• Sitemap
  • Advance Search
Technology

ইলেক্ট্ৰনিকছত ভাৰতৰ অগ্ৰগতি

দশকটোৰ ভিতৰত উৎপাদন ছগুণ বৃদ্ধি হৈ ২০২৪–২৫ ত ১১.৩ লাখ কোটি টকালৈ বৃদ্ধি

Posted On: 11 OCT 2025 2:16PM

 

মুখ্য তথ্য

  • ইলেক্ট্ৰনিকছৰ উৎপাদন ২০১৪–১৫ ত ১.৯ লাখ কোটি টকাৰ পৰা ২০২৪–২৫ ত ১১.৩ লাখ কোটি টকালৈ প্ৰায় ছগুণ বৃদ্ধি পাইছে।
  • ম’বাইল ফোনৰ ৰপ্তানি ২০১৪–১৫ ত ১,৫০০ কোটি টকাৰ পৰা ২০২৪–২৫ ত ২ লাখ কোটি টকালৈ ১২৭ গুণ বৃদ্ধি পাইছে।
  • ভাৰত হৈছে বিশ্বৰ দ্বিতীয়-সৰ্ববৃহৎ ম’বাইল ফোন নিৰ্মাতা দেশ।
  • ইলেক্ট্ৰনিকছ নিৰ্মাণৰ ক্ষেত্ৰত যোৱা ১০ বছৰত ২৫ লাখ চাকৰিৰ সৃষ্টি হৈছে।

 

পাতনি

ইলেক্ট্ৰনিকছ উদ্ভাৱন আৰু বিকাশৰ চালিকা-শক্তি হৈ পৰিছে, যিয়ে অৰ্থনীতিক শক্তি প্ৰদান আৰু প্ৰযুক্তিগত বাতাবৰণক পুনৰ সংজ্ঞায়িত কৰিছে। সমগ্ৰ বিশ্বতে খণ্ডটোৱে যোগাযোগ, অট’মেচন আৰু সংযোগৰ অগ্ৰগতি সাধন কৰিছে, সমাজসমূহৰ জীৱন-নিৰ্বাহ, কাম আৰু যোগাযোগ কৰাৰ ধৰণক গঢ় দিছে।

ভাৰত দ্ৰুতগতিত ইলেক্ট্ৰনিকছ উৎপাদনৰ প্ৰধান কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে, ইয়াৰ ফলশ্ৰুতিত বিগত দশকটোত উৎপাদন প্ৰায় ছগুণ বৃদ্ধি পাইছে। খণ্ডটোৱে কেৱল ঔদ্যোগিক ভিত্তি সম্প্ৰসাৰণেই নহয়, বৰঞ্চ যোৱা ১০ বছৰত ২৫ লাখ চাকৰিও সৃষ্টি কৰিছে। এই কাৰ্য্যই নিয়োগ আৰু অৰ্থনৈতিক বিকাশৰ প্ৰধান চালিকা শক্তি হিচাপে ইয়াৰ ভূমিকাতে আলোকপাত কৰিছে। কৌশলগত চৰকাৰী পদক্ষেপ আৰু শক্তিশালী নীতিগত সমৰ্থনে স্থানীয় উৎপাদন বৃদ্ধি, ৰপ্তানি সম্প্ৰসাৰিত আৰু উল্লেখযোগ্য বিশ্ব বিনিয়োগক আকৰ্ষিত কৰিছে।

২০৩০–৩১ ৰ ভিতৰত ৫০০ বিলিয়ন ডলাৰৰ ঘৰুৱা ইলেক্ট্ৰনিকছ উৎপাদন ব্যৱস্থা গঢ়ি তোলাৰ অভিলাষী দৃষ্টিভংগীৰে ভাৰত প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে, যিয়ে বিশ্বৰ বাবে উদ্ভাৱনৰ লগতে দেশত বিশাল সুযোগ সৃষ্টি কৰিছে।

 

ইলেক্ট্ৰনিকছৰ উৎপাদন আৰু ৰপ্তানি বাতাবৰণ

মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে পদক্ষেপৰাজিৰ ফলশ্ৰুতিত ভাৰত দ্ৰুতগতিত ইলেক্ট্ৰনিকছ উৎপাদনৰ ক্ষেত্ৰত বিশ্ব কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। ব্যাপক নীতিগত সমৰ্থন, প্ৰযুক্তিগত অগ্ৰগতি আৰু দক্ষ কৰ্মশক্তিয়ে উৎপাদন আৰু ৰপ্তানি উভয়কে অভূতপূৰ্ব স্তৰত উপনীত কৰিছে।

মূল সাফল্যৰাজিঃ

  • ইলেক্ট্ৰনিকছৰ উৎপাদন ২০১৪–১৫ ত ১.৯ লাখ কোটি টকাৰ পৰা ২০২৪–২৫ ত ১১.৩ লাখ কোটি টকালৈ প্ৰায় ছগুণ বৃদ্ধি পাইছে।
  • একে সময়ছোৱাত ৰপ্তানি ৩৮,০০০ কোটি টকাৰ পৰা ৩.২৭ লাখ কোটি টকালৈ আঠগুণ বৃদ্ধি পাইছে।
  • ইলেক্ট্ৰনিকছ নিৰ্মাণৰ ক্ষেত্ৰত যোৱা ১০ বছৰত ২৫ লাখ চাকৰিৰ সৃষ্টি হৈছে।
  • ভাৰতে ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ইলেক্ট্ৰনিকছ উৎপাদনৰ ক্ষেত্ৰত ৪ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক এফডিআইক আকৰ্ষিত কৰিছে।
  • ২০২৪–২৫ বিত্তীয় বৰ্ষত ভাৰতীয় ইলেক্ট্ৰনিক সামগ্ৰীৰ শীৰ্ষ ৫ ৰপ্তানি গন্তব্যস্থান হ’ল যুক্তৰাষ্ট্ৰ, সংযুক্ত আৰব আমিৰাত, নেদাৰলেণ্ড, যুক্তৰাজ্য আৰু ইটালী।

 

 

উৎপাদন সংযুক্ত প্ৰৰোচনা (পিএলআই) আঁচনি আৰু ইজ অৱ ডুয়িং বিজনেছৰ অগ্ৰগতি সাধনৰ দৰে সহায়ক ব্যৱস্থাই উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিছে। ইলেক্ট্ৰনিকছ উৎপাদনৰ দ্ৰুত বৃদ্ধিয়ে সমগ্ৰ দেশতে যথেষ্ট নিয়োগৰ সুযোগ সৃষ্টি কৰিছে, একেদৰে ভাৰতৰ ইলেক্ট্ৰনিকছ খণ্ড বিশ্বৰ যোগান শৃংখলৰ সৈতে গভীৰভাৱে একত্ৰিত হৈ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি আৰু বৈদেশিক বিনিয়োগক আকৰ্ষিত কৰিছে।

 

’বাইলৰ উৎপাদন আৰু ৰপ্তানি

ভাৰতৰ ম’বাইল ফোন বিপ্লৱে জীৱন আৰু জীৱিকাক এক নতুন ৰূপ প্ৰদান কৰিছে। ৮৫ শতাংশৰো অধিক ভাৰতীয় পৰিয়ালত অন্ততঃ এটাকৈ স্মাৰ্টফোন থকাৰ পৰিপ্ৰেক্ষিতত আজি ই ডিভাইচ বেংকিং, শিক্ষা, মনোৰঞ্জন আৰু চৰকাৰী সেৱাৰ সুবিধা লাভৰ এক আহিলাত পৰিণত হৈছে। ম’বাইল সংযোগ আৰ্থিক অন্তৰ্ভুক্তি আৰু ডিজিটেল সবলীকৰণৰ এক শক্তিশালী চালিকা শক্তি হৈ পৰিছে, ইয়াৰ ফলশ্ৰুতিত ভাৰত বিশ্বৰ অন্যতম সংযুক্ত সমাজ হিচাপে পৰিগণিত হৈছে।

 

 

মূল সাফল্যৰাজিঃ

  • ম’বাইল ফোনৰ উৎপাদন ২০১৪–১৫ ত ১৮,০০০ কোটি টকাৰ পৰা ২০২৪–২৫ ত ৫.৪৫ লাখ কোটি টকালৈ ২৮ গুণ বৃদ্ধি পাইছে।
  • ভাৰত বিশ্বৰ দ্বিতীয়-সৰ্ববৃহৎ মবাইল ফোন নিৰ্মাতা দেশ হিচাপে পৰিগণিত হৈছে।
  • ভাৰতৰ ম’বাইল নিৰ্মাণ উদ্যোগ দ্ৰুতগতিত বৃদ্ধি পাইছে- ২০১৪ ত মাত্ৰ দুটা ইউনিটৰ পৰা আজি ৩০০ ইউনিটৰো অধিক হৈছে।
  • ৰাষ্ট্ৰজুৰি প্ৰায় এক বিলিয়ন ডিভাইচ সক্ৰিয়ভাৱে ব্যৱহাৰৰ লগতে বছৰি প্ৰায় ৩৩০ নিযুত মবাইল ফোন নিৰ্মাণ হয়।
  • ২০১৪–১৫ ত ১,৫০০ কোটি টকাৰ পৰা ২০২৪–২৫ ত ২ লাখ কোটি টকালৈ ৰপ্তানি ১২৭ গুণ বৃদ্ধি পাইছে।
  • ২০২৪-ত ভাৰতৰ পৰা এপলৰ ৰপ্তানিয়ে ,১০,৯৮৯ কোটি টকাৰ (১২.৮ বিলিয়ন মাৰ্কিন ডলাৰ) অভিলেখ সৃষ্টি কৰে, যি বছৰি ৪২% বৃদ্ধিৰে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল।
  • ২০২৫–২৬ বিত্তীয় বৰ্ষৰ মাত্ৰ প্ৰথম পাঁচ মাহতে স্মাৰ্টফোনৰ ৰপ্তানি ১ লাখ কোটি টকা হয়, যি পৰিমাণ যোৱা বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ৫৫% বৃদ্ধি
  • ভাৰত ম’বাইল উৎপাদনৰ ক্ষেত্ৰত প্ৰায় আত্ম-নিৰ্ভৰতাত উপনীত হৈছে- ২০১৪–১৫ ত প্ৰয়োজনৰ ৭৮% আমদানিৰ পৰা আৰম্ভ কৰি আজি ঘৰুৱাভাৱে প্ৰায় সকলো ডিভাইচ নিৰ্মাণলৈকে ভাৰতৰ উত্থান ঘটিছে।
  • ২০২৫-২৬ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ভাৰত চীনক অতিক্ৰমেৰে যুক্তৰাষ্ট্ৰলৈ শীৰ্ষস্থানীয় স্মাৰ্টফোনৰ ৰপ্তানিকাৰী হিচাপে পৰিগণিত হয়।

 

 

ইলেক্ট্ৰনিকছ হৈছে আধুনিক উদ্যোগৰ মেৰুদণ্ড

ইলেক্ট্ৰনিকছ হৈছে আধুনিক অৰ্থনীতিৰ মেৰুদণ্ড। ঘৰৰ পৰা চিকিৎসালয়লৈ, ফেক্টৰীৰ পৰা বাহনলৈকে ইলেক্ট্ৰনিকছৰ জৰিয়তে কাৰ্য্যক্ষমতা, সুবিধা আৰু উদ্ভাৱন সম্ভৱ হৈ উঠিছে। আজি প্ৰতিটো গুৰুত্বপূৰ্ণ খণ্ডই ইলেক্ট্ৰনিকছৰ ওপৰত নিৰ্ভৰ কৰি কৰ্মক্ষমতাৰ অগ্ৰগতি সাধন, সুৰক্ষা বৃদ্ধি আৰু উন্নত সেৱা প্ৰদান কৰিছে। প্ৰযুক্তিৰ বিকাশৰ লগে-লগে উদ্যোগসমূহৰ অগ্ৰগতিত ইলেক্ট্ৰনিকছৰ গুৰুত্ব বৃদ্ধি পাইছে।

 

তলত ইলেক্ট্ৰনিকছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কেতবোৰ খণ্ডৰ কথা উল্লেখ কৰা হৈছেঃ

 

উপভোক্তা ইলেক্ট্ৰনিকছ

উপভোক্তা ইলেক্ট্ৰনিকছ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। প্ৰতিঘৰ গৃহস্থীয়েই এতিয়া টেলিভিছন, ফ্ৰীজ, এয়াৰ কণ্ডিচনাৰ আৰু ৱাশ্বিং মেচিন আদি ডিভাইচৰ ওপৰত নিৰ্ভৰশীল। এই সামগ্ৰীসমূহে প্ৰতিঘৰ গৃহস্থীলৈ সুবিধা, মনোৰঞ্জন আৰু কাৰ্য্যক্ষমতাৰ সঞ্চাৰ কৰিছে। কনজুমাৰ গেজেটসমূহৰ ক্ৰমবৰ্ধমান ব্যয়সাধ্যতা আৰু বিভিন্নতাই লাখ-লাখ লোকৰ জীৱন-যাত্ৰাৰ মানৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত ইলেক্ট্ৰনিকছৰ ব্যাপক ভূমিকাকে প্ৰতিফলিত কৰে।

 

ইলেক্ট্ৰনিক উপাংশ

ইলেক্ট্ৰনিক উপাংশসমূহ হৈছে সমগ্ৰ ইলেক্ট্ৰনিকছ বাতাবৰণৰ আধাৰ। উপাংশসমূহে এটা সাধাৰণ ঘৰুৱা সঁজুলিৰ পৰা আৰম্ভ কৰি জটিল ঔদ্যোগিক ব্যৱস্থালৈকে প্ৰতিটো ডিভাইচকে শক্তি প্ৰদান কৰে। এনে অত্যাৱশ্যকীয় অংশসমূহৰ অবিহনে কোনো নিৰ্মাতাই উপভোক্তাৰ বাবে ইলেক্ট্ৰনিকছ, প্ৰতিৰক্ষা ব্যৱস্থা বা মেডিকেল ডিভাইচ উৎপাদন কৰিব নোৱাৰে। এই উপ-খণ্ডৰ শক্তিয়েই ইলেক্ট্ৰনিকছ উদ্যোগটোৰ সামগ্ৰিক স্থিতিস্থাপকতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা নিৰ্ধাৰণ কৰে।

 

অট’ম’টিভ ইলেক্ট্ৰনিকছ

আধুনিক বাহনসমূহ কৰ্মক্ষমতা, সুৰক্ষা আৰু সংযোগৰ বাবে ইলেক্ট্ৰনিকছৰ ওপৰত ক্ৰমান্বয়ে নিৰ্ভৰশীল হৈ পৰিছে। বিশ্ব ইলেক্ট্ৰিক আৰু স্মাৰ্ট ম’বিলিটিৰ দিশে ধাৱমান হোৱাৰ লগে-লগে অট’ম’টিভ ইলেক্ট্ৰনিকছৰ চাহিদা ব্যাপকভাৱে বৃদ্ধি পাইছে। নগৰীকৰণ আৰু স্বচ্ছ পৰিবহণ ব্যৱস্থাৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাই এই পৰিৱৰ্তনক ত্বৰান্বিত কৰিছে। চেন্সৰৰ পৰা ইনফ’টেইনমেন্ট চিষ্টেমলৈকে ইলেক্ট্ৰনিকছে বাহনসমূহৰ কাম আৰু ব্যৱহাৰকাৰীৰ সৈতে যোগাযোগৰ ধৰণক ৰূপান্তৰিত কৰিছে।

 

মেডিকেল ইলেক্ট্ৰনিকছ

জীৱনশৈলী-সম্পৰ্কীয় দুৰ্বলতা বৃদ্ধি আৰু স্বাস্থ্যসেৱাৰ চাহিদা বৃদ্ধিয়ে মেডিকেল ইলেক্ট্ৰনিকছৰ বজাৰখনক সম্প্ৰসাৰিত কৰিছে। অক্সিমিটাৰ, গ্লুক’মিটাৰ আৰু ডিজিটেল মনিটৰৰ দৰে ডিভাইচসমূহ এতিয়া চিকিৎসালয়ৰ লগতে ঘৰুৱাভাৱেও একেদৰেই সাধাৰণ হৈ পৰিছে। চিকিৎসা প্ৰযুক্তিৰ উদ্ভাৱনে ৰোগ নিৰ্ণয়, চিকিৎসা আৰু ৰোগীৰ যত্নৰ অগ্ৰগতি সাধন কৰিছে। ইলেক্ট্ৰনিকছে স্বাস্থ্যসেৱাক অধিক সুলভ, নিৰ্ভুল কৰি তুলিছে আৰু এখনি পৰিৱৰ্তিত বিশ্বৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাইছে।

 

ইলেক্ট্ৰনিকছ উৎপাদনৰ ক্ষেত্ৰত চৰকাৰী প্ৰধান পদক্ষেপৰাজি

ব্যাপক নীতিগত সমৰ্থন আৰু লক্ষ্যভিত্তিক চৰকাৰী পদক্ষেপৰাজিৰ ফলশ্ৰুতিত ভাৰতৰ ইলেক্ট্ৰনিকছ উদ্যোগ বিকাশ ঘটিছে। এই কাৰ্য্যসূচীসমূহৰ লক্ষ্য হৈছে বিশ্বব্যাপী প্ৰতিযোগিতামূলক উৎপাদন বাতাবৰণ গঢ়ি তোলা, বিনিয়োগক আকৰ্ষিত কৰা আৰু বিশ্ব মূল্য শৃংখলত ভাৰতৰ ভূমিকাক সুদৃঢ়কৰণৰ লগতে বৃহৎ-পৰিসৰৰ নিয়োগ সৃষ্টি কৰা।

 

উৎপাদন-সংযুক্ত প্ৰৰোচনা (পিএলআই) আঁচনি

১.৯৭ লাখ কোটি টকা ব্যয় সাপেক্ষে প্ৰডাকচন-লিংকড ইনচেন্টিভ আঁচনিখনে ইলেক্ট্ৰনিকছ আৰু আইটি হাৰ্ডৱেৰকে প্ৰমুখ্য কৰি ১৪ টা মূল খণ্ডক সামৰি লৈছে। এই আঁচনিয়ে কোম্পানীসমূহক উৎপাদন বৃদ্ধি, নতুন প্ৰযুক্তিৰ অভিযোজনা আৰু ৰপ্তানি সম্প্ৰসাৰিত কৰিবলৈ উৎসাহিত কৰিছে।

 

বৃহৎ পৰিসৰৰ ইলেক্ট্ৰনিক উৎপাদন আৰু আইটি হাৰ্ডৱেৰৰ বাবে পিএলআই আঁচনি

 

  • ১৩,১০৭ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত কৰা হৈছে।
  • উৎপাদনৰ পৰা লাভ: ৮.৫৬ লাখ কোটি টকা
  • ৰপ্তানিৰ পৰিমাণ: ৪.৬৫ লাখ কোটি টকা
  • ১.৩৫ লাখতকৈ অধিক প্ৰত্যক্ষ চাকৰি সৃষ্টি হৈছে

 

তথ্য: ২০২৫ চনৰ জুন মাহলৈ

 

পূৰ্বে উল্লেখ কৰা অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ভাৰতে ইলেক্ট্ৰনিকছ উৎপাদনৰ ক্ষেত্ৰত ৪ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক এফডিআই আকৰ্ষিত কৰিছে। এই এফডিআই-ৰ প্ৰায় ৭০% পিএলআই আঁচনিৰ হিতাধিকাৰীসকলে আগবঢ়াইছে।

 

ইলেক্ট্ৰনিক উপাংশ আৰু অৰ্ধপৰিবাহী উৎপাদন প্ৰসাৰ আঁচনি (এচপিইচিএচ)

এচপিইচিএচ আঁচনিয়ে মূল বৈদ্যুতিক সামগ্ৰী উৎপাদনৰ বাবে মূলধন ব্যয়ৰ ওপৰত ২৫ শতাংশ আৰ্থিক প্ৰেৰণা আগবঢ়ায়। ই গুৰুত্বপূৰ্ণ যোগান শৃংখলৰ ব্যৱধান দূৰ কৰাত সহায় কৰে, স্থানীয় উৎপাদনক উৎসাহিত কৰে আৰু ভাৰতক সংযোজন-ভিত্তিক উৎপাদনৰ পৰা উচ্চ-মূল্যৰ উপাদান উৎপাদনলৈ ৰূপান্তৰিত কৰাত সহায় কৰে।

ইলেক্ট্ৰনিকছ উপাংশ উৎপাদন আঁচনি (ইচিএমএছ)

১ মে' ২০২৫ তাৰিখে কেবিনেটে ২২,৯১৯ কোটি টকাৰ বিত্তীয় ব্যয়ৰ সৈতে অনুমোদন জনোৱা ইচিএমএছ-এ ২৪৯টা আবেদন লাভ কৰিছে, যি উদ্যোগৰ শক্তিশালী আগ্ৰহৰ ইংগিত দিছে। ১,১৫,৩৫১ কোটি টকাৰ বিনিয়োগ প্ৰতিশ্ৰুতি প্ৰাৰম্ভিক লক্ষ্য ৫৯,৩৫০ কোটি টকাতকৈ প্ৰায় দুগুণ।

 

এই আঁচনিৰ ফলশ্ৰুতিত অহা ছবছৰত ১০,৩৪,৭০০ কোটি টকা মূল্যৰ উৎপাদন হ’ব বুলি আশা কৰা হৈছে, যি পৰিমাণ প্ৰাৰম্ভিক লক্ষ্য ৪,৫৬,০০০ কোটি টকাৰ ২.২ গুণ। ইয়াৰ জৰিয়তে ১,৪২,০০০টা প্ৰত্যক্ষ চাকৰি সৃষ্টি হ’ব বুলি অনুমান কৰা হৈছে, যি ৯১,৬০০টাৰ লক্ষ্যতকৈ বহু বেছি, লগতে বহুতো পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব। ইয়াৰ জৰিয়তে বৃহৎ-পৰিসৰৰ নিয়োগ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আঁচনিখনৰ সম্ভাৱনা দেখা গৈছে।

এনে অভূতপূৰ্ব সঁহাৰিয়ে বিশ্ব মঞ্চত ভাৰতৰ ক্ৰমবৰ্ধমান মৰ্যাদা আৰু এমএছএমইকে ধৰি ঘৰুৱা ইলেক্ট্ৰনিক উদ্যোগৰ ওপৰত বৃদ্ধি পোৱা আত্মবিশ্বাস প্ৰতিফলিত কৰে। ১ মে' ২০২৫ ৰ পৰা আৰম্ভ হোৱা তিনি মাহৰ প্ৰাৰম্ভিক আবেদনৰ সময়সীমা ৩০ ছেপ্টেম্বৰ ২০২৫ লৈ বৃদ্ধি কৰা হৈছিল। ২০৩০-৩১ চনৰ ভিতৰত ৫০০ বিলিয়ন ডলাৰৰ ঘৰুৱা ইলেক্ট্ৰনিক উৎপাদন পৰিৱেশ তন্ত্ৰৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দিশত ইচিএমএছ-এ ভাৰতৰ যাত্ৰা তীব্ৰতৰ কৰিব বুলি আশা কৰা হৈছে।

 

ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিকছ নীতি (এনপিই) ২০১৯

ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিকছ নীতিৰ লক্ষ্য হৈছে ভাৰতক ইলেক্ট্ৰনিকছ চিষ্টেম ডিজাইন আৰু মেনুফেকচাৰিঙৰ (ইএচডিএম) বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। ইয়াৰ জৰিয়তে ২০২৫-ৰ ভিতৰত ইএছডিএম-ৰ পৰা ৪০০ বিলিয়ন ডলাৰৰ ৰাজহ আহৰণৰ পৰিকল্পনা কৰা হৈছে। এই নীতিয়ে উদ্ভাৱনক প্ৰসাৰিত, ডিজাইন-চালিত উৎপাদনক উৎসাহিত আৰু উদ্যোগৰ দীৰ্ঘম্যাদী বিকাশ নিশ্চিতকৰণৰ অৰ্থে গৱেষণা তথা উন্নয়নক সমৰ্থন কৰিছে।

 

 

সামৰণি

ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু ম’বাইল নিৰ্মাণৰ যাত্ৰাই উচ্চাকাংক্ষা, উদ্ভাৱন আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতাকে প্ৰতিফলিত কৰিছে। উৎপাদন-সংযুক্ত প্ৰৰোচনা (PLI), ইলেক্ট্ৰনিকছ উপাংশ উৎপাদন আঁচনি (ইচিএমএচ) তথা ইলেক্ট্ৰনিক উপাংশ আৰু অৰ্ধপৰিবাহী উৎপাদন প্ৰসাৰ আঁচনি (এচপিইচিএচ)-ৰ দৰে আঁচনিসমূহে ঘৰুৱা উৎপাদনক আগুৱাই নিছে, যোগান শৃংখলক সুদৃঢ় কৰিছে তথা ৰপ্তানি বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিকছ নীতি আৰু মেক ইন ইণ্ডিয়াৰ অধীনৰ পদক্ষেপসমূহৰ সৈতে মিলি এই ব্যৱস্থাসমূহে নিয়োগ সৃষ্টি, বিনিয়োগক আকৰ্ষিত আৰু ভাৰতৰ প্ৰযুক্তিগত আত্ম-নিৰ্ভৰতা বৃদ্ধি কৰিছে। স্থায়ী উদ্ভাৱন আৰু নীতিগত সমৰ্থনৰ জৰিয়তে দেশখন ২০৩০-৩১ ৰ ভিতৰত ৫০০ বিলিয়ন ডলাৰৰ ঘৰুৱা ইলেক্ট্ৰনিকছ বাতাবৰণ প্ৰতিষ্ঠা তথা ইলেক্ট্ৰনিকছ আৰু ম’বাইল প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ দেশ হিচাপে নিজৰ স্থান নিশ্চিত কৰিবলৈ সাজু হৈছে।

 

সমলঃ

PIB Backgrounders:

Ministry of Electronics & IT:

Ministry of Communications:

Ministry of MSME:

Ministry of Commerce and Industry:

 ***

DPS/SB

(Explainer ID: 155611) आगंतुक पटल : 55
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Nepali , Bengali , Punjabi , Kannada , Malayalam
National Portal Of India
STQC Certificate