Rural Prosperity
জনসাধাৰণৰ পৰিকল্পনা অভিযান: তৃণমূল পৰ্যায়ৰ প্ৰশাসন শক্তিশালীকৰণ, অন্তৰ্ভুক্তিমূলক বিকাশ বৃদ্ধি
বিকশিত ভাৰতৰ বাবে বিকশিত পঞ্চায়ত
Posted On:
05 OCT 2025 5:39PM
মুখ্য তথ্য
প্ৰতিবছৰে অংশগ্ৰহণমূলক পঞ্চায়ত উন্নয়ন পৰিকল্পনা (পি ডি পি) প্ৰস্তুত কৰাৰ বাবে ২০১৮ চনত "সবকি যোজনা, সবকা বিকাশ" বিষয়বস্তুৰ অধীনত জনসাধাৰণৰ পৰিকল্পনা অভিযান (পি পি চি) আৰম্ভ কৰা হৈছিল।
পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ২০২৫ চনৰ ২ অক্টোবৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জনসাধাৰণৰ পৰিকল্পনা অভিযান (পিপিচি) ২০২৫-২৬: "সবকি যোজনা, সবকা বিকাশ" অভিযান আৰম্ভ কৰিছিল, যাৰ ফলশ্ৰুতিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ বাবে পঞ্চায়ত উন্নয়ন পৰিকল্পনা (পিডিপি) প্ৰস্তুত কৰাৰ বাবে দেশজোৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে।
১৮.১৩ লাখতকৈও অধিক পঞ্চায়ত উন্নয়ন পৰিকল্পনা ২০১৯-২০ৰ পৰা ২০২৫-২৬ৰ ভিতৰত আপলোড কৰা হৈছে (২৯ জুলাই, ২০২৫)। ইয়াৰ ভিতৰত আছে ১৭.৭৩ লাখতকৈও অধিক গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা।
পৰিকল্পনা প্ৰক্ৰিয়াটো অংশগ্ৰহণমূলক, ব্যাপক আৰু সময় নিৰ্ধাৰিত, য'ত সংবিধানৰ একাদশ অনুসূচীৰ ২৯ টা বিষয় সামৰি লোৱা হৈছে।
পাতনি আৰু পৃষ্টভূমি
তিনি তৰপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাই গাঁও পঞ্চায়তৰ গ্ৰাম্য প্ৰশাসন আৰু উন্নয়নত এক কেন্দ্ৰীয় ভূমিকা পালন কৰে। গ্ৰামাঞ্চলত অংশগ্ৰহণমূলক গণতন্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যে ১৯৯২ চনৰ ৭৩তম সাংবিধানিক সংশোধনী আইনৰ জৰিয়তে এই ব্যৱস্থাটোক আনুষ্ঠানিক কৰা হৈছিল। গাঁও পঞ্চায়তসমূহে কেৱল স্থানীয় পৰ্যায়ত অত্যাৱশ্যকীয় সেৱা আৰু উন্নয়ন প্ৰদান কৰাই নহয়, সংঘাতৰ সমাধান, সামূহিক সভা আৰু সামাজিক কল্যাণৰ প্ৰচাৰতো বিশেষ ভূমিকা পালন কৰে।
সেয়েহে বিকশিত ভাৰতৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তোলাৰ বাবে পঞ্চায়তৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ।
সংবিধানৰ ২৪৩জি অনুচ্ছেদে পঞ্চায়তসমূহক স্থানীয় স্বায়ত্তশাসনৰ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি দিয়ে আৰু অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক ন্যায়ৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ দায়িত্ব দিয়ে। জনসাধাৰণৰ ওচৰত চৰকাৰৰ নিকটতম স্তৰ হোৱাৰ বাবে গাঁও পঞ্চায়তসমূহ প্রান্তীয় গোটসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু মৌলিক সেৱাৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে দায়বদ্ধ।
|
গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা (জিপিডিপি)
গাঁও পঞ্চায়তসমূহত উপলব্ধ সম্পদ ব্যৱহাৰ কৰি অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক ন্যায়ৰ বাবে গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা (জিপিডিপি) প্ৰস্তুত কৰাৰ বাবে বাধ্যতামূলক কৰা হৈছে। জিপিডিপি পৰিকল্পনা প্ৰক্ৰিয়াটো অংশগ্ৰহণমূলক প্ৰক্ৰিয়াৰ ওপৰত ভিত্তিৰে হ'ব লাগিব আৰু আঁচনিসমূহৰ ফলপ্ৰসূ আৰু দক্ষ ৰূপায়ণত পঞ্চায়তৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগিব।
|
এক সুসংগঠিত আৰু অন্তৰ্ভুক্তিমূলক পৰিকল্পনা প্ৰক্ৰিয়া পঞ্চায়তৰ কাম-কাজৰ কেন্দ্ৰবিন্দু। গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাই (জি প ডি পি) সমূদায়ৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰসমূহ প্ৰতিফলিত কৰিব, তেওঁলোকক উপলব্ধ সম্পদৰ সৈতে সংযোজিত কৰিব আৰু এক নিৰপেক্ষ, স্বচ্ছ আৰু অংশগ্ৰহণমূলক পদ্ধতিৰে সেয়া প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছে।
গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়ৰ আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে পঞ্চায়ত উন্নয়ন পৰিকল্পনাসমূহ (পিডিপি) ব্যাপক আৰু অংশগ্ৰহণমূলক হ'ব লাগিব। এই পৰিকল্পনাসমূহে সংবিধানৰ একাদশ অনুসূচীত তালিকাভুক্ত ২৯টা বিষয় সামৰি লৈছে। আনহাতে গাঁও পঞ্চায়তসমূহে জিপিডিপি প্ৰস্তুত কৰে, ব্লক পঞ্চায়তসমূহে ব্লক পঞ্চায়ত উন্নয়ন পৰিকল্পনা (বিপিডিপি) প্ৰস্তুত কৰে, আৰু জিলা পঞ্চায়তসমূহে জিলা পঞ্চায়ত উন্নয়ন পৰিকল্পনা (ডিপিডিপি) প্ৰস্তুত কৰে।
পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ (পি. আৰ. আই.) গ্ৰাম্য পৰ্যায়ত পানী যোগান, অনাময় ব্যৱস্থা, পথ, নিষ্কাশন, পথৰ পোহৰ, স্বাস্থ্য, শিক্ষা আৰু পুষ্টিৰ দৰে সেৱা প্ৰদানৰ বাবে দায়বদ্ধ। একাদশ অনুসূচীৰ ২৯টা বিষয়ৰ (ভাৰতৰ ২৯ টা বিষয় আৰু পঞ্চায়তীৰাজৰ ৭৩তম সংশোধনী পঢ়িবলৈ, https://secforuts.mha.gov.in/73rd-amendment-of-panchayati-raj-in-india/ চাওক) লগতে বহনক্ষম উন্নয়ন লক্ষ্যসমূহৰ (এছডিজি) সৈতে ঘনিষ্ঠভাৱে সংগতি ৰাখে, এনেদৰে স্থানীয়কৰণৰ জৰিয়তে এছডিজি লাভ কৰাৰ ক্ষেত্ৰত পিআৰআই সমূহক গুৰুত্বপূৰ্ণ হিচাপে স্থান দিয়ে।
এছ ডি জি. কাৰ্যসূচী তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ বাবে পঞ্চায়তীৰাজ মন্ত্ৰালয়ে এক বিষয়গত দৃষ্টিভংগী গ্ৰহণ কৰিছে, যি ১৭ টা এছ ডি জিক নটা বিস্তৃত বিষয়বস্তুৰে গোট কৰিছে। এই দৃষ্টিভংগীয়ে পঞ্চায়তসমূহক 'সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ সমাজ' পৰিকাঠামোৰ অধীনত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ সক্ষম কৰে।
২০১৮ চনৰ পৰা, আত্মসহায়ক গোটবোৰেও (এছ এইচ জি) গ্ৰাম্য সমৃদ্ধি আৰু স্থিতিস্থাপকতা পৰিকল্পনা (ভি পি আৰ পি) প্ৰস্তুত কৰাত নিয়োজিত হৈ আছে, যিয়ে গ্ৰাম্য পৰ্যায়ত সামগ্ৰিক বিকাশ আৰু স্থিতিস্থাপকত অধিক সহায় কৰিছে।
জনসাধাৰণৰ পৰিকল্পনা অভিযান: সবকি যোজনা, সবকা বিকাশ
পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ, জনসাধাৰণৰ পৰিকল্পনা অভিযান (পিপিচি) ২০১৮ চনৰ ২ অক্টোবৰত "সবকি যোজনা, সবকা বিকাশ" বিষয়বস্তুৰ অধীনত আৰম্ভ কৰা হৈছিল। গাঁও সভাৰ ইতিবাচক ফলাফল, অংশীদাৰসকলৰ অংশগ্ৰহণ আৰু অংশগ্ৰহণমূলক পৰিকল্পনাৰ দ্বাৰা উৎসাহিত হৈ, নিৰ্বাচিত প্ৰতিনিধি, আগশাৰীৰ কৰ্মী, আত্মসহায়ক গোট, সমুদায়ভিত্তিক সংগঠন (চি বি অ’), আৰু অন্যান্য স্থানীয় অংশীদাৰসকলৰ সক্ৰিয় অংশগ্ৰহণৰ সৈতে প্ৰতিবছৰে এই অভিযান চলোৱা হৈছে।
উদ্দেশ্যi ve
জনসাধাৰণৰ পৰিকল্পনা প্ৰচাৰ অভিযানটো সমগ্ৰ দেশৰ গাঁও পঞ্চায়ত, ব্লক পঞ্চায়ত আৰু জিলা পঞ্চায়ত পৰ্যায়ত এক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অংশগ্ৰহণমূলক, ব্যাপক আৰু একত্ৰিত উন্নয়ন পৰিকল্পনা- জিপিডিপি, বিপিডিপি আৰু ডিপিডিপি প্ৰস্তুত কৰাৰ উদ্দেশ্যৰ দ্বাৰা পৰিচালিত। সমুদায়ৰ সদস্যসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু সকলো সম্পৰ্কিত বিভাগৰ কৰ্মীৰ দ্বাৰা প্ৰদৰ্শনৰ সৈতে গঠনমূলক গাঁও সভাৰ বৈঠক আয়োজন কৰা হয়। এই অভিযানে এলএছডিজিৰ নটা বিষয়গত দৃষ্টিভংগীক পঞ্চায়ত উন্নয়ন পৰিকল্পনাত একত্ৰিত কৰি আৰু আত্মসহায়ক গোটৰ ফেডাৰেচনৰ দ্বাৰা প্ৰস্তুত কৰা গ্ৰাম্য সমৃদ্ধি আৰু স্থিতিস্থাপকতা পৰিকল্পনা (ভিপিআৰপি) অন্তৰ্ভুক্ত কৰি এছডিজিৰ ফলপ্ৰসূ স্থানীয়কৰণৰ লক্ষ্য লাভ কৰাৰ চেষ্টা কৰিছে। ই পৰিকল্পনা প্ৰক্ৰিয়াত মহিলা নিৰ্বাচিত প্ৰতিনিধি (ডব্লিউ ই আৰ), এছ এইচ জি আৰু মহিলা সমুদায়ৰ সদস্যসকলৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে লিংগ-প্ৰতিক্ৰিয়াশীল শাসনক উৎসাহিত কৰে। ইয়াৰ উপৰি, ৰাজহুৱা তথ্য অভিযান চলাই আৰু গাঁও পঞ্চায়ত কাৰ্যালয়ত আৰু ৰাজহুৱা তথ্য বোৰ্ডত আঁচনি, বিত্তীয় আৰু কাৰ্যসূচীৰ সবিশেষ প্ৰকাশ কৰি স্বচ্ছতা আৰু দায়বদ্ধতা শক্তিশালী কৰা হয়।
জনসাধাৰণৰ পৰিকল্পনা অভিযান ২০২৫-২৬ eople’s Plan Campaign 2025–26
পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ২০২৫ চনৰ ২ অক্টোবৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জনসাধাৰণৰ পৰিকল্পনা অভিযান (পিপিচি) ২০২৫-২৬: "সবকি যোজনা, সবকা বিকাশ" অভিযান আৰম্ভ কৰিছিল, যাৰ ফলত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ বাবে পঞ্চায়ত উন্নয়ন পৰিকল্পনা (পিডিপি) প্ৰস্তুত কৰাৰ বাবে দেশজোৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
এই পদক্ষেপ মুকলিৰ পূৰ্বে ব্যাপক প্ৰস্তুতি চলোৱা হৈছিল। মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যিক গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠান (এছ আই আৰ ডি আৰু পি আৰ)ৰ সৈতে কৌশল চূড়ান্ত কৰিবলৈ আৰু মসৃণ সমন্বয় নিশ্চিত কৰিবলৈ ভাৰ্চুৱেল বাৰ্তালাপ কৰিছিল। একত্ৰীকৰণ আৰু তৃণমূল পৰ্যায়ৰ অংশগ্ৰহণৰ প্ৰসাৰৰ বাবে মন্ত্ৰালয়ে ভাৰত চৰকাৰৰ ২০ টা লাইন মন্ত্ৰালয়/বিভাগৰ সৈতে কাম কৰি আছে যাতে তেওঁলোকৰ নিজ নিজ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহযোগীসকলক বিশেষ গাঁও সভাৰ বৈঠকৰ জৰিয়তে অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয় । তদুপৰি, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নোডেল বিষয়া, প্ৰশিক্ষণ সুবিধা প্ৰদানকাৰী নিযুক্তি, গাঁও সভাৰ সময়সূচী চূড়ান্ত কৰা, আৰু ৰাজহুৱা তথ্য পৰিষদসমূহ স্পষ্টৰূপে প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ২০২৫ চনৰ ২ অক্টোবৰত আহ্বান কৰা বিশেষ গাঁও সভাসমূহে সমগ্ৰ দেশতে এই অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে।
অংশগ্ৰহণমূলক, স্বচ্ছ আৰু দায়বদ্ধ স্থানীয় শাসনক শক্তিশালী কৰাৰ বাবে পি পি চি ২০২৫-২৬ প্ৰস্তুত কৰা হৈছে। এই পদক্ষেপৰ অধীনত, গাঁও সভাবোৰক ই-গ্ৰাম স্বৰাজ, মেৰী পঞ্চায়ত এপ, আৰু পঞ্চায়ত নিৰ্ণয়-ৰ দৰে ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰি পূৰ্বৰ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা (জি পি ডি পি) পৰ্যালোচনা কৰাৰ দায়িত্ব দিয়া হৈছে। তেওঁলোকে কামৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব, বিলম্ববোৰ চিনাক্ত কৰিব আৰু অসমাপ্ত প্ৰকল্পসমূহক, বিশেষকৈ ব্যয় নকৰা কেন্দ্ৰীয় বিত্ত আয়োগৰ অনুদানৰ সৈতে জড়িত প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দিব। পৰিকল্পনা প্ৰক্ৰিয়াটো পঞ্চায়ত অগ্ৰগতি সূচক (পিএআই)ৰ দ্বাৰা নিৰ্দেশিত হ'ব, আনহাতে সভাছাৰ-ৰ দৰে সমলবোৰক আলোচনাবোৰ অধিক ফলপ্ৰসূ কৰিবলৈ উৎসাহিত কৰা হ'ব। পঞ্চায়তৰ নিজৰ উৎস ৰাজহ (অ’ এছ আৰ) উন্নত কৰা আৰু সিদ্ধান্ত গ্ৰহণত সমুদায়ৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব।
আদি কৰ্মযোগী অভিযানৰ অধীনত কেন্দ্ৰীভূত কাৰ্যকলাপৰ সৈতে জনজাতীয় সবলীকৰণৰ ওপৰত এই অভিযানৰ এক বিশেষ গুৰুত্ব আছে। পঞ্চায়তৰ প্ৰতিনিধি, সংশ্লিষ্ট বিভাগৰ বিষয়া, সমুদায়ৰ সদস্য, আত্মসহায়ক গোট, আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰি এই অভিযানৰ লক্ষ্য হৈছে তৃণমূল পৰিকল্পনাত স্বচ্ছতা, একত্ৰীকৰণ আৰু দায়বদ্ধতা অধিক গভীৰ কৰা। ই সমগ্ৰ ভাৰতৰ গ্ৰাম্য সম্প্ৰদায়ৰ বাবে শক্তিশালী সেৱা প্ৰদান ব্যৱস্থা, সামগ্ৰিক উন্নয়ন আৰু উন্নত ফলাফলৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।

সফলতা
২০১৮ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা জনসাধাৰণৰ পৰিকল্পনা অভিযানে পঞ্চায়তসমূহক প্ৰমাণ-আধাৰিত আৰু অন্তৰ্ভুক্তিমূলক উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰিছে, যিয়ে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি স্থানীয় প্ৰয়োজনীয়তাক প্ৰতিফলিত কৰে।
ই-গ্ৰাম স্বৰাজ পৰ্টেলত উপলব্ধ তথ্য অনুসৰি, ১৮.১৩ লাখতকৈও অধিক পঞ্চায়ত উন্নয়ন পৰিকল্পনা ২০১৯-২০ৰ পৰা ২০২৫-২৬ লৈ আপলোড কৰা হৈছে (২৯ জুলাই, ২০২৫লৈকে)। ইয়াৰ ভিতৰত আছে :
- ১৭.৭৩ লাখতকৈ অধিক গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা (জিপিডিপি)
- ৩৫,৭৫৫ ব্লক পঞ্চায়ত উন্নয়ন পৰিকল্পনা (বিপিডিপি)
- ৩৪৬৯ জিলা পঞ্চায়ত উন্নয়ন পৰিকল্পনা (ডিপিডিপি)

সামৰণি
জনসাধাৰণৰ পৰিকল্পনা অভিযানে তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰক শক্তিশালী কৰা আৰু সামগ্ৰিক উন্নয়ন নিশ্চিত কৰাৰ বাবে এক পৰিৱৰ্তনমূলক পদক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰিছে। পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাত সম্প্ৰদায়, নিৰ্বাচিত প্ৰতিনিধি আৰু প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি এই অভিযানে স্বচ্ছতা, একত্ৰীকৰণ আৰু দায়বদ্ধতাক গভীৰ কৰি তুলিছে। নাগৰিকসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু এছ. ডি. জি.-ৰ স্থানীয়কৰণৰ ওপৰত এক শক্তিশালী গুৰুত্বৰ সৈতে, পি. পি. চি.-য়ে অধিক প্ৰতিক্ৰিয়াশীল, সবলীকৰণ আৰু আত্মনিৰ্ভৰশীল পঞ্চায়তৰ পথ প্ৰশস্ত কৰি বিকশিত ভাৰতৰ বৃহত্তৰ দৃষ্টিভংগীত অৰিহণা যোগাইছে।
সমল
Click here to see PDF
***
BM/DPS/KD
(Explainer ID: 155685)
आगंतुक पटल : 159
Provide suggestions / comments