Infrastructure
ডিজাইনৰ দ্বাৰা মৰ্যাদা : ভাৰতৰ ৰাজহুৱা শৌচাগাৰক ৰূপান্তৰিত কৰা উদ্ভাৱন
Posted On:
02 OCT 2026 12:28PM
যোৱা কেইবছৰমানৰ পৰা ভাৰতীয় চহৰসমূহে ৰাজহুৱা অনাময় ব্যৱস্থাৰ সুবিধা সম্প্ৰসাৰণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। উপলব্ধতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰাৰ পৰা আৰম্ভ কৰি সুৰক্ষা আৰু সুলভতা বৃদ্ধিলৈকে চহৰসমূহে ৰাজহুৱা শৌচাগাৰসমূহক অধিক সৰ্বাংগীণ আৰু ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ কৰি তুলিবলৈ উদ্ভাৱনী পদ্ধতি গ্ৰহণ কৰিছে।
এই প্ৰচেষ্টাসমূহৰ ওপৰত নিৰ্ভৰ কৰি ২০১৪ চনৰ ২ অক্টোবৰত আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযানে সমগ্ৰ ভাৰততে অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত উদ্ভাৱনক আগুৱাই লৈ গৈছে। চহৰসমূহে শৌচাগাৰ নিৰ্মাণ কৰিছিল, সজাগতা বৃদ্ধি কৰিছিল আৰু মুকলি শৌচমুক্ত (অ’ডিএফ) হোৱাৰ দিশত কাম কৰিছিল। বহু চহৰে আৰু আগবাঢ়ি গৈ অ’ডিএফ+ আৰু অ’ডিএফ++ মৰ্যাদা লাভ কৰিলে। ২০২২ চনত স্বচ্ছ ভাৰত মিছন-আৰবান (SBM-U)ৰ অধীনত "শৌচাগাৰ ২.০" পদক্ষেপে মান আৰু অধিক উন্নীত কৰে। ইয়াৰ লক্ষ্য আছিল সম্প্ৰদায় আৰু ৰাজহুৱা শৌচাগাৰ (চিটি/পিটি)সমূহ সকলোৰে বাবে নিৰাপদ, পৰিষ্কাৰ আৰু সুবিধাজনক কৰি তোলা। এতিয়া নাগৰিকে "স্বচ্ছতা এপ"ৰ "এছ বি এম টয়লেট লোকেটৰ"ৰ জৰিয়তে নিজৰ ওচৰতে এটা সুবিধা বিচাৰি পাব পাৰে।
আজি এই পৰিৱৰ্তন অভাৱনীয় স্থানতো দেখা গৈছে। এখন পুৰণি বাছ হৈ পৰিছে মহিলাৰ শৌচাগাৰ। প্লাষ্টিকৰ আৱৰ্জনাক নিৰ্মাণ সামগ্ৰীলৈ ৰূপান্তৰিত কৰা হৈছে। এখন ব্যস্ত বজাৰত এতিয়া স্মাৰ্ট লাউঞ্জ আছে। এখন সৰু চহৰে চেনিটেৰী আৱৰ্জনা পেলোৱাৰ নিৰাপদ উপায় বিচাৰি পাইছে। তীৰ্থযাত্ৰী চহৰত সকলোৰে বাবে মুকলি সুবিধা আছে। এই কাহিনীবোৰে মৌলিক সুবিধাৰ পৰা মৰ্যাদা, সুৰক্ষা আৰু উদ্ভাৱনলৈ যোৱা যাত্ৰাৰ উদাহৰণ দাঙি ধৰে।
আধুনিক শৌচাগাৰ : মহিলাৰ বাবে নিৰাপদ স্থানত পৰিণত এখন স্ক্ৰেপ বাছ

ব্যস্ত বাছ টাৰ্মিনেলৰ মাজেৰে যাত্ৰা কৰা মহিলাসকলে প্ৰায়ে পৰিষ্কাৰ আৰু ব্যক্তিগত শৌচাগাৰ বিচাৰিবলৈ সংগ্ৰাম কৰে। কৰ্ণাটকৰ বেংগালুৰুত এই প্ৰয়োজনীয়তা পূৰণৰ বাবে এখন পুৰণি বাছ পুনৰ ব্যৱহাৰ কৰা হৈছিল। কৰ্ণাটক ৰাজ্যিক পথ পৰিবহণ নিগম (KSRTC)ৰ মেজেষ্টিক বাছ টাৰ্মিনেলত এটা ‘পথৰ শৌচাগাৰ’ সৃষ্টি কৰা হয়। স্ক্ৰেপ কৰা বাহনৰ পৰা নিৰ্মিত এই সুবিধা কেৱল মহিলাসকলৰ বাবেহে।
শৌচাগাৰটোত ভাৰতীয় শৈলীৰ তিনিটা আৰু পশ্চিমীয়া শৈলীৰ দুটা ক’মড আছে। চেনিটেৰী নেপকিন ভেণ্ডিং মেচিন আৰু ইনচিনেটৰে ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাত সহায় কৰে। এটা নিৰ্দিষ্ট স্থানত মাতৃসকলে কেঁচুৱাক স্তনপান কৰাব পৰা আৰু ডায়েপাৰ সলনি কৰিব পাৰে। চেন্সৰ লাইটসমূহ নিজেই উৎপন্ন কৰা সৌৰশক্তিৰ দ্বাৰা চলিত। বাছ আস্থানৰ ওচৰৰ নলা-নৰ্দমালৈ আৱৰ্জনা নিষ্কাশন কৰা হয়। সৰু ল’ৰা-ছোৱালীৰ সৈতে ভ্ৰমণ কৰা মাতৃসকলৰ বাবে এই শৌচাগাৰটো বিশেষভাৱে সহায়ক বুলি প্ৰমাণিত হৈছে।
নৱী মুম্বাইৰ বহনক্ষম শৌচাগাৰ : পৰিৱেশ সচেতন নগৰীয়া ডিজাইনৰ এটা আৰ্হি
মহানগৰীৰ পেলনীয়া আৱৰ্জনাৰে ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰিব পৰা যাবনে? নৱী মুম্বায়ে দেখুৱাইছে যে সেয়া সম্ভৱ। নৱী মুম্বাই পৌৰ নিগমে কোপাৰখাইৰাণৰ ১৪ নং ছেক্টৰত "আকাংক্ষিত শৌচাগাৰ" (উন্নত সুবিধা থকা শৌচাগাৰ) নিৰ্মাণ কৰিছে। ব্যস্ত নিছৰ্গ উদ্যান আৰ্বান গাৰ্ডেনৰ ওচৰত এই ঠাইখন। প্ৰতিদিনে প্ৰায় ৮,০০০ৰ পৰা ৯,০০০ লোকে এই সুবিধা ব্যৱহাৰ কৰে।

ইয়াৰ নিৰ্মাণত ৪২৬ বৰ্গমিটাৰ পুনঃব্যৱহৃত প্লাষ্টিকৰ আৱৰণ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৫.৩ মেট্ৰিক টন একক ব্যৱহাৰযোগ্য প্লাষ্টিক, ১১,৭০০ প্লাষ্টিকৰ বটল আৰু ৩৫,২০০ বটলৰ সাঁফৰ। ইয়াৰ উপৰি সৃষ্টিকৰ্তাসকলে ৮৫টা পুৰণি কম্পিউটাৰ কি বৰ্ড আৰু ২৮৪ কিলোগ্ৰাম স্ক্ৰেপ মেটালৰ পুনৰ ব্যৱহাৰ কৰিছিল। এই প্ৰকল্পটোৱে "হ্ৰাস, পুনৰ ব্যৱহাৰ, আৰু পুনঃসংসাদ" (Reduce, Reuse and Recycle)ৰ নীতি দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিছে।
ডিজাইনত সুৰক্ষা আৰু আৰামৰ কথা বিবেচনা কৰা হৈছে। পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথক অংশই গোপনীয়তা নিশ্চিত কৰে। শিশু আৰু বিশেযভাৱে সক্ষম লোকৰ বাবে ইউনিট, বেবী কেয়াৰ ষ্টেচন, আৰু চেনিটেৰী পেড ভেণ্ডিং মেচিনে সকলো ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰে। পৰিশোধিত নলাৰ পানীৰে চালিত এটা ফোয়াৰা ইয়াৰ সেউজ ডিজাইনৰ পৰিপূৰক। এই কমপ্লেক্সটো এতিয়া পৰিৱেশ উদ্ভাৱন আৰু নাগৰিক গৌৰৱৰ প্ৰতীক হৈ পৰিছে।
পৰিচ্ছন্ন স্মাৰ্ট শৌচাগাৰঃ ভূপাললৈ স্বস্তি কঢ়িয়াই আনিছে ফ্ৰেছৰুমে
ভোপালৰ ১০ নম্বৰ বজাৰখন দৈনিক বজাৰ কৰা, বিক্ৰেতা আৰু যাত্ৰীৰে ব্যস্ত হৈ পৰে। ভূপাল পৌৰ নিগমে নিৰ্মাণ কৰিছে ‘ফ্ৰেছৰুম,’ যিবোৰ স্মাৰ্ট আৰু বিলাসী ৰাজহুৱা সুবিধা কেন্দ্ৰ। তেওঁলোকে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি)ৰ অধীনত ডিজাইন-বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ (ডিবিঅ’টি) মডেলৰ অধীনত কাম কৰে। বজাৰখনৰ এই স্মাৰ্ট লাউঞ্জটোৱে ৮০০ৰ পৰা ১০০০ বৰ্গফুটত বিস্তৃত আৰু ইয়াত দৈনিক ৫০০ৰ পৰা ১০০০ যাত্ৰীক সেৱা আগবঢ়ায়।

এই সুবিধাৰ মূলতে আছে প্ৰযুক্তি। ইয়াত চেন্সৰ ভিত্তিক শৌচাগাৰ আৰু টাচ্চলেছ প্ৰস্ৰাৱৰ ব্যৱস্থা আছে। যাত্ৰীয়ে গৰম আৰু ঠাণ্ডা শ্বাৱাৰ, লকাৰ আৰু ৱাই-ফাই ব্যৱহাৰ কৰিব পাৰে। কেফে, ভেণ্ডিং মেচিন আৰু বেবী চেঞ্জিং ৰুমে এই সুবিধা আৰু অধিক উন্নত কৰে। ডিজিটেল ইনফৰমেচন ৱালে ব্যৱহাৰকাৰীক অৱগত কৰি ৰাখে। পৃথক, সুলভ সুবিধাসমূহে পুৰুষ, মহিলা আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক সেৱা আগবঢ়ায়। প্ৰযুক্তি, আৰাম আৰু বহনক্ষমতাক একত্ৰিত কৰি ফ্ৰেছৰুমসমূহে প্ৰদৰ্শন কৰে যে উদ্ভাৱনীমূলক আৰ্হিসমূহে কেনেকৈ আৰ্থিক স্বাৱলম্বিতা নিশ্চিত কৰাৰ লগতে বিশ্বমানৰ অনাময় ব্যৱস্থা প্ৰদান কৰিব পাৰে।
কাৰাডত স্মাৰ্ট চেনিটেৰী ছলিউচন: নিৰাপদ নিষ্কাশন, সুৰক্ষিত চহৰ
পৰিষ্কাৰ শৌচাগাৰ অনাময় কাহিনীৰ এটা অংশ। অনাময় আৱৰ্জনা নিৰাপদে নিষ্কাশন কৰাটো আন এটা কথা। ব্যৱহৃত নেপকিন আৰু ডায়েপাৰ মুকলি ঠাইত পেলাই দিলে স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষতি হয়। প্ৰায়ে লাজৰ বাবে এই বিষয়টো লুকুৱাই ৰাখে। মহাৰাষ্ট্ৰৰ সাতাৰা জিলাৰ এখন সৰু চহৰ কাৰাডে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। ই অনাময় আৰু জৈৱ চিকিৎসা আৱৰ্জনা ১০০% পৃথকীকৰণ, সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰে। চিকিৎসালয়, ক্লিনিক, ঘৰ আৰু অন্যান্য ঠাইৰ পৰা দৈনিক প্ৰায় ৩০০ৰ পৰা ৩৫০ কিলোগ্ৰাম অনাময় আৱৰ্জনা সংগ্ৰহ কৰা হয়।

প্ৰথম পদক্ষেপ আছিল অনাময় আৱৰ্জনা নিষ্কাশনৰ লগত জড়িত লাজ দূৰ কৰা। মহিলাসকলক অসাৱধানতাৰে আৱৰ্জনা নিষ্কাশনৰ বিপদৰ বিষয়ে জ্ঞান দিবলৈ কৰ্মশালা, সম্প্ৰদায়ৰ প্ৰচাৰ আৰু ৰাজহুৱা ঘোষণাত ব্যাখ্যা কৰা হৈছিল। কাৰাড পৌৰ পৰিষদে (কেএমচি) মহিলা বাসিন্দাসকলৰ সৈতে সজাগতা গোট গঠন কৰে, যি তাৰ পিছত সমগ্ৰ আৱাসিক এলেকাত এই বাৰ্তা বিয়পাই দিয়ে। মহিলাসকলে আৱৰ্জনা নিৰাপদে নিষ্কাশন কৰাটো সহজ হ’ব পৰাকৈ ৰাজহুৱা শৌচাগাৰত ৰঙা পাত্ৰ (ৰেড বিন) স্থাপন কৰা হৈছিল।

বিদ্যালয়সমূহক চেনিটেৰী পেড ভেণ্ডিং মেচিন আৰু নিষ্কাশন ব্যৱস্থা স্থাপন কৰিবলৈ উৎসাহিত কৰা হৈছিল। মহানগৰীৰ তথ্য, শিক্ষা আৰু যোগাযোগৰ দলে বিদ্যালয়সমূহক ব্যৱহৃত পেড কাগজত মেৰিয়াই ল’বলৈ পৰামৰ্শ দিয়ে। তেতিয়াৰ পৰাই বহু বিদ্যালয়ত ইনচিনেৰেটৰ স্থাপন কৰা হৈছে আৰু ইয়াৰ পৰা উৎপন্ন হোৱা আৱৰ্জনাসমূহ জৈৱ-চিকিৎসা আৱৰ্জনা পৰিশোধন প্লাণ্টলৈ প্ৰেৰণ কৰা হয়।
জাবৰ সংগ্ৰহ কৰা বাহনসমূহত চেনিটেৰী আৱৰ্জনাসমূহৰ বাবে এটা সুকীয়া দবা থাকে। কৰ্মচাৰীসকলে আৱৰ্জনাবোৰ এনেদৰে ভাগ-বতৰা কৰে যাতে কেৱল উপযুক্ত সামগ্ৰীহে ইনচিনেৰেটৰত উপনীত হয়।

এই আৱৰ্জনাসমূহ পৰিশোধনৰ বাবে কেএমচিয়ে কাৰাড হাস্পতাল এছ’চিয়েশ্যনৰ সৈতে অংশীদাৰিত্ব কৰিছে। কেএমচিয়ে জৈৱ-চিকিৎসা আৱৰ্জনা পৰিশোধন প্লাণ্টটোৰ বাবে মাটি যোগান ধৰিছিল, আনহাতে সংস্থাটোৱে ইয়াক পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কৰে। এইটো এটা কমন বায়’মেডিকেল ৱেষ্ট ট্ৰিটমেণ্ট ফেচিলিটি (CBWTF) যাৰ ক্ষমতা দৈনিক ৬০০ কিলোগ্ৰাম। ইয়াত পৰিষদে সংগ্ৰহ কৰা অনাময় আৱৰ্জনা বিনামূলীয়াকৈ প্ৰক্ৰিয়াকৰণ কৰে। ইয়াৰ কেন্দ্ৰীয় ইনচিনেটৰটোৱে ১২০০ ডিগ্ৰী চেলছিয়াছ উষ্ণতা লাভ কৰে। গেছবোৰ ফিল্টাৰ কৰি ক্ষতিকাৰক পদাৰ্থ আঁতৰোৱা হয়। নিৰ্গমন বাস্তৱ সময়ত নিৰীক্ষণ কৰা হয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (এছপিচিবি) ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হয়।

এই পিপিপি অংশীদাৰিত্বই পৰিষদৰ আৰ্থিক বোজা লাঘৱ কৰিছে, কিয়নো ই কেৱল সংগ্ৰহ আৰু পৰিবহণৰ খৰচহে বহন কৰে। উচ্চ উষ্ণতাত অনাময় আৱৰ্জনা জ্বলাই দিলে স্বাস্থ্যজনিত বিপদ হ্ৰাস পায় আৰু আৱৰ্জনা চম্ভালি থকা অনাময় কৰ্মীসকলক সুৰক্ষা নিশ্চিত কৰে। আৱৰ্জনা মুকলিকৈ পেলোৱাটো নিৰ্মূল কৰা হৈছে, যাৰ ফলত পৰিৱেশ প্ৰদূষণ আৰু ৰোগৰ বিস্তাৰ ৰোধ কৰা হৈছে। ইয়াৰ ফলত বিশেষকৈ অনাময় আৱৰ্জনা নিষ্কাশনৰ প্ৰত্যাহ্বানৰ দ্বাৰা প্ৰভাৱিত মহিলাসকলৰ বাবে বাসিন্দাসকলৰ জীৱনৰ মান উন্নত হৈছে।
তিৰুপতিৰ তীৰ্থযাত্ৰীসকলৰ বাবে আৰাম, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু যত্ন
লাখ লাখ লোকে ধৰ্মীয় স্থানলৈ গৈ পৰিষ্কাৰ শৌচাগাৰক দৈনন্দিন প্ৰয়োজনীয়তা কৰি তুলিছে। তিৰুপতি ভাৰতৰ অন্যতম ব্যস্ত তীৰ্থস্থান। তিৰুপতী পৌৰ নিগমে ভক্ত, পৰ্যটক আৰু বাসিন্দাসকলৰ বাবে আধুনিক শৌচাগাৰ কমপ্লেক্স নিৰ্মাণ কৰিছে।
বাছ আস্থানৰ সমীপতে মহিলাসকলৰ বাবে উতসৰ্গিত "পিংক টয়লেট কমপ্লেক্স" নিৰ্মাণ কৰা হৈছে। ই শ্ৰীনিবাসম, বিষ্ণুবাসম, ৰেলৱে ষ্টেচন আৰু বাছ টাৰ্মিনেলৰ দৰে মূল অঞ্চলসমূহ সংযোগ কৰে। মহিলাসকলে ভাৰতীয় আৰু পশ্চিমীয়া শৌচাগাৰ, টয়লেট আৰু মাতৃৰ যত্ন তথা চেঞ্জিং ৰুম ব্যৱহাৰ কৰিব পাৰে। ইনচিনেৰেটৰ আৰু চেনিটেৰী নেপকিন ভেণ্ডিং মেচিনে ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাত সহায় কৰে। এই কমপ্লেক্সটো দৈনিক ১২ হাজাৰৰ পৰা ১৫ হাজাৰ লোকে ব্যৱহাৰ কৰে। তিনিটা শ্বিফ্টৰ পদ্ধতিগত চাফাই ব্যৱস্থাৰ জৰিয়তে এই সুবিধা ৰক্ষণাবেক্ষণ কৰা হয়।
ৰেলৱে ষ্টেচনৰ সমীপত এটা সাধাৰণ ৰাজহুৱা শৌচাগাৰ কমপ্লেক্সে দৈনিক গোবিন্দৰাজস্বামী মন্দিৰ অঞ্চললৈ অহা ২০ৰ পৰা ২৫ হাজাৰ ভক্তক সেৱা আগবঢ়ায়। ইয়াক সকলোৰে বাবে সুলভভাৱে ডিজাইন কৰা হৈছে আৰু ইয়াত পুৰুষ, মহিলা, তৃতীয় লিংগৰ লোক, বিশষভাৱে সক্ষম আৰু শিশুৰ বাবে পৃথক সুবিধা আছে। ৰেম্প, হেণ্ডৰেল, শিশুৰ বাবে উপযোগী ফিক্সচাৰ আৰু গা ধোৱা ঠায়ে তীৰ্থযাত্ৰীসকলৰ বাবে অধিক আৰাম, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুলভতা নিশ্চিত কৰে।
ভৱিষ্যতৰ পথ
এছ বি এম-ইউ ২.০ৰ অধীনত কেৱল শৌচাগাৰ নিৰ্মাণৰ বাহিৰলৈও আন ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। এতিয়া লক্ষ্য হৈছে সেইবোৰ পৰিষ্কাৰ, নিৰাপদ, সুলভ আৰু বহনক্ষম কৰি ৰখা। এই কাহিনীবোৰে দেখুৱাইছে যে কেনেকৈ চহৰবোৰে নিজৰ নিজৰ ধৰণেৰে সেই লক্ষ্যত উপনীত হৈছে। স্ক্ৰেপড বাছ, পুনঃব্যৱহৃত প্লাষ্টিক, চেন্সৰভিত্তিক ফিক্সচাৰ আৰু উচ্চ উষ্ণতাৰ ইনচিনেটৰ আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্যক্তিগত অপাৰেটৰ, চিকিৎসালয় আৰু সম্প্ৰদায়ৰ সৈতে অংশীদাৰিত্বৰে কাম কৰিলে এই সুবিধাসমূহ সুচাৰুৰূপে চলি থাকে। নিষ্ঠাৱান কৰ্মচাৰী আৰু তত্ত্বাৱধায়কসকলে প্ৰতিদিনে তেওঁলোকৰ মাজত প্ৰাণৰ সঞ্চাৰ কৰে। স্বচ্ছ ভাৰত অভিযানে বাৰ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে আগুৱাই যোৱাৰ পথটো স্পষ্ট হৈ পৰিছে। লিংগ, সামৰ্থ্য, স্থান নিৰ্বিশেষে প্ৰতিজন নাগৰিকেই পৰিষ্কাৰ আৰু মৰ্যাদাপূৰ্ণ শৌচাগাৰৰ যোগ্য। বজাৰৰ পৰা কীৰ্তিচিহ্নলৈকে ভাৰতৰ চহৰসমূহে সেই প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত কৰিছে।
তথ্যসূত্ৰসমূহ
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
PDF চাবলৈ ক্লিক কৰক
***
PIB Research/KD
(Features ID: 160293)
आगंतुक पटल : 17
Provide suggestions / comments