• Sitemap
  • Advance Search
Rural Prosperity

সংগ্ৰামৰ যাত্ৰা, বিকাশৰ পথ

উদ্যোগৰ জৰিয়তে গ্ৰাম্য আশা-আকাংক্ষাক শক্তি যোগোৱা গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ (RSETIs)

Posted On: 21 JUL 2026 11:55AM

বিষ্ণু বাইয়ে নিজৰ জীৱনযাত্ৰাক গঢ় দিয়া এটা বিশ্বাসৰ কথা সঘনাই স্মৰণ কৰে—যিসকলে নিজে উঠিবলৈ চেষ্টা কৰে, পৃথিৱীয়েও তেওঁলোকক আৰু ওপৰলৈ উঠিবলৈ সহায় কৰে। তেওঁ এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, য’ত সপোনবোৰ দৈনন্দিন জীৱনধাৰণৰ সীমাৰ বাহিৰলৈ খুব কমেই বিস্তাৰিত হৈছিল। অষ্টম শ্ৰেণীৰ পিছতেই তেওঁৰ শিক্ষা বন্ধ হৈ যায়; কম বয়সতে বিবাহ আৰু নতুন দায়িত্বই সেই পথ ৰুদ্ধ কৰি দিয়ে। বিবাহৰ মাত্ৰ ১৮ মাহৰ ভিতৰতে স্বামীৰ পৰিয়াল গভীৰ আৰ্থিক সংকটত পৰাত তেওঁ পুনৰ পিতৃগৃহলৈ উভতি আহে। ভাতৃসকলে আৰ্থিক সহায় কৰিবলৈ অস্বীকাৰ কৰাত তেওঁ আত্মনিৰ্ভৰতাৰ পথ বাচি লয় আৰু ঘৰতেই কাপোৰ চিলাইৰ কাম আৰম্ভ কৰে। প্ৰতিটো সৰু উপাৰ্জনে কেৱল আয়েই কঢ়িয়াই অনা নাছিল, ই তেওঁৰ স্বাধীনতাৰ এক কোমল অনুভূতিকো গঢ়ি তুলিছিল।

তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ক্ষণ আহিছিল শ্ৰী ৰাম স্ব-সহায়ক গোটৰ জৰিয়তে, যিয়ে তেওঁক ভোপালস্থিত গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (Rural Self Employment Training Institutes - RSETI)-ৰ প্ৰশিক্ষণৰ সুযোগৰ সৈতে পৰিচয় কৰাই দিয়ে। তেওঁ আন মহিলাসকলৰ সৈতে চিলাই শিকিব বিচাৰিছিল, কিন্তু সামাজিক বাধাসমূহ তেতিয়াও দৃঢ় হৈ আছিল। চলাচলৰ ওপৰত থকা নিষেধাজ্ঞাৰ সন্মুখীন হৈ তেওঁ নিজৰ গাঁৱতেই প্ৰশিক্ষণ দিয়াৰ অনুৰোধ জনায়। প্ৰতিষ্ঠানটোৱে সেই অনুৰোধ গ্ৰহণ কৰে আৰু গাঁও পঞ্চায়তৰ ভৱন আশাৰ এক শ্ৰেণীকক্ষত পৰিণত হয়। তাত বহু মহিলাই একত্ৰিত হৈ চিলাই শিকাৰ লগতে সৰু ব্যৱসায় চলোৱাৰ মৌলিক দিশসমূহো আয়ত্ত কৰে। তেওঁলোকৰ বহুতৰে বাবে এইটো আছিল ঘৰৰ চাৰিবেৰৰ বাহিৰৰ পৃথিৱীৰ সৈতে প্ৰথম পৰিচয়।

প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত বিষ্ণু বাইয়ে নিজৰ গাঁৱতে এখন সৰু চিলাইৰ দোকান স্থাপন কৰে। ধীৰে ধীৰে তেওঁৰ কাম পুৰুষৰ পোছাক চিলোৱালৈকে সম্প্ৰসাৰিত হয়। চৰকাৰৰ পৰা বিদ্যালয়ৰ ইউনিফৰ্ম চিলোৱাৰ অৰ্ডাৰ লাভ কৰাত তেওঁ নিয়মীয়া আয় আৰু নতুন আত্মবিশ্বাস লাভ কৰে। কিছুদিনৰ ভিতৰতে তেওঁ ঔদ্যোগিক চিলাই মেচিনৰ গৰাকী হয় আৰু নিজৰ বিকাশমান উদ্যোগৰ জৰিয়তে এক সুদৃঢ় জীৱিকাৰ ভিত্তি গঢ়ি তোলে। তেওঁৰ যাত্ৰা কোনো আকস্মিক পৰিৱৰ্তনৰ কাহিনী নহয়; ই ধৈৰ্য, অধ্যৱসায় আৰু নীৰৱ সাহসৰ প্ৰতিফলন। তেওঁৰ দৰে অসংখ্য কাহিনী আজিও গ্ৰাম্য ভাৰতৰ বিভিন্ন প্ৰান্তত অনুৰণিত হৈছে, য’ত পৰিৱৰ্তন অধিকাংশ সময়তে কোনো হুলস্থূল নোহোৱাকৈয়ে সংঘটিত হয়।

গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (RSETIs): আকাংক্ষাৰ পৰা উদ্যোগলৈ এখন সেতু

এই ৰূপান্তৰৰ কেন্দ্ৰবিন্দুত আছে দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (Deendayal Antyodaya Yojana-National Rural Livelihoods Mission -NRLM) ৰ অধীনত কাৰ্যৰত গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ (RSETIs), যিয়ে নীৰৱভাৱে স্ব-নিয়োজন উৎসাহিত কৰা আৰু ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। জিলাভিত্তিক এই প্ৰতিষ্ঠানসমূহে ১৮ৰ পৰা ৫০ বছৰ বয়সৰ নিবনুৱা গ্ৰাম্য লোকসকলক বিনামূলীয়া, স্বল্পম্যাদী, ব্যৱহাৰিক আৰু আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰে। গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু পৃষ্ঠপোষক বেংকৰ ত্ৰিপাক্ষিক অংশীদাৰিত্বৰ ভিত্তিত গঢ়ি উঠা এই প্ৰতিষ্ঠানসমূহৰ ভূমিকা কেৱল শ্ৰেণীকক্ষত সীমাবদ্ধ নহয়; ঋণ সহায় আৰু অব্যাহত পথপ্ৰদৰ্শনৰ জৰিয়তে ই জীৱিকাৰ ক্ষেত্ৰতো সমানে সহায় আগবঢ়ায়।

কৃষি, উৎপাদন, সেৱা আৰু উদ্যমিতাকে ধৰি মুঠ ৭৩টা পাঠ্যক্ৰম ৰাষ্ট্ৰীয় দক্ষতা মানদণ্ডৰ সৈতে সামঞ্জস্য ৰাখি প্ৰদান কৰা হয়। পৃষ্ঠপোষক বেংকসমূহে এই ব্যৱস্থাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাতে প্ৰশিক্ষণপ্ৰাপ্তসকলে টেকসই উদ্যোগ স্থাপন কৰিবলৈ প্ৰয়োজনীয় ঋণ লাভ কৰিব পাৰে। এই সমন্বিত ব্যৱস্থাই নিশ্চিত কৰে যে দক্ষতা কেৱল তাত্ত্বিক জ্ঞান হৈ নাথাকে, বৰঞ্চ বাস্তৱ আৰ্থিক কাৰ্যকলাপলৈ ৰূপান্তৰিত হয়। বহুতৰ বাবে এই সহায় ব্যৱস্থাই জীৱনৰ সেই সন্ধিক্ষণ হৈ উঠে, য’ৰ পৰা সম্ভাৱনাৰ নতুন আৰম্ভণি হয়।

এনেদৰেই দৈনিক মজুৰিৰ কাম কৰা উমেশ শিৱাজী ইংগলৰ যাত্ৰাইও দেখুৱাই দিয়ে যে RSETIs-এ কেনেদৰে মানুহৰ জীৱন শক্তিৰে সলনি কৰি তোলে। আৰ্থিকভাৱে সীমিত সামৰ্থ্য থকা পৰিয়ালত জন্মগ্ৰহণ কৰা উমেশে দশম শ্ৰেণীৰ পিছত আৰু পঢ়িব নোৱাৰিলে। প্ৰায় পাঁচ বছৰ ধৰি তেওঁ এটা নুডলছ কাৰখানাত দৈনিক মজুৰি হিচাপে কাম কৰিছিল। দীঘলীয়া সময় কাম কৰাৰ পিছতো তেওঁৰ উপাৰ্জনে পৰিয়ালৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰাটোও কঠিন হৈছিল। এজন বন্ধুৰ পৰামৰ্শত তেওঁ RSETIৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে জানিব পাৰে, যিয়ে তেওঁৰ বাবে এক নতুন দুৱাৰ মুকলি কৰে। তেওঁ উদ্যমিতা বিকাশ কাৰ্যসূচীত নামভৰ্তি কৰে আৰু কাৰখানাৰ অভিজ্ঞতাক ভিত্তি কৰি নিজৰ জ্ঞান অধিক গভীৰ কৰে। প্ৰশিক্ষণৰ পিছত তেওঁ এটা দ্বিতীয়-হাতৰ মেচিন আৰু কিছুমান মৌলিক সঁজুলিৰে এখন সৰু নুডলছ উৎপাদন ইউনিট আৰম্ভ কৰে। আৰম্ভণিতে তেওঁ দৈনিক প্ৰায় ১,০০০ৰ পৰা ১,২০০ কিলোগ্ৰাম নুডলছ (Noodles) উৎপাদন কৰিছিল। ধীৰে ধীৰে চাহিদা বৃদ্ধি পায় আৰু তেওঁৰ উদ্যোগে মাহে প্ৰায় ৩০ হাজাৰ টকাৰ লাভ অৰ্জন কৰিবলৈ আৰম্ভ কৰে। তেওঁ দুৰ্বল সামাজিক-আৰ্থিক পটভূমিৰ চাৰিগৰাকী মহিলাক নিয়োগ দিয়ে, যাৰ ফলত সুযোগ কেৱল তেওঁৰ নিজৰ পৰিয়ালতেই সীমাবদ্ধ নাথাকি আনৰ জীৱনতো বিস্তাৰিত হয়। বেংকৰ পৰা লাভ কৰা ৮ লাখ টকাৰ ঋণে তেওঁক ব্যৱসায় অধিক সম্প্ৰসাৰণ কৰিবলৈ সহায় কৰে। তেওঁ আকোলাৰ মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগম (Maharashtra Industrial Development Corporation – MIDC)-ত এটা ডাঙৰ ইউনিটলৈ স্থানান্তৰিত হয় আৰু বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ উৎপাদন বৃদ্ধি কৰে। দৈনিক মজুৰিৰ শ্ৰমিকৰ পৰা আনৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰা এজন উদ্যোগপতিলৈ তেওঁৰ যাত্ৰাই জীৱনৰ উদ্দেশ্যক নতুন ৰূপ দিয়ে।

য’ত কিছুমান যাত্ৰাৰ আৰম্ভণি আৰ্থিক প্ৰয়োজনৰ পৰা হয়, আন কিছুমানৰ আৰম্ভণি হয় সৃষ্টিশীল আকাংক্ষাৰ পৰা। ধাৰৱাডৰ সঞ্জয় মালাগীৰ কাহিনীয়ে দেখুৱাই দিয়ে যে RSETIs-এ কেনেদৰে বিভিন্ন সপোনক উদ্যোগলৈ ৰূপান্তৰিত কৰে। বৈদ্যুতিক অভিযান্ত্ৰিকীত ডিপ্ল’মা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ বেংগালুৰুস্থিত এটা বহুজাতিক কোম্পানীত কৰ্মৰত আছিল। সময়ৰ লগে লগে সেই চাকৰিত অসন্তুষ্টি বৃদ্ধি পায় আৰু তেওঁ নিজৰ উদ্দেশ্য বিচাৰি ঘৰলৈ উভতি আহে। এই অনিশ্চিত সময়ছোৱাত তেওঁ RSETI ধাৰৱাডৰ ফটোগ্ৰাফী পাঠ্যক্ৰমৰ বিষয়ে জানিব পাৰে। তেওঁ নামভৰ্তি কৰে, আৰু কৌতূহলৰ পৰা আৰম্ভ হোৱা সেই যাত্ৰাই অতি সোনকালে এক স্পষ্ট উদ্যোগী দৃষ্টিভংগী লাভ কৰে। ২০১৯ চনত তেওঁ চিনেউইংকছ (Cinewinks) নামৰ নিজৰ প্ৰতিষ্ঠান স্থাপন কৰে আৰু কাহিনী কোৱাৰ এক নতুন জগতত প্ৰৱেশ কৰে। তেওঁৰ কামৰ পৰিসৰত ভিডিঅ’গ্ৰাফী, সম্পাদনা আৰু পৰিচালনা অন্তৰ্ভুক্ত, যাৰ জৰিয়তে তেওঁ ভাৰতৰ বিভিন্ন ভাষাত কাহিনী ৰচনা কৰে। তেওঁৰ চলচ্চিত্ৰসমূহত প্ৰব্ৰজন, ৰাজনীতি আৰু প্ৰযুক্তিৰ অপব্যৱহাৰৰ দৰে বিষয়সমূহ গভীৰ আৱেগেৰে উপস্থাপিত হৈছে।

তেওঁৰ চলচ্চিত্ৰ ‘তমসোমা জ্যোতিৰ্গময়’-এ শিপিনীসকলৰ সংগ্ৰামক চিত্ৰিত কৰাৰ বাবে দুটা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। আন এখন চলচ্চিত্ৰ ‘হিন্নোটা’-ই তেওঁক ২০২০-২১ বৰ্ষৰ কোচিন আন্তঃৰাষ্ট্ৰীয় ক্ষুদ্ৰ চলচ্চিত্ৰ মহোৎসৱশ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰদান কৰে। সময়ৰ লগে লগে তেওঁ প্ৰায় দহটা বঁটা লাভ কৰি নিজৰ সৃষ্টিশীল প্ৰতিভাৰ বাবে ব্যাপক স্বীকৃতি অৰ্জন কৰে। তেওঁৰ প্ৰতিষ্ঠানটোৱে একাধিক চহৰত কাৰ্যকলাপ সম্প্ৰসাৰণ কৰাৰ লগতে বিভিন্ন পেছাদাৰী প্ৰকল্প গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু স্থানীয় পৰ্যায়তো নিয়োগৰ সুযোগ সৃষ্টি কৰে।

এই সকলো যাত্ৰাই একেলগে দেশজুৰি চলি থকা এক বৃহত্তৰ কাহিনী উন্মোচন কৰে।

এইবোৰ কেৱল ব্যক্তিগত সফলতাৰ কাহিনী নহয়; বৰং স্থিতিস্থাপকতা আৰু সুযোগৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এক বিকাশমান পৰিৱেশতন্ত্ৰৰ প্ৰতিফলন। ২০২৬ চনৰ মাৰ্চ মাহলৈকে ৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৬৩২টা RSETI কাৰ্যৰত আছে। এইসমূহে ৬১৯খন জিলাক সামৰি লৈছে আৰু ২৫টা পৃষ্ঠপোষক বেংকৰ সহায়ত পৰিচালিত হৈছে। ২০০৯ চনত আৰম্ভ হোৱাৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহলৈকে RSETIs-এ সমগ্ৰ দেশতে ধাৰাবাহিক আৰু প্ৰভাৱশালী অগ্ৰগতি প্ৰদৰ্শন কৰিছে। ৬০.৮১ লাখ প্ৰশিক্ষণৰ লক্ষ্যৰ বিপৰীতে প্ৰায় ৯৯.৭ শতাংশ অৰ্জন কৰা হৈছে আৰু ৬০.৬৩ লাখ প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইয়াৰে ৪৩.৮৯ লাখ প্ৰাৰ্থীয়ে বহনক্ষম জীৱিকাৰ সুবিধা লাভ কৰিছে। প্ৰতিষ্ঠানগত সহায়ৰ জৰিয়তে ২২.৫২ লাখ হিতাধিকাৰীয়ে বেংক ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়া বছৰসমূহত উল্লেখযোগ্য অগ্ৰগতি লক্ষ্য কৰা গৈছে, যিয়ে বৰ্ধিত পৰিসৰ আৰু প্ৰতিষ্ঠানগত কাৰ্যক্ষমতাৰ উন্নতি সূচায়। বিশেষভাৱে, ২০২৪-২৫ বৰ্ষত সৰ্বাধিক বাৰ্ষিক প্ৰশিক্ষণৰ সাফল্য লাভ কৰা হয়, য’ত ৬.২১ লাখ প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছিল।

এই পৰিসংখ্যাসমূহে এক কাহিনী কয়, কিন্তু ইয়াৰ অন্তৰ্নিহিত গভীৰ কাহিনীটো হৈছে মানুহৰ জীৱনৰ ৰূপান্তৰ। RSETIs কেৱল প্ৰশিক্ষণ কেন্দ্ৰ নহয়; ই এনে এক স্থান, য’ত আকাংক্ষাই শিপা মেলে। গাঁওসমূহত সৰু সৰু উদ্যোগে স্থানীয় অৰ্থনীতিক নতুন ৰূপ দিয়াৰ লগতে মানুহৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰিছে। প্ৰতিটো সফলতাৰ কাহিনীৰ সৈতে দ্বিধাৰ স্থান দখল কৰিছে আত্মবিশ্বাসে, আৰু আশা এক বাস্তৱ অনুভূতিত পৰিণত হৈছে। এই নীৰৱ পৰিৱৰ্তনসমূহৰ মাজেৰেই গ্ৰাম্য ভাৰত ধীৰে ধীৰে আত্মনিৰ্ভৰতা আৰু আত্মবিশ্বাসেৰে গঢ়া এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ি গৈ আছে।

তথ্যসূত্ৰ

গ্ৰামোন্নয়ন মন্ত্ৰালয়

https://sansad.in/getFile/annex/270/AU3335_V9FZLF.pdf?source=pqars

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2246334&reg=1&lang=1

নিটি আয়োগ

https://www.nitiforstates.gov.in/public-assets/Best_Practices/Compendiums/75%20Inspirational%20Stories%20of%20Aatmanirbhar%20Rural%20Women.pdf

pdf ফাইলৰ বাবে ইয়াত ক্লিক কৰক

****

পিআইবি গৱেষণা

(Features ID: 159296) आगंतुक पटल : 10
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Kannada