Economy
শ্ৰমশক্তিৰ নিৰ্মাণ: ৬ বছৰত ভাৰতত ১৭ কোটি চাকৰিৰ সংযোজন
Posted On:
04 OCT 2025 3:30PM
|
মুখ্য তথ্য
- ভাৰতত ২০১৭-১৮ চনত নিয়োজিত লোকৰ সংখ্যা ৪৭.৫ কোটিৰ পৰা ২০২৩-২৪ চনত ৬৪.৩৩ কোটিলৈ বৃদ্ধি পোৱাৰ আশা কৰা হৈছে। এইদৰে ছবছৰত মুঠ ১৬.৮৩ কোটি নতুন চাকৰিৰ সৃষ্টি হৈছে।
- ২০১৭-১৮ চনত নিবনুৱাৰ হাৰ ৬.০%ৰ পৰা ২০২৩-২৪ চনত ৩.২%লৈ হ্ৰাস পাইছে।
- বিগত সাত বছৰত ১.৫৬ কোটি মহিলাই আনুষ্ঠানিক শ্ৰমশক্তিত যোগদান কৰিছে।
|
Employment- Driving India’s Growth
ভাৰত দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম, যি ডিজিটেল, স্বয়ংক্ৰিয় আৰু বহনক্ষম অৰ্থনীতি আৰু দ্ৰুতগতিত উত্থানশীল বিশ্ব শক্তিশালী দেশ হিচাপে অনাগত বছৰবোৰত বিকাশৰ প্ৰাথমিক ইঞ্জিন হ’বলৈ সাজু হৈছে। জনগাঁথনিগত সুযোগৰ বাবে ভাৰতে অনাগত বছৰবোৰত বিশ্বৰ শ্ৰমশক্তিত যোগদান কৰিবলগীয়া নতুন কৰ্মচাৰীৰ প্ৰায় দুই তৃতীয়াংশ যোগান ধৰিবলৈ সাজু হৈছে (বিশ্ব অৰ্থনৈতিক মঞ্চৰ চাকৰিৰ ভৱিষ্যত প্ৰতিবেদন, ২০২৫ৰ তথ্য অনুসৰি)।
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৭-১৮ চনত ভাৰতত কৰ্মসংস্থাপন লাভ কৰা লোকৰ সংখ্যা ৪৭.৫ কোটিৰ পৰা ২০২৩-২৪ চনত ৬৪.৩৩ কোটিলৈ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে, অৰ্থাৎ ছয় বছৰৰ ভিতৰত ১৬.৮৩ কোটি নতুন চাকৰি বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে যুৱকেন্দ্ৰিক নীতিৰ ওপৰত চৰকাৰৰ মনোনিৱেশ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতিফলন ঘটায়। এই বৃদ্ধি বিশেষভাৱে উল্লেখযোগ্য কাৰণ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কেৱল মুঠ ঘৰুৱা উৎপাদনে (জিডিপি) এখন দেশৰ প্ৰকৃত উন্নয়নক সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিব নোৱাৰে। কেইবাটাও সমষ্টিগত অৰ্থনৈতিক সূচক বিবেচনা কৰিলে সঠিক ছবি এখন পৰিস্ফুট হয়, যিবোৰৰ ভিতৰত নিয়োগ অন্যতম গুৰুত্বপূৰ্ণ। নিয়োগৰ অৰ্থনৈতিক আৰু সামাজিক দুয়োটা তাৎপৰ্য্য আছে: উচ্চ নিয়োগৰ মাত্ৰাই শক্তিশালী অৰ্থনীতিৰ সংকেত দিয়ে, খৰচক উদ্দীপিত কৰে আৰু স্থায়ী বৃদ্ধিৰ প্ৰসাৰ ঘটায়। বৃদ্ধি অৰ্থপূৰ্ণ হ’বলৈ হ’লে অৰ্থনৈতিক সম্প্ৰসাৰণে উৎপাদনশীল, ভাল দৰমহা পোৱা চাকৰিৰ সৃষ্টিৰ ৰূপ ল’ব লাগিব যিয়ে জীৱিকা আৰু সামাজিক স্থিতিশীলতা বৃদ্ধি কৰে।

ভাৰতৰ শ্ৰম শক্তিৰ গতি বৃদ্ধি
ভাৰত চৰকাৰে নিয়মীয়াকৈ শ্ৰমশক্তিৰ ধাৰা অনুসৰণ কৰিবলৈ, নীতি নিৰ্ধাৰণৰ পথ প্ৰদৰ্শক কৰিবলৈ আৰু চাকৰিৰ বজাৰৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ নিয়োগৰ জোখ-মাখ কৰে। ইয়াৰ বাবে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে সময়ে সময়ে শ্ৰম শক্তি জৰীপ (পিএলএফএছ) কৰে, যিয়ে শ্ৰম শক্তিৰ অংশগ্ৰহণৰ হাৰ (এলএফপিআৰ), শ্ৰমিকৰ সংখ্যাৰ অনুপাত (ডব্লিউপিআৰ) আৰু নিবনুৱাৰ হাৰ (ইউআৰ) আদি মূল সূচকৰ সময়োপযোগী অনুমানবোৰ আগবঢ়ায়।
পিএলএফএছৰ শেহতীয়া তথ্য ২০২৫ চনৰ আগষ্ট মাহৰ ৩.৭৭ লাখ ব্যক্তিৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল। ইয়াৰে গ্ৰামাঞ্চলত ২.১৬ লাখ আৰু চহৰাঞ্চলত ১.৬১ লাখ। সৰ্বভাৰতীয় পৰ্যায়ত ২০২৫ চনৰ জুন আৰু আগষ্টৰ ভিতৰত দুয়োটা মূল নিয়োগ সূচকৰ উন্নতি হৈছে: এলএফপিআৰ—যিটোৱে জনসংখ্যাৰ ১৫ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ কাম কৰি থকা বা কাম বিচাৰি থকা ব্যক্তিসকলৰ অংশক জুখি উলিয়াই। এনে লোকৰ সংখ্যা ২০২৫ৰ জুন মাহত ৫৪.২%ৰ পৰা আগষ্ট মাহত ৫৫%লৈ বৃদ্ধি পাইছে। ডপ্লিউ পি আৰ-জনসংখ্যাত নিয়োজিত ব্যক্তিৰ অংশ প্ৰতিফলিত কৰা জিডিপিও ২০২৫ চনৰ জুন মাহত ৫১.২%ৰ পৰা আগষ্ট মাহত ৫২.২%লৈ বৃদ্ধি পাইছে।
ডব্লিউ পি আৰৰ এই বৃদ্ধি গ্ৰাম্য আৰু চহৰ দুয়োটা অঞ্চলতে দেখা গৈছে, যিয়ে সামগ্ৰিকভাৱে ৰাষ্ট্ৰীয় উন্নতিত অৰিহণা যোগাইছিল। এই প্ৰৱণতাবোৰে একেলগে এক স্বাস্থ্যকৰ আৰু অধিক সক্ৰিয় শ্ৰমিক বজাৰৰ ওপৰত আলোকপাত কৰে। বিস্তৃতৰূপত ১৫ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ ব্যক্তিৰ এলএফপিআৰ ২০১৭−১৮ চনত ৪৯.৮%ৰ পৰা ২০২৩−২৪ চনত ৬০.১%লৈ বৃদ্ধি পাইছে আৰু ডব্লিউপিআৰ ৪৬.৮%ৰ পৰা ৫৮.২%লৈ বৃদ্ধি পাইছে।
ক্ষেত্ৰীয় ধাৰালৈ চালে ২০২৫ চনৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত কৃষি খণ্ডই সৰ্বাধিক গ্ৰাম্য শ্ৰম শক্তিৰ অংশগ্ৰহণ (পুৰুষৰ বাবে ৪৪.৬% আৰু মহিলাৰ বাবে ৭০.৯%) আছিল, আনহাতে তৃতীয় পৰ্যায়ৰ খণ্ড (সেৱা খণ্ড) চহৰ অঞ্চলত নিয়োগৰ সৰ্বাধিক উৎস আছিল (পুৰুষৰ বাবে ৬০.৬% আৰু মহিলাৰ বাবে ৬৪.৯%)। এই ত্ৰৈমাসিকত দেশত গড়ে ১৫ বছৰ আৰু ততোধিক বয়সৰ ৫৬৪ নিযুত ব্যক্তিয়ে কৰ্মসংস্থাপন লাভ কৰিছিল, ইয়াৰে ৩৯.৭ কোটি পুৰুষ আৰু ১৬.৭ কোটি মহিলা।

আনুষ্ঠানিক চাকৰি বৃদ্ধি
২০২৪-২৫ চনত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাত (ইপিএফঅ’) ১ কোটি ২৯ লাখতকৈ অধিক ব্যক্তিয়ে যোগ কৰিছিল, যি ২০১৮-১৯ চনত ৬১.১২ লাখ আছিল। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত ট্ৰেকিং ব্যৱস্থাটো আৰম্ভ কৰাৰ পিছৰে পৰা কেৱল ২০২৫ চনৰ জুলাই মাহত ২১ কোটি ৪ লাখ ব্যক্তিকে ধৰি ৭.৭৩ কোটিতকৈ অধিক ব্যক্তিয়ে যোগদান কৰিছে। ইয়াৰ দ্বাৰা আনুষ্ঠানিককৰণৰ ক্ৰমবৰ্ধমান স্তৰ আৰু সামাজিক সুৰক্ষাৰ বৰ্ধিত কভাৰেজ প্ৰতিফলিত হয়। ক্ৰমাৎ বৃদ্ধি পোৱা নিয়োগৰ সুযোগ, কৰ্মচাৰীৰ সুবিধাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু ইপিএফঅ’ৰ সফল প্ৰচাৰ কাৰ্যসূচীৰ বাবে ২০২৫ চনৰ জুলাই মাহত ৯.৭৯ লাখ নতুন ব্যক্তিক সংযোজন কৰা হয় (কেৱল ১৮-২৫ বছৰ বয়সৰ গোটত ৬০%)।
তদুপৰি, ২০১৭−১৮ চনত আত্মসংস্থাপন ৫২.২%ৰ পৰা ২০২৩−২৪ চনত ৫৮.৪%লৈ বৃদ্ধি পাইছে, আনহাতে অনানুষ্ঠানিক শ্ৰম ২৪.৯%ৰ পৰা ১৯.৮%লৈ হ্ৰাস পাইছে। এই পৰিৱৰ্তনে চৰকাৰী পদক্ষেপৰ দ্বাৰা সমৰ্থিত উদ্যোগীকৰণ আৰু স্বাধীন কামৰ দিশত এক প্ৰবাহক প্ৰতিফলিত কৰে ।

অস্থায়ী শ্ৰমিক আৰু দৰমহা পোৱা কৰ্মচাৰীৰ মজুৰি বৃদ্ধি
অস্থায়ী শ্ৰমিকৰ (ৰাজহুৱা কামৰ শ্ৰমিক বাদ দি) গড় দৈনিক মজুৰি ২০১৭ চনৰ জুলাই-ছেপ্টেম্বৰ মাহত ২৯৪ টকাৰ পৰা ২০২৪ চনৰ এপ্ৰিল-জুন মাহত ৪৩৩ টকালৈ বৃদ্ধি পাইছে।একেদৰে একে সময়ছোৱাত নিয়মীয়া দৰমহা পোৱা শ্ৰমিকৰ গড় মাহিলী আয় ১৬,৫৩৮ টকাৰ পৰা ২১,১০৩ টকালৈ বৃদ্ধি পাইছে। এই লাভসমূহে উচ্চ আয়ৰ স্তৰ, উন্নত নিয়োগৰ সুস্থিৰতা আৰু চাকৰিৰ মানদণ্ড উন্নত হোৱাৰ ইংগিত দিয়ে।
নিবনুৱা সমস্যা
আন এটা ইতিবাচক লক্ষণ হৈছে নিবনুৱাৰ হাৰ আকৰ্ষণীয়ভাৱে ২০১৭−১৮ চনৰ ৬.০%ৰ পৰা ২০২৩-২৪ চনত ৩.২%লৈ হ্ৰাস পাইছে। ইয়াৰ দ্বাৰা শ্ৰমশক্তিৰ উৎপাদনশীল নিয়োগলৈ শক্তিশালী পৰিৱৰ্তন হোৱাৰ ইংগিত পোৱা যায়। একে সময়তে যুৱ নিবনুৱাৰ হাৰ ১৭.৮%ৰ পৰা ১০.২%লৈ হ্ৰাস পাই বিশ্বৰ গড় ১৩.৩%ৰ তললৈ নামি আহিছে বুলি আইএলঅ’ৰ বিশ্ব নিয়োগ আৰু সামাজিক দৃষ্টিভংগী, ২০২৪ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

২০২৫ চনৰ আগষ্ট মাহত পুৰুষ (১৫ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ) নিবনুৱাৰ হাৰ ৫% লৈ হ্ৰাস পাইছে, যি এপ্ৰিলৰ পিছত সৰ্বনিম্ন। এই হ্ৰাসৰ কাৰণ হৈছে চহৰীয়া পুৰুষৰ নিবনুৱা হাৰ হ্ৰাস, যি জুলাই মাহত ৬.৬%ৰ পৰা আগষ্ট মাহত ৫.৯%লৈ হ্ৰাস পাইছে, আনহাতে গ্ৰাম্য পুৰুষৰ নিবনুৱা সমস্যা ৪.৫%লৈ হ্ৰাস পাইছে, যি চাৰি মাহৰ ভিতৰত সৰ্বনিম্ন। সামগ্ৰিকভাৱে গ্ৰাম্য নিবনুৱাৰ হাৰ একেৰাহে তিনিমাহ ধৰি হ্ৰাস পাইছে, যি মে’ মাহত ৫.১%ৰ পৰা ২০২৫ চনৰ আগষ্ট মাহত ৪.৩% হৈছে।
শ্ৰমশক্তিৰ নেতৃত্বত মহিলা
২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ অন্যতম মূল স্তম্ভ হৈছে ভাৰতত ৭০% মহিলা শ্ৰমশক্তিৰ অংশগ্ৰহণ নিশ্চিত কৰা। আজি বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহে ভাৰতে সৰ্বোচ্চ লিংগ সমতা থকা শীৰ্ষ দেশসমূহৰ তালিকাত স্থান লাভ কৰাৰ বাবে প্ৰশংসা কৰিছে। ২০১৭-১৮ চনৰ পৰা ২০২৩-২৪ চনৰ ভিতৰত মহিলাৰ নিয়োগৰ হাৰ প্ৰায় দুগুণ বৃদ্ধি পাইছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৭-১৮ চনত মহিলাৰ এলএফপিআৰ ২৩.৩%ৰ পৰা ২০২৩-২৪ চনত ৪১.৭%লৈ বৃদ্ধি পাইছে।
১৫ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ মহিলাৰ বাবে ২০১৭-১৮ চনত ২২%ৰ পৰা ২০২৩-২৪ চনত ৪০.৩%লৈ ডব্লিউপিআৰ বৃদ্ধি পাইছে। ইয়াৰোপৰি এলএফপিআৰ ২৩.৩%ৰ পৰা ৪১.৭%লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মহিলাৰ ডব্লিউপিআৰ ২০২৫ চনৰ জুন মাহত ৩০.২%, জুলাই মাহত ৩১.৬%ৰ পৰা আগষ্ট মাহত ৩২.০%লৈ বৃদ্ধি পাইছে।২০২৫ চনৰ জুন মাহত ৩২.০% আৰু জুলাই মাহত ৩৩.৩%ৰ পৰা আগষ্ট মাহত ৩৩.৭%লৈ বৃদ্ধি পাইছে।

তদুপৰি ইপিএফঅ’ৰ শেহতীয়া পে-ৰোলৰ তথ্যই মহিলাসকলৰ মাজত আনুষ্ঠানিক নিয়োগৰ ক্ৰমবৰ্ধমান ধাৰাক উজ্জ্বল কৰি তুলিছে। ২০২৪-২৫ চনৰ ভিতৰত ইপিএফঅ’ত ২৬.৯ লাখ মুঠ মহিলাক সংযোজন কৰা হৈছিল। ২০২৫ চনৰ জুলাই মাহত প্ৰায় ২.৮০ লাখ নতুন মহিলা গ্ৰাহকে যোগদান কৰে, যাৰ ফলত পে-ৰোলত মহিলাৰ মুঠ সংখ্যা প্ৰায় ৪.৪২ লাখ হ’ল। এই তথ্যই আজিৰ অধিক অন্তৰ্ভুক্ত আৰু বৈচিত্ৰময় শ্ৰমশক্তিক নিশ্চিত কৰে।

নতুন উদ্যোগ, নিয়োগ ক্ষেত্ৰ
বৰ্তমান প্ৰযুক্তিগত উদ্ভাৱন, বিশ্বায়ন আৰু বিকশিত গ্ৰাহকৰ দ্বাৰা পৰিচালিত হৈ ভাৰতত নতুন উদ্যোগ আৰু নিয়োগ খণ্ড দ্ৰুতগতিত উত্থান ঘটিছে।
- স্বাস্থ্যসেৱা প্ৰযুক্তি, ই-কমাৰ্চ লজিষ্টিক, ফিনটেক আৰু এড-টেকৰ দৰে খণ্ডসমূহ অভূতপূৰ্ব গতিত বৃদ্ধি পাইছে।
- এই উদ্যোগসমূহে কেৱল কামৰ প্ৰকৃতিৰ পৰিৱৰ্তন কৰাই নহয়, বিশেষকৈ যুৱক-যুৱতী আৰু ডিজিটেলী দক্ষ শ্ৰমিকসকলৰ বাবে নতুন আৰু বৈচিত্ৰময় নিয়োগৰ সুযোগো সৃষ্টি কৰিছে।
- ক্ৰমৱৰ্ধমান ডিজিটেল অৰ্থনীতি আৰু নবীকৰণযোগ্য শক্তি খণ্ডই চাকৰি সৃষ্টিৰ বাবে বৰ্ধিত সুযোগ প্ৰদান কৰিছে।
- এই দুয়োটা খণ্ডই নিয়োগ বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা ৰাখে, বিশেষকৈ মহিলাসকলৰ বাবে সুযোগ মুকলি কৰি আৰু এইদৰে তেওঁলোকৰ আৰ্থিক স্বাধীনতা আৰু সৱলীকৰণক প্ৰসাৰিত কৰিছে।.
গিগ অৰ্থনীতি
ভাৰতৰ বিকশিত চাকৰি বজাৰৰ এটা সংজ্ঞায়িত বৈশিষ্ট্য হৈছে গিগ অৰ্থনীতিৰ উত্থান, যিয়ে পৰম্পৰাগত নিয়োগ নীতিক সংজ্ঞায়িত কৰিছে। ফ্ৰীলান্স আৰু প্ৰকল্পভিত্তিক কাম আগবঢ়োৱা ডিজিটেল প্লেটফৰ্মৰ প্ৰসাৰৰ লগে লগে বহুসংখ্যক ভাৰতীয়ই বিশেষকৈ মিলেনিয়াম আৰু জেন জেডে নমনীয় আৰু অগতানুগতিক কামৰ ব্যৱস্থা বাছি লৈছে। এই ধাৰাটো কণ্টেণ্ট ক্ৰিয়েচন, গ্রাফিক ডিজাইন, মাৰ্কেটিং, ছফ্টৱেৰ ডেভেলপমেণ্ট আৰু কনচালটিং আদি খণ্ডত দেখা গৈছে।
ভাৰতৰ গিগ শ্ৰমশক্তি ২০২৪-২৫ চনত এক কোটিৰ পৰা ২০২৯-৩০ চনৰ ভিতৰত ২ কোটি ৩৫ লাখলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
সামাজিক সুৰক্ষা সংহিতা (২০২০) আৰু ই-শ্ৰম পৰ্টেলৰ দৰে ব্যৱস্থাৰ জৰিয়তে চৰকাৰে গিগ আৰু প্লেটফৰ্ম কৰ্মীসকলক স্বীকৃতি, সুৰক্ষা আৰু সবলীকৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ৩১.২ কোটিতকৈ অধিক শ্ৰমিকে পঞ্জীয়ন কৰিছে, যিয়ে নমনীয় কাম, কৰ্ম-জীৱনৰ ভাৰসাম্য, আৰু ডিজিটেল জীৱিকাৰ দিশত এক বহল বিশ্বব্যাপী ধাৰাক সূচায়।.
ষ্টাৰ্টআপ আৰু বিশ্ব সক্ষমতা কেন্দ্ৰ (জিচিচি)
শিক্ষা আৰু নিয়োগৰ মাজৰ ব্যৱধান দূৰ কৰাৰ লক্ষ্যৰে নিৰ্ধাৰণ কৰা পদক্ষেপৰ জৰিয়তে ভাৰতৰ জনগাঁথনিগত লভ্যাংশ সক্ৰিয়ভাৱে লাভৱান হৈছে। ষ্টাৰ্টআপ আৰু বিশ্ব সক্ষমতা কেন্দ্ৰ (জিচিচি)ৰ দৰে সম্ভাৱনাপূৰ্ণ খণ্ডসমূহো নিয়োগ বৃদ্ধিৰ সাক্ষী হৈছে, যিয়ে যুৱক-যুৱতীসকলৰ বাবে নতুন আৰু বৈচিত্ৰময় নিয়োগৰ সুযোগ সৃষ্টি কৰিছে। ভাৰতৰ ষ্টাৰ্টআপ ইক’চিষ্টেম বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম, ২০২৫ চনৰ ভিতৰত ১.৯ লাখ ডিপিআইআই স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপে ১৭ লাখতকৈ অধিক চাকৰি আৰু ১১৮টা ইউনিকৰ্ণৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
তলত ভাৰতৰ নিয়োগৰ পৰিৱেশৰ খণ্ডভিত্তিক বৃদ্ধিৰ বিষয়ে স্পষ্ট বুজাবুজি প্ৰদান কৰা কেতবোৰ আকৰ্ষণীয় তথ্য দিয়া হ’ল:

ভাৰতৰ নিয়োগৰ পৰিস্থিতি শক্তিশালী কৰাৰ বাবে চৰকাৰী মূল পদক্ষেপসমূহ
উচ্চমানৰ, বিশ্ব প্ৰতিযোগিতামূলক শ্ৰমশক্তিৰ সৈতে দক্ষতা পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলি ভাৰতে বিশ্বৰ চাকৰি বজাৰত যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা বৃদ্ধি কৰিব পাৰে। বিভিন্ন চৰকাৰী পদক্ষেপৰ জৰিয়তে স্থায়ী প্ৰচেষ্টাৰ ফলত শ্ৰমশক্তিৰ অধিক অংশগ্ৰহণ, নিবনুৱা সমস্যা হ্ৰাস, আয়ৰ উন্নতি, পৰম্পৰাগতৰ লগতে নতুন যুগৰ খণ্ডতো অধিক সুযোগ দেখা পোৱা গৈছে।
স্কিল ইণ্ডিয়া
স্কিল ইণ্ডিয়া অভিযানৰ অধীনত দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে (এমএছডিই) দেশজোৰা কেন্দ্ৰৰ নেটৱৰ্কৰ জৰিয়তে দক্ষতা, পুনৰ দক্ষতা, আৰু উন্নীতকৰণ প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰধান কাৰ্যসূচীসমূহৰ ভিতৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত:

ৰোজগাৰ মেলা
|
চৰকাৰে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ জৰিয়তে দেশত নিয়োগৰ পদক্ষেপক প্ৰচাৰৰ বাবে ৰোজগাৰ মেলাৰ আয়োজন কৰে। এই অনুষ্ঠানৰ লক্ষ্য হৈছে নিবনুৱা যুৱক-যুৱতীসকলক ব্যক্তিগত খণ্ডৰ উপযুক্ত চাকৰিৰ সুযোগৰ সৈতে সংযোগ কৰা। এইবোৰ আধাদিনীয়া অনুষ্ঠান য’ত নিয়োগকৰ্তা আৰু চাকৰি প্ৰত্যাশীসকলে চাকৰিৰ পদৰ বাবে আবেদন আৰু সাক্ষাৎকাৰৰ বাবে সমবেত হয়। উল্লেখযোগ্য যে ১৬ মাহত ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে ৰোজগাৰ মেলাৰ জৰিয়তে চাকৰি লাভ কৰিছে।
|
পিএম বিশ্বকৰ্মা
|
এই আঁচনিৰ লক্ষ্য হৈছে শিল্পী আৰু কাৰিকৰসকলক তেওঁলোকৰ পৰম্পৰাগত সামগ্ৰী আৰু সেৱাৰ প্ৰচাৰৰ বাবে সামগ্ৰিক সহায় আগবঢ়োৱা। ২০২৫ চনৰ ৩১ আগষ্টলৈকে প্ৰায় ৩০ লাখ পঞ্জীয়নভুক্ত শিল্পী আৰু কাৰিকল আছিল, আৰু ইয়াৰে ২৬ লাখতকৈ অধিক হিতাধিকাৰীৰ দক্ষতা পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে।
|
আই টি আই উন্নীতকৰণ আঁচনি
|
২০২৫ চনৰ মে’ মাহত অনুমোদিত এই আঁচনিখনে হাব-এণ্ড-স্প’ক মডেলত ১০০০ চৰকাৰী আইটিআইক ৰাজ্যৰ নেতৃত্বত, উদ্যোগ পৰিচালিত দক্ষতা প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ পৰিকল্পনা কৰিছে। ২০০খন আই টি আইয়ে হাব-এণ্ড-স্প’ক প্ৰতিষ্ঠান হিচাপে কাম কৰিব। ইয়াৰোপৰি পাঁচ বছৰৰ ভিতৰত ২০ লাখ যুৱক-যুৱতী দক্ষ হ’ব।
|
নিয়োগ সংযুক্ত উদগনি (ইএলআই) আঁচনি
|
এই আঁচনিৰ লক্ষ্য হৈছে উৎপাদন খণ্ডত গুৰুত্ব দি নিয়োগ সৃষ্টি কৰা, নিয়োগযোগ্যতা বৃদ্ধি কৰা আৰু সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণ কৰা। ইয়াৰ লক্ষ্য হৈছে ১ লাখ কোটি টকা ব্যয়ৰে দুবছৰত ৩.৫ কোটিতকৈ অধিক চাকৰি সৃষ্টি কৰা।
|
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এমজিএনৰেগা)
|
এই আঁচনিখনৰ লক্ষ্য হৈছে গ্ৰাম্য পৰিয়ালসমূহৰ জীৱিকা সুৰক্ষা বৃদ্ধি কৰিবলৈ প্ৰাপ্তবয়স্ক অদক্ষ শাৰীৰিক শ্ৰম কৰিবলৈ ইচ্ছুক সদস্যসকলক ১০০ দিনৰ নিশ্চিত মজুৰি দিয়া। ২০২৫-২৬ বিত্তীয় বৰ্ষত এমজিএনৰেগাৰ বাবে ৮৬,০০০ কোটি টকা আবণ্টন কৰা হৈছে, যিটো ২০০৫ চনত আঁচনিখন আৰম্ভ হোৱাৰ পিছত সৰ্বাধিক ধনৰাশি হিচাপে বিবেচিত হৈছে।
|
প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা
|
২০২৫ চনৰ আগষ্ট মাহত আৰম্ভ হোৱা এই আঁচনিৰ লক্ষ্য হৈছে নিয়োগকৰ্তা আৰু কৰ্মচাৰী উভয়কে উদগনি দি কৰ্মসংস্থাপন সৃষ্টি কৰা। ২০২৫ চনৰ আগষ্টৰ পৰা ২০২৭ চনৰ জুলাইলৈকে চলিবলগীয়া এই আঁচনিখনৰ মুঠ বাজেট আবণ্টিত ধন ৯৯,৪৪৬ কোটি টকা। এই আঁচনি ২০২৫-২৬ৰ পৰা ২০৩১-৩২ বিত্তীয় বৰ্ষলৈকে ৰূপায়ণ কৰা হ’ব। আঁচনিখনৰ দুটা ভাগত বিভক্ত কৰা হৈছেঃ
‘ক’ খণ্ড: ১.৯২ কোটি নতুন যোগ্য কৰ্মচাৰী নিযুক্তিৰ বাবে উদগনি প্ৰদান কৰে।
‘খ’ খণ্ড: প্ৰায় ২.৫৯ কোটি অতিৰিক্ত চাকৰি সৃষ্টি কৰিবলৈ নিয়োগকৰ্তাসকলক উদগনি জনোৱা।
|
তদুপৰি কোম্পানীসমূহত ইণ্টাৰ্ণশ্বিপ (পিএম ইণ্টাৰ্ণশ্বিপ আঁচনি) আৰু দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ বাবে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ দৰে পদক্ষেপৰ জৰিয়তে উদ্যোগৰ বাবে সাজু শ্ৰমশক্তি সৃষ্টিৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি যাবলৈ সাজু হৈছে। তদুপৰি মেক ইন ইণ্ডিয়া পদক্ষেপৰ লক্ষ্য হৈছে উৎপাদনক পুনৰুজ্জীৱিত কৰি তোলা আৰু বিশেষকৈ অৰ্ধদক্ষ আৰু অদক্ষ শ্ৰমিকৰ বাবে বৃহৎ পৰিসৰৰ কৰ্মসংস্থাপন সৃষ্টি কৰা।
মহিলাসকলৰ বাবে বিশেষ পদক্ষেপ
এই নিৰ্দিষ্ট পদক্ষেপসমূহৰ লক্ষ্য হৈছে দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণৰ জৰিয়তে মহিলাসকলক সবলীকৰণ কৰা। তলত কেতবোৰ মূল চৰকাৰী পদক্ষেপ উল্লেখ কৰা হৈছে যিয়ে ভাৰতীয় মহিলা নিয়োগৰ পৰিৱেশক শক্তিশালী কৰি তুলিছে, যাৰ ফলত মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণ হৈছে।
নমো ড্ৰোন দিদিঃ এই কেন্দ্ৰীয় আঁচনিখন মহিলা নেতৃত্বাধীন আত্মসহায়ক গোট (এছএইচজি) সমূহক কৃষি সেৱা প্ৰদানৰ বাবে ড্ৰোন প্ৰযুক্তিৰে সজ্জিত কৰি সবলীকৰণৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা হৈছে। আঁচনিৰ লক্ষ্য হৈছে কৃষকসকলক কৃষি উদ্দেশ্যে (বৰ্তমান তৰল সাৰ আৰু কীটনাশক প্ৰয়োগৰ বাবে) ভাড়া সেৱা প্ৰদান কৰিবলৈ নিৰ্বাচিত মহিলা এছএইচজিসমূহক ১৫,০০০ ড্ৰোন (২০২৪-২৫ৰ পৰা ২০২৫-২০২৬লৈ) প্ৰদান কৰা। এই পদক্ষেপে প্ৰতিটো এছএইচজিৰ বাবে বছৰি কমেও ১ লাখ টকা অতিৰিক্ত আয়ৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে, যিয়ে অৰ্থনৈতিক সবলীকৰণ আৰু বহনক্ষম জীৱিকা সৃষ্টিত অৰিহণা যোগাব।
মিছন শক্তিঃ সজাগতা বৃদ্ধি, নিৰাপদ পৰিৱেশ সৃষ্টি, কৰ্মশালা আৰু প্ৰশিক্ষণ প্ৰদান কৰি মিছন শক্তিয়ে মহিলাৰ জীৱনক ৰূপান্তৰিত কৰাৰ লগতে সৰ্বাংগীন আৰু সৱল সমাজক প্ৰসাৰিত কৰাৰ বাবে চেষ্টা কৰে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়েও মিছন শক্তিৰ অধীনত ‘পালনা’ উপাদান ৰূপায়ণ কৰি আছে, যাৰ লক্ষ্য হৈছে ডে-কেয়াৰ সেৱা আৰু শিশু সুৰক্ষা প্ৰদান কৰা।
লাখপতি দিদি আঁচনিঃ এগৰাকী লাখপতি দিদি হৈছে এজন আত্মসহায়ক গোটৰ সদস্যা যাৰ বাৰ্ষিক ঘৰুৱা আয় ১,০০,০০০ টকা বা তাতকৈ অধিক। এই আয় কমেও চাৰিটা কৃষি ঋতু আৰু/বা ব্যৱসায়িক চক্ৰৰ বাবে গণনা কৰা হয়, যাৰ গড় মাহেকীয়া আয় ১০,০০০ টকাতকৈ অধিক হয়, যাতে ই বহনক্ষম ব্যৱস্থা হয়। ভাৰতে ৩ কোটি লাখপতি দিদি সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে আৰু ইতিমধ্যে ২ কোটি মহিলাই এই মাইলৰ খুঁটিত উপনীত হৈছে।
তদুপৰি বেংক সখী, বীমা সখী, কৃষি সখী, পশু সখী আদি বিভিন্ন আঁচনিৰ দ্বাৰা মহিলাসকলে বহনক্ষম কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। মহিলা উদ্যোগীকৰণক প্ৰসাৰিত কৰিবলৈ চৰকাৰে সহজে ঋণৰ সুবিধা, বিপণন সমৰ্থন, দক্ষতা বিকাশ, মহিলাৰ ষ্টাৰ্টআপৰ বাবে সমৰ্থন আৰু বহুতো ক্ষেত্ৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। পি এম নিয়োগ নিশ্চয়তা কাৰ্যসূচী, সংকল্প, পিএম ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ আঁচনি, জনজাতীয় মহিলা সৱলীকৰণ আঁচনি, স্বয়ং শক্তি সহকৰ যোজনা, ডিই-এনআৰএলএম আৰু অন্যান্য আঁচনি আৰু পদক্ষেপসমূহে আৰ্থিক সহায়, দক্ষতা প্ৰশিক্ষণ আৰু মেণ্টৰশ্বিপ প্ৰদান কৰি মহিলা নেতৃত্বাধীন উদ্যোগসমূহক প্ৰসাৰিত কৰিছে। এই ব্যৱস্থাসমূহে মহিলা উদ্যোগীসকলক তেওঁলোকৰ ব্যৱসায় আৰম্ভ আৰু সম্প্ৰসাৰণৰ বাবে শক্তিশালী কৰি তুলিছে।
শ্ৰমশক্তিত মহিলাসকলৰ অংশগ্ৰহণ আৰু অধিক বৃদ্ধিৰ বাবে চৰকাৰে কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে, যেনে বিজ্ঞান আৰু অভিযান্ত্ৰিকীত মহিলা (ৱাইজ-কিৰণ) আৰু এচইআৰবি-পাৱাৰ, যিয়ে মহিলাসকলক গৱেষণা আৰু উন্নয়নৰ বাবে উৎসাহ যোগায়।
নিয়োগৰ পৰিৱেশ
এই দ্ৰুতগতিত বিকশিত হোৱা সমাজত সফল হ’বলৈ তিনিটা মূল প্ৰশ্ন উত্থাপন হৈছে: আমি কেনেকৈ দ্ৰুতগতিত প্ৰযুক্তি-চালিত চাকৰিৰ বজাৰখন চম্ভালিব পৰাকৈ ডিজিটেলভাৱে দক্ষ শ্ৰমশক্তি গঢ়ি তুলিম? প্ৰকৃততে সৰ্বাংগীন শ্ৰমশক্তি গঢ়ি তুলিবলৈ আমি কি কৌশল গ্ৰহণ কৰিব পাৰো, য’ত বৈচিত্ৰ্যৰ মূল্য দিয়া হয় আৰু সকলোৰে সমান সুযোগ থাকে? তদুপৰি উদ্যোগসমূহে পৰিৱেশ বহনক্ষমতাক অগ্ৰাধিকাৰ দিয়াৰ লগে লগে আমি পৰিৱেশ অনুকূল পদ্ধতি আৰু মূল্যবোধসমূহক আমাৰ শ্ৰমশক্তিৰ সংস্কৃতিত কেনেকৈ একত্ৰিত কৰিব পাৰো?
মন কৰিবলগীয়া যে ওপৰৰ তিনিওটা প্ৰশ্নৰ উত্তৰ ভাৰতত আছে, কিয়নো চৰকাৰে দক্ষতা বিকাশ আৰু কাৰিকৰী দক্ষতা উন্নীতকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ কাম পূৰ্ণগতিত চলাই আছে। চৰকাৰে সৰ্বাংগীন বৃদ্ধিৰ বাবে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বক প্ৰসাৰিত কৰিছে আৰু ডিজিটেল সাক্ষৰতা আৰু পৰিৱেশ অনুকূল শ্ৰমশক্তিৰ মূল্যবোধক লালন-পালন কৰিছে। তদুপৰি ই শ্ৰমশক্তিৰ বিকাশত অন্তৰ্ভুক্তি আৰু বহনক্ষমতাক অগ্ৰাধিকাৰ দিয়ে।

জিচিচিৰ আন এটা আমোদজনক কথা হ’ল যে ই কৃত্ৰিম বুদ্ধিমত্তা, তথ্য বিশ্লেষণ, ৰবটিক প্ৰক্ৰিয়া স্বয়ংক্ৰিয়কৰণ, ডিজিটেল বাণিজ্য, চাইবাৰ সুৰক্ষা, ব্লকচেইন, বৰ্ধিত বাস্তৱতা, আৰু ভাৰ্চুৱেল বাস্তৱতাকে ধৰি উদীয়মান প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত আগৰণুৱা। মন কৰিবলগীয়া যে ভাৰত "বিশ্বৰ জিচিচি ৰাজধানী" হ'বলৈ সাজু হৈছে, য'ত ১৭০০টা বিশ্ব সক্ষমতা কেন্দ্ৰ (জিচিচি)ত ২০ লাখৰো অধিক লোকে নিয়োজিত হৈছে। ২০৩০ চনৰ ভিতৰত এই সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
সামৰণি
পৰিসংখ্যা অনুসৰি ভাৰতৰ অৰ্থনৈতিক ধাৰাই মূল খণ্ডসমূহত সামঞ্জস্যপূৰ্ণ চাকৰি সৃষ্টিত বিশেষ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, যিয়ে বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে ইয়াৰ স্থান দৃঢ় কৰি তুলিছে। এক সজীৱ গণতন্ত্ৰ, এক সুস্থিৰ আৰু গতিশীল অৰ্থনীতি আৰু বৈচিত্ৰৰ ঐক্যত শিপাই থকা সংস্কৃতিৰ সমৰ্থনত ভাৰত বিশ্বৰ শক্তিশালী দেশ হোৱাৰ পথত ক্ৰমাগতভাৱে আগবাঢ়িছে।
ভাৰতৰ মধ্যকালীন বৃদ্ধিৰ গতিপথ এক দশকৰ শক্তিশালী অৰ্থনৈতিক প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, য'ত শ্ৰমিক বজাৰৰ সংস্কাৰৰ লগতে অন্যান্য মেক্ৰ'ইকন'মিক মৌলিক বিষয় আৰু বহনক্ষম গাঁথনিগত আৰু শাসনমূলক সংস্কাৰসমূহ অন্তৰ্ভুক্ত হৈ আছে। ভাৰতে আধুনিকীকৰণ আৰু বিকাশ অব্যাহত ৰখাৰ লগে লগে, কৰ্মশক্তিৰ বিকাশক উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখিব পৰাটো বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক অৰ্থনৈতিক প্ৰগতিৰ বাবে এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈ ৰ'ব।
সমল
PIB Archives
Directorate General of Employment (DGE) India website
Indian Labour Statistics websites
Ministry of Statistics and Programme Implementation website
Ministry of Skill Development and Entrepreneurship
Ministry of Labour& Employment
Ministry of Commerce & Industry
PM India website/ PMO
Rajya Sabha website
DD news website
World Economic Forum report
International LabourOrganisation
Niti Aayog
Building the Workforce: India Adds~17 Crore Jobs in 6 years
*****
BM/DPS/DB
(Explainer ID: 155663)
आगंतुक पटल : 65
Provide suggestions / comments