Farmer's Welfare

য'ত কাঠফুলাৰ শিপা গজে, ত'তেই জীৱিকাই গঢ় লয়

Posted On: 10 NOV 2026 10:25AM

স্বাস্থ্যসন্মত খাদ্যৰ প্ৰতি ক্ৰমাৎ আগ্ৰহ বৃদ্ধিৰ লগে লগে ভাৰতৰ উদ্যান শস্য খণ্ডত কাঠফুলা খেতিৰ গুৰুত্ব বাঢ়িছে আৰু ই অধিক বৃদ্ধিৰ সুবিধা প্ৰদান কৰিছে। কাঠফুলাৰ পুষ্টিকৰ উপাদানৰ বাবে ইয়াক মূল্য দিয়া হয়। সাধাৰণতে ইয়াত কেলৰি, চৰ্বি আৰু কাৰ্বহাইড্ৰেট কম থকাৰ লগতে ই প্ৰটিন, খাদ্য আঁহ, ভিটামিন, খনিজ পদাৰ্থৰ ভাল উৎস। সীমিত মাটিত আৰু গাঁও, চহৰ, অৰ্ধচহৰ অঞ্চলত ইয়াৰ খেতি কৰিব পাৰি।

আৱৰ্জনা সংগ্ৰহৰ পৰা বৰ্ধিত সম্ভাৱনালৈ

সামান্য ঠাই, কাঠফুলা খেতিৰ কেইটামান বেগ আৰু নতুন দক্ষতাই নতুন জীৱিকাৰ সুযোগৰ পথ মুকলি কৰিব পাৰে। সমগ্ৰ ভাৰততে কৃষক, মহিলা আৰু গ্ৰাম্য যুৱক-যুৱতীসকলৰ বাবে কাঠফুলাৰ খেতি এক কাৰ্যক্ষম জীৱিকাৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰ জিলাৰ ইপ্পাটাম গাঁৱৰ ৰুথুৰ বাবে এই যাত্ৰা আৰম্ভ হৈছিল জীৱিকাৰ বিকল্প উৎসৰ সন্ধানেৰে। ২০ বছৰ বয়সত আৱৰ্জনা সংগ্ৰহকাৰী হিচাপে কাম কৰিছিল আৰু স্বাধীন জীৱিকা প্ৰতিষ্ঠা কৰাৰ আকাংক্ষা কৰিছিল।

এই সুযোগ তেওঁৰ সন্মুখত গ্ৰাম্য যুৱক-যুৱতীৰ বাবে দক্ষতা প্ৰশিক্ষণ (এছ.টি.আৰ.ৱাই.) পদক্ষেপৰ অধীনত আয়োজিত এক হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে উপস্থাপন কৰা হৈছিল। কৃষি বিজ্ঞান কেন্দ্ৰ (কে.ভি.কে.), গুণ্টুৰে কাঠফুলা উৎপাদনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছিল, য’ত পচন সাৰ প্ৰস্তুত কৰা, পোনা মেলা, আৱৰণ দিয়া, পিন কৰা, ডাঙৰ কৰা আৰু শস্য চপোৱাৰ দৰে মূল পদক্ষেপসমূহ সামৰি লোৱা হৈছিল। অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (এছ.এ.এম.ই.টি.আই.) আৰু হায়দৰাবাদৰ ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনা প্ৰতিষ্ঠান (এম.এ.এন.এ.জি.ই.)-ৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়।

কাঠফুলাৰ বীজ পচন সাৰৰ সৈতে মিহলি কৰা প্ৰক্ৰিয়াটোৱেই হৈছে পোনা মেলা।

কেছিং হ’ল পোনা মেলি বিয়পাই দিয়াৰ প্ৰক্ৰিয়া, তাৰ পিছত পচন সাৰৰ ওপৰত আৱৰণী মাটিৰ তৰপ এটা ৰখা, যিয়ে কাঠফুলাৰ বৃদ্ধিত সহায় কৰে। আৱৰণী মাটিয়ে আৰ্দ্ৰতা জলাশয় হিচাপে কাম কৰে, আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে আৰু কাঠফুলাৰ বৃদ্ধিৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰে।

পিনিং হৈছে সেই পৰ্যায় যেতিয়া পিনহেড নামে জনাজাত সৰু সৰু কাঠফুলাৰ গঠনবোৰ আৱৰণী মাটিৰ পৃষ্ঠত বা ওচৰত দেখা যায়।

ভাৰতত, য’ত বহু কৃষকে সীমিত মূলধনেৰে সৰু আৰু প্ৰান্তীয় মাটিত খেতি কৰে, কাঠফুলাৰ খেতিয়ে তাত এটা কাৰ্যকৰী বিকল্প আগবঢ়ায়। কাৰণ ইয়াত কৃষি আৱৰ্জনাক বৃদ্ধিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় আৰু বহুতো পৰম্পৰাগত কৃষি কাৰ্যকলাপতকৈ কম মাটি, পানী আৰু আৰ্থিক বিনিয়োগৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি ই এটা কৃষি ব্যৱসায়িক উদ্যোগ হিচাপে সম্ভাৱনা প্ৰদান কৰে, সম্পদৰ ব্যৱহাৰ, নিয়োগ সৃষ্টি, বহনক্ষমতা আৰু পুষ্টি সুৰক্ষাৰ দৰে মূল উদ্বেগসমূহৰ সৈতে মোকাবিলা কৰে।

 

প্ৰশিক্ষণৰ সময়ত আহৰণ কৰা দক্ষতা ব্যৱহাৰ কৰি ৰুথুৱে গাখীৰৰ দৰে কাঠফুলাৰ খেতি আৰম্ভ কৰিলে আৰু স্থানীয় বজাৰত নিয়মিতভাৱে যোগান ধৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ উৎপাদন প্ৰতিদিনে প্ৰায় ৮ কিলোগ্ৰামলৈ বৃদ্ধি পাই মাহিলি প্ৰায় ৩৫,০০০ টকা আয় হয়। ৰোগমুক্ত, পৰিষ্কাৰ ধান খেৰ, ভাল মানৰ কাঠফুলাৰ বীজ ব্যৱহাৰ কৰাটো কিমান গুৰুত্বপূৰ্ণ, আৰু কাঠফুলা খেতিৰ সময়ত সঠিক উষ্ণতা আৰু আৰ্দ্ৰতাৰ মাত্ৰা অটুট ৰখাটো কিমান গুৰুত্বপূৰ্ণ সেই কথাও তেওঁ জানিব পাৰিলে। তেওঁৰ শিক্ষণ আৰু অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হৈ সম্প্ৰদায়টোৰ আন তিনিৰ পৰা চাৰিজন সদস্যয়ো তেওঁৰ পৰামৰ্শ আৰু সমৰ্থনত ক্ষুদ্ৰ পৰিসৰৰ কাঠফুলাৰ খেতি কৰিবলৈ উৎসাহিত হয়।

ৰুথুৰ অভিজ্ঞতাই প্ৰমাণ কৰে যে লক্ষ্য নিৰ্ধাৰণ কৰা দক্ষতা বিকাশক ব্যৱহাৰিকভাৱে ৰূপায়ণ কৰিলে স্থানীয় পৰ্যায়ত জীৱিকাৰ বৈচিত্ৰ্য আৰু জ্ঞান বিনিময়ক প্ৰসাৰিত কৰিব পাৰি। যিটো হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচী হিচাপে আৰম্ভ হৈছিল সেয়া আয়ৰ উৎস হৈ পৰিছিল আৰু সমাজৰ আন লোকসকলক কাঠফুলা খেতিক জীৱিকাৰ বিকল্প হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল।

এগৰাকী মহিলা, বহুতো জীৱিকা : কাঠফুলাৰ গাঁও নিৰ্মাণ

যেতিয়া কোনো ব্যক্তিগত উদ্যোগে সামূহিক প্ৰচেষ্টাক অনুপ্ৰাণিত কৰে, তেতিয়া এই জীৱিকাৰ পদক্ষেপসমূহে সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আনিব পাৰে। অনন্তপুৰ গাঁৱত কাঠফুলা খেতিৰ পৰা সম্প্ৰদায়ৰ নেতৃত্বলৈ অনিতা দেৱীৰ যাত্ৰাই প্ৰমাণ কৰে যে স্থানীয় ভিত্তিক জীৱিকাৰ দ্বাৰা গ্ৰাম্য মহিলাসকলৰ বাবে অৰ্থনৈতিক সুযোগৰ সৃষ্টি আৰু সম্প্ৰদায়ভিত্তিক উদ্যোগসমূহ কেনেদৰে শক্তিশালী হ’ব পাৰে। অনিতাৰ বাবে কাঠফুলা খেতি আৰম্ভ হৈছিল স্বতন্ত্ৰ উপাৰ্জনৰ আকাংক্ষাৰ পৰা। ড° ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আৰু জি.বি. পন্ত বিশ্ববিদ্যালয়ত গ্ৰহণ কৰা প্ৰশিক্ষণে তেওঁৰ জ্ঞান বিকাশত সহায় কৰাৰ বিপৰীতে ২০১০ চনত বিহাৰৰ নালন্দা জিলাৰ হৰনাউট ব্লকৰ কৃষি বিজ্ঞান কেন্দ্ৰ (কে.ভি.কে.)-ৰ সৈতে তেওঁ জড়িত হৈ পৰাটোৱে তেওঁৰ উদ্যোগী যাত্ৰাৰ সঠিক দিশ প্ৰদান কৰিছিল। কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলৰ উৎসাহত তেওঁ শামুক আৰু গাখীৰৰ দৰে বগা কাঠফুলা খেতি আৰম্ভ কৰে। এই জাতবোৰ স্থানীয় পৰিস্থিতিৰ লগত ভালদৰে খাপ খোৱা আৰু কৃষি আৱৰ্জনা ব্যৱহাৰ কৰি খেতিৰ বাবেও উপযোগী আছিল।

তেওঁৰ এই পদক্ষেপে ক্ৰমান্বয়ে অনন্তপুৰ গাঁৱৰ আন মহিলাসকলক কাঠফুলা খেতি কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। এই কাৰ্যকলাপে চুবুৰীয়া গাঁওসমূহলৈ বিয়পি পৰে আৰু ২০১২ চনত ৰাজ্যিক কৃষি বিভাগে অনন্তপুৰক "কাঠফুলাৰ গাঁও" বুলি ঘোষণা কৰে। অনিতাই "কাঠফুলা মহিলা" নামেৰে পৰিচিত হবলৈ ধৰিলে, যিয়ে সমাজত এই জীৱিকাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ ক্ৰমবৰ্ধমান ভূমিকাক প্ৰতিফলিত কৰিছিল। কাঠফুলা খেতিৰ সম্প্ৰসাৰণৰ লগে লগে ভাল মানৰ কাঠফুলাৰ বীজৰ উপলব্ধতা এক জটিল প্ৰয়োজনীয়তা হৈ পৰিল। ৰাষ্ট্ৰীয় উদ্যান শস্য অভিযানৰ সহযোগত অনিতাই ১৫ লাখ টকাৰ ৰাজসাহায্যৰে এটা পোনা উৎপাদন পৰীক্ষাগাৰ স্থাপন কৰে, যিয়ে এই খেতিৰ বাবে গুৰুত্বপূৰ্ণ সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাত সহায় কৰে। মাধপুৰ ফাৰ্মাৰ্ছ প্ৰডাক্টাৰ্ছ কোম্পানী লিমিটেড স্থাপন কৰি তেওঁ সামূহিক উদ্যোগটোক আৰু অধিক শক্তিশালী কৰি তুলিছিল। এই কোম্পানীয়ে কাঠফুলা খেতিয়ক আৰু বিক্ৰেতাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে আৰু মহিলাসকলক চৰকাৰী আঁচনি আৰু বজাৰৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে।

২০২৩ চনলৈকে জীৱিকা আত্মসহায়ক গোটৰ ২৫০ তকৈ অধিক মহিলা নালন্দাত কাঠফুলা ভিত্তিক জীৱিকাৰ কামত নিয়োজিত হৈছিল। অনন্তপুৰক বিহাৰৰ "কাঠফুলাৰ গাঁও" হিচাপে স্বীকৃতি দিয়াটোৱে এগৰাকী মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ সন্ধানৰ পৰা আৰম্ভ হোৱা এক পদক্ষেপক সমগ্ৰ সম্প্ৰদায়টোৱে ব্যাপকভাৱে গ্ৰহণ কৰাটো প্ৰতিফলিত কৰে। অনিতা দেৱীৰ এই যাত্ৰাই প্ৰদৰ্শন কৰে যে দক্ষতা বিকাশ, প্ৰতিষ্ঠানিক সমৰ্থন, অত্যাৱশ্যকীয় সামগ্ৰীৰ সুবিধা তথা সামূহিক উদ্যোগে কেনেকৈ পাৰস্পৰিকভাৱে ইজনে সিজনক শক্তিশালী কৰিব পাৰে আৰু জীৱিকাৰ সুযোগ সম্প্ৰসাৰণ কৰিব পাৰে।

যেতিয়া এজন অভিযন্তাই কাঠফুলাৰ খেতি নিৰ্বাচন কৰিছিল

কাঠফুলাৰ খেতিয়ে পৰম্পৰাগত কৃষিৰ বাহিৰেও ক্ৰমান্বয়ে নতুন জীৱিকাৰ সুযোগ সৃষ্টি কৰিছে, যত আনকি সীমিত মাটিত উদ্যোগ স্থাপন কৰিব বিচৰা পেছাদাৰীসকলো আছে। গুজৰাটৰ টাপিৰ চিভিল ইঞ্জিনিয়াৰ অঞ্জনাবেন গামিটে এগ্ৰি সন্দেশত প্ৰকাশিত শামুক কাঠফুলাৰ খেতি সম্পৰ্কীয় এটা লেখা পঢ়ি এই সুযোগৰ বিষয়ে জানিব পাৰিছিল। বিস্তৃত ভূমিৰ প্ৰয়োজন নোহোৱাকৈ কাঠফুলা খেতিৰ সম্ভাৱনাক স্বীকাৰ কৰি তেওঁ টাপিৰ কৃষি বিজ্ঞান কেন্দ্ৰ (কে.ভি.কে.) ভ্ৰমণ কৰি "কাঠফুলা খেতিৰ জৰিয়তে উদ্যোগীকৰণ বিকাশ" শীৰ্ষক চাৰিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কে.ভি.কে-ৰ বিজ্ঞানীসকলৰ কাৰিকৰী নিৰ্দেশনাত তেওঁ উপলব্ধ সম্পদ ব্যৱহাৰ কৰি ২০১৭ চনত শামুক কাঠফুলাৰ খেতি আৰম্ভ কৰে।

তেওঁৰ প্ৰথম কাঠফুলা উৎপাদন ইউনিটটো বাঁহ আৰু সেউজীয়া ছাঁৰ জালেৰে নিৰ্মিত ১৫ × ১০ ফুটৰ চেডত স্থাপন কৰা হৈছিল। কে.ভি.কে.-এ তেওঁক কাঠফুলাৰ বীজ, পলিথিন বেগ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে চলিত কাৰিকৰী নিৰ্দেশনাও প্ৰদান কৰিছিল। ডেৰ-দুমাহৰ ভিতৰতে তেওঁ প্ৰথমে প্ৰায় ১৪০ কিলোগ্ৰাম কাঠফুলা উৎপাদন কৰিলে, যাৰ ফলত ২৮,০০০ টকা আয় হয়, আনহাতে ১১,০০০ টকা উৎপাদন ব্যয় হয়। এই ফলাফলত উৎসাহিত হৈ তেওঁ ২০১৯ চনত নিজৰ কাঠফুলা উৎপাদন কেন্দ্ৰটো সম্প্ৰসাৰণ কৰি কাঠফুলাৰ ঘৰটোৰ আকাৰ ২৩ × ৮০ ফুটলৈ বৃদ্ধি কৰি অতিৰিক্ত ১.৭২ লাখ টকা বিনিয়োগ কৰে। সেই বছৰৰ এপ্ৰিলৰ পৰা ডিচেম্বৰৰ ভিতৰত তেওঁ ২৫০ কিলোগ্ৰাম বীজ ব্যৱহাৰ কৰি ১২৩৪ কিলোগ্ৰাম কাঠফুলা উৎপাদন কৰিছিল। এই শস্যৰ পৰা মুঠ আয় হয় ৩.০৯ লাখ টকা আৰু উৎপাদন ব্যয় কৰ্তনৰ পিছত ২.২০ লাখ টকা লাভ হয়।

উৎপাদন সম্প্ৰসাৰণৰ সমান্তৰালভাৱে গ্ৰাহকৰ কাষ চাপিবলৈ অঞ্জনাবেনে স্থানীয় বজাৰৰ সৈতে সংযোগ স্থাপন কৰিছিল। তেওঁ ১০০–২০০ গ্ৰাম পেকেটত কাঠফুলা পেকেট কৰি ভ্যাৰাৰ অংগনবাড়ী কৰ্মী, খুচুৰা বিক্ৰেতা, শাক-পাচলি বিক্ৰেতাৰ জৰিয়তে যোগান ধৰিছিল। টেলিফোনৰ জৰিয়তে বুকিঙৰ সুবিধাই বিক্ৰী বৃদ্ধি কৰিলে, আনহাতে জিলাখনৰ জৈৱিক বজাৰে গ্ৰাহকক পোনপটীয়াকৈ কাঠফুলা বিক্ৰী কৰাৰ বাবে অতিৰিক্ত মাধ্যম প্ৰদান কৰিলে। অঞ্জনাবেনৰ অভিজ্ঞতাই দেখুৱাইছে যে লক্ষ্য নিৰ্ধাৰিত প্ৰশিক্ষণ, প্ৰতিষ্ঠানিক সমৰ্থন, সীমিত আন্তঃগাঁথনি আৰু স্থানীয় পৰিস্থিতিৰ অনুকূল বিপণন কৌশলৰ জৰিয়তে কাঠফুলা খেতিৰ উদ্যোগীকৰণক কেনেদৰে প্ৰসাৰিত কৰিব পাৰি।

২৫টা বেগৰ পৰা কাঠফুলাৰ উদ্যোগলৈ

উত্তৰাখণ্ডত কাঠফুলা খেতিৰ এটা সামান্য পৰীক্ষাই ক্ৰমান্বয়ে এক বৈচিত্ৰ্যপূৰ্ণ উদ্যোগলৈ পৰিণত হৈছে, যাৰ অৰ্থনৈতিক আৰু সম্প্ৰদায়ৰ প্ৰভাৱ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ডেৰাডুনৰ চাৰবা গাঁৱৰ আই টি পেছাদাৰী হীৰেছা বাৰ্মাই ২০১৩ চনত এটা ছাৰ্ভেণ্ট কোৱাৰ্টাৰত মাত্ৰ ২৫ টা বেগ লৈ শামুক কাঠফুলাৰ খেতি আৰম্ভ কৰিছিল। প্ৰথমাৱস্থাত তেওঁ ২০০০ টকা বিনিয়োগ কৰি প্ৰায় ৫০০০ টকা আয় কৰে। ইয়াৰ দ্বাৰা উৎসাহিত হৈ তেওঁ কাঠফুলা খেতিক উদ্যোগী হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। পৰৱৰ্তী সময়ত তেওঁ ডেৰাডুনত কাঠফুলা উৎপাদন উদ্যোগ "হান এগ্ৰ'কেয়াৰ" প্ৰতিষ্ঠা কৰে।

কৃষি বিজ্ঞান কেন্দ্ৰ (কে.ভি.কে.), ডেৰাডুন আৰু আই.চি.এ.আৰ.-কাঠফুলা গৱেষণা সঞ্চালকালয় (ডি.এম.আৰ.), ছোলানৰ পৰা লাভ কৰা প্ৰশিক্ষণে তেওঁৰ উদ্যোগীকৰণৰ যাত্ৰাক শক্তিশালী কৰি তুলিছিল। এই প্ৰশিক্ষণে তেওঁক বিভিন্ন কাঠফুলাৰ জাত আৰু ইয়াৰ খেতি পদ্ধতিৰ বিশেষ জ্ঞান লাভ কৰাত সহায় কৰিছিল। ডেৰাডুনৰ কাঠফুলা বিভাগৰ সৈতেও যোগাযোগ কৰি পচন সাৰ আৰু পোনা মেলা নিশ্চিত কৰে আৰু ৰাষ্ট্ৰীয় উদ্যান শস্য অভিযান আৰু ৰাষ্ট্ৰীয় উদ্যান শস্য ব’ৰ্ডৰ জৰিয়তে আৰ্থিক সাহায্য লাভ কৰাৰ চেষ্টা কৰে। পাইলট প্ৰকল্প হিচাপে তেওঁ কাঠফুলা উৎপাদনৰ তিনিটা বাঁহৰ জুপুৰি স্থাপন কৰিছিল আৰু প্ৰতিটোতে ৫০০টা কাঠফুলাৰ বেগ ৰাখিছিল। এই পদক্ষেপে তেওঁৰ উদ্যোগ সম্প্ৰসাৰণৰ ভেটি স্থাপন কৰিছিল।

আজি হান এগ্ৰ'কেয়াৰৰ কাঠফুলা উৎপাদন ক্ষমতা প্ৰতিদিনে প্ৰায় এক টন আৰু ইয়াত ১৫ জন লোকে কাম কৰে। বাণিজ্যিক উৎপাদনৰ বাহিৰেও হীৰেছাই নিজৰ অভিজ্ঞতাৰ সুফল আনৰ মাজলৈও সম্প্ৰসাৰিত কৰি পাহাৰীয়া অঞ্চলৰ ২০০০ৰো অধিক মহিলা আৰু কৃষকক কাঠফুলা খেতিৰ প্ৰশিক্ষণ দিছে।

প্ৰতিদিনে মাত্ৰ ২০ কিলোগ্ৰাম ঋতুভিত্তিক উৎপাদনৰ পৰা আৰম্ভ কৰি তেওঁ এটা সফল উদ্যোগ স্থাপন কৰিছে, যি এতিয়া বছৰজুৰি কাঠফুলা উৎপাদন কৰে। তেওঁৰ উৎপাদন ইউনিটত ১০টা শীততাপ নিয়ন্ত্ৰিত কোঠা আৰু আধুনিক প্ৰযুক্তিৰে সজ্জিত এটা উদ্যোগ আছে, যাৰ উৎপাদন ক্ষমতা প্ৰতিদিনে ১০০০ কিলোগ্ৰাম।

তেওঁৰ উদ্যোগটোৱে শ্বিটাকে আৰু গ্যানোডাৰ্মাৰ দৰে বিশেষ কাঠফুলা খেতিৰ ক্ষেত্ৰতো সম্প্ৰসাৰিত হৈছে। তদুপৰি আচাৰ, বিস্কুট, নাগেট, চুপ, প্ৰটিন পাউদাৰ, চাহ আৰু পাপৰৰ দৰে মূল্য সংযোজিত সামগ্ৰীও উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে। তেওঁৰ অৱদান কেৱল উৎপাদন আৰু পণ্যৰ বৈচিত্ৰ্যতাতে সীমাবদ্ধ নহয়, এয়া তাতোকৈও অধিক। তেহৰী, পৌৰী, গড়ৱালৰ কাঠফুলাৰ খেতিয়কসকলক কাৰিকৰী সহায় আগবঢ়াই তেওঁ আন কৃষকসকলক জীৱিকাৰ বিকল্প হিচাপে কাঠফুলা খেতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে।

যেতিয়া পাহাৰবোৰত কাঠফুলা বাঢ়িবলৈ ধৰিলে

বাগেশ্বৰৰ উদেৰখানী গাঁৱত অনুষ্ঠিত কৃষক সভাত মদন মোহনে নতুন কিবা এটা চেষ্টা কৰাৰ সুযোগ দেখিলে। তেওঁ সুৰক্ষিত শাক-পাচলি আৰু কাঠফুলা খেতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে, যদিও কোনো এটা ক্ষেত্ৰতে তেওঁৰ পূৰ্বৰ অভিজ্ঞতা নাছিল।

২০২০–২১ চনৰ ভিতৰত অনুসূচিত জাতি উপ পৰিকল্পনা (এছ.চি.এছ.পি.)-ৰ অধীনত গাঁওখনত আই.চি.এ.আৰ.-ডি.এম.আৰ. আলমোৰাৰ কামৰ জৰিয়তে এই সুযোগৰ উন্মেষ ঘটিছিল। যদিও মদন মোহনে কাঠফুলাৰ খেতি আৰম্ভ কৰিবলৈ আগ্ৰহী আছিল, তথাপি সীমিত আৰ্থিক সম্পদে তেওঁৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। কাৰ্যসূচীৰ সমৰ্থনে তেওঁক এই বাধা অতিক্ৰম কৰাত সহায় কৰিছিল। ২০২২ চনত তেওঁৰ ফাৰ্মত এটা পৰ্টেবল পলিহাউচ স্থাপন কৰা হয় আৰু কাঠফুলা খেতিৰ বাবে পাঁচ কুইণ্টল পেষ্টুৰাইজড পচন সাৰৰ ব্যৱস্থা কৰা হয়। উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাত অৱস্থিত কাফলীগাইৰেৰ কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰশিক্ষণ আৰু কাৰিকৰী নিৰ্দেশনা প্ৰদান কৰিছিল, যাৰ ফলত তেওঁ কাঠফুলাৰ খেতি আৰম্ভ কৰিবলৈ সক্ষম হৈছিল।

পৰ্টেবল পলিহাউচ হৈছে পাহাৰীয়া অঞ্চল আৰু ক্ষুদ্ৰ তথা প্ৰান্তীয় কৃষকৰ কৃষিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিকশিত কৰা কম খৰচী, চলমান সুৰক্ষিত খেতিৰ গঠন।

পৰামৰ্শ দিয়া অনুসৰি খেতি পদ্ধতি গ্ৰহণ কৰি আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞসকলৰ সৈতে নিয়মীয়া যোগাযোগ বৰ্তাই ৰাখি মদন মোহনে এক কুইণ্টল বজাৰযোগ্য বাটন কাঠফুলা উৎপাদন কৰিছিল। ৬২.৪ বৰ্গমিটাৰ পলিহাউছৰ পৰা তেওঁ বিলাহী, জলকীয়া, কবি, ফুলকবি, ফ্ৰেন্স বিনকে ধৰি ৭.৫ কুইণ্টল শাক-পাচলিও উৎপাদন কৰিছিল। অফ-ছিজনত এই শস্য চপোৱাটোৱে তেওঁক বজাৰৰ অতিৰিক্ত সুবিধা দিছিল, কিয়নো সেই সময়ত স্থানীয় খুচুৰা বিক্ৰেতাসকলে হালদ্বাণী বজাৰৰ পৰা সীমিত শাক-পাচলিৰ যোগান লাভ কৰিছিল। একেলগে কৰা কাঠফুলা আৰু শাক-পাচলিৰ খেতিৰ পৰা তেওঁ ৪১,২৫০ টকা উপাৰ্জন কৰিছিল, যাৰ ফলত তেওঁৰ পূৰ্বৰ কৃষিপামৰ পৰা হোৱা আয় প্ৰায় দুগুণলৈ বৃদ্ধি পাইছিল। তেওঁৰ এই অগ্ৰগতিয়ে আন কৃষকসকলকো একেধৰণৰ জীৱিকাৰ সুযোগ বিচাৰি উলিয়াবলৈ উৎসাহিত কৰিছিল। তেওঁৰ এই প্ৰচেষ্টাক আই.চি.এ.আৰ.-ডি.এম.আৰ., আলমোৰা কিষাণ মেলাত সম্বৰ্ধনা জ্ঞাপনেৰেও স্বীকৃতি দিয়া হয়।

এই অভিজ্ঞতাসমূহে প্ৰমাণ কৰে যে কাঠফুলাৰ খেতি কেৱল অতিৰিক্ত কৃষিপামৰ কামকাজতে সীমাবদ্ধ নহয়; বৰং ই জীৱিকাৰ বৈচিত্ৰ্য আৰু উদ্যোগীকৰণৰ এক ফলপ্ৰসূ উপায় হ’ব পাৰে। উপযুক্ত প্ৰশিক্ষণ, কাৰিকৰী নিৰ্দেশনা আৰু উৎপাদনশীল আন্তঃগাঁথনিৰ দ্বাৰা ই কৃষকসকলক তেওঁলোকৰ সীমিত মাটি আৰু সম্পদৰ উন্নত ব্যৱহাৰত সহায় কৰিব পাৰে, যাৰ ফলত অতিৰিক্ত আয়ৰ নতুন সুযোগ সৃষ্টি হয়।

তথ্যসূত্ৰসমূহ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

https://icar.gov.in/en/node/5810

https://icar.gov.in/sites/default/files/2025-04/ICAR%20Annual%20Report%202023-24-english.pdf

https://icar.gov.in/en/node/5684

https://www.manage.gov.in/publications/reports/internreports/Documentation%20of%20Women%20Leaders.pdf

https://www.manage.gov.in/publications/SuccessStories/SuccessStories-STRY100.pdf

https://icaratariguwahati.org.in/sites/default/files/Technical/Natural%20Resource%20Managment%20.pdf

https://nhb.gov.in/pdf/Cultivation.pdf

https://agritech.tnau.ac.in/farm_enterprises/Farm%20enterprises\_%20Mushroom_button_mushroom_spawning.html

https://epubs.icar.org.in/index.php/MR/article/view/162741/59036

https://epubs.icar.org.in/index.php/MR/article/view/146647/53511

উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয় (ড’নাৰ)

https://necouncil.gov.in/sites/default/files/2026-07/nec-journal-new-1.pdf

pdf চাবলৈ ক্লিক কৰক

***

পিআইবি গৱেষণা/KD/RR

(Features ID: 160782) आगंतुक पटल : 9
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Telugu , Kannada , Malayalam