• Sitemap
  • Advance Search
Infrastructure

ভাৰতৰ আন্তঃগাঁথনিৰ ৰূপান্তৰ: সংযোগৰ পৰা সক্ষমতালৈ

प्रविष्टि तिथि: 12 AUG 2026 19:12 PM

বিকাশৰ ভেটি নিৰ্মাণ
যোৱা ১২ বছৰত ভাৰতৰ আন্তঃগাঁথনিৰ পৰিৱেশত এক বৃহৎ ৰূপান্তৰ ঘটিছে। পৰিবহন আৰু লজিষ্টিকছৰ পৰা গৃহ নিৰ্মাণ আৰু পানীলৈকে, আন্তঃগাঁথনিৰ বিকাশ সংহত পৰিকল্পনা আৰু বৃহৎ পৰিসৰৰ সম্প্ৰসাৰণৰ দিশে আগবাঢ়িছে। ইয়াৰ ফলত সংযোগ শক্তিশালী হৈছে, অত্যাৱশ্যকীয় সেৱাসমূহৰ প্ৰৱেশাধিকাৰ উন্নত হৈছে আৰু নিৰন্তৰ অৰ্থনৈতিক বিকাশৰ ভেটি গঢ় লৈ উঠিছে। ৰাজহুৱা মূলধনী ব্যয় ২০১৪–১৫ বিত্তীয় বৰ্ষৰ প্ৰায় ২ লাখ কোটি টকাৰ পৰা ২০২৬–২৭ বিত্তীয় বৰ্ষত ১২.২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে, যিয়ে এই অগ্ৰগতিত সহায় কৰিছে।

ৰে’ল পৰিবহনৰ এক নতুন যুগ
ভাৰতীয় ৰে’লৱেই দ্ৰুততৰ, সুৰক্ষিত আৰু অধিক আধুনিক যাতায়াতৰ দিশে আগবাঢ়িছে। বিদ্যুতীকৰণ, উন্নত সুৰক্ষা ব্যৱস্থা, উচ্চ-গতিৰ ৰে’ল আৰু নতুন প্ৰজন্মৰ ৰে’লে ৰে’ল নেটৱৰ্কক নতুন ৰূপ দিছে।

  • ৰে’ল বাজেট ২০১৪–১৫ত ৩২,০০০ কোটি টকাৰ পৰা ২০২৬–২৭ বিত্তীয় বৰ্ষত ২.৭৮ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
  • ৰে’ল বৈদ্যুতিকৰণ ২০১৪ৰ পূৰ্বে প্ৰায় ২০%ৰ পৰা ২০২৬ চনৰ জুলাইলৈ ৯৯.৬%লৈ বৃদ্ধি পাইছে।
  • ১৬২খন বন্দে ভাৰত, ২খন বন্দে ভাৰত শ্লীপাৰ সেৱা আৰু ৭২খন অমৃত ভাৰত সেৱাই সংযোগ আৰু যাত্ৰাৰ অভিজ্ঞতা উন্নত কৰিছে।
  • ২০২৬ চনৰ জুলাইলৈ ২,৬৩৩ ৰুট কিলোমিটাৰত কবচ সংস্কৰণ ৪.০ কাৰ্যকৰী কৰা হৈছে।
  • মুম্বাই–আহমেদাবাদ উচ্চ-গতিৰ ৰে’ল কৰিড’ৰটো ৫০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত ৩৫০ কিলোমিটাৰ প্ৰতি ঘণ্টা নক্সাগত গতিবেগেৰে নিৰ্মাণ কৰি থকা হৈছে।
  • অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত চিনাক্ত কৰা ১,৩৪০টা ষ্টেচনৰ ভিতৰত ২০২৬ চনৰ ১৮ জুলাইলৈ ২৬১টা ষ্টেচনৰ পুনৰ উন্নয়ন সম্পূৰ্ণ হৈছে।
  • প্ৰথমটো দেশীয়ভাৱে বিকশিত হাইড্ৰ’জেন ফুৱেল চেল ট্ৰেইনছেট ২০২৬ চনৰ জুলাইত মুকলি কৰা হৈছে। ই ১০টা ডবাযুক্ত ৰে’ল, যাৰ প্ৰায় ২,৬০০জন যাত্ৰী কঢ়িয়াই নিয়াৰ ক্ষমতা আছে আৰু জিন্দ–সোনিপত অংশত চলাচল কৰে। ই ৰে’লখনৰ ভিতৰতে নিজে বিদ্যুৎ উৎপাদন কৰে আৰু পানীৰ বাষ্প আৰু তাপ ইয়াৰ একমাত্ৰ উপজাত।

ভাৰতক সংযোগ কৰা পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ
অধিক বিস্তৃত আৰু সক্ষম পথ নেটৱৰ্কে অঞ্চলসমূহক ইজনে সিজনৰ ওচৰলৈ আনিছে। ৰাষ্ট্ৰীয় ঘাইপথ, গ্ৰাম্য পথ আৰু বৃহৎ কৰিড’ৰৰ সম্প্ৰসাৰণে মানুহ আৰু সামগ্ৰীৰ অধিক সুচল চলাচল সম্ভৱ কৰি তুলিছে।

  • ভাৰতৰ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পথ নেটৱৰ্ক আছে, যাৰ দৈৰ্ঘ্য ৬৩.৭৩ লাখ কিলোমিটাৰ।
  • ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য বিত্তীয় বৰ্ষ ১৪ত ৯১,২৮৭ কিলোমিটাৰৰ পৰা প্ৰায় ৬১% বৃদ্ধি পাই ২০২৬ চনৰ মাৰ্চত ১,৪৬,৫৭২ কিলোমিটাৰ হৈছে।
  • চাৰি-লেন আৰু তাতকৈ অধিক ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ২০১৪ চনৰ ১৮,৩৭১ কিলোমিটাৰৰ পৰা ৪৫,৫১৬ কিলোমিটাৰলৈ বৃদ্ধি পাইছে।
  • প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত পথৰ দৈৰ্ঘ্য ২০০০–২০১৪ সময়ছোৱাৰ ৩.৮৬ লাখ কিলোমিটাৰৰ পৰা ২০১৪–২০২৬ সময়ছোৱাত ৪.১১ লাখ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। ২০২৪ চনৰ ছেপ্টেম্বৰৰ পৰা PMGSY-IV আৰম্ভ কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে ২০২৯ চনৰ ভিতৰত ২৫,০০০টা সংযোগবিহীন বসতিক সংযোগ প্ৰদান কৰা।
  • ভাৰতমালা অধীনত ২০২৬ চনৰ ৩১ মাৰ্চলৈ ২২,৫৯০ কিলোমিটাৰ পথ সম্পূৰ্ণ কৰা হৈছে।

দলং আৰু সুৰংগ: অভিযান্ত্ৰিকতাৰ নতুন সীমা
অভিযান্ত্ৰিকতাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিয়ে ভাৰতৰ কিছুমান অতি কঠিন ভৌগোলিক প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। এই প্ৰকল্পসমূহে দুৰ্গম ভূখণ্ডৰ মাজেৰে নতুন পথ মুকলি কৰিছে।

  • চেনাব দলং (২০২৫): বিশ্বৰ সৰ্বোচ্চ ৰে’ল আৰ্চ দলং, চেনাব নদীৰ পৰা ৩৫৯ মিটাৰ উচ্চতাত অৱস্থিত; ১,৩১৫ মিটাৰ দৈৰ্ঘ্যৰ ষ্টীল গঠনে জম্মু–শ্ৰীনগৰ সংযোগ শক্তিশালী কৰিছে।
  • আঞ্জি খাদ দলং (২০২৫): জম্মু আৰু কাশ্মীৰত ভাৰতৰ প্ৰথম কেবল-ষ্টেইড ৰে’ল দলং।
  • পাম্বান দলং (২০২৫): ভাৰতৰ প্ৰথম উলম্বভাৱে উঠা-নমা কৰিব পৰা ৰে’ল সাগৰীয় দলং, ৰামেশ্বৰমক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰিছে; ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনত ৭২.৫ মিটাৰ উলম্ব উত্তোলনযুক্ত স্পেন আছে।
  • জেড-মৰ্হ/সোনমাৰ্গ সুৰংগ (২০২৫): ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটোৱে হিমস্খলনপ্ৰৱণ ভূখণ্ডৰ মাজেৰে সকলো বতৰত সংযোগ প্ৰদান কৰি জম্মু আৰু কাশ্মীৰৰ পৰা লাডাখলৈ যাতায়াত উন্নত কৰিছে।
  • সুদৰ্শন সেতু (২০২৪): গুজৰাটৰ ওখাক বেইট দ্বাৰকাৰ সৈতে সংযোগ কৰা ২.৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং।
  • অটল সুৰংগ (২০২০): ৯.০২ কিলোমিটাৰ—১০,০০০ ফুটৰ ওপৰত অৱস্থিত বিশ্বৰ সৰ্বদীঘল ঘাইপথ সুৰংগ, যিয়ে মানালী আৰু লাহৌল-স্পিতিক সংযোগ কৰিছে।
  • ড° শ্যামাপ্ৰসাদ মুখাৰ্জী সুৰংগ (২০১৭): জম্মু আৰু শ্ৰীনগৰৰ মাজত ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সকলো বতৰৰ উপযোগী সুৰংগ, যিয়ে যাত্ৰাৰ সময় প্ৰায় ২ ঘণ্টা হ্ৰাস কৰিছে।

অসামৰিক বিমান পৰিবহন আৰু আঞ্চলিক বিমান সংযোগ
বিমান সংযোগ অধিকসংখ্যক চহৰ, নগৰ আৰু দুৰ্গম অঞ্চললৈ সম্প্ৰসাৰিত হৈছে। বিমানবন্দৰ, UDAN (Ude Desh ka Aam Naagrik) পথ আৰু ডিজিটেল যাত্ৰী সেৱাৰ সম্প্ৰসাৰণে সমগ্ৰ দেশতে বিমান যাত্ৰা অধিক সহজলভ্য কৰি তুলিছে।

  • ১৫ জুলাই ২০২৬লৈ UDAN-এ ৬৭৯টা পথৰ জৰিয়তে ৯৫টা বিমানবন্দৰ, হেলিপ’ৰ্ট আৰু জলবিমানঘাট সংযোগ কৰিছে আৰু ১.৬৮ কোটিৰো অধিক যাত্ৰী উপকৃত হৈছে।
  • কাৰ্যকৰী বিমানবন্দৰৰ সংখ্যা ২০১৪ চনৰ ৭৪টাৰ পৰা ২০২৬ চনৰ জুলাইত ১৬৫টালৈ বৃদ্ধি পাইছে।
  • ২০১৪ৰ পিছত ২৫টা গ্ৰীণফিল্ড বিমানবন্দৰ অনুমোদিত হৈছে।
  • Digi Yatra ৩৮টা বিমানবন্দৰত সক্ৰিয় হৈ আছে। এপটোৱে ১০ কোটিতকৈ অধিক নিৰৱচ্ছিন্ন যাত্ৰা সম্ভৱ কৰি তুলিছে আৰু ২.৪ কোটিতকৈ অধিক ডাউনলোড হৈছে।
  • ২০২৬ চনৰ মাৰ্চত ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩৫–৩৬ বিত্তীয় বৰ্ষলৈ ২৮,৮৪০ কোটি টকাৰ ব্যয়ৰে সংশোধিত UDAN অনুমোদিত হৈছে, যিয়ে অন্তিম-মাইল আঞ্চলিক বিমান সংযোগ শক্তিশালী কৰাৰ বাবে ১০০টা নতুন বিমানবন্দৰ আৰু ২০০টা আধুনিক হেলিপেডৰ পৰিকল্পনা কৰিছে।

মেট্ৰ’: গণ নগৰ পৰিবহনৰ উত্থান
ভাৰতৰ নগৰীয় যাতায়াত নেটৱৰ্ক পৰিসৰ আৰু ব্যাপ্তি দুয়োটা দিশতে সম্প্ৰসাৰিত হৈছে। মেট্ৰ’ সংযোগ এতিয়া অধিক চহৰলৈ বিস্তৃত হৈছে, আনহাতে উদ্ভাৱনীমূলক ব্যৱস্থাই নগৰীয় পৰিবহনৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে।

  • মেট্ৰ’ নেটৱৰ্ক ২০১৪ চনৰ ২৪৮ কিলোমিটাৰৰ পৰা ২০২৬ চনত ১,১৫৫ কিলোমিটাৰতকৈ অধিকলৈ বৃদ্ধি পাইছে।
  • মেট্ৰ’ সংযোগ থকা চহৰৰ সংখ্যা ৫খনৰ পৰা ২৬খনলৈ বৃদ্ধি পাইছে, আনহাতে দৈনিক যাত্ৰী সংখ্যা ১.১৫ কোটি অতিক্ৰম কৰিছে।
  • কলকাতাই ২০২৪ চনত ভাৰতৰ প্ৰথম পানীৰ তলৰ মেট্ৰ’ সুৰংগ কাৰ্যকৰী কৰে।
  • কোচিয়ে ভাৰতৰ প্ৰথম ৱাটাৰ মেট্ৰ’ (Water Metro) ব্যৱস্থা কাৰ্যকৰী কৰে, যাৰ প্ৰথমখন নাও ২০২১ চনৰ ডিচেম্বৰত মুকলি কৰা হৈছিল।

ভাৰতৰ সামুদ্ৰিক গতি
ভাৰতৰ অৰ্থনীতিৰ বিকাশ আৰু বাণিজ্যৰ সম্প্ৰসাৰণক সহায় কৰিবলৈ দেশখনে নিজৰ সামুদ্ৰিক মেৰুদণ্ড শক্তিশালী কৰিছে। বন্দৰ, জলপথ আৰু সামুদ্ৰিক আন্তঃগাঁথনিত বিনিয়োগে অধিক সক্ষম আৰু সংযুক্ত পৰিৱেশ সৃষ্টি কৰিছে।

  • মুখ্য বন্দৰসমূহৰ মাল পৰিচালন ক্ষমতা ২০১৪ চনৰ ৮৭৩ নিযুত মেট্ৰিক টন প্ৰতি বছৰ (Million Metric Tonnes Per Annum - MMTPA)ৰ পৰা ২০২৬ চনত প্ৰায় দুগুণ হৈ ১,৭২৮ MMTPA হৈছে।
  • জাহাজৰ টাৰ্ণআৰাউণ্ড সময় ৯৪ ঘণ্টাৰ পৰা ২০২৫–২৬ত ৪৮.৮ ঘণ্টালৈ উন্নত হৈছে।
  • মুখ্য বন্দৰসমূহে মিলিতভাৱে ২০২৫–২৬ বিত্তীয় বৰ্ষত ৯১৫.১৭ মেট্ৰিক টন (MT) মাল পৰিচালনা কৰিছে, যি ২০১৪–১৫ বিত্তীয় বৰ্ষৰ ৫৮১ MTৰ পৰা বৃদ্ধি পাইছে।
  • সাগৰমালা কাৰ্যসূচীয়ে বন্দৰ-নেতৃত্বাধীন বিকাশ, উপকূলীয় সংযোগ আৰু লজিষ্টিকছৰ একীকৰণ শক্তিশালী কৰিছে।
  • ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ২০১৪ চনৰ ৫টাৰ পৰা ২০২৬ চনত ১১১টালৈ বৃদ্ধি পাইছে, ইয়াৰে ৩২টা কাৰ্যকৰী।
  • ২০২৫ চনত ভাৰত বিশ্বৰ ১ নম্বৰ জাহাজ-পুনঃব্যৱহাৰকাৰী দেশত পৰিণত হয়, যাৰ বিশ্বব্যাপী অংশ ২০২৪ চনৰ ৩০.১%ৰ পৰা ২০২৫ চনত ৩৫.৪%লৈ বৃদ্ধি পায়—২.৯৯ মিলিয়ন গ্ৰছ টন (GT) পুনঃব্যৱহাৰ কৰা হয়, যি ২০২৪ চনৰ ১.৮৬ মিলিয়ন GTৰ তুলনাত প্ৰায় ৬০% বৃদ্ধি।
  • বিশ্ব বেংকে প্ৰকাশ কৰা Container Port Performance Index (CPPI) ২০২৫ অনুসৰি জৱাহৰলাল নেহৰু বন্দৰ ২২ নম্বৰ স্থানত আছে।
  • ভাৰত মেৰিটাইম ইনস্যুৰেন্স পুল (Bharat Maritime Insurance Pool - BMIP) ১২ মে’ ২০২৬ত মুকলি কৰা হৈছে। ই ১.৫ বিলিয়ন আমেৰিকান ডলাৰৰ ঘৰুৱা বীমা পুল, য’ত ১.৪ বিলিয়ন আমেৰিকান ডলাৰৰ (১২,৯৮০ কোটি টকা) সাৰ্বভৌম গেৰাণ্টি আছে। ই ভাৰতীয় পতাকাবাহী/নিয়ন্ত্ৰিত জাহাজৰ বাবে হাল এণ্ড মেচিনেৰী, কাৰ্গো, প্ৰটেকচন এণ্ড ইনডেমনিটি, (Hull & Machinery, Cargo, Protection and Indemnity) আৰু ৱাৰ ৰিস্ক (War risk) সামৰি লয়। ২০২৬ চনৰ ২৯ জুলাইলৈ পুলটোৰ অধীনত কাৰ্গো ৱাৰ ৰিস্ক (Cargo War risks) আৰু হাল ৱাৰ ৰিস্ক (Hull War risks) সামৰি মুঠ ১,৬০৮খন পলিচি জাৰি কৰা হৈছে।

লজিষ্টিকছ আৰু ঔদ্যোগিক সক্ষমতা শক্তিশালীকৰণ
আন্তঃগাঁথনিক এতিয়া উদ্যোগ আৰু বাণিজ্যক সহায় কৰা এক আন্তঃসংযুক্ত নেটৱৰ্ক হিচাপে অধিক পৰিকল্পিতভাৱে গঢ়ি তোলা হৈছে। গতিশক্তিৰ পৰা ঔদ্যোগিক কৰিড’ৰলৈকে, সমন্বয়, দক্ষতা আৰু উৎপাদন ক্ষমতা উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

  • পি.এম. গতিশক্তি (PM GatiShakti), নেশ্যনেল মাষ্টাৰ প্লেন (National Master Plan)-এ ৩,২৯১টাতকৈ অধিক ডাটা স্তৰ ব্যৱহাৰ কৰি ৫৮টা মন্ত্ৰালয় আৰু বিভাগৰ মাজত আন্তঃগাঁথনি পৰিকল্পনা একত্ৰিত কৰিছে।
  • ১১ আগষ্ট ২০২৬লৈ নেটৱৰ্ক প্লেনিং গ্ৰুপ (Network Planning Group) ব্যৱস্থাৰ জৰিয়তে মুঠ আনুমানিক ১৮.৬৬ লাখ কোটি টকা ব্যয়ৰ ৩৯৬টা আন্তঃগাঁথনি প্ৰকল্পৰ মূল্যায়ন কৰা হৈছে। ইয়াৰে ২৫৬টা প্ৰকল্প অনুমোদিত হৈছে আৰু ১৯৮টা প্ৰকল্প ৰূপায়ণৰ অধীনত আছে।
  • ৰাষ্ট্ৰীয় লজিষ্টিকছ নীতিয়ে বহুমুখী লজিষ্টিকছৰ দক্ষতা আৰু যোগান শৃংখলৰ একীকৰণ শক্তিশালী কৰিছে।
  • PRAGATI-এ ৮৫ লাখ কোটি টকাৰো অধিক মূল্যৰ ৩৮২টা প্ৰকল্প পৰ্যালোচনা কৰিছে আৰু ২,৯৫৮টা সমস্যা সমাধান কৰিছে।
  • India Industrial Land Bank (IILB)-ত ৪,২২০টাতকৈ অধিক ঔদ্যোগিক উদ্যান মেপ কৰা হৈছে।
  • সমগ্ৰ দেশত ২৭২টা প্লাগ-এণ্ড-প্লে ঔদ্যোগিক উদ্যান কাৰ্যকৰী হৈ আছে।
  • ৭টা ঔদ্যোগিক কৰিড’ৰৰ মাজেৰে ২০খন ঔদ্যোগিক স্মাৰ্ট চিটি অনুমোদিত হৈছে।
  • ১০০টা নতুন প্লাগ-এণ্ড-প্লে ঔদ্যোগিক উদ্যান বিকশিত কৰিবলৈ ২০২৬ চনৰ মাৰ্চত BHAVYA আঁচনি অনুমোদিত হৈছে।
  • BHAVYA Rasayan আঁচনি ২৪ জুলাই ২০২৬ত ৩,০৩০ কোটি টকাৰ ব্যয়ৰে অনুমোদিত হৈছে। এই আঁচনি পাঁচ বছৰৰ বাবে, ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০–৩১ বিত্তীয় বৰ্ষলৈ ৰূপায়ণ কৰা হ’ব।
  • উৎপাদন পৰিৱেশ শক্তিশালী কৰিবলৈ ৭টা Pradhan Mantri MITRA Park প্ৰস্তাৱ কৰা হৈছে।

পানী, গৃহ আৰু নগৰ উন্নয়ন
আন্তঃগাঁথনিৰ এই গতি পোনপটীয়াকৈ মানুহৰ ঘৰ আৰু দৈনন্দিন প্ৰয়োজনীয়তালৈ সম্প্ৰসাৰিত হৈছে। নলৰ পানীৰ প্ৰৱেশাধিকাৰ আৰু সুলভ গৃহৰ পৰা নগৰ পুনৰ্নৱীকৰণলৈকে, এই প্ৰচেষ্টাসমূহে গ্ৰাম্য আৰু নগৰীয়া ভাৰতত উন্নত জীৱন-যাপনৰ পৰিস্থিতি গঢ়ি তুলিছে।

  • জল জীৱন মিছনৰ (JJM) অধীনত গ্ৰাম্য নলৰ পানীৰ কভাৰেজ ২০১৯ চনৰ ৩.২৩ কোটিৰ পৰা ২০২৬ চনৰ ১০ আগষ্টলৈ প্ৰায় ১৫.৯১ কোটি পৰিয়াললৈ বৃদ্ধি পাইছে।
  • JJM 2.0 ২০২৬ চনৰ মাৰ্চত অনুমোদিত হৈছে। মিছনটো ২০২৮ চনৰ ডিচেম্বৰলৈ সম্প্ৰসাৰিত কৰা হৈছে, আৰু ব্যয় বৃদ্ধি কৰি ৮.৬৯ লাখ কোটি টকা কৰা হৈছে।
  • প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ (Pradhan Mantri Awas Yojana-Urban - PMAY-U)ৰ অধীনত ২০২৬ চনৰ ১২ আগষ্টলৈ ৯৯.২৫ লাখ ঘৰ সম্পূৰ্ণ কৰা হৈছে। PMAY-U 2.0ৰ অধীনৰ প্ৰায় ৯৬% ঘৰ মহিলাসকলৰ নামত আবণ্টন কৰা হৈছে।
  • প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (Pradhan Mantri Awas Yojana-Grameen - PMAY-G)ৰ অধীনত অনুমোদিত ৩.৯১ কোটি ঘৰৰ ভিতৰত ২০২৬ চনৰ ১২ আগষ্টলৈ ৩.১৩ কোটি ঘৰ সম্পূৰ্ণ কৰা হৈছে। PMAY-Gৰ অধীনত অনুমোদিত ঘৰৰ প্ৰায় ৭৫% হয় মহিলাৰ নামত অথবা যুটীয়া মালিকানাত আছে।
  • ২০১৯ চনত আৰম্ভ কৰা SWAMIH (Special Window for Affordable and Mid-Income Housing) পুজি-এ ২০২৬ চনৰ জুনলৈ ৬৩,০০০তকৈ অধিক ঘৰ প্ৰদান কৰিছে, যাৰ ফলত প্ৰায় ২.৫২ লাখ লোক উপকৃত হৈছে।
  • Atal Mission for Rejuvenation and Urban Transformation (AMRUT) আৰু AMRUT 2.0ৰ অধীনত ২০১৫ চনৰ পৰা প্ৰায় ২.৭৯ লাখ কোটি টকাৰ প্ৰকল্প অনুমোদিত হৈছে।
  • স্মাৰ্ট চিটিজ মিছন (Smart Cities Mission)-ৰ অধীনত ২০২৬ চনৰ মাৰ্চলৈ মুঠ ৭,৭৯০টা প্ৰকল্প, যাৰ মূল্য ১,৫৬,২৫৭ কোটি টকা, সম্পূৰ্ণ কৰা হৈছে।

অধিক শক্তিশালী, ভৱিষ্যত-প্ৰস্তুত ভাৰতৰ বাবে আন্তঃগাঁথনি
ভাৰতৰ আন্তঃগাঁথনিৰ যাত্ৰাই ৰাষ্ট্ৰীয় বিকাশৰ পৰিসৰ আৰু উচ্চাকাংক্ষাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক পৰিৱৰ্তন প্ৰতিফলিত কৰিছে। গুৰুত্ব এতিয়া এনে স্থিতিস্থাপক, উচ্চ-ক্ষমতাসম্পন্ন ব্যৱস্থা নিৰ্মাণৰ দিশে স্থানান্তৰিত হৈছে, যিয়ে কেৱল বৰ্তমানৰ দ্ৰুতগতিত বিকাশশীল অৰ্থনীতিক সহায় কৰাই নহয়, বৰং ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহৰো পূৰ্বানুমান কৰে। সামূহিকভাৱে, এই পদক্ষেপসমূহে অধিক দক্ষ, সৰ্বাংগীন আৰু ভৱিষ্যত-প্ৰস্তুত ভাৰতৰ বাবে ভেটি শক্তিশালী কৰিছে।

তথ্যসূত্ৰ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
 

 

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1703457&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2133723&reg=3&lang=2

https://www.pmindia.gov.in/en/news_updates/cabinet-approves-implementation-of-the-pradhan-mantri-awaas-yojana-gramin-pmay-g-during-fy-2024-25-to-2028-29/

 

 

কেবিনেট
 

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2295480&reg=48&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2292445&reg=48&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2292433&reg=48&lang=2

 

 

প্ৰতিৰক্ষা মন্ত্ৰালয়

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1796961&reg=3&lang=2

 

 

বিত্ত মন্ত্ৰালয়

 

https://www.indiabudget.gov.in/doc/eb/sbe87.pdf

https://www.indiabudget.gov.in/doc/eb/sbe87.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2257087&reg=3&lang=1

 


অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

 

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2267024&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2245471&reg=1&lang=1

 


ৰে’ল মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2256054&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2248962&v=1&v=1fdkfdkfmdskf&regv=s11%60&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1882109&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2209846&reg=1&lang=1

 


গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2223878&reg=3&lang=1

https://pmayg.dord.gov.in/netiayHome/Home.aspx

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2293938&reg=3&lang=1

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2231861&reg=6&lang=1

https://pmay-urban.gov.in/

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2266262&reg=48&lang=2

 


তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2098788®=3&lang=2


বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

https://indiaindustriallandbank.gov.in/login1

https://pmgatishakti.gov.in/pmgatishakti/login

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2131526&reg=3&lang=2

https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2225808&reg=3&lang=2

 

 

জল শক্তি মন্ত্ৰালয়

https://www.jalshakti-dowr.gov.in/static/uploads/2026/02/71facba772426d78db2d39f8c0c2a34b.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2295509&reg=3&lang=1

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=158959&ModuleId=3&reg=48&lang=1

 


শক্তি মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2215761&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2157549&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2215761&reg=3&lang=2

 

 

পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়

 

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2223330&reg=3&lang=1

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2220128&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2290493&reg=48&lang=2

 


স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
https://nextgen.ehospital.gov.in/dashboard/

 

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

 

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2202412&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2249113&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2227665&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2297606&reg=48&lang=1

 


ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)

https://www.digilocker.gov.in/web/statistics

https://pmwani.gov.in/wani

 

 

গ্ৰামোন্নয়ন মন্ত্ৰালয়

 

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2201070&reg=3&lang=1

https://pmgsy.dord.gov.in/dbweb

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2288999&reg=48&lang=2

 

 

প্ৰেছ ইনফ’ৰমেশ্যন ব্যুৰো

 

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154355&ModuleId=3&reg=3&lang=2

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2022/jul/doc20227169101.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2214872&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2278422&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2293256&reg=48&lang=1

ভাৰতৰ আন্তঃগাঁথনি ৰূপান্তৰ: সংযোগৰ পৰা সামৰ্থ্যলৈ

******

পিআইবি গৱেষণা

RR

(तथ्य सामग्री आईडी: 150929) आगंतुक पटल : 34


Provide suggestions / comments
इस विश्लेषक को इन भाषाओं में पढ़ें : English , हिन्दी , Malayalam , Bengali , Telugu , Kannada