• Skip to Content
  • Sitemap
  • Advance Search
Economy

কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ভাৰতৰ ৰূপান্তৰ

অন্তৰ্ভুক্তিমূলক উদ্ভাৱনক শক্তি যোগাবলৈ ১০,৩০০ কোটি টকাৰ বিনিয়োগ আৰু ৩৮,০০০টা জিপিইউ

Posted On: 12 OCT 2025 4:31PM

 

মুখ্য তথ্য

ভাৰতীয় কৃত্ৰিম বুদ্ধিমত্তা অভিযানৰ বাবে পাঁচ বছৰত ১০,৩০০+ কোটি টকা আবণ্টন কৰা হৈছে আৰু ৩৮,০০০টা জিপিইউ নিয়োজিত কৰা হৈছে।

৬০ লাখ ব্যক্তি এই প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিৱেশ তন্ত্ৰত নিয়োজিত হৈ আছে।

প্ৰযুক্তি খণ্ডই চলিত বৰ্ষত ২৮০ বিলিয়ন ডলাৰ ৰাজহ অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে।

২০৩৫ চনৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাই ভাৰতৰ অৰ্থনীতিত ১.৭ ট্ৰিলিয়ন ডলাৰ যোগ দিব পাৰে।

 

পাতনি

ভাৰত কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দ্বাৰা দ্বাৰা পৰিচালিত এক নতুন যুগৰ দিশত আগবাঢ়িছে,, য’ত প্ৰযুক্তিয়ে জীৱনক ৰূপান্তৰিত কৰিছে আৰু দেশৰ প্ৰগতিত সহায় কৰিছে। এআই এতিয়া কেৱল গৱেষণাগাৰ বা বৃহৎ কৰ্পোৰেচনতে সীমাবদ্ধ নহয়। ই প্ৰতিটো স্তৰৰ নাগৰিকৰ কাষ চাপিছে। দূৰৱৰ্তী অঞ্চলত স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি কৃষকসকলক সঠিক শস্য নিৰ্বাচন কৰাত সহায় কৰালৈকে, এআইয়ে দৈনন্দিন জীৱন সৰল, স্মাৰ্ট আৰু অধিক সংযোগিত কৰি তুলিছে। ই ব্যক্তিগতকৃত শিক্ষাৰ জৰিয়তে শ্ৰেণীকোঠাত বিপ্লৱ আনিছে, চহৰসমূহক পৰিষ্কাৰ আৰু সুৰক্ষিত কৰিছে, আৰু দ্ৰুত, তথ্য-চালিত শাসনৰ জৰিয়তে ৰাজহুৱা সেৱাসমূহ বৃদ্ধি কৰিছে।

ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযান আৰু চেণ্টাৰ অৱ এক্সিলেঞ্চ ফ’ৰ এআইৰ দৰে পদক্ষেপ এই পৰিৱৰ্তনৰ কেন্দ্ৰবিন্দু। এইবোৰে কম্পিউটিং শক্তিৰ উপলব্ধতা বৃদ্ধি কৰিছে, গৱেষণাক সমৰ্থন কৰিছে, আৰু ষ্টাৰ্টআপ আৰু প্ৰতিষ্ঠানসমূহক পোনপটীয়াকৈ মানুহক উপকৃত কৰিব পৰা সমাধান সৃষ্টি কৰাত সহায় কৰিছে । ভাৰতৰ দৃষ্টিভংগীয়ে এআইক মুকলি, সুলভ আৰু সহজলভ্য কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়ে, যাতে উদ্ভাৱনে সামগ্ৰিকভাৱে সমাজখনক উন্নত কৰে।

কৃত্ৰিম বুদ্ধিমত্তা কি?

কৃত্রিম বুদ্ধিমত্তা হৈছে যন্ত্ৰৰ সেই কাম কৰাৰ ক্ষমতা যিবোৰত সাধাৰণতে মানুহৰ বুদ্ধিমত্তাৰ প্ৰয়োজন হয়। ই প্ৰণালীসমূহক অভিজ্ঞতাৰ পৰা শিকিবলৈ, নতুন পৰিস্থিতিৰ সৈতে খাপ খাবলৈ আৰু জটিল সমস্যাসমূহ স্বতন্ত্ৰভাৱে সমাধান কৰিবলৈ সক্ষম কৰি তোলে। কৃত্ৰিম বুদ্ধিমত্তাই তথ্য বিশ্লেষণ কৰিবলৈ, আৰ্হি চিনাক্ত কৰিবলৈ আৰু সঁহাৰি সৃষ্টি কৰিবলৈ ডেটাছেট, এলগৰিথম আৰু বৃহৎ ভাষাৰ আৰ্হি ব্যৱহাৰ কৰে। সময়ৰ লগে লগে এই প্ৰণালীসমূহে নিজৰ কাৰ্যক্ষমতা উন্নত কৰে, যাৰ ফলত ইহঁতে মানুহৰ দৰে যুক্তি দিব পাৰে, সিদ্ধান্ত ল’ব পাৰে আৰু যোগাযোগ কৰিব পাৰে।

 

এই সৰ্বাংগীন দৃষ্টিভংগী নীতি আয়োগৰ প্ৰতিবেদন, "সৰ্বাংগীন সামাজিক উন্নয়নৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা" (অক্টোবৰ ২০২৫)-তো প্ৰতিফলিত হৈছে। প্ৰতিবেদনখনত দেখুওৱা হৈছে যে কেনেকৈ কৃত্ৰিম বুদ্ধিমত্তাই ভাৰতৰ ৪৯ কোটি অনানুষ্ঠানিক কৰ্মীক স্বাস্থ্যসেৱা, শিক্ষা, দক্ষতা বিকাশ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ সুবিধা বৃদ্ধি কৰি সবলীকৰণ কৰিব পাৰে। ইয়াত আলোকপাত কৰা হৈছে যে কেনেকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত সঁজুলিয়ে ভাৰতৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ লাখ লাখ লোকৰ উৎপাদনশীলতা আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰিব পাৰে। প্ৰতিবেদনখনত এই কথাও জোৰ দি কোৱা হৈছে যে প্ৰযুক্তিয়ে গভীৰ সামাজিক আৰু অৰ্থনৈতিক বিভাজন দূৰ কৰিব পাৰে, যাৰ ফলত কৃত্ৰিম বুদ্ধিমত্তাৰ লাভালাভ প্ৰতিজন নাগৰিকৰ মাজলৈকে যাব পাৰে।

ভাৰতত বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ তন্ত্ৰ

ভাৰতৰ প্ৰযুক্তি খণ্ড দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে, আৰু এই বছৰ বাৰ্ষিক ৰাজহ ২৮০ বিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিৱেশতন্ত্ৰত ৬০ লাখতকৈ অধিক লোকে কৰ্মসংস্থাপন লাভ কৰিছে।

দেশখনত ১,৮০০+ গ্ল’বেল কেপাবিলিটি চেন্টাৰ আছে, যাৰ ভিতৰত ৫০০তকৈ অধিক কেন্দ্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

ভাৰতত প্ৰায় ১.৮ লাখ ষ্টাৰ্টআপ আছে, আৰু যোৱা বছৰ আৰম্ভ হোৱা প্ৰায় ৮৯% নতুন ষ্টাৰ্টআপে তেওঁলোকৰ সামগ্ৰী বা সেৱাত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা হৈছে।

এনএএছএছচিঅ’এম এআই এড’পশ্বন সূচাংকত ভাৰতে ৪ ৰ ভিতৰত ২.৪৫ নম্বৰ লাভ কৰিছে, যিয়ে দেখুৱাইছে যে ৮৭% উদ্যোগেই সক্ৰিয়ভাৱে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি আছে।

কৃত্ৰিম বুদ্ধিমত্তাৰ গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত আগশাৰীৰ খণ্ডসমূহৰ ভিতৰত আছে ঔদ্যোগিক আৰু অটোমোটিভ, উপভোক্তা সামগ্ৰী আৰু খুচুৰা ব্যৱসায়, বেংকিং, বিত্তীয় সেৱা আৰু বীমা, আৰু স্বাস্থ্যসেৱা। এই সকলোবোৰে মিলি কৃত্ৰিম বুদ্ধিমত্তাত প্ৰায় ৬০ শতাংশ অৰিহণা যোগায়।

শেহতীয়া বিচিজি সমীক্ষা অনুসৰি ভাৰতীয় কোম্পানীসমূহৰ প্ৰায় ২৬% ষ্টাৰ্টআপে বৃহৎ পৰিসৰত কৃত্ৰিম বুদ্ধিমত্তাত পৰিপক্কতা লাভ কৰিছে।

 

ভাৰতে যেতিয়া এক অন্তৰ্ভুক্তিমূলক এ আই পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে আৰু ইয়াৰ বাঢ়ি অহা বিশ্বব্যাপী স্বীকৃতিয়ে এই অগ্ৰগতি প্ৰতিফলিত কৰিছে। ষ্টেনফৰ্ড এ আই সূচকাংকৰ দৰে ৰেংকিংসমূহে ভাৰতক এআই দক্ষতা, সামৰ্থ্য আৰু নীতিৰ শীৰ্ষ চাৰিখন দেশৰ ভিতৰত স্থান দিছে। ভাৰত গিটহাবত এআই প্ৰকল্পসমূহৰ দ্বিতীয় সৰ্ববৃহৎ অৱদানকাৰীও, যিয়ে ইয়াৰ ডেভেলপাৰ সম্প্ৰদায়ৰ শক্তিক আলোকপাত কৰে। এক শক্তিশালী এচটিইএম-ৰ কৰ্মশক্তি, সম্প্ৰসাৰিত গৱেষণা পৰিৱেশ তন্ত্ৰ আৰু বৰ্ধিত ডিজিটেল আন্তঃগাঁথনিৰ সৈতে ভাৰতে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বাবে অৰ্থনৈতিক বিকাশ, সামাজিক প্ৰগতিৰ বাবে এ আই ব্যৱহাৰ কৰিবলৈ নিজকে প্ৰস্তুত কৰিছে।

 

 

 

 

ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযান

"ভাৰতত এআই নিৰ্মাণ আৰু ভাৰতৰ বাবে এআই-ক কাম কৰোৱা"ৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ, মন্ত্ৰীসভাই ৫ বছৰত ₹১০,৩৭১.৯২ কোটি টকাৰ বাজেট ব্যয়ৰ সৈতে মাৰ্চ ২০২৪ত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযান অনুমোদন কৰিছিল। এই অভিযানে ভাৰতক কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ চিহ্নিত কৰিছে।

আৰম্ভণিৰে পৰা অভিযানৰ যোগেৰে দেশৰ কম্পিউটিং আন্তঃগাঁথনি সম্প্ৰসাৰণত শক্তিশালী অগ্ৰগতি লাভ কৰা হৈছে। প্ৰাৰম্ভিক লক্ষ্য ১০,০০০ জিপিইউৰ পৰা, ভাৰতে এতিয়া ৩৮,০০০ জিপিইউ লাভ কৰিছে, যিয়ে বিশ্বমানৰ এআই সম্পদসমূহ সুলভ মূল্যত উপলব্ধ কৰিছে।

GPU কি?

GPU বা গ্ৰাফিক্স প্ৰচেছিং ইউনিট হৈছে এক শক্তিশালী কম্পিউটাৰ চিপ যি মেচিনসমূহক দ্ৰুত গতিত চিন্তা কৰাত, ছবি প্ৰক্ৰিয়াকৰণ কৰাত, এআই প্ৰগ্ৰাম চলাবলৈ আৰু এক সাধাৰণ প্ৰচেছৰতকৈ অধিক দক্ষতাৰে জটিল কামবোৰ চম্ভালিবলৈ সহায় কৰে।

 

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত এটা স্বতন্ত্ৰ ব্যৱসায়িক বিভাগ ইণ্ডিয়াএআইৰ দ্বাৰা ৰূপায়ণ কৰা এই অভিযানটোৱে এক বিস্তৃত পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে যি উদ্ভাৱনক আগুৱাই নিব, ষ্টাৰ্টআপসমূহক সমৰ্থন কৰিব, তথ্যৰ প্ৰৱেশাধিকাৰ শক্তিশালী কৰিব আৰু জনসাধাৰণৰ মংগলৰ বাবে এআই-ৰ দায়িত্বশীল ব্যৱহাৰ নিশ্চিত কৰিব।

 A diagram of a company's missionAI-generated content may be incorrect.

 

ইণ্ডিয়াএআই মিছনৰ সাতটা স্তম্ভ হ’ল:

১/ ইণ্ডিয়াএআই কম্পিউট স্তম্ভ:

এই স্তম্ভটোৱে সুলভ মূল্যত উচ্চমানৰ জিপিইউ প্ৰদান কৰে। আগতে উল্লেখ কৰা অনুসৰি ৩৮,০০০ তকৈ অধিক জিপিইউ অনবৰ্ড কৰা হৈছে। এই জিপিইউসমূহ ৰেহাই মূল্যত মাত্ৰ ৬৫ টকা প্ৰতি ঘণ্টাৰ মূল্যত উপলব্ধ।

২/ ইণ্ডিয়াএআই এপ্লিকেচন ডেভেলপমেণ্ট ইনিচিয়েটিভ

এই স্তম্ভটোৱে ভাৰত-নিৰ্দিষ্ট প্ৰত্যাহ্বানৰ বাবে এআই এপ্লিকেচন বিকশিত কৰে। খণ্ডসমূহৰ ভিতৰত আছে স্বাস্থ্যসেৱা, কৃষি, জলবায়ু পৰিৱৰ্তন, শাসন আৰু সহায়ক শিক্ষা প্ৰযুক্তি। ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত ত্ৰিশটা এপ্লিকেচন অনুমোদন কৰা হৈছে। মন্ত্ৰালয় আৰু প্ৰতিষ্ঠানৰ সৈতে খণ্ড-নিৰ্দিষ্ট হেকথন আয়োজন কৰা হয়। উদাহৰণস্বৰূপে, চাইবাৰগাৰ্ড এআই হেকথন-এ চাইবাৰ সুৰক্ষাৰ বাবে এআই সমাধান বিকশিত কৰাত সহায় কৰিছে।

৩/ এআই কোষ (তথ্য সংগ্ৰহ মঞ্চ)

এআই কোষে বৃহৎ ডাটাছেটসমূহ এআই মডেলসমূহৰ প্ৰশিক্ষণৰ বাবে বিকশিত কৰে। ই চৰকাৰী আৰু বেচৰকাৰী উৎসৰ পৰা তথ্য একত্ৰিত কৰে। প্লেটফৰ্মটোত ২০টা খণ্ডত ৩,০০০তকৈ অধিক ডাটাছেট আৰু ২৪৩টা এআই মডেল আছে। এই সম্পদসমূহে ডেভেলপাৰসকলক মৌলিক মডিউল নিৰ্মাণ কৰাৰ পৰিৱৰ্তে এআই সমাধানৰ ওপৰত গুৰুত্ব দিবলৈ সহায় কৰে। প্লেটফৰ্মটোত জুলাই ২০২৫লৈকে ২,৬৫,০০০তকৈ অধিক ভিজিট, ৬,০০০ পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আৰু ১৩,০০০ ডাউনল'ড আছে।

৪/ ইণ্ডিয়াএআই ফাউণ্ডেশ্যন মডেলসমূহ

এই স্তম্ভটোৱে ভাৰতীয় তথ্য আৰু ভাষা ব্যৱহাৰ কৰি ভাৰতৰ নিজা বৃহৎ মাল্টিম'ডেল মডেল বিকশিত কৰে। ই জেনেৰেটিভ এআইত সাৰ্বভৌম ক্ষমতা আৰু বিশ্বব্যাপী প্ৰতিযোগিতা নিশ্চিত কৰে। ইণ্ডিয়াএআইয়ে ৫০০ ৰো অধিক প্ৰস্তাৱ লাভ কৰিছিল। ইয়াৰে প্ৰথম পৰ্যায়ত চাৰিটা ষ্টাৰ্টআপ নিৰ্বাচিত হৈছিল: সৰ্বম এআই, চ'কেট এআই, জ্ঞানী এআই আৰু গান এআই।

৫/ ইণ্ডিয়াএআই ফিউচাৰস্কিলছ

এই স্তম্ভই এআই-দক্ষ পেছাদাৰী ব্যক্তিক গঢ়ি তোলে। ইয়াৰ দ্বাৰা ৫০০ পিএইচডি ফেলো, ৫০০০ স্নাতকোত্তৰ আৰু ৮০০০ স্নাতকক সমৰ্থন আগবঢ়োৱা হৈছে। ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ফেলোশ্বিপ লাভ কৰিছে। ২৬টা প্ৰতিষ্ঠানে পিএইচডি ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰিছে। ২য় আৰু ৩য় স্তৰৰ চহৰত তথ্য আৰু এআই লেব স্থাপন কৰা হৈছে। এনআইইএলআইটিৰ সৈতে ২৭টা পৰীক্ষাগাৰ চিনাক্ত কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ১৭৪টা আইটিআই আৰু পলিটেকনিকক পৰীক্ষাগাৰৰ বাবে মনোনীত কৰিছে।

৬/ ইণ্ডিয়াএআই ষ্টাৰ্টআপ বিত্তীয় সাহায্য

এই স্তম্ভই এআই ষ্টাৰ্টআপসমূহক বিত্তীয় সহায় আগবঢ়ায়। ইণ্ডিয়া এআই ষ্টাৰ্টআপ গ্ল'বেল কাৰ্যসূচী মাৰ্চ ২০২৫ত আৰম্ভ হৈছিল। ষ্টেচন এফ আৰু এইচইচি পেৰিছৰ সহযোগত ১০টা ভাৰতীয় ষ্টাৰ্টআপক ইউৰোপীয় বজাৰত সম্প্ৰসাৰণ কৰাত সহায় কৰা হৈছে।

৭/ নিৰাপদ আৰু বিশ্বাসযোগ্য এআই

এই স্তম্ভই শক্তিশালী শাসন ব্যৱস্থাৰ সৈতে দায়িত্বশীল এআই গ্ৰহণ নিশ্চিত কৰে। প্ৰথম ৰাউণ্ডত আঠটা প্ৰকল্প বাছনি কৰা হৈছিল। সেইবোৰে মেচিন আনলাৰ্নিং, পক্ষপাতিত্ব হ্ৰাস, গোপনীয়তা সংৰক্ষণ এম এল, ব্যাখ্যাযোগ্যতা, হিচাপ-পৰীক্ষণ আৰু শাসন পৰীক্ষণৰ ওপৰত গুৰুত্ব দিয়ে। দ্বিতীয় ৰাউণ্ডত ৪০০ ৰো অধিক আবেদন গ্ৰহণ কৰা হৈছিল। ইণ্ডিয়া এআই সুৰক্ষা প্ৰতিষ্ঠানত যোগদান কৰিবলৈ অংশীদাৰ প্ৰতিষ্ঠানসমূহৰ বাবে ৯ মে' ২০২৫ তাৰিখে আগ্ৰহৰ অভিব্যক্তি প্ৰকাশ কৰা হৈছিল।

 

 

অন্যান্য মুখ্য চৰকাৰী পদক্ষেপ আৰু নীতিৰ প্ৰসাৰ

ভাৰত চৰকাৰে কেইবাটাও পৰিৱৰ্তনমূলক পদক্ষেপৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ দৃষ্টিভংগীক কাৰ্য্যকৰী কৰি তুলিছে। এই প্ৰচেষ্টাসমূহ এক শক্তিশালী এআই পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা, উদ্ভাৱনক উৎসাহিত কৰা আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে সমাজৰ প্ৰতিটো শ্ৰেণীক সেৱা আগবঢ়োৱাটো নিশ্চিত কৰাৰ ওপৰত কেন্দ্ৰীভূত। বিশ্বমানৰ গৱেষণা কেন্দ্ৰ সৃষ্টি কৰাৰ পৰা আৰম্ভ কৰি থলুৱা এআই আৰ্হি বিকাশ কৰালৈকে, চৰকাৰৰ দৃষ্টিভংগীয়ে নীতি, আন্তঃগাঁথনি আৰু ক্ষমতা-নিৰ্মাণক একত্ৰিত কৰে।

 

চেণ্টাৰ অৱ এক্সিলেঞ্চ ফ’ৰ এআই

গৱেষণা-চালিত উদ্ভাৱনক উৎসাহিত কৰিবলৈ চৰকাৰে স্বাস্থ্যসেৱা, কৃষি আৰু বহনক্ষম চহৰৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত তিনিটা উৎকৰ্ষ কেন্দ্ৰ (চিঅ’ই) স্থাপন কৰিছে। শিক্ষাৰ বাবে চতুৰ্থ চিঅ’ইৰ ২০২৫ৰ বাজেটত ঘোষণা কৰা হৈছিল। এই কেন্দ্ৰসমূহক সহযোগী স্থান হিচাপে গঢ়ি তোলা হৈছে, য'ত শিক্ষা, উদ্যোগ আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহ একত্ৰিত হৈ এআই সমাধানসমূহ সম্প্ৰসাৰিত কৰিব পৰা যায়। ইয়াৰ সমান্তৰালকৈ, যুৱক-যুৱতীসকলক উদ্যোগ-সংশ্লিষ্ট এআই দক্ষতাৰে সজ্জিত কৰি ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তি গঢ়ি তুলিবলৈ পাঁচটা ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা হৈছে।

 

এআই যোগ্যতাৰ কাঠামো

এই কাঠামোৱে চৰকাৰী বিষয়াসকলক গাঁথনিগত প্ৰশিক্ষণ প্ৰদান কৰে আৰু তেওঁলোকক অত্যাৱশ্যকীয় এআই দক্ষতা আহৰণ কৰাত আৰু নীতি নিৰ্ধাৰণ আৰু শাসনত প্ৰয়োগ কৰাত সহায় কৰে। বিশ্বব্যাপী মানদণ্ডৰ সৈতে সংগতি ৰাখি এয়া ডিজাইন কৰা হৈছে, যিয়ে নিশ্চিত কৰে যে ভাৰতৰ ৰাজহুৱা খণ্ড এআই-চালিত ভৱিষ্যতৰ বাবে অৱগত, ক্ষীপ্ৰ আৰু প্ৰস্তুত হৈ থাকে।

 

ইণ্ডিয়াএআই ষ্টাৰ্টআপছ গ্ল’বেল এক্সিলাৰেচন প্ৰ’গ্ৰেম

পেৰিছৰ ষ্টেচন এফ আৰু এইচইচি পেৰিছৰ অংশীদাৰিত্বত আৰম্ভ কৰা এই কাৰ্যসূচীয়ে দহটা ভাৰতীয় এআই ষ্টাৰ্টআপক বিশ্বব্যাপী দক্ষতা, নেটৱৰ্ক আৰু সম্পদৰ সুবিধা প্ৰদান কৰি সহায় কৰে। ইয়াৰ লক্ষ্য হৈছে ভাৰতীয় উদ্ভাৱকসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰাত সহায় কৰা আৰু তেওঁলোকৰ বিশ্বব্যাপী পদচিহ্ন সম্প্ৰসাৰণ কৰা।

 

সৰ্বম এআই: স্মাৰ্টাৰ আধাৰ সেৱা

বেংগালুৰুস্থিত এটা কোম্পানী সৰ্বম এআইয়ে উন্নত এআই গৱেষণাক ব্যৱহাৰিক শাসন সমাধানলৈ ৰূপান্তৰিত কৰিছে। ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ (ইউআইডিএআই)ৰ সৈতে অংশীদাৰিত্বত, ই আধাৰ সেৱাসমূহক অধিক স্মাৰ্ট আৰু সুৰক্ষিত কৰিবলৈ জেনেৰেটিভ এআই ব্যৱহাৰ কৰিছে। ২০২৫ চনৰ এপ্ৰিল মাহত, সৰ্বম এআইয়ে ভাৰতৰ সাৰ্বভৌম এলএলএম ইকোছিষ্টেম নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰিছিল, যি হৈছে ৰাজহুৱা সেৱা প্ৰদান বৃদ্ধি কৰিবলৈ আৰু ডিজিটেল বিশ্বাসক উৎসাহিত কৰিবলৈ নিৰ্মাণ কৰা এটা মুক্ত উৎসৰ আৰ্হি।

 

ভাষিণী: ডিজিটেল অন্তৰ্ভুক্তিৰ বাবে কণ্ঠস্বৰ

ভাষিণী হৈছে এটা এআই-চালিত প্লেটফৰ্ম যি ভাৰতীয় ভাষাসমূহত অনুবাদ আৰু ভাষণ সঁজুলি আগবঢ়াই ভাষাৰ বাধা ভাঙি দিয়ে। ই নাগৰিকসকলক পঢ়িবলৈ বা লিখাত অসুবিধা পালেও ডিজিটেল সেৱাসমূহ সহজে উপলব্ধ কৰাত সহায় কৰে। ২০২৫ চনৰ জুন মাহত, ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগ আৰু ৰেলৱে তথ্য প্ৰণালী কেন্দ্ৰ (চিআৰআইএচ)-এ ৰাজহুৱা ৰেলৱে প্লেটফৰ্মত বহুভাষিক এআই সমাধান স্থাপন কৰিবলৈ এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ২০২২ চনৰ জুলাই মাহত ইয়াৰ আৰম্ভণিৰ পৰা, ভাষিণীয়ে দহ লাখতকৈও অধিক ডাউনলোড অতিক্ৰম কৰিছে, ২০টা ভাৰতীয় ভাষাক সমৰ্থন কৰিছে, আৰু ৩৫০ ৰো অধিক এআই মডেল একত্ৰিত কৰিছে। ৪৫০+ তকৈ অধিক সক্ৰিয় গ্ৰাহকৰ সৈতে, ভাষিণীয়ে ডিজিটেল অন্তৰ্ভুক্তিক উৎসাহিত কৰা আৰু ভাষাগত বিভাজন দূৰ কৰা অব্যাহত ৰাখিছে।

 

ভাৰতজেন এআই: ভাৰতৰ বহুভাষিক এআই মডেল

২০২৫ চনৰ ২ জুনত ভাৰতজেন সন্মিলন মুকলি কৰা হৈছিল। ভাৰতজেন এআই হৈছে চৰকাৰী পুঁজিৰে নিৰ্মিত, দেশীয় বহুমাধ্যমযুক্ত বৃহৎ ভাষাৰ প্ৰথম মডেল। ২২টা ভাৰতীয় ভাষাক সমৰ্থন কৰে আৰু পাঠ, ভাষণ আৰু ছবিৰ বোধগম্যতা একত্ৰিত কৰে। দেশীয় ডেটাছেট ব্যৱহাৰ কৰি নিৰ্মিত, ভাৰতজেনে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক ধৰি ৰাখে আৰু ভাৰতীয় প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ এআই সমাধান সৃষ্টি কৰিবলৈ ষ্টাৰ্টআপ আৰু গৱেষকসকলক এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে।

 

ভাৰত এআই ইম্পেক্ট সন্মিলনী ২০২৬

ভাৰতে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত এআই ইম্পেক্ট শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰিব। এই শীৰ্ষ সন্মিলনত  ভাৰতৰ এআই সক্ষমতা প্ৰদৰ্শন কৰা হ’ব আৰু বিভিন্ন খণ্ডত উদ্ভাৱনক উৎসাহিত কৰা হ’ব। ২০২৫ চনৰ ১৮ ছেপ্টেম্বৰত ভাৰতে অনুষ্ঠানৰ ল’গ’ আৰু মুখ্য ফ্ল্যাগশ্বিপ পদক্ষেপসমূহ উন্মোচন কৰে।

 

 

মূল ফ্ল্যাগশ্বিপ পদক্ষেপসমূহ হ'ল:

এআই পিচ্চ ফেষ্ট (উড়ান): মহিলা নেত্ৰী আৰু ভিন্নভাৱে সক্ষম পৰিৱৰ্তনকৰ্তাসকলৰ ওপৰত গুৰুত্ব দি বিশ্বৰ এআই ষ্টাৰ্টআপসমূহৰ বাবে এক মঞ্চ।

যুৱক-যুৱতী, মহিলা আৰু অন্যান্য অংশগ্ৰহণকাৰীসকলৰ বাবে বিশ্বব্যাপী উদ্ভাৱন প্ৰত্যাহ্বান: বিশ্বৰ বিভিন্ন খণ্ডত সামুদায়িক প্ৰত্যাহ্বানসমূহ সমাধান কৰিব পৰা এআই চালিত সমাধানসমূহক প্ৰচাৰ কৰাৰ এক পদক্ষেপ।

গৱেষণা আলোচনাচক্ৰ: শেহতীয়া এআই গৱেষণা প্ৰদৰ্শন কৰিবলৈ আৰু ভাৰত, গোলকীয় দক্ষিণ আৰু বহল আন্তৰ্জাতিক সম্প্ৰদায়ৰ আগশাৰীৰ গৱেষকসকলক তেওঁলোকৰ কাম, পদ্ধতি আৰু প্ৰমাণ উপস্থাপন কৰিবলৈ আৰু সহযোগিতা উৎসাহিত কৰিবলৈ একত্ৰিত কৰা।

এআই এক্সপ' : এই এক্সপ'টো দায়বদ্ধ বুদ্ধিমত্তাৰ ওপৰত গুৰুত্ব দিব আৰু ইয়াত ভাৰত আৰু ৩০+ দেশৰ ৩০০+ প্ৰদৰ্শক থাকিব।

শীৰ্ষ সন্মিলনৰ ল'গ' আৰু মুখ্য ফ্ল্যাগশ্বিপ পদক্ষেপবোৰ উন্মোচন কৰা অনুষ্ঠানটোত ভাৰত-বিশেষ তথ্যৰ ওপৰত প্ৰশিক্ষণ দিয়া থলুৱা এআই মডেল গঢ়ি তোলাৰ বাবে আঠটা নতুন মৌলিক মডেলো শুভাৰম্ভ কৰা হৈছে। আন এটা মুখ্য লক্ষ্য আছিল এআই ডাটা লেব, য'ত সমগ্ৰ ভাৰততে আৰম্ভ কৰা ৩০টা পৰীক্ষাগাৰৰ সৈতে ৫৭০টা পৰীক্ষাগাৰৰ নেটৱৰ্ক গঠন কৰা হৈছে। প্ৰথম ২৭টা পৰীক্ষাগাৰ ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (এনআইইএলটি)ৰ সহযোগত স্থাপন কৰা হৈছে। এই পৰীক্ষাগাৰসমূহে ইণ্ডিয়াএআই অভিযানৰ ফিউচাৰস্কিল উদ্যোগৰ অধীনত মৌলিক এআই আৰু তথ্য প্ৰশিক্ষণ প্ৰদান কৰে। ইণ্ডিয়াএআই ফেল'শ্বিপ প্ৰগ্ৰেম আৰু প'ৰ্টেলো ১৩,৫০০ গৱেষকক সমৰ্থন কৰিবলৈ অনুষ্ঠানটোৰ সময়ত সম্প্ৰসাৰিত কৰা হৈছিল। ইয়াৰ ভিতৰত সকলো বিভাগৰ ৮,০০০ স্নাতক, ৫,০০০ স্নাতকোত্তৰ আৰু ৫০০ পিএইচডি গৱেষক অন্তৰ্ভুক্ত। অভিযান্ত্ৰিক, চিকিৎসা, আইন, বাণিজ্য, ব্যৱসায় আৰু কলাৰ দৰে ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ফেল'শ্বিপ মুকলি কৰা হৈছে।

 

দৈনন্দিন জীৱন আৰু কৰ্মত কৃত্ৰিম বুদ্ধিমত্তা

কৃত্রিম বুদ্ধিমত্তাই এক নতুন উদ্ভাৱনৰ ঢৌ বোৱাই আনিছে যিয়ে স্বাস্থ্যসেৱা আৰু কৃষিৰ পৰা আৰম্ভ কৰি শিক্ষা, শাসন আৰু জলবায়ুৰ ভৱিষ্যদ্বাণী পৰ্যন্ত দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। ই চিকিৎসকসকলক দ্ৰুতভাৱে ৰোগ নিৰ্ণয় কৰাত সহায় কৰে, কৃষকসকলক তথ্যৰ ভিত্তিত সিদ্ধান্ত লোৱাত সহায় কৰে, শিক্ষাৰ্থীসকলৰ বাবে শিকনৰ ফলাফল উন্নত কৰে আৰু শাসন ব্যৱস্থাক অধিক কাৰ্যক্ষম আৰু স্বচ্ছ কৰে।

 

এই পৰিৱৰ্তনৰ মূলতে আছে বৃহৎ ভাষা আৰ্হি (এলএলএম), যি এক উন্নত কৃত্ৰিম বুদ্ধিমত্তা প্ৰণালী। ই মানুহৰ দৰে লিখা বুজিবলৈ আৰু সৃষ্টি কৰিবলৈ বৃহৎ পৰিমাণৰ তথ্যৰ পৰা শিকিব পাৰে। এলএলএম -ৰ সহায়তেই চ্যাটবট, অনুবাদ সঁজুলি আৰু ভাৰ্চুৱেল সহায়ক সম্ভৱ হৈছে। ই মানুহক তথ্য বিচাৰি উলিয়াবলৈ, চৰকাৰী সেৱা ব্যৱহাৰ কৰিবলৈ আৰু নিজৰ ভাষাত নতুন দক্ষতা শিকিবলৈ সহজ কৰি তোলে।

 

ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ দৃষ্টিভংগীয়ে প্ৰযুক্তিবিদ্যাৰ সীমা চেৰাই গৈ অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰীয় পদক্ষেপ আৰু বিশ্বব্যাপী সহযোগিতাৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাক বাস্তৱিক সমস্যা সমাধান, জনসেৱা বৃদ্ধি, আৰু প্ৰতিজন নাগৰিকৰ বাবে সুযোগসমূহ অধিক সুলভ কৰি তোলাৰ বাবে ব্যৱহাৰ কৰা হৈছে। গ্ৰাম্য স্বাস্থ্যসেৱাৰ উন্নতি আৰু বতৰৰ ধৰণৰ পূৰ্বানুমান কৰাৰ পৰা আৰম্ভ কৰি আদালতৰ ৰায় আঞ্চলিক ভাষালৈ অনুবাদ কৰালৈকে, কৃত্ৰিম বুদ্ধিমত্তাই ডিজিটেলভাৱে সবলীকৃত আৰু সমতাপূৰ্ণ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত এক শক্তিশালী সহায়ক হিচাপে আত্মপ্ৰকাশ কৰিছে।

এআই-য়ে দৈনন্দিন জীৱন উন্নত কৰি অহা কিছুমান মুখ্য ক্ষেত্ৰ হ’ল:

স্বাস্থ্যসেৱা

এ আইয়ে স্বাস্থ্যসেৱা প্ৰদানৰ ৰূপান্তৰ ঘটাইছে। ই চিকিৎসকসকলক ৰোগসমূহ সোনকালে চিনাক্ত কৰাত, চিকিৎসা স্কেন বিশ্লেষণ কৰাত আৰু ব্যক্তিগতকৃত চিকিৎসাৰ পৰামৰ্শ দিয়াত সহায় কৰে। এআইৰ দ্বাৰা চালিত টেলিমেডিচিন প্লেটফৰ্মসমূহে গ্ৰাম্য অঞ্চলৰ ৰোগীসকলক শীৰ্ষ চিকিৎসালয়ৰ বিশেষজ্ঞসকলৰ সৈতে সংযোগ কৰে, যাৰ ফলত সময় আৰু ব্যয় ৰাহি হোৱাৰ লগতে যত্নৰ মানদণ্ড উন্নত হয়। স্বাস্থ্যসেৱাত সুৰক্ষিত আৰু নৈতিকভাৱে এআইক প্ৰচাৰ কৰা এক বিশ্বব্যাপী সংস্থা হেল্থ এআইত ভাৰতৰ অংশগ্ৰহণ আৰু আইচিএমআৰ আৰু ইণ্ডিয়া এআইৰ সৈতে ব্ৰিটেইন আৰু ছিংগাপুৰৰ দৰে দেশসমূহৰ সহযোগিতাৰ ফলত দায়বদ্ধ উদ্ভাৱন আৰু বিশ্বৰ শ্ৰেষ্ঠ অনুশীলনসমূহ নিশ্চিত কৰা হৈছে।

 

কৃষি

কৃষকসকলৰ বাবে এআই এক বিশ্বাসযোগ্য ডিজিটেল সংগী। ই বতৰৰ পূৰ্বাভাস দিয়ে, কীট-পতংগৰ আক্ৰমণ ধৰা পেলায় আৰু জলসিঞ্চন আৰু সিঁচাৰ বাবে অনুকূল সময়ৰ পৰামৰ্শ দিয়ে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কিষাণ ই-মিত্ৰৰ দৰে পদক্ষেপৰ জৰিয়তে এআই ব্যৱহাৰ কৰি আছে, যি হৈছে এক ভাৰ্চুৱেল সহায়ক যিয়ে কৃষকসকলক পি এম কিষাণ সন্মান নিধিৰ দৰে চৰকাৰী আঁচনিসমূহ উপলব্ধ কৰাত সহায় কৰে। ৰাষ্ট্ৰীয় কীট নিৰীক্ষণ প্ৰণালী আৰু শস্য স্বাস্থ্য নিৰীক্ষণে উপগ্ৰহৰ তথ্য, বতৰৰ ইনপুট আৰু মাটিৰ বিশ্লেষণক একত্ৰিত কৰি প্ৰকৃত সময়ৰ পৰামৰ্শ প্ৰদান কৰে যিয়ে উৎপাদন আৰু আয়ৰ সুৰক্ষা নিশ্চিত কৰে।

শিক্ষা আৰু দক্ষতা

শিক্ষা আৰু দক্ষতা বৃদ্ধি কৰিবলৈ ভাৰতৰ শিক্ষা ব্যৱস্থাত এআই সংহত কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ৰ অধীনত, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ষষ্ঠ শ্ৰেণীৰ পৰা ১৫ ঘণ্টাৰ এআই দক্ষতাৰ মডিউল আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এটা ঐচ্ছিক এআই বিষয় আগবঢ়ায়। এনচিইআৰটি-ৰ দীক্ষা ডিজিটেল শিক্ষা প্লেটফৰ্মে বিশেষকৈ দৃষ্টিহীন শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধতা বৃদ্ধি কৰিবলৈ ভিডিঅ'ত কী-ৱৰ্ড সন্ধান আৰু পঢ়ি-শুনোৱা বৈশিষ্ট্যৰ বাবে এআই সমল ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও, এমইআইটিৱাইৰ অধীনত থকা ৰাষ্ট্ৰীয় ই-গভাৰ্নেন্স বিভাগে (এনইজিডি) ইয়াৰ অংশীদাৰসকলৰ সহযোগত যুৱাই: য়ুথ ফৰ উন্নতি আৰু বিকাশ উইথ এআই নামৰ এক ৰাষ্ট্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰিছে, যাৰ লক্ষ্য হৈছে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক এ আই আৰু সামাজিক দক্ষতাৰ সৈতে এক অন্তৰ্ভুক্তিমূলক ধৰণে সক্ষম কৰা। কাৰ্যসূচীটোৱে ছাত্ৰ-ছাত্ৰীসকলক আঠটা বিষয়ভিত্তিক ক্ষেত্ৰত এ আই দক্ষতা শিকিবলৈ আৰু প্ৰয়োগ কৰিবলৈ এক প্লেটফৰ্ম প্ৰদান কৰে: কৃষি, আৰোগ্য, শিক্ষা, পৰিৱেশ, পৰিবহন, গ্ৰামীণ বিকাশ, স্মাৰ্ট চিটি আৰু বিধি আৰু ন্যায়, আৰু তেওঁলোকক বাস্তৱ-জগতৰ প্ৰত্যাহ্বানৰ বাবে এআই চালিত সমাধান বিকশিত কৰিবলৈ শক্তিশালী কৰে।

শাসন আৰু ন্যায় প্ৰদান

এআইয়ে শাসন আৰু ৰাজহুৱা সেৱা প্ৰদানৰ ৰূপান্তৰ ঘটাইছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মতে, ই-কৰ্ট প্ৰকল্পৰ তৃতীয় পৰ্যায়ৰ অধীনত, ন্যায় ব্যৱস্থাক অধিক কাৰ্যক্ষম আৰু উপলব্ধ কৰিবলৈ আধুনিক প্ৰযুক্তি সংহত কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু ইয়াৰ উপ-শাখা যেনে মেচিন লাৰ্নিং, অপ্টিকেল কেৰেক্টাৰ ৰিকগনিচন আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ অনুবাদ, পূৰ্বাভাস, প্ৰশাসনিক দক্ষতা, স্বয়ংক্ৰিয় ফাইল, বুদ্ধিমত্তাসম্পন্ন সময়সূচী আৰু চ্যাটবট আদি যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হৈছে। উচ্চ ন্যায়ালয়ত এআই অনুবাদ সমিতিসমূহে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ৰায়সমূহ স্থানীয় ভাষালৈ অনুবাদৰ তদাৰক কৰি আছে। ই-এইচচিআৰ আৰু ই-আইএলআৰ-ৰ দৰে ডিজিটেল আইনী প্লেটফৰ্মসমূহে এতিয়া নাগৰিকসকলক একাধিক আঞ্চলিক ভাষাত ৰায়সমূহৰ অনলাইন পাবলৈ সক্ষম কৰি তুলিছে, যাৰ ফলত ন্যায় প্ৰদান অধিক স্বচ্ছ আৰু অন্তৰ্ভুক্তিমূলক হৈছে।

বতৰৰ পূৰ্বাভাস আৰু জলবায়ু সেৱা

এআই-য়ে প্ৰাকৃতিক ঘটনাৰ পূৰ্বাভাস আৰু সঁহাৰি জনোৱাৰ ভাৰতৰ সামৰ্থ্যক শক্তিশালী কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বৰষুণ, কুঁৱলী, বজ্ৰপাত আৰু জুইৰ পূৰ্বাভাস দিবলৈ এআই ভিত্তিক মডেল ব্যৱহাৰ কৰে। এডভান্সড ডভোৰাক টেকনিক-এ ঘূৰ্ণীবতাহৰ তীব্ৰতা অনুমান কৰাত সহায় কৰে, আনহাতে অনাগত দিনত এআই চেটবট মৌচমজিপিটিয়ে কৃষক আৰু দুৰ্যোগ ব্যৱস্থাপনা সংস্থাসমূহক প্ৰকৃত সময়ৰ বতৰ আৰু জলবায়ুৰ পৰামৰ্শ আগবঢ়াব।

কৃত্রিম বুদ্ধিমত্তাই নিবনুৱা সমস্যাৰ সৃষ্টি কৰিব নেকি?

 

কৃত্ৰিম বুদ্ধিমত্তাক প্ৰায়ে চাকৰিৰ বাবে ভাবুকি হিচাপে দেখা যায়, কিন্তু বাস্তৱত ই নতুন ধৰণৰ সুযোগ সৃষ্টি কৰি আছে। এনএএচএচচিঅ’এম-ৰ "ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা দক্ষতাৰ অগ্ৰগতি" (আগষ্ট ২০২৪) প্ৰতিবেদন অনুসৰি, ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ দক্ষতাসম্পন্ন লোকৰ সংখ্যা ২০২৭ চনলৈ প্ৰায় ৬-৬.৫ লাখ পেছাদাৰীৰ পৰা ১২.৫ লাখতকৈও অধিকলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যি ১৫ শতাংশৰ যৌগিক বাৰ্ষিক বিকাশ হাৰত বৃদ্ধি পাব।

 

কৃত্ৰিম বুদ্ধিমত্তাই তথ্য বিজ্ঞান, তথ্য সংৰক্ষণ, কৃত্ৰিম বুদ্ধিমত্তা অভিযান্ত্ৰিকী আৰু বিশ্লেষণৰ দৰে ক্ষেত্ৰত চাহিদা বৃদ্ধি কৰিছে। আগষ্ট ২০২৫ লৈকে, প্ৰায় ৮.৬৫ লাখ প্ৰাৰ্থীয়ে বিভিন্ন উদীয়মান প্ৰযুক্তি পাঠ্যক্ৰমত নামভৰ্তি কৰিছে বা প্ৰশিক্ষণ লৈছে, যাৰ ভিতৰত ৩.২০ লাখ কৃত্ৰিম বুদ্ধিমত্তা আৰু বৃহৎ তথ্য বিশ্লেষণৰ পাঠ্যক্ৰমত আছে।

 

এই কৰ্মশক্তিক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিবলৈ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (এমইআইটিৱাই) ফিউচাৰস্কিল প্ৰাইম নামৰ এক ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰম্ভ কৰিছে, যি কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি ১০টা নতুন আৰু উদীয়মান প্ৰযুক্তিত আইটি পেছাদাৰীসকলক পুনৰ দক্ষ আৰু উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়ে। আগষ্ট ২০২৫ লৈকে, ১৮.৫৬ লাখতকৈ অধিক প্ৰাৰ্থীয়ে ফিউচাৰস্কিলচ প্ৰাইম পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল, আৰু ৩.৩৭ লাখতকৈ অধিক লোকে সফলতাৰে তেওঁলোকৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।

 

অন্তৰ্ভুক্তিমূলক সামাজিক বিকাশৰ বাবে এআই

 

নীতি আয়োগৰ প্ৰতিবেদন, এআই ফৰ ইনক্লুচিভ ছ'চিয়েল ডেভেলপমেণ্ট (অক্টোবৰ ২০২৫)ত ভাৰতৰ অনানুষ্ঠানিক কৰ্মশক্তিৰ সৱলীকৰণৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ এক ৰোডমেপ নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰতিবেদনে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে: বিশ্বৰ আটাইতকৈ উন্নত প্ৰযুক্তিসমূহে কেনেকৈ আটাইতকৈ অৱহেলিত কৰ্মীসকলৰ ওচৰলৈ যাব পাৰে যাতে তেওঁলোকে বাধা অতিক্ৰম কৰি ভাৰতৰ বিকাশৰ কাহিনীত নিজৰ স্থান দখল কৰিব পাৰে?

প্ৰতিবেদনখনত অনানুষ্ঠানিক কৰ্মীসকলৰ বাস্তৱ অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়ে ৰাজকোটৰ এজন ঘৰুৱা স্বাস্থ্যসেৱা সহায়ক, দিল্লীৰ এজন কাঠমিস্ত্ৰী, এজন কৃষক আৰু আন বহুতৰ প্ৰত্যাহ্বান আৰু আকাংক্ষাক প্ৰতিফলিত কৰে। এই কাহিনীসমূহে বাধা দেখুৱায়, কিন্তু চিন্তাশীলভাৱে ব্যৱহাৰ কৰা প্ৰযুক্তিয়ে মুকলি কৰিব পৰা বিশাল সম্ভাৱনাকো দেখুৱায়। এই লাখ লাখ লোকৰ বাবে প্ৰযুক্তিয়ে তেওঁলোকৰ দক্ষতাক স্থানান্তৰিত কৰিব নালাগে, ই তেওঁলোকক উন্নত কৰিব লাগিব।

ৰোডমেপত আলোচনা কৰা হৈছে যে কেনেকৈ কৃত্ৰিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংছ, ব্লকচেইন, ৰবটিক্স আৰু ইমাৰ্চিভ শিক্ষাই ভাৰতৰ ৪৯০ মিলিয়ন অনানুষ্ঠানিক কৰ্মীয়ে সন্মুখীন হোৱা পদ্ধতিগত বাধাসমূহ আঁতৰাব পাৰে। ই এনে এক ভৱিষ্যতৰ কল্পনা কৰে য'ত ২০৩৫ চনৰ ভিতৰত ভাষা আৰু সাক্ষৰতাৰ বাধাসমূহক ভয়েচ-ফাৰ্ষ্ট এআই ইণ্টাৰফেচে অতিক্ৰম কৰিব। স্মাৰ্ট চুক্তিৰ জৰিয়তে সময়মতে আৰু স্বচ্ছভাৱে ধন পৰিশোধ কৰাটো নিশ্চিত কৰা হ'ব। মাইক্ৰ'-ক্ৰেডেনচিয়েল আৰু অন-ডিমাণ্ড শিক্ষাই কৰ্মীসকলক তেওঁলোকৰ আকাংক্ষাৰ গতিত দক্ষতাক বৃদ্ধি কৰিবলৈ অনুমতি দিব।

এই দৃষ্টিভংগীৰ কেন্দ্ৰবিন্দু হৈছে ডিজিটেল শ্ৰমসেতু অভিযান, যি ভাৰতৰ অনানুষ্ঠানিক খণ্ডৰ বাবে বৃহৎ পৰিসৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ এক ৰাষ্ট্ৰীয় পদক্ষেপ। এই অভিযানে ব্যক্তি বা খণ্ড-ভিত্তিক অগ্ৰাধিকাৰ, ৰাজ্য-চালিত ৰূপায়ণ, নিয়ন্ত্ৰণমূলক সক্ষমতা আৰু বহনক্ষমতা আৰু বহল গ্ৰহণযোগ্যতা নিশ্চিত কৰিবলৈ কৌশলগত অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই এক শক্তিশালী বহু-স্তৰীয় প্ৰভাৱ মূল্যায়ন কাঠামোৰ দ্বাৰা পৰিচালিত চৰকাৰ, উদ্যোগ আৰু অসামৰিক সমাজক সক্ৰিয় কৰিব।

প্ৰতিবেদনখনত এই কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে এই অন্তৰ্ভুক্তিমূলক ডিজিটেল জাঁপ দিবলৈ কেৱল আশাবাদী হোৱাটোৱেই যথেষ্ট নহয়। ই গৱেষণা আৰু উন্নয়ন, লক্ষ্যভিত্তিক দক্ষতা বিকাশ কাৰ্যসূচী আৰু এক শক্তিশালী উদ্ভাৱন পৰিৱেশত একত্ৰিত বিনিয়োগৰ আহ্বান জনায়। আধাৰ, ইউপিআই আৰু জন ধনৰ দৰে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সৈতে ভাৰতৰ পূৰ্বৰ সাফল্যই দেখুৱাইছে যে অন্তৰ্ভুক্তিমূলক বৃহৎ পৰিসৰৰ মঞ্চ সম্ভৱ।

 

প্ৰস্তাৱিত কাৰ্যকৰীকৰণৰ ৰোডমেপ:

পৰ্যায় ১ (২০২৫–২০২৬): স্পষ্ট লক্ষ্য, সময়সীমা আৰু জুখিব পৰা ফলাফলৰ সৈতে মিছন চাৰ্টাৰৰ মিছন অৰিয়েন্টেচন খচৰা প্ৰস্তুত কৰা। চৰকাৰ, উদ্যোগ, শিক্ষা আৰু অসামৰিক সমাজৰ অংশীদাৰসকলক অগ্ৰাধিকাৰ নিৰ্ধাৰণ আৰু উদ্দেশ্য নিৰূপণ কৰিবলৈ জড়িত কৰা হ’ব।

পৰ্যায় ২ (২০২৬–২০২৭): প্ৰতিষ্ঠানিক স্থাপন আৰু শাসন ব্যৱস্থাৰ ডিজাইন আন্তঃক্ষেত্ৰীয়  শাসন কাঠামো, নেতৃত্বৰ ভূমিকা আৰু কাৰ্যকৰীকৰণৰ পৰিকল্পনা কৰা। এই পৰ্যায়ত আইনী, নিয়ামক আৰু ডিজিটেল আন্তঃগাঁথনিক সাজু কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব, লগতে ঘৰুৱা উদ্ভাৱন আৰু ৰাজহুৱা–ব্যক্তিগত অংশীদাৰিত্বক উৎসাহিত কৰা হ’ব।

পৰ্যায় ৩ (২০২৭–২০২৯): পাইলট প্ৰকল্পসমূহক পৰীক্ষা কৰিবলৈ বাস্তৱ পৰিস্থিতিত মুকলি কৰি দিয়া হ’ব। শক্তিশালী নিৰীক্ষণ আৰু মূল্যায়ন কাঠামোৰ দ্বাৰা সমৰ্থিত হৈ উপলব্ধতা আৰু গ্ৰহণযোগ্যতাক অগ্ৰাধিকাৰ দিয়া হ’ব।

পৰ্যায় ৪ (২০২৯ চনৰ পৰা): দেশজুৰি ৰূপায়ণ আৰু সংহতকৰণ প্ৰমাণিত সমাধানসমূহ ৰাজ্য আৰু চহৰসমূহলৈ সম্প্ৰসাৰণ কৰা হ’ব। স্থানীয় অভিযোজনে আঞ্চলিক প্ৰাসংগিকতা আৰু খণ্ডসমূহত কৰ্মীৰ গতিশীলতা নিশ্চিত কৰিব। এই পৰ্যায়ৰ লক্ষ্য হৈছে অভিযানটোক প্ৰতিষ্ঠানিক ৰূপ দিয়া আৰু বৃহৎ পৰিসৰত ইয়াৰ লাভালাভসমূহক বহনক্ষম কৰি তোলা।

২০৩৫ চনৰ ভিতৰত, এই অভিযানটোৱে ভাৰতক অন্তৰ্ভুক্তিমূলক কৃত্ৰিম বুদ্ধিমত্তাৰ স্থাপনত এক বিশ্ব নেতা হিচাপে কল্পনা কৰিছে। ইয়াৰ লক্ষ্য হৈছে যে প্ৰযুক্তিয়ে কেৱল বিকাশক আগুৱাই নিয়াৰ লগতে জীৱিকা শক্তিশালী কৰা, সুযোগৰ পথ মুকলি কৰা আৰু এখন সমতাপূৰ্ণ আৰু সবল ডিজিটেল অৰ্থনীতিৰ দিশত দেশখনৰ যাত্ৰাক সমৰ্থন কৰা।

 

সামৰণি

কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ যাত্ৰাই এক স্পষ্ট দৃষ্টিভংগী আৰু নিৰ্ণায়ক পদক্ষেপক প্ৰতিফলিত কৰে। কম্পিউটিং আন্তঃগাঁথনি সম্প্ৰসাৰণৰ পৰা আৰম্ভ কৰি থলুৱা আৰ্হি গঢ়ি তোলা আৰু ষ্টাৰ্টআপক সমৰ্থন কৰালৈকে, দেশখনে এক শক্তিশালী কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিছে যিয়ে নাগৰিকসকলক উপকৃত কৰিব আৰু উদ্ভাৱনক আগুৱাই নিব। কৃষি, স্বাস্থ্যসেৱা, শিক্ষা আৰু শাসন ব্যৱস্থাত লোৱা পদক্ষেপসমূহে বাস্তৱিক প্ৰভাৱৰ সৈতে ব্যৱহাৰিক প্ৰয়োগ প্ৰদৰ্শন কৰে। ইণ্ডিয়াএআই অভিযান, ডিজিটেল শ্ৰমসেতু, আৰু মৌলিক আৰ্হি বিকাশৰ দৰে কৌশলগত পদক্ষেপসমূহে নিশ্চিত কৰিছে যে উদ্ভাৱন প্ৰতিজন নাগৰিকৰ ওচৰলৈ গৈছে আৰু লগতে গৱেষণা, দক্ষতা আৰু উদ্যোগীক উৎসাহিত কৰিছে। এই প্ৰচেষ্টাসমূহে বিকশিত ভাৰত ২০৪৭ ৰ দৃষ্টিভংগীক আগুৱাই নি ভাৰতক এক বিশ্ব কৃত্ৰিম বুদ্ধিমত্তা নেতা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ এক শক্তিশালী ভেটি স্থাপন কৰিব।

 

সমল

Ministry of Electronics & IT

 

Ministry of Communications

Department of Science and Technology

 

Ministry of Agriculture & Farmers Welfare

 

NITI Ayog

 

 

DPS

(Backgrounder ID: 155571) Visitor Counter : 6
Provide suggestions / comments
Link mygov.in
National Portal Of India
STQC Certificate