Rural Prosperity

উৎসৱে যেতিয়া উদযাপনৰ বাবে এক সেউজীয়া পথ বাছি লয়

Posted On: 28 SEP 2026 4:21PM

ভাৰতৰ উৎসৱসমূহ বিভিন্ন ৰূপত আহে, কিন্তু সেইবোৰৰ আৱেগিক ভাষা উল্লেখযোগ্যভাৱে একে। গণেশ চতুৰ্থীয়ে বাপ্পাক ঘৰ আৰু চুবুৰীসমূহলৈ লৈ আহে। দুৰ্গা পূজাই পূজামণ্ডপসমূহ ভক্তি আৰু কলাৰে ভৰাই তোলে। দীপাৱলীয়ে বন্তিৰ পোহৰ, প্ৰাৰ্থনা আৰু নতুন আৰম্ভণিৰ বতৰা কঢ়িয়াই আনে। ছঠ পূজাই পৰিয়ালসমূহক ঘাটসমূহত একত্ৰিত কৰে, য’ত সূৰ্য দেৱতাক প্ৰাৰ্থনা জনোৱা হয়। বিশ্বাস, পৰিয়াল আৰু সমাজৰ সৈতে গভীৰভাৱে জড়িত এই উদযাপনসমূহ সেইবোৰ অনুষ্ঠিত হোৱা স্থানসমূহৰ সৈতেও ওতপ্ৰোতভাৱে জড়িত।

এটা মন্দিৰত ফুল আগবঢ়োৱা হয়, এটা পূজামণ্ডপ উপাসনাৰ স্থানত পৰিণত হয় আৰু এটা ঘাট পৱিত্ৰ আচাৰ-অনুষ্ঠানৰ অংশ হৈ পৰে। এই পৰম্পৰাসমূহে সমাজক একত্ৰিত কৰাৰ লগে লগে, এই পৱিত্ৰ স্থানসমূহৰ যত্ন লোৱাটোও উদযাপনৰ এক অংশ হৈ পৰিছে। এই মনোভাৱে ২০২৬ চনৰ ১৭ ছেপ্টেম্বৰত আৰম্ভ কৰা স্বচ্ছতা হি সেৱা ২০২৬-ৰ জৰিয়তে এক ৰাষ্ট্ৰীয় মঞ্চ লাভ কৰিছে। এই বছৰৰ অভিযানৰ বিষয়বস্তু হৈছে “স্বচ্ছতাত অংশগ্ৰহণ; স্বচ্ছ ভাৰত, বিকশিত ভাৰত”। এই অভিযানত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে উমৈহতীয়া দায়িত্বক কেন্দ্ৰীয় স্থান দিয়া হৈছে, য’ত “স্বচ্ছ পৰ্ব, হৰিত পৰ্ব”ই পৰিষ্কাৰ আৰু সেউজীয়া উৎসৱৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰি, ই উৎসস্থলতে আৱৰ্জনা পৃথকীকৰণ, ৰিডিউচ, ৰিইউজ এণ্ড ৰিচাইকেল (হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ আৰু পুনৰাবৃত্তি প্ৰক্ৰিয়াৰে ব্যৱহাৰ)- থ্ৰি আৰ., চক্ৰীয় অৰ্থনীতি আৰু আৱৰ্জনাৰ পৰা সম্পদ সৃষ্টি কৰাৰ পদক্ষেপসমূহকো উৎসাহিত কৰে।

ভাৰতৰ উৎসৱমুখৰ পৰিৱেশত এই ধাৰণাটোৱে ইতিমধ্যে অৰ্থপূৰ্ণ ৰূপত প্ৰকাশ লাভ কৰিছে। ভক্তিৰে আগবঢ়োৱা ফুলসমূহক পুনৰ ব্যৱহাৰ কৰা হৈছে, গণপতি উদযাপনত মাটি পুনৰ ব্যৱহাৰ কৰা হৈছে, উৎসৱৰ স্থান সৃষ্টি কৰিবলৈ বাঁহ ব্যৱহাৰ কৰা হৈছে আৰু ছঠ পূজাৰ ঘাটসমূহ ভক্তসকলৰ বাবে পৰিষ্কাৰ কৰি ৰখা হৈছে। এই প্ৰচেষ্টাসমূহে দেখুৱাইছে যে গভীৰভাৱে শিপাই থকা পৰম্পৰাসমূহে সময়ৰ পৰিৱৰ্তনৰ সৈতে কেনেদৰে বিকশিত হ’ব পাৰে, অথচ বিশ্বাস, সমাজৰ অংশগ্ৰহণ আৰু পৰিৱেশৰ প্ৰতি ক্ৰমবৰ্ধমান দায়িত্ববোধৰ সৈতে সংযুক্ত হৈ থাকে।

যেতিয়া ভক্তিৰ ফুলে নতুন জীৱন লাভ কৰে

উজ্জয়িনীত পুৱতি নিশা হাজাৰ হাজাৰ ভক্তই উপাসনাৰ বাবে ফুল লৈ মহাকালেশ্বৰ মন্দিৰত প্ৰৱেশ কৰে। তেওঁলোকৰ বাবে এই ফুলসমূহ বিশ্বাসৰ নিবেদন। মন্দিৰটোত প্ৰতিদিনে প্ৰায় ৭৫,০০০ৰ পৰা ১,০০,০০০ দৰ্শনাৰ্থীৰ আগমন ঘটে আৰু প্ৰতিদিনে প্ৰায় ৫ৰ পৰা ৬ টন ফুলৰ আৱৰ্জনা সৃষ্টি হয়। বিশেষ ‘পুষ্পাঞ্জলি ইক’নিৰ্মিত’ বাহনসমূহে ফুল সংগ্ৰহ কৰি প্ৰক্ৰিয়াকৰণ কেন্দ্ৰলৈ লৈ যায়, য’ত সেইবোৰক পচন সাৰ, দাহ্য ইন্ধনৰ টুকুৰা আৰু জৈৱ ইন্ধনৰ দৰে সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয়।

শিৱ অৰ্পণ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে পেলাই দিয়া ফুলসমূহ জীৱিকা আৰু নতুন উদ্দেশ্যৰ উৎস হৈ পৰিছে। ২০২৪ চনত ফুলৰ আৱৰ্জনাক ৩ কোটিৰো অধিক ধূপকাঠি আৰু অন্যান্য পৰিৱেশ-অনুকূল সামগ্ৰীলৈ ৰূপান্তৰ কৰি এই পদক্ষেপে আৱৰ্জনাক মূল্যৱান সম্পদলৈ ৰূপান্তৰ কৰাৰ লগতে স্থায়ী নিয়োগৰ সুযোগ সৃষ্টি কৰিছে। এইদৰে ভক্তিৰে আগবঢ়োৱা ফুল এটাৰ যাত্ৰা তাতেই শেষ নহয়; প্ৰাৰ্থনাৰ পিছতো উদ্যোগ, জীৱিকা আৰু পৰিৱেশৰ প্ৰতি দায়িত্ববোধৰ জৰিয়তে ই এক নতুন উদ্দেশ্য লাভ কৰে।

যেতিয়া উদযাপনৰ সৈতে পৰিৱেশৰ প্ৰতি দায়িত্ববোধৰ মিলন ঘটে

লাখ লাখ লোকৰ বাবে গণেশ চতুৰ্থী এক গভীৰ ব্যক্তিগত উদযাপন। সংগীত আৰু প্ৰাৰ্থনাৰ মাজেৰে বাপ্পা ঘৰলৈ আহে, পৰিয়ালৰ অংশ হৈ পৰে আৰু অৱশেষত বিসৰ্জনৰ বাবে বিদায় লয়, লগতে তেওঁৰ পুনৰ আগমনৰ প্ৰতিশ্ৰুতি কঢ়িয়াই নিয়ে। এই বিদায় পৱিত্ৰ, কিন্তু এয়া সেই মুহূৰ্তও যেতিয়া এক মৰমৰ পৰম্পৰাই আমাৰ জলাশয়সমূহ সুৰক্ষিত কৰাৰ দায়িত্বৰ সৈতে সংযোগ স্থাপন কৰে।

২০২৪ চনত নৱী মুম্বাইত গণেশ মূৰ্তি বিসৰ্জনৰ বাবে ১৩৬টা কৃত্ৰিম পুখুৰী নিৰ্মাণ কৰা হৈছিল, যিয়ে ভক্তসকলক বিসৰ্জনৰ বাবে নিৰ্দিষ্ট স্থান প্ৰদান কৰিছিল। এই স্থানসমূহৰ তথ্য সামাজিক মাধ্যম আৰু হোৱাটছএপৰ জৰিয়তে প্ৰচাৰ কৰা হৈছিল, যাৰ ফলত ভক্তসকলে এই সুবিধাসমূহ সহজে লাভ কৰাৰ লগতে প্ৰাকৃতিক জলাশয়সমূহৰ ওপৰত পৰা চাপ হ্ৰাস কৰাত সহায় হৈছিল।

বৃহন্মুম্বাই পৌৰ নিগমে (বি.এম.চি.) গণেশ মূৰ্তি নিৰ্মাতাসকলক প্ৰায় ৫০০ টন বিনামূলীয়া মাটি যোগান ধৰিছিল, যাৰ জৰিয়তে গণেশ মূৰ্তি নিৰ্মাণত পৰম্পৰাগত আৰু পৰিৱেশ-সচেতন সামগ্ৰীৰ ব্যৱহাৰক উৎসাহিত কৰা হৈছিল। এই প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে মহাৰাষ্ট্ৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে পৰিৱেশ-অনুকূল মূৰ্তি আৰু সজ্জাৰ প্ৰসাৰৰ বাবে ‘ইক’-বাপ্পা’ ম’বাইল এপ্লিকেচন আৰম্ভ কৰিছিল। এই পদক্ষেপে ভক্ত আৰু শিল্পীসকলক উদযাপনৰ সাংস্কৃতিক আৰু ভক্তিমূলক সাৰমৰ্ম অক্ষুণ্ণ ৰাখি বহনক্ষম পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

এই ধাৰণাটোৱে যুৱ অংশগ্ৰহণকাৰীসকলৰ মাজতো সঁহাৰি লাভ কৰিছিল। পিম্পৰি চিনচৱাড় পৌৰ নিগমে শিক্ষাৰ্থীসকলৰ বাবে পৰিৱেশ-অনুকূল মূৰ্তি নিৰ্মাণ আৰু সজ্জাৰ প্ৰতিযোগিতা আয়োজন কৰিছিল। তেওঁলোকক মাটি, কাগজৰ মণ্ড, প্ৰাকৃতিক আঁহ আৰু পুনৰাবৃত্তি প্ৰক্ৰিয়াৰে ব্যৱহাৰ কৰা সামগ্ৰীৰে কাম কৰিবলৈ উৎসাহিত কৰা হৈছিল, যাৰ ফলত উদযাপনত পৰিৱেশৰ যত্ন লোৱাৰ ধাৰণাটো অন্তৰ্ভুক্ত হৈছিল। মহাৰাষ্ট্ৰৰ থানেত প্ৰায় ৫০০ শিক্ষাৰ্থীয়ে শাডু মাটিৰে গণপতিৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ শিকিছিল। সৃষ্টিশীলতা আৰু হস্তশিল্পৰ দক্ষতা বিকাশৰ উপৰি, এই পদক্ষেপসমূহে যুৱ মনসমূহক অধিক পৰিৱেশ-সচেতনতাৰে মৰমৰ পৰম্পৰাসমূহ আগুৱাই নিয়াৰ ধাৰণাৰ সৈতে পৰিচয় কৰাই দিছিল।

বিসৰ্জন অনুষ্ঠানৰ পিছতো (২০২৩) অংশগ্ৰহণৰ মনোভাৱ অব্যাহত আছিল। ৫০০ৰো অধিক শিক্ষাৰ্থীকে ধৰি ৯০০ৰো অধিক স্বচ্ছতা স্বেচ্ছাসেৱকে ভাৰ্ছোৱা সমুদ্ৰতীৰ পৰিষ্কাৰ কৰাত সহায় কৰিছিল। তেওঁলোকে প্ৰায় ৮০,০০০ কিলোগ্ৰাম আৱৰ্জনা আঁতৰাইছিল আৰু প্ৰায় ৭,৪০০টা প্লাষ্টাৰ অৱ পেৰিছৰ গণেশ মূৰ্তি সংগ্ৰহ কৰিছিল। বাপ্পাক বিদায় দিয়াটো সেৱাৰ আন এক সুযোগত পৰিণত হৈছিল।

সেউজীয়া ৰূপান্তৰৰ বাবে সদায় নতুন কিবা এটাৰ প্ৰয়োজন নহয়। কেতিয়াবা ইয়াৰ অৰ্থ হ’ল সেই সামগ্ৰীসমূহলৈ উভতি যোৱা, যিবোৰৰ সৈতে সমাজসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰিচিত হৈ আহিছে।

অসমৰ ডিগবৈত ২০২৩ চনৰ গণেশ পূজা বাঁহক কেন্দ্ৰ কৰি আয়োজন কৰা হৈছিল। মূৰ্তি, প্ৰৱেশদ্বাৰ আৰু জাপি তথা খৰাহীৰ দৰে পৰম্পৰাগত সজ্জা নিৰ্মাণত এই সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। এই উদযাপনে স্থানীয় পৰম্পৰা আৰু পৰিৱেশৰ যত্নক একত্ৰিত কৰিছিল।

দিল্লীয়ে নাৰিকলৰ বাকলি আৰু মাটিৰে নিৰ্মিত, ৰোপণ কৰিব পৰা বীজ সংযুক্ত পৰিৱেশ-অনুকূল গণেশ মূৰ্তিৰ জৰিয়তে এই ধাৰণাৰ আন এক ৰূপ দাঙি ধৰিছিল। বিসৰ্জনৰ পিছত মূৰ্তিসমূহ মাটিত মিহলি হৈ গৈছিল, যাৰ ফলত বীজসমূহ অংকুৰিত হৈ গছ-গছনিলৈ বিকশিত হ’ব পাৰিছিল। এই আচাৰ-অনুষ্ঠান পৰম্পৰাৰ সৈতে সংযুক্ত হৈ থাকে, আনহাতে ব্যৱহৃত সামগ্ৰীসমূহে যাত্ৰাৰ সামৰণি ঘটোৱাৰ এক অধিক বহনক্ষম উপায় প্ৰদান কৰে।

পূজামণ্ডপৰ পৰা প্ৰসাদলৈ: এক সেউজীয়া উদযাপন

দুৰ্গা পূজা হৈছে ভক্তি, কলা আৰু সামাজিক মিলনৰ উৎসৱ, য’ত পূজামণ্ডপসমূহে দেৱীক আদৰিবলৈ অস্থায়ী স্থানৰ ৰূপ লয়। এই স্থানসমূহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীসমূহে ক্ৰমাৎ অধিক পৰিৱেশ-সচেতনতা প্ৰতিফলিত কৰিছে। ২০২৩ চনত থাৰ্ম’কল আৰু প্লাষ্টিকৰ পৰিৱৰ্তে বাঁহ, কাঠ, নাৰিকলৰ খোলা, কাপোৰ, মৰাপাট, নাৰিকলৰ আঁহ, খেৰ, শুকান ঘাঁহ, বেত আৰু কাগজ ব্যৱহাৰ কৰা হৈছিল। একে সময়তে পানীত দ্ৰৱীভূত হ’ব পৰা মাটিৰ দুৰ্গা মূৰ্তিৰ ব্যৱহাৰকো উৎসাহিত কৰা হৈছিল।

এই প্ৰচেষ্টা পূজামণ্ডপৰ বাহিৰলৈও সম্প্ৰসাৰিত হৈছিল। অধিক লোকৰ সমাগম হোৱা স্থানসমূহত নীলা আৰু সেউজীয়া আৱৰ্জনাৰ পাত্ৰ ৰখা হৈছিল, নিশাৰ ভাগত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আয়োজন কৰা হৈছিল আৰু প্লাষ্টিকবিহীন সজ্জাৰ ব্যৱহাৰক উৎসাহিত কৰা হৈছিল। দিল্লীৰ কিছুমান পূজামণ্ডপে নিজৰ সজ্জাৰ বাবে বাঁহ আৰু কপাহক প্ৰধান সামগ্ৰী হিচাপে বাছি লৈছিল।

পূজাৰ নিবেদনসমূহেও দ্বিতীয় জীৱন লাভ কৰিছিল। পূজাৰ পিছত সংগ্ৰহ কৰা ফুল আৰু অন্যান্য জৈৱিক সামগ্ৰীসমূহ পচন সাৰ প্ৰস্তুত কৰা আৰু অন্যান্য উৎপাদনশীল কামত ব্যৱহাৰ কৰা হৈছিল। কাগজৰ প্লেট, কলপাত, খোলপাত আৰু মাটিৰ প্লেটত প্ৰসাদ আৰু জলপান পৰিৱেশন কৰা হৈছিল। ইয়াৰ জৰিয়তে অধিক পৰিৱেশ-সচেতন পদ্ধতি গ্ৰহণ কৰাৰ লগতে উদযাপনৰ চিনাকি উপাদানসমূহ অক্ষুণ্ণ ৰাখিব পৰা যায় বুলি দেখুওৱা হৈছিল।

দীপাৱলী উদযাপন, স্বচ্ছতাৰ মনোভাৱ অক্ষুণ্ণ ৰখা

দীপাৱলী সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। ঘৰসমূহ পৰিষ্কাৰ কৰা হয়, পুৰণি বস্তুসমূহ পৃথক কৰা হয় আৰু পৰিয়ালসমূহ পূজা, উপহাৰ আৰু মিঠাইৰ বাবে একত্ৰিত হয়। “স্বচ্ছ দীপাৱলী, শুভ দীপাৱলী” অভিযানে এই পৰম্পৰাৰ ওপৰত ভিত্তি কৰি কাম কৰে। ই আৱৰ্জনা পৃথকীকৰণ, ৩আৰ—হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ আৰু পুনৰাবৃত্তি প্ৰক্ৰিয়াৰে ব্যৱহাৰ—স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰী আৰু অধিক পৰিষ্কাৰ উদযাপনক উৎসাহিত কৰে।

মহাৰাষ্ট্ৰৰ মীৰা-ভায়ন্দাৰত উদযাপনৰ আৰম্ভণি হৈছিল প্ৰস্তুতি আৰু সামূহিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জৰিয়তে। দীপাৱলীৰ পূৰ্বে আয়োজন কৰা এক বিশেষ অনাময় অভিযানত স্বচ্ছতা মিত্ৰসকলে ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰিছিল, ৰাষ্ট্ৰীয় বীৰ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ মূৰ্তি ধুইছিল আৰু সেউজীয়া অঞ্চলসমূহৰ যত্ন লৈছিল।

ৰাজস্থান আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত নাগৰিকসকলক দীপাৱলীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সময়ত সৃষ্টি হোৱা ঘৰুৱা আৱৰ্জনা ওচৰৰ হ্ৰাস, পুনৰ ব্যৱহাৰ আৰু পুনৰাবৃত্তি প্ৰক্ৰিয়াৰে ব্যৱহাৰৰ কেন্দ্ৰসমূহলৈ লৈ যাবলৈ উৎসাহিত কৰা হয়।

২০২৩ চনত পুনৰ ব্যৱহাৰৰ মনোভাৱে উৎসৱৰ উপহাৰ দিয়াৰ ক্ষেত্ৰতো স্থান লাভ কৰিছিল। দিল্লীৰ নৱজীৱন বিহাৰত অনুষ্ঠিত ‘ক্ৰয় কৰাৰ আগতে বিনিময় কৰক—উপহাৰ পুনৰুদ্ধাৰ মেলা’ত বাসিন্দাসকলে শ্ৰেণী অনুসৰি সজোৱা উপহাৰৰ ভঁৰালৰ জৰিয়তে অব্যৱহৃত উপহাৰ বিনিময় কৰিছিল। এদিনতে দুই ঘণ্টাতকৈও কম সময়ৰ ভিতৰত ৫০টা উপহাৰ লাভ কৰা হৈছিল।

ইফালে, ত্ৰিপুৰাৰ মেলাঘৰত আত্মসহায়ক গোটৰ মহিলাসকলে পৰিৱেশ-অনুকূল দীপাৱলীৰ বাবে মাটিৰ চাকি নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰি, দিল্লীৰ দীপ মহোৎসৱ, স্বচ্ছ উৎসৱ আৰু ভোটাৰ উৎসৱে দেখুৱাইছিল যে উদযাপন নিজেই কেনেকৈ শূন্য-আৱৰ্জনাৰ অভিজ্ঞতাত পৰিণত হ’ব পাৰে। কাপোৰৰ টুকুৰাৰ আৱৰ্জনাক পুনৰ ব্যৱহাৰযোগ্য সজ্জাৰ ফিতালৈ, পেলাই দিয়া কাৰ্ডবৰ্ডক আত্মচিত্ৰ তোলাৰ ফ্ৰেমলৈ আৰু পুৰণি আইচক্ৰীমৰ কাঠীক ওলোমাই ৰখা সজ্জালৈ ৰূপান্তৰ কৰা হৈছিল। তেওঁলোকৰ কামে অধিক বহনক্ষম বিকল্প আগবঢ়োৱাৰ লগতে এক চিনাকি পৰম্পৰাক জীয়াই ৰাখিছিল।

বন্তিৰ পোহৰ নুমাই যোৱাৰ পিছত

গুৱাহাটীত বন্তি জ্বলোৱাৰ পিছতো এই কাহিনী অব্যাহত আছিল। পৰম্পৰাগত দীপাৱলী উদযাপনত ব্যৱহৃত কলপাতসমূহ পিছত সংগ্ৰহ কৰি হাতীৰ খাদ্য হিচাপে যোগান ধৰাৰ বাবে পঠিওৱা হৈছিল।

ৰাজস্থানৰ ঝালৰাপাটনত নিৰ্মাল্য বাহনসমূহে মন্দিৰৰ পৰা মালা আৰু অন্যান্য পূজাৰ সামগ্ৰী সংগ্ৰহ কৰে। তাৰ পিছত সংগ্ৰহ কৰা সামগ্ৰীসমূহ প্ৰক্ৰিয়াকৰণ কৰি পচন সাৰ প্ৰস্তুত কৰা হয়। মধ্যপ্ৰদেশৰ ইন্দোৰত উৎসৱৰ পিছত পুৱতি নিশা ৪ বজাৰ পৰাই বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম আৰম্ভ হৈছিল। ‘পৰিষ্কাৰ বায়ুৰ বাবে পৰিষ্কাৰ কৰা’ পদক্ষেপৰ অধীনত, ‘স্বচ্ছতাৰ পৰা স্বচ্ছ বায়ুৰ দিশে’ বাৰ্তাৰে ছটিওৱা বাহনসমূহে গছ-গছনি আৰু উদ্ভিদসমূহত পানী ছটিয়াইছিল।

য’ত নদী প্ৰাৰ্থনাৰ অংশ হৈ পৰে

ছঠ পূজাই প্ৰকৃতিৰ সৈতে ভাৰতৰ গভীৰভাৱে শিপাই থকা সম্পৰ্কসমূহৰ এটা প্ৰতিফলিত কৰে। ভক্তসকলে পানীৰ সন্মুখত থিয় হৈ সূৰ্য দেৱতাক প্ৰাৰ্থনা জনায়, প্ৰায়ে গংগাৰ দৰে পৱিত্ৰ নদীৰ পাৰত। ইয়াৰ ফলত ঘাটটো কেৱল উৎসৱ উদযাপনৰ স্থান হৈ নাথাকি আচাৰ-অনুষ্ঠানৰ এক অবিচ্ছেদ্য অংশ হৈ পৰে।

বিহাৰৰ পাটনাত পৌৰ নিগমে নিৰ্দিষ্ট ঘাটসমূহত শূন্য-আৱৰ্জনাৰ ছঠ পূজাৰ আয়োজন কৰে। পৃথক আৱৰ্জনাৰ পাত্ৰ স্থাপন কৰা হয় আৰু উদযাপনৰ সময়ত সৃষ্টি হোৱা আৱৰ্জনা সংগ্ৰহৰ বাবে নিৰ্দিষ্ট বাহন নিয়োজিত কৰা হয়। ভিজা আৱৰ্জনাক জৈৱিক পচন সাৰলৈ ৰূপান্তৰ কৰা হয় আৰু প্লাষ্টিকৰ ব্যৱহাৰত নিষেধাজ্ঞা বলৱৎ কৰা হয়। ভক্ত আৰু বৃহত্তৰ সমাজক পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত উৎসৱমুখৰ পৰিৱেশ বজাই ৰাখিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে পূজাৰ এমাহ পূৰ্বৰে পৰা এক বিস্তৃত তথ্য, শিক্ষা আৰু যোগাযোগ (আই.ই.চি.) অভিযানো চলোৱা হয়।

এই পদ্ধতিয়ে স্বীকাৰ কৰে যে উৎসৱৰ পৱিত্ৰতা ইয়াক পালন কৰা স্থানসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। যেতিয়া নদী উপাসনাৰ অংশ হৈ পৰে, তেতিয়া ইয়াৰ পাৰসমূহৰ যত্ন লোৱাটো শ্ৰদ্ধা প্ৰকাশৰ এক ৰূপ হৈ পৰে।

এনে এক উদযাপন, যিয়ে পিছত কিবা ভাল বস্তু এৰি যায়

এটা উৎসৱক ইয়াৰ প্ৰাৰ্থনা, পোহৰ, সংগীত আৰু উদযাপনৰ বাবে একত্ৰিত হোৱা লোকসকলৰ বাবে স্মৰণ কৰা হয়। তথাপি, প্ৰতিটো উদযাপনে কিবা নহয় কিবা এৰি যায়: পৰিষ্কাৰ কৰিবলগীয়া এটা পথ, ঘাটত পৰি থকা ফুল, জলাশয়ত থকা এটা মূৰ্তি অথবা ভিৰ আঁতৰি যোৱাৰ পিছত এৰি থৈ যোৱা সজ্জা। ক্ৰমাৎ ইয়াৰ দ্বাৰা আৰু অধিক কিবা এৰি যোৱাটো সম্ভৱ হৈ উঠিছে: এটা পৰিষ্কাৰ ঘাট, পুনৰ ব্যৱহাৰ কৰা সজ্জা, মাটিৰ মূৰ্তি, এটা নতুন গছ, এখন জীৱিকা অথবা অধিক যত্নসহকাৰে উদযাপন কৰিবলৈ শিকা এটা সমাজ।

ভাৰতৰ উৎসৱসমূহ অধিক সেউজীয়া হ’বলৈ নিজৰ ৰং হেৰুৱাব নালাগে। বন্তি জ্বলি থাকিব পাৰে, ঢোল বাজি থাকিব পাৰে আৰু প্ৰাৰ্থনা অব্যাহত থাকিব পাৰে। পৰিৱৰ্তন হ’ব পৰা কথাটো হ’ল উদযাপন শেষ হোৱাৰ পিছত আমি কি এৰি যাওঁ। এটা উদযাপন তেতিয়াহে প্ৰকৃততে সম্পূৰ্ণ হয়, যেতিয়া ইয়াৰ আনন্দ মানুহৰ মাজত ৰৈ যায়, কিন্তু ইয়াৰ বোজা পৃথিৱীৰ ওপৰত ৰৈ নাযায়।

References

Ministry of Housing & Urban Affairs

https://sbmurban.org/swachhata-parv

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2032112

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1968363

https://sbmurban.org/clean-green-diwali

https://sbmurban.org/Maharashtra-Celebrates-Green-Ganeshotsav/

https://sbmurban.org/swachh-sanskar-aur-diwali

 

Ministry of Jal Shakti

https://www.pib.gov.in/newsite/erelcontent.aspx?lang=2&reg=48&relid=294881

Click here to see pdf

****

PIB Research/RR

 

(Features ID: 160553) आगंतुक पटल : 15
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Telugu , Kannada , Malayalam