Social Welfare
আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস
Posted On:
01 OCT 2025 10:57AM
মুখ্য তথ্য
- ২ অক্টোবৰৰ দিনটো গান্ধী জয়ন্তী আৰু ৰাষ্ট্ৰসংঘৰ ঘোষণা অনুসৰি বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস হিচাপে পালন কৰা হয় – এনেদৰে দুইধৰণে পালন কৰা কাৰ্য্যই ৰাষ্ট্ৰীয় গৌৰৱ আৰু মহাত্মাৰ প্ৰতি বিশ্বব্যাপী সন্মান উভয়কে প্ৰতিফলিত কৰে।
- ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০০৭-ৰ জুনত অহিংসাক এক সৰ্বজনীন নীতি হিচাপে গণ্য আৰু শান্তি তথা সহিষ্ণুতাৰ বিশ্বব্যাপী সংস্কৃতিক প্ৰসাৰিতকৰণেৰে এটি প্ৰস্তাৱ গৃহীত কৰিছিল।
- বেলজিয়াম, আমেৰিকা যুক্তৰাষ্ট্ৰ, স্পেইন, ছাৰ্বিয়া, ছুইজাৰলেণ্ড, থাইলেণ্ড, কাজাখাস্তান আৰু নেদাৰলেণ্ড আদি দেশত স্মৃতিচাৰণৰ লগতে বিশ্বজুৰি গান্ধী জয়ন্তী আৰু আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱসৰ মনোভাৱ সজীৱ হৈ আছে।
পাতনি
২ অক্টোবৰ অৰ্থাৎ মহাত্মা গান্ধীৰ জয়ন্তীৰ দিনা বিশ্বই তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে। ভাৰতত এই দিৱসক গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। একেদৰে ২০০৭-ত ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱলৈ ১৪০ ৰো অধিক দেশে সমৰ্থন জনোৱাৰ পিছত সমগ্ৰ বিশ্বতে এই দিনটোক আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস হিচাপে পালন কৰা হয়। এনেকৈ দুই ধৰণে উদযাপনে দিনটোক এক অনন্য তাৎপৰ্য্য প্ৰদান কৰে। যি ভাৰতৰ ৰাষ্ট্ৰীয় স্মৃতিৰে বদ্ধমূল যদিও মানৱতাৰ বাবে এক সৰ্বজনীন বাৰ্তা হিচাপে পৰিগণিত হৈছে।
ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধানৰ বক্তব্য আৰু গান্ধীৰ দৰ্শনক আজিৰ বাস্তৱতাৰ সৈতে সংযোগ কৰা পৰিঘটনাৰ অনুৰণনেৰে এই দিনটো পালন কৰা হয়। শেহতীয়া বছৰ কেইটাত এনে বাৰ্তাসমূহে সমগ্ৰ বিশ্বৰ সংঘাতৰ দিশটো আঙুলিয়াই দিয়ে আৰু ৰাষ্ট্ৰসমূহক সোঁৱৰাই দিয়ে যে গান্ধীৰ সত্য আৰু অহিংসাৰ মনোভাৱত বিশ্বাস “যিকোনো অস্ত্ৰতকৈ অধিক শক্তিশালী।”
ভাৰতত এই দিৱস পালনৰ অংশ হিচাপে ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, সাংস্কৃতিক আৰু শৈক্ষিক কাৰ্য্যসূচী, গান্ধীৰ আদৰ্শৰাজিত আলোকপাতকাৰী ৰাজহুৱা অভিযান হাতত লোৱা হয়। বছৰ-বছৰ ধৰি এনে স্মৃতিচাৰণ কাৰ্য্যসূচীসমূহে আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলিৰো বাহিৰলৈ গৈ স্বচ্ছতাক প্ৰসাৰিত কৰা স্বচ্ছ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি আত্ম-নিৰ্ভৰতাৰ প্ৰতীক হিচাপে খাদী আৰু গ্ৰামোদ্যোগসমূহৰ পুনৰুজ্জীৱনলৈকে ৰাষ্ট্ৰীয় অভিযানসমূহক অনুপ্ৰাণিত কৰিছে।

চিত্ৰ ১: মহাত্মা গান্ধীয়ে গান্ধী ময়দানত আয়োজিত এখনি প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে, ১৯৪৬
এইদৰে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি আৰু বিশ্বব্যাপী কাৰ্য্যৰ আহ্বান উভয় হিচাপে পৰিগণিত হৈছে। এই দিৱসে আমাক মনত পেলাই দিয়ে যে গান্ধীৰ বাৰ্তা অতীততে সীমাবদ্ধ নহয়, বৰঞ্চ সংঘাতৰ বিপৰীতে শান্তি, বিভাজনৰ বিপৰীতে আলোচনা আৰু ভীতিৰ বিপৰীতে মমতাৰ জয়লাভৰ এখনি বিশ্বৰ অভিমুখে পথ-প্ৰদৰ্শন কৰিছে।
সত্যাগ্ৰহৰ সূচনা
পেছাত এগৰাকী আইনজীৱী মোহনদাস কৰমচান্দ গান্ধীয়ে ১৮৯৩-ত দক্ষিণ আফ্ৰিকাত আইনী বিষয়সমূহ চোৱাচিতা কৰিছিল। তেওঁ প্ৰিট’ৰিয়া-অভিমুখী প্ৰথম-শ্ৰেণীৰ ডবা এটাৰ বাৰ্থত শুই থকা অৱস্থাত সহযাত্ৰী এজনে তেওঁৰ চেহেৰাটো লক্ষ্য কৰিছিল আৰু তেওঁ ‘কৃষ্ণাংগ’ লোক হোৱা দেখি পক্ষপাতিত্বমূলকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

চিত্ৰ ২: ১৯০৫-ত জোহান্সবাৰ্গস্থিত কাৰ্য্যালয়ৰ বাহিৰত সতীৰ্থসকলৰ সৈতে গান্ধী (বাওঁফালৰ পৰা ৩য় জন)
গান্ধীক প্ৰথম-শ্ৰেণীৰ ডবাটোৰ পৰা ভেন কম্পাৰ্টমেন্টলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ এই নিৰ্দেশনাক সজোৰে প্ৰত্যাখ্যান কৰিছিল। তথাপিও তেওঁক পিটাৰমেৰিট্জবাৰ্গ ষ্টেচনত ঠেঁটুৱৈ-ধৰা ঠাণ্ডা ৰাতিটো কটাবলৈ বাধ্য কৰোৱা হৈছিল। পিছদিনা ৰাতিপুৱা তেওঁ পৰৱৰ্তী ৰেলখনেৰে প্ৰিট’ৰিয়ালৈ গৈছিল।
১৯২৬-ত প্ৰকাশিত আত্মজীৱনী "মোৰ সত্য অন্বেষণৰ কাহিনী"-ত গান্ধীয়ে উক্ত ঘটনাটো সম্পৰ্কে এইদৰে লিখিছে, "মই যি পৰিস্থিতিৰ মুখামুখি হৈছিলোঁ, সেয়া আছিল অ-গভীৰ — কেৱল বৰ্ণ-বৈষম্যৰ গভীৰ ৰোগৰ লক্ষণ। সম্ভৱ হ'লে মই ৰোগটোৰ শিপা বিচাৰি উলিয়াবলৈ চেষ্টা কৰা আৰু এই প্ৰক্ৰিয়াত প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও সেয়াই হোৱা উচিত।"

চিত্ৰ ৩: দক্ষিণ আফ্ৰিকাত এজন "সত্যাগ্ৰহী" হিচাপে গান্ধী
পিছদিনাও চাৰ্লছটাউনৰ পৰা জোহান্সবাৰ্গলৈ ষ্টেজকোচেৰে যাওঁতে গান্ধীক শ্বেতাংগ যাত্ৰীসকলৰ সৈতে ভিতৰত আসন গ্ৰহণৰ পৰা বঞ্চিত কৰা আৰু ইয়াৰ পৰিৱৰ্তে চালকৰ কাষৰ কোচবক্সত বহিবলৈ বাধ্য কৰোৱা হৈছিল। পিছত তেওঁক ফুটবৰ্ডত মলিন থৈলা এখনত বহিবলৈ নিৰ্দেশ দিয়া হৈছিল। গান্ধীয়ে এই নিৰ্দেশ পালন কৰিবলৈ অস্বীকাৰ কৰাত তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল।
গান্ধীয়ে বৰ্ণবাদত জৰ্জৰিত দক্ষিণ আফ্ৰিকাত বসবাস কৰা আন ভাৰতীয়সকলৰ পৰাও একেধৰণৰ কাহিনী শুনিবলৈ পাইছিল। দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক প্ৰশাসনৰ আমোলত ভাৰতীয় আৰু আন কৃষ্ণাংগ লোকসকলৰ প্ৰতি কৰা বৈষম্যমূলক ব্যৱহাৰত ক্ষুণ্ণ হৈ গান্ধীয়ে সহযোগী সমাজকৰ্মীসকলক সংগঠিতকৰণেৰে এনে অত্যাচাৰী শাসন ব্যৱস্থাৰ বিৰুদ্ধে এলানি প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰে, ইয়াৰ পৰিণতিত আনকি গ্ৰেপ্তাৰ বৰণো কৰিছিল। এই সময়ছোৱাতে গান্ধীয়ে “সত্যাগ্ৰহ” শব্দ যুগলৰ উদ্ভাৱন কৰিছিল — "সত্য" (truth) আৰু "আগ্ৰহ" (insistence)-ৰ পৰা ইয়াৰ উদ্ভৱ হৈছিল। ইয়াত তেওঁৰ অহিংসা প্ৰতিৰোধৰ ৰাজনৈতিক দৰ্শনো অন্তৰ্ভুক্ত হৈছিল।
১৯২০-ত ইয়ং ইণ্ডিয়াত গান্ধীয়ে লিখিছিল, “অহিংসা হৈছে মানৱ জাতিৰ ব্যৱস্থাপনাত সৰ্ববৃহৎ শক্তি। মানুহে কৌশলেৰে উদ্ভাৱন কৰা ধ্বংসৰ শক্তিশালী অস্ত্ৰতকৈয়ো ই অধিক শক্তিশালী।“
১৯৩০-ত হাজাৰ-হাজাৰ লোকে লোণ আইন বাতিলৰ দাবীৰে সমুদ্ৰ তীৰলৈ কৰা দাণ্ডী যাত্ৰাৰ সময়তেই হওঁক বা ১৯৪২-ত সমগ্ৰ ৰাষ্ট্ৰ একত্ৰিত হোৱা ভাৰত ত্যাগ আন্দোলনৰ সময়তেই হওঁক, মহাত্মা গান্ধীয়ে নৈতিক শক্তিয়ে যে এটাও অস্ত্ৰ প্ৰয়োগ নকৰাকৈয়ে লাখ-লাখ লোকক আলোড়িত কৰিব পাৰে, তাৰ দৃষ্টান্ত দাঙি ধৰিছিল।
আৰু তেওঁৰ বাৰ্তা ভাৰতৰ বাহিৰলৈয়ো বিয়পি পৰিছিল। মহাত্মাৰ পৰা অনুপ্ৰাণিত হৈয়েই আমেৰিকাত মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু দক্ষিণ আফ্ৰিকাত নেলছন মেণ্ডেলাই বৰ্ণবাদ আৰু বৰ্ণবৈষম্যক প্ৰত্যাহ্বান জনোৱাৰ শক্তি লাভ কৰিছিল। সকলো সংস্কৃতি আৰু প্ৰজন্মৰ মাজত তেওঁৰ দৰ্শন অক্ষত হৈ ৰৈছিল। এই দৰ্শনে মানৱ জাতিক অহিংসা যে কোনো দুৰ্বলতা নহয়, বৰঞ্চ যে পৰম বিপ্লৱী শক্তি, সেই কথা সোঁৱৰাই দিছিল।
ৰাষ্ট্ৰসংঘত গান্ধীঃ পঞ্চম অহিংসা বক্তৃতা
শেষবাৰৰ বাবে ২০২২-ৰ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘত ইউনেস্ক’ৰ মহাত্মা গান্ধী শান্তি আৰু বহনক্ষম উন্নয়ন শিক্ষা প্ৰতিষ্ঠানে (MGIEP) ভাৰতৰ স্থায়ী মিছনৰ সহযোগত অহিংসা কেন্দ্ৰিক অব্যাহত এলানি বক্তৃতাৰ অংশস্বৰূপে পঞ্চম অহিংসা বক্তৃতাৰ আয়োজন কৰিছিল। ইয়াত গান্ধীৰ দৰ্শন প্ৰাঞ্জলভাৱে প্ৰাণৱন্ত হৈ উঠিছিল। “মানৱ বিকাশৰ বাবে শিক্ষা” বিষয়বস্তুৰে আয়োজিত এই কাৰ্য্যসূচীত প্ৰকৃত শিক্ষণে শৰীৰ, মন আৰু আত্মাক লালন-পালন তথা জ্ঞানৰ সমান্তৰালভাৱে সহানুভূতি আৰু নৈতিক কল্পনাৰ কৰ্ষণ কৰিব লাগিব বুলি গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ এক উল্লেখযোগ্য দিশ আছিল মহাত্মা গান্ধীৰ পূৰ্ণাংগ হ’ল’গ্ৰামৰ ব্যৱহাৰ। উক্ত ব্যৱস্থাই শিক্ষা আৰু অহিংসাৰ প্ৰতি তেওঁৰ মনোভাৱক প্ৰতিফলিত — পৰম্পৰা আৰু প্ৰযুক্তিৰ এনে সংমিশ্ৰণে গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।
এই বক্তৃতাত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত ৰুচিৰা কম্বোজ, বাৰ্নিচ কিং (মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ কন্যা)-ৰ দৰে বিশ্বৰ বিশিষ্ট কণ্ঠ, যুৱ প্ৰতিনিধি আৰু শিক্ষা বিশেষজ্ঞসকলে অংশগ্ৰহণেৰে বিশেষকৈ শিক্ষাক কেৱল অৰ্থনৈতিক অগ্ৰগতিৰ পৰিৱৰ্তে মানুহৰ সমৃদ্ধিৰ আহিলা হিচাপে পুনৰ সংজ্ঞায়িতকৰণৰ সময়তে গান্ধীৰ আদৰ্শসমূহ শান্তিপূৰ্ণ, দয়ালু আৰু সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত পথ-প্ৰদৰ্শনৰ গুৰুত্বপূৰ্ণ উৎস হৈয়েই আছে বুলি গুৰুত্ব আৰোপ কৰে।
গান্ধীবাদী দৰ্শন আধাৰিত চৰকাৰী পদক্ষেপৰাজি
গান্ধীৰ ৰেল যাত্ৰাই যেনেকৈ তেওঁক ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োজনীয়তাৰাজি সম্পৰ্কে বুজিবলৈ সহায় কৰিছিল, ঠিক তেনেকৈ আধুনিক ভাৰতে তেওঁৰ মূল দৰ্শনসমূহক তেওঁ পোষকতা কৰা বিষয়সমূহকে সম্বোধন কৰা ব্যাপক ৰাষ্ট্ৰীয় কাৰ্য্যসূচীলৈ পৰ্য্যবসিত কৰিছে।
গান্ধীবাদী দৰ্শন আধাৰিত চৰকাৰী পদক্ষেপৰাজি
|
পদক্ষেপ
|
শুভাৰম্ভণিৰ তাৰিখ/বিৱৰণ
|
গান্ধীবাদী দৰ্শন
|
মূল পৰিসংখ্যা আৰু কৃতিত্ব
|
|
স্বচ্ছ ভাৰত অভিযান
|
২০১৪-ৰ গান্ধী জয়ন্তীৰ দিনা শুভাৰম্ভ কৰা হৈছিল
|
"স্বচ্ছতাই ঈশ্বৰভক্তি"
|
• ভাৰতক ২ অক্টোবৰ, ২০১৯-ত মুকলিত মলত্যাগ মুক্ত হিচাপে ঘোষণা কৰা হৈছিল (গান্ধীৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী
• ৫,৬৬,০৬৮ অ’ডিএফ+ গাঁও (১৩ আগষ্ট, ২০২৫ লৈকে)• ১২ কোটিৰো অধিক টয়লেট নিৰ্মাণ
• ৫ বছৰ-অনূৰ্ধ ৩ লাখ শিশুৰ জীৱন ৰক্ষা (ডব্লিউএইচঅ’-ৰ তথ্য)
|
|
আত্ম-সহায়ক গোট (SHG)
|
দীনদয়াল অন্ত্যোদয় যোজনা– ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM)-ৰ অধীনত
|
সমবায় অৰ্থনীতি আৰু তৃণমূল পৰ্য্যায়ৰ সবলীকৰণ
|
• মহিলাৰ আত্ম-সহায়ক গোটসমূহলৈ ১১,১০,৯৪৫.৮৮ কোটি টকাৰ ঋণ আগবঢ়োৱা হৈছে
• ৯০.৯০ লাখ গোটৰ জৰিয়তে ১০.০৫ কোটি মহিলাক সংগঠিত কৰা হৈছে (২০২৫-ৰ জুনলৈকে)
• গ্ৰামাঞ্চলৰ ১০ কোটি পৰিয়ালক সংগঠিতকৰণৰ লক্ষ্যত উপনীত
|
|
স্বামিত্ব আঁচনি
|
২০২০-ত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ দিনা শুভাৰম্ভ কৰা হৈছিল
|
গাঁৱৰ আত্ম-নিৰ্ভৰতা আৰু পঞ্চায়তীৰাজ
|
• ৬৫ লাখ প্ৰপাৰ্টি কাৰ্ড বিতৰণ• ৫০,০০০+ গাঁওক সামৰি লোৱা হৈছে
• ৩.২০ লাখ গাঁৱত ড্ৰোন সমীক্ষা সম্পূৰ্ণ
|
|
খাদী আৰু গ্ৰামোদ্যোগ
|
কেভিআইচি-ৰ জৰিয়তে অব্যাহত প্ৰচাৰ
|
স্বদেশী দৰ্শন আৰু গাঁও-ভিত্তিক উৎপাদন
|
• যোৱা ১১ বছৰত উৎপাদন ৪৯% বৃদ্ধিঃ বিক্ৰী ৪ গুণ বৃদ্ধিঃ নিয়োগ ৫ গুণ বৃদ্ধি
• সামগ্ৰিক খণ্ড (২০২৪-২৫ বিত্তীয় বৰ্ষ): •মুঠ উৎপাদনঃ ১,১৬,৫৯৯ কোটি টকা• মুঠ বিক্ৰীঃ ১,৭০,৫৫১ কোটি টকা
• খাদী খণ্ডঃ •উৎপাদনঃ ৩,৭৮৩ কোটি টকা• বিক্ৰীঃ ৭,১৪৫ কোটি টকা
• কৰ্মসংস্থাপনঃ ৫ লাখৰো অধিক লোক পিএমইজিপিঃ •১০ লাখৰো অধিক ইউনিট স্থাপন • ৯০ লাখ লোকলৈ নিয়োগ
মহিলা সবলীকৰণঃ •৭.৪৩ লাখ প্ৰশিক্ষাৰ্থীৰ ভিতৰত ৫৭.৪৫% (যোৱা দশক) হৈছে মহিলা
• ৫ লাখ খাদী শিপিনীৰ ৮০% হৈছে মহিলা• যোৱা ১১ বছৰত শিপিনীৰ মজুৰি ২৭৫% বৃদ্ধি
|
|
পিএম জনজাতীয় উন্নত গ্ৰাম অভিযান (PM JUGA/DAJGUA)
|
প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪-ৰ ২ অক্টোবৰত ঝাৰখণ্ডৰ হাজৰিবাগত শুভাৰম্ভ কৰিছিল
|
ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে জনজাতীয় সমাজৰ অগ্ৰগতি
|
• আৰ্থিক ব্যয়ঃ ৭৯,১৫৬ কোটি টকা (কেন্দ্ৰীয় চৰকাৰৰ বৰঙণি ৫৬,৩৩৩ কোটি টকা)
• ৫ কোটিৰো অধিক জনজাতীয় নাগৰিক উপকৃত• ৫৪৯ খন জিলাৰ ৬৩,০০০ গাঁওক সামৰি লোৱা হৈছে (দেশৰ ৭১%)
• ১৭-মন্ত্ৰালয়ৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে
|
|
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চয়তা আইন
|
অব্যাহত আছে
|
মৰ্য্যাদাসম্পন্ন কাম আৰু সৰ্বাংগীন গ্ৰামোন্নয়নৰ অধিকাৰ
|
•৩.৮৩ কোটি পৰিয়ালে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিছে
• ২০২৫-২৬ বিত্তীয় বৰ্ষত ১০৬.৭৭ কোটি ব্যক্তি-দিন সৃষ্টি হৈছে (২১ জুলাই, ২০২৫-লৈকে)
|
সমসাময়িক বিশ্বত গান্ধীৰ প্ৰাসংগিকতা

আধুনিক সংকটৰাজিৰে মোকাবিলাকৰণঃ হিংসাত্মক সংঘাত, সন্ত্ৰাসবাদ, অৰ্থনৈতিক বৈষম্য, মহামাৰী আৰু জলবায়ু পৰিৱৰ্তনকে প্ৰমুখ্য কৰি আজিৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলাকৰণৰ বাবে গান্ধীৰ অহিংসা দৰ্শন অতিশয় গুৰুত্বপূৰ্ণ হৈয়েই আছে।
ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক নীতিঃ ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধান এন্টনিঅ’ গুটেৰেছে কয় যে গান্ধীৰ দৃষ্টিভংগীয়েই হৈছে ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ মূল স্তম্ভৰ আধাৰ। তেওঁৰ ধাৰণাসমূহে ২০৩০-ৰ বহনক্ষম উন্নয়ন কাৰ্য্যসূচীৰ পূৰ্বাভাস প্ৰদান কৰিছে। এছডিজি নিৰ্ধাৰণৰ বহু পূৰ্বেই গান্ধীয়ে অনাময়, প্ৰসূতিৰ স্বাস্থ্য, শিক্ষা, লিংগ সমতা, ক্ষুধা হ্ৰাস আৰু উন্নয়নমূলক অংশীদাৰিত্বৰ পোষকতা কৰিছিল। গুটেৰেছে কয় যে অহিংসা ন্যায়ৰ বাবে এক শক্তিশালী উপায় আৰু ইয়াৰ বাবে সাহস তথা সামূহিক সংকল্পৰ প্ৰয়োজন।
উক্ত চিৰস্থায়ী প্ৰাসংগিকতা বিশ্ব নীতি কাঠামোত প্ৰতিফলিত হৈছে আৰু ইয়াৰ জৰিয়তে গান্ধীৰ ৰূপান্তৰশীল যাত্ৰাক স্মৰণ কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু সহযোগিতা
জি২০
২০২৩-ত নতুন দিল্লীত আয়োজিত জি-২০ সন্মিলনৰ সময়ত মহাত্মা গান্ধীৰ সমাধি ৰাজ ঘাটত সমগ্ৰ জি-২০ ৰ সদস্য ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নেতাসকল সমবেত হৈ তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই দৰ্শনৰ পিছত প্ৰদান কৰা ৰাজহুৱা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে গান্ধীক “শান্তি, সেৱা, মমতা আৰু অহিংসাৰ আলোক” বুলি অভিহিতকৰণেৰে মহাত্মাৰ কালজয়ী আদৰ্শই এটি সুসম আৰু সৰ্বাংগীন ভৱিষ্যতৰ বাবে বিশ্বব্যাপী আকাংক্ষাৰাজিক পথ-প্ৰদৰ্শন কৰি আহিছে বুলি কয়।
উক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্য্য কেৱল আনুষ্ঠানিক কাৰ্য্যসূচীয়েই নাছিল। বৰঞ্চ এই কাৰ্য্যই এক শক্তিশালী, ঐক্যবদ্ধ বাৰ্তা প্ৰেৰণ কৰিছিল। এই বাৰ্তাৰ মৰ্ম আছিল প্ৰতিযোগী ভূ-ৰাজনৈতিক হেঁচা আৰু বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ মাজতো আন্তঃৰাষ্ট্ৰীয় কূটনীতিত গান্ধীৰ অহিংসা দৰ্শন প্ৰাসংগিক হৈয়েই আছে।

চিত্ৰ ৪: ভাৰতৰ জি২০-ৰ অধ্যক্ষতাৰ সময়ত বিশ্ব নেতাসকলে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়
আন্তঃৰাষ্ট্ৰীয় স্মাৰক আৰু স্মৃতিচাৰণ

চিত্ৰ ৫: ব্ৰাছেলছৰ কমিউন অৱ মলেনবেকৰ পাৰ্ক মেৰী জোচেত ইউৰোপৰ ভিতৰতে অন্যতম পুৰণি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি এটি আছে। বেলজিয়ামৰ প্ৰখ্যাত ভাস্কৰ্য্য শিল্পী ৰেনে ক্লিকেটে নিৰ্মাণ কৰা প্ৰতিমূৰ্তিটো ১৯৬৯-ত গান্ধীৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে স্থাপন কৰা হৈছিল।
|
দেশ
|
স্থান/চহৰ
|
স্মাৰকৰ প্ৰকাৰ
|
বিৱৰণ
|
|
বেলজিয়াম
|
ব্ৰাছেলছ, এন্টৱাৰ্প
|
স্মাৰক
|
শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু সামূহিক সমাৱেশৰ স্থান
|
|
যুক্তৰাষ্ট্ৰ
|
ৱাশ্বিংটন ডি.চি.
|
ব্ৰঞ্জৰ প্ৰতিমূৰ্তি
|
ভাৰতীয় দূতাবাসৰ ওচৰত অৱস্থিত, যি চিৰস্থায়ী উত্তৰাধিকাৰ আৰু নৈতিক প্ৰভাৱৰ প্ৰতীক
|
|
স্পেইন
|
মাদ্ৰিদ (জোয়ান মিৰো স্কোৱাৰ), ভ্যালাডলিড, বুৰ্গোছ, গ্ৰেন কেনাৰিয়াছ, বাৰ্চিলোনা
|
প্ৰতিমূৰ্তি
|
দেশখনৰ একাধিক স্থান
|
|
ছাৰ্বিয়া
|
নিউ বেলগ্ৰেড
|
আৱক্ষ মূৰ্তি
|
গান্ধীৰ নামেৰে নামকৰণ কৰা পথত স্থাপন, জন্ম বাৰ্ষিকীত পুষ্পাঞ্জলি অৰ্পণ
|
|
চুইজাৰলেণ্ড
|
-
|
প্ৰতিমূৰ্তি আৰু আৱক্ষ মূৰ্তি
|
ভাৰতীয় দূতাবাসত
|
|
থাইলেণ্ড
|
বেংকক
|
সাংস্কৃতিক স্মৃতিচাৰণ
|
গান্ধীৰ আদৰ্শৰাজিত আলোকপাতকাৰী কাৰ্য্যসূচী আৰু চিত্ৰাংকন প্ৰতিযোগিতা
|
|
কাজাখাস্তান
|
-
|
বাৰ্ষিকী উপলক্ষে সমাৱেশ
|
ইণ্ডিয়ান মিছনৰ উদ্যোগত জন্ম বাৰ্ষিকীৰ কাৰ্য্যসূচী
|
|
নেদাৰলেণ্ড
|
দ্য হেগ
|
গান্ধী মাৰ্চ
|
২০১৭-ৰ ১ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস উপলক্ষে ৮০০-ৰো অধিক অংশগ্ৰহণকাৰীৰে এতিয়ালৈকে সৰ্ববৃহৎ গান্ধী মাৰ্চ
|
ৰেলৱেৰ ডবা প্ৰদৰ্শনীৰে গান্ধীৰ ৰূপান্তৰশীল যাত্ৰাক সন্মান প্ৰদৰ্শন
২০২৪-ৰ ১১ ছেপ্টেম্বৰত নতুন দিল্লীৰ ৰাজঘাটস্থিত গান্ধী দৰ্শনত কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে মহাত্মা গান্ধীৰ প্ৰতি উৎসৰ্গিত এটি বিশেষ ৰেলৱে ডবা উদ্বোধন কৰে। ইয়াৰ জৰিয়তে মহাত্মা গান্ধীৰ পৰিক্ৰমা আৰু তেওঁৰ চিৰস্থায়ী উত্তৰাধিকাৰক স্মৰণ কৰা হৈছে।

এই প্ৰদৰ্শনীত মহাত্মা গান্ধীৰ যুগৰ এক সযতনে পুনৰুদ্ধাৰ কৰা ৰেলৱে ডবা প্ৰদৰ্শন কৰা হৈছে। এই প্ৰদৰ্শনীয়ে তেওঁৰ বিখ্যাত ৰেল যাত্ৰাসমূহক সূচিত কৰিছে। এই কাৰ্য্যই তেওঁৰ ৰাষ্ট্ৰখনক একত্ৰিতকৰণ আৰু ন্যায় তথা সমতাৰ পোষকতাকাৰী অভিযানত সহায় কৰিছিল। দক্ষিণ আফ্ৰিকাত বহু বছৰ ধৰি একাধিক ৰাজনৈতিক আন্দোলনৰ নেতৃত্ব প্ৰদানৰ অন্তত গান্ধী ভাৰতলৈ উলটি আহিছিল আৰু ভাৰত সম্পৰ্কে তেওঁৰ ধাৰণা আৰু এখনি সংযুক্ত ৰাষ্ট্ৰৰ অৰ্থে দৃষ্টিভংগীৰ সম্প্ৰসাৰণৰ বাবে সমগ্ৰ ভাৰত উপমহাদেশখন তৃতীয়-শ্ৰেণীৰ ৰেলৱে কমাৰ্টমেন্টত উঠি ভ্ৰমণ কৰিছিল।
ইয়াৰ উদ্বোধনী অনুষ্ঠানত গান্ধী দৰ্শনৰ উপাধ্যক্ষ বিজয় গোৱেলে কয়, “গান্ধীৰ বাবে ৰেলৱে কেৱল এক যাতায়াতৰ মাধ্যমেই নহয়, বৰঞ্চ ভাৰতক সম্পূৰ্ণৰূপে বুজি পোৱাৰ এক বাহন আছিল।"

সামৰণি
আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱসত গান্ধীৰ অহিংসা, সত্য আৰু সামাজিক ন্যায়ৰ শ্ৰেষ্ঠ দৃষ্টিভংগী আৰু দৰ্শনক স্মৰণ কৰা হয়। যিসমূহ দৰ্শন আজিও তেওঁৰ জীৱনকালৰ দৰেই প্ৰাসংগিক হৈ আছে আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত মানৱ জাতিৰ সামগ্ৰিক তথা সৰ্বাংগীন প্ৰগতিৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে স্বীকৃতি লাভ কৰিছে। ভাৰত চৰকাৰৰ লগতে বিশ্বখনক তেওঁৰ ৰাজনৈতিক আৰু সামাজিক দৃষ্টিভংগীৰাজিয়ে অনুপ্ৰাণিত কৰি আহিছে। যিসমূহ দৃষ্টিভংগী বৰ্তমান আৰু ভৱিষ্যতেও বিশ্বজুৰি শান্তিপূৰ্ণ, ন্যায়পৰায়ণ আৰু সহানুভূতিশীল সমাজ গঠনৰ বাবে অপৰিহাৰ্য্য।
সমল
Press Information Bureau:
Others:
Click here to see PDF
***
DPS/SB
(Explainer ID: 155677)
आगंतुक पटल : 54
Provide suggestions / comments