প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ খাড়কৱাছলাস্থিত এনডিএৰ ১৫১সংখ্যক পাঠ্যক্ৰম, শৰৎকালীন পৰ্ব ২০২৬ৰ দীক্ষান্ত সমাৰোহ পেৰেড পৰিদৰ্শন

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰত্যাহ্বান মোকাবিলাৰ বাবে স্বদেশী সমাধানৰ বিকাশৰ লগতে উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তুলিব লাগিব ভৱিষ্যতৰ সামৰিক নেতাসকলে : ৰাজনাথ সিং

পোষ্ট কৰা হৈছে: 29 NOV 2026 11:24AM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি (২৯ নৱেম্বৰ, ২০২৬) মহাৰাষ্ট্ৰৰ খাড়কৱাছলাস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এনডিএ)-ৰ ১৫১সংখ্যক পাঠ্যক্ৰম, শৰৎকালীন পৰ্ব ২০২৬ৰ দীক্ষান্ত সমাৰোহ পেৰেড পৰিদৰ্শন কৰে। ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কঠোৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰা স্নাতক কেডেটসকলক অভিনন্দন জনোৱাৰ লগতে দেশৰ স্বাধীনতা সুৰক্ষিত কৰা আৰু বৰ্তমানেও দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে আত্মত্যাগ আৰু বীৰত্ব প্ৰদৰ্শন কৰি অহা স্বাধীনতা সংগ্ৰামী তথা প্ৰতিৰক্ষা বাহিনীৰ সদস্যসকলৰ গৌৰৱময় ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়।

 

শ্ৰী ৰাজনাথ সিঙে ভৱিষ্যতৰ সামৰিক নেতাসকলক উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। দ্ৰুতগতিত সলনি হৈ থকা গোলকীয় নিৰাপত্তা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বাবে থলুৱা সমাধান বিকশিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “বিশ্বই এতিয়া গুৰুত্বপূৰ্ণ ভূ-ৰাজনৈতিক পৰিৱৰ্তন আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ সাক্ষী হৈছে, যিয়ে যুদ্ধৰ প্ৰকৃত স্বৰূপকে সলনি কৰি পেলাইছে। সংঘাতসমূহ এতিয়া কেৱল স্থল, জল আৰু বায়ুতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ৰমবৰ্ধমান ভূমিকাৰ লগতে চাইবাৰ ক্ষেত্ৰ আৰু মহাকাশৰ দৰে নতুন ক্ষেত্ৰলৈও সম্প্ৰসাৰিত হৈছে। সময়ৰ লগে লগে প্ৰশিক্ষণৰ পদ্ধতি সলনি হৈ থাকিলেও, কেডেটসকলে নিৰন্তৰ শিকাৰ মানসিকতা গঢ়ি তুলিব লাগিব, কাৰণ আজি প্ৰাসংগিক হৈ থকা প্ৰযুক্তিসমূহ কাইলৈ অপ্ৰচলিত হৈ পৰিব পাৰে”।

 

ভাৰতৰ জনগাঁথনিগত পৰিৱৰ্তনৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে দেশখনে এনে এক ভৱিষ্যতৰ বাবে সাজু হ’ব লাগিব য’ত প্ৰযুক্তিগত সক্ষমতা আৰু যন্ত্ৰ শক্তিয়ে মানৱ সম্পদৰ পৰিপূৰক হিচাপে ক্ৰমান্বয়ে কাম কৰিব। দেশৰ সামৰ্থ্য শক্তিশালী কৰিবলৈ আৰু ভাৰতক বিশ্বৰ আগশাৰীলৈ আগুৱাই নিবলৈ তেওঁ যুৱক-যুৱতীসকলক ‘মগজু শক্তি’ (বৌদ্ধিক শক্তি) আৰু ‘জনশক্তি’ৰ সমন্বয়ক কামত লগাবলৈ আহ্বান জনায়।

শ্ৰী ৰাজনাথ সিঙে সামৰিক নেতৃত্বত বিশ্বাস আৰু দলীয় বান্ধোনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে সৈনিকসকলে তেওঁলোকৰ নেতাসকলক কেৱল পদবী বা কৰ্তৃত্বৰ বাবেই অনুসৰণ নকৰে, বৰঞ্চ তেওঁলোকে জগাই তোলা আস্থা আৰু সন্মানৰ বাবেহে অনুসৰণ কৰে। তেওঁ কেডেটসকলক নিজৰ সহকৰ্মী সৈনিকসকলক পৰিয়ালৰ দৰে ব্যৱহাৰ কৰিবলৈ, বিপদৰ সময়ত তেওঁলোকৰ কাষত থিয় হ’বলৈ আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিত সাহস আৰু ধৈৰ্য্যৰে নিজৰ দলক নেতৃত্ব দিবলৈ আহ্বান জনায়। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে সামৰিক জীৱনত শাৰীৰিক সক্ষমতা আৰু সাহস অপৰিহাৰ্য হ’লেও মানসিক শক্তি, ধৈৰ্য্য আৰু আত্মবিশ্বাসো সমানেই গুৰুত্বপূৰ্ণ।

 

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কেডেটসকলৰ ভৱিষ্যতৰ সামৰিক নেতা হিচাপে গঢ়ি তোলাত অৱদান আগবঢ়োৱা তেওঁলোকৰ পৰিয়াল আৰু প্ৰশিক্ষকসকলকো অভিনন্দন জনায়। তেওঁ কয়, “সন্তানসকলে অতি কম বয়সতে দেশৰ সেৱাৰ বাবে ঘৰ এৰি যোৱাৰ সময়ত পৰিয়ালসমূহেও নিজস্ব প্ৰত্যাহ্বানৰ সন্মুখীন হয়। কেডেটসকলে পৰিয়ালৰ দ্বাৰা তেওঁলোকৰ ওপৰত ৰখা বিশ্বাসৰ মৰ্যাদা ৰাখিব লাগিব আৰু পিতৃ-মাতৃ, গুৰু তথা দেশৰ গৌৰৱ বৃদ্ধি কৰিব লাগিব।”

 

বন্ধুত্বপূৰ্ণ দেশসমূহৰ পৰা সমাপনী পাঠ্যক্ৰমত অংশগ্ৰহণ কৰা কেডেটসকলৰ উদ্দেশ্যে শ্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতীয় কেডেটসকলৰ সৈতে তেওঁলোকৰ অংশগ্ৰহণে দেশসমূহৰ মাজত থকা দৃঢ় প্ৰতিৰক্ষা সম্পৰ্ক আৰু বন্ধুত্বৰ বান্ধোনৰ প্ৰতিফলন ঘটাইছে। তেওঁ আশা প্ৰকাশ কৰে যে এনডিএত অৰ্জন কৰা মূল্যবোধ, সৌহাৰ্দ্য আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱ তেওঁলোকে নিজৰ দেশলৈ লৈ যাব আৰু শান্তি তথা সদ্ভাৱৰ দূত হিচাপে ভূমিকা পালন কৰিব।

 

পেৰেডত মুঠ ১,২৫০গৰাকী কেডেট অংশগ্ৰহণ কৰে, ইয়াৰ ভিতৰত সমাপনী পাঠ্যক্ৰমৰ ৩৬৯গৰাকী কেডেট আছিল। সম্পূৰ্ণ শৃংখলাবদ্ধ আৰু একত্ৰিত ভংগীৰে তেওঁলোকে ‘অন্তিম পাগ’ অতিক্ৰম কৰি প্ৰশিক্ষণৰ পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যায়। পেৰেডখন লেফটেনেণ্ট কৰ্ণেল অবিনাশ পাণ্ডে, এডজুটেণ্টে তেওঁৰ ঘোঁৰা ‘ৰিলায়েণ্ট ৰবিন’ত আৰোহণ কৰি পৰিচালনা কৰে। পেৰেডৰ নেতৃত্ব দিয়ে একাডেমী কেডেট কেপ্টেইন (এচিচি) কিলো স্কোৱাড্ৰনৰ সাৰ্থকৰাজ সাগৰ পাটিলে।

 

এনডিএৰ কেডেটসকলে সামৰিক প্ৰশিক্ষণৰ সৰ্বোচ্চ মান প্ৰতিফলিত কৰি এক নিখুঁত পেৰেড প্ৰদৰ্শন কৰে। পৰিদৰ্শক বিষয়াগৰাকীয়ে সামগ্ৰিক যোগ্যতাৰ তালিকাত প্ৰথম স্থান লাভ কৰাৰ বাবে বেটেলিয়ন কেডেট কেপ্টেইন অংকিত কুমাৰ সিঙক ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক, দ্বিতীয় স্থান লাভ কৰাৰ বাবে একাডেমী কেডেট কেপ্টেইন সাৰ্থকৰাজ সাগৰ পাটিলক ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক আৰু তৃতীয় স্থান লাভ কৰাৰ বাবে একাডেমী কেডেট এডজুটেণ্ট ঋষিক ৰাষ্ট্ৰপতিৰ ব্ৰঞ্জৰ পদক প্ৰদান কৰে।

 

অনুষ্ঠানৰ সামৰণি পৰে ছুখয় এছ ইউ -৩০ যুদ্ধবিমানৰ এক গৌৰৱময় আকাশী প্ৰদৰ্শনেৰে। কেডেটসকলৰ পিতৃ-মাতৃ, বিশিষ্ট অতিথি, বিদ্যালয়ৰ শিক্ষাৰ্থী, সাধাৰণ নাগৰিক, বৰ্তমানৰ আৰু অৱসৰপ্ৰাপ্ত সামৰিক কৰ্মচাৰীসকল বৃহৎ সংখ্যাত উপস্থিত থাকি অনুষ্ঠানটো উপভোগ কৰে। এনডিএৰ কমাণ্ডেণ্ট ভাইচ এডমিৰেল অনিল জাগ্গী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল অনুষ্ঠানত উপস্থিত আছিল।

 

স্নাতক সম্পূৰ্ণ কৰাৰ পিছত এই কেডেটসকলে নিজৰ নিজৰ প্ৰাক-কমিশন প্ৰশিক্ষণ একাডেমী বা সংশ্লিষ্ট সামৰিক বাহিনীত যোগদান কৰিব। এনডিএৰ গৌৰৱময় ঐতিহ্য, উৎকৃষ্টতা, অন্তৰ্ভুক্তি আৰু দেশৰ প্ৰতি সেৱাৰ আদৰ্শ আগবঢ়াই নিয়াৰ দায়িত্ব তেওঁলোকৰ ওপৰত থাকিব।

 

এই উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ‘হাট অৱ ৰিমেমব্ৰেন্স’ত এক গম্ভীৰ অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ‘হাট অৱ ৰিমেমব্ৰেন্স’ এনডিএৰ এক পৱিত্ৰ স্মৃতিসৌধ। এনডিএৰ ১০মৰ পৰা ১৭তম পাঠ্যক্ৰমৰ কেডেটসকলৰ স্বেচ্ছাশ্ৰমৰ জৰিয়তে নিৰ্মিত এই স্মৃতিসৌধত দ্বিতীয় বিশ্বযুদ্ধ আৰু স্বাধীনতাৰ পিছত জম্মু-কাশ্মীৰত সংঘটিত সামৰিক অভিযানসমূহত ভাৰতীয় সৈনিকসকলৰ সৰ্বোচ্চ আত্মত্যাগৰ স্মৃতি সংৰক্ষিত হৈ আছে। পৰৱৰ্তী সময়ত এই স্মৃতিসৌধ এনডিএৰ প্ৰাক্তন বিষয়া, যিসকলে দেশৰ বাবে সৰ্বোচ্চ আত্মত্যাগ কৰিছিল, তেওঁলোকৰ স্মৃতিৰ লগতে এনডিএত প্ৰশিক্ষণ গ্ৰহণৰ সময়ত দুৰ্ভাগ্যজনকভাৱে মৃত্যুবৰণ কৰা কেডেটসকলৰ স্মৃতি বহন কৰা এক জীৱন্ত স্মৃতিসৌধ হিচাপে গঢ় লৈ উঠিছে।

********

 

SR/Savvy/PB


(ৰিলিজ আই ডি : 2343538) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil