Economy

খাদী আৰু গ্ৰামোদ্যোগ: পৰম্পৰাৰ পৰা উদ্যোগলৈ

Posted On: 13 OCT 2026 11:25AM

এসময়ত গাঁৱৰ যঁতৰকেইটাই জাতি আৰু দেশপ্ৰেমৰ প্ৰতীক হিচাপে ধৰা দিছিল। কিন্তু সেই একে ভাবনাই আজি গাঁৱৰ উদ্যোগৰ ৰূপ লৈছে। মৌ, ভেষজ সামগ্ৰী, কলৰ আঁহ, কাপোৰ আৰু আন গ্ৰাম্য উদ্যোগে পৰম্পৰাগত কামক এতিয়া নতুন সুযোগ দিছে।

আত্মনিৰ্ভৰশীলতাৰ এই ভাবনাই ভ’কেল ফ’ৰ ল’কেল (Vocal for Local) আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ সপোনক আগুৱাই নিছে। পৰম্পৰাগত কৌশল আৰু স্থানীয় সামগ্ৰীয়ে এতিয়া টকা-পইচা, প্ৰযুক্তি আৰু প্ৰশিক্ষণৰ সহায়ত নতুন বজাৰ পাইছে।

এই গাঁও আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্কটো খাদী মহোৎসৱতো দেখা যায়। এই উৎসৱ প্ৰতি বছৰে ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ পালন কৰা হয়। ইয়াত বিশেষকৈ যুৱক-যুৱতীক খাদী আৰু ভ’কেল ফ’ৰ ল’কেলৰ বিষয়ে সজাগ কৰা হয় আৰু সকলোকে খাদী আৰু স্থানীয় সামগ্ৰী কিনিবলৈ উৎসাহ দিয়া হয়।

এই পৰিৱৰ্তনৰ কেন্দ্ৰত আছে খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কে.ভি.আই.চি.)। ই ১৯৫৬ চনৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগ আইন মতে বনোৱা এটা চৰকাৰী সংস্থা। এই আইন মতে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে গ্ৰামোদ্যোগৰ পৰিকল্পনা, প্ৰচাৰ, সহায় আৰু সংগঠনৰ কাম কৰে। ই প্ৰশিক্ষণ, কেঁচা সামগ্ৰী, বজাৰ, গৱেষণা আৰু গুণগত মান উন্নত কৰাৰ কামো কৰে। লগতে দক্ষতা বৃদ্ধি আৰু খাদীৰ বিষয়ে প্ৰযুক্তিগত তথ্য দিয়ে।

২০২৫-২৬ বৰ্ষত খাদী আৰু গ্ৰামোদ্যোগৰ সামগ্ৰীৰ বিক্ৰীয়ে ১.৮৭ লাখ কোটি টকা ৰে ইতিহাস ৰচিলে, যিটো এতিয়ালৈকে সৰ্বাধিক (মে' ২০২৬ লৈকে)। ২০১৩-১৪ ৰ তুলনাত বিক্ৰী ৫০১% বৃদ্ধি পাইছে, উৎপাদন ৩৮০% বৃদ্ধি পাই ১,২৫,২৯৬ কোটি টকা হৈছে। এই খণ্ডত কাম কৰা মানুহৰ সংখ্যা ৫৬% ৰ পৰা  ২.০৪ কোটি লৈ বৃদ্ধি হৈছে। শিপিনীসকলৰ মজুৰিও বাঢ়িছে। ২০১৩-১৪ ত প্ৰতি হেংকত ৪ টকা আছিল, এতিয়া ১৫ টকা হৈছে, মানে ২৭৫% পৰ্যন্ত বৃদ্ধি পাইছে ৷

এটা হেংকৰ অৰ্থ হৈছে ৮৪০ গজ দীঘল আৰু  ১ পাউণ্ড ওজনৰ সূতা।

প্ৰতিগৰাকী শিপিনীৰ হাতত গঢ় লৈ উঠে গ্ৰাম্য উদ্যোগ

দক্ষতা আয়ত্বৰ পৰা বজাৰ লাভলৈকে, শিপিনী আৰু গ্ৰামোদ্যোগক সহায় কৰিবলৈ ইতিমধ্যে বহু কাম কৰা হৈছে।

খাদী আৰু গ্ৰামোদ্যোগ আয়োগ ৰ ৩৫ টা বিভাগীয় আৰু অবিভাগীয় প্ৰশিক্ষণ কেন্দ্ৰ আছে। ইয়াত খাদ্য সামগ্ৰী, বেকাৰী, মৌ-পালন, ধূপ-কাঠী প্ৰস্তুতি, মমবাতি, মটৰ মেৰামতি আদি বহু কামৰ প্ৰশিক্ষণ দিয়া হয়। ২০২৫-২৬ বৰ্ষত ৭৯,৬৮২ জন লোকে উল্লেখিত ভিন্ন বিষয়ৰ প্ৰশিক্ষণ লৈছে।

খাদী খণ্ডৰ প্ৰায় ৫ লাখ শিপিনীৰ ৮০% তকৈ অধিক মহিলা। ২০২৫-২৬ ত ৪৭,৩৮২ গৰাকী মহিলাই প্ৰশিক্ষণ লৈছে, যিটো মুঠ প্ৰশিক্ষাৰ্থীৰ ৫৯%।

প্ৰশিক্ষণৰ লগতে সঁজুলি বিতৰণ, বজাৰ লাভৰ ক্ষেত্ৰতো সহায় আদি কৰি দিয়া হয়।

মাৰ্চ ২০০৮ৰ পৰা প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (পি.এম.ই.জি.পি.)-ৰ জৰিয়তে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে প্ৰায় ৯৭.৯৫ লাখ মানুহক কামৰ সুযোগ দিছে।

ইয়াৰে এজন হিতাধিকাৰী হ'ল শ্ৰী জীতেন্দ্ৰ বৈঠা। তেওঁ ২০২০ চনত বিহাৰত বেকাৰী সামগ্ৰীৰ উদ্যোগ খুলিছিল। তেওঁৰ ব্যৱসায়ৰ বছৰি ৭২ লাখ টকাৰ বেচা-কিনা হয় আৰু এতিয়া ২০ জন স্থানীয় লোকে তাত কাম কৰে।

ব্যৱসায়ৰ বাবে টকা আৰু সঁজুলি-প্ৰযুক্তিৰো সহায় দিয়া হয়।

গ্ৰামোদ্যোগ বিকাশ যোজনাই শিপিনীসকলক আধুনিক মেচিন, সঁজুলিৰ যোগান ধৰে। ২০২৫–২৬ বৰ্ষত এনে ৩৭,৭৬৯টা যন্ত্ৰ, সঁজুলিৰ কিট আৰু অন্যান্য সঁজুলি বিতৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগ আয়োগে ২০২৬ চনৰ মে’ মাহলৈকে ৩.২৩ লাখতকৈও অধিক যন্ত্ৰ, সঁজুলিৰ কিট আৰু অন্যান্য সঁজুলি বিতৰণ কৰিছে।

ইয়াৰ লগতে খাদী প্ৰতিষ্ঠান আৰু শিপিনীসকলক সহায় কৰিবলৈ আন ব্যৱস্থাও আছে।

খাদী বিকাশ যোজনাই খাদী প্ৰতিষ্ঠানবোৰক সামগ্ৰী উন্নত কৰাত, মূল্য বৃদ্ধি কৰাত আৰু বজাৰৰ চাহিদা অনুযায়ী চলাত সহায় কৰে। ইয়াৰ সংশোধিত বজাৰ উন্নয়ন সাহায্য (Modified Market Development Assistance)-এ মূল্য সংযোজন আৰু বজাৰমুখী মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অধিক নমনীয়তা প্ৰদান কৰে। ২০২৪–২৫ বৰ্ষত ১,০৯৭ টা খাদী প্ৰতিষ্ঠানক ২৪৫ কোটি টকা বিতৰণ কৰা হৈছিল, যাৰ ফলত ১,৪৫,৪৮৪গৰাকী কাৰিকৰ উপকৃত হৈছিল।

সুতৰ ৰাজসাহাৰ্যৰ যোগ্যতা প্ৰমাণপত্ৰ আঁচনি (Interest Subsidy Eligibility Certificate Scheme)-ৰ অধীনত যোগ্য খাদী প্ৰতিষ্ঠানসমূহে বছৰি ৪% ৰেহাইযুক্ত সুদৰ হাৰত ঋণ লাভ কৰিব পাৰে।

শিল্পীসকলৰ বাবে কৰ্মস্থলৰ পৰিৱেশো সমানেই গুৰুত্বপূৰ্ণ। কৰ্মশালা আঁচনি (Workshed Scheme)-ৰ অধীনত উন্নত উৎপাদনস্থলী আৰু অধিক অনুকূল কৰ্ম পৰিৱেশৰ ব্যৱস্থা কৰা হয়। ২০২৫–২৬ বৰ্ষৰ ডিচেম্বৰ, ২০২৫ পৰ্যন্ত এই আঁচনিৰ অধীনত ১,৩০৯গৰাকী কাৰিকৰ উপকৃত হৈছে।

গাঁৱৰ উদ্যোগৰ পৰা ডাঙৰ বজাৰলৈ

গাঁৱৰ উদ্যোগত পৰম্পৰাগত কৌশল আৰু স্থানীয় সম্পদক নতুন ব্যৱসায় আৰু সামগ্ৰীলৈ ৰূপান্তৰ কৰা হৈছে, প্ৰযুক্তি, প্ৰশিক্ষণ আৰু বজাৰৰ সংযোগৰ সহায়ত। গৱেষণাই উৎপাদন, গুণগত মান আৰু প্ৰতিযোগিতা বঢ়াইছে।

শ্ৰী এছ.পি. সিং-এ পি.এম.ই.জি.পি. আঁচনিৰ সহায়ত মৌ আৰু বিস্কুটৰ ব্যৱসায় গঢ়িছে। পঞ্জাৱত থকা তেওঁৰ ব্যৱসায়ত সম্প্ৰতি প্ৰায় ২০০ জন কৰ্মচাৰীয়ে কাম কৰে আৰু সামগ্ৰীসমূহ বিদেশলৈ ৰপ্তানি কৰে। আমেৰিকাৰ বৃহৎ বজাৰত ৰপ্তানিজাত এই সামগ্ৰীসমূহৰ ভিতৰত মৌ আৰু বিস্কুট হৈছে অন্যতম মুখ্য সামগ্ৰী ৷

২০১০ চনত সহায় পোৱাৰ পাছত, তেওঁৰ উদ্যোগে ক্ৰমান্বয়ে ৰপ্তানিৰ হাৰ বঢ়াই আনে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে ডুবাই, আমেৰিকা আৰু মধ্যপ্ৰাচ্যৰ প্ৰদৰ্শনীত অংশ লোৱাত সহায় কৰিলে, যাৰ ফলত বিদেশী ক্ৰেতাৰ সৈতে যোগাযোগ হ'ল। সম্প্ৰতি এই ব্যৱসায়ে ৩৬ খন দেশলৈ সামগ্ৰী ৰপ্তানি কৰে ৷ শেহতীয়াকৈ ইউৰোপৰ বজাৰলৈ মৌ ৰপ্তানি বঢ়াবলৈ পঞ্জাৱৰ ৰাজপুৰাত দ্বিতীয়টো গোট খুলিছে।

শ্ৰী বি. সুন্দৰাজৰ বাবে সুগন্ধিযুক্ত এবিধ উদ্ভিদে এখন গাঁৱত উদ্যোগ স্থাপনৰ ভেটি গঢ়ি তুলিছিল। তেওঁৰ আগৰবাতি উৎপাদন গোটৰ জৰিয়তে তেওঁ আগৰবাতি, বনৌষধিজাত সামগ্ৰী, ভেটিভাৰ আগৰবাতি আৰু ভেটিভাৰ চাম্ব্ৰাণী উৎপাদন কৰে। ২০২৪–২৫ বৰ্ষত গ্ৰামোদ্যোগ বিকাশ যোজনাৰ অধীনত লাভ কৰা সহায়ৰ জৰিয়তে তেওঁ উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ লগতে নিজৰ সামগ্ৰীৰ পৰিসৰো সম্প্ৰসাৰিত কৰে। ইয়াৰ ফলত তেওঁ স্থানীয়ভাৱে উপলব্ধ সম্পদৰ পৰা মূল্য সংযোজিত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। তেওঁৰ উদ্যোগটোৱে দেখুৱাইছে যে খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সহায়ে পৰম্পৰাগত জ্ঞান আৰু স্থানীয় সম্পদক কেনেদৰে বজাৰত বিক্ৰীৰ উপযোগী গ্ৰামোদ্যোগৰ সামগ্ৰীলৈ ৰূপান্তৰিত কৰাত সহায় কৰিব পাৰে।

হিমাচল প্ৰদেশৰ ছোলান জিলাৰ জট্টি মাজৰা গাঁৱত শ্ৰী চাহিল চৌধুৰীয়ে এখন মনো-কাৰ্টন উৎপাদন গোট পৰিচালনা কৰে। এই উদ্যোগটোৱে অঞ্চলটোৰ নিৰ্মাণ আৰু পেকেজিঙৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ২৫ লাখ টকাৰ প্ৰকল্প ব্যয়েৰে স্থাপন কৰা এই গোটটো খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সহযোগিতাত ৰূপায়িত প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (পি.এম.ই.জি.পি.)-ৰ অধীনত পৰিচালিত হয়।

বৰ্তমান এই উদ্যোগটোৰ বাৰ্ষিক লেনদেন প্ৰায় ৪৫ লাখ টকা আৰু ইয়াৰ জৰিয়তে ২৩গৰাকী লোকৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা হৈছে। বিত্তীয় সাহায্যই চৌধুৰীৰ উদ্যোগশীল ধাৰণাটোক এটা কাৰ্যক্ষম উৎপাদন উদ্যোগলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে। তেওঁৰ যাত্ৰাই দেখুৱাইছে যে স্থানীয় উদ্যোগশীলতাই কেনেদৰে আত্মনিৰ্ভৰশীলতা, কৰ্মসংস্থাপন আৰু আত্মনিৰ্ভৰ ভাৰতৰ বৃহত্তৰ লক্ষ্যত অৰিহণা যোগাব পাৰে।

গাঁৱৰ উদ্যোগৰ বাবে নতুন বজাৰ মুকলি

খাদী আৰু গ্ৰামোদ্যোগ আয়োগে গ্ৰাহকৰ ওচৰলৈ যাবলৈ অনলাইন আৰু অফলাইন দুয়োটা বাট মুকলি কৰিছে। ইয়াৰ অনলাইন প্লেটফৰ্ম  www.khadiindia.gov.in - ইয়াত কাপোৰ, খাদ্য সামগ্ৰী, সৌন্দৰ্য সামগ্ৰী, আতৰ, ধূপ-কাঠী আদি পোৱা যায়।

খাদী ইণ্ডিয়া (Khadi India) ব্ৰেণ্ডক প্ৰচাৰ আৰু বিপণনৰ জৰিয়তে সহায় কৰা হয়। এইবোৰে পৰম্পৰাগত সামগ্ৰীক আজিৰ গ্ৰাহকৰ সৈতে সংযোগ কৰে। দেশজুৰি এই বজাৰৰ নেটৱৰ্ক আছে। ইয়াৰ ভিতৰত ৮ টা বিভাগীয় খাদী ইণ্ডিয়া বিক্ৰী কেন্দ্ৰ আৰু ১৫ টা খাদী আৰু গ্ৰামোদ্যোগ আয়োগ শাখা আছে। খাদী প্ৰতিষ্ঠানে দেশজুৰি আন ৮,০৩৫ টা বিক্ৰী কেন্দ্ৰ চলায়।

ৰাষ্ট্ৰীয়, আঞ্চলিক, ৰাজ্যিক আৰু জিলা প্ৰদৰ্শনীয়ে অতিৰিক্ত বজাৰৰ সুযোগ দিয়ে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে দেশী আৰু বিদেশী বাণিজ্য মেলাত অংশগ্ৰহণকো প্ৰচাৰ কৰে।

 

খাদী: বিশ্বৰ কাহিনী বোৱা

খাদীয়ে ফেশ্বনতো নতুন ৰূপ পাইছে। নিউজিলেণ্ড ফেশ্বন উইক ২০২৬ (New Zealand Fashion Week 2026) আৰু লাকমে ফেশ্বন উইক ২০২৫ (Lakmé Fashion Week 2025)ৰ দৰে মঞ্চত ইয়াৰ কাৰিকৰী প্ৰদৰ্শন কৰা হৈছে। ইয়াত ঐতিহ্য আৰু আধুনিক ডিজাইনক একেলগে মিলাই এটা নতুন পৰিচয় দিয়া হৈছে।

ঐতিহ্যৰ পৰা সুযোগলৈ

খাদী আৰু গ্ৰামোদ্যোগৰ বৃদ্ধি অধিক উৎপাদন আৰু বিক্ৰী, বৰ্ধিত কৰ্মসংস্থাপন, শিপিনীৰ মজুৰি বৃদ্ধি আৰু নতুন গ্ৰাম্য ব্যৱসায়ত প্ৰতিফলিত হৈছে। যেতিয়া পৰম্পৰাগত দক্ষতা প্ৰযুক্তি, বিত্ত আৰু বজাৰৰ সৈতে সংযোজিত হয়, তেতিয়া এই খণ্ডই গ্ৰাম্য ভাৰতত উদ্যোগৰ বাবে নতুন বাট মুকলি কৰে৷
তথ্যসূত্ৰসমূহ

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়
https://www.msme.gov.in/static/uploads/2026/05/1bfda06b460e72543530b40817573495.pdf?_gl=1*ijpb14*_ga*ODgwMjkyOTQyLjE3ODI2NTg1OTM.*_ga_4858QHF08F*czE3ODI5NzE5MzUkbzIkZzEkdDE3ODI5NzIzNzgkajUzJGwwJGgw

https://www.kvic.gov.in/kvicres/aboutkvic.php

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2265369&reg=48&lang=2

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2307332&reg=3&lang=1

https://x.com/kvicindia/

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2224092&reg=3&lang=1

অন্যান্য

https://www.coek.in/events

https://innovateindia.mygov.in/khadi-mahotsav/

https://www.facebook.com/kvicindia/posts/from-a-young-entrepreneur-in-himachal-pradesh-to-a-thriving-business-ownersahil-/1519536520217135/

https://www.youtube.com/watch?v=QzwX93saslI

pdf ফাইলৰ বাবে ইয়াত ক্লিক কৰক।

****

পিআইবি গৱেষণা/SSH/RR

(Features ID: 160458) आगंतुक पटल : 12
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , Tamil , English , हिन्दी , Bengali , Telugu