৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আই এফ এফ আই) পৰিচালক মানুৱেলা মাৰ্টেলিৰ ‘দ্য মেল্টডাউন’ ছবিত কৰা অভিনয়ৰ বাবে মায়া অ’ৰ’ৰ্কক শ্ৰেষ্ঠ অভিনেত্ৰী শাখাত ছিলভাৰ পিকক বঁটাৰে সন্মানিত কৰা হৈছে।
গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰ আৰু আই এফ এফ আইৰ মহোৎসৱৰ সঞ্চালক আশুতোষ গোৱৰিকৰৰ উপস্থিতিত অভিনেত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰে।
অভিনয়ৰ গভীৰতা আৰু কলাত্মক প্ৰভাৱৰ জৰিয়তে দৰ্শকৰ মনত দীৰ্ঘস্থায়ী ছাপ বহুৱাবলৈ সক্ষম হোৱা বাবে জুৰীয়ে মায়া অ’ৰ’ৰ্কৰ ভূয়সী প্ৰশংসা কৰে।
জুৰীৰ প্ৰশংসাপত্ৰত উল্লেখ কৰা হৈছে, “এনে এক মনোমোহা অভিনয় যিয়ে কৌতূহল জগাই তোলে আৰু আমাক চলচ্চিত্ৰৰ ৰহস্যসমূহ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। অভিনেত্ৰীগৰাকীৰ অভিনয় আৰু পৰিচালকৰ অসাধাৰণ দৃষ্টিভংগীৰ মাজৰ অনন্য সমন্বয়ে এই অভিনয়ক অধিক উচ্চতালৈ লৈ গৈছে।”
এই স্বীকৃতিৰ জৰিয়তে মায়া অ’ৰ’ৰ্কে এইবাৰৰ প্ৰতিযোগিতাখনক অসাধাৰণ চলচ্চিত্ৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰা শিল্পীসকলৰ শাৰীত স্থান লাভ কৰিলে।
শ্ৰেষ্ঠ অভিনেত্ৰী শাখাৰ ছিলভাৰ পিকক বঁটাত আছে ময়ূৰৰ প্ৰতীকী ট্ৰফী, প্ৰমাণ-পত্ৰ আৰু ১৫ লাখ টকাৰ নগদ পুৰস্কাৰ।
দ্য মেল্টডাউনৰ সাৰাংশ :
১৯৯২ চনৰ চিলিৰ এক দুৰ্গম এণ্ডিয়ান স্কি ৰিজৰ্টৰ পটভূমিত নিৰ্মিত এই কাহিনীটোত ন বছৰীয়া ইনেছৰ জীৱনৰ গতিপথ দেখুওৱা হৈছে, যিয়ে তাইৰ ককাক-আইতাকৰ হোটেলত থাকে। তাই তাত ১৫ বছৰীয়া জাৰ্মান স্কিয়াৰ হান্নাৰ সৈতে বন্ধুত্ব গঢ়ি তোলে। কিন্তু হঠাতে হান্না নিৰুদ্দেশ হোৱাত তাইক বিচাৰি আৰম্ভ হয় অনুসন্ধান। এই অনুসন্ধানৰ মাজেৰে পোহৰলৈ আহে বহুতো গোপন কথা আৰু অজানা সত্য।
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48

* * *
PIB IFFI Team | Rajith/ LekshmiPriya/ Nikhitha/ Darshana/DM | IFFI 57 - 131