Infrastructure
ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ যাত্ৰা: এক পৰিষ্কাৰ আৰু সেউজ ভৱিষ্যতৰ দিশে
प्रविष्टि तिथि:
13 NOV 2026 13:08 PM
ভাৰতৰ শক্তি খণ্ডৰ পৰিৱেশ
ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰখন দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। বৰ্ধিত শক্তিৰ চাহিদা পূৰণ কৰা, শক্তিৰ সুৰক্ষা শক্তিশালী কৰা আৰু এক পৰিষ্কাৰ ভৱিষ্যৎ গঢ়ি তোলাৰ লক্ষ্যৰে এই পৰিৱৰ্তন আগবাঢ়িছে। এই যাত্ৰাত সৌৰশক্তি, বায়ুশক্তি, জলবিদ্যুৎ, জৈৱ-শক্তি, ভূ-তাপীয় শক্তি আৰু সেউজ হাইড্ৰ’জেনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
চৰকাৰী নীতিৰ-সহায়, আন্তঃগাঁথনিৰ উন্নয়ন, ঘৰুৱা উৎপাদন, উদ্যোগিক নিৰ্মাণৰ সম্প্ৰসাৰণ আৰু শক্তিৰ অধিক প্ৰসাৰে এই পৰিৱৰ্তনক আগুৱাই নিছে। ঘৰুৱা ছাদত সৌৰ পেনেল স্থাপনৰ পৰা আৰম্ভ কৰি বৃহৎ বায়ুশক্তি প্ৰকল্প, ভাসমান সৌৰশক্তি প্ৰকল্প আৰু শক্তি সংৰক্ষণ ব্যৱস্থালৈকে ভাৰতৰ শক্তিৰ মিশ্ৰণত নবীকৰণযোগ্য শক্তিৰ অংশ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
পৰিসংখ্যাৰ এক আভাস
- মুঠ স্থাপিত বিদ্যুৎ উৎপাদন ক্ষমতা: ২০২৬ চনৰ অক্টোবৰ মাহত প্ৰায় ৫৬০ গিগাৱাট, যি ২০১৪ চনৰ ২৪৯ গিগাৱাটৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে।
- জীৱাশ্ম-ইন্ধনবিহীন শক্তি উৎপাদন ক্ষমতা: ২০২৬ চনৰ ৩১ জুলাইলৈকে ৩০৮ গিগাৱাট, যি মুঠ স্থাপিত বিদ্যুৎ উৎপাদন ক্ষমতাৰ ৫৫%।
- বিশ্বজুৰি স্থান: নবীকৰণযোগ্য শক্তিৰ স্থাপিত উৎপাদন ক্ষমতাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে।
- বিনিয়োগ: ২০২৪ চনৰ জুলাইৰ পৰা ২০২৬ চনৰ জুনলৈকে ভাৰতে নবীকৰণযোগ্য শক্তি খণ্ডত ৬৩.৭ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে।
ভাৰত নবীকৰণযোগ্য শক্তি সন্মিলন আৰু প্ৰদৰ্শনী (বি.আৰ.ই.এছ.ই.) ২০২৬
বিনিয়োগ কৰক, উদ্ভাৱন কৰক, অনুপ্ৰাণিত কৰক
ভাৰত নবীকৰণযোগ্য শক্তি সন্মিলন আৰু প্ৰদৰ্শনী (বি.আৰ.ই.এছ.ই.) ২০২৬,২ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হৈছিল। এই সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ নীতি-নিৰ্ধাৰক,বিনিয়োগকাৰী,উদ্যোগপতি,নিৰ্মাতা আৰু উদ্ভাৱকসকলে অংশগ্ৰহণ কৰিছিল। অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, ইউৰোপীয় সংঘ, ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ডছ, নৰৱে, ছুইডেন আৰু যুক্তৰাজ্যই দেশীয় সহযোগী হিচাপে অংশগ্ৰহণ কৰিছিল। গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশকে ধৰি ভাৰতৰ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে নিজৰ নবীকৰণযোগ্য শক্তিৰ সম্ভাৱনা, বিনিয়োগৰ সুযোগ আৰু উৎপাদন ক্ষমতা প্ৰদৰ্শন কৰিছিল। এই অনুষ্ঠানত অনুষ্ঠিত প্ৰদৰ্শনীত ৪০০ৰো অধিক নিৰ্মাণকাৰী প্ৰতিষ্ঠান, প্ৰযুক্তি সেৱা প্ৰদানকাৰী, ষ্টাৰ্টআপ আৰু গৱেষণা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল। সন্মিলনখনত বিশেষভাৱে নবীকৰণযোগ্য শক্তি খণ্ডত বিত্তীয় বিনিয়োগ, স্বচ্ছ শক্তি উৎপাদন,শক্তি সংৰক্ষণ ব্যৱস্থা, উদীয়মান প্ৰযুক্তি আৰু উদ্ভাৱন,দক্ষ মানৱ সম্পদ আৰু কৰ্মশক্তিৰ বিকাশ আদি বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হৈছিল।এই সন্মিলনে নবীকৰণযোগ্য শক্তি খণ্ডত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, বিনিয়োগ আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছিল।
সৌৰশক্তি: সম্প্ৰসাৰণ আৰু অধিক লোকৰ কাষলৈ প্ৰসাৰ
ভাৰতৰ স্থাপিত সৌৰশক্তি উৎপাদন ক্ষমতা ২০২৬ চনৰ ৩১ অক্টোবৰৰ তথ্য অনুসৰি প্ৰায় ১৭৫ গিগাৱাট লৈ বৃদ্ধি পাইছে। ২০১৪ চনত এই ক্ষমতা মাত্ৰ ২.৮ গিগাৱাট আছিল।
বৰ্তমান সৌৰশক্তি ভাৰতৰ নবীকৰণযোগ্য শক্তি উৎপাদন ক্ষমতাৰ সৰ্ববৃহৎ অংশ হিচাপে পৰিগণিত হৈছে।
২০২৫ চনত ভাৰতে বিশ্বৰ দ্বিতীয় বৃহত্তম সৌৰশক্তি সম্প্ৰসাৰণকাৰী বজাৰ হিচাপে স্থান লাভ কৰে। সেই বছৰ ভাৰতত ৩৭ গিগাৱাটতকৈ অধিক সৌৰশক্তি উৎপাদন ক্ষমতা সংযোজন কৰা হৈছিল, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত ৩৪ গিগাৱাট সংযোজন কৰা হৈছিল।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ: বিনামূলীয়া বিজুলী যোজনা
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ১ কোটি পৰিয়ালক সামৰি লোৱাৰ লক্ষ্যৰে ৭৫,০২১ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষে এই আঁচনিখন আৰম্ভ কৰা হৈছিল।
- সৌৰশক্তিৰ সুবিধা লাভ কৰা পৰিয়াল: ২০২৬ চনৰ ২ নৱেম্বৰলৈকে সমগ্ৰ দেশৰ ৬৫.২৬ লাখ পৰিয়ালে ঘৰৰ ছাদত সৌৰ পেনেল স্থাপনৰ জৰিয়তে এই আঁচনিৰ সুবিধা লাভ কৰিছে।
- চৰকাৰী ৰাজসাহায্য: হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ প্ৰায় ৩৫,৮০০ কোটি টকাৰ ৰাজসাহায্য প্ৰেৰণ কৰা হৈছে।
- শূন্য বিদ্যুৎ বিল: ২০২৬ চনৰ অক্টোবৰ মাহলৈকে প্ৰায় ২১ লাখ পৰিয়ালৰ বিদ্যুৎ বিল শূন্য হৈছে।
- সৌৰশক্তি উৎপাদন ক্ষমতা: এই আঁচনিৰ অধীনত এতিয়ালৈকে মুঠ ১৯.১ গিগাৱাট ছাদভিত্তিক সৌৰশক্তি উৎপাদন ক্ষমতা স্থাপন কৰা হৈছে।
প্ৰধানমন্ত্ৰী সূৰ্য সৰোবৰ যোজনা
ভাৰত চৰকাৰে ২০২৬ চনৰ ৩১ জুলাইত ৫,০৭০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী সূৰ্য সৰোবৰ যোজনা (পি.এম.-এছ.এছ.ৱাই)-ত অনুমোদন জনায়। এই আঁচনিয়ে শক্তি সংৰক্ষণ ব্যৱস্থাৰ সৈতে সংযুক্ত ভাসমান সৌৰ ফটোভল্টেইক প্ৰকল্প স্থাপনৰ জৰিয়তে ভাৰতৰ সৌৰশক্তিৰ সম্প্ৰসাৰণত এক নতুন মাত্ৰা সংযোজন কৰিছে।
- লক্ষ্য: ৫,০০০ মেগাৱাট ক্ষমতাসম্পন্ন ভাসমান সৌৰ ফটোভল্টেইক প্ৰকল্প স্থাপন কৰা।
- প্ৰতিটো প্ৰকল্পৰ সৈতে কমেও ২ ঘণ্টীয়া শক্তি সংৰক্ষণ ক্ষমতাসম্পন্ন ব্যৱস্থা সংযুক্ত কৰা হ’ব, যাৰ মুঠ সংৰক্ষণ ক্ষমতা ১০,০০০ মেগাৱাট-ঘণ্টা ।
- ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০–৩১ বিত্তীয় বৰ্ষলৈকে প্ৰকল্পসমূহত অনুমোদন প্ৰদান কৰা হ’ব।
বায়ুশক্তি
ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ সম্প্ৰসাৰণত বায়ুশক্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। স্থাপিত বায়ুশক্তি উৎপাদন ক্ষমতাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত চতুৰ্থ স্থানত আছে। এই খণ্ডত প্ৰতি বছৰে শক্তি উৎপাদন ক্ষমতা সংযোজনৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে দেশীয় উৎপাদন উদ্যোগৰো সম্প্ৰসাৰণ ঘটিছে।
স্থাপিত উৎপাদন ক্ষমতা: ২০২৬ চনৰ ২৯ অক্টোবৰৰ তথ্য অনুসৰি ৫৯.২০ গিগাৱাট।
- সৰ্বাধিক বাৰ্ষিক সংযোজন: ২০২৫–২৬ বিত্তীয় বৰ্ষত ভাৰতে ৬.০৫ গিগাৱাট নতুন বায়ুশক্তি উৎপাদন ক্ষমতা সংযোজন কৰে।
- ২০২৫–২৬ বিত্তীয় বৰ্ষত নতুনকৈ সংযোজিত বায়ুশক্তিৰ পৰিমাণ ২০২৪–২৫ বিত্তীয় বৰ্ষৰ তুলনাত ৪৬% অধিক আছিল।
- প্ৰায় ২৮ গিগাৱাট অতিৰিক্ত বায়ুশক্তি উৎপাদন ক্ষমতা প্ৰকল্পৰ ৰূপায়ণৰ কাম চলিআছে।
- বায়ু টাৰ্বাইন নিৰ্মাণ ক্ষমতা ২০১৪ চনৰ ১০ গিগাৱাট ৰ পৰা বৃদ্ধি পাই ২০২৬ চনৰ মাৰ্চত প্ৰায় ২৪ গিগাৱাট হৈছে। এই খণ্ডত গুৰুত্বপূৰ্ণ উপাদানসমূহৰ ৭০–৮০% দেশীয়কৰণ সম্পন্ন হৈছে।
- কেন্দ্ৰীয় মন্ত্ৰীসভাই ২০২৪ চনৰ ১৯ জুনত ১ গিগাৱাট সাগৰীয় বায়ুশক্তি প্ৰকল্পৰ বাবে ৭,৪৫৩ কোটি টকাৰ ভায়েবিলিটি গেপ ফাণ্ডিং আঁচনিত অনুমোদন জনায়।
জৈৱ-শক্তি
২০২৬ চনৰ ২৯ অক্টোবৰলৈকে জৈৱ-বিদ্যুৎ উৎপাদন ক্ষমতা ১১.৭৫ গিগাৱাট হৈছে। ইয়াৰ উপৰি, সংকুচিত জৈৱ-গেছ ব্যৱস্থাটোৰো সম্প্ৰসাৰণ ঘটিছে। ২০২৬ চনৰ ২ নৱেম্বৰলৈকে মুঠ ৮৩৯টা চি বি জি প্ৰকল্প পঞ্জীয়ন কৰা হৈছে। ইয়াৰে ২১০টা প্ৰকল্প কাৰ্যক্ষম কৰা হৈছে আৰু ২৫৫টা নিৰ্মাণাধীন অৱস্থাত আছে।
-
- জৈৱভিত্তিক সহ-উৎপাদন: ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে কুঁহিয়াৰৰ বাগাছভিত্তিক বিদ্যুৎ উৎপাদন ক্ষমতা ৯৮২১.৩২ মেগাৱাট আৰু বাগাছবিহীন বিদ্যুৎ উৎপাদন ক্ষমতা ১০৪৭.৮৫ মেগাৱাট।
- আৱৰ্জনাৰ পৰা শক্তি উৎপাদনলৈ: ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে বিদ্যুৎ গ্ৰীডৰ সৈতে সংযুক্ত আৱৰ্জনাৰ পৰা শক্তি উৎপাদনৰ ক্ষমতা ৩২৪.২৪ মেগাৱাট আছিল। ইয়াৰ উপৰি, অফ-গ্ৰিড প্ৰকল্পসমূহে অতিৰিক্তভাৱে ৫৫৪.১৬ মেগাৱাট শক্তি উৎপাদন ক্ষমতা যোগান ধৰিছিল।
-
- ৰাষ্ট্ৰীয় জৈৱ-শক্তি কাৰ্যসূচী: এই কাৰ্যসূচীৰ অধীনত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন , জৈৱভৰ আৰু জৈৱ-গেছ প্ৰকল্পসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ প্ৰথম পৰ্যায় ২০২১–২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫–২৬ বিত্তীয় বৰ্ষলৈকে সামৰি লোৱা হৈছিল, যাৰ বাবে মুঠ ৮৫৮ কোটি টকা ধাৰ্য কৰা হৈছিল।
গোবৰ্ধন (GOBARdhan): আৱৰ্জনাক শক্তিলৈ ৰূপান্তৰ কৰি বিকাশৰ দিশে অগ্ৰসৰ
-
- গেলভানাইজিং অৰ্গেনিক বায়'-এগ্ৰো ৰিছ'ৰ্চেছ ধন (গোবৰ্ধন) – ৰাষ্ট্ৰীয় চক্ৰীয় জৈৱ-শক্তি আঁচনি (National Circular Bioenergy Scheme): ২০২৬ চনৰ ৬ আগষ্টত ভাৰত চৰকাৰে এই আঁচনিখন অনুমোদন জনায়। ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩৫–৩৬ বিত্তীয় বৰ্ষলৈকে এই আঁচনিৰ বাবে মুঠ ২৩,৭৩১ কোটি টকা ধাৰ্য কৰা হৈছে।
- এই আঁচনিৰ মূল লক্ষ্য হৈছে দেশীয় সংকুচিত জৈৱ-গেছ (চি.বি.জি) উৎপাদন প্ৰায় দহগুণলৈ বৃদ্ধি কৰা আৰু এখন ৰাষ্ট্ৰীয় চক্ৰীয় জৈৱ-অৰ্থনীতি গঢ়ি তোলা।
জলবিদ্যুৎ
জলবিদ্যুৎ এতিয়াও নৱীকৰণযোগ্য বিদ্যুৎ উৎপাদনৰ এক গুৰুত্বপূৰ্ণ উৎস হিচাপে বিবেচিত হৈ আহিছে। ই নিৰ্ভৰযোগ্য আৰু প্ৰয়োজন অনুসৰি নমনীয়ভাৱে বিদ্যুৎ উৎপাদন কৰাত সহায় কৰে। সৌৰশক্তি আৰু বায়ুশক্তিৰ উৎপাদন ক্ষমতা বৃদ্ধি পোৱাৰ লগে লগে ই বিদ্যুৎ গ্ৰীডৰ স্থিৰতা বজাই ৰখাতো সহায় কৰে। ২০২৬ চনৰ ২৯ অক্টোবৰলৈকে বৃহৎ আৰু ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পসমূহকে ধৰি ভাৰতৰ মুঠ জলবিদ্যুৎ উৎপাদন ক্ষমতা ৫৭.৪৯ গিগাৱাট হৈছে।
ক্ষুদ্ৰ জলবিদ্যুৎ উন্নয়ন আঁচনি
- ক্ষুদ্ৰ জলবিদ্যুৎ উন্নয়ন আঁচনি: ভাৰত চৰকাৰে ২০২৬ চনৰ মাৰ্চত ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০–৩১ বিত্তীয় বৰ্ষলৈকে এই আঁচনিখনত অনুমোদন জনাইছে। এই আঁচনিৰ বাবে মুঠ ২,৫৮৪.৬০ কোটি টকা ধাৰ্য কৰা হৈছে।
- এই আঁচনিৰ মূল লক্ষ্য হৈছে ১–২৫ মেগাৱাট উৎপাদন ক্ষমতাসম্পন্ন প্ৰকল্পসমূহৰ জৰিয়তে প্ৰায় ১,৫০০ মেগাৱাট ক্ষুদ্ৰ জলবিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধি কৰা। বিশেষকৈ পাহাৰীয়া অঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পসমূহক এই আঁচনিৰ অধীনত বিশেষভাৱে সহায় কৰা হ'ব।
সেউজ হাইড্ৰ’জেন
সেউজ হাইড্ৰজেন হৈছে এনে এবিধ পৰিষ্কাৰ ইন্ধন, যিয়ে গ্ৰীনহাউচ গেচ হ্ৰাস কৰাটো অতিশয় কঠিন হোৱা উদ্যোগসমূহৰ কাৰ্বন নিৰ্গমন কমোৱাত সহায় কৰে। ই শক্তিৰ সুৰক্ষা নিশ্চিত কৰা আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান :
ভাৰত চৰকাৰে ২০২৩ চনত ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান (এন.জি.এইচ.এম. ) আৰম্ভ কৰিছিল। এই অভিযানৰ মূল উদ্দেশ্য হৈছে সেউজীয়া হাইড্ৰজেনৰ এক সুসংগঠিত ব্যৱস্থা গঢ়ি তোলা আৰু এই খণ্ডৰ বিভিন্ন সুযোগ আৰু প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ এক সামগ্ৰিক ব্যৱস্থা গঢ়ি তোলা।
- ২০২৩ চনৰ জানুৱাৰী মাহত ১৯,৭৪৪ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় সেউজীয়া হাইড্ৰজেন অভিযানত অনুমোদন কৰা হৈছিল। ২০৩০ চনৰ ভিতৰত ৫ নিযুত মেট্ৰিক টন (এম.এম.টি.) সেউজ হাইড্ৰজেন উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
- ২০২৩ চনৰ পৰা ভাৰতীয় কোম্পানীসমূহে ৫.৫ লাখ মেট্ৰিক টন প্ৰতি বছৰে সেউজ হাইড্ৰজেন ক্ৰয়ৰ প্ৰতিশ্ৰুতিত স্বাক্ষৰ কৰিছে, যিটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ যোগানৰ প্ৰতিশ্ৰুতি।
- ২০২৬ চনত ভাৰতীয় কোম্পানীসমূহে ১৮টা নতুন ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছে, যাৰ অধীনত বছৰি ৪ লাখ মেট্ৰিক টনতকৈ অধিক সেউজ হাইড্ৰজেনৰ সমতুল্য পৰিমাণ সামৰি লোৱা হৈছে।
- ২০২৩ চনৰ পৰা কৰা মুঠ ৫.৫ লাখ এমটিপিএ সেউজ হাইড্ৰজেন ক্ৰয়ৰ প্ৰতিশ্ৰুতিৰ ৭০ শতাংশতকৈ অধিক ৰপ্তানিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
- সেউজ হাইড্ৰজেন প্ৰকল্পসমূহে প্ৰায় ৯০,০০০ কোটি টকা (৯.৫ বিলিয়ন মাৰ্কিন ডলাৰ) বিনিয়োগ আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।
- উৎপাদন ক্ষমতা: ২০২৬ চনৰ ফেব্ৰুৱাৰীলৈকে বছৰি প্ৰায় ৮,০০০ টন সেউজ হাইড্ৰজেন উৎপাদন ক্ষমতাসম্পন্ন প্ৰকল্প কাৰ্যক্ষম কৰা হৈছিল।
- পৰিবহণ: ২০২৬ চনৰ জুলাই মাহত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সেউজীয়া হাইড্ৰজেন অভিযানৰ অধীনত ১২টা পাইলট প্ৰকল্প আৰম্ভ কৰে। এই প্ৰকল্পসমূহৰ জৰিয়তে ২১টা পথত ৭০খন হাইড্ৰজেন চালিত বাহন চলোৱাৰ ব্যৱস্থা কৰা হৈছে।
- ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত হাইড্ৰজেন ফুৱেল চেল চালিত ৰে'লগাড়ী ২০২৬ চনৰ জুলাই মাহত জিন্দ–সোণীপত ৰে'লপথত চলাচল আৰম্ভ কৰে।
ভূ-তাপীয় শক্তি
ভূ-তাপীয় শক্তিয়ে এক নিৰ্ভৰযোগ্য নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে কাম কৰে, যিয়ে সৌৰশক্তি আৰু বায়ুশক্তিৰ দৰে পৰিৱৰ্তনশীল শক্তিৰ উৎসসমূহৰ পৰিপূৰক হিচাপে সহায় কৰিব পাৰে।
ভূ-তাপীয় শক্তিৰ ক্ষেত্ৰত পৃথিৱীৰ অভ্যন্তৰত সঞ্চিত তাপ ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয় অথবা প্ৰত্যক্ষভাৱে তাপৰ যোগান ধৰা হয়।
ৰাষ্ট্ৰীয় ভূ-তাপীয় শক্তি নীতি (২০২৫ চনৰ ১৫ ছেপ্টেম্বৰত এই নীতি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল)
-
- এই নীতিয়ে ভূ-তাপীয় সম্পদসমূহৰ অন্বেষণ, উন্নয়ন আৰু ব্যৱহাৰৰ বাবে এক সুসংগঠিত কাঠামো প্ৰদান কৰে।
- ভাৰতীয় ভূতাত্ত্বিক জৰীপে ৩৮১টা গৰম পানীৰ নিজৰাৰ ওপৰত কৰা অনুসন্ধানৰ ভিত্তিত ভাৰতৰ ভূ-তাপীয় শক্তিৰ সম্ভাৱনা প্ৰায় ১০,৬০০ মেগাৱাট বুলি অনুমান কৰিছে। ইয়াৰ ভিতৰত ৪২টা ভূ-তাপীয় লক্ষণযুক্ত অঞ্চলক সম্ভাৱনাপূৰ্ণ স্থান হিচাপে চিনাক্ত কৰা হৈছে।
- এই নীতিয়ে প্ৰযুক্তিগত অংশীদাৰিত্ব, জ্ঞানৰ আদান-প্ৰদান আৰু যৌথ গৱেষণা তথা উন্নয়নক উৎসাহিত কৰে। ভূ-তাপীয় শক্তিৰ ক্ষেত্ৰত ভাৰতৰ অষ্ট্ৰেলিয়া, আইচলেণ্ড, ছৌদি আৰব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সহযোগিতামূলক ব্যৱস্থা আছে।
- ২০২৫ চনৰ জুলাই–আগষ্টত পাঁচটা প্ৰকল্পত অনুমোদন জনোৱা হৈছিল। ইয়াৰ ভিতৰত এটা পাইলট উৎপাদন কেন্দ্ৰ, সম্পদ মূল্যায়ন প্ৰকল্পসমূহ আৰু এটা সৌৰ–ভূ-তাপীয় সংযুক্ত শক্তি কেন্দ্ৰ অন্তৰ্ভুক্ত আছে। এই প্ৰকল্পসমূহৰ মূল উদ্দেশ্য হৈছে ভূ-তাপীয় শক্তিৰ ব্যৱহাৰৰ কাৰিকৰী আৰু অৰ্থনৈতিক সম্ভাৱনীয়তা প্ৰতিষ্ঠা কৰা।
ভৱিষ্যতৰ দিশে অগ্ৰসৰ: ভাৰতৰ বহনক্ষম শক্তিৰ ভৱিষ্যৎ নিৰ্মাণ
ভাৰতে ক্ৰমান্বয়ে পৰিষ্কাৰ আৰু নৱীকৰণযোগ্য শক্তিৰ উৎসৰ দ্বাৰা পৰিচালিত এক শক্তি ব্যৱস্থা গঢ়ি তুলিছে। সৌৰশক্তি, বায়ুশক্তি, জলবিদ্যুৎ আৰু জৈৱ-শক্তিৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত ঘৰুৱা উৎপাদন ব্যৱস্থা, শক্তি সংৰক্ষণ প্ৰযুক্তি আৰু সেউজ হাইড্ৰজেন তথা ভূ-তাপীয় শক্তিৰ দৰে উদীয়মান প্ৰযুক্তিসমূহে সহায় আগবঢ়াইছে।
শক্তিৰ চাহিদা বৃদ্ধিৰ লগে লগে নৱীকৰণযোগ্য শক্তিয়ে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান, অধিক শক্তিৰ সুৰক্ষা আৰু এক প্ৰদূষণমুক্ত ভৱিষ্যৎ নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চৰকাৰৰ নিৰন্তৰ নীতিগত সমৰ্থন আৰু প্ৰযুক্তিগত উন্নতিয়ে এক বহনক্ষম, আত্মনিৰ্ভৰশীল আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত শক্তি ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব।
তথ্যসূত্ৰ
কেবিনেট
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2241799®=3&lang=1
https://www.pib.gov.in/PressNoteDetails.aspx?ModuleId=3&NoteId=158349®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2292445®=48&lang=1
শক্তি মন্ত্ৰালয়
https://npp.gov.in/dashBoard/cp-map-dashboard
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ( পি.এম.অ.):
https://x.com/PMOIndia/status/2117118441916445054
নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয় (এম.এন.আৰ.ই.)
https://mnre.gov.in/documents/guidelines/physical-achievements-kzN2kTMtQWa?pageTitle=Physical-Achievements
https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2329695®=48&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2296782®=48&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2250039®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2293256®=48&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2244667®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2245157&lang=2®=48
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2250039&lang=1®=3
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2291541®=48&lang=1
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2026700®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2200435®=48&lang=2
https://pmkusum.mnre.gov.in/#/landing
https://mnre.gov.in/en /physical-progress/
https://mnre.gov.in/en/bio-energy-overview/
https://mnre.gov.in/en/new-technologies-overview/
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1777364®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2268992®=48&lang=2
https://pmsuryaghar.gov.in/#/
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2249408®=3&lang=1
পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2266034®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2295494®=3&lang=1
https://ppac.gov.in/download.php?file=rep_studies/1785837484_LPG_Profile_Report_Q1_FY_2026-27_Final_Web.pdf
https://www.pmuy.gov.in/index.aspx
https://gobardhan.eil.co.in/
পাৰমাণৱিক শক্তি বিভাগ (ডি.এই.)
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2198951®=3&lang=1
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=156593&ModuleId=3®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2294814®=48&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2249537®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2247971&lang=2®=48
ৰে’ল মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2285240®=48&lang=1
পি.আই.বি. বেকগ্ৰাউণ্ডাৰ
https://www.pib.gov.in/FactsheetDetails.aspx?Id=150630®=3&lang=1
https://www.pib.gov.in/FactsheetDetails.aspx?Id=149232®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2270740®=3&lang=1
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=156593&ModuleId=3®=3&lang=2
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=155990&ModuleId=3®=48&lang=2
Click here to see pdf
****
পিআইবি গৱেষণা/SS/RR
(तथ्य सामग्री आईडी: 151196)
आगंतुक पटल : 19
Provide suggestions / comments