Infrastructure

আলোকস্তম্ভৰ পৰা লেণ্ডমাৰ্কলৈ

ভাৰতৰ পৰিৱৰ্তিত লাইটহাউচৰ কাহিনী

Posted On: 10 OCT 2026 3:17PM

 প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভাৰতৰ লাইটহাউচবোৰ আছিল মানুহে দূৰৰ পৰা দেখা ঠাই। সাগৰৰ প্ৰান্তত থিয় হৈ সেইবোৰে উপকূলৰ বিপজ্জনক অংশ চিহ্নিত কৰিছিল আৰু আন্ধাৰৰ মাজেৰে জাহাজবোৰক পথ প্ৰদৰ্শন কৰিছিল। সিবিলাকৰ পোহৰ আছিল নাৱিকৰ আৰু আলোকস্তম্ভবোৰ আছিল প্ৰাকৃতিক দৃশ্যৰ অন্তৰ্গত।

১১,০০০ কিলোমিটাৰৰ ওপৰৰ বিস্তৃত উপকূল আৰু ২০৫টা লাইটহাউচৰ সৈতে ভাৰতে এতিয়া এই ঐতিহাসিক সামুদ্ৰিক ৰক্ষকসকলৰ পুনৰ কল্পনা কৰিছে। আজি লাইটহাউচসমূহ দূৰৈৰ লেণ্ডমাৰ্কতকৈ বহু বেছি হৈ পৰিছে। ইয়াৰ প্ৰথম উদ্দেশ্য অপৰিৱৰ্তিত হৈ আছে: ভাৰতৰ উপকূলৰ কাষেৰে জাহাজসমূহক নিৰাপদে যাত্ৰা কৰাত সহায় কৰা। সেই চিৰস্থায়ী ভূমিকাক কেন্দ্ৰ কৰি অৱশ্যে এটা নতুন অধ্যায়ে গঢ় লৈ উঠিছে। লাইটহাউচ ষ্টেচনসমূহ উন্নীত কৰি জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। সেইবোৰৰ সামুদ্ৰিক কাহিনীয়ে সংগ্ৰহালয়ত স্থান লাভ কৰিছে, আনহাতে ইয়াৰ চৌপাশৰ পৰিৱেশ পথ, বাগিচা, এম্ফিথিয়েটাৰ আৰু অন্যান্য সুবিধাৰে বিকশিত কৰা হৈছে। আধুনিক ব্যৱস্থাই আন্তঃগাঁথনি শক্তিশালী কৰি তুলিছে যিয়ে সেইবোৰৰ লাইটবোৰ নিৰ্ভৰযোগ্যভাৱে কাৰ্যক্ষম কৰি ৰাখে।

২০১৪ চনত প্ৰায় ৪ লাখ দৰ্শনাৰ্থীৰ পৰা ২০২৪–২৫ চনত ১৮.৬৩ লাখলৈ বৃদ্ধি পাইছে লাইটহাউচ পৰ্যটন । সমগ্ৰ দেশতে ৭৫টা লাইটহাউছৰ ঐতিহাসিক আৰু স্থাপত্যৰ তাৎপৰ্য্য অক্ষুণ্ণ ৰাখিবলৈ পৰ্যটন স্থলী হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰে কিছুমান হ’ল গুজৰাটৰ মাণ্ডৱী লাইটহাউচ আৰু দ্বাৰকা লাইটহাউচ, কৰ্ণাটকৰ তাদ্ৰী লাইটহাউচ, তামিলনাডুৰ পাম্বন লাইটহাউচ, কেৰালাৰ ভিজিঞ্জাম লাইটহাউচ। লাইটহাউচ আৰু লাইটশ্বিপ মহা সঞ্চালকালয় (ডি.জি.এল.এল.)-ৰ অধীনত এটা ডিজিটেল টিকটিং পৰ্টেলও মুকলি কৰা হৈছে, যাৰ জৰিয়তে দৰ্শনাৰ্থীৰ অভিজ্ঞতাক এক সৰ্বসাধাৰণ ডিজিটেল প্লেটফৰ্মলৈ অনা হৈছে। লাইটহাউচ পৰ্যটনৰ প্ৰতি ক্ৰমাৎ বৰ্ধিত আগ্ৰহে ভাৰতৰ সামুদ্ৰিক উত্তৰাধিকাৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত নতুন স্থানৰ সৃষ্টি কৰিছে। এই উন্নয়নসমূহে ওচৰৰ হোটেল, ৰেষ্টুৰেণ্ট, ট্যুৰ অপাৰেটৰ, পৰিবহণ সেৱা, স্থানীয় দোকান, আৰু শিল্পীসকলৰ বাবেও কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।

পোহৰে এতিয়াও নেতৃত্ব দিয়ে

দূৰৰ পৰা লাইটহাউচটো দেখাত বহুখিনি একেই হ’ব পাৰে, কিন্তু ইয়াৰ চিনাকি ৰশ্মিৰ আঁৰৰ প্ৰযুক্তিৰ যথেষ্ট পৰিৱৰ্তন হৈছে। এসময়ত যি জুই আৰু তেলৰ ওপৰত নিৰ্ভৰশীল আছিল, সেয়া এতিয়া সূৰ্য্যৰ দ্বাৰা চালিত আৰু আধুনিক প্ৰযুক্তিৰ দ্বাৰা শক্তিশালী কৰা হৈছে। দেশৰ সকলো লাইটহাউচ সৌৰশক্তিচালিত, যাৰ ফলত নবীকৰণযোগ্য শক্তি এই আন্তঃগাঁথনিৰ অংশ হৈ পৰিছে যিয়ে এই নেভিগেচনেল লাইটসমূহক কাৰ্যক্ষম কৰি ৰাখে।

ব্যক্তিগত ষ্টেচনৰ জৰিয়তে বিৱৰ্তনৰ অনুসন্ধান কৰিব পাৰি। গুজৰাটৰ সমিয়ানী দ্বীপত এটা তেলৰ লেম্পৰ স্থান ল’লে,  সৌৰশক্তিচালিত ইলেক্ট্ৰনিক ফ্লেচাৰে, তাৰ পিছত ২০১৬ চনত আহিল এল.ই.ডি. বন্তি। জোদিয়াত, ২০২১ চনত উচ্চ তীব্ৰতাসম্পন্ন এল.ই.ডি. বন্তিলৈ উন্নীত কৰাৰ পূৰ্বে সৌৰচালিত ফ্লেছিং লাইট প্ৰৱৰ্তন কৰা হয়।লাইটহাউচ ভাৰতৰ সামুদ্ৰিক তথ্য নেটৱৰ্কৰ অংশ হৈ পৰিছে। উপকূলৰ কাষৰীয়া লাইটহাউচত ৮৭টা স্বয়ংক্ৰিয় চিনাক্তকৰণ ব্যৱস্থা (এ.আই.এছ.) ষ্টেচন স্থাপন কৰা হৈছে। ইয়াৰ ফলত পোহৰৰ ৰশ্মি নিৰ্ভৰযোগ্য, সঁহাৰিজনক আৰু জাহজসমূহক নিৰাপদে পথ প্ৰদৰ্শন কৰিবলৈ সাজু হৈ থকাটো নিশ্চিত হয়। এ.আই.এছ. হৈছে এছ.অ.এল.এ.এছ. ( ইন্টাৰনেশ্যনেল কনভেনশ্যন ফ’ৰ দ্যা ছেফ্টি অৱ লাইফ এট ছি) অনুসৰি জাহাজ আৰু উপকূলভিত্তিক তথ্য সম্প্ৰচাৰ ব্যৱস্থা। ই পৰিস্থিতিগত সজাগতা বৃদ্ধিৰ বাবে এক শক্তিশালী আহিলা, যি জাহাজ পৰিবহণৰ নিৰাপত্তা আৰু জাহাজ চলাচল ব্যৱস্থাপনাৰ কাৰ্যক্ষমতাত অৰিহণা যোগায়।

লাইটহাউচ সংগ্ৰহালয়: সামুদ্ৰিক ইতিহাসক কাষ চপাই অনা

প্ৰযুক্তিয়ে লাইটহাউচৰ কৰ্ম ভূমিকাক শক্তিশালী কৰি থকাৰ সময়তে ইয়াৰ পুৰণি কাহিনীবোৰে নিজস্ব স্থান অধিকাৰ কৰিছে। ভাৰতত চেন্নাই, মহাবলীপুৰম, আলাপ্পুঝা, কান্নুৰ, মাট্টম, দ্বাৰকা আৰু গোপনাথত উৎসৰ্গিত লাইটহাউচ সংগ্ৰহালয় আছে ।

মমল্লপুৰম নামেৰেও জনাজাত মহাবলীপুৰমৰ বিশেষভাৱে চহকী কাহিনী আছে, যি তামিলনাডু উপকূলত শতিকাজুৰি চলি থকা সামুদ্ৰিক কাৰ্যকলাপৰ দ্বাৰা গঢ় লৈ উঠিছে। পল্লৱসকলে ইয়াক খ্ৰীষ্টীয় সপ্তম শতিকাৰ সময়ছোৱাত সমগ্ৰ দক্ষিণ-পূব এছিয়া আৰু ভূমধ্যসাগৰীয় দেশসমূহৰ সৈতে সামুদ্ৰিক বাণিজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ বন্দৰ হিচাপে গঢ়ি তুলিছিল। এসময়ত কাঠৰ টুকুৰাৰে ধৰা জুইয়ে উপকূলৰ কাষ চাপি অহা জাহাজবোৰৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিছিল। ১৮৮৭ চনত ওলাক্কানীশ্বৰ মন্দিৰৰ চাদত চতুৰ্থ ক্ৰমৰ অপটিক আৰু বন্তিৰ ভিতৰত উইক লেম্প স্থাপন কৰি প্ৰথমটো গতানুগতিক লাইটহাউচ স্থাপন কৰা হয়। ২০০৪ চনত মূল পোহৰ আৰু জৰুৰীকালীন পোহৰৰ উৎসক, তিনিটা ১৫০ ৱাট, ২৩০ ভি মেটেল হেলাইড লেম্পৰ থুপলৈ উন্নীত কৰা হৈছিল।

বৰ্তমানৰ লাইটহাউচটো হৈছে শিলৰ শিল্পৰে নিৰ্মিত ২৬ মিটাৰ উচ্চতাৰ বৃত্তাকাৰ স্তম্ভ । এই  স্তম্ভই সংৰক্ষিত কৰি ৰখা কাহিনীৰ সমান্তৰালভাৱে ইয়াৰ বিকাশৰ ধাৰাও অব্যাহত হৈ আছে। ইয়াৰ মূল লাইটটো ২০২০ চনত ২৩৬ ৱাটৰ এল.ই.ডি. সমূহলৈ উন্নীত কৰা হৈছিল , যিটো এই ধৰণৰ প্ৰথম প্ৰয়াস আছিল। ফলাফলত জীৱন্ত ঐতিহ্য আৰু কৰ্ম প্ৰযুক্তিৰ সমন্বয় সাধন হৈছিল। সংগ্ৰহালয়টোত আকৰ্ষণীয় প্ৰদৰ্শনী আৰু বিৰল শিল্পকৰ্মৰ জৰিয়তে লাইটহাউচৰ ইতিহাস প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ ৰাষ্ট্ৰীয় ঐতিহ্য আৰু সামুদ্ৰিক সংগ্ৰহালয়ে ঠাইখনৰ অতীতৰ বিষয়ে দৰ্শনাৰ্থীক অভিজ্ঞতা দিয়ে।

সংগ্ৰহালয় আধৰিত এই পদ্ধতিটো বৃহৎ প্ৰকল্পৰ ক্ষেত্ৰতো ব্যবহাৰ কৰা হৈছে।

গুজৰাটৰ লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য চৌহদত(এনএমএইচচি) ৭৭ মিটাৰ উচ্চতাৰ লাইটহাউচ সংগ্ৰহালয় স্থাপন কৰা হৈছে । ইয়াক আটাইতকৈ ওখ লাইটহাউচ সংগ্ৰহালয় আৰু বিশ্বৰ অন্যতম বৃহৎ সামুদ্ৰিক সংগ্ৰহালয় হিচাপে পৰিকল্পনা কৰা হৈছে, যাৰ আনুমানিক ব্যয় ২৬৬.১১ কোটি টকা । এন এম এইচ চি হৈছে অন্যতম উল্লেখযোগ্য সাংস্কৃতিক আৰু সামুদ্ৰিক পদক্ষেপ। ই পাঁচ সহস্ৰাব্দ পৰ্য্যন্ত ভাৰতৰ সামুদ্ৰিক উত্তৰাধিকাৰক পুনৰুজ্জীৱিত তথা প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰিও ইয়াত ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আই এম ইউ)ৰ সৈতে বিকশাই তোলা ৫ডি ড’ম থিয়েটাৰ, ক’ষ্টেল ষ্টেটছ পেভিলিয়ন, মিউজিঅ’টেল, ইকো ৰিজ’ৰ্ট আৰু মেৰিটাইম ৰিচাৰ্চ ইনষ্টিটিউট (এম আৰ আই)ও থাকিব। লাইটহাউচ সংগ্ৰহালয়টোৱে সমগ্ৰ চৌহদটোৰ নয়নাভিৰাম দৃশ্যৰে দৰ্শনাৰ্থীক মোহিত কৰিব। ভাৰতৰ অন্যতম পুৰণি লাইটহাউচ মহাবলীপুৰম লাইটহাউচৰ পৰা ইয়াৰ আৰ্হি লোৱা হৈছে। সংগ্ৰহালয়টোৱে শিলৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে নিজৰ স্বকীয় স্থাপত্য চৰিত্ৰ অক্ষুণ্ণ ৰাখিব। সযতনে সজাই তোলা ভাৰ্চুৱেল ৰিয়েলিটি (ভি.আৰ.) পৰিদৰ্শনে দৰ্শনাৰ্থীসকলক বিশাল উপকূলৰ কাষৰ ভাৰতীয় লাইটহাউছৰ ইতিহাসৰ আভাস দিব। অত্যাধুনিক শব্দ আৰু পোহৰৰ প্ৰদৰ্শনে প্ৰজেকচন মেপিং প্ৰযুক্তি ব্যৱহাৰ কৰি লাইটহাউচটো আলোকিত কৰিব।

লোথাল নিজেই প্ৰাচীন সামুদ্ৰিক বাণিজ্যৰ সৈতে জড়িত দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান। এই ধৰণৰ লাইটহাউচ সংগ্ৰহালয়ে সমুদ্ৰযাত্ৰাৰ আদিম পৰম্পৰাক আধুনিক সাহায্যৰ বিৱৰ্তনৰ সৈতে সংযুক্ত কৰে। ভাৰতৰ পূব উপকূললৈও এই কাহিনী প্ৰসাৰিত হৈ আছে। পুৰণি লাইটহাউচ অঞ্চল বিশাখাপট্টনমত নতুন লাইটহাউচ সংগ্ৰহালয় নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পৰ বাবে ৩,১৫৬ বৰ্গমিটাৰ মাটিকালি নিৰ্ধাৰণ কৰা হৈছে।

লাইটহাউচ যেতিয়া এটা উদযাপনৰ বিষয় হৈ পৰে

ৰূপান্তৰে এনেকুৱা সৃষ্টিও কৰে যিটো এটা গতানুগতিক প্ৰকল্পই খুব কমেইহে উৎপন্ন কৰিব পাৰে : লাইটহাউচটোৰ চাৰিওফালে নিজেই এটা উৎসৱৰ পৰিবেশ সৃষ্টি হয় । ২০২৩ চনত গোৱাৰ ফ’ৰ্ট আগুৱাড়াত প্ৰথম সংস্কৰণ অনুষ্ঠিত হয়। ২০২৪ চনত দ্বিতীয় সংস্কৰণ ওড়িশাৰ পুৰীত  হোৱাৰ বিপৰীতে ২০২৬ চনত বিশাখাপট্টনমত তৃতীয় সংস্কৰণ অনুষ্ঠিত হয়। উৎসৱসমূহে লাইটহাউচসমূহক বহল সাংস্কৃতিক পৰিৱেশৰ অন্তৰ্ভুক্ত কৰিছে। প্ৰথম ভাৰতীয় লাইটহাউচ উৎসৱে সাংস্কৃতিক প্ৰদৰ্শনী, সামুদ্ৰিক ইতিহাস সম্পৰ্কে অধিবেশন, শাস্ত্ৰীয় পৰিবেশন ,প্ৰসিদ্ধ গায়কসকলৰ সংগীত সন্ধিয়া, আৰু উপকূলীয় খাদ্যৰ জৰিয়তে সামুদ্ৰিক ঐতিহ্যক জীৱন্ত কৰি তুলিছিল।

 

গোৱাত ভাৰতীয় লাইটহাউচ মহোৎসৱ

মহোৎসৱৰ দ্বিতীয় সংস্কৰণত বিভিন্ন সমূদায়ৰ অংশগ্ৰহণৰ ধাৰণাটোৱে বিশেষ গুৰুত্ব লাভ কৰিছিল। পুৰীৰ অনুষ্ঠানটোৱে বালিৰ শিল্প, নাও শিল্প, যোগাসন, লোকনৃত্য আৰু সংগীতৰ সৈতে লাইটহাউচৰ ঐতিহ্যক একত্ৰিত কৰিছিল। এই অনুষ্ঠানত ওড়িশাৰ পৰ্যটনৰ বাবে বিকশাই তোলা পাঁচটা লাইটহাউচ গোপালপুৰ, পুৰী, চন্দ্ৰভাগা, পাৰাদীপ আৰু ফলছ পইণ্টৰ বিষয়েও আলোকপাত কৰা হয়। চৰকাৰে লাইটহাউছৰ স্থানসমূহৰ সংৰক্ষণ, সুৰক্ষা আৰু প্ৰচাৰৰ ক্ষেত্ৰত উপকূলীয় জনগোষ্ঠীসমূহক জড়িত কৰাৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে।

বিশাখাপট্টনমত অনুষ্ঠিত ভাৰতীয় লাইটহাউচ ফেষ্টিভেল ৩.০ৰ সময়ত এই লাইটহাউচটো উপকূলীয় পৰিচয়ৰ অধিক বহল উদযাপনৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। স্থানীয় শিল্পকৰ্ম, উপকূলীয় খাদ্য আৰু নিশাৰ আলোকসজ্জাই অনুষ্ঠানটোত ৰঙীন  কৰি তোলাৰ বিপৰীতে পৰিয়াল, যুৱক-যুৱতী, শিল্পী, উদ্যোগী, ছাত্ৰ-ছাত্ৰী আৰু দৰ্শকে এই উৎসৱক জীৱন্ত কৰি তুলিছিল। তেওঁলোকৰ উৎসাহী অংশগ্ৰহণে এই উদযাপনক অধিক সজীৱ, সৰ্বাংগীন আৰু লাইটহাউচৰ চাৰিওফালে থকা সম্প্ৰদায়সমূহৰ সৈতে ঘনিষ্ঠভাৱে জড়িত কৰি তুলিছিল।

গোৱাৰ আগুয়াডাত এই নতুন পদ্ধতিয়ে এক স্পষ্ট আধুনিক ৰূপ ধাৰণ কৰিছে। ঐতিহাসিক লাইটহাউচটোত এটা লাইট-এণ্ড-ছাউণ্ড প্ৰজেকচন মেপিং শ্ব’ আৰম্ভ কৰা হৈছে, য’ত আন্তঃগাঠনিটোক  কেনভাছ হিচাপে ব্যৱহাৰ কৰি এটা পুৰণি লেণ্ডমাৰ্কৰ চাৰিওফালে নতুন কাহিনী কোৱা হৈছে।

আগুয়াডা লাইটহাউচ

লাইটহাউচৰ বাবে এটা নতুন পাঠ্যক্ৰম

এই ধাৰণা এতিয়া ভাৰতৰ উপকূলীয় টাৱাৰৰ মাজতে আবদ্ধ হৈ থকা নাই। ই এতিয়া নতুন স্থানত উপবিস্ত হৈছে, একে সময়তে বৰ্তমানৰ লাইটহাউছৰ স্থানসমূহক জনজীৱনত বহল ভূমিকা প্ৰদান কৰা হৈছে। পৰ্যটন গন্তব্যস্থান হিচাপে বিকশাই তোলাৰ বাবে অতিৰিক্ত ২৫টা লাইটহাউচৰ প্ৰস্তাৱ কৰা হৈছে , ইতিমধ্যে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা ৭৫টা স্থানৰ বাহিৰতো নেটৱৰ্কৰ সম্প্ৰসাৰণ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে পাণ্ড, বগীবিল, শিলঘাট আৰু বিশ্বনাথ ঘাটত চাৰিটা লাইটহাউচ স্থাপন কৰা হৈছে ৷ ভাৰতৰ প্ৰথমটো লাইটহাউচৰ আন্তঃগাঁথনি হ'ব অভ্যন্তৰীণ জলপথত যাৰ বাবে মুঠ ব্যয় হ'ব প্ৰায় ৮৪ কোটি টকা ৷ প্ৰতিটো লাইটহাউচ ২০ মিটাৰলৈ বৃদ্ধি পাব ৷ সৌৰশক্তি আৰু বতৰ-পৰ্যবেক্ষণ সংবেদকে (চেন্সৰে) নৌ-পৰিবহন আন্তঃগাঁথনিত আধুনিক ক্ষমতা যোগ কৰিব।

তথাপিও এই লাইটহাউচবোৰ নৌ-পৰিবহনতকৈও অধিক কামৰ বাবে ডিজাইন কৰা হৈছে। প্ৰতিটো স্থানতে এটা সংগ্ৰহালয়, এম্ফিথিয়েটাৰ, কেফেটেৰিয়া, শিশুৰ খেলা ঠাই, স্মৃতিগ্ৰন্থৰ দোকান আৰু প্ৰাকৃতিকদৃশ্যৰে  পৰিপুৰ্ণ ৰাজহুৱা স্থান থাকিব । ধাৰণাটো সৰল যদিও তাৎপৰ্যপূৰ্ণ: লাইটহাউচ এতিয়া কেৱল দূৰৰ পৰা জাহাজৰ গতিপথ চিহ্নিত কৰা সংকেত হোৱাৰ প্ৰয়োজন নাই। ইয়াৰ উপৰিও ই মানুহক পানী, ইয়াৰ ইতিহাস আৰু ইয়াৰ পৰিৱৰ্তিত সম্ভাৱনাৰ কাষ চপাই নিয়া স্থান হ’ব পাৰে। প্ৰজন্ম ধৰি থিয় হৈ থকা উপকূলীয় স্তম্ভৰপৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰৰ কাষেৰে উদিত নতুন পোহৰলৈকে ভাৰতৰ লাইটহাউচৰ  ইতিহাস এক অভুতপুৰ্ব আৰু নতুন দিশলৈ গতি কৰিছে। পোহৰে জাহাজক পথ দেখুৱাই নিজৰ দায়িত্ৱ পালন কৰিয়েই থাকে, আনহাতে সময়ৰ লগে লগে লাইটহাউচ নিজেই এক আকৰ্ষণীয় গন্তব্যস্থান হৈ পৰে।

তথ্যসূত্ৰ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

https://dgll.nic.in/DGLL-light-house-location/about-chennai/mahabalipuram-lighthouse

https://dgll.nic.in/about-DGLL/Service-reminders/nais

https://www.dgll.nic.in/DGLL-light-house-location/about-vts-gandhi-dham/samiyani-island-lighthouse-station

https://nmhc.in/about-us/

https://www.dgll.nic.in/DGLL-light-house-location/about-vts-gandhi-dham/jodiya-lighthouse

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2066548&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2297603&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2213361&lang=1&reg=3

https://x.com/shipmin_india/status/2009198735956566313

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2063453&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2200943&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2235574&reg=3&lang=1

সাংস্কৃতিক মন্ত্ৰালয়

https://culture.gov.in/photo-gallery/mamallapuram-lighthouse

অনুগ্ৰহ কৰি PDF চাওক

***

পিআইবি গৱেষণা/SS/RR 

(Features ID: 160442) आगंतुक पटल : 22
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Telugu , Kannada , Malayalam