Social Welfare
ভাৰতৰ জ্যেষ্ঠ নাগৰিকৰ কল্যাণ সাধন
জনসংখ্যা, প্ৰত্যাহ্বান আৰু চৰকাৰী পদক্ষেপৰাজি
Posted On:
28 OCT 2025 10:56AM
মুখ্য তথ্য
ভাৰতৰ জ্যেষ্ঠ নাগৰিকৰ জনসংখ্যা ২০৩৬-ৰ ভিতৰত প্ৰায় ২৩০ নিযুতলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে, যি মুঠ জনসংখ্যাৰ প্ৰায় ১৫% হ’ব।
হিমাচল প্ৰদেশ আৰু পঞ্জাৱৰ লগতে দক্ষিণৰ ৰাজ্যসমূহত বৃদ্ধ লোকৰ সংখ্যা অধিক। তাৰোপৰি ২০৩৬-ৰ ভিতৰত আঞ্চলিক অসমতা বৃদ্ধিৰ সম্ভাৱনা আছে।
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় হৈছে জ্যেষ্ঠ নাগৰিকৰে সম্পৰ্কীয় বিষয়সমূহ চোৱাচিতা কৰা ন’ডেল মন্ত্ৰালয়। এই মন্ত্ৰালয়ে জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবে আইন, নীতি আৰু কাৰ্য্যসূচী প্ৰণয়ন আৰু ৰূপায়ণ কৰে।
পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকৰ পৰিচৰ্য্যা আৰু কল্যাণ আইন, ২০০৭ তথা পৰৱৰ্তী সময়ত সংশোধিত পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকৰ পৰিচৰ্য্যা আৰু কল্যাণ (সংশোধনী) আইন, ২০১৯-এ সন্তান আৰু উত্তৰাধিকাৰীসকলক পিতৃ-মাতৃৰ পৰিচৰ্য্যাৰ ব্যৱস্থা কৰিবলৈ আইনগতভাৱে বাধ্য কৰাইছে।
পাতনি
ভাৰতত দ্ৰুতগতিত জনগাঁথনিগত পৰিৱৰ্তন অব্যাহত আছে। ২০১১-ত ১০০ নিযুতৰ পৰা ২০৩৬-ৰ ভিতৰত ২৩০ নিযুতলৈ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা বৃদ্ধি হৈ (৬০ বছৰ আৰু ইয়াৰ উৰ্ধ) দুগুণৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে। এনে পৰিৱৰ্তনে ২০৩৬-ৰ ভিতৰত প্ৰায় সাতজন ভাৰতীয়ৰ ভিতৰত এজনৰ বয়স ৬০ বছৰ বা ইয়াৰ উৰ্ধ হ’ব বুলি ইংগিত প্ৰদান কৰিছে। এই বিৱৰ্তনে দেশৰ জন গাঁথনিৰ মৌলিক পুনৰ্গঠনক সূচিত কৰে। এনে পৰিৱৰ্তনৰ কথা অনুধাৱনেৰে ভাৰতে প্ৰজনন ক্ষমতা হ্ৰাস আৰু আয়ুস বৃদ্ধিৰ হাৰৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ অৰ্থে একাধিক নীতি, কাৰ্য্যসূচী আৰু আইনী ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।
জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰয়োজনীয়তাৰাজিৰে মোকাবিলাকৰণৰ গুৰুত্ব
উন্নত পুষ্টি যোগান আৰু স্বাস্থ্যসেৱাই ভাৰতৰ জনসাধাৰণক দীৰ্ঘদিন জীয়াই থকাত সহায় কৰিছে। কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন প্ৰত্যাহ্বান আৰু সুযোগেও দেখা দিছে। চৰকাৰে বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল বৃদ্ধ ব্যক্তি আৰু বিধৱাসকলৰ বাবে পেঞ্চন, পৰ্য্যাপ্ত গৃহ নিৰ্মাণ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ সুবিধাত অগ্ৰাধিকাৰ প্ৰদান কৰিছে।

আৰ্থিক সুৰক্ষা, ডিজিটেল সাক্ষৰতা প্ৰশিক্ষণ, দীৰ্ঘ-ম্যাদী পৰিচৰ্য্যা বীমা, ডিজিটেল স্বাস্থ্যসেৱাৰ সুবিধা, সহায়ক প্ৰযুক্তি আৰু নিয়োজিত মঞ্চ নিশ্চিতকৰণৰ লগতে পৰিয়াল আৰু সমাজ-চালিত পদক্ষেপৰাজিত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। ভাৰতৰ উদীয়মান ‘ৰূপালী অৰ্থনীতি’ অৰ্থাৎ বৃদ্ধ লোকসকলৰ প্ৰয়োজনীয়তাৰাজি পৰিপূৰণ কৰিবলৈ ডিজাইন কৰা সামগ্ৰী আৰু সেৱাসমূহৰ দ্বাৰা পৰিচালিত অৰ্থনীতিত বয়স ৫০ বছৰ উৰ্ধ লোকসকলক ফলপ্ৰসূভাৱে একত্ৰিতকৰণৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। যিয়ে লগতে কৰ্মৰ সুযোগ সৃষ্টিৰে বৃদ্ধ লোকসকলে ভিন্ন খণ্ডত স্বকীয় অভিজ্ঞতা আৰু দক্ষতাৰে বৰঙণি আগবঢ়োৱাৰ পথ প্ৰশস্ত কৰে।
জনগাঁথনিগত প্ৰৱণতা
জ্যেষ্ঠ নাগৰিকসকলৰ জনসংখ্যা পৰিৱৰ্তন আৰু আগন্তুক দিনৰ অনুমান সম্পৰ্কে জানিবলৈ ২০২০-ৰ জুলাইত জনসংখ্যা প্ৰক্ষেপণৰ কাৰিকৰী গোটে (TGPP) ভাৰত আৰু ৰাজ্যসমূহৰ বাবে এখনি “জনসংখ্যা প্ৰক্ষেপণ প্ৰতিবেদন” যুগুত কৰি উলিয়াইছিল। এই প্ৰতিবেদন অনুসৰি, ২০৩৬-ৰ ভিতৰত ভাৰতৰ বৃদ্ধ লোকসকলৰ সংখ্যা ২৩০ নিযুত হ’ব, এই অনুমানে ব্যাপক প্ৰভাৱৰ লগতে এক গভীৰ সামাজিক পৰিৱৰ্তন কাৰ্য্যক সূচিত কৰে। আমাৰ দেশত জনসংখ্যাৰ বয়স বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য আঞ্চলিক বৈষম্য দেখা পোৱা যায়। অৱশ্যে এনে জনগাঁথনিগত পৰিৱৰ্তন সমগ্ৰ দেশতে একে নহয়।
কেৰালা, তামিলনাডুৰ দৰে দক্ষিণৰ ৰাজ্যসমূহ তথা হিমাচল প্ৰদেশত ইতিমধ্যে উন্নত দেশসমূহৰ দৰেই বৃদ্ধ লোকৰ সংখ্যা বেছি। এনে লোকৰ সংখ্যা কেৰালাত ২০১১-ত ১৩%-ৰ পৰা ২০৩৬-ৰ ভিতৰত ২৩%-লৈ বৃদ্ধিৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেৰালা সৰ্বাধিক বয়সীয়াল লোকে বসবাস কৰা ৰাজ্য হিচাপে পৰিগণিত হ’ব। ইয়াৰ বিপৰীতে উত্তৰ আৰু পূবৰ একাধিক ৰাজ্যত এতিয়া বয়সীয়াল লোকৰ সংখ্যা তাকৰ যদিও তেওঁলোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। উত্তৰ প্ৰদেশত তেওঁলোকৰ সংখ্যা তুলনামূলকভাৱে কম, যি ২০১১-ত ৭%-ৰ পৰা ২০৩৬-ৰ ভিতৰত ১২%-লৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। দক্ষিণৰ ৰাজ্যৰ লগতে হিমাচল প্ৰদেশ আৰু পঞ্জাৱত গড়তকৈ অধিক বৃদ্ধ লোকে বসবাস কৰে। এই পৰিসংখ্যাই ভাৰতৰ বৈচিত্ৰ্যময় জনগাঁথনিক আলোকপাত কৰে।
ভাৰতৰ দীৰ্ঘকালীন বয়স বৃদ্ধি অধ্যয়ন (LASI), ২০২১ হৈছে ভাৰতৰ বৃদ্ধ লোকসকলৰ অৱস্থা সন্দৰ্ভত এক পূৰ্ণাংগ ৰাষ্ট্ৰীয় সমীক্ষা তথা এক গুৰুত্বপূৰ্ণ অধ্যয়ন। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সম্পন্ন কৰা এই অধ্যয়ন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। ইয়াৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ভাৰতৰ জনসংখ্যাৰ ১২% হৈছে বৃদ্ধ নাগৰিকসকল। এই অনুপাত ২০৫০-ৰ ভিতৰত ৩১৯ নিযুতলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। এই সংখ্যা বছৰি প্ৰায় ৩% হাৰত বৃদ্ধি পাব। বৃদ্ধসকলৰ লিংগ অনুপাত প্ৰতি ১,০০০ জন পুৰুষৰ বিপৰীতে ১,০৬৫ গৰাকী হৈছে মহিলা। তেওঁলোকৰ ৫৮% হৈছে মহিলা, ইয়াৰে ৫৪% হৈছে বিধৱা। তদুপৰি, সামগ্ৰিকভাৱে নিৰ্ভৰশীলতাৰ অনুপাত প্ৰতি ১০০ জন কৰ্ম-বয়সীয়া ব্যক্তিৰ বিপৰীতে ৬২ জন নিৰ্ভৰশীল। এই পৰিসংখ্যাই ভাৰতৰ জনসংখ্যাৰ বয়স বৃদ্ধিৰ বৰ্ধিত আৰ্থ-সামাজিক প্ৰভাৱকে উজ্জ্বল কৰি তুলিছে।
জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰাজি
ভাৰতৰ বৃদ্ধ লোকসকলে প্ৰতিষ্ঠানিক আৰু পাৰিবাৰিক উভয় ধৰণৰ পৰ্য্যাপ্ত সহায়ক ব্যৱস্থাৰ অভাৱৰ বাবে প্ৰায়ে নিজকে দুৰ্বল অনুভৱ কৰে। তেওঁলোক একাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়, যেনে
- স্বাস্থ্যঃ লাঞ্ছিত মানসিক স্বাস্থ্য অৱস্থা (ডিমেনচিয়া, এলঝেইমাৰ), বৰ্ধিত অক্ষমতা, অপৰ্য্যাপ্ত বার্ধক্যজনিত আন্তঃগাঁথনি, চিকিৎসা সেৱাৰ সুবিধাৰ ক্ষেত্ৰত নগৰীয়া-গ্ৰামীণ বিভাজন।
- অৰ্থনৈতিকঃ অপৰ্য্যাপ্ত সামাজিক সুৰক্ষা ব্যৱস্থা, জীৱন-যাপন আৰু চিকিৎসাৰ ব্যয় বৃদ্ধি, সীমিত আৰ্থিক সমল।
- সামাজিকঃ পাৰিবাৰিক সমৰ্থন ব্যৱস্থাৰ দুৰ্বলতা, সামাজিক বিচ্ছিন্নতা, অৱহেলা, সংগীৰ অভাৱ ইত্যাদি।
- ডিজিটেল বিভাজনঃ প্ৰযুক্তিৰ অভিযোজনাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান, প্ৰশিক্ষণ আৰু সুগম আহিলাৰ অভাৱ।
- আন্তঃগাঁথনিঃ অপৰ্য্যাপ্ত সাক্ষৰতা, জৰুৰীকালীন সঁহাৰি ব্যৱস্থা। এনে ক্ষেত্ৰসমূহত বৃদ্ধ লোকসকলক দুৰ্বল গোট হিচাপে উপেক্ষা কৰা হয়। ভাৰতৰ ৰাজহুৱা স্থান আৰু পৰিবহণ ব্যৱস্থা বহুলাংশে বৃদ্ধ লোকসকলৰ বাবে অনুকূল নহয়। বহু অঞ্চলত ৰেম্প, হেণ্ডৰেল আৰু সুগম ৱাশ্বৰুমৰ অভাৱ আছে।
চৰকাৰে ভাৰতৰ বৃদ্ধ লোকসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি
ভাৰত চৰকাৰে বৃদ্ধ লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ অৰ্থে একাধিক পদক্ষেপ, নীতি আৰু কাৰ্য্য পৰিকল্পনা গ্ৰহণ কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় (MoSJE) হৈছে ভাৰতৰ জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণ নিশ্চিতকৰণৰ অৰ্থে দায়বদ্ধ ন’ডেল মন্ত্ৰালয়। মন্ত্ৰালয়টোৱে বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু আয়ুসকে প্ৰমুখ্য কৰি ভিন্ন সহযোগী মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰ, বেচৰকাৰী সংস্থা, নাগৰিক সমাজ আৰু ব্যক্তিগত খণ্ডৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি সমগ্ৰ দেশৰ বৃদ্ধ লোকসকলক সহায়ৰ লক্ষ্যৰে নীতি আৰু কাৰ্য্যসূচী ৰূপায়ণৰ নেতৃত্ব প্ৰদান কৰে। চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ যত্ন, মংগল আৰু মৰ্য্যাদা বৃদ্ধিৰ লক্ষ্যৰে একাধিক পদক্ষেপ ৰূপায়ণ কৰি আছে। ইয়াৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰিক জীৱন-যাত্ৰাৰ মানদণ্ডৰ অগ্ৰগতি সাধনত গুৰুত্ব আৰোপ কৰা হৈছে। এনে মূল পদক্ষেপৰাজি হৈছেঃ
অটল পেঞ্চন যোজনা (APY)

অটল পেঞ্চন যোজনা (APY) হৈছে ভাৰত চৰকাৰৰ এখনি ধ্বজাবাহী সামাজিক সুৰক্ষা আঁচনি। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি (PFRDA)-ৰ দ্বাৰা পৰিচালিত এই যোজনাৰ লক্ষ্য হৈছে ভাৰতীয়, বিশেষকৈ দৰিদ্ৰ আৰু অনগ্ৰসৰ লোকসকলক সামাজিক সুৰক্ষা প্ৰদান কৰা। ২০১৫-ৰ ৯ মে’ত শুভাৰম্ভ কৰা আঁচনিখন সঞ্চয় বেংক একাউন্ট থকা ১৮–৪০ বছৰ বয়সৰ নাগৰিকসকলৰ বাবে মুকলি (২০২২-ৰ ১ অক্টোবৰৰ পৰা আয়-কৰদাতাৰ বাহিৰে) কৰা হয়। আঁচনিখনে গ্ৰাহকৰ ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত ন্যূনতম ১,০০০ টকাৰ পৰা ৫,০০০ টকাৰ মাহিলী পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰিছে। গ্ৰাহকৰ মৃত্যুৰ পিছত পত্নীক একে ধন পৰিশোধ আৰু উভয়ৰে মৃত্যুৰ পিছত মনোনীত ব্যক্তিক সঞ্চিত পেঞ্চনৰ সম্পত্তি প্ৰদান কৰা হয়। ৬০ বছৰ বয়সলৈকে মাহিলী, ত্ৰৈমাসিক বা ছমাহৰ ব্যৱধানত অট’-ডেবিটৰ জৰিয়তে বৰঙণি আগবঢ়োৱা হয় আৰু ৰিটাৰ্ণ নিশ্চিত পেঞ্চন পুঁজিৰ অপৰ্য্যাপ্ত হোৱাৰ ক্ষেত্ৰত চৰকাৰে এই ঘাটি পূৰণ কৰে। অটল পেঞ্চন যোজনাত অন্তৰ্ভুক্তিৰ সংখ্যা ২০১৯-ৰ মাৰ্চত ১.৫৪ কোটিৰ পৰা ২০২৫-ৰ ৫ অক্টোবৰৰ ভিতৰত ৮.২৭ কোটিলৈ বৃদ্ধি পাইছে। এচেটছ আণ্ডাৰ মেনেজমেন্ট (AUM)-ৰ পৰিমাণ ৪৯০০০ কোটি টকাৰো অধিক।
অটল ব্যয় অভ্যুদয় আঁচনি
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ অটল ব্যয় অভ্যুদয় যোজনাই (AVYAY) সমগ্ৰ ভাৰতৰ জ্যেষ্ঠ নাগৰিকসকলক সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা এক ব্যাপক পদক্ষেপক সূচিত কৰে। আঁচনিখনে বৃদ্ধসকলে সমাজলৈ আগবঢ়োৱা অমূল্য অৱদানক স্বীকাৰেৰে তেওঁলোকৰ সামগ্ৰিক মংগল আৰু সামাজিক অন্তৰ্ভুক্তি নিশ্চিত কৰিছে। এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলক জীৱনৰ সকলো দিশতে সক্ৰিয় অংশগ্ৰহণ আৰু অন্তৰ্ভুক্তিৰ সুবিধা প্ৰদানেৰে সবলীকৰণ আৰু উন্নীতকৰণৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ মনোভাৱ প্ৰদৰ্শন কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে ৰাষ্ট্ৰলৈ আগবঢ়োৱা সেৱাক সন্মান জনোৱা হৈছে। আঁচনিখনৰ উপাদানসমূহ হৈছেঃ
জ্যেষ্ঠ নাগৰিকলৈ সংহত কাৰ্য্যসূচী (IPSrC) আঁচনি
জ্যেষ্ঠ নাগৰিকলৈ সংহত কাৰ্য্যসূচী (IPSrC)-ৰ জৰিয়তে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনকে প্ৰমুখ্য কৰি ভিন্ন ৰূপায়ণকাৰী সংস্থালৈ পঞ্জীয়নভুক্ত সমিতি, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, বেচৰকাৰী আৰু স্বেচ্ছাসেৱী সংগঠন তথা নেহৰু যুৱ কেন্দ্ৰ সংগঠন (NYKS)-ৰ দৰে স্বীকৃতিপ্ৰাপ্ত যুৱ সংগঠনৰ জৰিয়তে অনুদান-সাহায্য আগবঢ়োৱা হৈছে। ইয়াৰ জৰিয়তে জ্যেষ্ঠ নাগৰিক গৃহ (বৃদ্ধাশ্ৰম), নিৰন্তৰ যতন গৃহ, ম’বাইল মেডিকেয়াৰ ইউনিট, ফিজিঅ’থেৰাপি ক্লিনিক তথা আঞ্চলিক সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কাৰ্য্য নিশ্চিত কৰা হৈছে। ২০২৫-ৰ আগষ্টলৈকে সমগ্ৰ দেশতে মুঠ ৬৯৬ টা জ্যেষ্ঠ নাগৰিক গৃহ কাৰ্য্যক্ষম হৈ আছে। ২৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত উক্ত গৃহসমূহৰ জৰিয়তে অভাৱী জ্যেষ্ঠ নাগৰিকসকললৈ আশ্ৰয়, পুষ্টিকৰ খাদ্য, চিকিৎসা সেৱা আৰু মনোৰঞ্জনকে প্ৰমুখ্য কৰি বিনামূলীয়া সুবিধাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও আঁচনিখনৰ নীতি-নিৰ্দেশনা অনুসৰি, চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষত ৮৪ টা নতুন জ্যেষ্ঠ নাগৰিক গৃহ নিৰ্বাচিত কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত বৃদ্ধ লোকসকলৰ বাবে এই গুৰুত্বপূৰ্ণ সহায় ব্যৱস্থা অধিক সম্প্ৰসাৰিত হৈছে।
ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা (RVY)
২০১৭-ৰ ১ এপ্ৰিলৰ পৰা শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনাৰ জৰিয়তে বয়সৰ লগে-লগে অক্ষমতাত ভোগা জ্যেষ্ঠ নাগৰিকসকলক সহায়ক জীৱন-যাপনৰ ডিভাইচ প্ৰদান কৰা হয়। ৱাকিং ষ্টিক, কঁকালৰ ক্ৰাচ, ৱাকাৰ, শ্ৰৱণ যন্ত্ৰ, হুইল চেয়াৰ আৰু কৃত্ৰিম দাঁতকে প্ৰমুখ্য কৰি এই সমলসমূহে শৰীৰৰ স্বাভাৱিক কাৰ্য্যকলাপ পুনৰুদ্ধাৰত সহায় কৰে। এই যন্ত্ৰসমূহ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (PSU) আৰ্টিফিচিয়েল লিম্বছ মেনুফেকচাৰিং কৰ্প’ৰেচনে (ALIMCO) প্ৰস্তুত কৰি আহিছে। আঁচনিখনে বিপিএল শ্ৰেণীৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক বা মাহিলী আয় ১৫,০০০ টকাৰ অধিক নোহোৱা জ্যেষ্ঠ নাগৰিকসকলক লক্ষ্য কৰি লৈছে। শিবিৰৰ জৰিয়তে ডিভাইচসমূহ বিতৰণ কৰা হয় আৰু ৮০ বছৰ বা ইয়াৰ উৰ্ধ জ্যেষ্ঠ নাগৰিকসকলক তেওঁলোকৰ গৃহতে ডিভাইচসমূহ প্ৰদান কৰা হয়। ২০২৫-ৰ ১৫ অক্টোবৰলৈকে আঁচনিখনৰ সাম্প্ৰতিক স্থিতি হ’ল:

বৃদ্ধ লোকৰ বাবে হেল্পলাইন
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ বৃদ্ধ ব্যক্তিসকলৰ উদ্বেগসমূহৰ প্ৰতি লক্ষ্য ৰাখি জ্যেষ্ঠ নাগৰিকৰ বাবে এটা ৰাষ্ট্ৰীয় হেল্পলাইনৰ শুভাৰম্ভ কৰিছে। ট’ল-ফ্ৰী নম্বৰ ১৪৫৬৭-ৰ জৰিয়তে জ্যেষ্ঠসকলক প্ৰাসংগিক সেৱাৰ সৈতে সংযোজিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ২০২১-ৰ ১ অক্টোবৰত ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতিয়ে শুভাৰম্ভ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতৰ বৃদ্ধ লোকসকলৰ মংগল আৰু মৰ্য্যাদা বৃদ্ধি কৰা।
ছিনিয়ৰ কেয়াৰ এজিং গ্ৰ'থ ইঞ্জিন (SAGE) পৰ্টেল
SAGE হৈছে যুৱ উদ্যোগী আৰু ষ্টাৰ্ট-আপসমূহক নিৰ্ভৰযোগ্য বৃদ্ধ যত্ন সমাধান বিকশিত কৰিবলৈ আৰু তেওঁলোকক "ৰূপালী অৰ্থনীতি"-ত প্ৰৱেশ কৰিবলৈ উৎসাহিত কৰা। পৰ্টেলটোৱে বিশ্বাসযোগ্য ষ্টাৰ্ট-আপৰ পৰা নিৰ্ভৰযোগ্য বৃদ্ধ যত্ন সামগ্ৰী আৰু সেৱাসমূহ বিচাৰে, পৰীক্ষা আৰু একত্ৰিতকৰণেৰে একক প্লেটফৰ্ম প্ৰশস্ত কৰে। ইয়াত সকলোৱে সহজেই প্ৰৱেশ কৰিব পাৰে। আঁচনিখনে ১ কোটি টকা পৰ্য্যন্ত ইকুইটি সহায় আগবঢ়ায়। ভাৰতীয় ঔদ্যোগিক বিত্ত নিগম (IFCI)-ৰ জৰিয়তে নিৰ্বাচিত ষ্টাৰ্ট-আপসমূহক প্ৰতিটো প্ৰকল্পৰ বাবে এই সহায় আগবঢ়োৱা হয়। একে সময়তে ষ্টাৰ্ট-আপলৈ মুঠ চৰকাৰী ইকুইটি ৪৯%-তকৈ অধিক নোহোৱাটো নিশ্চিত কৰা হয়। এই ক্ষেত্ৰত চৰকাৰে সুবিধা প্ৰদানকাৰী হিচাপে কাম কৰে আৰু ষ্টাৰ্ট-আপসমূহক উদ্ভাৱনীমূলক সামগ্ৰী তথা সেৱাৰ ভিত্তিত নিৰ্বাচিত কৰা হয়।
ছিনিয়ৰ এবল চিটিজেন ফৰ ৰি-এমপ্লইমেন্ট ইন ডিগনিটি (SACRED) পৰ্টেল
২০২১-ৰ ১ অক্টোবৰত শুভাৰম্ভ হোৱা চেক্ৰেড (SACRED) পৰ্টেল শীৰ্ষক ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ৬০ বছৰ ঊৰ্ধৰ নাগৰিকসকলে পৰ্টেলটোত পঞ্জীয়নৰ লগতে চাকৰি আৰু কাম কৰাৰ সুযোগ বিচাৰি উলিয়াব পাৰে। পৰ্টেলটোৱে ভিন্ন পদৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু ব্যক্তিগত উদ্যোগৰ মাজত পছন্দৰ ভাৰ্চুৱেল সামঞ্জস্য প্ৰশস্ত কৰে। ইয়াৰ ফলশ্ৰুতিত পৰৱৰ্তী বছৰ সমূহত পুনৰ-নিয়োগ আৰু বিত্তীয় স্বাধীনতা প্ৰসাৰিত হ’ব।
বার্ধক্যজনিত কেয়াৰগিভাৰ প্ৰশিক্ষণ
আঁচনিখনে বৃদ্ধ লোকসকলৰ ভিন্ন আৰু গতিশীল প্ৰয়োজনীয়তাসমূহ পৰিপূৰণ কৰিবলৈ সজ্জিত জেৰিয়াট্ৰিক কেয়াৰগিভাৰসকলৰ পেছাদাৰী জনশক্তিক প্ৰশিক্ষণ প্ৰদানত গুৰুত্ব আৰোপ কৰিছে। প্ৰশিক্ষণ মডিউল আৰু পাঠ্যক্ৰমসমূহে ক্লিনিকেল আৰু নন-ক্লিনিকেল উভয় দিশকে সামৰি লোৱাৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ মংগল আৰু সংগীৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। এই উপাদানটো নেচনেল ইনষ্টিটিউট অৱ ছ’চিয়েল ডিফেন্সে পৰিচালিত কৰে। ২০২৫-ৰ ১৮ মাৰ্চত লোকসভাত উত্থাপিত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীয়ে প্ৰদান কৰা তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষত আঁচনিখনৰ অধীনত মুঠ ৩২ টা প্ৰতিষ্ঠানক এই দায়িত্ব দিয়া হৈছে, যিসমূহে ৩৬,৭৮৫ জন প্ৰশিক্ষাৰ্থীক সফলতাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ দেশতে বৃদ্ধসকলক সহায় কৰিবলৈ উপলব্ধ যোগ্য জেৰিয়াট্ৰিক কেয়াৰগিভাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।
আয়ুষ্মান ভাৰত– প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY)
AB-PMJAY আঁচনিৰ জৰিয়তে অন্তৰ্ভুক্ত হোৱা আৰ্থ-সামাজিকভাৱে বঞ্চিত পৰিয়ালসমূহলৈ মাধ্যমিক আৰু উন্নত পৰ্য্যায়ৰ যত্ন সেৱা আৰু চিকিৎসালয়ত ভৰ্তিৰ ক্ষেত্ৰত বছৰি ৫ লাখ টকা পৰ্য্যন্ত স্বাস্থ্যসেৱা ক’ভাৰেজ আগবঢ়োৱা হয়। ইয়াৰ ফলশ্ৰুতিত তেওঁলোকৰ চিকিৎসা ব্যয় ৰাহি হয়। ২০২৪-ৰ ২৯ অক্টোবৰত চৰকাৰে AB-PMJAY আঁচনিৰ এক উল্লেখযোগ্য সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল। ইয়াৰ জৰিয়তে যিকোনো আৰ্থ-সামাজিক পটভূমি নিৰ্বিশেষে ৭০ বছৰ আৰু ইয়াৰ ঊৰ্ধৰ প্ৰায় ৬ কোটি জ্যেষ্ঠ নাগৰিকলৈ বছৰি ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা আগবঢ়োৱা হৈছিল। ২০২৫-ৰ ১৫ জানুৱাৰীলৈকে ৪০ লাখৰো অধিক জ্যেষ্ঠ নাগৰিক আঁচনিখনত সফলতাৰে অন্তৰ্ভুক্ত হৈছে। ইয়াৰ জৰিয়তে ভাৰতৰ বৃদ্ধ লোকসকললৈ ব্যাপক স্বাস্থ্যসেৱা ক’ভাৰেজ আগবঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে।
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি (IGNOAPS)

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি (IGNOAPS) হৈছে ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্য্যসূচী (NSAP)-ৰ এটা মূল অংশ। ইয়াৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৬০+ নাগৰিকসকললৈ আৰ্থিক সহায় আগবঢ়োৱা হয়। যোগ্য হিতাধিকাৰীসকলে মাহিলী ২০০ টকা (৭৯ বছৰলৈকে) আৰু ৫০০ টকা (৮০+ বছৰ) পেঞ্চন লাভ কৰে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত NSAP-ৰ লক্ষ্য হৈছে জীৱিকাৰ সুৰক্ষা, জীৱন ধাৰণৰ মানদণ্ড আৰু জনস্বাস্থ্যৰ বৰ্ধনৰ লগতে শিক্ষাক প্ৰসাৰিত কৰা। ২০২৫-ৰ অক্টোবৰলৈকে ২.২১ কোটিৰো অধিক নাগৰিক IGNOAPS -ৰ দ্বাৰা উপকৃত হৈছে।
ৰাষ্ট্ৰীয় বৃদ্ধ লোকৰ স্বাস্থ্যসেৱা কাৰ্য্যসূচী (NPHCE)
২০১০-১১ ত কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা কাৰ্য্যসূচী হিচাপে শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় বৃদ্ধ লোকৰ স্বাস্থ্যসেৱা কাৰ্য্যসূচী (NPHCE)-ৰ জৰিয়তে প্ৰাথমিক, মাধ্যমিক আৰু উন্নত পৰ্য্যায়ত ৬০ বছৰ ঊৰ্ধৰ লোকসকলক সুলভ, সহজলভ্য আৰু উচ্চমানৰ স্বাস্থ্যসেৱা আগবঢ়োৱা হৈছে। বৰ্তমান এই কাৰ্য্যসূচীয়ে সমগ্ৰ ভাৰতৰ সকলো ৭১৩ খন স্বাস্থ্য জিলাকে সামৰি লৈছে। ইয়াত অ’পিডি, ১০-খন বিচনাযুক্ত জেৰিয়াট্ৰিক ৱাৰ্ড, ফিজিঅ’থেৰাপি আৰু জিলা চিকিৎসালয়ত পৰীক্ষাগাৰৰ সুবিধা উপলব্ধ।
জ্যেষ্ঠ নাগৰিক কল্যাণ পুঁজি
জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণক প্ৰসাৰিত কৰা ভিন্ন আঁচনিক সহায়ৰ বাবে বিত্ত আইন, ২০১৫-ৰ অধীনত জ্যেষ্ঠ নাগৰিক কল্যাণ পুঁজি (SCWF) প্ৰতিষ্ঠা কৰা হৈছিল। ৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ লোক নীতি আৰু ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক নীতিৰ সৈতে সংগতি ৰাখি এই পুঁজি গঠন কৰা হয়।
ক্ষুদ্ৰ সঞ্চয় আঁচনি, কৰ্মচাৰী ভৱিষ্য পুঁজি, ৰাজহুৱা ভৱিষ্য পুঁজি, জীৱন আৰু অ-জীৱন বীমা পলিচি তথা কয়লা খনিৰ ভৱিষ্য পুঁজি একাউন্টৰ দৰে উৎসৰ পৰা আনক্লেইমড ফাণ্ডক SCWF -লৈ হস্তান্তৰিত কৰা হয়। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় হৈছে এই পুঁজি পৰিচালনাৰ ন’ডেল মন্ত্ৰালয়।
বৃদ্ধলোকলৈ সামাজিক আৰু সামূহিক সহায়
বৃদ্ধসকলৰ মানসিক সুস্থতা আৰু সামাজিক অন্তৰ্ভুক্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত সামাজিক আৰু সামূহিক সমৰ্থনে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে পদক্ষেপে নিসংগতা দূৰ কৰে।
পৰিয়ালৰ সহায়
পৰিয়ালসমূহ আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্ৰাথমিক সহায় ব্যৱস্থা হৈ আছে। পৰিয়ালৰ বাকী সদস্যসকলে তেওঁলোকক আৰ্থিক, আৱেগিক সমৰ্থন আগবঢ়ায় আৰু তেওঁলোকৰ যত্ন লয়। কিন্তু প্ৰব্ৰজন, নগৰীকৰণ আৰু একক পৰিয়ালৰ সংখ্যা বৃদ্ধিয়ে পৰম্পৰাগত পৰিয়ালৰ যত্নৰ এই সুৰক্ষা ব্যৱস্থাক দুৰ্বল কৰি তুলিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ২০০৭-ৰ ডিচেম্বৰত পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকৰ পৰিচৰ্য্যা আৰু কল্যাণ আইন, ২০০৭ বলবৎ কৰা হৈছিল। এই আইনে সন্তান আৰু উত্তৰাধিকাৰীসকলক পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ পৰিচৰ্য্যাৰ ব্যৱস্থা কৰিবলৈ আইনগতভাৱে বাধ্য কৰে। ইয়াৰ ফলশ্ৰুতিত পৰিয়ালৰ দায়িত্ব অধিক বৃদ্ধি পায়। ইয়াত এইবুলি উল্লেখ কৰা হৈছেঃ “এই আইনে পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ পৰিচৰ্য্যা আৰু কল্যাণৰ ব্যৱস্থা নিশ্চিত কৰিছে। ইয়াৰ অধীনত তেওঁলোকৰ সামগ্ৰিক শাৰীৰিক আৰু মানসিক সুস্থতা নিশ্চিত কৰা হ’ব। লগতে জ্যেষ্ঠ নাগৰিকলৈ সেৱা আগবঢ়াবলৈ প্ৰতিষ্ঠানসমূহ স্থাপন, পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা হ’ব।”
পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকৰ পৰিচৰ্য্যা আৰু কল্যাণ (সংশোধনী) আইন, ২০১৯-ত বৃদ্ধ লোকসকলৰ সুৰক্ষা ব্যৱস্থাক সুদৃঢ়কৰণৰ বাবে উল্লেখযোগ্য সংস্কাৰ সাধন কৰা হৈছে। এই সংশোধনীয়ে "সন্তান"-ৰ সংজ্ঞাক প্ৰসাৰিতকৰণেৰে সতি-সন্ততি, তোলনীয়া সন্তানক সামৰি লৈছে। একেদৰে "পিতৃ-মাতৃ"-এ এতিয়া শহুৰ-শাহু আৰু ককা-আইতাকক সামৰি লৈছে। এক প্ৰধান বিত্তীয় সংস্কাৰ সাধন হিচাপে মাহিলী ১০,০০০ টকাৰ পৰিচৰ্য্যা সীমা দূৰ কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত ন্যায়াধিকৰণসমূহ জ্যেষ্ঠ নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড আৰু তেওঁলোকৰ সন্তানৰ উপাৰ্জন ক্ষমতাৰ ওপৰত ভিত্তি কৰি উপযুক্ত ধনৰাশি নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে। এই আইনে জ্যেষ্ঠ নাগৰিকসকলে কেৱল "স্বাভাৱিক জীৱন" নহয়, বৰঞ্চ এটি "মৰ্য্যাদা-সম্পন্ন জীৱন" যাপন কৰিব লাগে বুলি বাধ্যতামূলকভাৱে যত্নৰ মানদণ্ডৰ অগ্ৰগতি সাধন কৰিছিল। সুৰক্ষা বৃদ্ধিৰ বাবে সংশোধনী অনুসৰি প্ৰতিখন থানাতে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এজন ন’ডেল অফিচাৰক নিযুক্তি আৰু প্ৰতিখন জিলাতে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ আৰক্ষী ইউনিট স্থাপন কৰিব লাগিব। আইনখনে দৈনন্দিন কাৰ্য্যকলাপত প্ৰভাৱ পেলোৱা শাৰীৰিক বা মানসিক অক্ষমতাত ভোগা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে হ’মকেয়াৰ সেৱাও প্ৰৱৰ্তন কৰে। স্বাস্থ্যসেৱা, সুৰক্ষা আৰু নিৰাপত্তাক সামৰি "পৰিচৰ্য্যা" সম্প্ৰসাৰিত হয় আৰু "কল্যাণ"-এ বিস্তৃতভাৱে গৃহ, কাপোৰ-কানি, সুৰক্ষা ব্যৱস্থাক সামৰি লয়। একে সময়তে ব্যক্তিগত সুবিধাকে প্ৰমুখ্য কৰি সকলো চিকিৎসালয়ে জ্যেষ্ঠ নাগৰিকসকলক নিৰ্দিষ্ট শাৰী, বিচনা আৰু জেৰিয়াট্ৰিক যত্ন প্ৰদান কৰাটো বাধ্যতামূলক কৰা হয়।
প্ৰযুক্তিৰ ভূমিকা
ভাৰতৰ বৃদ্ধ লোকসকলক সহায়ত প্ৰযুক্তিয়ে ক্ৰমান্বয়ে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁলোকৰ স্বাস্থ্যসেৱা, সুৰক্ষা, যোগাযোগ, স্বাধীনতা আৰু সামগ্ৰিক জীৱন-যাত্ৰাৰ মানদণ্ডৰ অগ্ৰগতি সাধনত সহায় কৰিছে। ভাৰতৰ জ্যেষ্ঠ নাগৰিকসকলৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰাজি পৰিপূৰণৰ বাবে প্ৰযুক্তি-চালিত সমাধানসমূহ অপৰিহাৰ্য্য হৈ পৰিছে। নেচনেল প্ৰগ্ৰেম ফৰ হেল্থ কেয়াৰ অৱ দ্য এলডাৰলী (NPHCE)-ৰ অধীনত টেলিমেডিচিন সেৱাসমূহে ভ্ৰমণ নকৰাকৈয়ে চিকিৎসকৰ সুবিধা প্ৰদান কৰিছে। এই সেৱা বিশেষকৈ ঘৰতে আৱদ্ধ বৃদ্ধ লোক বা গ্ৰামাঞ্চলত থকাসকলৰ বাবে উপযোগী। ই-সঞ্জীৱনী টেলিমেডিচিন প্লেটফৰ্মৰ জৰিয়তে বিনামূলীয়া, ঘৰুৱা চিকিৎসা পৰামৰ্শ আগবঢ়োৱা হয়। ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে দীৰ্ঘদিনীয়া ব্যাধিৰে মোকাবিলা তথা নিসংগতা আৰু মানসিক চাপৰ বাবে মানসিক স্বাস্থ্য পৰামৰ্শ আগবঢ়োৱা হয়। সুৰক্ষা, স্বাস্থ্য নিৰীক্ষণ আৰু স্বাধীনতা বৃদ্ধিৰে বৃদ্ধ লোকসকলৰ জীৱন-যাপনৰ মানদণ্ডৰ অগ্ৰগতি সাধনত প্ৰযুক্তিয়ে ক্ৰমান্বয়ে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। স্মাৰ্ট ঘড়ী আৰু ফিটনেছ বেণ্ডৰ দৰে পৰিধানযোগ্য ডিভাইচসমূহে গুৰুত্বপূৰ্ণ লক্ষণসমূহ অনুসৰণত সহায়, শাৰীৰিক কাৰ্য্যকলাপ নিৰীক্ষণ আৰু জৰুৰীকালীন অৱস্থাত সতৰ্কবাণী প্ৰেৰণ কৰে। ইয়াৰ ফলশ্ৰুতিত সময়মতে চিকিৎসা সেৱা সম্ভৱ হৈ উঠে। অনলাইন ফাৰ্মাচীসমূহে বৃদ্ধ লোকসকলে ঘৰৰ পৰাই ঔষধৰ অৰ্ডাৰ আৰু গ্ৰহণ কৰা কাৰ্য্য সহজ কৰি তুলিছে। ইয়াৰ ফলশ্ৰুতিত সঘনাই ভ্ৰমণৰ প্ৰয়োজন নোহোৱাকৈয়ে যত্নৰ ধাৰাবাহিকতা নিশ্চিত হৈছে। কেমেৰা আৰু চেন্সৰকে প্ৰমুখ্য কৰি স্মাৰ্ট হ’ম প্ৰযুক্তিয়ে পৰিয়ালৰ সদস্য বা যত্ন লোৱা লোকসকলে জ্যেষ্ঠসকলক দূৰৈৰপৰাই নিৰীক্ষণ কৰিবলৈ সুবিধা প্ৰদান কৰিছে। যি ব্যৱস্থাই গোপনীয়তা অক্ষুণ্ণ ৰখাৰ লগতে মানসিক শান্তি প্ৰদান কৰে। এই উদ্ভাৱনসমূহে একেলগে অধিক সংযুক্ত, নিৰাপদ আৰু মৰ্য্যাদাপূৰ্ণ বাতাবৰণ নিশ্চিত কৰিছে।
জ্যেষ্ঠ নাগৰিক কল্যাণ পৰ্টেল
জ্যেষ্ঠ নাগৰিক কল্যাণ পৰ্টেলে চৰকাৰী আঁচনি, পেঞ্চন কাৰ্য্যসূচী, হেল্পলাইনৰ উপলব্ধতা আৰু সেৱাসমূহ লাভৰ বাবে ডাউনল’ড কৰিব পৰা প্ৰ-পত্ৰসমূহৰ নিৰৱচ্ছিন্ন প্ৰৱেশ প্ৰশস্তৰে এটি কেন্দ্ৰীয় ডিজিটেল মঞ্চ হিচাপে কাম কৰে। এই পৰ্টেলে জ্যেষ্ঠ নাগৰিক, স্বেচ্ছাসেৱী সংস্থা আৰু যত্ন লোৱাসকলৰ বাবে একক মঞ্চ হিচাপে কাম কৰে। ডিজিটেল সাক্ষৰতা আৰু বয়সস্থ লোকসকলে ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ কৰা প্ৰচাৰৰ ওপৰত ইয়াৰ ফলপ্ৰসূতা নিৰ্ভৰ কৰে।
বৃদ্ধ লোকসকলক সহায়ৰ উপায়
ভাৰতৰ বৃদ্ধ লোকসকলৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰতো সামাজিক সমৰ্থনে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সামূহিক সংযোগক উৎসাহিত কৰা আৰু আন্তঃপ্ৰজন্ম কাৰ্য্যসূচীয়ে নিঃসংগতা দূৰ আৰু মানসিক সুস্থতাক প্ৰসাৰিত কৰিব পাৰে।
বৃদ্ধ লোকসকলৰ বাবে গৃহ নিৰ্মাণ
বয়সস্থ নাগৰিকসকলৰ বাবে নগৰীয়া স্থান, পৰিবহণ আৰু গৃহ নিৰ্মাণৰ ডিজাইনে প্ৰকৃততে সৰ্বাংগীন চহৰ নিৰ্মাণৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে। সুগম পৰিবহণ, ৰক্ষণাবেক্ষণ কৰা সুবিধা, বাধামুক্ত অট্টালিকা আৰু ইউজাৰ-অনুকূল ৰাজহুৱা সুবিধাসমূহৰ নিশ্চিতকৰণ কাৰ্য্যই জীৱনৰ বিয়লিবেলাত মৰ্য্যাদা আৰু স্বাধীনতা বৃদ্ধি কৰিছে। বয়স-অনুকূল গৃহ নিৰ্মাণ আৰু সামূহিক জীৱন-যাপনৰ ব্যৱস্থাক উৎসাহিতকৰণৰ অৰ্থে অৱসৰ গৃহ উন্নয়ন আৰু নিয়ন্ত্ৰণৰ মডেল গাইডলাইন, ২০১৯ জাৰি কৰা হৈছিল।
আন্তঃপ্ৰজন্ম বন্ধনক প্ৰসাৰিতকৰণ
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে (DoSJE) ২০২৫-ৰ আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে আন্তঃপ্ৰজন্ম বন্ধনক প্ৰসাৰিতকৰণৰ বাবে ডিজাইন কৰা গেম নৈতিক পতম (NAITIK PATAM) মুকলি কৰিছিল। এই গেমৰ জৰিয়তে সন্তানক নৈতিক প্ৰমূল্যবোধ আৰু নৈতিকতা সম্পৰ্কে শিক্ষা প্ৰদানৰ লগতে বয়োজ্যেষ্ঠসকলক মৰমেৰে যতন লোৱা তথা তেওঁলোকৰ প্ৰতি সন্মানৰ জৰিয়তে পৰিয়ালৰ বন্ধন গুৰুত্ব আৰোপ কৰা হৈছে। পৰিয়ালৰ সকলোৱে একেলগে খেলিব পৰাকৈ গেমটো ডিজাইন কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস

সামৰণি
ভাৰতৰ ৰূপালী অৰ্থনীতিৰ মূল্য ২০২৪-ত প্ৰায় ৭৩ হাজাৰ কোটি টকা আছিল। আগন্তুক বছৰসমূহত এই পৰিমাণ যথেষ্ট বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। গৱেষণাই ৪৫-ৰ পৰা ৬৪ বছৰ বয়সৰ পেছাদাৰীসকলৰ লগতে জ্যেষ্ঠ নাগৰিকসকলক বিশ্বজুৰি ‘আটাইতকৈ ধনী বয়সৰ গোট’ হিচাপে চিনাক্ত কৰিছে। ভাৰতৰ জ্যেষ্ঠ পৰিচৰ্যা ক্ষেত্ৰই স্বাস্থ্য আৰু সুস্থতা-কেন্দ্ৰিক উদ্যোগসমূহৰ ব্যাপক বৃদ্ধিৰ সম্ভাৱনা প্ৰশস্ত কৰিছে। এই ক্ৰমবৰ্ধমান ৰূপালী অৰ্থনীতিয়ে বৃদ্ধ জনগাঁথনিৰ প্ৰয়োজনীয়তা আৰু পছন্দসমূহ পৰিপূৰণৰ বাবে সমৰ্পিত ব্যৱসায় আৰু সংস্থাসমূহৰ বাবে যথেষ্ট সুযোগৰ সৃষ্টি কৰিছে। বজাৰখন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত দ্ৰুত সম্প্ৰসাৰণৰ বাবে সাজু হৈছে, যিয়ে এই খণ্ডত উদ্ভাৱন আৰু উন্নয়নৰ বাবে যথেষ্ট পৰিসৰৰ উন্মেষ ঘটাইছে।
এক বিস্তৃত জ্যেষ্ঠলোকৰ যত্ন ব্যৱস্থাই সমগ্ৰ স্বাস্থ্যসেৱা বাতাবৰণত ৰাজহুৱা-ব্যক্তিগত সহযোগিতাৰ জৰিয়তে বৃদ্ধ লোকসকলৰ প্ৰয়োজনীয়তাৰাজিক অগ্ৰাধিকাৰ প্ৰদানত গুৰুত্ব আৰোপ কৰিছে। মৌলিক কাৰ্য্যসমূহৰ ভিতৰত আছে জ্যেষ্ঠলোকৰ যত্নক প্ৰয়োজনীয় নিয়ম আৰু মানদণ্ডৰ সৈতে বিশেষ খণ্ড হিচাপে স্বীকৃতি দিয়া, স্পষ্ট মূল্যায়ন কাঠামোৰে নীতি আৰু নিয়ন্ত্ৰণ সংস্কাৰ সাধন কৰা আৰু সংশ্লিষ্ট মন্ত্ৰালয় তথা বিভাগসমূহৰ মাজত সমন্বিত পদ্ধতিক সুদৃঢ় কৰা। এই কাঠামোৱে ভিন্ন অংশীদাৰ যেনে পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা, বেচৰকাৰী সংস্থা আৰু ব্যক্তিগত প্ৰদানকাৰীসকলক একত্ৰিতকৰণেৰে ফলপ্ৰসূ, দক্ষ আৰু সময়সীমাবদ্ধ ৰূপায়ণৰ ক্ষেত্ৰত আন্তঃমন্ত্ৰালয় সহযোগিতা নিশ্চিত কৰিব লাগিব।
সমল
Press Information Bureau:
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2152593
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2025/may/doc202558551701.pdf
https://www.pib.gov.in/FactsheetDetails.aspx?Id=149101
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2082719
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1942849
Others:
https://www.socialjustice.gov.in/writereaddata/UploadFile/International_Day_of_Older_Persons636011781954563264.pdf (Page 1)
https://socialjustice.gov.in/writereaddata/UploadFile/83211672138255.pdf (Page 3)
https://esanjeevani.mohfw.gov.in/#/
https://scw.dosje.gov.in/
https://mohfw.gov.in/sites/default/files/Population%20Projection%20Report%202011-2036%20-%20upload_compressed_0.pdf
***
DPS/SB
(Backgrounder ID: 155817)
Visitor Counter : 4
Provide suggestions / comments