Rural Prosperity

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ঊৰ্ধ্বত: স্বচ্ছতাৰ অভিযানৰ পৰিৱৰ্তনকাৰী মহিলা আৰু ট্ৰেন্সজেণ্ডাৰসকল

Posted On: 30 SEP 2026 1:10PM

এখন পৰিষ্কাৰ চহৰক প্ৰায়ে অদৃশ্য বস্তুৰ দ্বাৰা চিনাক্ত কৰা হয়। ইয়াৰ ৰাজপথবোৰ জাবৰমুক্ত। নলাবোৰ ৰুদ্ধ হৈ থকা নাই। প্ৰয়োজন সাপেক্ষে অনাময় ব্যৱস্থা উপলব্ধ। কিন্তু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যাত্ৰাৰ এই ৰূপান্তৰৰ আঁৰত আছে এক গুৰুত্বপূৰ্ণ কাহিনী। এয়া হৈছে আৱৰ্জনাবোৰৰ পৰা চাকৰি সৃষ্টি কৰা, নিজৰ সম্প্ৰদায়ত অনাময় প্ৰচেষ্টাৰ নেতৃত্ব দিয়া, দৈনন্দিন প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰা মহিলাসকলৰ কাহিনী। তেওঁলোকৰ কাষত ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ৰ সদস্যসকলো আছে, যিয়ে অনাময় সেৱাত পেছাদাৰী ভূমিকা আৰু স্বীকৃতি লাভ কৰিছে। বিভিন্ন চহৰত অনাময় ব্যৱস্থা এতিয়া কেৱল ৰাজহুৱা সেৱা নহয়। ই সন্মান, উদ্যোগ, অংশগ্ৰহণ, সুযোগৰ স্থান হৈ পৰিছে।

এই অংশগ্ৰহণৰ মনোভাবে ২০২৬ চনৰ ১৭ ছেপ্টেম্বৰত আৰম্ভ হোৱা স্বচ্ছতা হি সেৱা ২০২৬ত এখন ৰাষ্ট্ৰীয় মঞ্চ লাভ কৰে। প্ৰতি বছৰে এই অভিযানে নাগৰিক, সংগঠন আৰু নেতাসকলক একত্ৰিত কৰি স্বেচ্ছামূলক কাম আৰু স্বচ্ছতাৰ বাবে সামূহিক প্ৰচেষ্টাক শক্তিশালী কৰে।

"স্বচ্ছতা মে সহভাগ, স্বচ্ছ ভাৰত, বিকশিত ভাৰত" শীৰ্ষক বিষয়বস্তুৰে স্বচ্ছতা হি সেৱা ২০২৬-এ স্বচ্ছতা আন্দোলনৰ কেন্দ্ৰীয় নীতি হিচাপে সামূহিক দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰিছে। স্বচ্ছ আৰু বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে চৰকাৰ আৰু সমাজ উভয়ে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

এই সামূহিক মনোভাব উত্তৰ প্ৰদেশৰ লনীত স্পষ্টকৈ দেখা গৈছে, য’ত এসময়ত আৱৰ্জনা বুলি গণ্য কৰা বস্তু এতিয়া কৰ্মসংস্থাপনৰ উৎস হৈ পৰিছে।

যেতিয়া আৱৰ্জনা কৰ্মসংস্থাপনৰ উৎস হৈ পৰে

গোশালা আৰু দুগ্ধশালাৰ চাৰিওফালে থকা গৰুৰ গোবৰে আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে, কিয়নো ই নলা আৰু নলা-নৰ্দমাৰ বাট বন্ধ কৰি পেলায়। কিন্তু লনীৰ কৃষ্ণবিহাৰ কলনীৰ এদল মহিলাই বেলেগ পথ দেখুৱাইছিল। গৰুৰ গোবৰৰ পৰা ধূপকাঠি আৰু ধূপৰ টুকুৰা বনাবলৈ ধৰিলে।

মাত্ৰ ৮-১০ গৰাকী মহিলাৰ পৰা যিটো আৰম্ভ হৈছিল সেয়া অতি সোনকালেই আৰু বহুতৰ বাবে আজি জীৱিকাৰ উৎস হৈ পৰিল। লনী পৌৰসভাৰ এগৰাকী মহিলা বিষয়াই তেওঁলোকৰ কামত সম্ভাৱনা দেখিছিল আৰু গৰুৰ গোবৰৰ অবিৰত যোগান আৰু ব্যৱহাৰ নিশ্চিত কৰিবলৈ প্ৰস্ততকাৰীসকলক গোশালা-গোহালিৰ মালিকৰ সৈতে সংযোগ কৰাত সহায় কৰিছিল। ফলত এটা সহজ ধাৰণাই গঢ় ল’বলৈ ধৰিলে : আৱৰ্জনা বুলি গণ্য কৰা কিবা এটাক যদি নতুন জীৱন দিব পৰা যায় তেন্তে সেয়া কি হ’ব?

গ্ৰীষ্মকালত যেতিয়া ধূপৰ কাঠিৰ উৎপাদন শিখৰত থাকে, তেতিয়া এই পদক্ষেপে প্ৰায় ৪০-৫০ গৰাকী মহিলাক কৰ্মসংস্থাপন প্ৰদান কৰে। এই মহিলাসকলৰ বাবে এই কামটো কেৱল এটা সামগ্ৰী নিৰ্মাণ কৰাতকৈও অধিক। ই নিয়োগ, মৰ্যাদা আৰু আৱৰ্জনাক কিবা এটা উপযোগী বস্তুলৈ ৰূপান্তৰিত কৰাৰ সন্তুষ্টিক একত্ৰিত কৰে। পৌৰসভায়ো এই সামগ্ৰীসমূহ বিক্ৰীৰ পৰা ২৫ শতাংশ পৰ্যন্ত উপাৰ্জন কৰে। ইয়াৰ ফলত আৱৰ্জনা ব্যৱস্থাপনা, স্থানীয় উদ্যোগ আৰু পৌৰসভাৰ ৰাজহৰ মাজত এক সংযোগৰ সৃষ্টি হয়।

এই সামগ্ৰীসমূহে পুনৰ ব্যৱহাৰৰ আখ্যানক উপস্থাপন কৰিছে। সাধাৰণতে ধূপৰ কাঠিৰ দৰে সামগ্ৰীৰ ভিত্তি সামগ্ৰী হিচাপে কাঠৰ গুড়ি ব্যৱহাৰ কৰা হয়। তেনেক্ষেত্ৰত প্ৰায় ৩০-৩৫ শতাংশ শুকান গৰুৰ গোবৰৰ গুড়ি যোগ কৰিলে কাঠৰ গুড়িৰ প্ৰয়োজন কমি যায়। ই পৰিৱেশৰ প্ৰতি বহনক্ষম সমাধান হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাও নিশ্চিত কৰে।

এটা কলনীত যি আৰম্ভ হৈছিল সেয়া এতিয়া যথেষ্ট বৃদ্ধি পাইছে। এই সামগ্ৰীসমূহ দিল্লী, মুম্বাই, পঞ্জাৱ, গুজৰাট, হায়দৰাবাদকে ধৰি দেশৰ বহু ঠাইত যোগান ধৰা হয়। ক’ভিডৰ সময়ত প্ৰধান ব্ৰেণ্ডৰ বাবেও এইবোৰ প্ৰস্তুত কৰা হৈছিল, আনকি মাৰিচাচ আৰু দক্ষিণ আফ্ৰিকালৈকে ইয়াৰ অৰ্ডাৰ পোৱা গৈছিল।

আৰু মহিলাসকল তাতেই থমকি ৰোৱা নাই। গৰুৰ গোবৰৰ পৰা ইন্ধন হিচাপে জ্বলনীয় কাঠ নিৰ্মাণৰ পৰিকল্পনা অন্বেষণ কৰা হৈছে যাতে দহন কৰা ঠাই, হাভান আদি কামত ব্যৱহাৰ কৰিব পৰা যায়। এই পদক্ষেপে গৰুৰ গোবৰৰ পৰা তৈয়াৰী ফুলৰ পাত্ৰ নিৰ্মাণৰো চেষ্ট কৰি আছে যিবোৰ অৱশেষত পাচন সাৰ হিচাপে মাটিত মিহলি হৈ পৰিব।

ইয়াৰ অৰ্থ হ’ল সেই আৱৰ্জনাবোৰৰ পৰা আৰু কি কি তৈয়াৰ কৰিব পাৰি সেই বিষয়েও চিন্তা-চৰ্চা কৰা।

আৱৰ্জনা সংগ্ৰহকাৰীৰ পৰা আৱৰ্জনা ব্যৱস্থাপনাৰ নেতালৈকে

বিহাৰৰ পাটনাতো একেধৰণৰ মনোভাব পৰিলক্ষিত হৈছে, য’ত মহিলাসকলে পুৰণি নীতি-নিয়ম ভংগ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক নতুন, সৰ্বাংগীণ দৃষ্টিভংগী প্ৰদান কৰিছে। চহৰখনৰ পিংক মেটেৰিয়েল ৰিক’ভাৰী ফেচিলিটি (এম.আৰ.এফ.)-ত আৱৰ্জনা ব্যৱস্থাপনা প্ৰক্ৰিয়াত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মূলতঃ মহিলাসকলে পৰিচালনা কৰা আৰু এগৰাকী মহিলা তত্বাৱধায়কৰ নেতৃত্বত এই সুবিধাটোৱে শুকান আৰু তিতা আৱৰ্জনা প্ৰক্ৰিয়াকৰণ কৰে। ই প্ৰতিদিনে ২ টন শুকান আৱৰ্জনা আৰু ১.৫ টন ভিজা আৱৰ্জনা পৰিচালনা পৰিব পাৰে।

আৱৰ্জনা-ব্যৱস্থাপনা খণ্ডৰ মহিলাসকলৰ বাবে সুযোগ সৃষ্টিৰ প্ৰচেষ্টাৰ পৰাই পিংক এম আৰ এফৰ ধাৰণাটো উদ্ভৱ হৈছিল। প্ৰকল্পৰ দলটোৱে পিংক এম আৰ এফ স্থাপনৰ ধাৰণা লৈ পাটনা পৌৰ নিগমৰ কাষ চাপিছিল। পিএমচিয়ে এই ধাৰণাটোক সমৰ্থন কৰিছিল আৰু মাত্ৰ তিনিমাহতে এই সুবিধা স্থাপন কৰা হৈছিল। ইয়াৰ স্বকীয় ৰং আৰু আৰ্হিয়েও স্থানীয় লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যিয়ে এই পদক্ষেপৰ বিষয়ে সজাগতা বিয়পোৱাত সহায় কৰিছিল।

এই ধাৰণাটোৱে ‘কেচ ফৰ ৱেষ্ট’ পদক্ষেপৰ জৰিয়তে সমাজৰ মাজত সোমাই পৰে। নাগৰিকে শুকান আৱৰ্জনা আনি নিৰ্দিষ্ট হাৰত ধন লাভ কৰিব পাৰে। আৱৰ্জনাসমূহৰ মূল্য বৃদ্ধি পায়, নাগৰিকসকলক অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয় আৰু চহৰখনে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যাত্ৰাত আন এক মাত্ৰা লাভ কৰে।

পাটনাৰ স্বচ্ছতা যাত্ৰাই তাৰ পিছত এটা আকৰ্ষণীয় ৰূপ লয়। পুৰণি, ব্যৱহাৰ কৰিব নোৱাৰা পেলনীয়া বাহনসমূহক ভ্ৰাম্যমাণ পিংক টয়লেট হিচাপে দ্বিতীয় জীৱন দিয়ে। এসময়ত যিটোৱে স্ক্ৰেপ আৱৰ্জনা আছিল, সেইটোৱে এতিয়া অনাময় ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা পূৰণ কৰিছে। ই হৈছে ৩ R- Reduce (হ্ৰাস কৰা), Reuse (পুনঃব্যৱহাৰ), and Recycle (পুনঃচক্ৰীয়কৰণ কৰা)-ৰ এক বাস্তৱ ৰূপ, যি পথ-ঘাটত দৃশ্যমান হৈ উঠিছে।

ই হৈছে ৰাজপথত দৃশ্যমান ৰ মূলাধাৰ।

পিংক এম.আৰ.এফ. আৰু ভ্ৰাম্যমাণ পিংক টয়লেটসমূহে একেলগে সামাজিক ন্যায়, পৰিৱেশ সজাগতা আৰু অৰ্থনৈতিক সুযোগ প্ৰতিফলিত কৰে। সৰ্বোপৰি তেওঁলোকে এটা সহজ বাৰ্তা প্ৰেৰণ কৰে যে যেতিয়া মহিলাসকলে অনাময় কামত নিয়োজিত হয়, তেতিয়া তেওঁলোক কেৱল ব্যৱস্থাটোৰ অংশ হৈ নাথাকে, বৰঞ্চ ইয়াক পুনৰ গঢ় দিয়াত সহায় কৰে।

যিসকল মহিলাই নিজৰ সম্প্ৰদায়লৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাক কঢ়িয়াই লৈ যায়

মহিলা আৰু স্বচ্ছতাৰ আখ্যান কেৱল তেওঁলোকৰ আৱৰ্জনা ব্যৱস্থাপনাতে সীমাবদ্ধ নহয়; ই তেওঁলোক সংযুক্ত হোৱা সম্প্ৰদায়সমূহলৈও বিস্তৃত হয়। ভূপালত ২৫০ গৰাকী মহিলা ব্ৰেণ্ড এম্বেছাদৰৰ এটা দলে পৌৰ নিগমৰ সৈতে সহযোগিতা কৰি অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ কাম কৰিছে। এই গোটৰ সদস্যসকলেও একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ ২৫টা ৱাৰ্ডত ‘বৰ্টন বেংক’ আৰম্ভ কৰিছে। সামূহিক অনুষ্ঠান আৰু কাৰ্যসূচীৰ বাবে পুনৰ ব্যৱহাৰযোগ্য বাচন-বৰ্তনৰ ছেট প্ৰদান কৰি এই বেংকসমূহে নিশ্চিত কৰে যে স্থানীয় সমাৱেশসমূহ শূন্য-আৱৰ্জনা নীতিৰ অধীনত আয়োজন কৰা হয়।

৬০ জনীয়া এটা ‘স্বচ্ছতা কিট্টি গ্ৰুপ’-এ সংহতিক কৰ্মলৈ ৰূপান্তৰিত কৰাৰ আন এক উপায় বিচাৰি উলিয়াইছে। প্ৰতিগৰাকী মহিলাই প্ৰতিমাহে ১০০ টকা বৰঙণি আগবঢ়ায়, যিয়ে সম্প্ৰদায়ৰ চাফাই কামৰ বাবে এটা ভাগ-বতৰা কৰি পুঁজি গঠন কৰে। বহু ব্যক্তিৰ সৰু সৰু অৱদান এটা পৰিষ্কাৰ চুবুৰিৰ প্ৰতি সামূহিক প্ৰতিশ্ৰুতি হৈ পৰে।

উত্তৰাখণ্ডত এই মনোভাবক ‘বৈন্নী সেনা’ নাম দিয়া হৈছে, অৰ্থাৎ ‘ভগ্নীসকলৰ সেনাবাহিনী’। ৫৭টা গোটত বিভক্ত ৫৭০ গৰাকী মহিলাই নিজ নিজ ৱাৰ্ডত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম-কাজ তদাৰক কৰে। তেওঁলোকে নাগৰিকৰ সৈতে মত বিনিময় কৰে, অভিযোগত সহায় কৰে, সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু পৌৰসভা প্ৰশাসন আৰু অনাময় কৰ্মীসকলৰ মাজত সমন্বয় স্থাপন কৰে। তেওঁলোকৰ কাম সেই ঠাইতে সম্পন্ন হয়, য’ত এখন চহৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সঁচা অৰ্থত সিদ্ধান্ত লোৱা হয়। বিশেষকৈ চুবুৰিবোৰত, কথা-বতৰাৰ জৰিয়তে আৰু সেই সৰু সৰু মুহূৰ্তবোৰত ই কাৰোবাৰ যত্ন লোৱাৰ সিদ্ধান্ত লয়।

শ্বিলঙত আৱৰ্জনা মাধ্যমেৰে জীৱিকাৰ নতুন পথ বিচাৰি উলিয়াইছে আইনেহস্কেম আত্মসহায়ক গোটে। এই মহিলাসকলে ঘৰৰ পৰা তিতা আৱৰ্জনা সংগ্ৰহ কৰি জৈৱ-অৱক্ষয়ী আৱৰ্জনাক পচন সাৰলৈ ৰূপান্তৰিত কৰে। এবাৰ আৱৰ্জনা সংগ্ৰহৰ লগত জড়িত হৈ পৰাৰ পিছত তেওঁলোকে পুনৰ্বাসন পদক্ষেপৰ জৰিয়তে প্ৰশিক্ষণ লাভ কৰিছিল আৰু পচন সাৰক কেন্দ্ৰ কৰি এক নতুন জীৱিকা গঢ়ি তুলিছিল। তেওঁলোকৰ ঐক্যই তেওঁলোকক মৰমেৰে ‘মেৰী মেইডেন্স অবু মৰ্টন’ নাম দিছিল।

দৈনন্দিন প্ৰচেষ্টাৰ জৰিয়তে এই মহিলাসকলে স্বচ্ছতা ব্যৱস্থাক কেৱল দায়িত্বৰ পৰা যত্নৰ এক ভাগ-বতৰা সংস্কৃতিলৈ ৰূপান্তৰিত কৰিছে।

যেতিয়া অন্তৰ্ভুক্তিয়ে অনাময় ব্যৱস্থাক ৰূপান্তৰিত কৰে

ওড়িশাত ট্ৰেন্সজেণ্ডাৰসকলে এনে ভূমিকা গ্ৰহণ কৰিছে যিয়ে তেওঁলোকক নগৰীয়া অনাময় ব্যৱস্থাৰ কেন্দ্ৰবিন্দুত ৰাখে। এই পৰিৱৰ্তন আৰম্ভ হৈছিল কটকত, য’ত পৌৰ নিগমে ট্ৰেন্সজেণ্ডাৰসকলক আত্মসহায়ক গোটত সংগঠিত কৰিছিল। তেওঁলোকক প্ৰশিক্ষণ দি ছেপ্টেজ ট্ৰিটমেণ্ট প্লাণ্টৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব অৰ্পণ কৰিছিল।

এয়া আছিল এক উল্লেখযোগ্য পৰিৱৰ্তন। আনুষ্ঠানিক সুযোগৰ পৰা প্ৰায়ে বাদ পৰা এটা সম্প্ৰদায়ে এতিয়া কাৰিকৰী অনাময় ব্যৱস্থাৰ বাবে দায়ত্ব লৈছিল।

এই আৰ্হটো পিছলৈ সমগ্ৰ ওড়িশাত বিয়পি পৰে। নগৰীয়া স্থানীয় সংস্থাসমূহে মলৰ গেদ আৰু চেপ্টেজ ব্যৱস্থাপনা (এফ.এছ.এছ.এম.) আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত আত্মসহায়ক গোটসমূহৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে।

ভুৱনেশ্বৰত আত্মসহায়ক গোট স্বীকৃতিয়ে বসুৱাঘাইত ৭৫ কে.এল.ডি.ৰ মলৰ গেদ পৰিশোধন প্লাণ্ট (এফ.এছ.টি.পি.) পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰে। এই সদস্যসকলে নিজৰ দায়িত্ব লোৱাৰ পূৰ্বে অৰিয়েণ্টেচন আৰু কাৰিকৰী তথা পৰিচালনাৰ প্ৰশিক্ষণ লাভ কৰিছিল।

স্বীকৃতিৰ সভানেত্ৰী মেঘনা চাহুৰ বাবে এই পৰিৱৰ্তন গভীৰভাৱে তাৎপৰ্যপূৰ্ণ। এতিয়া আমি গৌৰৱেৰে আমাৰ পৰিচয় আঁকোৱালি ল’ব পাৰিম আৰু পেছাদাৰী ক্ষেত্ৰখনত অংশগ্ৰহণ কৰিব পাৰিম বুলিও তেওঁ কয়। তেওঁৰ গোটৰ সদস্যসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু দৰ্শনাৰ্থীৰ আগত নিজৰ কাম উপস্থাপন কৰিলে তেওঁ অনুভৱ কৰা গৌৰৱৰ বিষয়ে বৰ্ণনা কৰে। গুৰুত্বপূৰ্ণ কথাটো কেৱল কামটোৱেই নহয়, ই কি সম্ভৱ কৰি তুলিছে তাতেই নিহিত হৈ আছে : পেছাদাৰী স্বীকৃতি, আত্মবিশ্বাস আৰু পৰিচয়।

ভুৱনেশ্বৰ পৌৰ নিগমে ৭খন চেচপুল বাহনৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ কামতো ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়কো জড়িত কৰিছে। প্ৰযোজ্য নূন্যতম মজুৰিৰে চালক আৰু সহায়কসকলক নিয়োজিত কৰা হব। স্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা, ব্যক্তিগত সুৰক্ষা সঁজুলি, বোকা আঁতৰোৱা পদ্ধতিৰ প্ৰশিক্ষণো লাভ কৰিব। ট্ৰেন্সজেণ্ডাৰসকলৰ নিয়োগৰ সুযোগ সম্প্ৰসাৰণৰ বাবে ওড়িশাত লোৱা এই উদ্ভাৱনী পদক্ষেপক বহুলভাৱে প্ৰশংসা কৰা হৈছে। ই আনৰ বাবে এক আদৰ্শ দাঙি ধৰে, যত সকলোৰে অংশগ্ৰহণে কেনেকৈ উন্নত অনাময় ব্যৱস্থাৰ পথ প্ৰশস্ত কৰিব পাৰে তাক প্ৰদৰ্শন কৰে।

স্বচ্ছতাৰ গভীৰ অৰ্থ

এই কাহিনীবোৰে দেখুৱাইছে যে স্বচ্ছতা ব্যৱস্থাই কেৱল চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ কৰাই নহয়, জীৱিকা, অংশগ্ৰহণ আৰু স্বীকৃতিৰ নতুন দুৱাৰো মুকলি কৰিব পাৰে। প্ৰকৃত পৰিৱৰ্তন কেৱল আৱৰ্জনা নিষ্কাশনত নহয়, ইয়াক পৰিচালনা লোৱাসকলৰ জীৱনলৈ ই কঢ়িয়াই অনা পৰিৱৰ্তনো নিহিত হৈ আছে। এসময়ত প্ৰান্তলৈ ঠেলি দিয়া মানুহে যেতিয়া স্বচ্ছতাৰ বুকুত স্থান পায়, তেতিয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাই গভীৰ অৰ্থ লাভ কৰে। ই হৈ পৰে এক সামূহিক প্ৰচেষ্টা, যিটো মৰ্যাদা, সুযোগ আৰু নিজৰ বোলা অনুভৱৰ সৈতে জড়িত।

তথ্যসূত্ৰসমূহ

জল শক্তি মন্ত্ৰালয়

https://www.pib.gov.in/newsite/erelcontent.aspx?lang=2&reg=48&relid=294881

pdf চাবলৈ ইয়াত ক্লিক কৰক

***

পিআইবি গৱেষণা

KD/RR

 (Features ID: 160249)

(Features ID: 160279) आगंतुक पटल : 48
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Kannada , Malayalam