিয়াৰ মুঠ নিৰ্গমণ প্ৰতি কিলোগ্ৰাম হাইড্ৰ’জেনত ২ কিলোগ্ৰাম CO2 ৰ সমান বা তাতকৈ কম হয়, তেন্তে ইয়াক "সেউজ" বুলি কোৱা হয়। জীৱাশ্মৰ পৰাও সেউজ হাইড্ৰ’জেন উৎপাদন কৰিব পাৰি (যেনে- কৃষি আৱৰ্জনা), যদিহে নিৰ্গমণ একে পৰিসৰৰ হয়।
|
ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযানৰ (NGHM)ৰ লক্ষ্য হৈছে ভাৰতক স্বচ্ছ হাইড্ৰ’জেন উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হ’ব পৰাকৈ সামৰ্থ্য আৰু পৰিৱেশতন্ত্ৰ সৃষ্টি কৰা। ২০৩০ চনৰ ভিতৰত এই অভিযানে বিশেষকৈ হাইড্ৰ’জেন উৎপাদনৰ বাবে ১২৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা যোগ কৰিব। ইয়াৰ জৰিয়তে মুঠ ৮ লাখ কোটিতকৈ অধিক বিনিয়োগ আকৰ্ষণ হ’ব, প্ৰায় ৬ লাখ সংস্থাপন সৃষ্টি হ’ব, জীৱাশ্ম ইন্ধনৰ আমদানি ১ লাখ কোটিতকৈ অধিক হ’ব, আৰু বছৰি প্ৰায় ৫০ এমএমটি সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস পাব।

২০২৫ চনৰ মে’ পৰ্যন্ত ১৯টা কোম্পানীক প্ৰতিবছৰে ৮,৬২,০০০ টন আৰু ১৫টা কোম্পানীক ৩০০০ মেগাৱাট ইলেক্ট্ৰ’লাইজাৰ উৎপাদন ক্ষমতা আবণ্টন দিয়া হৈছিল। ভাৰতে তীখা, পৰিবহণ আৰু জাহাজ পৰিবহণ খণ্ডতো পাইলট প্ৰকল্প আৰম্ভ কৰে।
এন. জি. এইচ. এম.ৰ অধীনত খণ্ডভিত্তিক উদ্ভাৱন আৰু ৰূপায়ণ
২০২৩ চনৰ জানুৱাৰী মাহত এই অভিযান আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ প্ৰাৰম্ভিক আবণ্টন আছিল ১৯,৭৪৪ কোটি টকা (২০২৯-৩০ বিত্তীয় বৰ্ষলৈকে)। ইয়াৰে ১৭,৪৯০ কোটি টকা সেউজ হাইড্ৰ’জেন পৰিৱৰ্তনৰ বাবে কৌশলগত হস্তক্ষেপ (SIGHT) কাৰ্যসূচীৰ বাবে, ১,৪৬৬ কোটি টকা পাইলট প্ৰকল্পৰ বাবে, ৪০০ কোটি টকা গৱেষণা আৰু উন্নয়নৰ বাবে (R&D), আৰু অন্যান্য উপাদানৰ বাবে ৩৮৮ কোটি টকা।
ভাৰতক সেউজ হাইড্ৰ’জেন উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে গোলকীয় কেন্দ্ৰ হিচাপে স্থান দিয়াৰ লক্ষ্যৰে এই অভিযানৰ চাৰিটা মূল স্তম্ভ হল- নীতি আৰু নিয়ন্ত্ৰণ পৰিকাঠামো, চাহিদা সৃষ্টি, গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন, আন্তঃগাঁথনি আৰু পৰিৱেশতন্ত্ৰৰ উন্নয়ন।

সেউজ হাইড্ৰ"জেনৰ উৎপাদন আৰু ব্যৱহাৰ ত্বৰান্বিত কৰা, ঘৰুৱা উৎপাদন আৰু ৰপ্তানিক উৎসাহিত কৰা, নিয়ামক পৰিকাঠামো একত্ৰিত কৰা, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে চৰকাৰে কেইবাটাও প্ৰকল্প আৰম্ভ কৰিছে।
- গ্ৰীণ হাইড্ৰ’জেন ট্ৰানজিশ্যনৰ বাবে কৌশলগত হস্তক্ষেপ (SIGHT) প্ৰকল্প : ২০২৯-৩০ চনলৈকে ১৭,৪৯০ কোটি টকাৰ আৰ্থিক উদগনিমূলক আঁচনি, যি ইলেক্ট্ৰ’লাইজাৰ আৰু সেউজ হাইড্ৰ’জেন উৎপাদনৰ বাবে উৎসাহ যোগায়।
- সেউজ হাইড্ৰ’জেন হাবৰ বিকাশ: ২০২৫ চনৰ অক্টোবৰ মাহত নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে (MNRE) তিনিটা প্ৰধান বন্দৰক “সেউজ হাইড্ৰজেন হাব” হিচাপে ঘোষণা কৰে– দীনদয়াল বন্দৰ কৰ্তৃপক্ষ (গুজৰাট), ভি. অ. চিদাম্বৰম বন্দৰ কৰ্তৃপক্ষ (তামিলনাডু), পাৰাদীপ বন্দৰ কৰ্তৃপক্ষ (ওড়িশা)। এই উপকূলীয় হাবসমূহে উৎপাদন, ব্যৱহাৰ আৰু ভৱিষ্যতৰ ৰপ্তানিৰ প্ৰয়োজনীয়তাৰ বাবে সংহত কেন্দ্ৰ ৰূপে কাম কৰিব।

- গুণগত মান, প্ৰমাণীকৰণ আৰু সুৰক্ষাঃ ভাৰতীয় সেউজ হাইড্ৰজেন প্ৰমাণীকৰণ আঁচনি (GHCI) ২০২৫ চনৰ এপ্ৰিল মাহত আৰম্ভ কৰা হৈছিল, যি উৎপাদন চক্ৰত ইয়াৰ সেউজগৃহ গেছ নিৰ্গমন নিৰীক্ষণ কৰি হাইড্ৰজেনক “সেউজ” বুলি প্ৰমাণিত কৰা বাবে এটা পৰিকাঠামো তৈয়াৰ কৰে। ই উৎপাদক, ক্ৰেতা আৰু ৰপ্তানি বজাৰৰ বাবে স্বচ্ছতা, সন্ধানযোগ্যতা আৰু বিশ্বাসযোগ্যতা প্ৰদান কৰে।
GHCIৰ অধীনত এই প্ৰমাণপত্ৰ বাধ্যতামূলক যদিহে প্ৰকল্পটোৱে (ক) কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ পৰা উদগনি লাভ কৰে, বা (খ) ভাৰতত ঘৰুৱাভাৱে বিক্ৰী বা ব্যৱহাৰ কৰা কৰে।
শক্তি দক্ষতা ব্যুৰো (BEE) হৈছে প্ৰকল্পসমূহ নিৰীক্ষণ আৰু প্ৰমাণীকৰণ কৰা সংস্থাসমূহৰ স্বীকৃতিৰ বাবে দায়বদ্ধ মুখ্য কৰ্তৃপক্ষ।
(iv) কৌশলগত হাইড্ৰজেন উদ্ভাৱন অংশীদাৰিত্ব (SHIP) : এই অভিযানে কৌশলগত হাইড্ৰজেন উদ্ভাৱন অংশীদাৰিত্ব (SHIP)ৰ জৰিয়তে গৱেষণা আৰু উন্নয়ন (R&D)ৰ ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বক উতসাহিত কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে উন্নত, বিশ্বমানৰ প্ৰতিযোগিতামূলক হাইড্ৰজেন প্ৰযুক্তি বিকশিত কৰা, য’ত চৰকাৰী প্ৰতিষ্ঠান, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহে যৌথ গৱেষণাত অংশগ্ৰহণ কৰিব। এই পদক্ষেপৰ অধীনত এটা উৎসর্গীকৃত আৰ এণ্ড ডি ফাণ্ড গঠন কৰা হৈছে, য’ত চৰকাৰ আৰু ব্যক্তিগত খণ্ড দুয়োটাই ধন আগবঢ়াইছে। দেশৰ শীৰ্ষ বৈজ্ঞানিক প্ৰতিষ্ঠান যেনে- BARC, ISRO, CSIR, IIT, IISc আৰু অন্যান্য অংশীদাৰসকলৰ বিশেষজ্ঞতা আৰু অভিজ্ঞতাক একত্ৰিত কৰি SHIP ৰ অধীনত কনচৰ্টিয়াম ভিত্তিক গৱেষণাক উৎসাহিত কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে সেউজ হাইড্ৰ’জেন মূল্য শৃংখলৰ প্ৰতিটো স্তৰতে উদ্ভাৱনক ত্বৰান্বিত কৰা আৰু থলুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰা।
ইতিমধ্যে এই অভিযানৰ অধীনত ৪০০ কোটি টকাৰ এক উৎসর্গীকৃত গৱেষণা আৰু উন্নয়ন প্ৰকল্প ৰূপায়ণ কৰা হৈছে, যি হাইড্ৰজেন উৎপাদন, সুৰক্ষা ব্যৱস্থা, সংৰক্ষণ আৰু ঔদ্যোগিক প্ৰয়োগ আদি ক্ষেত্ৰত ২৩টা অগ্ৰণী গৱেষণা প্ৰকল্প আগবঢ়াইছে। ইয়াৰ উপৰি হাইড্ৰ’জেন উৎপাদন, সংৰক্ষণ, পৰিবহণ আৰু ব্যৱহাৰৰ বাবে উদ্ভাৱনীমূলক প্ৰযুক্তিৰ ওপৰত কাম কৰা ষ্টাৰ্ট-আপসমূহক সমৰ্থন কৰিবলৈ প্ৰতিটো প্ৰকল্পৰ বাবে ৫ কোটি টকা পৰ্যন্ত পুঁজিৰে ১০০ কোটি টকাৰ প্ৰস্তাৱ আহ্বান আৰম্ভ কৰা হৈছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে বিশ্বমানৰ প্ৰযুক্তিৰ বিকাশ আৰু উৎপাদন ব্যয় হ্ৰাস কৰা, যাতে ভাৰতে সেউজ হাইড্ৰজেন প্ৰযুক্তিৰ গোলকীয় প্ৰতিযোগিতাত অগ্ৰণী স্থান লাভ কৰিব পাৰে।
২০২৫ চনৰ জুলাই মাহত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ গৱেষণা আৰু উন্নয়ন প্ৰস্তাৱত সহযোগিতামূলক গৱেষণা আৰু উদ্যোগৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই পৰ্যায়ত ইউৰোপীয় ইউনিয়ন–ভাৰত বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ অধীনত আন্তঃৰাষ্ট্ৰীয় ৩০টাতকৈও অধিক যুটীয়া প্ৰস্তাৱ দাখিল কৰা হৈছিল।
গ্ৰহণযোগ্যতাৰ পথবোৰ
এই ৰূপৰেখা কেৱল নীতি নিৰ্ধাৰণ আৰু ৰাজসাহায্য প্ৰদানৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ সেউজ হাইড্ৰজেন নিৰ্গমন হ্ৰাস কৰা, ঘৰুৱা উৎপাদনক সমৰ্থন কৰা, আৰু জীৱাশ্ম-আধাৰিত হাইড্ৰজেন আৰু ফিডষ্টক সলনি কৰাৰ বাবে মূল খণ্ডবোৰতো প্ৰৱৰ্তন কৰা হৈছে । NGHMএ সকলো উদ্যোগ, গতিশীলতা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰয়োগৰ সুবিধা প্ৰদান কৰি আহিছে।
ঔদ্যোগিক
- সাৰ উদ্যোগত: জীৱাশ্মভিত্তিক ইন্ধন ফিডষ্টকৰ ঠাইত ৭.২৪ লাখ মেট্ৰিক টন সেউজ এমোনিয়াৰ বাৰ্ষিক যোগানৰ বাবে নিলাম সম্পূৰ্ণ কৰা হৈছে, যাৰ মূল্য প্ৰতি কিলোগ্ৰামত ৫৫.৭৫ টকা।
- তেল শোধনত : এই অভিযানে জীৱাশ্ম ভিত্তিক হাইড্ৰজেনৰ ঠাইত সেউজ হাইড্ৰজেনৰ ব্যৱহাৰ সহজ কৰি তুলিছে, যাৰ ফলত এই অত্যাৱশ্যকীয় উদ্যোগটোৰ কাৰ্বন নিৰ্গমন পোনপটীয়াকৈ হ্ৰাস পাইছে।
- তীখা উদ্যোগত: লোহা উৎপাদনত সেউজ হাইড্ৰজেনৰ কাৰিকৰী আৰু আৰ্থিক কাৰ্য্যক্ষমতা আৰু নিৰাপত্তা মূল্যায়ন কৰিবলৈ ৰাজহুৱা আৰু ব্যক্তিগত ষ্টীল উৎপাদকসকলৰ সহযোগিতাত পাঁচটা পাইলট প্ৰকল্পৰ আৰ্হি প্ৰস্তুত কৰা হৈছে।
সৰবৰাহ আৰু পৰিবহণ
- পথ পৰিবহণ: মাৰ্চ মাহত ৩৭ খন হাইড্ৰ"জেন বাহন (বাছ আৰু ট্ৰাক), আৰু ১০ টা ভিন্ন পথত ৯ টা ইন্ধন ভৰোৱা ষ্টেচনেৰে পাঁচটা মুখ্য পাইলট প্ৰকল্প আৰম্ভ কৰা হৈছিল। পৰীক্ষাৰ বাবে মোতায়েন কৰা বাহনসমূহৰ ভিতৰত আছে ১৫খন হাইড্ৰ’জেন ইন্ধন কোষ ভিত্তিক বাহন আৰু ২২খন হাইড্ৰ"জেন আভ্যন্তৰীণ দহন ইঞ্জিন ভিত্তিক বাহন। এই প্ৰকল্পৰ বাবে বিত্তীয় সাহায্য প্ৰায় ২০৮ কোটি টকা হ"ব।
- শ্বিপিং: ভাৰতৰ প্ৰথমটো বন্দৰ ভিত্তিক সেউজ হাইড্ৰ’জেন পাইলট প্ৰকল্প ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ভি. অ’. চিদাম্বৰন বন্দৰত আৰম্ভ কৰা হৈছিল। ২৫ কোটি টকাৰ এই প্ৰতিঘণ্টাত ১০ এন. এম. ৩ৰ সুবিধাই পথৰ পোহৰ আৰু এটা ই. ভি. চাৰ্জিং ষ্টেচনকে ধৰি স্থানীয় প্ৰয়োগৰ বাবে সেউজ হাইড্ৰ"জেন উৎপাদন কৰিব। পৰিষ্কাৰ সামুদ্ৰিক কাৰ্য্যকলাপৰে সামঞ্জস্য ৰক্ষা কৰি আৰু কান্দলা আৰু টুটিকোৰিনৰ মাজত উপকূলীয় সেউজ শ্বিপিং কৰিডৰ সক্ষম কৰিবলৈ ৪২ কোটি টকাৰে ৭৫০ মিটাৰ সেউজ মিথেনল বাংকাৰিং আৰু ৰিফুয়েলিং সুবিধাও বিকশিত কৰা হৈছে।
- উচ্চ উচ্চতাৰ গতিশীলতা: NTPCয়ে ২০২৪ চনৰ নৱেম্বৰ মাহত লেহত বিশ্বৰ সৰ্বোচ্চ (৩৬৫০ মিটাৰ) সেউজ হাইড্ৰজেন প্ৰকল্প আৰম্ভ কৰিছে, য’ত পাঁচখন বাছ আৰু এটা ইন্ধন ষ্টেচন আছে। ইয়াৰ ফলত বছৰি ৩৫০ টন কাৰ্বন নিৰ্গমন হ্ৰাস পাব আৰু প্ৰায় ১৩০০০ গছৰ সমতুল্য অক্সিজেন উৎপাদন হ’ব।
সহায়ক পৰিকাঠামো
প্ৰত্যক্ষ উদগনিৰ বাহিৰেও, বিনিয়োগৰ বিপদাশংকা হ্ৰাস কৰা আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে এক ব্যাপক সহায়ক পৰিকাঠামো স্থাপন কৰা হৈছে।
- নীতিগত পৰিকাঠামো: হাইড্ৰ’জেন উৎপাদনৰ বাবে কম খৰচী নবীকৰণযোগ্য শক্তিৰ উৎপাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সঞ্চালন চাৰ্জ ৰেহাই দিয়া আৰু ক্ষিপ্ৰ মুক্ত প্ৰৱেশৰ অনুমোদন নিশ্চিত কৰা।
- দক্ষতা বিকাশঃ ইতিমধ্যে ৫৬০০ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে হাইড্ৰজেন সম্পৰ্কীয় অৰ্হতাৰ প্ৰমাণপত্ৰ লাভ কৰিছে, যাৰ দ্বাৰা ভৱিষ্যতৰ বাবে সক্ষম কৰ্মশক্তি গঢ়ি তোলা হৈছে।
গোলকীয় অংশীদাৰীত্ব গঢ়ি তোলা
২০২৪ চনত ৰটাৰডামত অনুষ্ঠিত বিশ্ব হাইড্ৰ’জেন সন্মিলনত ভাৰতৰ প্ৰথমটো ইণ্ডিয়া পেভিলিয়ন উদ্বোধন কৰি আন্তঃৰাষ্ট্ৰীয় হাইড্ৰ"জেন সম্প্ৰদায়ত আত্মপ্ৰকাশ কৰিছিল। ই ভাৰতক গোলকীয় বিনিয়োগৰ বাবে এক প্ৰধান অংশীদাৰ আৰু উদীয়মান বিশ্বজোৰা হাইড্ৰ’জেন অৰ্থনীতিৰ মূল অংশীদাৰ হিচাপে স্থান দিছে।
- ইউৰোপীয় ইউনিয়ন-ভাৰত সহযোগিতাঃ ইউৰোপীয় ইউনিয়ন-ভাৰত বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ অধীনত, আৱৰ্জনাৰ পৰা হাইড্ৰ"জেন উৎপাদনৰ বিষয়ে ৩০টাতকৈও অধিক যুটীয়া প্ৰস্তাৱ লাভ কৰি সহযোগিতা সম্প্ৰসাৰিত কৰা হৈছে।
- ভাৰত-যুক্তৰাজ্য অংশীদাৰিত্বঃ ২০২৫ চনৰ ফেব্ৰুৱাৰীত হাইড্ৰ’জেন মানকৰ ওপৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে এক উত্সৰ্গীকৃত মানদণ্ড অংশীদাৰী কৰ্মশালা অনুষ্ঠিত হৈছিল, য’ত বাণিজ্য বৃদ্ধিৰ বাবে সুৰক্ষিত, পৰিসৰযোগ্য আৰু বিশ্বজোৰা সুসংগত নিয়মাৱলী, সংহিতা আৰু মানদণ্ড (RCS)ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
- এইচ টু গ্ল’বেল সহযোগিতা : ২০২৪ চনৰ নৱেম্বৰ মাহত ভাৰতীয় সৌৰ শক্তি নিগমে (SECI) জাৰ্মানীৰ এইচ টু গ্লোবাল ষ্টিফটুঙৰ সৈতে বজাৰভিত্তিক প্ৰণালী আৰু যুটীয়া নিবিদা আৰ্হিত সহযোগিতাৰ বাবে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ভাৰতীয় সেউজ হাইড্ৰ"জেনৰ ৰপ্তানি সহজ হয়।
- ছিংগাপুৰ : ২০২৫ চনৰ অক্টোবৰ মাহত চেম্বকৰ্প ইণ্ডাষ্ট্ৰীজে ভি. অ. চিদাম্বৰনৰ আৰু পাৰাদীপ বন্দৰ কৰ্তৃপক্ষৰ সৈতে উৎপাদন, সংৰক্ষণ আৰু ৰপ্তানিৰ বাবে সংহত সেউজ হাইড্ৰ"জেন আৰু এমোনিয়া কেন্দ্ৰ বিকশিত কৰাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল।
সামৰণি: স্বচ্ছ উন্নয়নৰ উত্তৰাধিকাৰ
সেউজ হাইড্ৰ"জেন ভাৰতৰ স্বচ্ছ শক্তি নীতিৰ মূলতে আছে, যি ন্যূনতম কাৰ্বন আৰু আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ দিশে সম্প্ৰসাৰিত কৰিছে। বিশ্বৰ অন্যতম প্ৰতিযোগিতামূলক নৱীকৰণযোগ্য শক্তি আধাৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযানে ঘৰুৱা উৎপাদন সম্প্ৰসাৰণ কৰিছে, উদ্ভাৱন বৃদ্ধি কৰিছে আৰু সেউজ হাইড্ৰ’জেন আৰু ইয়াৰ পৰা আহৰণ কৰা সামগ্ৰীৰ বাবে বিশ্বৰ বজাৰ মুকলি কৰিছে। এই অভিযানে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে, ঔদ্যোগিক পৰিৱৰ্তনক ত্বৰান্বিত কৰে আৰু ভাৰতক বিশ্বজোৰা স্বচ্ছ শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশ্বাসযোগ্যতাৰে আগশাৰীৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰে আৰু বহনক্ষম, সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল ভৱিষ্যতৰ দিশে অগ্ৰসৰ হয়।
সমল
Ministry of New and Renewable Energy
***
DPS/KD
(Explainer ID: 156006)
आगंतुक पटल : 71
Provide suggestions / comments