• Sitemap
  • Advance Search
Others

ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইন

"ভাৰতৰ গ্ৰাহক সুৰক্ষাৰ ফ্ৰণ্টলাইন"

Posted On: 16 OCT 2025 12:41PM

মুখ্য তথ্য

  • ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনৰ জৰিয়তে ৭,২৫৬টা গ্ৰাহকৰ অভিযোগ সমাধান কৰি ২০২৫ চনৰ জুলাই মাহত ২.৭২ কোটি টকা ঘূৰাই দিয়া হৈছে।
  • ই-কমাৰ্ছ খণ্ডই ১.৩৪ কোটি টকাৰ ৰিফাণ্ডৰ অভিযোগৰ সমাধানেৰে শীৰ্ষস্থান দখল কৰিছে।
  • ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনত ৩,৯৮১টা জিএছটি সংস্কাৰ ২০২৫ সম্পৰ্কীয় ফোনকল আহিছে; আৰু ইয়াৰে ৩১% প্ৰশ্ন আৰু ৬৯% অভিযোগ।
  • ফোনকলৰ সংখ্যা দহগুণতকৈও অধিক বৃদ্ধি হৈ, ২০১৫ চনৰ ডিচেম্বৰ মাহত ১২,৫৫৩ জনৰ পৰা ২০২৪ চনৰ ডিচেম্বৰ মাহত ১,৫৫,১৩৮ জন হৈছে।
  • গড় মাহেকীয়া অভিযোগ পঞ্জীয়নৰ সংখ্যা ২০১৭ চনৰ ৩৭,০৬২ৰ পৰা বৃদ্ধি হৈ ২০২৫ চনত ১,৭০,৫৮৫ হৈছে।
  • ২০১৭ চনত ২৬৩জনৰ পৰা ২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে কনভাৰজেঞ্চ পাৰ্টনাৰৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই ১,১৪২টা কোম্পানীলৈ বৃদ্ধি পাইছে।

 

পাতনি

বিহাৰৰ নালন্দাৰ এজন গ্ৰাহকে বৈধ ৰেচন কাৰ্ড থকাৰ পিছতো চাৰি মাহ ধৰি ৰেচন যোগান পোৱাত কষ্ট কৰিবলগীয়া হৈছিল। স্থানীয়ভাৱে সহায় লাভ কৰাৰ প্ৰচেষ্টাও সফল হোৱা নাছিল। গ্ৰাহকজনে তেতিয়া ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনৰ কাষ চাপিছিল, যিয়ে ৰেচন যোগান পুনৰুদ্ধাৰ কৰাটো নিশ্চিত কৰিছিল। কৃতজ্ঞতা জ্ঞাপন কৰি গ্ৰাহকজনে কৈছিল, "মই আপোনাক কিধৰণে, কি শব্দত ধন্যবাদ জ্ঞাপন কৰোঁ ছাৰ। আপোনাৰ জৰিয়তে মোৰ এই সমস্যা সমাধান হৈছে। মই বহুত সুখী হৈছোঁ। আপোনাক, আপোনাৰ দলক, এই ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনক বহুত-বহুত ধন্যবাদ ।"

 

আন এক ঘটনাত হাৰিয়ানাৰ গুৰগাঁওৰ এজন গ্ৰাহকে এক অনুমোদিত সংস্থাৰ পৰা পোৱা গেছ চিলিণ্ডাৰৰ ওজন জোখতকৈ কম হোৱাৰ অভিযোগ কৰিছিল। সংস্থাটোৰ পৰা কোনো সমাধান নিদিয়াত গ্ৰাহকজনে এনচিএইলৈ আহিছিল। সমস্যাটো তৎক্ষণাত সমাধান কৰা হ’ল। দ্ৰুত পদক্ষেপৰ বাবে প্ৰশংসা কৰি গ্ৰাহকজনে কৈছিল, " সমস্যাটো সমাধান হৈ গ'ল, এইটো বহুত ভাল কথা। আপুনি তৎক্ষণাত ব্যৱস্থা ল’লে আৰু সময়মতে ইয়াৰ সমাধান দিলে।"

 

এইবোৰ কেৱল বিচ্ছিন্ন সফলতাৰ কাহিনী নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইন কেনেদৰে সাধাৰণ নাগৰিকৰ বাবে জীৱন ৰেখা হিচাপে কাম কৰে তাৰ স্পষ্ট উদাহৰণ। ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইন হৈছে গ্ৰাহকক পথ প্ৰদৰ্শন কৰা, অভিযোগ সমাধান কৰা আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে গ্ৰাহক পৰিক্ৰমা বিভাগৰ এক মুখ্য পদক্ষেপ। ই consumerhelpline.gov.in প'ৰ্টেলৰ জৰিয়তে কাম কৰে, যি একত্ৰিত অভিযোগ নিৰাময় ব্যৱস্থা হিচাপে কাম কৰে। প্লেটফৰ্মটোৱে গ্ৰাহক, চৰকাৰী সংস্থা, নিয়ন্ত্ৰক, ন্যায়পাল, কোম্পানী আৰু কল চেণ্টাৰসমূহক এটা একক ছিষ্টেমত একত্ৰিত কৰে।

এই ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকসকলে অনলাইনযোগে অভিযোগ পঞ্জীয়ন কৰিব পাৰে আৰু প্ৰাক-মোকৰ্দমাৰ পৰ্যায়তে সমাধান বিচাৰিব পাৰে। যদি তাৰপিছতো তেওঁলোক অসন্তুষ্ট হৈ থাকে, তেতিয়াও তেওঁলোক গ্ৰাহক আয়োগৰ ওচৰলৈ যোৱাৰ যাব পাৰে। প'ৰ্টেলটোৱে নাগৰিকসকলক তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ দায়িত্বৰ বিষয়ে অৱগত কৰাৰ বাবে এক জ্ঞান মঞ্চ হিচাপেও কাম কৰে।

 

উপভোক্তাৰ অভিযোগৰ নিষ্পত্তিৰ ক্ষেত্ৰত অগ্ৰগতি

প্ৰযুক্তিবিদ্যাৰ সহায়ত হেল্পলাইনৰ উপলব্ধতা আৰু কাৰ্যক্ষমতা যথেষ্ট বৃদ্ধি কৰা হৈছে। ফোনকলৰ সংখ্যা দহগুণতকৈও অধিক বৃদ্ধি হৈ, ২০১৫ চনৰ ডিচেম্বৰ মাহত ১২,৫৫৩ জনৰ পৰা ২০২৪ চনৰ ডিচেম্বৰ মাহত ১,৫৫,১৩৮ জন হৈছে। বৰ্তমান এই প্লেটফৰ্মত প্ৰতি মাহে এক লাখৰো অধিক অভিযোগ পোৱা গৈছে, যি উপভোক্তাসকলৰ বিশ্বাস বৃদ্ধি হোৱাৰ ফল। মাহেকীয়া অভিযোগ পঞ্জীয়নৰ গড় সংখ্যা ২০১৭ চনত ৩৭,০৬২ জনৰ পৰা ২০২৫ চনত ১,৭০,৫৮৫ জনলৈ বৃদ্ধি পাইছে। হেল্পলাইনত ডিজিটেল পদ্ধতিৰ প্ৰৱৰ্তনৰ লগে লগে উপভোক্তাসকলৰ অভিযোগৰ প্ৰায় ৬৫% অনলাইন আৰু ডিজিটেল চেনেলৰ জৰিয়তে পঞ্জীয়ন কৰা হৈছে। হোৱাটছএপৰ জৰিয়তে অভিযোগ পঞ্জীয়ন ২০২৩ চনৰ মাৰ্চ মাহত ৩% ৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহত ২০% লৈ বৃদ্ধি পাইছে।

ইয়াৰ উপৰিও, জুলাই ২০২৫ ত, ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনটোৱে ২৭টা বিভিন্ন খণ্ডত ৭,২৫৬টা উপভোক্তাৰ অভিযোগ সমাধান কৰি মুঠ ২.৭২ কোটি টকা ঘূৰাই দিয়াত সফল হৈছিল। তাৰ আগতে এপ্ৰিল ২০২৫ত মুঠ ৬২ লাখ টকা ঘূৰাই দিয়াৰ লগতে ১০৭৯টা উপভোক্তাৰ অভিযোগৰ সমাধান কৰা হৈছিল। জুলাই ২০২৫ ত ই-কমাৰ্চ খণ্ডটোত সৰ্বাধিক সংখ্যক ধন ঘূৰাই বিচৰাৰ অভিযোগ পোৱা গৈছিল। মুঠ ৩,৫৯৪টা গোচৰ নিষ্পত্তি কৰি ১.৩৪ কোটি টকা ঘূৰাই দিয়া হৈছিল। তাৰোপৰি ভ্ৰমণ আৰু পৰ্যটন খণ্ডত ৩১ লাখ টকাৰ ধন ঘূৰাই দিয়া হৈছিল।

কনভাৰ্জেন্স পদক্ষেপৰ অধীনত, কোম্পানীসমূহে ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনৰ সৈতে স্বেচ্ছামূলক আৰু বিনামূলীয়া ভিত্তিত অংশীদাৰিত্ব আগবঢ়াই যাতে গ্ৰাহকৰ অভিযোগসমূহ দ্ৰুত আৰু বন্ধুত্বপূর্ণভাৱে সমাধান কৰাটো নিশ্চিত কৰিব পাৰি। অভিযোগসমূহ বাস্তৱ সময়ৰ ভিতৰত প্ৰেৰণ কৰা হয়, আৰু কোম্পানীসমূহে ৩০ দিনৰ ভিতৰত সঁহাৰি জনাব বুলি আশা কৰা হয়। ২০১৭ চনত ২৬৩টাৰ পৰা ছেপ্টেম্বৰ, ২০২৫ লৈকে কনভাৰ্জেন্স পাৰ্টনাৰৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই ১,১৪২টা কোম্পানীলৈ বৃদ্ধি পাইছে, যাৰ ফলত সময়মতে অভিযোগৰ নিষ্পত্তিৰ বাবে সহযোগী ব্যৱস্থা শক্তিশালী হৈছে।

 

এনচিএইচ-ৰ সৈতে অংশীদাৰীত্ব কৰিলে পোৱা বিভিন্ন সুবিধাসমূহ

কোম্পানীসমূহে সক্ৰিয়তাৰে গ্ৰাহকৰ অভিযোগবোৰ সমাধান কৰিব পাৰে তথা বিবাদবোৰৰ বৃদ্ধি ৰোধ কৰিব পাৰে।

এই পদ্ধতিটোৱে দ্ৰুত আৰু পাৰস্পৰিক সন্তোষজনক সমাধান সম্ভৱ কৰে, যাৰ ফলত গ্ৰাহক আৰু কোম্পানী উভয়ৰে লাভ হয়।

ই উন্নত সেৱাৰ জৰিয়তে গ্ৰাহক ধৰি ৰখাত আৰু আনুগত্য গঢ়ি তোলাত সহায় কৰে।

অংশগ্ৰহণে শক্তিশালী কৰ্পোৰেট প্ৰশাসনক উৎসাহিত কৰে আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰে।

বিভাগটোৱে সেই কোম্পানীসমূহকো চিনাক্ত কৰে যিবোৰে বৃহৎ পৰিমাণৰ অভিযোগ লাভ কৰে কিন্তু এতিয়াও কনভাৰ্জেন্স পদক্ষেপৰ অংশ নহয়। এনেবোৰ কোম্পানীসমূহক স্বেচ্ছাই কনভাৰ্জেন্স পদক্ষেপত যোগদান কৰিবলৈ উৎসাহ যোগায়। অংশীদাৰ কোম্পানীসমূহে বাস্তৱ-সময়ত অভিযোগৰ তথ্য লাভ কৰে, যাৰ ফলত তেওঁলোকে সমস্যাসমূহ দ্ৰুত আৰু ন্যায্যভাৱে সমাধান কৰিব পাৰে। এয়াই স্বচ্ছতা, জবাবদিহিতা আৰু গ্ৰাহকৰ আত্মবিশ্বাস বৃদ্ধি কৰে। সময়মতে ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ অভিযোগসমূহ পদ্ধতিগতভাৱে প্ৰেৰণ কৰা হয়, আৰু সম্পূৰ্ণ অনলাইন, ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ অনবৰ্ডিং প্ৰক্ৰিয়াই আনুষ্ঠানিক বিচাৰমূলক ব্যৱস্থাৰ ওপৰত বোজা হ্ৰাস কৰাৰ লগতে উদ্যোগবোৰক ব্যাপকভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

 

ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনৰ দ্বাৰা ৰিফাণ্ড বিবাদসমূহত ছাত্ৰ-ছাত্ৰীসকলক সমাধান প্ৰদান

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে, উপভোক্তা পৰিক্ৰমা বিভাগে অসামৰিক সেৱা, অভিযান্ত্ৰিক আৰু অন্যান্য পাঠ্যক্ৰমত নামভৰ্তি কৰা ৬০০ ৰো অধিক শিক্ষাৰ্থীক ১.৫৬ কোটি টকা ঘূৰাই দিছে, কাৰণ প্ৰশিক্ষণ কেন্দ্ৰসমূহে তেওঁলোকৰ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছিল। ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনত দাখিল কৰা অভিযোগৰ জৰিয়তে এই প্ৰচেষ্টা সম্ভৱপৰ হৈছিল। ইয়াৰ দ্বাৰা পূৰণ নকৰা সেৱা, বাতিল কৰা শ্ৰেণী আৰু অন্যায় আচৰণৰ দৰে সমস্যাসমূহ সময়মতে সমাধান কৰা হৈছিল, লগতে প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক স্বচ্ছ, শিক্ষাৰ্থী-বন্ধুত্বপূৰ্ণ ধন ঘূৰাই দিয়াৰ নীতি গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হৈছিল।

জমছেদপুৰৰ এজন জে.ই.ই.ৰ প্ৰত্যাশীয়ে পইচা দিয়াৰ প্ৰমাণ থকা সত্ত্বেও এটা পাঠ্যক্ৰমৰ বাবে বঞ্চিত কৰা হৈছিল। কিন্তু ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনৰ সহায়ত ধন ঘূৰাই পোৱাটো নিশ্চিত কৰা হ’ল। দ্ৰুত সমাধানৰ বাবে কৃতজ্ঞ হৈ শিক্ষাৰ্থীজনে ক’লে, "ধন ঘূৰাই পালো, ধন্যবাদ।"

 

নেক্সট-জেন জিএছটি সংস্কাৰ ২০২৫ৰ সৈতে এনচিএইছ একত্ৰিত

উপভোক্তা পৰিক্ৰমা বিভাগে ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনক নেক্সট-জেনেৰেশ্যন জিএছটি সংস্কাৰ ২০২৫ ৰ সৈতে সংগতি ৰাখিছে, যাক কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠকত ছেপ্টেম্বৰ ২০২৫ ত অনুমোদন জনোৱা হৈছি। এয়া প্ৰধানমন্ত্ৰীয়ে তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰা দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি কৰা হৈছে। সংশোধিত জিএছটি দৰ, হাৰ আৰু ২২ ছেপ্টেম্বৰ, ২০২৫ ৰ পৰা ৰেহাই প্ৰৱৰ্তন কৰাৰ পিছত উপভোক্তাৰ প্ৰশ্ন আৰু অভিযোগ বৃদ্ধি পোৱাটো নিয়ন্ত্ৰণ কৰিবলৈ, ইনগ্ৰাম পৰ্টেলত এটা বিশেষ শ্ৰেণী সৃষ্টি কৰা হৈছিল। এই শ্ৰেণীটোত অটোমোবাইল, বেংকিং, উপভোক্তা স্থায়ী সামগ্ৰী, ই-কমাৰ্চ, দ্ৰুত চালিত উপভোক্তা সামগ্ৰী আৰু অন্যান্যৰ দৰে প্ৰধান খণ্ডসমূহ সামৰি লোৱা হৈছে, য'ত উপভোক্তাসকলে পোনপটীয়াকৈ জিএছটি সম্পৰ্কীয় অভিযোগ পঞ্জীয়ন কৰিব পাৰে।

নেক্সট-জেনেৰেচন জিএছটি সংস্কাৰ ২০২৫ ৰ ৰূপায়ণৰ পিছৰে পৰা, ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনত ২ অক্টোবৰ, ২০২৫ লৈকে জিএছটি সম্পৰ্কীয় সমস্যাৰ বিষয়ে ৩,৯৮১ টা ফোন কল ৰেকৰ্ড কৰা হৈছে। ইয়াৰে ৩১% প্ৰশ্ন আৰু ৬৯% আনুষ্ঠানিক অভিযোগ সমাধান কৰা হৈছে।

 

 

মুঠৰ ভিতৰত ১,৯৯২টা অভিযোগ কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডলৈ (চিবিআইচি) পৰৱৰ্তী পদক্ষেপৰ বাবে প্ৰেৰণ কৰা হৈছে, আনহাতে ৭৬১টা অভিযোগ বাস্তৱ-সময়ত প্ৰত্যক্ষ সমাধানৰ বাবে প্ৰাসংগিক কনভাৰ্জেন্স পাৰ্টনাৰ কোম্পানীবোৰলৈ প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে কেইবাটাও মূল খণ্ডৰ উত্থান ঘটিছে য’ত গ্ৰাহকে জিএছটি পৰিৱৰ্তনৰ পিছত স্পষ্টতা আৰু ব্যৱস্থা বিচাৰিছে:

অভিযোগৰ এটা উল্লেখযোগ্য অংশ গাখীৰৰ মূল্য নিৰ্ধাৰণৰ সৈতে সম্পৰ্কিত আছিল। বহুতো উপভোক্তাই সংশোধিত জিএছটিৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি গাখীৰ কোম্পানীসমূহে গাখীৰৰ মূল্য হ্ৰাস কৰা উচিত বুলি বিশ্বাস কৰি এনচিএইছত উপস্থিত হৈছিল। কিন্তু এয়া স্পষ্ট কৰা হৈছিল যে সতেজ গাখীৰ ইতিমধ্যে জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে আৰু ইউএইচটি গাখীৰকো এতিয়া ৰেহাই দিয়া হৈছে।

অভিযোগৰ আন এটা বৃহৎ গোটত অনলাইনত ক্ৰয় কৰা ইলেক্ট্ৰনিক সামগ্ৰী জড়িত হৈ আছে। জিএছটি হ্ৰাস হোৱা সত্ত্বেও কোনো লাভ প্ৰদান কৰা হোৱা নাই বুলি গ্ৰাহকসকলে অভিযোগ কৰিছে। তদন্তত পোহৰলৈ আহিছে যে হাৰ হ্ৰাস (২৮% ৰ পৰা ১৮%) টিভি, এচি, মনিটৰ আৰু ডিচৱাচাৰৰ দৰে সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য, আনহাতে লেপটপ, ৰেফ্ৰিজাৰেটৰ আৰু ৱাচিং মেচিনৰ দৰে কিছুমান সামগ্ৰীৰ ক্ষেত্ৰত ইতিমধ্যে ১৮% কৰ আৰোপ কৰা হৈছিল।

ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ বিষয়েও অভিযোগ আহিছিল। মানুহে কৈছিল যে মূল্য হ্ৰাস হোৱা নাই। ঘৰুৱা এলপিজিৰ ওপৰত জিএছটিৰ হাৰ ৫% হৈ আছে বুলি স্পষ্ট কৰা হৈছে।

কিছুমান অভিযোগত পেট্ৰ'লৰ মূল্য নিৰ্ধাৰণ জড়িত আছিল, য'ত মানুহে হ্ৰাস হোৱাৰ আশা কৰিছিল। কিন্তু পেট্ৰ'ল সম্পূৰ্ণৰূপে জিএছটি ব্যৱস্থাৰ বাহিৰত আছে।

জিএছটি-সম্পৰ্কীয় অভিযোগৰ প্ৰতিবেদনৰ প্ৰথম সপ্তাহটোৱে দেখুৱাইছে যে উপভোক্তাসকলে সৰবৰাহ ব্যৱস্থাৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে, যি উপভোক্তা পৰিক্ৰমা বিভাগে স্থাপন কৰা ব্যৱস্থাসমূহৰ প্ৰতি বৃদ্ধি পোৱা সচেতনতা আৰু আত্মবিশ্বাসক প্ৰতিফলিত কৰিছে।

 

কোনো ব্যক্তিয়ে অভিযোগ কেনেকৈ পঞ্জীয়ন কৰিব?

উপভোক্তাসকলে একাধিক চেনেলৰ জৰিয়তে ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনত তেওঁলোকৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে:

টোল-ফ্ৰী নম্বৰ ১৮০০ ১১ ৪০০লৈ ফোন কৰক আৰু এজেণ্ট এজনৰ সৈতে পোনপটীয়াকৈ কথা পাতক। টোল-ফ্ৰী নম্বৰ ১৯১৫ৰ জৰিয়তে ১৭টা ভাষাত অভিযোগ পঞ্জীয়ন কৰিব পাৰি।

consumerhelpline.gov.in প'ৰ্টেলত পঞ্জীয়ন কৰক। এবাৰ ছাইন আপ আৰু ইমেইল ভেৰিফিকেচনৰ পিছত ইউজাৰ আইডি আৰু পাছৱৰ্ড সৃষ্টি কৰা হ'ব। এই ক্ৰেডেনচিয়েলৰ সহায়ত গ্ৰাহকসকলে লগ ইন কৰিব পাৰিব, অভিযোগ দাখিল কৰিব পাৰিব আৰু সমৰ্থনকাৰী নথিপত্ৰ আপলোড কৰিব পাৰিব।

৮৮০০০০১১৯১৫ নম্বৰলৈ এটা এছএমএছ প্ৰেৰণ কৰক আৰু দলটোৱে গ্ৰাহকজনক পুনৰ যোগাযোগ কৰিব।

অভিযোগ উত্থাপন কৰিবলৈ হোৱাটছএপ ব্যৱহাৰ কৰক।

এনচিএইচ মোবাইল এপৰ জৰিয়তে অভিযোগ দাখিল কৰক।

উমঙ এপটোত এই সেৱা লাভ কৰক।

ইয়াৰ উপৰিও, এটা নিৰ্দিষ্ট মতামত প্ৰদান ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, যিয়ে গ্ৰাহকসকলক https://consumerhelpline.gov.in/public/feedback ৰ জৰিয়তে পৰামৰ্শসমূহ শ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰে। গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি নিৰন্তৰ উন্নতিৰ বাবে এক গুৰুত্বপূৰ্ণ ইনপুট হিচাপে গ্ৰহণ কৰা মতামতসমূহ পদ্ধতিগতভাৱে পৰ্যালোচনা আৰু বিশ্লেষণ কৰা হয়।

 

সামৰণি

ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনয়ে উপভোক্তাৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ন্যায্য ব্যৱসায়িক পদ্ধতি নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। সময়মতে অভিযোগৰ নিষ্পত্তি কৰি, উপভোক্তা, কোম্পানী আৰু কৰ্তৃপক্ষৰ মাজত সহযোগিতা বৃদ্ধি কৰি, আৰু অধিক দক্ষতাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰি, এনচিএই দীঘলীয়া আইনী প্ৰক্ৰিয়া অবিহনে ন্যায় বিচাৰিবলৈ ব্যক্তিসকলক সক্ষম কৰে। ইয়াৰ সক্ৰিয় দৃষ্টিভংগীয়ে স্বচ্ছতা বৃদ্ধি কৰে, ব্যৱস্থাটোৰ ওপৰত বিশ্বাস গঢ়ি তোলে, আৰু জবাবদিহিতাৰ সংস্কৃতি গঢ়ি তোলে, যাৰ ফলত ই ভাৰতৰ উপভোক্তা সুৰক্ষা কাঠামোৰ এক অপৰিহাৰ্য সঁজুলি হৈ পৰিছে।

 

সমল

Ministry of Consumer Affairs, Food & Public Distribution

National Consumer Helpline

https://consumerhelpline.gov.in/public/about

https://consumerhelpline.gov.in/public/convergenceprogram

https://consumerhelpline.gov.in/public/dashboard/refundReport?from=2025-04-01&to=2025-04-30

 

PIB Press Release

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2159698

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2168858

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2105466

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2174242

National Consumer Helpline

***

BM/DPS

 

(Explainer ID: 155639) आगंतुक पटल : 81
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Nepali , हिन्दी , Hindi_Ddn , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam
National Portal Of India
STQC Certificate