Farmer's Welfare
দাইলজাতীয় শস্যত আত্মনিৰ্ভৰশীলতাৰ বাবে ভাৰতৰ মিছন
प्रविष्टि तिथि:
11 OCT 2026 12:29 PM
২০৩০-৩১ চনৰ ভিতৰত দাইলজাতীয় শস্যৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ ছবছৰীয়া পৰিকল্পনা
আমদানি নিৰ্ভৰতাৰ পৰা আত্মনিৰ্ভৰশীলতাৰ দিশে
বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি দাইল উৎপাদনকাৰী দেশৰ তালিকাত ভাৰতৰ স্হান প্ৰথম৷ দাইল হৈছে সমগ্ৰ বিশ্বতে ব্যৱহৃত অতি গুৰুত্বপূৰ্ণ আৰু প্ৰ’টিনসমৃদ্ধ খাদ্য শস্যৰ অন্যতম শস্য৷ দাইলত ২০-২৫% প্ৰ’টিন থাকে, যিটো ঘেঁহুতকৈ দুগুণ বেছি আৰু চাউলতকৈ প্ৰায় তিনিগুণ বেছি। দাইলে ভাৰতৰ কৃষি ৰপ্তানিত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়৷ ভাৰতীয় খাদ্যশৈলীত দাইল এক গুৰুত্বপূৰ্ণ অংশ, যিয়ে পুষ্টিৰ সুৰক্ষা নিশ্চিত কৰে। এই গুৰুত্বৰ কথা উপলব্ধি কৰি চৰকাৰে ২০২৫ চনৰ ১১ অক্টোবৰত ‘দাইলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে মিছন’ আৰম্ভ কৰিছিল। ১১ অক্টোবৰত এই মিছনৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰাৰ লগে লগে এই গুৰুত্বপূৰ্ণ পদক্ষেপে নতুন গতি লাভ কৰিছে৷ ২০২৫-২৬ৰ পৰা ২০৩০-৩১ লৈকে এই মিছনৰ বাবে ১১,৪৪০ কোটি টকাৰ আৰ্থিক আবণ্টন দিয়া হৈছে। এই মিছনৰ লক্ষ্য হৈছে দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা। এইক্ষেত্ৰত ঘৰুৱা উৎপাদন বৃদ্ধি কৰা, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু সম্পূৰ্ণ ভেলু-চেইন পদ্ধতিৰে কৃষকৰ আয় বৃদ্ধি কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷
এই মিছনৰ অধীনত ২০৩০-৩১ চনৰ ভিতৰত ভাৰতত দাইলৰ উৎপাদন প্ৰায় ৩৫০ লাখ টন হ’ব বুলি আশা কৰা হৈছে, আৰু প্ৰতি হেক্টৰত উৎপাদন ১,১৩০ কেজিলৈ বৃদ্ধি পাব। এই লক্ষ্য পূৰণৰ বাবে লোৱা মুখ্য পদক্ষেপসমূহ হ'ল:
- ৰহৰ দাইল, মাটিমাহ আৰু মচুৰ দাইলৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব
- জলবায়ু সহনশীল বীজ আৰু উন্নত মানৰ বীজৰ প্ৰচাৰ
- ছয় বছৰত ৮৭.৫ লাখ বিনামূলীয়া বীজ কিট আৰু ১২৬ লাখ কুইণ্টল প্ৰমাণিত বীজ বিতৰণ
- দাইল খেতিৰ মাটি ৩৫ লাখ হেক্টৰ বৃদ্ধি কৰি ২০৩০-৩১ ৰ ভিতৰত মুঠ লক্ষ্য ৩১০ লাখ হেক্টৰ কৰা
- উৎপাদন বৃদ্ধিৰ বাবে ৪৮৯ খন জিলাক সামৰি ক্লাষ্টাৰ ভিত্তিক পদ্ধতি
- ১,০০০ টা প্ৰচেছিং ইউনিট (দাইল মিল) স্থাপন
- এন.চি.চি.এফ. (এন.চি.চি.এফ.) আৰু এন.এ.এফ.ই.ডি. (NAFED)-ৰ জৰিয়তে ইচ্ছুক আৰু পঞ্জীয়নভুক্ত কৃষকৰ পৰা ৰহৰ দাইল, মাটিমাহ আৰু মচুৰ দাইলৰ নিশ্চিত ক্ৰয়
- আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু বৈদেশিক মুদ্ৰা সঞ্চয় হ’ব বুলি আশা কৰা হৈছে
২০২৫-২৬ বৰ্ষত ভাৰতৰ দাইল উৎপাদনৰ ক্ষেত্ৰত ঘৰুৱা উৎপাদন, খেতিৰ মাটি আৰু শস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। স্থিৰ কৃষি প্ৰগতি আৰু শক্তিশালী স্থানীয় উৎপাদনে দেশৰ দাইলৰ সৈতে জড়িত অৰ্থনৈতিক স্থিতিক শক্তিশালী কৰি ৰাখিছে।
- ভাৰতৰ মুঠ দাইল উৎপাদন ২০২৪-২৫ চনৰ ২৫৬.৮৩ লাখ টনৰ পৰা ২০২৫-২৬ চনত (তৃতীয় আগতীয়া অনুমান)২৭৪.০৯ লাখ টনলৈ বৃদ্ধি পাইছে।
- ভাৰতত দাইল খেতিৰ মাটি ২০২৪-২৫ চনৰ ২৭৭.২০ লাখ হেক্টৰৰ পৰা ২০২৫-২৬ চনত ২৮৬.৪৬ লাখ হেক্টৰলৈ আশানুৰূপভাৱে বৃদ্ধি পাইছে।
- দাইল খেতিৰ প্ৰধান অঞ্চলসমূহ হ'ল মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিমবংগ।
- মুঠ উৎপাদন ২০২৪-২৫ চনৰ প্ৰতি হেক্টৰত ৯২৬ কেজিৰ পৰা ২০২৫-২৬ চনত ৯৫৭ কেজিলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় পৰ্যায়ত দাইলৰ উৎপাদনশীলতা উন্নত হৈছে৷

- ২০২৪-২৫ চনৰ ৪৬,৪২৭.৬০ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ৩১,৭৯৩.৫৯ কোটি টকালৈ ভাৰতৰ দাইল আমদানি ৩১.৫২% হ্ৰাস পাইছে৷
- ২০২৪-২৫ চনৰ ৮৫৫ মিলিয়ন আমেৰিকান ডলাৰৰ পৰা ২০২৫-২৬ চনত ৯৬৯.৫৩ মিলিয়ন আমেৰিকান ডলাৰলৈ ভাৰতৰ দাইল ৰপ্তানি ১৩.৪০% বৃদ্ধি পাইছে৷ ২০২৫-২৬ চনত মুঠ ৰপ্তানিৰ পৰিমাণ আছিল ১০.০১ লাখ টন।
- ২০২৫-২৬ চনত ৰপ্তানিৰ প্ৰধান গন্তব্য স্থান আছিল চীন, ইউএই, বাংলাদেশ, আমেৰিকা আৰু শ্ৰীলংকা।
বৰ্ধিত ন্যূনতম সমৰ্থন মূল্য (এম.এছ.পি.), নিশ্চিত ক্ৰয়
চৰকাৰে ন্যূনতম সমৰ্থন মূল্য (Minimum Support Price) চমুকৈ এম.এছ.পি. (MSP) যথেষ্ট বৃদ্ধি কৰি দাইল খেতিয়কসকলৰ বাবে মূল্যৰ সুৰক্ষা শক্তিশালী কৰি ৰাখিছে। অধিক সমৰ্থন মূল্যই ন্যায্য লাভ নিশ্চিত কৰে আৰু প্ৰধান দাইল শস্যৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে উৎসাহ দিয়ে।
- ২০২৪-২৫ বৰ্ষৰ বিপণন বৰ্ষৰ বাবে উৰাদ দাইলৰ এম.এছ.পি. প্ৰতি কুইণ্টলত ৭,৪০০ টকা আছিল, যিটো ৮০০ টকা (১০.৮১%) বৃদ্ধি কৰি ২০২৬-২৭ চনৰ বাবে প্ৰতি কুইণ্টলত ৮,২০০ টকা ধাৰ্য কৰা হৈছে।
- ২০২৪-২৫ চনৰ বাবে ৰহৰ দাইলৰ এম.এছ.পি. প্ৰতি কুইণ্টলত ৭,৫৫০ টকা আছিল, যিটো ৯০০ টকা (১১.৯২%) বৃদ্ধি কৰি ২০২৬-২৭ চনত প্ৰতি কুইণ্টলত ৮,৪৫০ টকা ধাৰ্য কৰা হৈছে।
- ২০২৪-২৫ চনত মচুৰ দাইলৰ এম.এছ.পি. প্ৰতি কুইণ্টলত ৬,৭০০ টকা আছিল, যিটো ৩০০ টকা (৪.৪৮%) বৃদ্ধি কৰি ২০২৬-২৭ চনৰ বাবে প্ৰতি কুইণ্টলত ৭,০০০ টকা হিচাপে ধাৰ্য কৰা হৈছে।

এই মিছনৰ অধীনত ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন লিমিটেড (এন.চি.চি.এফ.) আৰু ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন লিমিটেড (এন.এ.এফ.ই.ডি.)-ক চাৰি বছৰৰ বাবে (২০২৫-২৬ ৰ পৰা ২০২৮-২৯ লৈ) তুৰ, মচুৰ আৰু উৰাদ দাইল ১০০% ক্ৰয় কৰিবলৈ অনুমতি দিয়া হৈছে। ১৭ জুন ২০২৬ তাৰিখলৈকে এন.চি.চি.এফ. ৰ দাইল ক্ৰয় ডেশ্বব'ৰ্ডৰ পৰা পোৱা তথ্য অনুসৰি মুখ্য সাফল্যসমূহ হ'ল:
- এন.চি.চি.এফ. এ ৯ খন ৰাজ্যত মুঠ ১০.৫৫ লাখ টন দাইল ক্ৰয় কৰিছে। কৃষকক পোনপটীয়াকৈ ৭,০৪৭ কোটি টকাৰ ন্যূনতম সমৰ্থন মূল্য (এম.এছ.পি.) পৰিশোধ কৰা হৈছে। মুঠ পঞ্জীয়নভুক্ত ৭.৭৪ লাখ কৃষকৰ ভিতৰত ৪.৬৯ লাখ কৃষক এই পদক্ষেপৰ দ্বাৰা উপকৃত হৈছে।
- খাৰিফ ২০২৫-২৬ ৰ অধীনত ৬,৪৩১ কোটি টকা মূল্যৰ ৭.৮৯ লাখ টন দাইল ক্ৰয় কৰা হৈছিল, যাৰ দ্বাৰা ৩.৬৬ লাখ কৃষক উপকৃত হৈছিল।
- ৰবি ২০২৬-২৭ ৰ অধীনত দাইল ক্ৰয় ২৩.৫১ লাখ টন হৈছেগৈ, য'ত ১৪,২১৭ কোটি টকাৰ এম.এছ.পি. পৰিশোধ কৰা হৈছে আৰু যাৰ দ্বাৰা ১০.২০ লাখ কৃষক উপকৃত হৈছে।
- দাইল ক্ৰয় ২০২৪-২৫ চনৰ ১৮,৩৯,৫০৪.৭৭ টনৰ পৰা ২০২৫-২৬ চনত ৩১,৪০,৮৮৩.৯২ টনলৈ বৃদ্ধি পাইছে।
মিছনৰ প্ৰাৰম্ভিক গুৰুত্বপূৰ্ণ অগ্ৰগতি
মিছনৰ প্ৰাৰম্ভিক অগ্ৰগতিয়ে আন্তঃগাঁথনি নিৰ্মাণ আৰু কৃষকৰ সমৰ্থন সম্প্ৰসাৰণত এক স্থিৰ গতি লাভ কৰিছে ৷ এইক্ষেত্ৰত এতিয়ালৈকে পোৱা মুখ্য সাফল্যসমূহ হ'ল:
- এই মিছনত ১,০০০ টা দাইল প্ৰচেছিং ইউনিটৰ পৰিকল্পনা কৰা হৈছে, প্ৰথম পৰ্যায়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৫২৮ টা ইউনিট ইতিমধ্যে আবণ্টন দিয়া হৈছে।
- প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনাৰ অধীনত খাদ্য প্ৰচেছিং আৰু সংৰক্ষণ ক্ষমতা সৃষ্টি আৰু সম্প্ৰসাৰণৰ (চি.ই.এফ.পি.পি.চি.) বাবে মুঠ ২৩ টা দাইল প্ৰচেছিং ইউনিট অনুমোদন কৰা হৈছে। এই অনুমোদিত আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ভিতৰত ১৮ টা দাইল প্ৰচেছিং ইউনিট সফলভাৱে সম্পূৰ্ণ কৰা হৈছে।
- ধানৰ পতিত মাটিত দাইলৰ খেতি বৃদ্ধি কৰিবলৈ, এই মিছনৰ লক্ষ্য হৈছে ছয় বছৰত ৮৭.৫ লাখ বীজ কিট বিতৰণ কৰা, ইয়াৰে ৰবি ২০২৫-২৬ ত ৯.২৫ লাখ কিট বিতৰণ কৰা হৈছে।
ডিজিটেল নিৰীক্ষণ আৰু বীজৰ অনুসৰণযোগ্যতা
চৰকাৰে সকলো স্তৰতে নিৰৱচ্ছিন্ন নিৰীক্ষণ, ৰিয়েল-টাইম তদাৰকী আৰু লক্ষ্যভিত্তিক ৰূপায়ণ নিশ্চিত কৰিবলৈ উন্নত ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰিছে:
- ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত পৰিকল্পনা, ৰূপায়ণ আৰু অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ তিনিটা স্তৰৰ ষ্টিয়াৰিং কমিটিৰ নেটৱৰ্ক।
- কৃষি মেপাৰ এপ্লিকেচনৰ প্ৰয়োগেৰে সঠিক জিঅ'-ফেন্সিং, ভূমিৰ জিঅ'-টেগিং আৰু বীজৰ প্ৰকাৰৰ প্ৰদৰ্শন আৰু উৎপাদনৰ ৰিয়েল-টাইম ট্ৰেকিং ৷
- বীজ প্ৰমাণীকৰণ, ট্ৰেচেবিলিটি আৰু সামগ্ৰিক ইনভেণ্টৰী (SATHI) পৰ্টেলে বীজৰ জীৱনচক্ৰক সামগ্ৰিকভাৱে সামৰি লয়। বীজ উৎপাদনৰ পৰা আৰম্ভ কৰি প্ৰমাণীকৰণ আৰু বীজ বিক্ৰীলৈকে বীজ যোগান শৃংখলৰ স্বয়ংক্ৰিয়কৰণৰ জৰিয়তে এই ব্যৱস্থা লাভ কৰা হয়।
- এগ্ৰিষ্টেক আৰু ডিজিটেল শস্য জৰীপ: লক্ষ্যভিত্তিক পুষ্টি যোগান আৰু সঠিক শস্যৰ পূৰ্বানুমান নিশ্চিত কৰিবলৈ মাটিৰ স্বাস্থ্য কাৰ্ড বিশ্লেষণ আৰু পৰীক্ষা কৰা প্লট জৰীপৰ সৈতে একীভূত কৃষক আইডিক সংযুক্তকৰন ৷
- ই-সমৃদ্ধি আৰু বিস্তাৰৰ দৰে পৰীক্ষণ প্লেটফৰ্মৰ জৰিয়তে পোনপটীয়া পৰিশোধ, ৰিয়েল-টাইম বজাৰৰ তথ্য আৰু ঘৰুৱা মূল্যৰ স্থিৰতা নিশ্চিতকৰন৷
বৰ্তমানত বীজ সিঁচি, ভৱিষ্যতৰ সুৰক্ষাৰ নিশ্চিতি
প্ৰাৰম্ভিক সাফল্যই দিয়া বাৰ্তা অনুসৰি দাইলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতাৰ বাবে মিছনে নীতিৰ উদ্দেশ্য আৰু ক্ষেত্ৰ পৰ্যায়ত ৰূপায়ণৰ মাজৰ ব্যৱধান সফলভাৱে দূৰ কৰিছে। নিশ্চিত মূল্য সমৰ্থনে খেতিয়কৰ আত্মবিশ্বাস ঘূৰাই আনিছে, আনহাতে SATHI আৰু ই-সমৃদ্ধিৰ দৰে ডিজিটেল প্লেটফৰ্মে সম্পূৰ্ণ যোগান শৃংখলৰ স্বচ্ছতা নিশ্চিত কৰে। ভাৰতে ২০৩০-৩১ চনৰ ৩৫০ লাখ টন উৎপাদনৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে এই সংহত ভেলু-চেইন কাঠামোৱে কেৱল দীৰ্ঘম্যাদী ৰাষ্ট্ৰীয় প্ৰটিন সুৰক্ষা আৰু বৈদেশিক মুদ্ৰাৰ সঞ্চয়ৰ প্ৰতিশ্ৰুতি দিয়া নাই, বৰঞ্চ সমগ্ৰ কৃষি অৰ্থনীতিত আত্মনিৰ্ভৰশীলতাৰ বাবে এক অনুকৰণীয় আৰ্হিও প্ৰদান কৰিছে।
তথ্যসূত্ৰ
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2177847®=48&lang=2
https://www.niti.gov.in/sites/default/files/2025-09/Strategies-and-Pathways-for-Accelerating-Growth-in-Pulses-towards-the-Goal-of-Atmanirbharta.pdf
https://www.ibef.org/news/union-cabinet-approves-mission-for-aatmanirbharta-in-pulses-with-rs-11-440-crore-us-1-24-billion-outlay-to-achieve-self-sufficiency-by-2030-31
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2284230®=48&lang=1
https://upag.gov.in/dash-reports/progressivecropareasown
https://apeda.gov.in/Pulses
https://pulsesmission.da.gov.in/pulseswebinar.aspx
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2239790®=48&lang=2
https://www.pmindia.gov.in/en/news_updates/union-cabinet-approves-mission-for-aatmanirbharta-in-pulses-for-2025-26-to-2030-31/
পিআইবি বেকগ্ৰাউণ্ডাৰ
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=155497&ModuleId=3®=48&lang=1
PDF চাবলৈ ইয়াত ক্লিক কৰক
*****
পিআইবি গৱেষণা/SSH/RR
(तथ्य सामग्री आईडी: 151124)
आगंतुक पटल : 8
Provide suggestions / comments