Rural Prosperity
পেলনীয় সামগ্ৰীত নতুন উদ্দেশ্যৰ সন্ধান কৰা
পাকঘৰৰ পেলনীয়া সামগ্ৰীৰ পৰা চহৰীয়া স্থানলৈ আৱৰ্জনা সম্পৰ্কে নতুন চিন্তা
Posted On:
01 OCT 2026 1:43PM
২০১৪ চনত আৰম্ভ হোৱা স্বচ্ছ ভাৰত মিছন (এছ বি এম) পৰিষ্কাৰ-পৰিচ্ছনতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু আচৰণ পৰিৱৰ্তনৰ বাবে এক ব্যাপক আন্দোলনলৈ পৰিণত হৈছে। এই অভিযানে ২০১৭ চনত সামূহিক পৰিষ্কাৰ-পৰিচ্ছনতাৰ কাৰ্যকলাপৰ বাবে বাৰ্ষিক অভিযান হিচাপে আৰম্ভ কৰা স্বচ্ছতা হি সেৱা (SHS)ৰ জৰিয়তেও ব্যাপক নাগৰিক অংশগ্ৰহণৰ বাবে সুযোগ সৃষ্টি কৰিছিল। এই অভিযানত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা, দৃশ্যমান পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু জাবৰমুক্ত ৰাজহুৱা স্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
সমান্তৰালভাৱে আৱৰ্জনাক সম্পদলৈ পৰিণত কৰাৰ ধাৰণাটোৱে সমগ্ৰ ভাৰততে আৱৰ্জনাক কেনেদৰে লক্ষ্য কৰা আৰু পৰিচালনা কৰা হয় তাৰ পৰিৱৰ্তন ঘটাইছে। ই পেলনীয়া সামগ্ৰীক উদ্ধাৰ, পুনৰ ব্যৱহাৰ আৰু মূল্যলৈ ৰূপান্তৰিত কৰিব পৰা সম্পদ হিচাপে গণ্য কৰে। চৰকাৰে এই পদ্ধতিক বৃত্তাকাৰতা, সম্পদৰ কাৰ্যক্ষমতা আৰু বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনাৰ সৈতে সংযোগ কৰিছে। স্বচ্ছ ভাৰত অভিযান– নগৰীয়া ২.০ৰ অধীনত চহৰসমূহক আৱৰ্জনাৰ উৎসত পৃথক কৰি, প্ৰক্ৰিয়াকৰণ, আৰু উপযোগী সামগ্ৰীলৈ ৰূপান্তৰিত কৰিবলৈ উৎসাহিত কৰা হয়। এই পৰিৱৰ্তন কেৱল বৃহৎ প্ৰচেছিং প্লাণ্টতে নহয়, ঘৰ, সম্প্ৰদায় আৰু স্থানীয় প্ৰতিষ্ঠানতো দেখা গৈছে।
পচন সাৰ প্ৰস্তুত কৰা এটা পাত্ৰই ঘৰলৈ পৰিৱৰ্তন আনে


বহু ভাৰতীয় পৰিয়ালৰ বাবে পাকঘৰৰ আৱৰ্জনা পচন সাৰলৈ ৰূপান্তৰ কৰাটো নতুন কথা নহয়। আজিৰ আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থাত ই এক নতুন স্থান বিচাৰি লৈছে। অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত জ্যেষ্ঠ নাগৰিক কে সুভলক্ষ্মীয়ে এই পদক্ষেপ ঘৰতে কেনেকৈ গ্ৰহণ কৰিব পাৰি সেয়া দেখুৱাইছে। শেহতীয়াকৈ পৌৰ নিগমে তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰি অধিক নাগৰিকক ঘৰতে পচন সাৰ প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰিছে। তেওঁৰ পাকঘৰত উৎপন্ন হোৱা তিতা আৱৰ্জনাবোৰ পচন সাৰলৈ ৰূপান্তৰিত কৰি এতিয়া তেওঁৰ বাগিচাত ব্যৱহাৰ কৰা হয়, অন্যথা সেইবোৰ মাটিতে মিহলাই পেলাৱা হয়।
তেনে এক পদক্ষেপ চণ্ডীগড়ত আৰম্ভ হৈছিল ক’ভিড-১৯ মহামাৰীৰ সময়ত। চণ্ডীগড়ৰ বাসিন্দা কমলজীত কৌৰ দেউলে ঘৰতে পাকঘৰৰ তিতা আৱৰ্জনাৰে পচন সাৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। ঘৰুৱা অভ্যাস হিচাপে আৰম্ভ হোৱা কথাটো ক্ৰমান্বয়ে সজাগতামূলক কাৰ্যসূচীলৈ পৰিণত হৈছিল যাতে আনেও ঘৰতে পচন সাৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত হয়। তেওঁৰ এই প্ৰচেষ্টাই নাগৰিকসকলক এখন স্বচ্ছ আৰু সেউজ চহৰৰ দিশত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰাত সহায় কৰিছে।

এই ব্যক্তিগত প্ৰচেষ্টাসমূহে বহল অংশগ্ৰহণক উৎসাহিত কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে এই ধাৰণাটোৱে সংগঠিত সম্প্ৰদায়ৰ শিক্ষণতো স্থান লাভ কৰিলে। তেলেংগানাৰ ছিদ্দিপেটত ‘স্বচ্ছ বাডি’ নামৰ এটা নিবেদিত আৱৰ্জনা ব্যৱস্থাপনা শিক্ষণ কেন্দ্ৰই যুৱক-যুৱতীসকলক ঘৰুৱা পচন সাৰৰ পৰা আৰম্ভ কৰি সামূহিক পৰ্যায়ৰ পচন সাৰ প্ৰস্তুত কৰালৈকে ব্যৱহাৰিক আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতিৰ সৈতে হাতে-কামে সুবিধা প্ৰদান কৰিছে। এই পদ্ধতিৰ ভিত্তিত ১৪১টা পৌৰসভা অঞ্চলত একেধৰণৰ কেন্দ্ৰৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত সম্প্ৰদায়সমূহক দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা হৈছে আৰু ব্যৱহাৰিক শিক্ষণ প্ৰদান কৰা হৈছে।
গতিকে সৰু পচন সাৰৰ পাত্ৰ এটাৰ পৰা যিটো আৰম্ভ হয়, তাৰ ব্যাপক প্ৰভাৱ পৰিব পাৰে। ই আৱৰ্জনা দমলৈ তিতা সামগ্ৰীৰ নিয়মীয়া সোঁতৰ লগতে উদ্ভিদক নতুন জীৱন দিয়ে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ই দেখুৱাইছে যে য’ত আৱৰ্জনা নিজেই উৎপন্ন হয় তাতেই আৱৰ্জনা ব্যৱস্থাপনা কেনেকৈ আৰম্ভ হ’ব পাৰে।
যেতিয়া অপতৃণবোৰ সম্ভাৱনা হৈ পৰে

ঘৰুৱা আৱৰ্জনাসমূহৰ বাহিৰেও সম্প্ৰদায়সমূহেও এনে সামগ্ৰীৰ ব্যৱহাৰ বিচাৰি পাইছে যিবোৰ দীৰ্ঘদিন ধৰি পৰিচালনা কৰাটো কঠিন হৈ আহিছে। অসমৰ মৰিগাঁও জিলাৰ বৰশিলা গাঁৱত জলভাগৰ কাষত বসবাস কৰা জনগোষ্ঠীসমূহৰ বাবে এক স্থায়ী প্ৰত্যাহ্বান হৈ পৰা উদ্ভিদৰ ক্ষেত্ৰত এই পদ্ধতি প্ৰয়োগ কৰা হৈছে। স্থানীয়ভাৱে ‘পানী মেটেকা’ নামেৰে জনাজাত পানীৰ হাইচিন্থ হৈছে জলভাগত দ্ৰুতগতিত বিয়পি পৰা এটা আক্ৰমণাত্মক জলজ উদ্ভিদ। নান্দনিক আকৰ্ষণৰ মাজতো পানীৰ হাইচিন্থ এটা সমস্যাজনক অপতৃণত পৰিণত হৈছে, নদী, পুখুৰী, হ্ৰদৰ দৰে মিঠা পানীৰ ক্ষেত্ৰবোৰ শ্বাসৰুদ্ধ কৰি পেলাইছে। ইয়াৰ অতিমাত্ৰা বৃদ্ধিয়ে মাছ ধৰা, পৰিবহণ, বিনোদনৰ দৰে কাম-কাজত ব্যাঘাত জন্মায়, যাৰ ফলত এই পানীৰ উৎসসমূহৰ ব্যৱহাৰ হ্ৰাস পায়।
অৱশ্যে বৰশিলা গাঁৱৰ মহিলাসকলে পানীৰ হাইচিন্থক সম্ভাৱনালৈ ৰূপান্তৰিত কৰাৰ নতুন উপায় বিচাৰি পাইছে। এই উদ্ভিদক কেৱল জলভাগৰ অবাঞ্ছিত বৃদ্ধি বুলি ভবাৰ পৰিৱৰ্তে তেওঁলোকে ইয়াক হস্তশিল্পলৈ ৰূপান্তৰিত কৰিবলৈ আৰম্ভ কৰিছে। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত সমৰ্থিত এই পদক্ষেপে অংশগ্ৰহণকাৰী মহিলাসকলৰ বাবে এক অতিৰিক্ত আয়ৰ উৎসৰ সৃষ্টি কৰিছে, যিসকলে এই কামৰ জৰিয়তে প্ৰতিমাহে কমেও ১০,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰে। এসময়ত জলভাগৰ বাবে যিটো সমস্যা হিচাপে গণ্য কৰা হৈছিল, সেয়া এতিয়া জীৱিকা আৰু উদ্যোগৰ সম্পদলৈ ৰূপান্তৰিত হৈছে। অভিজ্ঞতাই দেখুৱাইছে যে এনে সম্পদ উদ্ধাৰে আৱৰ্জনা ব্যৱস্থাপনাৰ উপৰি মূল্য আৰু জীৱিকাৰ সুযোগ সৃষ্টি কৰিব পাৰে। অন্যথা বোজা হ’ব পৰা সামগ্ৰীসমূহক উপযোগী সামগ্ৰীলৈ ৰূপান্তৰিত কৰি এনে পদক্ষেপে স্থানীয় উদ্যোগক সমৰ্থন কৰাৰ লগতে অধিক বহনক্ষম সম্পদ ব্যৱহাৰক প্ৰসাৰিত কৰিব পাৰে।

নাৰিকলৰ আৱৰ্জনাই বিচাৰি পালে নতুন বজাৰ
দ্ৰুতগতিত বিয়পি পৰা উদ্যোগ এটাক গ্ৰাম্য জীৱিকাৰ উৎসলৈ ৰূপান্তৰিত কৰি এতিয়া নগৰীয়া আৱৰ্জনাৰ বোজাত অৰিহণা যোগোৱা আন এটা সামগ্ৰীৰ প্ৰতি মনোযোগ স্থানান্তৰিত হৈছে। পাটনাত নাৰিকলৰ খোলা, আঁহ, আৰু অন্যান্য অৱশিষ্ট উদ্ধাৰ কৰি উপযোগী সামগ্ৰী তৈয়াৰ কৰা হৈছে। পাটনা চহৰত প্ৰতিদিনে প্ৰায় ২৫-৩০ মেট্ৰিক টন নাৰিকলৰ খোলা উৎপাদন হয়, যিবোৰ পূৰ্বতে আৱৰ্জনাৰ দমত শেষ হৈ অত্যধিক আৱৰ্জনাৰ সৃষ্টি কৰিছ্লি। এই আৱৰ্জনা সোঁতক মোকাবিলা কৰিবলৈ পাটনা পৌৰ নিগমে দানাপুৰ অঞ্চলত এটা প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপন কৰিছে, যাৰ ফলত পেলনীয়া নাৰিকলৰ অৱশিষ্টখিনি উৎপাদনশীল সামগ্ৰীলৈ ৰূপান্তৰিত কৰাৰ পথ মুকলি হৈছে।

পাটনাত নাৰিকল আৱৰ্জনা প্ৰক্ৰিয়াকৰণ কাৰখানা
এই পদক্ষেপে স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰসাৰিত আৱৰ্জনা ব্যৱস্থাপনাৰ পদ্ধতিগত ব্যৱস্থাক প্ৰতিফলিত কৰে, য’ত আৱৰ্জনাক কেৱল নিষ্কাশনৰ সামগ্ৰী হিচাপে নহয়, বৰং সম্পদ হিচাপেহে চোৱা হয়। এই প্ৰক্ৰিয়াকৰণ কেন্দ্ৰটো নাৰিকলৰ আৱৰ্জনাসমূহৰ পৰা উপযোগী উপাদানসমূহ উলিয়াই কৃষি, উদ্যান শস্য আৰু অন্যান্য বাণিজ্যিক ব্যৱহাৰত প্ৰয়োগ কৰা সামগ্ৰীলৈ ৰূপান্তৰিত কৰিবলৈ ডিজাইন কৰা হৈছে। প্ৰাৰম্ভিক প্ৰক্ৰিয়াকৰণ ক্ষমতা প্ৰতিদিনে ১০ টনৰ সৈতে এই উদ্যোগটোৱে একাধিক শ্বিফটত কাম কৰি প্ৰতিদিনে ৩০ টনলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
নাৰিকলৰ পোলনীয়া আঁহৰ পৰা তৈয়াৰী ৰছী
নাৰিকলৰ পেলনীয়া বিভিন্ন উপাদান উদ্ধাৰ কৰি উৎপাদনশীল ব্যৱহাৰত ইয়াক প্ৰয়োগ কৰিব পাৰি। তিতা অৱশিষ্টখিনি উচ্চ মানৰ জৈৱিক সাৰলৈ ৰূপান্তৰিত কৰা হয়, আনহাতে নাৰিকলৰ আঁহবোৰক ৰছীলৈ ৰূপান্তৰিত কৰা হয় আৰু ইয়াৰ প্ৰয়োগ নিৰ্মাণ, পেকেজিং, মেট আৰু হস্তশিল্পত কৰা হয়। কোকোপিট আন এক মূল্যৱান সামগ্ৰী, ইয়াৰ প্ৰয়োগ কৃষি আৰু উদ্যান শস্যত, নাৰ্চাৰী আৰু ছাদৰ ওপৰৰ বাগিচাকে ধৰি, য’ত ইয়াৰ বৃদ্ধিৰ মাধ্যম হিচাপে ব্যৱহাৰে গুৰুত্ব লাভ কৰিছে।
এই সামগ্ৰীসমূহ উদ্ধাৰ আৰু প্ৰক্ৰিয়াকৰণৰ দ্বাৰা এই পদক্ষেপে নিষ্কাশনৰ প্ৰয়োজনীয় নাৰিকল আৱৰ্জনাসমূহৰ পৰিমাণ হ্ৰাস কৰে আৰু আৱৰ্জনাসমূহক উপযোগী সামগ্ৰীলৈ ৰূপান্তৰিত কৰে। এই পদ্ধতিয়ে বৃত্তাকাৰ অৰ্থনীতিক ত্বৰান্বিত কৰাৰ লগতে স্থানীয় জীৱিকা আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰে।
যেতিয়া আৱৰ্জনা ৰাজহুৱা স্থানৰ পছন্দ হৈ পৰে
চহৰসমূহে পেলনীয়া সামগ্ৰীসমূহ কেনেদৰে ব্যৱহাৰ কৰে তাতো আৱৰ্জনাক ধনলৈ পৰিণত কৰাৰ ধাৰণাটো প্ৰতিফলিত হৈছে। আৱৰ্জনাক কেৱল আৱৰ্জনা হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে চহৰসমূহে ইয়াক ৰাজহুৱা স্থান আৰু সম্প্ৰদায়ৰ সুবিধাসমূহত পুনৰ উদ্দেশ্যৰ উপায় বিচাৰিছে। তেনে এটা পদ্ধতি হ’ল ৱেষ্ট টু ৱাণ্ডাৰ পাৰ্ক সৃষ্টি, য’ত পেলনীয়া সামগ্ৰীসমূহক ৰাজহুৱা স্থান আৰু আকৰ্ষণৰ অংশ হিচাপে এক নতুন তাৎপৰ্য প্ৰদান কৰা হয়। এই পদ্ধতিয়ে বৃত্তাকাৰ অৰ্থনীতিৰ নীতিসমূহ প্ৰতিফলিত কৰে, যিয়ে এনে সামগ্ৰীসমূহ হ্ৰাস, পুনৰ ব্যৱহাৰ, মেৰামতি আৰু নিৰন্তৰ ব্যৱহাৰৰ বাবে পুনঃব্যৱহাৰক উৎসাহিত কৰে।
চণ্ডীগড়ে এই পন্থাৰ প্ৰাৰম্ভিক উদাহৰণ দাঙি ধৰিছে। ইয়াৰ শিলৰ বাগিচাখন ঔদ্যোগিক আৰু ঘৰুৱা আৱৰ্জনা ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল, যিয়ে ৰাজহুৱা স্থানত পেলোৱা সামগ্ৰীসমূহ কেনেকৈ সৃষ্টিশীলভাৱে পুনৰ ব্যৱহাৰ কৰিব পাৰি তাক প্ৰদৰ্শন কৰিছিল। এই চহৰখনে ১.৭৫ একৰ ৱেষ্ট টু ৱাণ্ডাৰ পাৰ্ক গঢ়ি তুলিছিল। উদ্যানখনত পেলনীয়া সামগ্ৰী যেনে- টিন, ৰড, ফেন, আৰু অটোম’বাইলৰ অংশ আদিৰ পৰা তৈয়াৰ কৰা হয়।
দিল্লীয়েও ৱেষ্ট টু ৱাণ্ডাৰ পাৰ্কৰ জৰিয়তে একেধৰণৰ পদ্ধতিৰ পথ প্ৰদৰ্শক হৈছে, য’ত ঔদ্যোগিক আৱৰ্জনা, স্ক্ৰেপ মেটেল আৰু আৱৰ্জনাৰ দমৰ পৰা উদ্ধাৰ কৰা পেলনীয়া অটোম’বাইলৰ অংশসমূহ পুনৰ ব্যৱহাৰ কৰি প্ৰতিৰূপ আৰু অন্যান্য গাথনি সৃষ্টি কৰা হয়। বিনোদন আৰু নগৰীয়া সৌন্দৰ্যবৰ্ধনৰ উপৰি এনে স্থানসমূহে পেলনীয়া সামগ্ৰীসমূহ কেনেকৈ উৎপাদনশীল আৰু ৰাজহুৱা ব্যৱহাৰৰ আন্তঃগাঁথনিত অন্তৰ্ভুক্ত কৰিব পাৰি সেয়া প্ৰদৰ্শন কৰে। নগৰৰ সৌন্দৰ্যবৰ্ধনৰ উপৰি উদ্যানখনে স্বচ্ছ শক্তিৰ আন্তঃগাঁথনি একত্ৰিত কৰিছে, য’ত সৌৰ গছ (ছোলাৰ ট্ৰী) আৰু ছাদৰ ওপৰৰ সৌৰ পেনেলৰ সংযুক্ত ক্ষমতা ৫০ কিলোৱাটলৈ বৃদ্ধি কৰিছে। এই উৎপাদিত বিদ্যুৎ শক্তি বিতৰণ কোম্পানীসমূহক যোগান ধৰিব পাৰি, যাৰ ফলত আৱৰ্জনা আৰু নৱীকৰণযোগ্য শক্তিৰ উৎপাদনশীল ব্যৱহাৰক প্ৰসাৰিত কৰাৰ লগতে অতিৰিক্ত ৰাজহ আহৰণৰ সুযোগ সৃষ্টি হয়।
আৱৰ্জনা পৰা সম্পদলৈ

এই উদাহৰণসমূহে প্ৰদৰ্শন কৰে যে কেনেকৈ পেলনীয়া সামগ্ৰীসমূহ পোনপটীয়াকৈ চূড়ান্ত নিষ্কাশনলৈ পঠোৱাৰ পৰিৱৰ্তে উদ্ধাৰ, পুনৰ ব্যৱহাৰ আৰু উৎপাদনশীল ব্যৱহাৰত খটুৱাব পাৰি, যিবোৰ সামগ্ৰীয়ে অন্যথা আৱৰ্জনাৰ বোজা বৃদ্ধি কৰিব, সেইবোৰক ৰাজহুৱা স্থানৰ উপাদান, সৃষ্টিশীল আকৰ্ষণ আৰু কিছুমান ক্ষেত্ৰত অৰ্থনৈতিক মূল্যৰ উৎসলৈ ৰূপান্তৰিত কৰিব পাৰি।
আৱৰ্জনা পৰা সম্পদ দৃষ্টিভংগীৰ আৰম্ভণি হয় দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ পৰা, আৱৰ্জনাক পেলাই দিবলগীয়া বস্তু হিচাপে চোৱাৰ পৰা ইয়াৰ সম্ভাৱনাক সম্পদ হিচাপে স্বীকৃতি দিয়ালৈকে। সঠিক পৃথকীকৰণ, পুনৰুদ্ধাৰ আৰু প্ৰক্ৰিয়াকৰণৰ জৰিয়তে পেলনীয়া সামগ্ৰীসমূহক উপযোগী সামগ্ৰীলৈ ৰূপান্তৰিত কৰিব পাৰি, যিয়ে পৰিষ্কাৰ সম্প্ৰদায়, সম্পদৰ দক্ষতা আৰু বৃত্তাকাৰ অৰ্থনীতিৰ দিশত পৰিৱৰ্তনক সমৰ্থন কৰে।

তথ্যসূত্ৰসমূহ
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2067772&lang=2®=3
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2210020&lang=1®=6
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2075883&lang=2®=3
PIB Backgrounder
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=160036&ModuleId=3®=48&lang=1
Click here to see pdf
***
PIB Research
KD
(Features ID: 160291)
आगंतुक पटल : 75
Provide suggestions / comments