• Sitemap
  • Advance Search
Social Welfare

প্ৰতিজন ভাৰতীয়ৰ বাবে সুলভ পুষ্টি: জনৌষধি নিউট্ৰাচিউটিকেলসমূহ

Posted On: 30 JUL 2026 11:00AM

বৰ্ধিত স্বাস্থ্য-সচেতন ভাৰতত নিউট্ৰাচিউটিকেল(ঔষধি গুণযুক্ত পুষ্টি দ্ৰব্য)সমূহে সামগ্ৰিক সু-স্বাস্থ্যৰ এক অপৰিহাৰ্য অংশ হিচাপে স্বীকৃতি লাভ কৰিছে। বিদ্যালয়লৈ যোৱা শিশু হওক বা জ্যেষ্ঠ নাগৰিক হওক, ভিটামিন আৰু খনিজ পদাৰ্থ, ঔষধি উদ্ভিদ আৰু উদ্ভিদজাত উপাদান, প্ৰ’বায়’টিক আদি অন্তৰ্ভুক্ত আহাৰ-পৰিপূৰক, ঔষধি উদ্ভিদজাত সামগ্ৰীয়ে ব্যাপক গ্ৰহণযোগ্যতা লাভ কৰিছে। তথাপিও, পুষ্টিকৰ পৰিপূৰক লাভ কৰিব বিচৰা লক্ষ লক্ষ পৰিয়ালৰ বাবে সুলভ মূল্য এতিয়াও এক প্ৰত্যাহ্বান হৈ আছে। প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা (PMBJP)-ই ইয়াৰ নিউট্ৰাচিউটিকেলৰ সম্ভাৰে এই ব্যৱধান দূৰ কৰি আছে। পুষ্টি বাৰৰ পৰা আৰম্ভ কৰি ৰোগ-নিৰ্দিষ্ট ফৰ্মুলেচনলৈকে, জনৌষধিৰ নিউট্ৰাচিউটিকেল সম্ভাৰে সমগ্ৰ ভাৰতৰ লোকসকলৰ বাবে পুষ্টিকৰ পৰিপূৰক অধিক সুলভ কৰি তুলিছে।

বিভিন্ন প্ৰয়োজনীয়তাৰ বাবে পুষ্টি

জনৌষধিৰ সম্ভাৰটো শিশু, জ্যেষ্ঠ নাগৰিক, মহিলা আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগি থকা লোকসকলৰ বৈচিত্ৰময় প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে। এই সম্ভাৰত প্ৰ’টিন পৰিপূৰক, ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী সামগ্ৰী, পুষ্টিকৰ খাদ্য আৰু বিশেষ খাদ্যগত প্ৰয়োজনীয়তা থকা ব্যক্তিসকলৰ বাবে বিশেষ ফৰ্মুলেচন অন্তৰ্ভুক্ত আছে।

নিৰ্ধাৰিত গুণগত মানদণ্ড অনুসৰি প্ৰস্তুত কৰা আৰু সুলভ মূল্যত উপলব্ধ এই সামগ্ৰীসমূহে ঘৰুৱা বাজেটৰ ওপৰত অতিৰিক্ত বোজা নিদিয়াকৈ নিয়মীয়া পুষ্টিগত সহায় অধিক সুলভ কৰাৰ লক্ষ্য ৰাখিছে।

সক্ৰিয় জীৱনশৈলীৰ বাবে সুবিধাজনক পুষ্টি

পুষ্টিৰে সমৃদ্ধ জনৌষধি প্ৰ'টিন বাৰ আৰু জনৌষধি ৰোগ-প্ৰতিৰোধ ক্ষমতা বাৰ-এ শিশু, কৰ্মজীৱী পেছাদাৰী ব্যক্তি আৰু ফিটনেছ অনুৰাগীসকলৰ বাবে সহজে লগত কঢ়িয়াই নিব পৰা পুষ্টিৰ উৎস আগবঢ়ায়। ৩৫ গ্ৰামৰ পেকেটত চকলেট সোৱাদত উপলব্ধ প্ৰ'টিন বাৰে যাত্ৰাপথত বা ব্যস্ত সময়ত দৈনন্দিন প্ৰ'টিন গ্ৰহণৰ পৰিমাণ সম্পূৰক কৰাৰ এক সুবিধাজনক উপায় প্ৰদান কৰে। ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী উপাদানেৰে সমৃদ্ধ সোৱাদযুক্ত ৰোগ-প্ৰতিৰোধ ক্ষমতা বাৰ-এ শক্তি প্ৰদান কৰাৰ লগতে শৰীৰৰ সুৰক্ষামূলক প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰে। এই পুষ্টি বাৰসমূহে দ্ৰুত জলপানৰ প্ৰতি আগ্ৰহী কিন্তু জাংক ফুড পৰিহাৰ কৰিব বিচৰা গ্ৰাহকসকলৰ বাবে এক সুলভ বিকল্প আগবঢ়ায়।

অধিক পৰিমাণৰ প্ৰ'টিন পৰিপূৰকৰ বাবে, ১০০% হুৱে প্ৰ'টিন পাউদাৰ আৰু জনৌষধি প্ৰ'টিন পাউদাৰে দৈনন্দিন প্ৰ'টিন গ্ৰহণ আৰু পেশী পুনৰুদ্ধাৰত সহায় কৰে, যাৰ ফলত ই ফিটনেছ অনুৰাগীসকলৰ বাবে উপযোগী। প্ৰ'টিন পাউদাৰ ভেনিলা আৰু কেশৰ পিস্তা সোৱাদত উপলব্ধ, যাৰ ফলত গ্ৰাহকসকলে অধিক বিকল্প লাভ কৰে।

মহিলাসকলৰ পুষ্টিগত প্ৰয়োজনীয়তাত সহায়

জীৱনৰ বিভিন্ন পৰ্যায়ত মহিলাসকলৰ পুষ্টিগত প্ৰয়োজনীয়তা পৃথক হয়। জনৌষধি উইমেন প্ৰ'টিন বুষ্ট (Jan Aushadhi Women Protein Boost) দৈনন্দিন প্ৰ'টিন গ্ৰহণ, শক্তিৰ স্তৰ আৰু হাড় আৰু পেশীৰ সু-স্বাস্থ্যত সহায় কৰিবলৈ প্ৰস্তুত কৰা হৈছে। চকলেট আৰু ভেনিলা সোৱাদত উপলব্ধ ২৫০ গ্ৰামৰ পেকটোৰ মূল্য ২০৪.৬৬ টকা। সুলভ মূল্যত বিশেষভাৱে প্ৰস্তুত কৰা পুষ্টি উপলব্ধ কৰি এই সামগ্ৰীটোৱে অধিক সংখ্যক মহিলাৰ বাবে দৈনন্দিন জীৱনত পুষ্টিগত পৰিপূৰক অন্তৰ্ভুক্ত কৰাটো সহজ কৰি তোলাৰ লক্ষ্য ৰাখিছে।

নিৰ্দিষ্ট স্বাস্থ্যজনিত প্ৰয়োজনীয়তাৰ বাবে প্ৰস্তুত কৰা পুষ্টি

মধুমেহ, বৃক্কজনিত সমস্যা আদি নিৰ্দিষ্ট স্বাস্থ্যজনিত অৱস্থা পৰিচালনা কৰি থকা ব্যক্তিসকলৰ বাবে খাদ্যগত প্ৰয়োজনীয়তা অধিক জটিল হ'ব পাৰে। জনৌষধিৰ ডায়েবেটিছ কেয়াৰ প্ৰ'টিন পাউদাৰে মধুমেহত আক্ৰান্ত ব্যক্তিসকলৰ পুষ্টিগত প্ৰয়োজনীয়তাক পৰিপূৰক কৰে। বৃক্কজনিত সমস্যাত ভুগি থকা ব্যক্তিসকলৰ বাবে ৰেনেল কেয়াৰ প্ৰ'টিন পাউদাৰ কম প্ৰ'টিন আৰু অধিক প্ৰ'টিন—উভয় প্ৰকাৰতে উপলব্ধ, যাতে চিকিৎসকৰ পৰামৰ্শ আৰু ব্যক্তিগত খাদ্যগত প্ৰয়োজনীয়তাৰ ভিত্তিত উপযুক্ত ফৰ্মুলেচন বাছনি কৰিব পৰা যায়।

জনৌষধি পোষণ: পৰিয়ালৰ বাবে দৈনন্দিন পুষ্টি

পৰিয়ালৰ সকলো সদস্যৰ বাবে সুলভ দৈনন্দিন পুষ্টিগত সহায়ৰ উদ্দেশ্যে জনৌষধি পোষণ শৃংখলাত অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ মল্ট-আধাৰিত পুষ্টিকৰ খাদ্য উপলব্ধ কৰা হৈছে।

সাধাৰণ মাল্ট আৰু ক'ক' (cocoa) – এই দুয়োটা প্ৰকাৰত উপলব্ধ এই শৃংখলাত অন্তৰ্ভুক্ত আছে—

  • মাল্ট-আধাৰিত খাদ্য, ৫০০ গ্ৰাম: ১৬০.১৭ টকা
  • ক'ক'যুক্ত মাল্ট-আধাৰিত খাদ্য, ৫০০ গ্ৰাম: ১৬৪.৬২ টকা
  • ক'ক'যুক্ত মাল্ট-আধাৰিত খাদ্য (ছেচেট), ৩০ গ্ৰাম: ৮.৯০ টকা

বিভিন্ন পেকৰ আকাৰ উপলব্ধ হোৱাৰ ফলত বিভিন্ন প্ৰয়োজন আৰু বাজেট অনুসৰি বাছনি কৰাৰ সুবিধা লাভ কৰা যায়। সহজে প্ৰস্তুত কৰিব পৰা আৰু নিয়মীয়াভাৱে সেৱনৰ উপযোগী পোষণ শৃংখলাটোৱে পৰিয়ালসমূহৰ বাবে দৈনন্দিন ব্যৱহাৰৰ এক সুলভ পুষ্টিগত পৰিপূৰক আগবঢ়ায়।

গুণগত মানসম্পন্ন পুষ্টিক অধিক সুলভ কৰি তোলা

এই সামগ্ৰীসমূহে স্বাস্থ্য পৰিচালনাৰ এক বহল দৃষ্টিভংগীৰ অংশ হিচাপে পুষ্টিৰ ক্ৰমবৰ্ধমান গুৰুত্বক উজ্জ্বলভাৱে প্ৰতিফলিত কৰে। যদিও বিশেষধৰণৰ পুষ্টিগত সামগ্ৰীসমূহ পেছাদাৰী চিকিৎসা আৰু খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা উচিত, তথাপিও সুলভ মূল্যত ইয়াৰ উপলব্ধতাই পৰিয়ালসমূহৰ বাবে উপযুক্ত পুষ্টিগত সহায় অধিক লাভযোগ্য কৰি তুলিব পাৰে। সামগ্ৰিক সু-স্বাস্থ্যৰ বাবে গুণগত মানসম্পন্ন পুষ্টি অন্তৰ্ভুক্ত জীৱনশৈলীৰ গুৰুত্ব বিশেষভাৱে উল্লেখযোগ্য। খাদ্য আৰু পুষ্টিগত পৰিপূৰকৰ ক্ষেত্ৰত পৰিয়ালসমূহে ক্ৰমাৎ স্বাস্থ্যকৰ বিকল্প বাছনি কৰি আহিছে। প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা (PMBJP)-ই জনৌষধি কেন্দ্ৰসমূহৰ জৰিয়তে ব্যয়বহুল ব্ৰেণ্ডেড পুষ্টিগত পৰিপূৰকৰ সুলভ বিকল্প আগবঢ়াই গুণগত মানসম্পন্ন পুষ্টিগত সহায় যাতে আয়ৰ সীমাবদ্ধতাৰ বাবে বঞ্চিত নহয়, সেয়া নিশ্চিত কৰি আছে।

সুলভ মূল্যৰ ঔষধেই PMBJP-ৰ মূল আধাৰ হৈ আছে, কিন্তু পুষ্টিও একেই বৃহত্তৰ স্বাস্থ্য যাত্ৰাৰ এক অপৰিহাৰ্য অংশ। সুবিধাজনক পুষ্টিৰ সন্ধানত থকা এজন শিক্ষাৰ্থী হওক, ব্যস্ত জীৱনশৈলী পৰিচালনা কৰি থকা এজন কৰ্মজীৱী পেছাদাৰী হওক, পৰিয়ালৰ পুষ্টিৰ যত্ন লোৱা এগৰাকী গৃহিণী হওক, বিশেষ খাদ্যগত প্ৰয়োজনীয়তা থকা এজন জ্যেষ্ঠ নাগৰিক হওক অথবা কোনো স্বাস্থ্যজনিত অৱস্থা পৰিচালনা কৰি থকা এজন ব্যক্তি হওক—উপযুক্ত পুষ্টিৰ সহজলভ্যতাই সু-স্বাস্থ্য ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

গুণগত মান, সুলভ মূল্য আৰু সহজলভ্যতাৰ সমন্বয় ঘটাই জনৌষধিৰ নিউট্ৰাচিউটিকেল সম্ভাৰে ভাৰতীয় পৰিয়ালসমূহৰ বাবে পুষ্টিক অধিক লাভযোগ্য পছন্দ হিচাপে গঢ়ি তোলাত সহায় কৰি আছে আৰু “সকলোৰ বাবে গুণগত মানসম্পন্ন স্বাস্থ্যসেৱা আৰু পুষ্টি” এই দৃষ্টিভংগীক অধিক শক্তিশালী কৰি তুলিছে।

তথ্যসূত্ৰঃ

ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

পিডিএফ চাও

***

পিআইবি গৱেষণা

(Features ID: 159375) आगंतुक पटल : 15
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Kannada , Malayalam