Farmer's Welfare
ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান
মিঠা বিপ্লৱৰ পথ: উন্নত ভাৰতৰ মধুময় যাত্ৰা
Posted On:
02 NOV 2025 10:01AM
মুখ্য তথ্য
ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান (NBHM) হৈছে মৌ পালন খণ্ডৰ সামগ্ৰিক বিকাশ তথা প্ৰসাৰ কৰাৰ বাবে এক কেন্দ্ৰীয় আঁচনি। ইয়াৰ লক্ষ্য হৈছে এক "মিঠা বিপ্লৱ" অনা।
এই অভিযানৰ মুঠ বাজেট ব্যয় ৫০০ কোটি টকা আৰু ইয়াক বিত্তীয় বৰ্ষ ২০২০-২১ৰ পৰা বিত্তীয় বৰ্ষ ২০২৫-২৬লৈ ৰূপায়ণ কৰা হৈছে। ৰাষ্ট্ৰীয় মৌ পৰিষদে (NBB) NBHM ৰূপায়ণ কৰি আছে।
NBHM ৩টা ক্ষুদ্ৰ অভিযানৰ জৰিয়তে ৰূপায়ণ কৰা হয় যি উৎপাদনশীলতা বৃদ্ধি, শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনা আৰু গৱেষণা আৰু প্ৰযুক্তি সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়ে।
২০২৪ চনত ভাৰতত প্ৰায় ১.৪ লাখ মেট্ৰিক টন প্ৰাকৃতিক মৌ উৎপাদন হৈছিল।
ভাৰতে ২০২৩-২৪ বিত্তীয় বৰ্ষত ১৭৭.৫৫ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ প্ৰায় ১.০৭ লাখ মেট্ৰিক টন প্ৰাকৃতিক মৌ ৰপ্তানি কৰিছিল। ভাৰত বৰ্তমান বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মৌ ৰপ্তানিকাৰী দেশ, যি ২০২০ চনলৈকে ৯ম স্থানত আছিল।
মৌ আৰু অন্যান্য মৌমাখিৰ উৎপাদিত সামগ্ৰীৰ উৎসৰ অনলাইন পঞ্জীয়ন আৰু সন্ধানৰ বাবে মধুক্ৰান্তি প'ৰ্টেল মুকলি কৰা হৈছে।
পাতনি
ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান (NBHM) হৈছে ভাৰত চৰকাৰে বৈজ্ঞানিক মৌ পালন আৰু উন্নত মানৰ মৌ আৰু অন্যান্য মৌ-জাত সামগ্ৰীৰ উৎপাদনৰ সামগ্ৰিক প্ৰচাৰ আৰু বিকাশৰ বাবে আৰম্ভ কৰা এক কেন্দ্ৰীয় আঁচনি। ৰাষ্ট্ৰীয় মৌ পৰিষদ (NBB)ৰ জৰিয়তে ৰূপায়ণ কৰা এই আঁচনিখন আত্মনিৰ্ভৰ ভাৰতৰ বেনাৰত তিনি বছৰৰ বাবে (২০২০–২১ বিত্তীয় বৰ্ষৰ পৰা ২০২২–২৩ বিত্তীয় বৰ্ষলৈ) মুঠ ৫০০ কোটি টকাৰ বাজেট ব্যয়ৰ সৈতে ঘোষণা কৰা হৈছিল। ইয়াৰ পিছত মূল আবণ্টনৰ পৰা বাকী থকা ৩৭০ কোটি টকাৰ বাজেটৰ সৈতে ইয়াক আৰু তিনি বছৰৰ বাবে (২০২৩–২৪ বিত্তীয় বৰ্ষৰ পৰা ২০২৫–২৬ বিত্তীয় বৰ্ষলৈ) সম্প্ৰসাৰণ কৰা হৈছে।
মৌ পালন, গ্ৰাম্য অঞ্চলৰ কৃষক আৰু ভূমিহীন শ্ৰমিকৰ দ্বাৰা কৰা এক কৃষিভিত্তিক কাৰ্য, একত্ৰিত কৃষি ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংশ। ইয়ে পৰাগযোগত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ ফলত শস্যৰ উৎপাদন আৰু কৃষকৰ আয় বৃদ্ধি হয় আৰু মৌ আৰু অন্যান্য উচ্চ মূল্যৰ মৌ-জাত সামগ্ৰী যেনে, মৌ মম, মৌৰ পৰাগ, প্ৰপলিছ, ৰয়েল জেলী, মৌৰ বিষ আদি প্ৰদান কৰে, যিবোৰ গ্ৰাম্য সমুদায়ৰ বাবে জীৱিকাৰ গুৰুত্বপূৰ্ণ উৎস হিচাপে কাম কৰে।
|
সমন্বিত কৃষি হৈছে সাধাৰণতে আৰু বহুলভাৱে ব্যৱহৃত এটা শব্দ যিটোৱে বিদ্যমান একক কৃষি পদ্ধতিৰ তুলনাত কৃষিৰ অধিক সমন্বিত দৃষ্টিভংগীক বুজায়। ইয়াৰ দ্বাৰা পশুপালন, মীন পালন, শস্য উৎপাদন, উদ্যান শস্য আদিৰ সমন্বিত কৃষি পদ্ধতিক বুজোৱা হয়।
|
ভাৰলতৰ বৈচিত্ৰ্যপূৰ্ণ কৃষি-জলবায়ুৰ পৰিস্থিতিয়ে মৌ পালন, মৌ উৎপাদন আৰু ৰপ্তানিৰ বাবে বিশাল সম্ভাৱনা সৃষ্টি কৰে। গ্ৰাম্য উন্নয়ন আৰু কৃষি বহনক্ষমতাত ইয়াৰ গুৰুত্ব উপলব্ধি কৰি ভাৰত চৰকাৰে "মিঠা বিপ্লৱ"ৰ অংশ হিচাপে NBHM আৰম্ভ কৰিছিল, যিটো এক উচ্চাকাংক্ষী পদক্ষেপৰ জৰিয়তে গুণগত মানৰ মৌ উৎপাদন ত্বৰান্বিত কৰিবলৈ আৰু বৈজ্ঞানিক আৰু সংগঠিত মৌ পালনৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি কৰিবলৈ মৌ পালনক উৎসাহিত কৰা হৈছে।

NBHM-ৰ অধীনত উপ-পৰিকল্পনাসমূহ
NBHM ৩টা ক্ষুদ্ৰ অভিযান - ক্ষুদ্ৰ অভিযান -১, ক্ষুদ্ৰ অভিযান -২ আৰু ক্ষুদ্ৰ অভিযান -৩ৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে:
ক্ষুদ্ৰ অভিযান-১: এই অভিযানৰ অধীনত বৈজ্ঞানিক মৌ পালনৰ সহায়ত পৰাগযোগৰ জৰিয়তে বিভিন্ন শস্যৰ উৎপাদন আৰু উৎপাদনশীলতাৰ উন্নতিৰ ওপৰত গুৰুত্ব দিয়া হ'ব।
ক্ষুদ্ৰ অভিযান-২: এই অভিযানে মৌ পালন/মৌ-বস্তুৰ উৎপাদনৰ শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিব, যাৰ ভিতৰত আছে সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ, বিপণন, মূল্য সংযোজন ইত্যাদি আৰু এই কাৰ্য্যকলাপৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিমূলক সুবিধা বিকাশ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব; আৰু
ক্ষুদ্ৰ অভিযান-৩: এই অভিযানে বিভিন্ন অঞ্চল/ৰাজ্য/কৃষি-জলবায়ু আৰু সামাজিক-অৰ্থনৈতিক পৰিস্থিতিৰ বাবে গৱেষণা আৰু প্ৰযুক্তি সৃষ্টিৰ ওপৰত গুৰুত্ব দিব।
NBHM-ৰ উদ্দেশ্যসমূহ
NBHM -ৰ মূল উদ্দেশ্যসমূহ হ’ল:
- আয় আৰু নিয়োগ সৃষ্টিৰ বাবে মৌ পালন উদ্যোগৰ সামগ্ৰিক বিকাশক উৎসাহিত কৰা, কৃষি আৰু অ-কৃষি পৰিয়ালসমূহক জীৱিকাৰ সহায় আগবঢ়োৱা আৰু কৃষি/উদ্যান শস্য উৎপাদন বৃদ্ধি কৰা।
- মৌমাখিৰ মানসম্পন্ন নিউক্লিয়াছ ষ্টকৰ বিকাশৰ বাবে অতিৰিক্ত আন্তঃগাঁথনিমূলক সুবিধাৰ বিকাশ, মৌমাখি প্ৰজননকাৰীসকলৰ দ্বাৰা ষ্টকৰ গুণন আৰু মৌ প্ৰক্ৰিয়াকৰণ প্ৰকল্প, ভঁৰাল/শীতল ভঁৰাল, সংগ্ৰহ, ব্ৰেণ্ডিং, বিপণন কেন্দ্ৰ আদিৰ আন্তঃগাঁথনি বিকাশ কৰা।
- আঞ্চলিক পৰ্যায়ত মৌ আৰু অন্যান্য মৌ-বস্তুৰ পৰীক্ষাৰ বাবে অত্যাধুনিক মান নিয়ন্ত্ৰণ পৰীক্ষাগাৰ স্থাপন কৰা আৰু মুখ্য মৌ উৎপাদনকাৰী জিলা/ৰাজ্যসমূহত জিলা পৰ্যায়ত ক্ষুদ্ৰ/চেটেলাইট পৰীক্ষাগাৰ স্থাপন কৰা।
- মৌ আৰু অন্যান্য মৌ-বস্তুৰ উৎসৰ সন্ধানৰ বাবে ব্লকচেইন/ট্ৰেচেবিলিটি ছিষ্টেম বিকশিত কৰা আৰু অনলাইন পঞ্জীয়নকে ধৰি মৌ পালনত আইটি সঁজুলি ব্যৱহাৰ কৰা।
- সম্ভাৱ্য অঞ্চলসমূহত মৌ পথসমূহ বিকশিত আৰু সুবিধাজনক কৰা।
- মৌ পালন/মৌ উৎপাদনত জড়িত হোৱাৰ বাবে কৃষি-উদ্যোগী আৰু কৃষি-ষ্টাৰ্টআপসমূহক উৎসাহিত কৰা।
- মৌপালক আৰু ব্যৱসায়ী/মৌ প্ৰক্ৰিয়াকৰণ কৰা/ৰপ্তানিকাৰী আদিৰ মাজত বাণিজ্য চুক্তিৰ প্ৰচাৰ কৰা।
- মৌ উৎপাদন আৰু অন্যান্য উচ্চ মূল্যৰ মৌ-জাত সামগ্ৰীৰ উৎপাদনৰ বাবে মৌ পালন উদ্যোগত শেহতীয়া প্ৰযুক্তি আৰু দক্ষতা বিকাশক প্ৰসাৰিত কৰা আৰু প্ৰচাৰ কৰা
- মৌ পালনৰ জৰিয়তে মহিলা সবলীকৰণ।
- ঘৰুৱা আৰু ৰপ্তানি বজাৰৰ বাবে অধিক পৰিমাণ আৰু ভাল মানৰ মৌ আৰু অন্যান্য উচ্চ মূল্যৰ মৌ-জাত সামগ্ৰীৰ উৎপাদনৰ জৰিয়তে অৰ্থনৈতিক, পাৰিস্থিতিক আৰু সামাজিক লাভসমূহ সৰ্বাধিক কৰা; আৰু
- আত্মসহায়ক গোট/কৃষক উৎপাদক সংস্থা/মৌপালক সমবায়/ফেডাৰেচন আদি গঠনৰ দৰে সামূহিক দৃষ্টিভংগীৰ জৰিয়তে প্ৰতিষ্ঠানিক কাঠামো বিকশিত কৰি মৌপালকসকলক শক্তিশালী কৰা।
NBHM ৰ অগ্ৰগতি আৰু সাফল্য

বিপণন বৰ্ষ ২০২৪ (জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ)ত ভাৰতত প্ৰায় ১.৪ লাখ মেট্ৰিক টন প্ৰাকৃতিক মৌ উৎপাদন হৈছিল। তদুপৰি, চৰকাৰে NBHM -ৰ অগ্ৰগতি নিশ্চিত কৰিবলৈ কেইবাটাও প্ৰচেষ্টা হাতত লৈছে:
- ২০২৫ চনৰ মাৰ্চ মাহলৈকে NBHM ৰ অধীনত ৬টা বিশ্বমানৰ মৌ পৰীক্ষণ লেব, ৪৭টা ক্ষুদ্ৰ মৌ পৰীক্ষণ লেব, ৬টা ৰোগ নিৰ্ণয় লেব, ৮টা কাস্টম হায়াৰিং চেণ্টাৰ, ২৬টা মৌ প্ৰক্ৰিয়াকৰণ গোট, ১২টা মৌ পালন সঁজুলি গোট, ১৮টা সংগ্ৰহ-ব্ৰেণ্ডিং আৰু বিপণন গোট, ১০টা পেকেজিং আৰু শীতল ভঁৰাল অনুমোদন কৰা হৈছে।
- NBHM ৰ অনুমোদিত প্ৰকল্পসমূহৰ অধীনত মৌ পালনৰ প্ৰযুক্তি প্ৰদৰ্শন কৰিবলৈ ৪২৪ হেক্টৰ আৰু মৌ-বন্ধুত্বপূৰ্ণ উদ্ভিদৰ ৰোপণ হিচাপে ২৮৮ হেক্টৰ সামৰি লোৱা হৈছে। লগতে বিভিন্ন ৰাজ্যত মহিলাসকলক NBHM ৰ অধীনলৈ আনি সবলীকৰণৰ বাবে ১৬৭টা কাৰ্যকলাপ অনুমোদন জনোৱা হৈছে।
- আইআইটি ৰুৰকীত মৌ পালনৰ ক্ষেত্ৰত এক ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ অনুমোদিত হৈছে।
- মৌ পালন খণ্ডৰ দাবী অনুসৰি কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে (APEDA) প্ৰতি মেট্ৰিক টনত ২,০০০ মাৰ্কিন ডলাৰ (১.৬৭ লাখ টকা) অৰ্থাৎ প্ৰতি কিলোগ্ৰামত ১৬৭.১০ টকাৰ ন্যূনতম ৰপ্তানি মূল্য (MEP) আৰোপ কৰিছিল। এই MEP ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে আৰোপ কৰা হৈছিল।
- মৌ আৰু মৌমাখিৰ অন্যান্য সামগ্ৰীৰ উৎসৰ অনলাইন পঞ্জীয়ন আৰু সন্ধানৰ বাবে মধুক্ৰান্তি প'ৰ্টেল মুকলি কৰা হৈছে। ১৪ অক্টোবৰ, ২০২৫ লৈকে মধুক্ৰান্তি প'ৰ্টেলত NBBৰ সৈতে প্ৰায় ১৪,৮৫৯জন মৌপালক, ২৬৯টা মৌ পালন আৰু মৌসমিতি, ১৫০টা ফাৰ্ম আৰু ২০৬টা কোম্পানী পঞ্জীয়ন কৰা হৈছে।
- NBHMৰ অধীনত কাৰ্যকলাপ ৰূপায়ণৰ বাবে TRIFED (১৪), NAFED (৬০) আৰু NDDB (২৬)ক ১০,০০০ এফপিঅ' আৰু মৌপালক/মৌ উৎপাদনকাৰীৰ বাবে ১০০টা এফপিঅ' আবণ্টন কৰা হৈছে। NBBক আবণ্টন কৰা মুঠ ১০০টা এফপিঅ'ৰ ভিতৰত মাৰ্চ ২০২৫ লৈকে ৯৭টা মৌপালক/মৌ উৎপাদনকাৰীৰ এফপিঅ' পঞ্জীয়ন/গঠন কৰা হৈছে।
- ২০২৫ চনৰ মাৰ্চ মাহলৈকে মুঠ ২৯৮জন পঞ্জীয়নভুক্ত উৎপাদক NBHMৰ ব্যৱস্থাসমূহৰ দ্বাৰা উপকৃত হৈছে।
ভাৰতৰ পৰা প্ৰাকৃতিক মৌৰ ৰপ্তানি
ভাৰতে বিভিন্ন ধৰণৰ প্ৰাকৃতিক মৌ ৰপ্তানি কৰে, যেনে ৰেপচিড/সৰিয়হ মৌ, ইউকেলিপ্টাছ মৌ, লিচু মৌ, সূৰ্যমুখী মৌ ইত্যাদি। মৌ উৎপাদন কৰা প্ৰধান ভাৰতীয় ৰাজ্যসমূহ হ'ল: উত্তৰ প্ৰদেশ (১৭%), পশ্চিম বংগ (১৬%), পঞ্জাৱ (১৪%), বিহাৰ (১২%) আৰু ৰাজস্থান (৯%)।
ভাৰতে ২০২৩-২৪ বিত্তীয় বৰ্ষত প্ৰায় ১.০৭ লাখ মেট্ৰিক টন প্ৰাকৃতিক মৌ ৰপ্তানি কৰিছিল, যাৰ মূল্য ১৭৭.৫২ নিযুত মাৰ্কিন ডলাৰ। উল্লেখযোগ্য যে ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতে ৯৬.৭৭ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ ৫৯,৯৯৯ মেট্ৰিক টন প্ৰাকৃতিক মৌ ৰপ্তানি কৰিছিল।

প্ৰধান ৰপ্তানি গন্তব্যস্থানসমূহৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউ.এ.ই., ছৌদি আৰৱ, কাটাৰ আৰু লিবিয়া।
কৃষি আৰু প্ৰক্ৰিয়াজাত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ (APEDA) আৰু Crisil-য়ে যৌথভাৱে প্ৰস্তুত কৰা জুলাই ২০২৫ মাহৰ মৌৰ মাহিলী ডেশ্বব’ৰ্ড অনুসৰি, ভাৰত ২০২০ চনৰ ৯ম স্থানৰ পৰা ২০২৪ বজাৰ বৰ্ষলৈকে চীনৰ পিছতে মৌৰ ক্ষেত্ৰত দ্বিতীয় সৰ্ববৃহৎ ৰপ্তানিকাৰক দেশ হৈ পৰিছে।
ৰাষ্ট্ৰীয় মৌ পৰিষদ (NBB)
ৰাষ্ট্ৰীয় মৌ পৰিষদক ১৮৬০ চনৰ ছ'চাইটিজ ৰেজিষ্ট্ৰেচন এক্ট XXIৰ অধীনত ২০০০ চনৰ ১৯ জুলাইত এখন সমিতি হিচাপে পঞ্জীয়ন কৰা হৈছিল আৰু ২০০৬ চনৰ জুন মাহত সচিব (A&C)ৰ অধ্যক্ষতাত পুনৰ গঠন কৰা হৈছিল। NBBৰ মূল উদ্দেশ্য হৈছে সামগ্ৰিক বিকাশ, পৰাগযোগৰ জৰিয়তে শস্যৰ উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ দেশত বৈজ্ঞানিক মৌ পালনৰ প্ৰসাৰ আৰু মৌপালক/কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে মৌ উৎপাদন বৃদ্ধি কৰা। NBBক দেশত বৈজ্ঞানিক মৌ পালনৰ সামগ্ৰিক বিকাশ/প্ৰসাৰৰ বাবে নডেল সংস্থা হিচাপে মনোনীত/স্বীকৃতি দিয়া হৈছে। উল্লেখযোগ্য যে NBHM আঁচনি NBBৰ দ্বাৰা ৰূপায়ণ কৰা হয়।

দেশজুৰি ৰূপায়ণৰ গাঁথনি
|
স্তৰ
|
মূল প্ৰতিষ্ঠান/সমিতি
|
মূল কামবোৰ
|
|
ৰাষ্ট্ৰীয় পৰ্যায়ত
|
অভিযান/PMU (প্ৰকল্প পৰিচালনা গোট)
|
NBHM-ৰ সামগ্ৰিক সমন্বয়, নিৰীক্ষণ আৰু ব্যৱস্থাপনা।
|
|
সাধাৰণ পৰিষদ/ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিচালনা সমিতি (GC/NLSC)
|
শীৰ্ষ সংস্থাৰ নীতি নিৰ্দেশনা, পৰ্যালোচনা আৰু নিৰ্দেশনা
|
|
প্ৰকল্প অনুমোদন আৰু নিৰীক্ষণ সমিতি (PA&MC)
|
NBHMৰ অধীনত প্ৰকল্পসমূহৰ অনুমোদন আৰু নিৰীক্ষণ।
|
|
কাৰ্যবাহী সমিতি (EC)
|
NBB-ত লাভ কৰা প্ৰকল্প প্ৰস্তাৱসমূহৰ পৰীক্ষা আৰু অনুমোদন
|
|
প্ৰকল্প মূল্যায়ন সমিতি (PAC)
|
প্ৰকল্প প্ৰস্তাৱৰ মূল্যায়ন আৰু পৰামৰ্শ
|
|
ৰাষ্ট্ৰীয় পৰ্যায়ৰ নডেল সংস্থা
|
কেন্দ্ৰীয় ৰূপায়ণ আৰু সমন্বয় সংস্থা
|
|
ৰাজ্যিক পৰ্যায়
|
ৰাজ্যিক পৰ্যায়ৰ পৰিচালনা সমিতি (SLSC)
|
ৰাজ্যিক পৰ্যায়ৰ কাৰ্য্যকলাপৰ অনুমোদন, ৰূপায়ণ আৰু নিৰীক্ষণ
|
|
জিলা পৰ্যায় সমিতি (DLC)
|
জিলা পৰ্যায়ৰ অনুমোদন, নিৰীক্ষণ আৰু সমন্বয়
|
|
কাৰ্যকৰী কৰা সংস্থাসমূহ
|
ৰাজ্যিক বিভাগসমূহ, NDDB, NAFED, ICAR, KVIC, TRIFED, SRLM/NRLM, MSME সংস্থা আৰু NBB সদস্য প্ৰতিষ্ঠানসমূহ।
|
ক্ষেত্ৰ-স্তৰৰ ৰূপায়ণ, প্ৰশিক্ষণ, আন্তঃগাঁথনি সৃষ্টি আৰু গৱেষণা আৰু উন্নয়ন।
|
গ্ৰাম্য ভাৰতৰ মৌ পালনৰ সাফল্য কাহিনী
মেঘালয়ৰ নংথিমাই গাঁৱত মৌ পালন দীৰ্ঘদিন ধৰি পৰম্পৰাগতভাৱে চলি আহিছে, যাক পৰিয়ালবোৰলৈ স্বাস্থ্য আৰু জীৱনশক্তি কঢ়িয়াই অনা বুলি বিশ্বাস কৰা হয়। এসময়ত এটা ৰুচি হিচাপে আৰম্ভ হোৱা মৌ পালন এতিয়া বহু পৰিয়ালৰ বাবে উপাৰ্জনৰ এক মুখ্য উৎস হৈ পৰিছে। শ্ৰী ষ্টিভেনছন শ্বাদাপ, যিয়ে আবেগেৰে মৌ পালন আৰম্ভ কৰিছিল, তেওঁ উমছনিং এণ্টাৰপ্ৰাইজ ফেচিলিটেচন চেন্টাৰ (ইএফচি)ৰ জৰিয়তে প্ৰশিক্ষণ লাভ কৰি ইয়াক এক লাভজনক উদ্যোগলৈ ৰূপান্তৰিত কৰিছে। তেওঁৰ মৌৰ কলনীসমূহ সম্প্ৰসাৰিত হৈ আৰু উৎপাদন আৰু পেকেজিং উন্নত কৰি, তেওঁ এতিয়া নংপোহ আৰু শ্বিলং বজাৰত মৌ বিক্ৰী কৰি বছৰি ১ ৰ পৰা ২ লাখ টকা উপাৰ্জন কৰে, যাৰ চাহিদা যোগানতকৈ অধিক। তেওঁৰ সাফল্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ সম্প্ৰদায়টোৱে সামূহিক মৌ উৎপাদন, পেকেজিং, বিপণন বৃদ্ধি কৰিবলৈ আৰু মূল্য সংযোজিত সামগ্ৰী বিকশিত কৰিবলৈ এক মৌপালক সমাজ গঠন কৰিছে। শ্ৰী শ্বাদাপ এই কথাত আশাবাদী যে মেঘালয়ৰ এপিকালচাৰ মিছনে তেওঁলোকক বৃহৎ বজাৰত উপনীত হ'বলৈ আৰু এই প্ৰজন্মৰ জীৱিকা বহন কৰিবলৈ সহায় কৰিব।

জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত প্ৰশাসনিক সমৰ্থন আৰু ব্যক্তিগত উদ্যোগ দুয়োটাৰে জৰিয়তে মৌ পালন এক মুখ্য আয় বৈচিত্ৰকৰণ উদ্যোগ হিচাপে আত্মপ্ৰকাশ কৰিছে। চৰকাৰে নতুন মৌপালকসকলক ৪০% ৰাজসাহায্য প্ৰদান কৰি ২,০০০ কলনীৰে Apis mellifera মৌ পালনক প্ৰসাৰিত কৰিছে। গুলগামত দৈনিক ২ কুইণ্টল ক্ষমতাৰ ২৫ লাখ টকাৰ মৌ প্ৰক্ৰিয়াকৰণ আৰু বটলজাতকৰণ প্ৰকল্প স্থাপন কৰি উৎপাদনসমূহক বহল বজাৰৰ বাবে "কুপৱাৰা মৌ" বুলি ব্ৰেণ্ডিং কৰিছে। জাকীৰ হুছেইন ভাটৰ দৰে স্থানীয় যুৱক, যিয়ে পাঁচটা কলনীৰে আৰম্ভ কৰিছিল, তেওঁ এতিয়া ২০০ কুইণ্টল মৌ বছৰি উৎপাদন কৰি আৰু আনক নিয়োগ দি ২০০ ৰো অধিক কলনী পৰিচালনা কৰিছে। চৰকাৰৰ প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ দ্বাৰা সমৰ্থিত হৈ, ৫০০ ৰো অধিক কৃষকে এতিয়া বছৰি ৪৮০ কুইণ্টল জৈৱিক মৌ উৎপাদন কৰি ৩ কোটি টকাৰ লাভ সৃষ্টি কৰিছে। বজাৰৰ সুবিধা আৰু মূল্য আৰু বৃদ্ধি কৰিবলৈ "কুপৱাৰা জৈৱিক মৌ"ৰ জি আই টেগিংৰ পৰিকল্পনা চলি আছে।

সামৰণি
ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযানে (NBHM) ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ, বহু-মুখী পদক্ষেপক প্ৰতিনিধিত্ব কৰে, যি পুঁজি আৰু তিনিটা ক্ষুদ্ৰ অভিযান ব্যৱহাৰ কৰি এক গঠনমূলক ৰূপায়ণ পৰিকল্পনাৰ জৰিয়তে বৈজ্ঞানিক মৌ পালনক প্ৰচাৰ কৰি উচ্চাকাংক্ষী "মিঠাই বিপ্লৱ"ক আগুৱাই লৈ যায়। NBHM-এ মৌ পালনক এক পৰম্পৰাগত অনুশীলনৰ পৰা এক শক্তিশালী, প্ৰযুক্তি-চালিত উদ্যোগলৈ সফলতাৰে ৰূপান্তৰিত কৰিছে।
সমল
Ministry of Agriculture and Farmers Welfare
Annual Report (2024-25): https://www.agriwelfare.gov.in/Documents/HomeWhatsNew/AR_Eng_2024_25.pdf
https://sansad.in/getFile/annex/267/AU2415_c1unCP.pdf?source=pqars
https://nbb.gov.in/Archive/Guidelines.pdf
https://madhukranti.in/NBB/
Ministry of Commerce and Industry
https://apeda.gov.in/sites/default/files/2025-08/MIC_July_Monthly_dashboard_Honey_260825.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1787763
https://apeda.gov.in/NaturalHoney
NABARD
https://www.nabard.org/auth/writereaddata/careernotices/0810180025ADS%20Alappuzha%20edited.pdf
Niti Aayog
https://www.niti.gov.in/honeyed-shot-arm-aatmanirbhar-bharat
Meghalaya Government
https://megipr.gov.in/docs/Success%20Stories_2.pdf
Jammu and Kashmir Government
https://kupwara.nic.in/achievements/success-story-apiculture-sector/
***
DPS
(Backgrounder ID: 155880)
Visitor Counter : 8
Provide suggestions / comments