Technology
পৰৱৰ্তী-প্ৰজন্মৰ প্ৰযুক্তিক চালিতকৰণ
प्रविष्टि तिथि:
22 OCT 2025 17:08 PM
থলুৱা ৭ নেনোমিটাৰ প্ৰচেছৰে উদ্ভাৱনক ইন্ধন যোগাইছে
ভাৰতে বিগত দশকটোত নিজৰ দেশীয় অৰ্ধপৰিবাহীৰ সক্ষমতা ক্ৰমান্বয়ে আগবঢ়াইছে। ইতিমধ্যে ঘৰুৱাভাৱে প্ৰস্তুত প্ৰচেছৰ আৰ্কিটেকচাৰ বিকশিত কৰিছে, ডিজাইনৰ প্ৰতিভাৰ লালন-পালন কৰিছে আৰু গৱেষণাৰ আন্তঃগাঁথনি শক্তিশালী কৰিছে। এই প্ৰচেষ্টাসমূহে বিশ্বব্যাপী চিপ ডিজাইন পৰিৱেশ তন্ত্ৰত এক মুখ্য দেশ হিচাপে ভাৰতে নিজৰ এক শক্তিশালী ভেটি গঢ়ি তুলিছে।
এই অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি ভাৰতে এতিয়া ৭ নেনোমিটাৰ প্ৰচেছৰৰ বিকাশৰ সৈতে এক ডাঙৰ পদক্ষেপ লৈছে, যাৰ ফলত ই উন্নত ন'ড ছেমিকণ্ডাক্টৰ ডিজাইনত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ১৮ অক্টোবৰ, ২০২৫ তাৰিখে ঘোষণা কৰা এই পদক্ষেপটোৱে ভাৰতৰ ছেমিকণ্ডাক্টৰ যাত্ৰাৰ এক নিৰ্ণায়ক মুহূৰ্তক চিহ্নিত কৰে আৰু আত্মনিৰ্ভৰশীল, পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি উদ্ভাৱনৰ প্ৰতি দেশখনৰ দায়বদ্ধতাক সুদৃঢ় কৰে।
ৰূপায়ণৰ ৰূপৰেখা
- শক্তি পদক্ষেপৰ জৰিয়তে বিকশিত ভাৰতৰ প্ৰচেছৰ ডিজাইন পৰিৱেশ তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মাদ্ৰাছ (আই আই টি মাদ্ৰাছ)ৰ দ্বাৰা এই ৭ নেনোমিটাৰ প্ৰচেছৰ নিৰ্মাণ কৰা হৈছে। ২০১৩ চনত আৰম্ভ হোৱা শক্তি, মুক্ত উৎস নিৰ্দেশনা আৰ্কিটেকচাৰৰ ওপৰত আধাৰিত, যিয়ে যিকোনো ব্যক্তিক কোনো বাধা নোহোৱাকৈ ইয়াক গ্ৰহণ আৰু ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে।
- ভাৰতে বৰ্তমান RISC-V আৰ্কিটেকচাৰৰ অভিযোজনা কৰিছে। এয়া এক মুক্ত উৎস আৰ্কিটেকচাৰ। লগতে এয়া বিভিন্ন প্ৰকাৰৰ ডিভাইচৰ ওপৰত ভিত্তি কৰি বিকশিত মাইক্ৰ’প্ৰচেছৰৰ এক শ্ৰেণী। শক্তি প্ৰকল্পৰ অংশ হিচাপে এটা মধ্যম-পৰিসৰৰ মুক্ত উৎস প্ৰচেছৰ বিকশিত কৰা হৈছে। ইয়াৰ জৰিয়তে যিকোনো ষ্টাৰ্ট-আপে কামটো গ্ৰহণ কৰিব পৰা আৰু আগুৱাই নিয়া কাৰ্য্য নিশ্চিত কৰা হৈছে।
- প্ৰকল্পটোৱে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত কাম কৰে। মন্ত্ৰালয়টোৱে অৰ্ধপৰিবাহী গৱেষণা আৰু উন্নয়ন, চিপ ডিজাইন আৰু উদ্ভাৱন আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ নেতৃত্ব প্ৰদান কৰিছে।
- এই পদক্ষেপ ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ সৈতে সংগতিপূৰ্ণ। এই মিছন হৈছে এণ্ড-টু-এণ্ড অৰ্ধপৰিবাহী আৰু ডিছপ্লে’ নিৰ্মাণ সামৰ্থ্য স্থাপন তথা ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স মূল্য শৃংখলক সুদৃঢ়কৰণৰ বাবে এক সমৰ্পিত কাৰ্য্যক্ৰম।
- এই কাঠামোৰ দ্বাৰা গৱেষণা আৰু উন্নয়ন আন্তঃগাঁথনিৰ বৰ্ধন তথা প্ৰতিভাৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে শৈক্ষিক মহল, উদ্যোগ আৰু ষ্টাৰ্টআপসমূহৰ মাজৰ সহযোগিতা বৃদ্ধি কৰা হৈছে।
ভাৰতৰ ৭ এনএম-লৈ অগ্ৰগতিঃ গুৰুত্বপূৰ্ণ দিশ
- উন্নত প্ৰদৰ্শন আৰু শক্তি দক্ষতাৰ বাবে ডিজাইন কৰা ৭ এনএম প্ৰচেছৰে বিত্তীয় সেৱা, যোগাযোগ, প্ৰতিৰক্ষা আৰু কৌশলগত খণ্ডসমূহত চাৰ্ভাৰ এপ্লিকেচনসমূহক লক্ষ্য কৰি লৈছে।
- এয়াই অৰ্ধপৰিবাহী ডিজাইনৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি লাভ কৰা কাৰ্য্যক সূচিত কৰে। ই অধিক ট্ৰেঞ্জিষ্টৰ ডেনচিটি আৰু বৰ্ধিত কম্পিউটিং কাৰ্য্যক্ষমতাক সামৰি লৈছে।
- ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত ঘৰুৱা অৰ্ধপৰিবাহী নিৰ্মাণ ক্ষমতা আহৰণৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰে সংগতি ৰাখি ফিউচাৰ ফেব্ৰিকেচন সংহতিৰ বাবে ভাৰতৰ প্ৰস্তুতিক ত্বৰান্বিত কৰিছে।
- ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ অধীনত মূল ক্ষেত্ৰসমূহ — ৫জি, এআই আৰু ছুপাৰ কম্পিউটিঙৰ দৰে উদীয়মান প্ৰযুক্তিৰাজিৰ আধাৰ স্থাপন কৰিছে।
- আত্মনিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ অধীনত ভাৰতৰ প্ৰযুক্তিগত আত্ম-নিৰ্ভৰতাৰ কৌশলগত লক্ষ্যক সুদৃঢ়, জটিল প্ৰয়োগৰ বাবে আমদানিকৃত চিপৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে।
বিশ্ব অৰ্ধপৰিবাহী বাতাবৰণত ভাৰত
- ৭৬,০০০ কোটি টকাৰ ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন-ৰ অধীনত ছখন ৰাজ্যত ১.৬ লাখ কোটিৰো অধিক টকা বিনিয়োগেৰে ১০ টা অৰ্ধপৰিবাহী প্ৰকল্পত অনুমোদন জনোৱা হৈছে।
- ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ডিজাইন লিংকড ইনচেন্টিভ আঁচনিৰ অধীনত ২৮৮ ৰো অধিক শৈক্ষিক প্ৰতিষ্ঠানলৈ সমৰ্থন আগবঢ়োৱা হৈছে।
- থলুৱা ৭ এনএম প্ৰচেছৰ ডিজাইন পদক্ষেপে ভাৰতৰ উন্নত ন’ড গৱেষণা আৰু বিকাশৰ প্ৰৱেশ কাৰ্য্যক সূচিত কৰিছে। ইয়াৰ ফলশ্ৰুতিত ভাৰতে, আমেৰিকা যুক্তৰাষ্ট্ৰ, টাইৱান আৰু দক্ষিণ কোৰিয়াৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত অগ্ৰশীল দেশৰ লগত ন’ডৰ ওপৰত গৱেষণা আৰু ডিজাইন কৰাৰ ক্ষেত্ৰত ফেৰ মাৰিবলৈ সক্ষম হৈছে।
- এই পদক্ষেপসমূহে একেলগে গোলকীয় ছেমিকণ্ডাক্টৰ মূল্য শৃংখলত ভাৰতৰ স্থানক এক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে শক্তিশালী কৰে আৰু এটা এণ্ড-টু-এণ্ড অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দৃষ্টিভংগীক আগুৱাই নিয়ে।
ভৱিষ্যতৰ ৰূপৰেখা
- ছেমিকন ইণ্ডিয়া প্ৰগ্ৰেমৰ জৰিয়তে চাব-৭ নেন’ মিটাৰ ন’ডৰ দিশত অগ্ৰগতি অব্যাহত ৰখা।
- ভাৰতত উন্নত চিপ ডিজাইন, পৰীক্ষণ আৰু পেকেজিঙৰ সুবিধা স্থাপন কৰা।
- ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ আৰু আইএছএম-ৰ অধীনত অৰ্ধপৰিবাহী পদক্ষেপে বৃহৎ বিনিয়োগক আকৰ্ষিত আৰু হাজাৰ-হাজাৰ উচ্চ-দক্ষতাসম্পন্ন চাকৰিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
- ২৪ টা চিপ ডিজাইন প্ৰকল্পত অনুমোদন জনোৱা হৈছে আৰু ৮৭ টা কোম্পানীয়ে এতিয়া উন্নত ডিজাইন আহিলা ব্যৱহাৰ কৰিছে।
- এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতত বিশ্বৰ বাবে চিপছ নিৰ্মাণ কৰা।
থলুৱা ৭ নেন’ মিটাৰ প্ৰচেছৰ পদক্ষেপে প্ৰযুক্তিগত কৃতিত্বতকৈয়ো অধিক অগ্ৰগতি লাভ কৰা কাৰ্য্যক সূচিত কৰে — এয়া এক উদ্দেশ্যৰ বিবৃতি। উদ্ভাৱন, শৈক্ষিক মহল আৰু উদ্যোগৰ মাজত সংযোগ স্থাপনেৰে ভাৰতে এটি আত্ম-নিৰ্ভৰ, বিশ্বব্যাপী প্ৰতিযোগিতামূলক অৰ্ধপৰিবাহী বাতাবৰণৰ ভেটি স্থাপন কৰিছে। স্থায়ী গৱেষণা আৰু উন্নয়ন তথা কৌশলগত বিনিয়োগৰ জৰিয়তে ৰাষ্ট্ৰখন বিশ্বব্যাপী অৰ্ধপৰিবাহী মূল্য শৃংখলৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।
সমল
https://www.pib.gov.in/FactsheetDetails.aspx?Id=150300
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2155456
https://cdn.digitalindiacorporation.in/wp-content/uploads/2025/09/PIB2163622.pdf
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2150464
https://x.com/AshwiniVaishnaw/status/1979531474950095199
Click here to see PDF
***
BM/DPS/SB
(तथ्य सामग्री आईडी: 150422)
आगंतुक पटल : 20
Provide suggestions / comments