Rural Prosperity
প্ৰথমজাক বৰষুণৰ পৰা পৰিষ্কাৰ বাট-পথলৈ
চহৰসমূহ নিৰ্মল, স্বাস্থ্যকৰ বৰ্ষাকালৰ বাবে সাজু হৈ উঠিছে
Posted On:
01 OCT 2026 4:21PM
বৰষুণৰ আগতে চহৰবোৰ তৎপৰ হৈ উঠে

বাৰিষা ওচৰ চাপি অহাৰ লগে লগে আৰু প্ৰথমজাক বৰষুণ অহাৰ লগে লগে সমগ্ৰ ভাৰতৰ চহৰসমূহে পানী জমা হোৱা, আৱৰ্জনা জমা হোৱা আৰু অনাময় ব্যৱস্থাৰ সৈতে জড়িত ঋতুভিত্তিক বিপদসমূহৰ সমাধানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। নলা পৰিষ্কাৰ কৰা হয়, দুৰ্বল স্থান চিনাক্ত কৰা হয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু জনস্বাস্থ্য বৰ্তাই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নেতৃত্বত ‘স্বচ্ছাটা আপনাও, বিমাৰী ভগাও ২০২৫’ (SABB) অভিযানৰ অধীনত নগৰীয়া স্থানীয় সংস্থাসমূহে বাৰিষাৰ পূৰ্বৰ প্ৰস্তুতিক এক সমন্বিত স্বচ্ছতা আৰু জনস্বাস্থ্য প্ৰচেষ্টালৈ ৰূপান্তৰ কৰে। ২০২৫ চনৰ ১ জুলাইৰ পৰা ৩১ জুলাইলৈকে চহৰসমূহে নলা পৰিষ্কাৰ কৰা, আৱৰ্জনা আঁতৰোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসাৰৰ কাম হাতত লৈছিল, একে সময়তে বিদ্যালয়, চুবুৰী আৰু অন্যান্য ৰাজহুৱা স্থানৰ জৰিয়তে সম্প্ৰদায়সমূহক জড়িত কৰিছিল।
এই অভিযানৰ মূলতে আছে ‘৬টা স্বচ্ছতা মন্ত্ৰ’ : পৰিষ্কাৰ হাত, ঘৰ, চুবুৰী, শৌচাগাৰ, নলা আৰু ৰাজহুৱা স্থান। এই সহজ পদ্ধতিসমূহ বাৰিষাক সুৰক্ষিত আৰু স্বাস্থ্যকৰ কৰি ৰখাৰ বাবে চহৰজোৰা বৃহত্তৰ প্ৰচেষ্টাৰ অংশ হৈ পৰিছে। আৰু সমগ্ৰ দেশতে সেই প্ৰচেষ্টাই বহুতো ভিন্ন ৰূপ ধাৰণ কৰিছে।
দিল্লীত এই অভিযান ইয়াৰ ৰাজপথৰ মাজেৰে শিক্ষানুষ্ঠানলৈকে বিস্তৃত হৈছিল। বাৰিষাৰ সময়ত স্বচ্ছতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসাৰৰ বাবে ৪০০ গৰাকী এনচিচি ছোৱালী কেডেটৰ নেতৃত্বত ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ "পিংকথন" (এটা ৱাকথন) অনুষ্ঠিত হয়। এই অভিযানত ভূমি পৰ্যায়ৰ উল্লেখযোগ্য কাম দেখা গৈছিল, ২৫৫টা চাফাই অভিযানত হাত ধোৱাৰ কাৰ্যসূচী জড়িত আছিল, আনহাতে ২০৬টাত পৰিত্যক্ত ৰাস্তা আৰু জাবৰ পেলোৱা ঠাই (জিভিপি) সামৰি লোৱা হৈছিল। স্বাস্থ্যসেৱা আৰু ৰাজহুৱা শৌচাগাৰ (চিটিএছ আৰু পিটি)ত ৪৬৯টা চাফাই অভিযান চলোৱা হয়। পাটনা পৌৰ নিগমে তৎক্ষণাত নগৰীয়া সুৰক্ষা আৰু অনাময়ৰ বাবে মেনহ’ল অনুপযুক্ত বুলি ঘোষণা কৰি “মেনহ’ল এম্বুলেন্স” প্ৰৱৰ্তন কৰে। প্ৰতিখন এম্বুলেন্সত প্ৰি-ফেব্ৰিকেটেড মেনহ’ল কভাৰ, চাফাই সঁজুলি আৰু বিশেষকৈ বৰষুণৰ সময়ত তাৎক্ষণিক সঁহাৰিৰ বাবে এটা ৰেছপন্স টীম আছে। পিএমচিয়ে পুৰণি, অব্যৱহৃত পৌৰসভাৰ বাহনসমূহক কাৰ্যক্ষম ইউনিটলৈ পুনৰ ব্যৱহাৰ কৰিলে। প্ৰতিটো পৌৰসভা মণ্ডলৰ বাবে এখনকৈ মুঠ ছখন এম্বুলেন্স কাৰ্যক্ষম হৈ আছে আৰু টিএমসমূহৰ তাৎক্ষণিক সমাধানৰ বাবে পিএমচিৰ কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযুক্ত। এই পদক্ষেপে নাগৰিককেন্দ্ৰিক অভিযোগ নিৰাময় সক্ষম কৰে আৰু মেনহ’ল সম্পৰ্কীয় অভিযোগৰ দ্ৰুত সঁহাৰি নিশ্চিত কৰে।
নৱী মুম্বাইত ৬০০ৰো অধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক, আৰু নাগৰিকৰ অংশগ্ৰহণেৰে স্বচ্ছতা ৰেলীৰ আয়োজন কৰা হয়। একে সময়তে ২৬টা নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মেলেৰিয়া আৰু ডেংগু প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। দুদিনত ৫২টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি ২২,৬৯০ৰো অধিক নাগৰিকৰ কাষ চাপিছিল। তেলেংগানাত এই অভিযান প্ৰায় ১৩ লাখ পৰিয়াললৈ গৈছিল। প্ৰায় ১৪,২১০ কিলোমিটাৰ নলা পৰিষ্কাৰ কৰাৰ বিপৰীতে ৪,৩৪৩ কিলোমিটাৰ পথৰ কাষৰ আৱৰ্জনা মুকলি কৰা হয়। ডেংগু আৰু মেলেৰিয়া বিৰোধী সজাগতা অভিযানৰ জৰিয়তে প্ৰায় ২.৫ লাখ ঘৰ সামৰি লোৱা হৈছিল। স্বাস্থ্য শিবিৰসমূহেও ৮৫০০ৰো অধিক ফ্ৰণ্টলাইন কৰ্মীক উপকৃত কৰিছিল। ইফালে বিদ্যালয়সমূহত ১৪০টা পচন সাৰ গাঁত নিৰ্মাণ কৰি যুৱ নাগৰিকসকলক আৱৰ্জনাক গোবৰ সাৰলৈ ৰূপান্তৰিত কৰিবলৈ উৎসাহিত কৰে।
ছত্তীশগড়ত ৰাইজৰ পৰাই কাহিনী আৰম্ভ হয়। পাণ্ডাৰিয়াত আত্মসহায়ক গোটৰ সদস্যসকলক অনাময়ৰ প্ৰশিক্ষণ দিয়া হৈছিল আৰু "স্বচ্ছতা এপ"ৰ বিষয়ে অৱগত কৰা হৈছিল। ইয়াৰ পিছতে তেওঁলোকে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে। ৰায়পুৰত ঘৰে ঘৰে চলোৱা প্ৰচাৰৰ ফলত হাত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু আৱৰ্জনা পৃথকীকৰণৰ প্ৰসাৰ ঘটিছিল, আনহাতে জাবৰ পেলোৱা পইণ্ট (জিভিপি) পৰিষ্কাৰ আৰু সৌন্দৰ্য্যবৰ্ধন কৰা হৈছিল।
পৰিষ্কাৰ, নিৰাপদ বাৰিষাৰ বাবে একত্ৰিত হৈছে উত্তৰ-পূব

বাৰিষাকাল ওচৰ চাপি অহাৰ লগে লগে উত্তৰ-পূবে বৰষুণৰ বাবে অপেক্ষা কৰাৰ পৰিৱৰ্তে সাজু হৈ উঠিছে। অৰুণাচল প্ৰদেশ, নাগালেণ্ড, অসম, ছিকিম, আৰু ত্ৰিপুৰাত MoHUA নেতৃত্বাধীন SABB অভিযানে সমূহীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ৰোগ প্ৰতিৰোধৰ জৰিয়তে বাৰিষাৰ প্ৰস্তুতি শক্তিশালী কৰি তুলিছে।
নাগালেণ্ডত ছখন চহৰৰ নগৰীয়া স্থানীয় সংস্থাই (ইউ এল বি) বিদ্যালয় সজাগতামূলক কাৰ্যসূচী, নলা চাফাই, স্বাস্থ্য শিবিৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ নেতৃত্ব দিছিল। এই প্ৰচেষ্টাসমূহত প্ৰায় ৫,০০০ লোক জড়িত আছিল, য’ত আছিল ৬০টা অনাময় অভিযান, ৩০টা বৰষুণৰ পানী সংগ্ৰহ অভিযান, আৰু ৪০টা বাৰিষাৰ পিছৰ সজাগতা অভিযান। ছিকিমৰ পাহাৰত এই অভিযানৰ লক্ষ্য আছিল জাবৰ জমা হোৱা আৰু পানী আৰু ভেক্টৰজনিত ৰোগৰ আশংকা দূৰ কৰা। ছাত্ৰ, বিষয়া, আৰু আত্মসহায়ক গোট (এছ এইচ জি)সমূহে উৎসত আৱৰ্জনা পৃথকীকৰণ আৰু উন্নত আৱৰ্জনা ব্যৱস্থাপনাক প্ৰসাৰিত কৰিবলৈ একত্ৰিত হৈছিল। প্ৰায় ৪ হাজাৰ লোকে ১০০টা চাফাই আৰু ১০০টা বাৰিষাৰ পিছৰ ড্ৰাইভৰ লগতে সজাগতা সভা আৰু পিইটি বটল ছিঙি পেলোৱাৰ পদক্ষেপত অংশগ্ৰহণ কৰে। অসমত নলা পৰিষ্কাৰ কৰা, জাবৰ আঁতৰোৱা, ছাফাই মিত্ৰৰ স্বাস্থ্য পৰীক্ষা, আৱৰ্জনা বিভাজন আদি বিষয়ত নগৰসমূহে গুৰুত্ব আৰোপ কৰিছিল। ১৬০টা সংগঠন আৰু বেচৰকাৰী সংস্থাৰ সহযোগত ২০০টা চাফাই আৰু ৪০টা বৰষুণৰ পানী সংগ্ৰহৰ কাৰ্যসূচীত প্ৰায় ৫৫০০ লোকে অংশগ্ৰহণ কৰে।
ত্ৰিপুৰাত ইউ এল বিয়ে আৱৰ্জনা সংগ্ৰহ, পৃথকীকৰণ আৰু ৰাজহুৱা শৌচাগাৰৰ ৰক্ষণাবেক্ষণৰ উন্নতি সাধন কৰিছিল। প্ৰায় ৫,০০০ লোকে ১৫০টা চাফাই আৰু ৩০টা বৰষুণৰ পানী সংগ্ৰহ অভিযানৰ লগতে স্বাস্থ্য শিবিৰ, বিদ্যালয়ৰ ৰেলী, আৰু অনাময় পদক্ষেপত অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ ৪৭খন নগৰীয়া অধিসূচিত চহৰত আৱৰ্জনা ব্যৱস্থাপনা, পানীৰ গুণাগুণ, ৰাজহুৱা শৌচাগাৰৰ ৰক্ষণাবেক্ষণ আদিৰ প্ৰচেষ্টা আছিল। পানী পৰিশোধন প্লাণ্টসমূহ পৰিদৰ্শন কৰা হৈছিল, আনহাতে বৃহৎ পৰিসৰৰ চাফাই অভিযানে জাবৰ জমা হোৱা স্থানসমূহক লক্ষ্য কৰি লৈছিল। এই প্ৰচেষ্টাসমূহে প্ৰমাণ কৰে যে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ৰোগ প্ৰতিৰোধক কেনেকৈ দৈনন্দিন সম্প্ৰদায়ৰ কাম-কাজৰ সৈতে একত্ৰিত কৰিব পাৰি।
বেকলেনৰ পৰা পৰিষ্কাৰ তথা সজীৱ চুবুৰীলৈকে
‘বেকলেন’ বুলিলে এনে চুবুৰীৰ পিছফালে থকা ঠাইবোৰক বুজোৱা হয় য’ত সাধাৰণতে পথচাৰীৰ যাতায়ত কম। এই স্থানসমূহত জাবৰ জমা হোৱা আৰু অনানুষ্ঠানিকভাৱে জাবৰ পেলোৱাৰ প্ৰৱণতা থাকিব পাৰে। এই কথা স্বীকাৰ কৰি মধ্যপ্ৰদেশৰ চহৰসমূহে সক্ৰিয় জনসাধাৰণৰ অংশগ্ৰহণেৰে এনে লেন চাফাই অভিযানৰ আয়োজন কৰে। এই পদক্ষেপসমূহৰ ভিতৰত আছিল বেদখল আঁতৰোৱা আৰু বাৰিষাৰ সময়ত বৰষুণৰ পানী সহজে বৈ যোৱাটো নিশ্চিত কৰিবলৈ নলা পৰিষ্কাৰ কৰা।


ৰেৱাত পৌৰ নিগমে সকলো ৱাৰ্ডতে ফ্ৰন্টেলেনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নান্দনিকতা উন্নত কৰাৰ বাবে বেকলেনলৈ এই প্ৰচেষ্টা সম্প্ৰসাৰিত কৰে। ইয়াৰ বাবে পথৰ অংকণ (মিউৰেল) আৰু দেৱাল চিত্ৰ নিৰ্মাণ কৰা হৈছিল, আনহাতে 3Rs- Reduce, Reuse and Recycle (হ্ৰাস, পুনৰ ব্যৱহাৰ আৰু পুনঃসংশোধন)ৰ নীতি ব্যৱহাৰ কৰি খেলাৰ সঁজুলি আৰু বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা হৈছিল। দেৱালত ইংৰাজী আৰু হিন্দী স্বৰবৰ্ণ আৰু আখৰ, সংখ্যা আৰু টেবলো আছে। শিক্ষণ আৰু বিনোদনৰ উপাদানসমূহৰ সৈতে পৰিষ্কাৰ-পৰিচ্ছন্নতাক একত্ৰিত কৰি এই পদক্ষেপে অধিক নিৰাপদ, অধিক আকৰ্ষণীয় আৰু শিশুৰ বাবে অনুকূল চুবুৰীৰ স্থান সৃষ্টি কৰাত সহায় কৰিছে।
আগ্ৰাত আগ্ৰা পৌৰ নিগমে সমগ্ৰ চহৰখনৰ ৯টা পিছফালৰ গলি (বেকলেন) সফলতাৰে পৰিষ্কাৰ কৰি ৰক্ষণাবেক্ষণ কৰে। আৰ্বান লাৰ্নিং ইন্টাৰশ্বিপ প্ৰগ্ৰেমৰ (টিউলিপ) প্ৰশিক্ষাৰ্থীসকলে এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বিপৰীতে স্থানীয় বাসিন্দাসকলে চুবুৰীৰ ৰাজপথৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সৌন্দৰ্য্যবৰ্ধনত অৰিহণা যোগাইছিল। তেওঁলোকৰ অংশগ্ৰহণে প্ৰমাণ কৰে যে কেনেকৈ সম্প্ৰদায়ৰ সংযোগে স্থানীয় বাসিন্দাসকলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি দায়িত্ববোধক শক্তিশালী কৰিব পাৰে আৰু ৰাজহুৱা স্থানসমূহৰ সামঞ্জস্যপূৰ্ণ ৰক্ষণাবেক্ষণত অৰিহণা যোগাব পাৰে।
সুৰক্ষাৰ পৰা সুযোগলৈ
ভূপালৰ জ্যোৎস্না ধবড়েৰ বাবে প্ৰতিষ্ঠানিক ঋণৰ সুবিধাই তেওঁক নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ প্ৰদান কৰিছিল। ভূপাল পৌৰ নিগমে আয়োজন কৰা ঋণ মেলাত "স্বচ্ছতা উদ্যমী যোজনা"ৰ অধীনত ঋণ লাভ কৰিছিল, যাৰ ফলত তেওঁ এখন অনাময় বাহন ক্ৰয় কৰিবলৈ সক্ষম হৈছিল। নতুন দিল্লীত নতুন দিল্লী পৌৰ পৰিষদৰ তত্বাৱধায়ক ৰাজাই মেচিনেৰে নলা পৰিষ্কাৰ কৰাৰ অভিজ্ঞতা ব্যক্ত কৰে।
ৰাজাই কয়, "আগতে আমি নলাবোৰৰ ভিতৰলৈ গৈ সেইবোৰ চাফা কৰিবলগীয়া হৈছিল। কিন্তু আধুনিক যন্ত্ৰপাতিৰ আগমনৰ লগে লগে এই কাম এতিয়া মেচিনৰ দ্বাৰা কৰা হৈছে। তদুপৰি আমি গামবুট, মাস্ক, নিৰাপত্তাৰক্ষী চশমা, হেলমেট আৰু অন্যান্য সুৰক্ষা সঁজুলিৰ সুবিধা লাভ কৰি নিজকে নিৰাপদ অনুভৱ কৰোঁ।"
এই অভিজ্ঞতাসমূহে একেলগে চাফাই কামক নিৰাপদ, কাৰ্যক্ষম আৰু সন্মানজনক কৰি তোলাৰ প্ৰচেষ্টা প্ৰদৰ্শন কৰে।

চাফাই মিত্ৰ সুৰক্ষা চেলেঞ্জ ২০২১ত স্বাস্থ্য, শিক্ষা, সুৰক্ষা সঁজুলিৰ ব্যৱস্থা আৰু ব্যৱহাৰ, শ্ৰমিকৰ কল্যাণ আৰু বৃত্তিগত বিপদ হ্ৰাসৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। স্বচ্ছ ভাৰত অভিযান–নগৰ ২.০ৰ অধীনত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে নগৰীয়া স্থানীয় সংস্থাসমূহে (ইউ এল বি) সুৰক্ষামূলক সঁজুলি, প্ৰশিক্ষণ আৰু সুৰক্ষা সজাগতা প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাতে অনাময় কামৰ সময়ত কোনো লোকৰ মৃত্যু নহয়।
এই ক্ষেত্ৰত অগ্ৰণী হিচাপে চণ্ডীগড়ে ২০১৮ চনৰ পৰা বিপজ্জনক হাতেৰে নলা পৰিষ্কাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। দায়িত্বশীল অনাময় কৰ্তৃপক্ষৰ অধীনত চলি থকা এটা ইমাৰ্জেন্সী ৰেচপন্স ছেনিটেচন ইউনিটক (ই আৰ এছ ইউ) ব্যক্তিগত সুৰক্ষা সঁজুলি (পি পি ই), অন্যান্য সুৰক্ষা সঁজুলি আৰু নিয়মীয়া চিকিৎসা পৰীক্ষা প্ৰদান কৰি নিৰাপদ অনাময় ব্যৱস্থাক সমৰ্থন কৰে।
অসমত ২০২৩ চনত ৯৬ টা নগৰীয়া স্থানীয় সংস্থাৰ ভিতৰত ৮৩ টাই নিজকে ‘স্বচ্ছ মিত্ৰ নিৰাপদ চহৰ’ বুলি ঘোষণা কৰিছিল।ৰাজ্যখনে ৫,২৩০ জন অনাময় কৰ্মী চিনাক্ত কৰি ৯২টা স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিল। মহাৰাষ্ট্ৰত প্ৰথম পৰ্যায়ত ২৪৬ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক আৰু পৰৱৰ্তী সময়ত ১৯১৭ জন অনাময় কৰ্মীৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। উত্তৰ প্ৰদেশে অনাময় কৰ্মীসকলক ঋণ আৰু জীৱিকাৰ সুযোগ প্ৰদান কৰি সহায় কৰিছিল। এই ব্যৱস্থাসমূহে একেলগে অনাময় কৰ্মীসকলৰ সুৰক্ষা, সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা, মৰ্যাদা আৰু উদ্যোগীকৰণৰ সুযোগ শক্তিশালী কৰিবলৈ বিচাৰে, তেওঁলোকৰ বাবে অনাময় কামৰ পৰা অনাময় উদ্যোগীকৰণলৈ পৰিৱৰ্তনৰ পথ সৃষ্টি কৰে।
প্ৰস্তুতিৰ পৰা সামূহিক কাৰ্যকলাপলৈ
বৰষুণ আৰম্ভ হোৱাৰ লগে লগে বাৰিষাৰ পূৰ্বৰ প্ৰস্তুতিৰ প্ৰকৃত মূল্য দেখা যায়। পৰিষ্কাৰ নলাবোৰে বৰষুণৰ পানী সহজে নিষ্কাশন কৰে, পৰিষ্কাৰ পথে জাবৰ জমা হোৱাত বাধা দিয়ে আৰু আগতীয়া স্বাস্থ্য শিবিৰে সম্প্ৰদায়সমূহক ৰোগ বিয়পি পৰাৰ আগতে ৰোগৰ আশংকা ধৰা পেলোৱা আৰু প্ৰতিৰোধ কৰাত সহায় কৰে। এই সকলোবোৰ ব্যৱস্থাৰ মূলতে আছে নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ, যাৰ ফলত জনস্বাস্থ্যক এক সামূহিক দায়িত্ব হিচাপে গঢ়ি তোলা হৈছে।
উত্তৰ-পূবৰ পাহাৰৰ পৰা দিল্লীৰ ৰাজপথলৈকে আৰু তেলেংগানা, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ সম্প্ৰদায়সমূহৰ মাজেৰে এই অভিযানে বৈচিত্ৰময় স্থানীয় ৰূপ ধাৰণ কৰিছে। তথাপি এই সকলোবোৰৰ অন্তৰ্নিহিত এটা এক্যবদ্ধ সাধাৰণ সত্য হৈছে : প্ৰকৃত বাৰিষাৰ প্ৰস্তুতি কেৱল বৰষুণৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাই নহয়, বৰঞ্চ সমূহীয়া প্ৰস্তুতিৰ ওপৰত নিৰ্ভৰশীলতা— একেটা সময়ত এটা ৰাস্তা, এটা চুবুৰী আৰু এটা সম্প্ৰদায়।
তথ্যসূত্ৰসমূহ
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
https://sbmurban.org/SABB-in-Northeast
https://sbmurban.org/safai-Apnao-Bimaari-Bhagao-2025
https://sbmurban.org/Back-Lanes-Cleaning
https://sbmurban.org/Sani-Entrepreneur
Click here to see pdf
****
PIB Research
KD
(Features ID: 160292)
आगंतुक पटल : 7
Provide suggestions / comments